বঙাইগাঁও জিলা আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ যোৱা নিশা জিলাখনৰ অন্তৰ্গত চৌৰাগুৰিৰ স্বপন কুমাৰ সৰকাৰৰ গৃহত অভিযান চলাই ২৫ লক্ষাধিক টকা মূল্যৰ ১৪০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত আজি পুনৰ বিয়লি আৰক্ষীয়ে চৌৰাগুৰিৰ আই নৈৰ পাৰত অভিযান চলায় ৷ বিয়লি ৬ বজাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত চলোৱা অভিযানত বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী চৌৰাগুৰীৰ আই নৈৰ পাৰত এটা পৰিত্যক্ত গৃহত ৬০ বস্তা বাৰ্মিজ সুপাৰী উদ্ধাৰ কৰি জব্দ কৰে। জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ১১ লাখ টকা হ’ব বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে এই পৰিত্যক্ত গৃহটোৰ পৰা জব্দ কৰা চুপাৰি সমূহো স্বপন কুমাৰ সৰকাৰে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ইপিনে জব্দ কৰা চুপাৰিসমূহ পিছত বঙাইগাঁও সদৰ থানালৈ লৈ আহে ৷ দেওবাৰে চিৰাঙৰ বিজনীৰ কাৱাটিকাত চিৰাং আৰক্ষীয়ে অভিযান চলৈই দহ কোটো টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত বঙাইগাঁও-চিৰাং জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
য়াছৰ আতংক:কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে’ল বাতিল
ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ঝাৰচুগুড়া বিমানবন্দৰ মঙলবাৰে নিশা ১১ বজাত বন্ধ আছিল আৰু বৃহস্পতিবাৰে পুৱা ৫ বজালৈকে বন্ধ থাকিব। ঘূৰ্ণীবতাহৰ বাবে আজি দুৰ্গাপুৰ আৰু ৰাউৰকেলা বিমানবন্দৰত সকলো বিমান চলাচল স্থগিত ৰখা হ’ব। বুধবাৰে পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৭:৪৫ বজালৈ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচল বাতিল কৰা হ’ব। আনহাতে, ৰে’লৱেই উৰিষ্যা-বংগৰ সকলো ৰে’ল বাতিল কৰিছে।বতৰ বিভাগৰ মতে, অতি তীব্ৰ ঘূৰ্ণীবতাহ য়াছ বালাচোৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত অৱস্থিত। দুপৰীয়াৰ ভিতৰত, ঘূৰ্ণীবতাহে ধামৰাৰ উত্তৰে আৰু বালাচোৰৰ দক্ষিণে উত্তৰ উৰিষ্যা-পশ্চিম বংগ উপকূল অতিক্ৰম কৰিব। এই সময়ছোৱাত, বতাহৰ গতিবেগ হ’ব প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ । ইতিমধ্যে উৰিষ্যা-বংগত তীব্ৰ বৰষুণ দিয়া বুলি জানিব পৰা গৈছে।
অসমত সম্পূৰ্ণ লকডাউন নহয়ঃ গাঁৱৰ সান্ধ্য আইনৰ সময়সীমাৰ সলনিঃশ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ক’ৰনা বিধি আৰু স্বাস্হ্য সম্পৰ্কীয় নিয়ম-নীতি মানি চলাটো আৱশ্যক।ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহন কৰা নিয়ম-নীতি কঠোৰভাৱে বলৱৎ কৰাৰ বাবে প্ৰশাসনক সষ্ঠম হৈ আছে।ক’ভিডৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে আংশিক লকডাউন,সান্ধ্য আইন, কভিডৰ পৰীক্ষা,টিকাকৰণ আৰু ক’ভিড আক্ৰান্ত সকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহন কৰা হৈছে।ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত ক’ভিড আক্ৰান্তৰ উপযুক্ত চিকিৎসাৰ সুবন্দোৱস্ত থকাৰ উপৰি নতুনকৈ একাধিক চিকিৎসালয়ত ক’ভিডৰ চিকিৎসাৰ ব্যৱস্হা কৰা হৈছে।আই চি ইউ আৰু অক্সিজেনৰ পৰ্যাপ্ত ব্যৱস্হা আছে। কিন্তু আক্ৰান্ত সকল সময়মতে চিকিৎসালয়লৈ নহাত মৃত্যুৰ সংখ্যা কিছু বৃদ্ধি হৈছে। ক’ভিড আক্ৰান্ত সকলে প্ৰাথমিক অৱস্হাত চিকিৎসকৰ ওচৰ চাপিলে মৃত্যুৰ সংখ্যা হ্ৰাস পালেহেঁতেন।আনহাতে কিছুমান আক্ৰান্তই হ’ম কোৱেৰান্টাইনৰ সুযোগ লয় যদিও তেওঁলোক ঘৰত থাকি ক’ভিডৰ নিয়ম-নীতি পালন নকৰাত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। গতিকে এতিয়াৰ পৰা আক্ৰান্ত সকলক হ’ম কোৱেৰান্টাইনৰ সুযোগ নিদি চিকিৎসালয়ত পঠাবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ আন্তঃৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰত স্হাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰি ইয়াত কৰ্মৰত চিকিৎসক তথা প্ৰশাসনিক বিষয়া সকলৰ পৰা যাৱতীয় কাম কাজৰ বুজ লোৱাৰ পাছত কোকৰাঝাৰ জিলাৰ ক’ভিড পৰিস্হিৰ বুজ লবলৈ জিলা প্ৰশাসন, স্বাস্হ্য বিভাগ আৰক্ষী বিষয়া গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে এক ৰুদ্ধদ্বাৰ আলোচনাত মিলিত হৈ জিলাখনৰ সামগ্ৰিক পৰিস্হিতিৰ বুজ লয়।পাছত মুখ্য মন্ত্ৰীয়ে কয় গ্ৰামাঞ্চলত সান্ধ্য আইনৰ সময়সীমা আজিৰ পৰা বৃদ্ধি কৰা হৈছে।আজিৰ পৰা বিয়লি ২ বজাৰ পৰা গ্ৰামাঞ্চলত সান্ধ্য আইন বলৱৎ থাকিব।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই আকৌ কয় ৰাজ্যত সম্পূৰ্ণ লকডাউন কৰাৰ চিন্তাভাবনা এতিয়াও কৰা হোৱা নাই।পৰিস্হিতিৰ আৰু অধিক অৱনতি নহ’লে বৰ্তমানে প্ৰযোজ্য নিয়ম-নীতি পৰ্যায়ক্ৰমে শিথিল কৰা হ’ব।ইপিনে ক’ভিড পৰীক্ষাৰ মাত্ৰা আৰু বৃদ্ধি কৰাৰ লগতে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে টিকা লাভ কৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা স্বাস্হা বিষয়া তথা প্ৰশাসনিক উচ্চপদস্হ বিষয়া সকলক নিৰ্দেশ দিয়ে।শ্ৰীৰামপুৰত বহিঃৰাজ্যৰ পৰা অহা বাছ যাত্ৰী সকলৰ ক’ভিড পৰীক্ষা কৰা হৈ আছে যদিও ট্ৰাকচালক সকলৰ পৰীক্ষা কিয় কৰা হোৱা নাই বুলি প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁলোক অত্যাবশ্যকীয় সামগ্ৰী কঢ়িয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চল লৈ যায় তেওঁলোকৰ ইয়াত ক’ভিডৰ পৰীক্ষা কৰিলে সমস্যা দেখা দিব।ফলত তেওঁলোক গন্তব্যস্হল লৈ যোৱাৰ পাছত তাত তিওঁলোকৰ ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্হা কৰা হৈছে।মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্ত,বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,বিটিচিৰ স্বাস্হ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ দে,কোকৰাঝাৰ (পশ্চিম)ৰ বিধায়ক লৰেন্স ইছলাৰী,বিটিচিৰ শ্ৰীৰামপুৰৰ পৰিষদীয় সদস্য সজল কুমাৰ সিংহকে ধৰি কোকৰাঝাৰ জিলা আৰু গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্হিত থাকে। মুখ্যমন্ত্ৰী শ্ৰীৰামপুৰ ক’ভিড পৰীক্ষাকেন্দ্ৰ পৰ্যবেক্ষণ কৰি ইয়াৰে পৰা হেলিকপ্টাৰ যোগে ধুবুৰী জিলাৰ বক্সিৰহাট আন্তঃৰাজ্যিক সীমান্তত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ কৰাৰ বাবে উৰা মাৰে।
দক্ষিণ কামৰূপৰ আমবাৰী আঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ,খহনীয়াত জাহ যোৱাৰ আশংকাত উজাগৰি নিশা পাৰ কৰিছে ৰাইজে
দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামুৰীয়া বৃহত্তৰ গুমি আমবাৰী মৌলাটাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ কৰিছে ৰাইজে। কেইবাদিনোধৰি ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু প্ৰৱল সোঁতে তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে অঞ্চলটো। সমগ্ৰ দক্ষিণ কামৰূপত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা মহাবাহুই খহনীয়াৰ সৃষ্টি কৰি তিনি কুৰিতকৈও অধিক গাঁও নিজৰ বুকুত সামৰি লৈছে।নৈৰ বুকুত বিলীন হৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি। ৰজাঘৰীয়াই সময়ে সময়ে কোটি টকীয়া আঁচনি ৰূপায়ণ কৰি আহিছে যদিও বিষয়া ঠিকাদাৰৰ দুৰ্নীতিৰ বোজা সহিব নোৱাৰাৰ পৰিণতিত আঁচনি সমূহৰ সফল ৰূপায়ণ নোহোৱাৰ বাবেই ইয়াৰ কুফল সৰ্বদা ভোগ কৰিব লগা হৈছে অঞ্চলবাসী ৰাইজে। এইবাৰো নৈপৰীয়া গুমি আমবাৰীৰ মৌলাটাৰীবাসীয়ে পাৰ কৰিছে আতংকগ্ৰস্ত প্ৰতিটো মূহুৰ্ত। কালি গোটেই নিশা উজাগৰে কটাইছে গাঁও দুখনৰ অধিকাংশ লোকে। উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ উক্ত গুমি আমবাৰী এলেকাত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া চলি আছে৷ ইতিমধ্যে গৰাখহনীয়াই পলাশবাৰী গুমি মথাউৰি স্পৰ্শ কৰিছে। কেইবাদিনো ধৰি অঞ্চলটোত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে ৷ যাৰ ফলত এতিয়া যিকোনো মূহুৰ্তত পলাশবাৰী গুমি মথাউৰিৰ উক্ত অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে। তীব্ৰ গতিত আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। যদি উক্ত অঞ্চলটো গৰাখহনীয়াত জাহ যায় তেন্ত ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ কুৰিখনৰো অধিক গাঁৱৰ যথেষ্ট ক্ষতি হ’ব ৷ উল্লেখ কৰা প্ৰয়োজন যে বিগত বৰ্ষত উক্ত অঞ্চলত গৰাখহনীয়া চলি থকা সময়ত তেতিয়াৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অঞ্চলটো পৰিদৰ্শন কৰি অতিশীঘ্ৰে তাত গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি ৰাইজক আশ্বাস দিছিল ৷ ইয়াৰ বাবে প্ৰথম অৱস্থাত ৫ কোটি টকাৰ অনুমোদন দিয়া।হ’ব বুলিও বুলিও ৰাইজক অৱগত কৰিছিল। ঠিক তেনেদৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদেও বিগত বৰ্ষত উক্ত গৰাখহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীৰ দৰে ৰাইজৰ আগত একেখিনি কথাকে আওৰাইছিল। কিন্তু কাৰ্যত বিগত খৰালিৰ সময়ছোৱাত উক্ত অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ একো কামকেই আৰম্ভ নহ’ল। শেহতীয়াকৈ এইবছৰো উক্ত অঞ্চলটোত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে যদিও এই ক্ষেত্ৰত বিভাগৰ কোনো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বাৰিষা আহিলেহে গৰাখহনীয়াৰ কাম কৰা বুলি এটা সুনাম থকা জলসম্পদ বিভাগে সম্প্ৰতি তাত পাৰ্কুপাইন আৰু জিঅ’ বেগৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে যদিও সম্প্ৰতি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিঅ’ বেগৰ কাম কৰিব নোৱাৰিব বুলি জানিব পৰা গৈছে ৷ আনহাতে ৫ কোটিৰ সলনি ৩ কোটি টকাহে বিভাগীয়ভাৱে কিছুদিন পূৰ্বে মুকলি কৰি দিছে যদিও কামৰ ঠিকাৰ আবণ্টন লাভ কৰা বিভাগীয় ঠিকাদাৰৰ হেমাহিৰ বাবে উক্ত অঞ্চলটোত এতিয়ালৈকে কামেই আৰম্ভ হোৱা নাই। কেৱল সেয়াই নহয় কামৰ ঠিকা লাভ কৰা বিভাগীয় ঠিকাদাৰে গৰাখহনীয়াস্থলীলৈ কোনোদিনে নহাকৈ পলাশবাৰী সমষ্টিৰ ফটুৰীৰ আলী নামৰ এজন উপ ঠিকাদাৰক উপ ঠিকা দি তেওঁৰ দ্বাৰাই গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিব বুলি জানিবপৰা হৈছে। আনহাতে উপ ঠিকাদাৰ গৰাকীয়ে গুমিৰ দুজন দালালক লৈ কাম কৰাৰ বাবে যো-জা চলোৱা বুলি অভিযোগ তুলি নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিব বুলি স্থানীয় লোকে অভিযোগ কৰিছে। স্থানীয় লোকে গুমি আমবাৰীৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম অতি ক্ষিপ্ৰতাৰে কৰাৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷ আনহাতে প্ৰকৃত ঠিকাদাৰে উপ ঠিকাদাৰ নিয়োগ কৰি তথা উপ ঠিকাদাৰে দালালৰ জৰিয়তে কাম কৰি নিম্নমানৰ কাম কৰাটোও বন্ধ কৰাৰ বাবে জলসম্পদ বিভাগৰ পলাশবাৰী গুমি প্ৰকল্পৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷ আনহাতে স্থানীয় বিধায়কৰ লগতে জলসম্পদ মন্ত্ৰী পিষুষ হাজৰিকাক গুমি আমবাৰীৰ এই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ কাম খৰতকীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈও স্থানীয় ৰাইজে দুয়োগৰাকীকে অনুৰোধ জনাইছে ৷ আনহাতে এনেদৰে অঞ্চলটোত খহনীয়া অব্যাহত থাকিলে অচিৰেই অঞ্চলটোৰ মথাউৰি অংশ নৈৰ বুকুত বিলীন হ’ব। নৈৰ জলপৃষ্ঠ বৃদ্ধি হ’লে পলাশবাৰী আৰু ছয়গাঁও সমষ্টিৰ শতাধিক গাঁও প্লাৱিত হ’ব।

ৰাজ্যত অবাধ হাৰত মাৰাত্মক হে’ৰইন ড্ৰাগছৰ সৰবৰাহ ৷
যুৱ প্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ থেলি দিয়া মাৰাত্মক ড্ৰাগছে সৰ্বত্ৰে চানি ধৰিছে ৷ সমগ্ৰ ৰাজ্যতে পুলিচ প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান তিব্ৰতৰ কৰি তোলাৰ সময়তে দৈনিক উদ্ধাৰ হৈ আছে এনেবোৰ নিছা জাতীয় সামগ্ৰী ৷ আজি ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 19 AC 0074 নম্বৰৰ এখন বাছৰ পৰা ৬৪ টা চাবোনৰ কেচত ভৰাই অনা ৬৪ পেকেট হেৰ’ইন জব্দ হয় ৷ বোকাজান মহকুমা আৰক্ষীৰ গোপন খৱৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ জ্যোতি বৰা, ভদ্ৰকান্ত বৰা এ এচ আই, চৰণ মোহন চেতিয়া এচ আই খটখটী আৰক্ষী থানা আৰু কেইবাগৰাকী আৰক্ষীৰ নেতৃত্বত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাকৰাজান নাকা তালাচিত বাছ খনৰ পৰা বিহৎ পৰিমাণৰ ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত হেৰ’ইন খিনি দুটা বেগত ভৰাই খটখটী কছাৰী গাৱঁৰ ৰিম্পা হাজৰিকা নামৰ এগৰাকী মহিলাই সৰবৰাহ কৰিছিল ৷ হেৰ’ইন খিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৬ কুটি টকা হব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে মহিলা গৰাকীক আতক কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
যোগ আৰু প্ৰাণায়মৰ দ্বাৰাও ক’ৰনাক মানৱ দেহৰ পৰা প্ৰতিহত কৰিব পাৰিঃযোগচাৰ্য দণ্ডপ্ৰতাপ শৰ্মা ৷
সমগ্ৰ বিশ্বযুৰি আতংকৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ সংক্ৰমণৰে সকলোৰে মন ভয়ত কম্পমান ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ক’ৰনাৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ টিপছ সকলোৱে জ্ঞাত ৷ চৰকাৰী ভাৱে সকলোকে মাস্ক,চেনিটাইজাৰ, হাতধোৱা ইত্যাদি ব্যৱহাৰ নিৰ্দেশনা দিছে যদিও সকলোৱে ইয়াক উপলুঙা কৰা পৰিলক্ষিত হয় ৷ পশ্চিম মঙলদৈ যৌগিক চিকিৎসালয় মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ যোগাচাৰ্য দণ্ডপ্ৰতাপ শৰ্মাই যোগ আৰু প্ৰাণায়মৰ জৰিয়তে কেনেকৈ এই ক’ৰনা ভাইৰাছক প্ৰতিহত কৰিব পাৰি তাৰ সবিশেষ এটি সাক্ষাৎকাৰৰ জৰিয়তে জানিব দিয়ে ৷
ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল।মুখ্যমন্ত্ৰীয়ে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা
ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল । শেহতীয়াভাৱে শাসনাধিস্থিত চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে বিশেষভাবে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি আজি ৰাইজৰ দলৰ ৰঙিয়াস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেল খনত ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মণে কেবাটাও গুৰুতৰ অভিযোগ কৰে । নেতাজনে হিমন্তবিশ্ব শৰ্মা নেতা নহয় অভিনেতা বুলি কটাক্ষ কৰি কয় যে হিমন্তবিশ্ব শৰ্মা নিজেই এজন মানসিক বেমাৰী । অখিল গগৈৰ বেমাৰৰ বিষয়ে যিসময়ত হস্পিতাল কৰ্তৃপক্ষই আজিলৈ কোনো তথ্য সদৰী কৰা নাই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য অতি দুৰ্ভাগ্যজনক আনহাতে হিমন্ত বিশ্ব শৰ্মাই দিনত ১०/১২ বাৰকৈ কʼভিড প্ৰটʼকল ভংগ কৰি ঠায়ে ঠায়ে মামা খানা মাগিন খানা খাই ফুৰিছে ,কাৰ্যত কʼভিড প্ৰতিৰোধত ব্যৰ্থ হৈ এইধৰণে লম্ফজম্ফ কৰি থকা বুলিও গুৰুতৰ অভিযোগ কৰে।ইয়াৰোপৰী গো সুৰক্ষা আইনৰ ওপৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে তেওঁলোকৰ এই গো প্ৰীতি কেৱল ভোটৰ স্বাৰ্থত বুলি কৈ ৰাজ্যৰ কোনোটো অঞ্চলত পশুধন সুৰক্ষাৰ বাবে এটা সামান্য দৰৱ পাবলৈ নাই । ছাত্ৰ সংগ্ৰাম সমিটিৰ প্ৰাঞ্জল কলিতাই ৰঙিয়াত কʼভিদ পৰীক্ষা তথা ভেকচীনৰ নাটনি সন্দৰ্ভতো সোচ্ছাৰ হৈ পৰা দেখা যায়,ছাত্ৰনেতা গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যিদৰে নিজৰ সমষ্টিত ভেকচীন কেন্দ্ৰ সুলভ কৰাইছে, ঠিক তেনেদৰে ৰঙিয়াতো ভেকচিন কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰ উপলব্ধ কৰোৱাৰ দাবী জনাই ।
BIG BREAKING নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ গুলীচালনা।আৰক্ষীয়ে আমতলাৰ পথাৰত খেদি খেদি আটক কৰিলে আব্দুল উদ্দুছ আৰু মফিজুল হকক। আব্দুলে হেৰউনৰ পেকেট লৈ পলায়ণ কৰাৰ চেষ্টা কৰিছিল। এতিয়াৰে পৰা আৰক্ষীয়ে প্ৰয়োজনত ড্ৰাগছ মাফিয়াক গুলীচালনা কৰিবলৈ সাঁজু বুলি জনালে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই
ডিগবৈত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ নগদ ১ লাখ ৮০ হাজাৰ টকা,তিনিজনক আটক
সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিসিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰৰ দিশে গতি কৰাইছে৷ঠিক সেই সময়তে ,গোপন সূত্ৰৰ পম দেখি দুলীয়াজান আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ডিগবৈ আৰক্ষীৰ সহযোগত আজি পুৱাৰ সময়তে ডিগবৈ চাৰিআলি পুলিচ পইন্টৰ সমিপত ৰে’ল ক্ৰচিংৰ কাষৰ চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৫ কিঃগ্ৰাঃ ভাং,৭৫ টা চিচি ভৰ্ত্তি ড্ৰাগছ আৰু নগদ ১ লাখ ৮০ হাজাৰ টকা জব্দ কৰাৰ লগতে বাসগৃহটোৰ গৰাকী চায়ৰা বেগম ,পুস্কি আলি আৰু শান্তনু বৰা নামৰ তিনিজন লোকক আটক কৰি দুলীয়াজান আৰক্ষী থানালৈ লৈ যায়৷আৰক্ষী বিষয়াজনে অৱগত কৰা অনুসৰি ,গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱাকালিও চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল যদিও বাসগৃহৰ লোকসকলে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ পাচত আজি পুৱাই পুনৰ অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়৷জানিব পৰা অনুসৰি আটকাধীন চায়ৰা বেগম সহ পুত্ৰ ৰাজ আলি বিগত বহু বছৰৰ পৰা বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি সমাজৰ এচাম যুৱ প্ৰজন্মৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ লগতে সমগ্ৰ ডিগবৈ চহৰখনতেই সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছিল৷কিন্তু উল্লেখ্য বিষয় যে,ডিগবৈ চহৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে ডিগবৈ আৰক্ষী প্ৰশাসনক বাৰম্বাৰ অভিযোগ কৰি অহাৰ পাচতো উক্ত ঘাটি উৎখাত কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে দুলীয়াজান আৰক্ষী উৎখাত কৰিবলৈ সক্ষম হোৱাক লৈ ডিগবৈ সমাজ সচেতন ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷আনহাতে পূৰ্বতেও ডিগবৈ চহৰৰ বিভিন্ন স্থানৰ পৰা নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল আৰক্ষীয়ে কিন্তু বৰ্তমানো নগৰখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰী বিক্ৰি অথবা সেৱন অব্যাহত আছে ।এফালে চহৰ খনৰ একাংশ যুৱক ড্ৰাগছ ,কানি ,ভাংৰ কৱলত মাতাল হৈ পৰা পৰিলক্ষিত হৈছে ।
নগাঁৱত পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী: ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী,জব্দ হেৰ’ইন
নগাঁও আৰক্ষীয়ে আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হ’য়। আজি দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ভকতগাঁও নাৰমাৰীত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল। অভিযানৰ সময়তেই দুই ড্ৰাগছ মাফিয়া আব্দুল উদ্দুচ আৰু মফাজ্বল হক আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ অপচেষ্টা কৰে। লগে লগে অভিযানকাৰী আৰক্ষীয়ে শূণ্যলৈ এক জাই গুলী চলাই ড্ৰাগছ মাফিয়া দুটাক আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুই ব্যৱসায়ী আব্দুল আৰু মুফাজ্জলৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । লগতে এ এচ ০২ পি ০৪০২ নম্বৰৰ এখন চেভ’লেট গাড়ীও আৰক্ষীয়ে জব্দ কৰে ।












