Breaking

বুঢ়ীদিহিং নদীৰ গঢ়াখহনীয়া কৱলত মাৰ্ঘেৰিটা কেইবাখনো গাওঁ|গঢ়াখহনীয়া জাহ গ’ল হাজাৰ হাজাৰ বিঘা কৃষিভূমি

0 2,069

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৈ পৰীয়া  বহু কেইখন গাঁৱলৈ বুঢ়ীদিহিং নৈ ব্যাপক খৰাখহনীয়াই নৈ কঢ়িয়াই অনিছে তীব্ৰ ভাবুকি|সমষ্টিটোৰ অন্তৰ্গত বুঢ়ীদিহিং মাকুম আৰু টিৰাপ আটাইকেইটা মৌজাৰ বহু কেইখন গাঁৱত বুঢ়ীদিহিং নদীৰ খহনীয়াই লৈছে ভয়ংকৰ কালৰূপ। আগন্তুক ভৰ বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে নৈপৰীয়া বাসী। বাৰিষাৰ পূৰ্বেই নদীৰ খহনীয়া ৰোধৰ দাবী এজেৱাইচিপিৰ।মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত অব্যাহত থকা খহনীয়াই নিদ্ৰা সৰিছে নৈপৰীয়া বাসীৰ। বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত নদীখন পানীৰে উপচি পৰিছে যাৰ ফলত খৰস্ৰোতা নদীখনৰ পানীৰ সোঁ‌তে নদীখনৰ পাৰৰ প্ৰায় সংখ্যক ঠাইতে প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে।উল্লেখ্যে যে দীৰ্ঘ সময়ধৰি হৈ থকা গঢ়াখহনীয়া ফলত প্ৰায় ২০-৩০ হাজাৰ বিঘা কৃষি ভূমি,চাহ বাগান তথা ঘৰৰ মাটি বাৰী নদীৰ বুকুত জাহ যোৱাৰ বাবে শতাধিক পৰিয়াল ইতিমধ্য গৃহহাৰা হ’ব লগীয়া হৈছে। খহনীয়া ফল স্বৰূপে শতকা গৰকা বহু পুৰণি গাওঁলৈ অস্তিত্ব সংকট নমাই আনিছে|বুঢ়ীদিহিং নৈ খহনীয়া ৰোধৰ দাৱীত বিভিন্ন জাতীয়তাবাদী দল সংগঠনে বিগত সময়ত বহু ধৰ্ণা প্ৰতিবাদী আন্দোলন ৰূপায়ণ কৰি আহিছে| ইয়াৰ পিছতো যেন কোনো কানসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ |ইতিপূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নদীৰ পাৰৰ খহনীয়া স্থলিতে  মানৱ শৃংখলৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি স্থানীয় বিধায়ক, জিলা উপায়ুক্ত লগতে মহকুমাধিপতিক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিছে জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ জিলাৰ নেতৃত্বই| ইমানবোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ সঁ‌হাৰী নাপোৱা বুলি অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ যুতীয়া সম্পাদক দেৱজিত সোনাৰে।সোনাৰে অতি শীৰ্ঘ্ৰে বুঢ়ীদিহিং নৈ গঢ়াখহনীয়া ৰোধৰ বাবে নৱ গঠিত চৰকাৰ   খনলৈ দাৱী জনাইছে | অন্যথা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজপথত আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলি চৰকাৰক সকিয়াই দিছে|

Leave A Reply