নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত আজি নগাঁও চহৰৰ হয়বৰগাও মাৰোৱাৰী পঞ্চায়ত ভৱনত চকুত চানি পৰা ৰোগীসকলৰ এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । এই চকু চিকিৎসা শিবিৰত কেবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে । শিবিৰত প্ৰায় তিনি শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰে । শিবিৰত চকুত চানি পৰা ৰোগ সকলৰ পৰা বাচনি কৰি গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ত সুদক্ষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
তিতাবৰত জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগ পালন
কালি তিতাবৰত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, তিতাবৰ, তিতাবৰ উপ কোষাগাৰৰ , তিতাবৰ আৰু মৰিয়নী ৰাজহ চক্ৰৰ NPS কৰ্মচাৰীসকলে এদিনীয়া কাৰ্যসূচীৰে অসহযোগ কাৰ্যসূচী পালন কৰে। ২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্ত্তে পুৰণি পেঞ্চন আঁচনিৰ অধীনলৈ আনিবলৈ দাবী জনাই কৰ্মচাৰীসকলে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে। কৰ্মচাৰীসকলে এই সন্দৰ্ভত তিতাবৰৰ মহকুমাধিপতি অৱগত কৰে। কৰ্মচাৰীসকলে আক্ষেপেৰে কয় যে এন পি এছৰ অধীনৰ কৰ্মচাৰীসকলক চৰকাৰে অৱসৰকালীন পেঞ্চন দিবৰ বাবে কিছুমান ব্যক্তিগত কোম্পানীক দায়িত্ব অৰ্পণ কৰিছে। এই কোম্পানীবোৰে কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা দহ শতাংশৰ লগত চৰকাৰৰ চৈধ্য শতাংশ যোগ কৰি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে লাভ কৰা পুঁজিৰ পৰা ষাঠি শতাংশ ঘুৰাই দিব আৰু বাকী থকা চল্লিশ শতাংশৰপৰা নিৰ্দিষ্ট হাৰত অৱসৰকালীন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। যিটো অকল অনিশ্চিতই নহয় বৰঞ্চ অসুৰক্ষিতও। তাতোকৈ ডাঙৰ কথা পাঁচ বছৰৰ বাবে নিৰ্বাচিত হৈ বিধায়ক-সাংসদসকলে এক নিশ্চিত পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে, আনহাতে জীৱনৰ মূল্যবান সময় কৰ্মচাৰীসকলে চাকৰি কালত অতিবাহিত কৰি এক অনিশ্চিত পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে চৰকাৰে কৰ্মচাৰীসকলৰ এই অনিশ্চয়তা দুৰকৰি পুৰণি পেঞ্চন আচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই।আজি তিতাবৰত অসহযোগ সফল হোৱা বুলি যোৰহাট জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ উপ সভাপতি কৃষ্ণ দত্তই অসহযোগ কাৰ্যসূচী সফল ৰূপায়ণত সহযোগ কৰা সকলো ব্যক্তি কৃতজ্ঞতা জনাইছে।
চৰাইবাহীত একেদিনাই দুটাকৈ আধাৰশিলা আৰু বজাৰ গৃহ উদ্বোধন বিধায়ক ৰমাকান্ত দেউৰীৰ
যোৱা কালি মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধক্ষ্য ৰমাকান্ত দেউৰীয়ে কপিলী উন্নয়ন খণ্ডৰ অন্তগ’ত বৰভগীয়া গাঁও পঞ্চায়তত দুটাকৈ আধাৰশিলা আৰু চৰাইবাহী গাঁও পঞ্চায়তত এটি বজাৰ গৃহ উদ্বোধন কৰে ৷ বিধায়ক গৰাকীয়ে অসম চৰকাৰৰ অসম দৰ্শন আচনিৰ অধীনত ২লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ হ’ৱ লগা বৰভগীয়া গাঁও পঞ্চায়তৰ ন-বড়ি নাম ঘৰ আৰু ২০২০ – ২১ বৰ্ষৰ আনটাইড পুজিৰ ৫ লাখ টকাৰে নিৰ্মাণ হ’ৱ লগা চৰাইবাহী মায়েঙীয়া সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ আনহাতে ৬৪ নং চৰাইবাহী গাঁও পঞ্চায়তৰ ২০১৭ – ১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হোৱা দৈনিক বজাৰ গৃহৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ এই অনুষ্ঠানত চৰাইবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰী কৰবী খাটনীয়াৰ ডেকা, কপিলী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বিউটি ডেকাৰ লগতে কেবাগৰাকীও বিষয়া আৰু দলীয় কৰ্মী উপস্থিত থাকে ৷ লগতে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু উপস্থিত থাকে ।
অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী
শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী বিভিন্ন দল সংগঠনৰ আছিল তাৰ ভিতৰত অন্যতম অসম চাহ মজদূৰ সংঘ, আটছা, আৰু আছা আদি। অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচা পূৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়।চৰকাৰে কেৱল ভোটৰ অংকৰ বাবে বাগিছা কৰ্মৰত খাটি খোৱা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি অত দিনে ৰখাই সাধাৰণ নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত দৈনিক মজুৰি অন্তৱৰ্তিকালীন সাহাৰ্য্য হিচাপে ঘোষণা কৰা কাৰ্য্যক অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীয়ে নিৰ্বাচনী চমক বুলি উল্লেখ কৰে।উল্লেখ্যযে শ্ৰমিক ৰাইজ পাবলগীয়া বকেয়া ধন (বাড়তি) টকাৰ বাবে অসম চাহ মজদূৰ সংঘই যোৱা ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰা দিব লাগে বুলি অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰি আহিছে।চৰকাৰে ঘোষণা কৰা দৈনিক মজুৰি আচলতে মজুৰি বৃদ্ধিৰ চুক্তি নহয় এইটো অন্তৱৰ্তিকালীন সাহায্য হে যিটো ইয়াৰ আগতেও ২০১৮ বৰ্ষত ঘোষণা কৰি দুমাহৰ বকেয়া ধন শ্ৰমিক ৰাইজক দিয়া হোৱা নাছিল,কিন্তু পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰি শ্ৰমিক ৰাইজক চৰকাৰে প্ৰতাৰণা কৰিলে, কাৰন চৰকাৰে পূৰ্বে ৩৫১.৩৩ টকা দৈনিক মজুৰি হব বুলি ঘোষণা কৰিছিল। কিন্তু আজি বিজেপি নেত্ৰাধীন চৰকাৰৰ পাঁচ বছৰ কাল শেষ হোৱাৰ অন্তত দৈনিক মজুৰি বৃদ্ধিৰ চুক্তি কৰিব নোৱাৰি পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি সংঘৰ বিষয়াই উল্লেখ কৰে। যোৱা তিনিটা বছৰ মজুৰি বৃদ্ধি নকৰাৰ ফলত শ্ৰমিক ৰাইজৰ দৈনিক পি. এফ. গ্ৰেছ্যুইটি, বনাচ, ছুটি হাজিৰা টকা আদি লোকচান হৈছে তাৰোপৰি যি সকল ইতিমধ্যে পাৰমানেন্ট কামৰ পৰা অব্যাহতি গ্ৰহন কৰিলে তেখেতসকলৰ পি. এফ টকাৰ লগতে গ্ৰেছ্যুইটি টকাৰো লোকচান হৈছে বুলি সুনিল টুটীয়ে কয়।
নগাঁও জিলা হেণ্ডবল দল ঘোষণা
অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰনী আন্ত : জিলা চিনিয়ৰ (পুৰুষ) হেণ্ডবল প্ৰতিযোগিতা নলবাৰীত অনুষ্ঠিত হব। এই উপলক্ষে নগাঁও জিলা হেণ্ডবল এচচিয়েচনে আগন্তুক নলবাৰীত হব লগা আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ বাবে নগাঁও জিলা দল ঘোষণা কৰিছে। জিলা দলটোৰ সদস্যসকল হৈছে পিংকু মাদুৰ (গাওঁখোৱা) , নিপেন দেউৰজা, অভিজ্ঞান দেউৰী, লক্ষ্য পাটৰ, পূৰ্ন পাটৰ, ৰোৱেল পাটৰ, নিপুল বৰদলৈ, দীপজ্যোতি গাওঁখোৱা, ভূষণ কোঁৱৰ, অৰুন বৰদলৈ, পৰশু ডেকাৰজা, আৰু কৌস্তভ ডেকা । অন্যহাতে সুমেন্দ্ৰ দেউৰী আৰু গোবিন্দ ডেকাৰজাক তত্বাৱধায়ক হিচাপে দায়িত্ব অৰ্পন কৰা বুলি সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে জনাইছে ।
অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
পুনৰবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । কাইলৈ প্ৰথমেই মন্ত্ৰীগৰাকীয়ে দিনৰ ১০বজাত নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰীত দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰ উন্মোচন কৰিব ।মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।
২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ । এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ।
তাৰ পিচতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৪৬৮ চনতে স্থাপনা কৰা বটদ্ৰৱা থানৰ নতুন প্ৰকল্পৰ আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে। ১৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৰাজ্যিক অনুদানপ্ৰাপ্ত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ কামৰ মাঙ্গলিক শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই প্ৰকল্পৰ দ্বাৰা বটদ্ৰৱা থানক এখন ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণা কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰা হ’ব ।একেদিনাই তেওঁ শংকৰী কৃষ্টি-সংস্কৃতিৰ গৱেষক, কেইবাজনো সত্ৰাধিকাৰ আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এখন চৰকাৰী সভাত স্থানীয় জনতাৰ লগতে অসমবাসীক সম্বোধন কৰিব ।
ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্বি শান্তি চুক্তিত ভাগ ল’বৰ বাবে কাৰ্বি আংলঙলৈ যাব ।
ডিগবৈ সমষ্টিত বিজেপি যুৱনেতা অৰুণজ্যোতি মৰাণে ঘৰে ঘৰে চলাইছে সাংগঠনিত তৎপৰতা
সমাগত বিধান সভা নিৰ্বাচনে ৰাজ্য ৰাজনীতিৰ পৰিৱেশ উখল-মাখল কৰি তুলিছে ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাৰ বিভিন্ন সাংগঠনিক কাম-কাজে বৰ্তমান ৰাজ্যখনৰ প্ৰতিটো চুক কোন চুই গৈছে ৷ ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিত শাসনাধিস্ত বিজেপি, বিৰোধি কংগ্ৰেছ আৰু নতুন আঞ্চলিক শক্তি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাই চলাইছে নিজৰ নিজৰ দলৰ সাংগঠনিক ব্যাপক তৎপৰতা ৷ এই ক্ষেত্ৰত বিজেপি দলৰ যুৱনেতা অৰুণজ্যোতি মৰাণে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তৰত জনতাৰ ঘৰে ঘৰে গৈ দলৰ সাংগঠনিক ভেটি শক্তিশালি কৰাৰ প্ৰস্তুতি চলাইছে ৷

সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, যুৱ সংঘ, মহিলা সমিতি, ধৰ্মীয় অনুষ্ঠান, জনগোষ্ঠীয় সংগঠন, ব্যৱসায়ী প্ৰতিষ্ঠান, ক্ৰীড়া অনুষ্ঠানৰ খেল পথাৰ সমূহ কাষলৈ গৈ বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালি কৰিবলৈ উঠিপৰি লাগিছে ৷ আগন্তুোক নিৰ্বাচনৰ দিন যিমাই চমু চাপি আহিছে ডিগবৈ সমষ্টিত সিমাইনেই বিজেপি দলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷ কিয়নো ডিগবৈ সমষ্টিত এইবাৰ প্ৰাৰ্থীত্ব দৌৰত আছে বিধায়ক সুৰেণ ফুকন আৰু শক্তিশালি যুৱনেতা অৰুণজ্যোতি মৰাণ ৷ সেইয়ে সমষ্টিটোত বিধায়ক সুৰেণ ফুকনে যিমানেই চৰকাৰী আচনিৰ আধাৰশিলা আৰু উদ্ধোধনী কাৰ্যসূচী চলাই গৈছে সিমানেই প্ৰাৰ্থীত্ব প্ৰৱল দাবিদাৰ শীৰ্ষত থকা যুৱনেতা অৰুণজ্যোতি মৰাণে সমষ্টিটোত বসবাস কৰা বিভিন্ন ভাষা-ভাষি, জনগোষ্ঠীয় সম্পদায় পৰিয়ালৰ ঘৰত উপস্থিত হৈ জনতাৰ মনৰ কথা বুজ লৈছেগৈ ৷ ৰাজ্যৰ সংবাদ মাধ্যমৰ অনুসন্ধান মূলক বাতৰি আৰু দলীয় কেতবোৰ খৱৰ আৰু ৰণকৌশলে ডিগবৈত বিজেপি শীৰ্ষ নেতৃত্বই নতুন প্ৰাৰ্থী প্ৰেক্ষেপ কৰি সমষ্টিটো পুনৰ দখল কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰা খৱৰ পোৱা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অৰুণজ্যোতি মৰাণে চলাইছে ব্যাপক দলীয় সাংগঠনিক কাম-কাজ ৷ সমষ্টিৰ বিভিন্ন যুৱ শক্তি সমূহক সাক্ষাৎ কৰি বিজেপি চৰকাৰ দিনত হোৱা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰাৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন স্থানত অৱস্থিত ধৰ্মীয় অনুষ্ঠান সমূহৰ ধৰ্মপ্ৰাণ ৰাইজক সাক্ষাৎ কৰি সেৱা লৈ আৰ্শিবাদ গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও সমষ্টিটোৰ চাহ বাগিচা, ভোজপুৰি, মাৰোৱাৰি আদি বিভিন্ন জনগোষ্ঠী, সম্পদায় প্ৰায়বোৰ পৰিয়ালক দেখা কৰাৰ লগতে নেপালী লোক সকলৰ নেতৃস্থানীয় সকলৰ পৰা আৰ্শিবাদ বিচাৰি সাক্ষাৎ কৰা দেখা গৈছে ৷ উল্লেখ যে বিগত দুটা দৰ্শক ধৰি মৰাণ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ৰাইজৰ সেৱাৰ কৰি যোৱা যুৱনেতা অৰুণজ্যোতি মৰাণৰ ডিগবৈ সমষ্টিৰ লগতে উজনি অসমত আছে বিশেষ জনপ্ৰিয়তা ৷ যাৰ পৰিপ্ৰেক্ষিতত ডিগবৈ বিজেপি দলে অৰুজ্যোতিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি তিনিচুকীয়া জিলাখনতে মৰাণ জনগোষ্ঠীয় লগতে সমভাৱাসম্পন্ন জনগোষ্ঠীয় ভোট সমূহ লাভ কৰিবলৈ দলৰ নেতৃত্বই বিশেষ ৰণকৌশল যোগুত কৰিছে বুলি জানিব পৰা গৈছে ৷ যাৰ ফলত অৰুণজ্যোতি মৰাণ ডিগবৈত প্ৰক্ষেপিত প্ৰাৰ্থী হলে বিধায়ক সুৰেণ ফুকন উপ্ৰেক্ষিত হৈ ৰব ৷ তেনে দলীয় ৰণকৌশলৰ বিশেষ সহাৰি লাভ কৰি হয়তুু যুৱনেতা অৰুণজ্যোতি মৰাণে ডিগবৈ অলিয়ে গলিয়ে ব্যাপক বেনাৰ পোষ্টাৰ, দেৱাল লিখন কৰি, জনতাৰ ঘৰে ঘৰে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাষলৈ গৈ দলীয় কাম কাজ আৰম্ভ কৰি দিছে ৷ যাতে বিৰোধী দল সমূহক সহজে ৰোধিব পৰা যায় ৷ ইফালে টিকটৰ আশাত বন্দি সংঘ পৰিয়ালৰ ডিগবৈ জ্যেষ্ঠ নেতা প্ৰশান্ত শইকীয়াই চলাইছে প্ৰচাৰ অভিযান ৷ মুঠৰ ওপৰত দিছপুৰৰ ভিতৰুৱা খৱৰৰ মতে এইবাৰ ডিগবৈ সমষ্টিত বিজেপি দলীয় প্ৰাৰ্থী সলনি হোৱাটো প্ৰায় খাটাং হৈ পৰিছে ৷ সেইয়ে যথেষ্ঠ পৰিমানৰ অৰ্থ খৰচ কৰি ডিগবৈ সমষ্টিত জনগোষ্ঠীয় যুৱ নেতা, সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰাক্তন জনপ্ৰিয় সভাপতি তথা ক্ৰীড়া সংগঠন অসম ফুটবল সন্থা, ভলীবল সন্থা, অলিম্পিক সন্থা, হেণ্ডবল সন্থা জ্যেষ্ঠ বিষয়বৰ্বীয়া অৰুণজ্যোতি মৰাণে দিন ৰাতি একাকাৰ কৰি দলীয় সাংগঠনিক কাম কৰা দেখা গৈছে ৷
উন্নয়ণৰ শ্ব’গানেৰে বোকাখাতত মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মন্ত্ৰী-বিধায়ক সকলৰ আধাৰশিলা ৰাজনীতিৰো ধুম উঠিছে ৷ সমাপন কৰি গৈছে ইখনৰ পাছত সিখন আঁচনিৰ আধাৰ শিলা আৰু উন্মোচন ৷ ইয়াৰ ব্যতিক্ৰম নহয় অসম গণ পৰিদষ দলৰ সভাপতি, বোকাখাতৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাও ৷ আজি বোকাখাত সমষ্টিৰ পশ্চিমে হাতীখুলিৰ পৰা পূবে ৰঙামাটিলৈকে সামৰি প্ৰায় ২২ কোটি টকাৰ ব্যয় সাপেক্ষে মুঠ ২২ খন আঁচনিৰ কামৰ আধাৰশিলা আৰু হৈ যোৱা কামৰ শুভ উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে ক’ৰবাত যদি ৰঙা ফিটা কাটিছে, আন ক’ৰবাত আকৌ প্ৰচণ্ড জোৰে নাৰিকল ভাঙিছে ৷ বিৰামহীনভাৱে ইখনৰ পৰা সিখন আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা কৰি গৈছে ৷ সমান্তৰালকৈ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দলকো সমালোচনা কৰিবলৈও পাহৰা নাই মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযান কেতিয়াও অসম বচাবৰ বাবে নহয় ৷ কংগ্ৰেছ দলটোক পুনৰ বচাই দিছপুৰ দখলৰ বাবেহে এই অভিযান চলাই আছে ৷ দেশৰ স্বাধীনতা অনা কংগ্ৰেছৰ দৰে শক্তিশালী দলটোৱে নিজৰ স্থিতি হেৰুৱাই পেলাইছে ৷ যোৱা পোন্ধৰ বছৰত কংগ্ৰেছৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বাবেই অসমৰ জনসাধাৰণে ২০১৬ চনত কংগ্ৰেছক বিদায় দিলে ৷ ২০১৬ চনত মিত্ৰজোঁটৰ চৰকাৰে দিছপুৰ দখল কৰি অসমৰ দ্ৰুত উন্নয়ণ সাধন কৰিলে ৷ ক্ষমতা লাভেৰে দিছপুৰ দখল কৰাৰ মানসেৰে এতিয়া এ আই ইউ ডি এফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কুজকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে ৷ সেই কথা অসমৰ ৰাইজে এতিয়া বুজি পাইছে ৷ গতিকে কংগ্ৰেছ দল কেতিয়া আৰু শাসনলৈ নাহে ৷ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চিলাপথাৰৰ জনসভাত অংশ গ্ৰহণ কৰাৰ পাছত কংগ্ৰেছ দলে নৰেন্দ্ৰ মোডীক এটা পৰিভ্ৰমী চৰাই বুলি কৰা মন্তব্যত মন্ত্ৰী অতুল বৰাৰ কংগ্ৰেছৰ প্ৰতি কটাক্ষ কৰি কয় যে, কংগ্ৰেছ দলটোৱে পোন্ধৰ বছৰীয়া শাসন কালত কৰা উন্নয়ণ যোৱা পাঁচটা বছৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত হোৱা ব্যাপক উন্নয়ণ আকাশ পাতাল পাৰ্থক্য ৷ এই পাৰ্থক্য কংগ্ৰেছ দলে এতিয়া সহ্য হোৱা নাই আৰু সেইবাবেই তেওঁলোকে আবোল তাবোল বকা আৰম্ভ কৰিছে ৷ লগতে মন্ত্ৰী তথা বিধায়ক অতুল বৰাই নিজ সমষ্টিত হোৱা ব্যাপক উন্নয়ণৰ চাফাই গাবলৈ নাপাহৰিলে সাংবাদিকৰ সন্মুখত ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই যোৱা পাঁচটা বছৰত বোকাখাত সমষ্টিত হোৱা উন্নয়ণৰ বিশেষকৈ ১০০ খন যুক্ত বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়, কহঁৰাৰ শ্বহীদ বেজা বৈষ্ণৱ ৰাজ্যিক চিকিৎসালয়, পশুপালন বিভাগৰ প্ৰশিক্ষণ বিদ্যালয় আৰু চিকিৎসালয়, বোকাখাত ৰাজহুৱা খেলপথাৰ নিৰ্মাণ, এচিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে সাত কিলোমিটাৰ মাথাউৰি নিৰ্মাণ, ৰাষ্ট্ৰীয় জল যোজন মিচনৰ অধীনত সমষ্টিটোৰ ২৮ টা পানী যোগান আঁচনিৰ উন্নীতকৰণ, নগৰ সমিতিক পৌৰসভালৈ উন্নীতকৰণ, খহনীয়া প্ৰতিৰোধৰ বাবে সমষ্টিটোত ৩২ কিলোমিটাৰ জিঅ’ বোগৰ মাথাউৰি নিৰ্মাণ, প্ৰতিখন ৰাজহ গাঁৱত ৭০ শতাংশ ৰেহাই মূল্যত টেক্টৰ বিতৰণ, সমষ্টিটোৰ ২০ খন গাঁও পঞ্চায়ত আৰু নগৰৰ চাৰিটা ৱাৰ্ডত ৰাস্তাঘাট, দলং, পকী নলা নিৰ্মাণ আদিৰ কথা উল্লেখ কৰে ৷ ইয়াৰ উপৰিও মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বাকী ১২৫ টা বিধান সভা সমষ্টিত যিমান দ্ৰুত উন্নয়ণ হ’ল, তাৰ বাবেই কংগ্ৰেছ দলৰ চকুত এতিয়া টোপনি নাইকীয়া হৈছে ৷ সেইয়েহে আমাৰ দিনত হোৱা উন্নয়ণ কংগ্ৰেছ কোনো কাৰণতে সহ্য কৰিব পৰা নাই ৷ আমাৰ দিনত হোৱা উন্নয়ণ ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাগত নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰকেই ভোট প্ৰদান কৰি পুনৰ দিছপুৰ দখল কৰি চৰকাৰ গঠন কৰাত সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ ইফালে বিজেপিৰ নেগুৰত ধৰি আঞ্চলিকতাবাদক নিশেষ কৰা, আঞ্চলিকতাবাদৰ যি ভাষা, সেইয়া বিসৰ্জন দিয়া, সমাগত নিৰ্বাচনত বোকাখাতবাসীয়ে অতুল বৰাক বোকাখাতৰ পৰা বিদায় দিবলৈ ওলোৱা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে অলপতে বোকাখাতৰ জাতীয় সমন্বয় সমাৱেশত কৰা মন্তব্যৰ প্ৰত্তুত্বৰত মন্ত্ৰী অতুল বৰাই কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোতে কা-আন্দোলনত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত অধিৱেশনৰ সময়ত সঙ্ঘক লৈ সঙ্ঘৰ বিৰুদ্ধে আছুৰ দৰে এটা জাতীয় যংগঠনৰ নেতা হৈ লুৰীণ জ্যোতি গগৈয়ে কৰা কটু মন্তব্যৰ কথা বোকাখাতবাসীৰ লগতে অসমবাসীয়ে কেতিয়াও পাহৰি যোৱা নাই ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩৩ লাখ ভক্তৰ অন্তৰত দুখ দি লুৰীণ জ্যোতি গগৈয়ে কৰা মন্তব্যৰ সমাগত নিৰ্বাচনত ভোটাৰ ৰাইজে অসম জাতীয় পৰিষদ দলক ইয়াৰ যোগ্য প্ৰত্তুত্বৰ দিব আৰু বোকাখাতৰ পৰা সমাগত নিৰ্বাচনত পুনৰ তেওঁৱেই বিজয়ী হ’ব বুলি মন্তব্য কৰে ৷ কিন্তু সমাগত নিৰ্বাচনত বোকাখাতৰ পৰা কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়, সি সময়েহে ক’ব ৷
শোণিতপুৰত ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান মুখ্যমন্ত্ৰী সোনোৱালৰ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত কালি ২৩ ফেব্ৰুৱাৰীত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এই অনুষ্ঠানতে জিলাখনৰ ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান কৰাৰ লগতে জিলাখনৰ আত্মসহায়ক গোটসমূহক ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এই মহিলা আত্মসহায়ক গোটসমূহে ৰাজ্যখনক অৰ্থনৈতিক দিশত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
বকোত কৃষ্ণা দাসৰ নিৰ্বাচনী কুচকাৱাজ, পাখি কটা যাব নেকি কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসৰ
সমাগত ২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ, প্ৰত্যেকটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে প্ৰচাৰ অভিযান, এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৪৮ নং বকো বিধান সভা সমষ্টি। সমষ্টিটোত প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ দলৰ ভেটি মজবুত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সমষ্টিটোত কংগ্ৰেছ দলৰ মাজত চলিছে অঘোষিত বিসম্বাদৰ উকমুকনি। উল্লেখ্য যে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগত সমষ্টিটোৰ ঠায়ে ঠায়ে কৰ্মী সকলৰ সৈতে হোৱা অন্তঃকলহৰ বাবে নন্দিতা দাসৰ ভেটি লাহে লাহে দুৰ্বল হৈ আহিবলৈ ধৰিছে। সমষ্টিটোত বিসম্বাদৰ সৃষ্টি হৈ কংগ্ৰেছৰ মাজত দুটা ভাগ হৈ পৰিছে। বিধায়িকা নন্দিতা দাসৰ একনায়কত্ববাদৰ বাবে সমষ্টিটো একাংশ কৰ্মীয়ে ফলৰি কাটি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী কৃষ্ণা দাসক প্ৰাৰ্থী প্ৰত্যাশী হিচাপে সমষ্টিটোৰ চোকে কোনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সোমবাৰে আবেলি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা ৪৮ নং বকো বিধান সভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কৃষ্ণা দাসে সমষ্টিটোৰ সোনতলী-টুপামাৰী অঞ্চল পৰিভ্ৰমণ কৰি ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। সাংবাদিকৰ আগত একাংশই বিধায়িকা নন্দিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু নন্দিতা দাসৰ শাসনক সৈৰাচাৰী শাসন আখ্যা দিয়ে। আনহাতে ’ ২১ ৰ নিৰ্বাচনত নন্দিতা দাসক পুনৰাই প্ৰাৰ্থীত্বোপ্ৰদান কৰিলে বকোত কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ বিপৰীতে যদি কৃষ্ণা দাসক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে জয়ৰ সম্ভৱনা পূৰামাত্ৰাই থকা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে কৃষ্ণা দাসে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত খুব কম দিনৰ ভিতৰত জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে।











