নাজিৰা টাউন স্পৰ্চ ক্লাৱ আৰু কেন্দ্ৰীয় ক্লাৱৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত স্বৰ্গদেউ চ্যাওলুং চ্যুকাফা সোৱৰণীত চলন্ত ট্ৰফী আৰু প্ৰাইমনি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা ঐতিহাসিক গড়গাঁও কলেজ খেল পথাৰত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমনি এক লাখ টকা বুলি উদ্যোক্তা সকলে জনাইছে । ইচ্ছুক দল সমূহক আগতীয়াকৈ ভ্ৰাম্যভাষ ৯৪০১৩৬১৯৬৮ অথবা ৭০০২১৭১৫১৫ নম্বৰত যোগাযোগৰ বাবে আয়োজকৰহৈ সভাপতি ৰঞ্জিত বৰ্মন আৰু সম্পাদক অমৰ গগৈয়ে অনুৰোধ কৰিছে ।
নগাঁৱত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়
নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছে। নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন স্থানত স্থানীয় আৰু দেশীয় তথা বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলি আছে। অবৈধ সুৰাৰ অবাধ প্ৰচলনে বিভিন্ন স্থানত সামাজিক বিশৃংখলাৰ সৃষ্টি কৰিছে। সংঘটিত হৈছে বহু কেইটা অপৰাধজনিত ঘটনা। মাজে সময়ে আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই যদিও জিলাখনত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাত তেওঁলোক সফল হ’ব পৰা নাই। জিলা খনৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে অভিযোগ কৰিছে যে অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগক অবগত কৰিলেও তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰে। আৰক্ষী আৰু আবকাৰী বিভাগৰ লগত অবৈধ সুৰাৰ ব্যৱসায়ীৰ গোপন বুজা-বুজি থকাৰ বাবে তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব নিবিচাৰে বুলি সচেতন মহলে মন্তব্য কৰিছে। আনহাতে মাজে সময়ে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাই যদিও একাংশ আবকাৰী বিষয়া কনিষ্টবলে ব্যৱসায়ী সকলৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে। নগাঁও চহৰকে ধৰি জিলাখনৰ ঠাই বিশেষে অবৈধ সুৰা ব্যৱসায়ীক আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে আটক কৰে যদিও পিছত ৰহস্যজনক ভাবে ব্যৱসায়ী সকলক এৰি দিয়াৰ অভিযোগ উঠিছে। কালিও নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ একাংশ ব্যৱসায়ী পৰা আবকাৰী বিভাগে ধন লোৱাৰ কথা ব্যৱসায়ী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। সচেতন মহলে জিলাখনত অব্যাহত থকা অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় শীঘ্ৰে বন্ধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনাইছে।
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাঞ্জা কঢ়িওৱা ট্ৰাকসহ চালকক আটক
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত ভাং সহ ট্ৰাক জব্দ। যোৱা নিশা শিমুলটাপু আৰক্ষীৰ দলে শ্ৰীৰামপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ট্ৰাকখনক আটক কৰে। অসমৰ পৰা বংগ অভিমুখে গৈ থকা ইউ কে ০৬ চিবি ২২৫৩ নম্বৰৰ ট্ৰাক খনৰ গোপন চেম্বাৰত উদ্ধাৰ কৰে বৃহৎ পৰিমানা ভাংসমুহ। ট্ৰাকৰ লগতে চালক জছৱিন্দৰ সিং ক আটক কৰে ৷আৰক্ষীৰ আগত চালকে স্বীকিৰোক্তি দিয়া মতে অবৈধ গাঞ্জাখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বোজাই কৰি বংগৰ কলিকতালৈ লৈ যোবাৰ সময়ত শিমুলটাপু আৰক্ষীয়ে ট্ৰাকখন যোৱা নিশা আটক কৰি আজি তালাচী চলোৱাত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা 90 খন গাঞ্জাৰ পেকেট উদ্ধাৰ হয়।উদ্ধাৰ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য এক কোটি টকা হব বুলি অনুমান কৰা হৈছে ।
বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, বুজা নাইঃ লুৰীণজ্যোতি গগৈ
“যি মানুহে জাতিক ভালপায়, যি মানুহে জাতিক বিক্ৰী কৰিব নোৱাৰে তেওঁলোকে বিজেপি, অগপ দলৰ দৰে ৰাজনীতি কেতিয়াও কৰিব নোৱাৰে ৷ অগপ সভাপতিজনে মাতৃৰ আহ্বান শুনি কা বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰি পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ সময়ত মাতৃয়ে কৰা আহ্বান উঠাই লৈছিল নেকি ? এনে দুমুখীয়া নীতিৰে পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰা নেতাৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কোৱাৰ কোনো অধিকাৰ নাই ৷ কা-বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰা জনতাক আভুৱা ভাৰিবলৈহে তিনি মন্ত্ৰীয়ে এখন নাটকহে কৰিছিল ৷ আমাৰ বাবে মন্ত্ৰীত্ব প্ৰথম কথা নহয়, আমাৰ বাবে জাতিৰ সুৰক্ষা নিশ্চিত কৰাতোহে প্ৰথম কথা ৷ বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, সেইয়া মই বুজিব পৰা নাই বুলি মিত্ৰজোঁটৰ চৰকাৰখনক কটাক্ষ কৰে ৷ বোকাখাত সমষ্টিত এইবাৰ জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব অগপৰ সভাপতি, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ৷” বোকাখাতত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ সভাত অংশ লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ বোকাখাত কেন্দ্ৰীয় বিহুতলীত আজি অনুস্থিত জাতীয় জাগৰণ সমাৱেশ সভালৈ মানুহ অনাৰ বাবে আয়োজক বোকাখাত সমষ্টি পৰিষদে গাড়ীৰ ব্যৱস্থা কৰিছিল যদিও, জাতীয় পৰিষদে ভাড়া কৰা গাড়ীক বাধা প্ৰদান কৰাৰৰ উপৰিও মানুহ অনাৰ ক্ষেত্ৰতো মন্ত্ৰী অতুল বৰাই পৰোক্ষভাৱে বাধা দিয়াৰ অভিযোগ আনে লুৰীণজ্যোতি গগৈয়ে ৷ আঞ্চলিকতাবাদী শক্তিৰে অসম জাতীয় পৰিষদে এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ, এই তিনি গগৈৰ সন্মিলিত শক্তিয়ে অসমত এখন বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে জনোৱা আহ্বান পোনচাটেই নাকচ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ আজি বোকাখাতত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে সেই আহ্বান পুনৰ জনাইছিল লুৰীণজ্যোতি গগৈক ৷ কিন্তু সেই আহ্বান প্ৰত্যাখান কৰে লুৰীণজ্যোতি গগৈয়ে ৷ সভাৰ পূৰ্বে বোকাখাতৰ লতাবাৰীৰ পৰা এখন সুসৰ্জিত জীপছী গাড়ীত লুৰীণজ্যোতি গগৈক আদৰি অনাৰ পাছত কেন্দ্ৰীয় বিহুতলীলৈ যোৱা পথত গায়ন-বায়ন, বিহুদল, ঝুমুইৰ দল আৰু বেনপাৰ্টিৰ দলে লুৰিণজ্যোতি গগৈক সভাকক্ষলৈ আদৰি আনে ৷ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে সম্পাদকদ্বয় ৰাজু ফুকন, দীপক হাজৰিকা, যুৱ শক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক ৰিদীপ ভূষণ নাথ, নাৰী শক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদিকা ভাৰতী দত্তৰ লগতে কেইবাগৰাকীও ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে ৷ সমাৱেশত বোকাখাত সমষ্টিৰ প্ৰায় পাঁচশতাধিক লোকে অংশ গ্ৰহণ কৰে ৷
সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা অৰ্জন ষ্ট্ৰেছি ৰয়ৰ
বিভিন্ন প্ৰান্তৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত সফলতা লাভ কৰি ৰাজ্যবাসীলৈ এটি আনন্দৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে ষ্ট্ৰেছি ৰয়ে। গুৱাহাটী মহানগৰীৰ কামাখ্যাৰ বাসিন্দা তথা গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী ষ্ট্ৰেচি ৰয় নামৰ যুৱতী গৰাকীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি বিভিন্ন উপাধিৰে বিভূষিত হৈছে। ষ্ট্ৰেচি ৰয়ে বিগত ২০১৮ চনৰ এপ্ৰিল মাহৰপৰা এতিয়ালৈকে মডেলিং ক্ষেত্ৰখনত এটি খ্যাতি নাম আছে। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণেৰে ৰয়ে আজুৰি আনিবলৈ সক্ষম হৈছে বিভিন্ন বঁটা তথা উপাধি । ইয়াৰ ভিতৰত কলকাতাত অনুষ্ঠিত হোৱা AITA FSS বেষ্ট জুনিয়ৰ কৰ্ডিনেটৰ এৱাৰ্ড, দ্বিতীয় ৰাণাৰ্চ আপ ৰূপান্তৰ অসম, বেষ্ট আই এৱাৰ্ড, মষ্ট টেলেন্তেট মিছ আছাম এৱাৰ্ড আৰু মষ্ট টেলেন্টেড এৱাৰ্ড এণ্ড ক্ৰাউন এণ্ড মিছ আছাম বঁটাৰে বিভূষিত । ষ্ট্ৰেছি ৰয়ৰ এই সাফল্যত উৎফুল্লিত হৈ তেওঁৰ অনুৰাগীসকলে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব : হিমন্ত বিশ্ব শৰ্মা
“পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিব, নিজ নিজ মাতৃভাষাত পঢ়িব লাগিব ।” বৃহস্পতিবাৰে ধনশিৰি মহকুমাৰ সীমান্তৰ উৰিয়ামঘাটৰ সন্মিলীত বড়ো গণমঞ্চৰ সপ্তম বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “অসমীয়াৰ লগতে বড়ো, ৰাভা, ডিমাচা, কাৰ্বিৰ লগতে নানা জনগোষ্ঠীৰ নিজা নিজা ভাষা সংষ্কৃতি আছে যাক আমি পাহৰিব নোৱাৰো । সেয়ে অসমীয়াৰ লগতে, বড়োৱে বড়ো, ৰাভাই ৰাভা, কাৰ্বিয়ে কাৰ্বি ভাষাত পঢ়িবৰ বাবে সুবিধা পাব ।”
ইফালে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰতো চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিত নিজ মাতৃভাষাত পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা কৰি দিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেখেতে কয়, ”চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিত নিজ মাতৃভাষাত পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা কৰি দিছে। কিন্তু নিজ মাতৃভাষাত পঢ়িবৰ বাবে, ভাষা সংস্কৃতি ৰক্ষাৰ বাবে যথেষ্ঠ শিক্ষক লাগিব। সেয়েহে চৰকাৰে সিদ্ধান্ত লৈছে অহা বৰ্ষত এই বছৰতকৈ বহু বেছি শিক্ষক নিযুক্তি দিব।”
সকলো ছাত্ৰ-ছাত্ৰীক টেট পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থাকিবলৈকো মন্ত্ৰী শৰ্মাই আহ্বান জনায়। তেখেতে কয়, ”এতিয়া যিদৰে এ: আই চাকৰিৰ বাবে যুৱক-যুৱতীসকলে পুৱা উঠি চেষ্টা কৰিছিল, ঠিক সেইদৰে পুনৰ অহা বছৰ টেট পৰীক্ষাৰ বাবে তেওঁলোকে কষ্ট কৰক|”
ডিব্ৰুগড় জিলাৰ আন্ত : জিলা চিনিয়ৰ খো খো প্ৰতিযোগিতাৰ বাচনি শিৱিৰ
আগন্তুক আন্ত:জিলা চিনিয়ৰ খো খো প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাই অংশ গ্ৰহণ কৰিব বুলি ডিব্ৰুগড় জিলা খো খো সন্থাৰ সাধাৰণ সম্পাদক মনোৰঞ্জন হাজৰিকাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। প্ৰতিযোগিতাৰ বাবে ডিব্ৰুগড় জিলাৰ চিনিয়ৰ শাখাৰ খো খো খেলুৱৈ বাচনি শিৱিৰ ২১ ফেব্ৰুৱাৰীত টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছে। ইচ্ছুক খেলুৱৈ সকলক জন্মৰ প্ৰমাণ পত্ৰৰ লগতে দুকপি পাচপৰ্ট ফটোসহ পুৱা ন বজাত বাচনি শিবিৰত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।
সীমান্তত মন্ত্ৰী হিমন্ত, বিধায়ীকা ৰজ’লীনা তিৰ্কীক ‘নিমাতি কন্যা’ আখ্যা মন্ত্ৰীগৰাকীৰ
১৭ , ১৮ আৰু ১৯ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা সন্মিলিত বড়ো গণ মঞ্চৰ (UBPO)সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন দ্বিতীয় দিনাৰ কাৰ্যসুচীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ দুপৰীয়া প্ৰায় ৩ বজাত আকাশী মাৰ্গাৰে উৰিয়ামঘাটত উপস্হিত হৈ প্ৰায় দুই কিলোমিটাৰ খোজেৰে কেইবা শতাধিক দলীয় নেতা কৰ্মীয়ে অধিবেশন স্হলিলৈ আগবঢ়াই লৈ যায় ৷
সভাত উপস্হিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে সৰুপথাৰৰ বাট পথৰ দূৰৱস্হা দেখি নিজে বিভাগীয় মন্ত্ৰী যদিও লজ্জিত অনুভৱ কৰিছে ৷ বাট পথৰ দূৰৱস্হাৰ বাবে মন্ত্ৰী গৰাকীয়ে সৰুপথাৰবাসীক হে দোষাৰোপ কৰি কৱোৰা লগতে বিধায়ীকা ৰজলীনা তিৰ্কীক কটাক্ষ কৰি কয় যে নিমাতি কন্যাক নিৰ্বাচিত কৰিলে এনে অৱস্হা হব আৰু আগন্তুক নিৰ্বাচনত সিংহৰ দৰে গৰজিব পৰা এজন বিধায়ক নিৰ্বাচন কৰিবলৈ আহ্বান জনায় ৷ আগন্তুক দিনত সৰুপথাৰৰ উন্নয়নৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও আশ্বস প্ৰদান কৰে ৷ আগন্তুক নিৰ্বাচনত বিজেপি দলে প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাব নেকি বুলি সাংবাদিকে কৰা এৰ প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে অগপৰ লগত মিত্ৰজোঁটত দুয়োটা দলে এতিয়াও চৰকাৰ চলাই আছে গতিকে বুজাবুজিৰে আগুৱাই যোৱাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷
অধিবেশনস্হলিতে মন্ত্ৰী গৰাকীয়ে বিটিচিৰ বাহিৰৰ ২১ খন জিলাৰ বডো় কছাৰী জনগোষ্ঠীৰ লোক সকলকলৈ গঠিত সন্মিলিত বড়ো গণমঞ্চৰ অধিবেশনতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বডো় চুক্তি আধাৰত চৰকাৰে গঠন কৰি দিয়া বডো় কছাৰী উন্নয়ন পৰিষদৰ অন্তবৰ্তীকালীন পৰিষদখন আজিৰ সভাতে ঘোষণা কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মতে সন্মিলিত বডো় গণমঞ্চৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীক অধ্যক্ষ আৰু গণমঞ্চৰ উপ – সভাপতি গাম্বাৰো মুছাহাৰীক উপাধ্যক্ষ হিচাপেলৈ বডো় কছাৰী উন্নয়ন পৰিষদ গঠন কৰা হয়। সমিতিত উৰিয়ামঘাট অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ স্বৰ্গীয়াৰীকো সদস্য হিচাপে মনোনীত কৰা হৈছে বুলি জানিব পৰা গৈছে।
সন্মিলিত বডো় গণমঞ্চৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা বডো় কছাৰী উন্নয়ন পৰিষদে বিটিচিৰ বাহিৰত থকা ২১ জিলাৰ বডো় কছাৰী জনগোষ্ঠীৰ লোক সকলকৰ সৰ্বাংগীন উৎকৰ্ষ সাধন কৰিব বুলিও উল্লেখ কৰে। দীৰ্ঘদিনীয়া গণসংগ্ৰামৰ পৰিপ্ৰেক্ষিতত বডো় কল্যাণ উন্নয়ন পৰিষদ ঘোষণা কৰাত সভাস্থলীত উপস্থিত প্ৰায় কুৰি সহস্ৰাধিক লোক উৎফুল্লিত হৈ পৰা দেখা যায়। নৃত্য গীতেৰে মুখৰিত এক উৎসৱ মুখৰ পৰিবেশত অনুষ্ঠিত মুকলি সভাখনি উদ্ধোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ ফুকনে।
সন্মিলিত বডো় গণমঞ্চৰসাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে আঁত ধৰা সভাত গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,ধনশিৰি মহকুমাধিপতি দিবাকৰ নাথ, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা,সন্মিলিত বড়ো গণমঞ্চৰ সম্পাদক প্ৰদীপ স্বৰ্গীয়াৰী, বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া, ৰাজীৱ শইকীয়া আদি বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।তদুপৰি সভাৰ পূৰ্বে পুৱাৰ ভাগত সন্মিলিত বড়ো গণ মঞ্চৰ পতাকা উত্তোলন আৰু মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে ইউ বি পি অ ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে।শ্বহীদ তৰ্পণ কৰে ইউ বি পি অ ৰ উপ-সভাপতি গাম্বাৰু মুছাহাৰীয়ে ।
অধিবেশন উপলক্ষে মহেশ বসুমতাৰীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “খৌছেথিনি থিলি” নামৰ এখন স্মৃতি গ্ৰন্থৰ লগতে প্ৰদীপ স্বৰ্গীয়াৰীৰ “একান্ত মনৰ সুঁতি” নামৰ গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে বিয়লি বি টি চি ৰ বাহিৰৰ ২১ খন জিলা সমিতিৰ আগশাৰীৰ বড়ো সংঘটন সমূহৰ নেতৃত্বৰ মাজত এক আলোচনা অনুষ্ঠিত হয়।সন্ধ্যা সন্মিলিত বড়ো গণ মঞ্চৰ দ্বিতীয় খন প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পাছতে ৰাতিলৈ শিল্পী সকলৰ দ্বাৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
মূল্য বৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
পুনৰ চৰকাৰ বিৰোধী শ্ল’গানত কপিল গোলাঘাট চহৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । গোলাঘাটতো জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
অত্যাৱশ্যকীয় সামগ্ৰী চাউল, দাইল, পেট্ৰল, ডিজেল, চিলিণ্ডাৰ আদি সন্মুখত লৈ এই প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ।অসম চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই , বিজেপি চৰকাৰ গ’বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণৰূপে আওকাণ কৰা ৰাজ্য চৰকাৰক ধিক্কাৰ জনাই ছাত্র সংগঠন টোৱে।
AIR AMBULANCE-ৰে দিল্লীৰ এইমছত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক এয়াৰ এম্বুলেঞ্চেৰে নি দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে ।
১৯৮৫ চন আৰু ১৯৯৬ চনত দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ইতিমধ্যে দিল্লীত স্বাস্থ্যৰ প্ৰাৰম্ভিক চিকিৎসা আৰম্ভ কৰা হৈছে।











