Home Blog Page 3039

আলোপতিত চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখলকলৈ প্ৰতিবাদ, ব্যৱস্থা গ্ৰহণৰ দাবী

বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শিক্ষা খণ্ডৰ পশ্চিম কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক সৈতে প্ৰধান শিক্ষক নুৰ ইছলামে বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ। জানিব পৰা মতে বেদখলকাৰী আমিৰ হামজাৰ পিতৃ স্বহৰ আলীয়ে বিদ্যালয় স্থাপনৰ সময়ত দলিলত লিখিত ভাৱে  বিদ্যালয়ৰ নামত এক বিঘা মাটি দান সুত্ৰে দিছিল। কিন্তু স্বহৰ আলীৰ পুত্ৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা আমিৰ হামজাই  বিদ্যালয় খনৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ তুলি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে। আনকি খামিডাঠ আমিৰ হামজাই সম্পূৰ্ণ খামখেয়ালীৰে বিদ্যালয়ৰ চৌহদৰ মাজেৰে নিজৰ গৃহলৈ  যোৱা বাবে মাটি পেলাই ৰাস্তা বনায়। এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা খামিডাঠ আমিৰ হামজাৰ এনে নিকৃষ্ট কাণ্ডই শংকিত কৰিছে অঞ্চলবাসীক। সেয়ে প্ৰতিবাদকাৰী ৰাইজে শীঘ্ৰে বিভাগীয় কতৃপক্ষক এই স্পৰ্শকাতৰ বিষয়টো তদন্তৰ দ্বাৰা বিহীত ব্যৱস্থা ল’বলৈ দাবী জনায়। স্মৰ্তৱ্য যে প্ৰতিবাদীকাৰীৰ পৰা সাংবাদিকে সবিশেষ জানিব বিচৰাত আমিৰ হামজাৰ পিতৃ স্বহৰ আলী আৰু ভাই জুমাৰ আলীয়ে প্ৰতিবাদকাৰীক গালি-গালাজ উপৰিও ভয়-ভাবুকিও দিয়ে।

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ: ক’ত ক’ত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

৬ মে’ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ’ব৷  ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ’ব চন্দ্ৰগ্ৰহণ৷

” মাইক্ৰ’ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো তো কৰিম। লাগিলে আমি দৰমহা নলওঁ!” মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

” মাইক্ৰ’ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো তো কৰিম। লাগিলে আমি দৰমহা নলওঁ!” মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

কাকপথাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৯ সৎখ্যক মৃত্যু দিৱস উদযাপন

ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা স্বতন্ত্ৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৯ সংখ্যক মৃত্যু দিৱসটি ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালভাৱে আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত ডিৰাকস্থিত নিজ কাৰ্যালয়ত, সমান্তৰালভাবে কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত লাজুমস্থিত আঞ্চলিক কাৰ্যালয়ত ক’ৰণা অতিমাৰীৰ ভয়াবহতাৰ মাজতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে। ডিৰাকত অনুষ্ঠিত হোৱা তিৰোভাৱ তিথিত মটক স্বায়ত্ত শাসিত পৰিষদৰ সদস্য পূৰ্ণানন্দ বুঢ়াগোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ কোষাধ্যক্ষ দ্বীপ চেতিয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ কাকপথাৰ লাজুমত অনুষ্ঠিত হোৱা কাৰ্যসুচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ সাঃ সম্পাদক কমলদীপ বৰুৱা, শিক্ষা সম্পাদক হিৰোজ শইকীয়াকে ধৰি বহুকেইজন বিষয়ববীয়া, কৰ্মীয়ে অংশগ্ৰহণ কৰি বীৰ ৰজাজনাক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ ইফালে কুৰুকানী (১ নং সৰুমেছাই) গাওঁত ক’ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিজ বাসগৃহতে বীৰ ৰজাজনাক স্মৰণ কৰে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উদিপ্ত বাঘ বড়া, ডিৰাক আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক পৰাগ গগৈয়ে। স্মৰ্তব্য যে, ৰাজ্যৰ চৌদিশে ইটো সিটোকৈ মূৰ দাঙি উঠা বিদ্রোহবোৰে আহোম ৰাজশক্তিক অস্থিৰ কৰি ৰখাৰ সময়তে বৰ্তমান তিনিচুকীয়া জিলাৰ চাংমাই পথাৰত এগৰাকী মোৱামৰীয়া বিদ্ৰোহী তথা প্ৰভাৱশালী ব্যক্তি মাজেৰাই ‘বেংমৰা ‘নামৰ এখন নগৰ স্থাপন কৰিছিল আৰু  কালক্রমত সেই বেংমৰা নগৰক কেন্দ্র কৰিয়েই প্রায় আশী হাজাৰ পূৰা মাটিকালিৰে স্বাধীন বেংমৰা ৰাজ্য গঢ় লৈ উঠিছিল । সেই মেজেৰাই পিছলৈ সৰ্বানন্দ সিংহৰ নাম লৈ ১৭৮৮ চনৰপৰা ১৮০১ চনলৈ বেংমৰা ৰাজ্য শাসন কৰিছিল আৰু ৰাজ্যৰ ৰাজধানী প্ৰথমতে বৰ্তমানৰ ৰঙাগড়াত স্থাপন কৰিছিল ৷ পাছতহে বেংমৰা বা আধুনিক তিনিচুকীয়ালৈ ৰাজধানী তুলি আনিছিল৷ সুলভী, পাভই আৰু বৰুণী নামৰ তিনিগৰাকী কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সৰ্বানন্দ সিংহই ১৭৯১ চনত ‘শ্ৰীশ্ৰী সৰ্বানন্দ সিংহ নৰেন্দ্ৰস্য’ বুলি নিজৰ নামত এটা মোহৰ মৰাইছিল৷ নিজৰ ৰাজত্ব কালত সৰ্বানন্দই মাহ ধোৱা পুখুৰী, চাউল ধোৱা পুখুৰী, কদমনি পুখুৰী আদি কেইবাটাও পুখুৰী খন্দাইছিল৷ সেইবোৰৰ ভিতৰত ১৭৯৫ চনত ন-পূৰা মাটিত খন্দোৱা ন-পুখুৰীটোৱেই সবাতোকৈ ডাঙৰ আছিল ৷ সৰ্বানন্দ সিংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক “তিনিকোণীয়া পুখুৰী” নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক “তিনিচুকীয়া” বুলি নামাকৰ্ণ কৰা হৈছিল যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে।

“১লাখ ল’ৰাক মই গণি গণি চাকৰি দিম। এটা বেছি হ’ব পাৰে ক’ম নহয়!”- ড: হিমন্ত বিশ্ব শৰ্মা

“১লাখ ল’ৰাক মই গণি গণি চাকৰি দিম। এটা বেছি হ’ব পাৰে ক’ম নহয়!”- ড: হিমন্ত বিশ্ব শৰ্মা

নগাঁও আৰক্ষীৰ জালত জাগীৰোডৰ পৰা পলায়ণ কৰা ২১জন ৰেলযাত্ৰী:ক’ভিদ বিধি ভংগ কৰি সমগ্ৰ সমাজখনকে বিপদৰ মাজলৈ ঠেলি লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ’ব:আনন্দ মিশ্ৰ

 কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত নগাঁও জিলাৰ ৰূপহী, জুৰীয়া, বটদ্ৰৱা, ধিং আৰু চামগুৰি অঞ্চলৰ বহু শ্ৰমিকক বিচাৰি অহৰ্নিশে অভিযান চলাইছে নগাঁও আৰক্ষীয়ে। দেওবাৰে পুৱা জাগীৰোড ষ্টেচনৰ পৰা স্ক্ৰীনিং নকৰাকৈ পলায়ণ কৰা কেইবাশতাধিক শ্ৰমিকে বিবেক এক্সপ্ৰেছ যোগে জাগীৰোডত উপস্থিত হৈছিল। ৰেলযাত্ৰী সকলৰ বাবে জাগীৰোড ৰেল ষ্টেচন কৰ্তৃপক্ষই স্ক্ৰীণিঙৰ ব্যৱস্থা কৰিছিল যদিও তেঁওলোকে হঠাৎ সেই স্থানত হলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি ৰেল কৰ্মচাৰীক ঠেলা-হেচা কৰি পলায়ণ কৰিছিল। এইসকলৰ মাজত আছিল নগাঁও জিলাৰো বহু শ্ৰমিক। এই ঘটনাৰ পিছতে জিলাখনৰ ৰাইজৰ মাজত ক’ভিদ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই বিৰাজ কৰিছিল। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষীয়ে জুৰীয়া অঞ্চলৰ পৰা ২১জন ৰেলযাত্ৰীক আটক কৰিছে। আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয়, যিসকল ব্যক্তিয়ে এইদৰে ক’ভিদ বিধি ভংগ কৰি সমগ্ৰ সমাজখনকে বিপদৰ মাজলৈ ঠেলি দিছে তেঁওলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ’ব। উল্লেখযোগ্য যে, আটকাধীন ৰেলযাত্ৰী সকলৰ অধিকাংশই জুৰীয়া অঞ্চলৰ। আনহাতে পলাতক আন আন ৰেলযাত্ৰী সকলৰ সন্ধানতো নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চল সমূহত অভিযান চলি আছে। আৰক্ষীয়ে তেঁওলোকৰ সংস্পৰ্শলৈ অহা আন আন লোকৰো ক’ভিদ টেষ্টৰ ব্যৱস্থা কৰিছে। পলাতক ৰেলযাত্ৰী সকলক নগাঁৱৰ পৰা জাগীৰোড থানালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে নগাঁও আৰক্ষীয়ে।

”অসমে নিজৰ লগতে আন ৰাজ্যকো অক্সিজেন আৰু দৰৱ দিছে। কোভিড নিয়ন্ত্ৰনত কোনো ৰাজ্যৰ লগতে অসমৰ তুলনা নহয়।”- ড: হিমন্ত বিশ্ব শৰ্মা।

”অসমে নিজৰ লগতে আন ৰাজ্যকো অক্সিজেন আৰু দৰৱ দিছে। কোভিড নিয়ন্ত্ৰনত কোনো ৰাজ্যৰ লগতে অসমৰ তুলনা নহয়।”- ড: হিমন্ত বিশ্ব শৰ্মা।

কেনে আছে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে ৩৮ বছৰে জড়িত টংকেশ্বৰ কলিতা

সমগ্ৰ দেশৰ লগতে অসমতো কভিড ১৯ নে ভয়াবহ ৰূপ লোৱা সময়তে এই ৰোগৰ পৰা দেশৰ জনতাক ৰক্ষা কৰা উদেশ্যৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে ইটোৰ পিছত সিটো লকডাউনৰ ঘোষণা কৰে।যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসমৰো ভ্ৰাম্যমাণ থিয়েটাৰৰ জগত খন একেবাৰে বন্ধ হৈ যোৱা পৰিলক্ষিত হৈছে। ফলশ্ৰুতিত বিগত ৩৮ বছৰ ধৰি  ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ লগত জড়িত  টংকেশ্বৰ কলিতা দৰে ব্যক্তি সকললৈ সংকত নামি আহিছে। পদ পথত লাউ,বেঙেনা, আলু পিয়াজ আদি লৈ জীয়াই থকাৰ তাড়নাত দুই-চাৰি টকা পোৱাৰ আশাৰে গ্ৰাহক অহালৈ অপেক্ষা কৰি থকা এইজনেই টংকেশ্বৰ কলিতা। সোমবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পদপথত শাক-পাচলি বিক্ৰী কৰি থকা অৱস্থাত একাংশ সাংবাদিকে দেখা পাই তাৎক্ষণিকভাৱে তেখেতৰ পৰা কিছু কথা জানিব বিছৰাত প্ৰকাশ কৰে যে বিগত ৩৮ বৰ্ষৰে তেওঁ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি আহিছে ।অভিনয় তেওঁ প্ৰেচা হয় ।ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিয়ে নিজৰ পৰিয়ালটিক কোনো অভাব নোহোৱাকৈ চলাই গৈছিল।বিগত সময়ত চৰকাৰে লগডাউন ঘোষণা কৰা পিছত ভ্ৰাম্যমাণ থিয়েটাৰ সমুহ অচল হৈ পৰিল যাৰ ফলত তেওঁলোকৰ দৰে থিয়েটাৰৰ শিল্পী সমুহৰ লগতে পৰিয়ালৰ সদস্য সকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিল।অভিনয় কৰি পৰিয়াল পোহপাল দিব নোৱাৰা হোৱা পেটৰ তাড়নাত এতিয়া এই দৰে পদপথত মুলধনৰ অভাবত সামান্য কেইটামান সামগ্ৰী লৈ  গ্ৰাহকৰ বাবে ৰৈ থাকিব লগিয়া হৈছে বুলি মন্তব্য কৰে।

“অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে!”- বিধানসভাত এই বক্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

“অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে!”- বিধানসভাত এই বক্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

বুঢ়ীদিহিং নদীৰ গঢ়াখহনীয়া কৱলত মাৰ্ঘেৰিটা কেইবাখনো গাওঁ|গঢ়াখহনীয়া জাহ গ’ল হাজাৰ হাজাৰ বিঘা কৃষিভূমি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৈ পৰীয়া  বহু কেইখন গাঁৱলৈ বুঢ়ীদিহিং নৈ ব্যাপক খৰাখহনীয়াই নৈ কঢ়িয়াই অনিছে তীব্ৰ ভাবুকি|সমষ্টিটোৰ অন্তৰ্গত বুঢ়ীদিহিং মাকুম আৰু টিৰাপ আটাইকেইটা মৌজাৰ বহু কেইখন গাঁৱত বুঢ়ীদিহিং নদীৰ খহনীয়াই লৈছে ভয়ংকৰ কালৰূপ। আগন্তুক ভৰ বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে নৈপৰীয়া বাসী। বাৰিষাৰ পূৰ্বেই নদীৰ খহনীয়া ৰোধৰ দাবী এজেৱাইচিপিৰ।মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত অব্যাহত থকা খহনীয়াই নিদ্ৰা সৰিছে নৈপৰীয়া বাসীৰ। বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত নদীখন পানীৰে উপচি পৰিছে যাৰ ফলত খৰস্ৰোতা নদীখনৰ পানীৰ সোঁ‌তে নদীখনৰ পাৰৰ প্ৰায় সংখ্যক ঠাইতে প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে।উল্লেখ্যে যে দীৰ্ঘ সময়ধৰি হৈ থকা গঢ়াখহনীয়া ফলত প্ৰায় ২০-৩০ হাজাৰ বিঘা কৃষি ভূমি,চাহ বাগান তথা ঘৰৰ মাটি বাৰী নদীৰ বুকুত জাহ যোৱাৰ বাবে শতাধিক পৰিয়াল ইতিমধ্য গৃহহাৰা হ’ব লগীয়া হৈছে। খহনীয়া ফল স্বৰূপে শতকা গৰকা বহু পুৰণি গাওঁলৈ অস্তিত্ব সংকট নমাই আনিছে|বুঢ়ীদিহিং নৈ খহনীয়া ৰোধৰ দাৱীত বিভিন্ন জাতীয়তাবাদী দল সংগঠনে বিগত সময়ত বহু ধৰ্ণা প্ৰতিবাদী আন্দোলন ৰূপায়ণ কৰি আহিছে| ইয়াৰ পিছতো যেন কোনো কানসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ |ইতিপূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নদীৰ পাৰৰ খহনীয়া স্থলিতে  মানৱ শৃংখলৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি স্থানীয় বিধায়ক, জিলা উপায়ুক্ত লগতে মহকুমাধিপতিক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিছে জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ জিলাৰ নেতৃত্বই| ইমানবোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ সঁ‌হাৰী নাপোৱা বুলি অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ যুতীয়া সম্পাদক দেৱজিত সোনাৰে।সোনাৰে অতি শীৰ্ঘ্ৰে বুঢ়ীদিহিং নৈ গঢ়াখহনীয়া ৰোধৰ বাবে নৱ গঠিত চৰকাৰ   খনলৈ দাৱী জনাইছে | অন্যথা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজপথত আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলি চৰকাৰক সকিয়াই দিছে|