Home Blog Page 35

যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী…

যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী...
যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী...

যোৰহাটত কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিলে সাধাৰণ ৰাইজে৷ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী গৌৰৱ গগৈক বিপুল ভোটত পৰাজিত কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ দুবছৰ পূৰ্বে যোৰহাটৰ আটাইকেইটা সমষ্টিতে লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হোৱা কংগ্ৰেছক এলাগী কৰিলে যোৰহটীয়া ৰাইজে৷ সকলো জল্পনা-কল্পনা ওৰ পেলাই যোৰহাটৰ চাৰিওটা বিধানসভা সমষ্টিতে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল এনডিএ প্ৰাৰ্থীসকলে৷ পুনৰ এবাৰ যোৰহাটৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী৷ উন্নয়নৰ ধাৰা অব্যাহত ৰাখি যোৰহাটৰ উন্নয়নৰ শ্লোগান দি পুনৰ এবাৰ যোৰহাটৰ বিধায়ক হিচাপে ৰাইজৰ আস্থাভাজন হ’ল যোৰহাট যোৰহাটৰ বিধায়ক তথা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী৷ আজি পুৱাৰ পৰাই এক উত্তেজনা বিৰাজ কৰিছিল যোৰহাট সমষ্টিৰ ৰাইজৰ মাজত৷ কিয়নো আজি পুৱা ভোট গণনা আৰম্ভ হোৱাৰ পাছৰ পৰাই বিজেপি আৰু কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ দুয়ো গৰাকী প্ৰাৰ্থীৰ সমৰ্থকৰ তথা ৰাইজৰ মাজত সৃষ্টি হয় উত্তেজনাৰ৷ কিয়নো বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল কংগ্ৰেছ দলৰ গৌৰৱ গগৈয়ে৷

লোকসভা নিৰ্বাচনৰ পাছত এইবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল গৌৰৱ গগৈ৷ কিন্তু যোৰহাট সমষ্টিবাসী ৰাইজে এই বিধানসভা নিৰ্বাচনত সম্পূৰ্ণভাৱে প্ৰত্যাখ্যান কৰে গৌৰৱ গগৈক৷ আজি ভোট গণনা আৰম্ভ হোৱাৰ পাছত প্ৰতিটো ৰাউণ্ডত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে জয় হ’বলৈ সক্ষম হয়৷ আজি বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক ২৩১৮২ ব্যৱধানত পৰাস্ত কৰি পুনৰ এবাৰ যোৰহাটৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ ভোট গণনাৰ অন্তত হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৬৯৪৩৯ ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰে ৪৬২৫৭ টা ভোট৷ আনহাতে আজি বিজয় সাব্যস্ত কৰি বিশেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে সাংবাদিকৰ আগত কয় যে, গৌৰৱ গগৈ মোৰ ভাইৰ দৰে৷ সাংসদ হিচাপে গৌৰৱ গগৈ সচাঁকৈয়ে এজন ভাল সাংসদ আৰু অসমৰ নাম উজ্বলাই তুলিব পাৰে৷ আজি তেওঁৰ পৰাজয় হৈছে যদিও গণতান্ত্ৰিক ব্যৱস্থাত এদিন তেওঁৰ জয় হ’ব৷ মই নিজে বৃদ্ধ হৈ আহিছো বুলি মন্তব্য কৰি গোস্বামীয়ে কয় যে যোৰহাটৰ ৰাইজে উন্নয়ন বিচাৰে৷

আৰু সেই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগিব৷ আৰু যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ লগত লৈ আগুৱাই যাম৷ একেদৰে তিতাবৰ সমষ্টিতো নচলিল গৌৰৱ গগৈ মেজিক৷ কংগ্ৰেছৰ দুৰ্গ খ্যাত তিতাবৰত বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা ২৩৩১৫ টা ভোটত জয়ী হ’বলৈ সক্ষম হয়৷ তিতাবৰত নিৰ্বাচনৰ পূৰ্বে যি পৰিবেশ হৈছিল তাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থীজনৰ নাম উচ্ছাৰিত হৈছিল যদিও ৰাইজে বিকাশৰ পক্ষত ঠিয় হৈ ধীৰাজ গোৱালাক বিপুল ভোটত জয়ী কৰায়৷ তিতাবৰ সমষ্টি বিগত ২০ বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিল যদিও সমষ্টিটোত উন্নয়নৰ ধাৰা তীব্ৰতৰ কৰা স্বাৰ্থতে এইবাৰ ৰাইজে বিজেপিক সেৱা কৰিবলৈ সুবিধা দিয়ে বুলি মন্তব্য কৰে তিতাবৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ধীৰাজ গোৱালাই৷ একেদৰে টিয়ক সমষ্টিত অগপ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়াই নিকতটম প্ৰতিদ্বন্দ্বী পল্লৱী শইকীয়া গগৈক ২০ হাজাৰৰো অধিক ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়৷ বিজয়ী হোৱাৰ পিছতে এয়া ৰাইজৰ জয় বুলি অভিহিত কৰি বিকাশ শইকীয়াই কয় যে ৰাইজে আৰ্শীবাদ দিছে আৰু ৰাইজৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰি যাম৷

গেৰুৱা ধুমুহাত তছ্‌নছ বিৰোধীঃ বিৰোধীয়ে ৰুধিব নোৱাৰিলে এনডিএৰ বিজয় ৰথ

গেৰুৱা ধুমুহাত তছ্‌নছ বিৰোধীঃ বিৰোধীয়ে ৰুধিব নোৱাৰিলে এনডিএৰ বিজয় ৰথ
গেৰুৱা ধুমুহাত তছ্‌নছ বিৰোধীঃ বিৰোধীয়ে ৰুধিব নোৱাৰিলে এনডিএৰ বিজয় ৰথ

এগজিট পলৰ পূৰ্বানুমাণ সত্যত পৰিণত কৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত হল৷ কালি অনুষ্ঠিত হোৱা ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত বিজেপি নেতৃত্বাধীন এনডিএই লাভ কৰে সৰ্বমুঠ ১০২খন আসন৷ ইয়াৰ ভিতৰত বিজেপি-৮২, অগপ-১০, বিপিএফ-১০ খন আসন লাভ কৰে৷ একেদৰে কংগ্ৰেছ-১৯, ৰাইজৰ দল-২, তৃণমূল কংগ্ৰেছ-ৰ, ইউডিএফ-২৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত আৰম্ভণিৰে পৰাই শাসকীয় পক্ষই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ এই বিজয় যাত্ৰাত কেইবাজনো হেভিৱেট নেতাই নিজৰ দখল অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে বিৰোধীৰ শিবিৰক বিষণ্ণতাই আবৰি ধৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰাটো বিৰোধীৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে৷

ইয়াৰ উপৰি শিৱসাগৰত অখিল গগৈ ৬৮৪৩৫ ভোটেৰে ৰ২৬৭৯ ভোটৰ ব্যৱধানত আগবাঢ়ি থকাৰ বিপৰিতে খোৱাঙত লুৰীণজ্যোতি গগৈৰ দৰে হাই-প্ৰফাইল নেতৰ বৃহৎ ব্যৱধানত পৰাজয়বৰণে বিৰোধী শিবিৰক অধিক হতাশ কৰি তুলিছে৷ মিত্ৰজোঁটৰ অন্যতম সহযোগী দল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও নিজৰ নিজৰ দুৰ্গত আশানুৰূপ প্ৰদৰ্শন কৰিছে৷ অগপৰ সভাপতি অতুল বৰা আৰু জ্যেষ্ঠ নেতা কেশৱ মহন্তই নিজ নিজ সমষ্টিত জয় লাভ কৰিছে৷ নিৰ্বাচনৰ এই ফলাফলক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্তুষ্টি প্ৰকাশ কৰি কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবেই জনসাধাৰণে পুনৰ মিত্ৰজোঁটৰ ওপৰত আস্থা প্ৰকট কৰিছে৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলে ইতিমধ্যে বিজয় উৎসৱ পালন কৰা দেখা গৈছে৷ ইয়াৰ বিপৰীতে বিৰোধীৰ কাৰ্যালয়সমূহ নিস্তব্ধ হৈ পৰিছে৷ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইটোৱেই আছিল প্ৰথম নিৰ্বাচন, য’ত ভোটাৰৰ সঁহাৰিয়ে বহু পুৰণি সমীকৰণ সলনি কৰি পেলালে৷ এই পৰ্যন্ত ভোটগণনা সম্পূৰ্ণ হোৱা নাই যদিও মিত্ৰজোঁটে যিধৰণৰ জনদেশ লাভ কৰিছে, তাৰ পৰা স্পষ্ট যে অসমৰ ৰাজনীতিত বিজেপিৰ ভেটি অধিক শক্তিশালী হৈ পৰিল৷ ইপিনে ২০০১ চনৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে জালুকবাৰীত বিজয়যাত্ৰা অক্ষুণ্ণ ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এইবাৰ নিৰ্বাচনত তেওঁ সমষ্টিটোৰ পৰা ৮৯,৪৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ৰ,২৭,১৫১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগে ৩৭,৭১৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা বৰ্তমানলৈকে ষষ্ঠবাৰলৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ২০০১ চনৰ পৰা৷

অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি কংগ্ৰেছ দলৰ পৰা ২০০১ চনত তেওঁ প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত ২০০৬ আৰু ২০১১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে একেটা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ ২০১১ চনত হিমন্ত বিশ্ব শৰ্মাৰ জোৰতেই ৭৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে৷ ২০১১ চনত জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা শৰ্মাই ২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছত ২২ বছৰীয়া ৰাজনৈতিক জীৱনৰ অন্ত পেলাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত৷ ইয়াৰ পাছত ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়ী হয় শৰ্মা৷

তীব্ৰ প্ৰত্যাহ্বানৰ পিছতো শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ’ল অখিল গগৈঃ নাজিৰাত ৰণত পৰিল বিৰোধী দলপতি দেবব্ৰত শইকীয়া

তীব্ৰ প্ৰত্যাহ্বানৰ পিছতো শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ’ল অখিল গগৈঃ নাজিৰাত ৰণত পৰিল বিৰোধী দলপতি দেবব্ৰত শইকীয়া
তীব্ৰ প্ৰত্যাহ্বানৰ পিছতো শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ’ল অখিল গগৈঃ নাজিৰাত ৰণত পৰিল বিৰোধী দলপতি দেবব্ৰত শইকীয়া

ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত আৰু ৰাইজৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী অখিল গগৈয়ে দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ধূলিস্যাৎ হৈ পৰিল বিৰোধী ঐক্য৷ উজনি অসমত নিঃশেষ হোৱা বিৰোধী ঐক্য মঞ্চৰ সন্মান ৰক্ষা কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ ৯৬নং শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক অখিল গগৈয়ে ১৭২৭২টা ভোটত জয়লাভ কৰি বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক পৰাজিত কৰে৷ জয়ৰ পাছত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনত জয়লাভ কৰিও মই দুখ অনুভৱ কৰিছো৷ কিয়নো বিৰোধী ঐক্য মঞ্চে এইবাৰ নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰিম বুলি ভাবিছিলো যদিও বিৰোধী শোচনীয়ভাৱে পৰাজিত হয়৷ বিশেষকৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈ, খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ আৰু নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়াৰ পৰাজয় দুখজনক৷

এইবাৰ বিধান সভাত তেওঁৰ দায়িত্ব সহজ ন’হব বুলি তেওঁ উল্লেখ কৰি কয় বিধানসভাত অভাৱনীয়ভাৱে শাসক পক্ষৰ বিধায়ক বৃদ্ধি পালে৷ আনহাতে বিৰোধীৰ বিধায়ক টুটি আহিল৷ যাৰ ফলত শাসক পক্ষৰ চাপৰ মাজত বিধানসভাত নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে শিৱসাগৰ সমষ্টিৰ ৰাইজক অখিল গগৈয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে যোৱবাৰ মোৰ অনুপস্থিতিত শিৱসাগৰৰ ৰাইজে মোক জয়ী কৰিছিল, এইবাৰ মোৰ উপস্থিতিত মোক জয়ী কৰালে৷ শিৱসাগৰৰ ৰাইজক তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ শিৱসাগৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে ৬৯২৪৯ ভোট, অগপ দলৰ প্ৰদীপ হাজৰিকাই ১৪৭৫৭ টা ভোট, আপৰ প্ৰাৰ্থী তপন গগৈয়ে ৭২১ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ মহনে ৮০৪ টা ভোট, ৰূপক ভূঞাই ৫২৯ টা ভোট, ৰাজকুমাৰ দুৱৰাই ৫০৬ টা ভোট আৰু হেমন্ত বৰুৱাই ৪৬২ টা ভোট লাভ কৰাৰ বিপৰীতে ন’টাত পৰে ১৭১৯ টা ভোট৷ ডিমৌ সমষ্টিত সুশান্ত বৰগোঁহাইৰ বৃহৎ জয়– প্ৰত্যাশিত ধৰণে ৯৫ নং ডিমৌ সমষ্টিৰ পৰা বিজেপি দলৰ সুশান্ত বৰগোঁহাই জয়ী হয়৷

এইয়া জনগণৰ জয় বুলি তেওঁ উল্লেখ কৰি বিজেপি দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ গণনাত বৰগোঁহাইয়ে ৮৯৬৮১ ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছ দলৰ অজয় গগৈক ৩৩৫২৮টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ গগৈয়ে ৫৬১৫৩ সংখ্যক ভোট লাভ কৰাৰ বিপৰীতে উক্ত সমষ্টিৰ চিপিআই দলৰ প্ৰাৰ্থী অজয় বৰাই ২৫৭৫ ভোট লাভ কৰাৰ বিপৰীতে ন’টাত পৰে ১৭১৭ ভোট৷ নাজিৰা সমষ্টিত বিজেপি দলৰ ময়ূৰ বৰগোঁহাইৰ বিপুল জয়– অৱশেষত বহু বছৰৰ পাছত নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ দূৰ্গ খহাই বিজেপি দলে বিজয় ধবজা উৰুৱাবলৈ সক্ষম হয়৷ বিজেপি দলৰ প্ৰাৰ্থী ময়ূৰ বৰগোঁহাইয়ে ৯৮১৯৮ ভোট লাভ কৰি নাজিৰা সমষ্টিৰ বহু বাৰৰ বিধায়ক কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়াক ৪৬৭০১ ভোটত পৰাজিত কৰে৷ শইকীয়াই ৫১৪৯৭ ভোট লাভ কৰাৰ বিপৰীতে চিপিআই দলৰ প্ৰাৰ্থী কনক গগৈয়ে ২৬৯১, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে পংকজ মহন্তই ১০২৮, দিলৱাৰ হুছেইনে ৫৪৩, জয়ৰাম চৰাইমূৰীয়াই ৩৯২, গুফৰনূৰ ৰহমানে ৩৭১ আৰু দিলীপ সাহাই ৩১৩টা ভোট লাভ কৰে৷ নাজিৰা সমষ্টিত ন’টাত পৰে ১৭৩৫ সংখ্যক ভোট৷

মমতাৰ ১৫ বছৰীয়া শাসনৰ অৱসানঃ বংগত ফুলিল পদুম

মমতাৰ ১৫ বছৰীয়া শাসনৰ অৱসানঃ বংগত ফুলিল পদুম
WhatsApp Image 2026-05-05 at 12.16.54 PM

পশ্চিমবংগত ১৫ বছৰীয়া তৃণমূল কংগ্ৰেছৰ শাসনৰ অৱসান ঘটিল৷ পৰিৱৰ্তনৰ ঢৌত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত বিজেপিৰ উত্থান ঘটিছে৷ বিজেপিয়ে ৰাজ্য খনত ২০০ ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পিছতেই এতিয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ কেইবাটাও নাম ইতিমধ্যে আগলৈ আহিছে৷এই পৰিপ্ৰেক্ষিতত জানিব পৰা গৈছে যে অহা ২৫ বৈশাখ অৰ্থাৎ জ্ঝ মে’ত ৰাজভৱনত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে৷ ইতিমধ্যে নিৰ্বাচন আয়োগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এছ যোশী ৰাজ্যখনত উপস্থিত হৈছে৷ কাইলৈ মঙলবাৰে বিধানসভাৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ’ব বুলি জানিব পৰা গৈছে৷ তাৰ পিছতেই বুধবাৰে নিৰ্বাচন আয়োগৰ গেজেট বিজ্ঞপ্তি প্ৰকাশৰ পাছত মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰাজভৱনলৈ যাব৷

তাতেই শপত গ্ৰহণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সূত্ৰে জানিবলৈ দিয়ে৷ ইপিনে, বঙ্গজয় নিশ্চিত হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যৰ সৈতে ফোনযোগে কথা পাতে৷ দুয়োজনৰ মাজত দীঘলীয়া আলোচনা হোৱা বুলি খবৰ পোৱা গৈছে৷ যদিও কথোপকথনৰ বিষয়বস্তু স্পষ্ট হোৱা নাই, তথাপি চৰকাৰ গঠনকে ধৰি গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়সমূহ লৈ আলোচনা হোৱা সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷ এই ফোনালাপৰ পাছতেই সকলো জয়ী বিধায়কৰ এক জৰুৰী বৈঠক আহ৩ান কৰা হৈছে৷ সেই বৈঠকতে বিধায়কৰ দলৰ নেতা কোন হ’ব সেয়া চূড়ান্ত কৰা হ’ব বুলি অনুমান কৰা হৈছে৷ আগন্তুক কেইদিনত ৰাজ্যখনৰ নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে৷ ইপিনে বংগত বিজেপিৰ বিশাল জয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে৷ ভাষণত মোদীয়ে কয় যে বংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছিল আৰু আজি সেয়া পাইছে৷

চলিত মাহতে গঠন হ’ব ষষ্ঠদশ অসম বিধানসভা

চলিত মাহতে গঠন হ'ব ষষ্ঠদশ অসম বিধানসভা
চলিত মাহতে গঠন হ'ব ষষ্ঠদশ অসম বিধানসভা

চলিত মাহতে গঠন হ’ব ষষ্ঠদশ অসম বিধানসভা।

ইয়াৰ বাবে ১৮ মে’ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বিধানসভাৰ অধিৱেশন।

অধিৱেশনতে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত বিধায়ক-বিধায়িকাই।

ইয়াৰ আগেয়ে শপত গ্ৰহণ কৰিব প্ৰ’টেম অধ্যক্ষই।

৭ মে’ত প্র’টেম অধ্যক্ষ বাছনি হোৱাৰ সম্ভাৱনা।

চূড়ান্ত হ’ব অসম মন্ত্রীসভাৰ শপত গ্ৰহণৰ দিন।

বিজেপি বিধায়িনী গোটে বাছনি কৰিব দলপতিও।

১৯জন কংগ্ৰেছী বিধায়কে মান ৰাখিলে কংগ্ৰেছৰঃ কোন এই ১৯জন বিধায়ক?

১৯জন কংগ্ৰেছী বিধায়কে মান ৰাখিলে কংগ্ৰেছৰঃ কোন এই ১৯জন বিধায়ক?
১৯জন কংগ্ৰেছী বিধায়কে মান ৰাখিলে কংগ্ৰেছৰঃ কোন এই ১৯জন বিধায়ক?

১৯জন কংগ্ৰেছী বিধায়কে মান ৰাখিলে কংগ্ৰেছৰ। কোন এই ১৯জন বিধায়ক জানেনে? এই ১৯জন কংগ্ৰেছৰ বিধায়ক কোন জানেনে-

লাহৰীঘাট সমষ্টি- ড° আছিফ মহম্মদ নাজাৰ
ৰূপহীহাট সমষ্টি-নুৰুল হুদা
চামগুৰি সমষ্টি-তাঞ্জিল হুছেইন
পূব গোৱালপাৰা সমষ্টি-এ কে ৰছিদ আলম
সৃজনগ্রাম সমষ্টি-মঃ নুৰুল ইছলাম
পৰ্বতঝোৰা সমষ্টি-মঃ আশ্রাফুল ইছলাম
গৌৰীপুৰ সমষ্টি-আব্দুছ সোবাহন আলী চৰকাৰ
ধুবুৰী সমষ্টি-বেবী বেগম
মানকাচৰ সমষ্টি-মহিবুৰ ৰহমান
জলেশ্বৰ সমষ্টি-আফতাব উদ্দিন মোল্লাহ
চেঙা সমষ্টি-আব্দুৰ ৰহিম আহমেদ
পাকাবেতবাৰী সমষ্টি-জাকিৰ হুছেইন শিকদাৰ
ছমৰীয়া সমষ্টি-ৰেকিবুদ্দিন আহমেদ
সোণাই সমষ্টি-আমিনুল হক লস্কৰ
আলগাপুৰ-কাটলিচেৰা সমষ্টি-মঃ জুবেইৰ আলম
উত্তৰ কৰিমগঞ্জ সমষ্টি-জাকাৰিয়া আহমেদ
দক্ষিণ কৰিমগঞ্জ সমষ্টি-আমিনুৰ ৰছিদ চৌধুৰী
বীৰসিং-জৰুৱা সমষ্টি-বাজেদ আলী চৌধুৰী
নাওবৈচা সমষ্টি-ড° জয়প্রকাশ দাস

জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী

জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী
জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী

জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীযূষ হাজৰিকাৰ জয়।

মাথোঁ আনুষ্ঠানিক ঘোষণা বাকী।

অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী পীযূষ হাজৰিকা।

৯৩,১০৪টা ভোটত জয়ী পীযূষ হাজৰিকা।

জাগীৰোডত ২৪টা ৰাউণ্ডৰ অন্তত পীযূষ হাজৰিকাই পায় ১ লাখ ৫৪ হাজাৰ ৫০৪টা ভোট।

কংগ্ৰেছৰ বাবুল দাসে পাইছে ৬১,৪০০ টা ভোট।

যোৰহাটত গৌৰৱ গগৈৰ বৃহৎ পৰাজয়ঃ আনুষ্ঠানিকতাহে বাকী…

যোৰহাটত গৌৰৱ গগৈৰ বৃহৎ পৰাজয়ঃ আনুষ্ঠানিকতাহে বাকী...
যোৰহাটত গৌৰৱ গগৈৰ বৃহৎ পৰাজয়ঃ আনুষ্ঠানিকতাহে বাকী...

যোৰহাটত গৌৰৱ গগৈ পৰাস্ত।

বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়লাভ।

বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ শোচনীয় পৰাজয়।

যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাস্ত গৌৰৱ গগৈ।

যোৰহাটত ২১ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত জয় লাভ হীতেন্দ্ৰ নাথ গোস্বামীৰ।

নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়

নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়
নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়

নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়।

৪০ হাজাৰৰো অধিক ভোটত জয়লাভ প্ৰাৰ্থীগৰাকীৰ।

১২ নম্বৰ ৰাউণ্ডৰ অন্তত দীপ্লুৰঞ্জন শৰ্মাই ভোট লাভ কৰে ৭৪,৫৩৭টা।

বিপৰীতে কংগ্ৰেছৰ শান্তনু বৰাই পালে ৩২৮৬০টা ভোট।

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ?

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ?
অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ?

অসম বিধান সভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ? এইবাৰ নিৰ্বাচনত বহু কেইগৰাকী যুৱ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। তৃতীয় ৰাউণ্ডৰ অন্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তা আগবাঢ়ি আছে ৭ হাজাৰ ৩৬৮টা ভোট। আনহাতে পিছ পৰি আছে নৱপ্ৰজন্মৰ প্ৰাৰ্থী কুংকী চৌধুৰী।

মৰিয়নীত সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আগবাঢ়ি আছে। কেইবাহাজাৰ ভোটত পিছ পৰি আছে মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা।

আনহাতে ৰঙানদী সমষ্টিত বিজেপিৰ যুৱ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আগবাঢ়ি আছে। পলাশবাৰীত হিমাংশু শেখৰ বৈশ্য আগবাঢ়ি আছে। হাফলং সমষ্টিৰ যুৱ বিজেপিৰ প্ৰাৰ্থী ৰূপালী লাংথাছা আগবাঢ়ি আছে। ৰঙানদী সমষ্টিত যুৱ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আগবাঢ়ি আছে ৩,৪১৪টা ভোটত। হাফলং সমষ্টিৰ যুৱ বিজেপিৰ প্ৰাৰ্থী ৰূপালী লাংথাছা আগবাঢ়ি আছে ৪,৯৫৪টা ভোটত।

তৃতীয় ৰাউণ্ডৰ অন্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তা আগবাঢ়ি আছে ৭ হাজাৰ ৩৬৮টা ভোট। তৃতীয় ৰাউণ্ডৰ অন্তত মধ্য গুৱাহাটী সমষ্টিত কুংকি চৌধুৰীয়ে লাভ কৰিছে ৯,৫২৪টা ভোট। আনফালে মধ্য গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাই লাভ কৰিছে ১৬,৮৯২টা ভোট। মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা ৩,২৪৪টা ভোটত পিছ পৰি আছে।