Home Blog Page 3025

দুমুনিচকীৰ মেধাবী ছাত্ৰ ছাজিদ আখতাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি কাতৰ আহ্বান পিতৃ মাতৃৰ

 দৰং জিলাৰ ছিপাঝৰ সমষ্টিৰ দুমুনিচকীৰ সমীপৰ মাৰুৱাচকী গাঁৱৰ আব্দুল ৱাহিদ আৰু ৰেনু বেগমৰ একমাত্ৰ পুত্ৰ ছাজিদ আখতাৰ ( ২২) বিগত কেইবা বছৰৰ পৰাই বৃক্ক জনিত ৰোগত আক্রান্ত  হৈ চিকিৎসা গ্ৰহণ কৰি আছে যদিও এইপৰ্যন্ত সুস্থ হৈ উঠা নাই । দুয়োটা বৃক্ক বিকল হৈ পৰাত  আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা ব্যয়বহুল চিকিৎসাৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে পৰিয়ালটো । ঘৰুৱা সা-সম্পত্তি বিক্ৰী কৰি পাৰ্যমানে চিকিৎসা কৰি  এতিয়া নিৰুপায়  হৈ পৰিছে পৰিয়ালটো । এনে পৰিস্থিতিত অসহায় পৰিয়ালটোৱে ছাজিদৰ চিকিৎসাৰ বাবে  ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য  । উল্লেখ্য  যে ২০১৬ চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১৮  উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ২য় স্থান  লাভ কৰি উত্তীৰ্ণ হৈছিল মেধাবী ছাত্ৰ ছাজিদে । ছাজিদৰ সুচিকিৎসাৰ বাবে   স্বাস্থ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ  স্বাস্থ্য বিভাগৰ প্ৰতি  কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। ছাত্র অৱস্থাতেই  বৃক্ক জনিত ৰোগত ভুগি এতিয়া এক গভীৰ অনিশ্চয়তাৰ মাজেৰে নিজৰ জীৱনটোৰ  সৈতে যুঁজ দি আগবাঢ়িব লগীয়া হৈছে মেধাবী ছাত্ৰ গৰাকী । ইপিনে নিজৰ পুত্ৰৰ এনে দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে  ছাত্র গৰাকীৰ পিতৃ মাতৃৰ  নাই পৰ্যাপ্ত ধন।  এই ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন বিচাৰি এতিয়া  দিকবিদিক হেৰুৱাই পেলাইছে  দুৰ্ভগীয়া পৰিয়ালটোৱে ।  ইফালে ছাত্র  গৰাকীক আৰ্থিক সাহাৰ্যৰ বাবে তেওঁৰ মাতৃ ৰেনু বেগমৰ  নামত থকা  অসম গ্ৰামীন বিকাশ বেংকৰ দুমুনিচকী শাখাৰ একাউন্ট নং 7060010039899  আই এফ চি  UTBI0RRBAGB অথবা 7002446590 ফোনত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াবলৈ  সদাশয় ৰাইজক আহ্বান জনাইছে ছাজিদৰ পিতৃ মাতৃয়ে । 

বিজেপিত যোগদান বঙালী অভিনেত্ৰী পায়েল চৰকাৰৰ

বেংগলৰ অভিনেত্ৰী পায়েল চৰকাৰে আজি কলকাতাত বিজেপিৰ বেংগল ইউনিটৰ মুৰব্বী দিলীপ ঘোষৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইজনৰ পিছত সিজন চলচ্চিত্ৰ তাৰকাই বিজেপি আৰু টিএমচিত যোগদান কৰা দেখা গৈছে । বুধবাৰে অভিনেতা যশ দাসগুপ্তই পশ্চিম বংগ বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ বিজয়বৰ্গীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি মুকুল ৰয় আৰু ৰাজ্যসভাৰ সাংসদ স্বপন দাচগুপ্তৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল।

আনফালে একেদিনাই ক্ৰিকেটাৰ মনোজ তিৱাৰী আৰু তিনিজন বঙালী চলচ্চিত্ৰ তাৰকা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে।

উল্লেখযোগ্য যে, বেংগল বিধানসভা নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

আপকু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰনৱ চক্ৰৱৰ্তীলৈ বিপুল সম্বৰ্ধনা

আসাম প্ৰেছকৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ চৰাইদেউ অধিৱেশনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অধিৱেশনত দেৰগাঁৱৰ সন্তান, নিষ্ঠাবান সাংবাদিক প্ৰনৱ চক্ৰৱৰ্ত্তীক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হোৱাৰ পিছত  দেৰগাঁৱত এক ৰাজহুৱা  সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আপকুৰ  দেৰগাঁও মহকুমা সমিতিৰ উদ্যেগত আয়োজিত আৰু দেৰগাঁও গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে জ‌্যেষ্ঠ সাংবাদিক ৰাতুল বৰাই। এই অনুষ্ঠানত সৰ্বপ্ৰথমে দেৰগাঁও মহকুমা সমিতিৰ হৈ দেৰগাঁও মহকুমা সমিতিৰ সভাপতি আবু আহমেদ, উপ সভাপতি ৰাতুল বৰা, সম্পাদক কুমুদ বৰাই এখনি ফুলাম গামোছা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে  সাংবাদিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ হৈ সভাপতি চাহাবুদ্দিন আহমেদেব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ ফালৰ পৰা চাহাবুদ্দিন আহমেদে  এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে।  দেৰগাঁও সাংবাদিক সংস্থাৰ হৈ সম্পাদক ইন্দুভূষন মহন্ত, সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈ, দেৰগাঁও আঞ্চলিক সাহিত্য সন্মিলনীৰ হৈ সহকাৰী সম্পাদক জ্যোতি জনাৰ্দন বৰা আৰু সদস্যা নেত্ৰজ্যোতি গগৈ হাজৰিকা, কাকডোঙা সাংবাদিক সংস্থাৰ হৈ সম্পাদক আহমেদ হুছেইন, সদৌ অসম বাৰ্লাক মহিলা সমিতিৰ হৈ সভানেত্ৰী বন্তি আহমেদ, দেৰগাঁও অগ্ৰগামী বাঙালী মহিলা মঞ্চৰহৈ ববিতা ঘোষ, অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰাকে ধৰি  দেৰগাঁৱৰ বহুকেইটা দল সংগঠনে সাংবাদিক প্ৰনৱ চক্ৰৱৰ্তীক সম্বৰ্ধনা জ্ঞাপন কৰে।  এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত দেৰগাঁও বিশিষ্ট লেখক তথা শিক্ষাবিদ ৰাজেন পূজাৰী, দেৰগাঁও গাঁও ৰক্ষী বাহিনীৰ চক্ৰ সংগঠক শিৰোমণি মহন্ত, সাংবাদিক দীপক শইকীয়া, দীপক হাজৰিকা, চামিম আলম হক দিগন্ত দাস, গৌতম বৰা, অভিজিত বৰা ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ উপ-সভাপতি নিতু কলিতা, পাপুল শইকীয়া, আকাৰেৰ আলি, মঞ্জু ধৰি আদি উপস্থিত থাকে।

জামুগুৰিহাটত বিজেপিৰ চাহ মৰ্চাৰ কৰ্ম কৰ্তা সন্মিলন

চাহ জনগোষ্ঠীৰ নেতা ডানিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাই চাহ জনগোষ্ঠীৰ কথা কি চিন্তা কৰিব।’ চাহ জনগোষ্ঠীৰ নেতা হত্যা কৰি তিহাৰ জে’লৰ ভাত খোৱা ৰিপুণে চাহ বাগিচাৰ শ্ৰমিকৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই । এই গৰাকী ৰিপুণ বৰাকে কংগ্ৰেছে মূখ্যমন্ত্ৰীৰ মুকুট পিন্দ্ধাইছে। হত্যাৰ গোচৰত অভিযুক্ত ৰিপুণ বৰাৰ কাষত কেতিয়াও চাহ জনগোষ্ঠীৰ ৰাইজ সুৰক্ষিত নহয়। এটা সৰু ৰাজনৈতিক দলেও ৰিপুণ বৰাৰ দৰে ব্যক্তিক সভাপতিৰ দ্বায়িত্ব নিদিয়ে,কিন্তু কংগ্ৰেছে ৰিপুণ বৰাক সভাপতি পতাৰ পাছত চাহ জনগোষ্ঠীৰ ৰাইজে কিয় কংগ্ৰেছক গ্ৰহণ কৰিব? ‘এই মন্তব্য তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসৰ। আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাংগণত অনুষ্ঠিত চতিয়া সমষ্টিৰ চাহ মৰ্চাৰ কৰ্মকৰ্তা সন্মিলন সভাত অংশ গ্ৰহণ কৰি তেওঁ আৰু কয়,২০১৬ চনৰ আগত অসমৰ চাহ জনগোষ্ঠী ৰাইজে একোৱেই লাভ কৰিব পৰা নাছিল। কংগ্ৰেছে চাহ জনগোষ্ঠীৰ ৰাইজৰ ইতিহাস নিঃশেষ কৰিবলৈ লৈছিল,কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল। বহু যুগৰ অন্তত নৰেন্দ্ৰ মুদীয়ে আমাক পোহৰ দিলে। ইতিহাস হেৰাই যোৱা মানুহৰ স্বীকৃতি দিলে। বাগানৰ উন্নয়নৰ বাবে এহাজাৰ কোটি টকা আবন্টন দিয়াৰ সিদ্ধান্ত লৈছে মুদী ডাঙৰীয়াই।’ৰাজ্যৰ আঠশ বাগানত মাংৰী ওৰাঙৰ নামত আঠশটা ৰংগমঞ্চৰ লগতে তিনিশ উচ্চ,উচ্চতৰ মাধ্যমিক আৰু কলেজ স্থাপনৰো প্ৰস্তুতি লোৱা বুলি মন্তব্য কৰে সাংসদ পল্লৱলোচনে। বিজেপিৰ চাহ মৰ্চাৰ সভাখনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়,২০১৫ লৈকে অসমত চাহ জনজাতিৰ ৰাইজ সুৰক্ষিত নাছিল। উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হৈছিল চাহ জনজাতিৰ ৰাইজ। শান্তিৰ কাৰণে,সম্প্ৰীতিৰ কাৰণে অসমত বিজেপিৰ প্ৰয়োজন আছে। অসম বচাওঁ নহয়,কংগ্ৰেছ বচাওঁ অভিযানত নামি পৰিছে ৰিপুণ বৰাই। বিহুৰ আগতে কংগ্ৰেছ দলেটো দলটো নিপাত যোৱাটো নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। কংগ্ৰেছৰ ভুৱা প্ৰচাৰত ভূল নাজাবলৈও চাহ জনজাতি ৰাইজক আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই।

আজিলৈকে ঢুকি নাপালে চৰকাৰী আঁচনিয়ে : দিব্যাংগ ভাগিনীয়েকৰ ওপৰত নিৰ্ভৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ

একবিংশ শতিকাৰ তৃতীয়টো দশকৰ আৰম্ভণিটো যে সমাজৰ একাংশ লোকে কঠোৰ জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছে সেই কথা পুনৰ প্ৰতীয়মাণ হৈছে। কুষ্ঠৰোগত আক্ৰান্ত সোণাৰিৰ  এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে এতিয়া উদঙাইছে বিকশিত অসমৰ প‍ঁয়ালগা ছৱি। সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিকাশৰ আঁচনিয়েও যে এতিয়া ঢুকি পোৱা নাই সমাজৰ একাংশ লোকক সেই কথা প্ৰমাণিত হৈছে সোণাৰিৰ এই পৰিয়ালটোৰ কৰুণ গাঁথাই। সকলোৰে বাবে ঘৰ দিয়া বুলি যিসময়ত চৰকাৰৰ জনপ্ৰতিনিধিসকলে ভাষণৰ ফুলজাৰি মাৰি আহিছে সেই সময়তে ভগা জুপুৰীত বাস কৰিব লগীয়া হৈছে সোণাৰিৰ এই পৰিয়ালটো। সোণাৰি বিধানসভা সমষ্টিৰ কাণু গাঁৱৰ এটা পৰিয়ালৰ কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে পোহৰলৈ আহিছে সম্প্ৰতি। অসম-নগালেণ্ড আৰু অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী অঞ্চল কাণু গাওঁৰ বাসিন্দা পাপু মালহাৰৰ পৰিয়ালটোৰ দুৰ্দশাই উদঙাইছে বিকশিত অসমৰ প‍ঁয়ালগা ছৱি। এসময়ত কাণু চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত পাপু মালহাৰ দুৰ্ভগীয়া পৰিয়ালটোক যে আজিলৈকে  চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই সেই বিষয়ে পোহৰলৈ আহিছে। উল্লেখনীয় কথাটো হ’ল পাপু মালহাৰ নামৰ ব্যক্তিগৰাকী কুষ্ঠৰোগত আক্ৰান্ত হোৱাত হাত-ভৰিবোৰ অকামিলা হৈ পৰাৰ ফলত বাগিচা কৰ্তৃপক্ষই কামৰপৰা আঁতৰাই দিয়ে আজিৰপৰা চাৰি বছৰ আগতে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰোগাক্ৰান্ত পাপু মালহাৰ পত্নী মণিকা মালহাৰে বাগিচাখনৰ শ্ৰমিক হিচাপে নিয়োজিত হৈ স্বামীসহ তিনিটাকৈ সন্তান আৰু জন্মান্ধ ভাগিনীয়েকক পোহপাল দিবলৈ আৰম্ভ কৰে। আনহাতে দুটকামান উপাৰ্জনৰ আশাত তিনিটা সন্তানৰ দহবছৰীয়া জ্যেষ্ঠ সন্তানটোক অৰুণাচলত কোনো লোকৰ ঘৰত বনকৰা ল’ৰা হিচাপে পঠিয়াই দিয়ে যদিও তিনি-চাৰিবছৰ হল আজিলৈকে কোনো সম্ভেদ নাই । এনে সময়তে এবছৰমান আগতে মণিকা মালহাৰো দুৰ্ঘটনাগ্ৰস্ত হৈ কঁকালৰ হাড় ভাঙি পৰাত কাম-বন কৰিব নোৱাৰা হৈ পৰাত পৰিয়ালটোৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। ফলত জন্মান্ধ ভাগিনীয়েক ৰঞ্জিত মালহাৰে বিভিন্ন ঠাইত বাঁহী বজায় উপাৰ্জনৰ পথ বাছি লয় আৰু মোমায়েকৰ পুতেকক লগত লৈ হাট-বজাৰ আদিত বাঁহী বজায় আজি এবছৰে এনেদৰেই পৰিয়ালটোৱে জীৱিকা-নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। ইফালে এসময়ত বাগিছাৰ অস্থায়ী শ্ৰমিক হিচাপে নিয়োজিত পাপু মালহাৰৰ থাকিবলৈ এটা স্থায়ী ঘৰ নথকাত শেহতীয়াকৈ কাণুগাওঁৰ এখন অব্যহৃত পথাৰত এটা জুপুৰি সাজি বাস কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে নিজাকৈ এডোখৰ মাটি নথকা বাবেই চৰকাৰী এটা আবাসগৃহ তথা শৌচাগাৰৰপৰাও বঞ্চিত এই পৰিয়ালটোৰ নাই এখন ৰেচন কাৰ্ড। আনহাতে দিব্যাংগ ৰঞ্জিত মালহাৰে  আজিলৈকে লাভ কৰা নাই দিব্যাংগসকললৈ চৰকাৰে আগবঢ়োৱা সা-সুবিধা। আনকি দিব্যাংগৰ প্ৰমাণ পত্ৰখনৰপৰাও বঞ্চিত হৈ আছে ৰঞ্জিত। আনহাতে পাপু মালহাৰ আৰু পত্নী মণিকা মালহাৰে আজিলৈকে ভোটাৰ কাৰ্ড খনো নোপোৱা বুলি আক্ষেপ কৰা লগতে এটা বেংক একাউণ্ট খুলিব লৈও সক্ষম নোহোৱা বুলি দুখ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে যি সময়ত চৰকাৰে বিকশিত অসমৰ শ্ল’গান দি ভাষণৰ ফুলজাৰি মাৰি থাকে সেই সময়ত এটা চৰকাৰী আৱাস গৃহ, শৌচাগাৰ, বিদ্যুৎ সংযোগ লাভ কৰাটো দূৰৰ কথা দৰিদ্ৰ পাপু মালহাৰে আজিলৈকে লাভ কৰা নাই চৰকাৰী বিনামূলীয়া চাউলকেইটা। একমাত্ৰ দিব্যাংগ ভাগিনীয়েকৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে এই পৰিয়ালটো। গাঁৱৰ গাওঁ বুঢ়া তথা ৱাৰ্ড সদস্যক এই বিষয়ে অৱগত কৰাৰ  পাছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো গুৰুত্ব নিদিয়াত এনেদৰেই চলাই যাব লগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰাম।

সমাগত নিৰ্বাচন : পুৱ গোৱালপাৰা সমষ্টিত চকুত লগা হৈছে AIUDF দলৰ নিৰ্বাচনী প্ৰচাৰ

সমষ্টিখনৰ পৰা এইবেলি কেবাজন টিকট প্ৰত্যাশী প্ৰাৰ্থীয়ে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷কিন্ত ইয়াৰে ভিতৰত জনসমৰ্থন আৰু সমাদাৰ লাভৰ লগতে চকুত লগাকৈ দলৰ হাত শক্তিশালী কৰিবলৈ সক্ষম হৈছে দলৰ কাৰ্য্যকৰী সভাপতি আবুল কালাম হুছেইনে ৷হুছেইনে দলটোৰ বাবে দিনে নিশাই একাকাৰ কৰি সমষ্টিখনৰ ইমুৰৰ পৰা সিমুৰলৈ চলাইছে প্ৰচাৰ অভিযান ৷সমষ্টিখনৰ দুৰ্গম আৰু অতিকৈ ভিতৰুৱা অঞ্চল সমুহত নিজৰ সমৰ্থকক লৈ অনুষ্টিত কৰিছে এটাৰ পিছত আন এটা সৰুবৰ সভা সমিতি ৷মহাজোট বন্ধনৰে গঠিত হোৱা দলে এইবেলি এইজন বলিষ্ট নেতা তথা দলৰ কাৰ্য্যকৰী সভাপতি আবুল কালাম হুছেইনক আগন্তক নিৰ্বাচনৰ বাবে টিকট প্ৰদান কৰিলে নিশ্চিত উদ্ধাৰ হৱ সমষ্টিখন ৷এয়া আমাৰ দাবী নহয় ৷এইদাবী সমষ্টিখনৰ জনসাধাৰনৰ ৷গণভিত্তি থকা টিকট প্ৰত্যাশী প্ৰাৰ্থী আবুল কালাম হুছেইনে সমষ্টিখনত পুৰ্বে নথকা AIUDF দলৰ জনসমৰ্থন ঘুৰাই আনিবলৈ সক্ষম হৈছে ৷ দলৰ সভাপতি বদৰউদ্দিন আজমলক এইজন শক্তিশালী নেতাক এইবেলি জনসাধাৰনৰ লগতে দলে টিকট প্ৰদানৰ দাবী উত্থাপন কৰেছে ৷কংগ্ৰেছ দলৰ দখলত থকা সমষ্টিখনৰ বিধায়ক একে ৰচিদ আলমেও পুনৰ টিকটৰ দাবীত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰি অব্যাহত ৰাখিছে নিজৰ প্ৰচাৰ আভিযান ৷এইবেলি সমষ্টিখনৰ পৰা যুৱ নেতা. আবুল কালাম হুছেইন. মাছিদুল ইছলাম. আব্দুল হাই আৰু জাকিৰ হুছেইনে বিচাৰেছে টিকট ৷কিন্ত ইয়াৰে যুৱ নেতা আবুল কালাম হুছেইনৰ বাহিৰে অইন তিনিজন টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ চকুত লগাকৈ নামি পৰা নাই প্ৰচাৰ আভিযানত ৷

আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ভোলানাথ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান

ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া ,বাংলা ,হিন্দী বিভাগৰ যৌথ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ২৪ ফ্ৰেব্ৰৱাৰী , বুধবাৰে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰে সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড.মৌচুমী ভট্টাচাৰ্যই ।অনুষ্ঠানৰ আৰম্ভণী গীত মিত্ৰদেৱ মহন্ত ৰচিত চিৰ চেনেহী মোৰ ভাষা জননী গীতটো পৰিবেশন কৰে অসমীয়া স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰীবৃন্দই ।মাতৃভাষা দিৱসৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাই।ড.শৰ্মাই কয় যে যিজনে মা ,মাতৃভূমি ,মাতৃভাষাক যিয়ে মৰম নকৰে ,শ্ৰদ্ধা নকৰে  তেওঁ মানুহ নামৰ অযোগ্য, এগৰাকী নৰাধম ব্যক্তি ।মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে বহল ব্যাখ্যা আগবঢ়াই অসমীয়া সাহিত্য জগতৰ বিশিষ্ট কবি সাহিত্যিক ড.মৰমী বৰঠাকুৰ তালুক দাৰে।অনুষ্ঠানত ছাত্ৰ -ছাত্ৰীসকলে মা ,মাতৃভূমি ,মাতৃভাষা বিষয়ক স্বৰচিত কবিতা পাঠ কৰে ।অনুষ্ঠানত বাংলা বিভাগৰ মুৰব্বী অধ্যাপক নিৰ্মীতা নাথ,হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা সংগীতা ৰায়ৰ লগতে অসমীয়া বিভাগৰ ড.অলকা শৰ্মা ,ড.কৰুণা কান্ত দাস,বেবী বৰা ,ড.পলী বেজবৰুৱা, আৰজুমা নাচৰিণ সৰকাৰ,ছাইফুল হাচান প্ৰমুখ্যে মহাবিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ -ছাত্ৰীয়ে।অনুষ্ঠানৰ শেষত সমৱেত ভাবে জাতীয় সংগীত পৰিবেশন কৰা হয় ।

সংগীত সাধক কুল বৰুৱা আৰু নাই

অসমৰ সংগীত জগতত আন এক অপূৰণীয় ক্ষতি।

সংগীত সাধক কুল বৰুৱাৰ দেহাৱসান।

উচ্চ ৰক্তচাপজনিত কাৰণত যোৱা নিশা ১২বজাত গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কুল বৰুৱাই।

সংগীত সাধক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ।

গৰৈমাৰীত দক্ষিণ কামৰূপ অগ্ৰগামী নিৰ্মান শ্ৰমিকৰ কৰ্মী সভা সম্পন্ন

দক্ষিন কামৰূপ জিলা অগ্ৰগামী নিৰ্মান শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখা সমিতিৰ আহ্বানত অসম গৃহ আৰু অন্যান্য নিৰ্মান শ্ৰমিকৰ নাম পঞ্জীয়ন ও সুবিধা সম্পৰ্কে আজি মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শ্ৰমিক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ যুৱ সমাজ কৰ্মী আজিজুৰ ৰহমান চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখা ৰ সাধাৰন সম্পাদক মহিদুল ইছলামে ৷ সজাগতা সভাত দক্ষিন কামৰূপ জিলা অগ্ৰগামী নিৰ্মান শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক কছিম উদ্দিন চৌধুৰী,  উপসভাপতি আব্দুল খালেক,  অসম প্ৰগ্ৰেছিভ বিল্ডিং এন্ড আদাৰছ কন্ট্ৰাকছন ৱাৰ্কাৰ্ছ ফেডাৰেছনৰ সাধাৰন সম্পাদক জিয়াউৰ ৰহমান, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দেবজিত কলিতা,  এছ পি এছৰ সভাপতি ছাইফুল ইছলাম, আছুনেতা ৰফিকুল ইছলাম,  আবু আশ্বিক ছিদ্দিক,  শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখাৰ সভাপতি আব্দুৰ ৰহমান উপসভাপতি ময়নুল হক,  সহ সম্পাদক জহুৰুল হক  উপস্থিত থাকে ৷ শ্ৰমিক সজাগতা সভাৰ জৰিয়তে চৰকাৰী আঁচনি পোৱাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰে ৷

ধুবুৰীৰ আগমণিত ৰাজ্য চৰকাৰৰ উদ্যোগত চিলাৰায় দিৱসৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত অহা ২৭ ফেব্ৰুৱাৰীত ধুবুৰীৰ আগমণিত চিলাৰায় দিৱসৰ আয়োজন কৰা হৈছে ৷ বীৰ চিলাৰায়ৰ ৫১১ তম জন্মজয়ন্তী উপলক্ষে আগমণিৰ চিলাৰায় উদ্যানৰ সমীপত  আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ অনুষ্ঠানত  খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে ধুবুৰীৰ উপায়ুক্ত দেৱ কুমাৰ কলিতা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক যাদৱ শইকীয়াই৷