Home Blog Page 3019

লক্ষ্মীনন্দন বৰাৰ বিয়োগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াৰ শোকপ্ৰকাশ

কথাশিল্পী ড০লক্ষ্মীনন্দন বৰাৰ বিয়োগত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ গভীৰ শোকপ্ৰকাশ

ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্তৰ বাবে টাস্কফোৰ্চ গঠনৰ নিৰ্দেশ ।

ধুবুৰীত ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে উপায়ুক্ত অন্বামুথন এম পিয়ে। সংবাদমেল পাতি  উপায়ুক্তগৰাকীয়ে কয় যে ছিণ্ডিকেটৰ সঠিক তদন্তৰ বাবে সকলো বিভাগক সাঙুৰি টাস্কফোৰ্চ গঠন কৰা হ’ব বুলিও ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে।ধুবুৰীত কোভিড পৰিস্থিতি সম্পৰ্কে এক সংবাদমেত আয়োজন কৰে উপায়ুক্তগৰাকীয়ে। তেওঁ কয় যে আগন্তুক এক-ডেৰ মাহৰ ভিতৰত ধুবুৰীত আৰ টি পি চি আৰ পৰীক্ষাৰ লেবৰেটৰী কাৰ্যক্ষম হৈ উঠিব ৷ জিলা ঔষধ পণ্যাগাৰৰ ওপৰ মহলাত লেবৰেটৰীটোৰ নিৰ্মাণ কাৰ্য চলি আছে৷আগন্তুক ছমাহৰ ভিতৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ জিলা উপায়ুক্তগৰাকীয়ে কয় যে ধুবুৰীত বৰ্তমান প্ৰতিষেধকৰ কোনো নাটনি নাই আৰু প্ৰতিষেধক প্ৰদান কাৰ্য সুচাৰুৰূপে চলি আছে ৷ ধুবুৰীত থকা তিনিখন চাহ বাগিচাৰ শ্ৰমিকক অনলাইন পঞ্জীয়ন নকৰাকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে৷ ধুবুৰী জিলাৰ অসমাৰিক চিকিৎসালয়ৰ ড্ৰেন আৰু চিকিৎসালয়ত থকা কোঠালী সমুহত লেতেৰা অৱস্থা হৈ থকাৰ বাবে অতি শীঘ্ৰেই পৰিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মেলত উল্লেখ কৰিলে জিলা খনৰ নৱ নিযুক্ত উপায়ুক্ত অনবামুথান এম পি এয়ে ।

মুছলমান যুৱক,হিন্দু যুৱতী। গৰ্ভৱতী যুৱতী,যুৱকৰ পলায়ন। এয়া লাভ জেহাদ নে আন কিবা?

মাত্ৰ এপাহ ফুল ছিঙাক কেন্দ্ৰ কৰি লাহৰীঘাটৰ পশ্চিম বৰখাঁবলত প্ৰচণ্ড মাৰপিটৰ ঘটনা

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত পশ্চিম  বৰখাঁবল গাঁৱত  যোৱা ৩১ মে’ত দুটা ফৈদৰ মাজত এজোপা ফুল ছিঙাক  লৈ দুই  ফৈদৰ মাজত  বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।  জানিব পৰা মতে  লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰখাঁবল গাঁৱত বিগত কেইবামাহ ধৰি অব্যাহত থকা পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। জানিব পৰা মতে, ভূক্তভোগী ফাইজুল ইছলামৰ এটি কনমানিয়ে এজোপা ফুল ছিঙাৰ বাবে আব্দুল জুব্বাৰৰ দূৰ্বৃত্বৰ দলটোৱে ফাইজুলক ঘৰৰ পৰা মাতি চোতালত নি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে। চিঞৰ বাখৰ শুনি ফাইজুলৰ আত্মীয় লোক ওলাই অহাত দূৰ্বৃত্বৰ দলটোৱে এফালৰ পৰা দাৰে ঘপিওয়াৰ উপৰিও লোহাৰ চোকা অস্ৰৰে হানি খুচি প্ৰাণে মাৰাৰ অপচেষ্টা‌ চলাই । উক্ত সংঘাতৰ ফলত ফাইজুলৰ পৰিয়ালৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে দুগৰাকী অতি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুজি আছে। ইতিমধ্যে ফাইজুলৰ আত্মীয় ৰহিমা খাতুনে লাহৰীঘাট থানাত এখনি গোচৰ ৰুজু কৰিছে ।

গাঞ্জা- ভাং আদিৰ বিৰুদ্ধে তৎপৰ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী।

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জিলাখনৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিৰ নেতৃত্বত চলা এক অভিযানত জিলাখনৰ আলিকাষ গাঁওৰ জবান আলীৰ ঘৰৰ পৰা 3 KG নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে। জবান আলীৰ স্বীকাৰূক্তিত আৰক্ষীয়ে বিহুদিয়া গাৱৰ উমৰ আলি , ঘনশিমূলীৰ ইনামূল হক আৰু নিজ নগাজন গাঁওৰ পৰা ফুল মহম্মদক আটক কৰে আৰু আটক চাৰি সৰ্বৰাহকাৰীৰ পৰা 10kg গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা গাঞ্জা সৰ্বৰাহকাৰীৰ বিৰূদ্ধে শুধপোচ অব্যাহত ৰাখিছে । আৰক্ষীয়ে এই সন্দৰ্ভত খাৰুপেটীয়া থানাত এক গোচৰ ৰুজু কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।

দিনহাজিৰা কৰা লোকৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ”

ক’ভিডৰ এই জটিল সন্ধিক্ষণত দিনহাজিৰা কৰা লোকসকলৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ” নামৰ সংগঠণটি৷বিশেষকৈ নাৰী ধৰ্ষণ,নিৰ্যাতন,শিক্ষা,নাৰী সৱলীকৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া সংগঠণটিয়ে ক’ভিডৰ এই জটিল সন্ধিক্ষণত নিজৰ সাঁচতীয়া ধনেৰে আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী দি কিঞ্চিত সহায় কৰাৰ চেষ্টা কৰিছে৷জামুগুৰিহাটতো আজি এইসকল সদস্যই এইদৰেই দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলক সহায়ৰ হাত আগবঢ়াইছে সংগঠণটিয়ে৷

প্ৰথিতযশা সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু আমাৰ মাজত নাই!

প্ৰথিতযশা সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু আমাৰ মাজত নাই!

প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি ৭ লোককল্যাণ মার্গস্থিত চৰকাৰী বাসভৱনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আজি এক চমু আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্রথমবাৰৰ বাবে দিল্লী ভ্রমণলৈ অহা মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক  মূলতঃ সৌজন্যমূলক সাক্ষাৎ কৰা বুলি ধাৰণা কৰা হৈছে৷দিনৰ ১২ বজাত প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও বৈঠকত মিলিত হয়৷ পুৱা দহ বজাত ডোভালৰ চৰকাৰী বাসভৱনত হোৱা বৈঠকৰ পিছত দিল্লীৰ আছাম হাউছত বিদেশত ভাৰতৰ চোৰাংচোৱা সংস্থা ৰিছার্চ এণ্ড এনালাইছিছ উইংছ চমুকৈ ‘ৰ’ৰ মুৰব্বী সামন্ত কুমাৰ গোৱেলৰ সৈতে হোৱা বৈঠকখনো আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ কাৰণ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা আৰু ৰ–ৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতহে মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ বাবে ৰাওনা হয়৷ আৰু তাৎপর্যপূর্ণ বিষয়টো হৈছে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা ডোভাল, ‘ৰ’ৰ মুৰব্বী গোৱেল আৰু প্রধানমন্ত্রী মোদীৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই সন্ধিয়া ৬ বজাত আছাম হাউছৰ কনফাৰেঞ্চ ৰুমত কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ সৈতেও আন এখন বৈঠকত মিলিত হয়৷

লক্ষণীয়ভাৱে আছাম হাউছৰ এই বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে৷ ৰাজ্যৰ গৃহ বিভাগৰ সৈতে জডিত থকা বিষয়ক লৈহে মুখ্যমন্ত্রী ড০ শমাই আজিৰ দিনটোত প্রধানমন্ত্রী মোদী, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা, ৰ–ৰ মুৰব্বী আৰু কেন্দ্রীয় গৃহ সচিবৰ সৈতে আলোচনা কৰাৰ কথা একপ্রকাৰ নিশ্চিত বুলি ক’ব পাৰি৷ মুখ্যমন্ত্রী ড০ শর্মাই বুধবাৰৰ দিনটোত ইয়াৰ বাহিৰেও কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন আৰু নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰীকো সাক্ষাৎ কৰে৷ বিয়লি ৩ বজাত চৰকাৰী বাসভৱনত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে আলোচনাত মিলত হোৱাৰ পিছত ৪.৩০ বজাত নির্মাণ ভৱনত নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰী আৰু ৫ বজাত স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনক সাক্ষাৎ কৰে৷

মুখ্যমন্ত্রীৰ কার্যালয় সূত্রত জানিব পৰা মতে, বুধবাৰে নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে আন এখন বৈঠকত মিলিত হোৱাৰ কথা৷ পিছে এই বৈঠকখন সম্পূর্ণ ৰাজনৈতিক বিষয় সংক্রান্ত বুলি মুখ্যমন্ত্রীৰ কার্যালয়ে স্পষ্ট কৰি দিছে৷ জানিব পৰা মতে, আজি মুখ্যমন্ত্রী ড০ শর্মাই পুৱাৰ ভাগত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ পোৱাৰ কথা৷ তাৰ পিছত অসমলৈ উভতি যোৱাৰ পূর্বে তেওঁ দিল্লীৰ আছাম হাউছ কিম্বা ভৱনত সাংবাদিকক সম্বোধন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ কার্যালয়ে জানিবলৈ দিছে৷

বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰা জব্দ

 বজালী জিলাত দেশীয় সুৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজালী জিলা আৰক্ষী অধীক্ষক। বুধবাৰে সন্ধিয়া বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্ব বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰি পেলায় বজালী জিলা আৰক্ষী প্ৰশাসনে। উল্লেখ্য যে, দেশীয় সুৰা, জুৱাখেল, গৰু চোৰে চানি ধৰিছে বজালী জিলাক। এনেক্ষেত্ৰত ইয়াৰ বিৰুদ্ধে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ অধিক তৎপৰতাক শলাগিছে সচেতন মহলে।