Home Blog Page 34

প্রসিদ্ধ লোকশিল্পী বদন চন্দ্ৰ শইকীয়াৰ দেহাৱসান…

প্রসিদ্ধ লোকশিল্পী বদন চন্দ্ৰ শইকীয়াৰ দেহাৱসান...
প্রসিদ্ধ লোকশিল্পী বদন চন্দ্ৰ শইকীয়াৰ দেহাৱসান...

প্রসিদ্ধ লোকশিল্পী বদন চন্দ্ৰ শইকীয়াৰ দেহাৱসান।

৭৮ বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

গোলাঘাট জিলাৰ গণকপুখুৰী হালোৱা গাঁৱৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী, শংকৰী কলা-কৃষ্টিৰ নীৰৱ সাধক আছিল বদন চন্দ্ৰ শইকীয়া।

বিহুৱান, চেনেহৰ বিহুটি, বিহু বিহু লাগিছে গাত আদি বিহু ভিচিডিৰ জনপ্ৰিয় পৰিচালকো আছিল শইকীয়া।

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ডাঃ দিগন্ত গৌতমে

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ডাঃ দিগন্ত গৌতমে
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ডাঃ দিগন্ত গৌতমে

পশ্চিম কাৰ্বি আংলংঙৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে সদ্য ঘোষিত এমবিবিএচ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ডা° দিগন্ত গৌতম।

পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ মৌজাৰ এলেকাধীন তথা ১১১নং ৰংখাং বিধান সভাৰ সমষ্টি লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাত নং কপিলী পৰিষদীয় সমষ্টি অন্তৰ্গত হাৱাইপুৰ জিৰিবাছা নেপালী গাঁও নিবাসী প্ৰয়াত দিলি গৌতম আৰু পূচপা গৌতমৰ একমাত্ৰ সন্তান চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি সদ্য ঘোষিত এমবিবিএচ চূড়ান্ত পৰীক্ষাত লক্ষ্মীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা উত্তীৰ্ণ হৈ পৰিয়াল লগতে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ অনুপ্ৰেৰণা হৈ পৰিছে ৷

তেওঁলোকে মোৰ ল’ৰাটোক হত্যা কৰিলে, কিন্তু মই হ*ত্যাকাৰীৰ ফাঁচী নিবিচাৰো…! সুবেন্দুৰ পি এ হত্যাক লৈ মাতৃৰ মন্তব্য

তেওঁলোকে মোৰ ল'ৰাটোক হত্যা কৰিলে, কিন্তু মই হ*ত্যাকাৰীৰ ফাঁচী নিবিচাৰো…! সুবেন্দুৰ পি এ হত্যাক লৈ মাতৃৰ মন্তব্য
তেওঁলোকে মোৰ ল'ৰাটোক হত্যা কৰিলে, কিন্তু মই হ*ত্যাকাৰীৰ ফাঁচী নিবিচাৰো…! সুবেন্দুৰ পি এ হত্যাক লৈ মাতৃৰ মন্তব্য

এয়া এগৰাকী মাতৃৰ মৰম। কালি তেওঁৰ পুত্ৰক ৰাজহুৱাভাৱে হত্যা কৰা হৈছিল যদিও এতিয়া তেওঁ নিবিচাৰে হত্যাকাৰীক ফাঁচী দিয়া হওক। সমগ্ৰ দেশক জোকাৰি যোৱা হত্যাকাণ্ডত সুবেন্দু অধিকাৰীৰ পি এৰ মাতৃৰ বক্তব্যই মানুহক কান্দিবলৈ বাধ্য কৰাব।

বিজেপি নেতা সুবেন্দু অধিকাৰীৰ পি এ চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডক লৈ সমগ্ৰ বংগ স্তম্ভিত হৈ পৰিছে। নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে বৃদ্ধি পাইছে হিংসা। এতিয়া চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ বিষয়ে মাক হাছিৰানী ৰাথে কৈছে মই বিচাৰো দোষীক শাস্তি দিয়া হওক। মই এগৰাকী মাতৃ, গতিকে মই নিবিচাৰো তেওঁলোকক ফাঁচী দিয়া হওক।”

ৰাথৰ মাকে কয়, “মই তেওঁলোকৰ (আক্ৰমণকাৰী)ৰ যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো।” বিজেপি ক্ষমতালৈ অহাৰ বাবেই তেওঁলোকে এই কাম কৰিলে।

চন্দ্ৰনাথৰ মাতৃয়ে লগতে কয় যে মোৰ ল’ৰাটো কোনো দুৰ্ঘটনাত মৃত্যু হোৱা হেঁতেন মোৰ ইমান দুখ নালাগিলহেঁতেন। দুস্কৃতিকাৰীয়ে মোৰ ল’ৰাটোক যিদৰে অত্যাচাৰ কৰি হত্যা কৰিছিল, সেই সকলোবোৰ কাহিনী তৃণমূলৰ ৰচনা। সুবেন্দু বাবুৱে মমতা বেনাৰ্জীক পৰাস্ত কৰাৰ পিছৰে পৰা মোৰ পৰিয়ালে এনে ভাবুকিৰ সন্মুখীন হৈ আহিছে।

চন্দ্ৰনাথ ৰাথৰ ঘৰ আছিল ইষ্ট মিডনাপুৰত। কিছুদিনৰ আগতে তেওঁৰ পিতৃৰ মৃত্যু হৈছিল। ভায়েক, ভনীয়েক আৰু মাকৰ লগত থাকিছিল তেওঁ। বৰ্তমান তেওঁৰ ৬৯ বছৰীয়া মাতৃ, সৰু পুত্ৰ, বোৱাৰী, সন্তান আৰু সন্তান মিডনাপুৰত থাকে। মেধাৱী ছাত্ৰ ৰাথে ৰামকৃষ্ণ মিছন স্কুলত অধ্যয়ন কৰিছিল। দেশৰ সেৱাৰ বাবে ভাৰতীয় বায়ুসেনাত যোগদান কৰে। ভি আৰ এছ লোৱাৰ পিছত সুবেন্দু অধিকাৰীৰ সৈতে কাম কৰিছিল।

তেওঁ সুবেন্দুৰ বাবে ছাঁৰ দৰে আছিল। তৃণমূল কংগ্ৰেছত থকাৰ সময়তো ৰাথ তেওঁৰ লগত আছিল। তেতিয়া তেওঁ তৃণমূলৰ কৰ্মী হিচাপে কাম কৰিছিল। ২০২০ চনৰ ডিচেম্বৰ মাহত যেতিয়া সুৱেন্দুৱে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে তেতিয়া ৰাথেও সুবেন্দুৰ সৈতে বিজেপিত যোগদান কৰে।

২০২১ চনত সুৱেন্দু বিৰোধী দলৰ নেতা হয়। তেতিয়াৰ পৰাই ৰাথে সুবেন্দুৰ পি এ হিচাপে কাম কৰি আহিছিল। তেওঁৰ মাতৃ আছিল স্থানীয় পঞ্চায়ত সমিতিৰ সদস্য। কৰ্মৰ বাবে মধ্যমগ্ৰামৰ এটা ফ্লেটত বাস কৰিছিল।

অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণঃ ফেচবুকৰ প্ৰফাইল সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণঃ ফেচবুকৰ প্ৰফাইল সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণঃ ফেচবুকৰ প্ৰফাইল সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণ।

বিগত বৰ্ষৰ আজিৰ দিনটোত শত্ৰু ৰাষ্ট্ৰপাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলাইছিল অপাৰেশ্যন সিন্দুৰ।

অপাৰেশ্যন সিন্দূৰৰ এবছৰ সম্পূৰ্ণ উপলক্ষে ফেচবুকৰ প্ৰফাইল সলনি কৰি সন্মান প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাই।

West Bengal news: নিৰ্বাচনৰ ফলাফলৰ পিছতে পশ্চিম বংগত ভয়ংকৰ হিংসাত্মক ঘটনা

West Bengal news: নিৰ্বাচনৰ ফলাফলৰ পিছতে পশ্চিম বংগত ভয়ংকৰ হিংসাত্মক ঘটনা
West Bengal news: নিৰ্বাচনৰ ফলাফলৰ পিছতে পশ্চিম বংগত ভয়ংকৰ হিংসাত্মক ঘটনা

নিৰ্বাচনৰ (West Bengal news) ফলাফলৰ পিছতে পশ্চিম বংগত ভয়ংকৰ হিংসাত্মক ঘটনা। বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলীয়াই হত্যা। পশ্চিম বংগৰ মধ্যমগ্ৰামৰ বাৰাচাত এই ঘটনা। শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা ব্যক্তিগত সহায়কজনক।

বংগত নতুন চৰকাৰ গঠনৰ পূৰ্বে এই ভয়ংকৰ ঘটনা। ২৪ পৰগনা জিলাৰ মধ্যগ্ৰামত চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা মটৰ চাইকেলত অহা দুই দুর্বৃত্তৰ। বাহনত গৈ থাকোতেই মটৰ চাইকেলত অহা দুর্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে।এয়া এক পৰিকল্পিত হত্যা বুলি মন্তব্য সুভেন্দু অধিকাৰীয়ৰ। হত্যাকাৰীৰ সন্ধানত চলিছে তীব্ৰ অভিযান।

প্ৰাক্তন BBCI সঞ্চালক ডা. এ. চি. কাটাকীৰ USTMত যোগদান । USTM

প্ৰাক্তন BBCI সঞ্চালক ডা. এ. চি. কাটাকীৰ USTMত যোগদান । USTM
প্ৰাক্তন BBCI সঞ্চালক ডা. এ. চি. কাটাকীৰ USTMত যোগদান । USTM

USTM । স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত নিজৰ বিস্তাৰমান ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিবলৈ University of Science and Technology Meghalaya (USTM)-এ প্ৰখ্যাত অনক’লজিষ্ট তথা Dr. B. Borooah Cancer Institute-ৰ প্ৰাক্তন সঞ্চালক ডা. এ. চি. কাটাকীক P.A. Sangma International Medical College & Hospital-ৰ মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰিছে।

ডা. কাটাকীৰ অনক’লজি, হাস্পতাল পৰিচালনা আৰু জনস্বাস্থ্য ব্যৱস্থাপনাত দীঘলীয়া অভিজ্ঞতা আছে। তেওঁ আগতে নেতৃত্ব দিয়া Dr. B. Borooah Cancer Institute-টো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ প্ৰশাসনিক কাঠামোৰ অধীনত চলি আছে, য’ত Department of Atomic Energy-ৰ কাৰ্যকৰী সহায় আৰু Tata Memorial Centre-ৰ প্ৰযুক্তিগত সহযোগিতা আছে। তেওঁৰ নেতৃত্বত এই প্ৰতিষ্ঠানত কেঞ্চাৰ চিকিৎসা, গৱেষণা আৰু প্ৰশাসনিক ব্যৱস্থাপনাত উল্লেখযোগ্য উন্নতি সাধিত হৈছিল।

USTM-ৰ এজন দীঘলীয়া সময়ৰ শুভেচ্ছুক হিচাপে ডা. কাটাকীয়ে বিশ্ববিদ্যালয়খনৰ যাত্ৰাটো একেবাৰে আৰম্ভণিৰ পৰা নিকটৰ পৰা লক্ষ্য কৰি আহিছে—যেতিয়া কেৱল এটা কম্পিউটাৰ আৰু কেইজনমান ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হৈছিল, তাৰ পৰা আজি এইখন অঞ্চলৰ এটা শীৰ্ষ শিক্ষানুষ্ঠান হিচাপে বিকাশ লাভ কৰিছে। এই সংযোগ তেওঁৰ পেছাগত সামঞ্জস্যৰ লগতে বিশ্ববিদ্যালয়খনৰ দৰ্শন আৰু বিকাশৰ ওপৰত গভীৰ বিশ্বাস প্ৰতিফলিত কৰে।

দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ডা. কাটাকীয়ে বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক, ডীন আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে এক বিস্তৃত মত-বিনিময় সভা অনুষ্ঠিত কৰে। এই সভাত প্ৰতিষ্ঠানিক ব্যৱস্থা শক্তিশালী কৰা, ক্লিনিকেল গভৰ্ণেঞ্চ উন্নত কৰা আৰু শিক্ষামূলক তথা স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থাক ৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সামঞ্জস্য কৰা বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। সভাখনত P.A. Sangma International Medical College, International Academy of Medical Sciences আৰু USTM Nursing Institute-ৰ অধ্যক্ষসকলৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ গুৰুত্বপূর্ণ সদস্যসকলো উপস্থিত আছিল।

এই মত-বিনিময়ত ডা. কাটাকীয়ে স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত স্বচ্ছতা, জবাবদিহিতা আৰু ব্যৱস্থাভিত্তিক কাৰ্যপ্ৰণালীৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ প্ৰশাসনিক আৰু চিকিৎসা ব্যৱস্থাত অধিক স্বচ্ছতা অনাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰি দক্ষতা, নৈতিকতা আৰু ৰোগী-কেন্দ্ৰিক সেৱা নিশ্চিত কৰাৰ কথা কয়।

তেওঁক স্বাগতম জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে USTM এতিয়া অঞ্চলটোৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে পৰিচিত, যি শিক্ষাগত উৎকৃষ্টতা, উদ্ভাৱন আৰু সমাজ সেৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। ডা. কাটাকীৰ নিযুক্তিয়ে বিশ্ববিদ্যালয়খনৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ মান অধিক উন্নত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, P.A. Sangma International Medical College & Hospital, প্ৰাক্তন লোকসভা স্পীকাৰ পি. এ. সংগমাৰ নামত নামাঙ্কিত, উত্তৰ-পূব ভাৰতত চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে বিকাশ লাভ কৰি আছে। ডা. কাটাকীৰ নেতৃত্বত এই প্ৰতিষ্ঠানটো আগন্তুক দিনত ক্লিনিকেল উৎকৃষ্টতা, গৱেষণা আৰু সমন্বিত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন উচ্চতালৈ আগবাঢ়িব বুলি আশা কৰা হৈছে।

MBBS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃষাণু দেৱ ৰায়

MBBS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃষাণু দেৱ ৰায়
MBBS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃষাণু দেৱ ৰায়

MBBS । বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কৃষাণু দেৱ ৰায়ে। এই বৰ্ষৰ এমবিবিএছ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত ২২ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে কৃষাণু দেৱ ৰায়।

উল্লেখযোগ্য যে কৃষাণু দেৱ ৰায় বঙাইগাঁও জিলাৰ কাকৈজানৰ নিবাসী। তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক তথা অসম আৰক্ষীৰ বিষয়া মানবেন্দ্ৰ দেৱ ৰায়ৰ সু-পুত্ৰ।

ছাত্ৰজীৱনৰ পৰা মেধা আৰু অধ্যৱসায়ৰ পৰিচয় দি অহা কৃষাণুৰ এই সাফল্যই পৰিয়াল, অঞ্চলবাসী তথা জিলাখনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেওঁৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰিছে আত্মীয়-স্বজন, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় লোকসকলে।

ভৱিষ্যতে এজন দক্ষ চিকিৎসক হিচাপে দেশ আৰু সমাজৰ সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

নতুন চৰকাৰৰ শপতগ্ৰহণ কেতিয়া? । Himanta Biswa Sarma

নতুন চৰকাৰৰ শপতগ্ৰহণ কেতিয়া? । Himanta Biswa Sarma
নতুন চৰকাৰৰ শপতগ্ৰহণ কেতিয়া? । Himanta Biswa Sarma

Himanta Biswa Sarma । ঐতিহাসিক বিজয়ৰ পাছত অসমত চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত। ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০২খন আসন লাভ কৰি এক দৃঢ় সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ গৈছে। নিয়ম অনুসৰি বিজয়ী দলে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ আগত চৰকাৰ গঠনৰ দাবী জনাব আৰু ৰাজ্যপালৰ অনুমোদনৰ পিছতেই আৰম্ভ হ’ব পৰৱৰ্তী সাংবিধানিক প্ৰক্ৰিয়া।

মুখ্যমন্ত্ৰী Himanta Biswa Sarma-ই ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। তেওঁ নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে, যাৰ পিছতেই নতুন চৰকাৰ গঠনৰ পথ আনুষ্ঠানিকভাৱে মুকলি হ’ব। উল্লেখযোগ্যভাৱে, ১০ মে’ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তাৰ আগদিনা, অৰ্থাৎ ৯ মে’ত পশ্চিম বংগত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ’ব।

অসমত ১০ মে’ত খানাপাৰাত নৱ নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তাৰ পূৰ্বে আজি বা কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব, য’ত নতুন চৰকাৰৰ গঠন, মন্ত্ৰীসভাৰ গঠন আৰু অন্যান্য প্ৰাসংগিক বিষয়সমূহ আলোচনা কৰা হ’ব।

এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অভিলেখ গঢ়ি তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। মুঠ ১০২খন আসনৰ ভিতৰত বিজেপিয়ে অকলে ৮২খন আসন লাভ কৰিছে। মিত্ৰদল Asom Gana Parishad-এ ১০খন আৰু Bodoland People’s Front-এ ১০খন আসন লাভ কৰিছে।

ইফালে বিৰোধী শিবিৰে মুঠ ২১খন আসন লাভ কৰিছে। Indian National Congress-এ ১৯খন আসন দখল কৰাৰ বিপৰীতে Raijor Dal-এ দুখন আসন লাভ কৰিছে। আনহাতে All India United Democratic Front-এ দুখন আসন দখল কৰিছে। লক্ষণীয়ভাৱে Assam Jatiya Parishad-এ এইবাৰো কোনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

সামগ্ৰিকভাৱে, এই ফলাফলক ভিত্তি কৰি অসমত পুনৰ এবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ ছবি স্পষ্ট হৈ পৰিছে।

নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম…

নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম...
নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম...

২৩৪ খন বিধানসভা সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ পাছত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তন দেখা গৈছে৷ তামিঝাগা ভেট্ৰি কাঝাগমে বিপুল সংখ্যক আসন লাভ কৰিছে৷ কিন্তু দলটোৱে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য পিছ পৰি ৰৈছে৷ চূড়ান্ত ফলাফল অনুসৰি টিভিকেই প্ৰায় ১১১খন আসন লাভ কৰিছে, যি ১১৭ সংখ্যাগৰিষ্ঠতাৰ পৰা ৬ খন আসন কম৷ ইয়াৰ ফলত দলটো এক নিৰ্ণায়ক অৱস্থাত পৰিছে, য’ত চৰকাৰ গঠন কৰিবলৈ মিত্ৰতাৰ প্ৰয়োজনীয়তা দেখা দিছে৷ বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰাত অভিনেতা তথা ৰাজনীতিবিদ বিজয়ৰ দল তামিঝাগা ভেট্ৰি কাঝাগম বা টিভিকেই চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিছে৷ এই ফলাফলে কেৱল সংখ্যাৰ দিশৰ পৰাই নহয়, বৰঞ্চ ৰাজ্যখনৰ ভৱিষ্যতৰ মিত্ৰতা আৰু নেতৃত্বৰ বিষয়েও নতুন চৰ্চাৰ সৃষ্টি কৰিছে৷

এনে এক পৰিস্থিতিত বিজয়ৰ পিতৃ এছ এ চন্দ্ৰশেখৰে পোনপটীয়াকৈ কংগ্ৰেছ দলক তেওঁলোকৰ স্থিতি সলনি কৰি টিভিকেৰ সৈতে হাত মিলোৱাৰ বাবে আহ৩ান জনাইছে৷ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাৰম্ভিক ধাৰাত টিভিকে দলে তামিলনাডুত এক শক্তিশালী অৱস্থান গ্ৰহণ কৰিছে৷ ৰাজ্যখনৰ মুঠ ২৩৪ খন বিধানসভা আসনৰ ভিতৰত বৰ্তমান ১১০ খন আসনতেই দলটোৱে আগবাঢ়ি আছে৷ এই চমকপ্ৰদ প্ৰদৰ্শনে অতি কম সময়ৰ ভিতৰতে টিভিকেক নিৰ্বাচনৰ ফলাফলৰ আটাইতকৈ চৰ্চিত শক্তিত পৰিণত কৰিছে আৰু নিৰ্বাচনী পৰ্যবেক্ষকসকলকো আচৰিত কৰি তুলিছে৷ এই ৰাজনৈতিক উত্থানৰ মাজতেই এছ এ চন্দ্ৰশেখৰে কংগ্ৰেছ দলৰ প্ৰতি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ক্ষমতাৰ অভাৱৰ বাবেই দলটোৰ পতন ঘটিছে বুলি উল্লেখ কৰে৷ চন্দ্ৰশেখৰৰ মতে, কংগ্ৰেছৰ দৰে এটা ঐতিহ্যমণ্ডিত দল মিত্ৰজোঁটৰ ওপৰত নিৰন্তৰ নিৰ্ভৰশীল হোৱাৰ বাবেই ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে৷

তেওঁ স্পষ্টকৈ কয় যে যদি কংগ্ৰেছে টিভিকেৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত লয়, তেন্তে বিজয় আৰু তেওঁৰ দলে কংগ্ৰেছক ৰাজনৈতিক শক্তি প্ৰদান কৰিবলৈ সাজু আছে৷বিজয়ৰ ৰাজনীতিলৈ অহাৰ যাত্ৰা সন্দৰ্ভতো পিতৃ চন্দ্ৰশেখৰে গভীৰ মত প্ৰকাশ কৰে৷ তেওঁ কয় যে বিজয়ৰ এই সিদ্ধান্ত হঠাতে লোৱা হোৱা নাছিল, বৰঞ্চ এয়া এক দীৰ্ঘদিনীয়া চিন্তাৰ ফচল আছিল৷ যোৱা প্ৰায় ৩০ বছৰ ধৰি বিজয়ে সমাজ আৰু তামিল জনসাধাৰণৰ বাবে কিবা এটা কৰাৰ কথা চিন্তা কৰি আছিল আৰু এতিয়া সেয়াই বাস্তৱ ৰূপ লৈছে৷

অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ…

অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ
অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে তৃতীয়বাৰলৈ ৰাজ্যত চৰকাৰ গঠনৰ সুবিধা লাভ কৰিছে বিজেপি দল৷ এই নিৰ্বাচনত দলৰ প্ৰদৰ্শন সন্দৰ্ভত গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শৰ্মাই বিজেপিৰ অভূতপূৰ্ব সমৰ্থন কৰাৰ বাবে অসমৰ জনতাক ধন্যবাদ জনায়৷ তেওঁ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকো ধন্যবাদ জনায়৷

কংগ্ৰেছে জুবিন গাৰ্গৰ প্ৰসংগ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰাৰ বাবেই দলটো অসমৰ ৰাইজৰ পৰা বহু যোজন আঁতৰলৈ গুচি গ’ল বুলিও তেওঁ কয়৷ একেৰাহে তিনিবাৰ শাসনৰ সিবিধা পোৱা দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত অসমেও স্থান লাভ কৰা বুলি তেওঁ কয়৷ তিনি গগৈৰ ধাৰণাটো এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ ৰাজনীতিত জাতি-ধৰ্ম-বণৰ্ৰ কোনো স্থান নাই৷ অসমত জেন জিৰ ধাৰণা একাংশ সংবাদ মাধ্যমৰ সৃষ্টি বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে যিসকল জেন জি প্ৰাৰ্থী আগবঢ়াইছিল তেওঁলোক আটাইয়ে জয়ী হৈছে৷

এইবাৰ বিৰোধী পক্ষত হয়তো হিন্দু বিধায়ক নাথাকিবই বুলিও তেওঁ কয়৷ ‘শতকেৰে হেট্ৰিক’- ফেচবুকত হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট– বিজেপিৰ চমকপ্ৰদ ফলাফলৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকত পোষ্ট৷ মুখ্যþমন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্টত লিখিছে– ‘শতকেৰে হেট্ৰিক’৷ ইতিমধ্যে জালুকবাৰী সমষ্টিৰ পৰা ষষ্ঠবাৰলৈ বিজয় সাব্যস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷