Breaking

আলোপতিত চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখলকলৈ প্ৰতিবাদ, ব্যৱস্থা গ্ৰহণৰ দাবী

0 2,049

বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শিক্ষা খণ্ডৰ পশ্চিম কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক সৈতে প্ৰধান শিক্ষক নুৰ ইছলামে বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ। জানিব পৰা মতে বেদখলকাৰী আমিৰ হামজাৰ পিতৃ স্বহৰ আলীয়ে বিদ্যালয় স্থাপনৰ সময়ত দলিলত লিখিত ভাৱে  বিদ্যালয়ৰ নামত এক বিঘা মাটি দান সুত্ৰে দিছিল। কিন্তু স্বহৰ আলীৰ পুত্ৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা আমিৰ হামজাই  বিদ্যালয় খনৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ তুলি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে। আনকি খামিডাঠ আমিৰ হামজাই সম্পূৰ্ণ খামখেয়ালীৰে বিদ্যালয়ৰ চৌহদৰ মাজেৰে নিজৰ গৃহলৈ  যোৱা বাবে মাটি পেলাই ৰাস্তা বনায়। এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা খামিডাঠ আমিৰ হামজাৰ এনে নিকৃষ্ট কাণ্ডই শংকিত কৰিছে অঞ্চলবাসীক। সেয়ে প্ৰতিবাদকাৰী ৰাইজে শীঘ্ৰে বিভাগীয় কতৃপক্ষক এই স্পৰ্শকাতৰ বিষয়টো তদন্তৰ দ্বাৰা বিহীত ব্যৱস্থা ল’বলৈ দাবী জনায়। স্মৰ্তৱ্য যে প্ৰতিবাদীকাৰীৰ পৰা সাংবাদিকে সবিশেষ জানিব বিচৰাত আমিৰ হামজাৰ পিতৃ স্বহৰ আলী আৰু ভাই জুমাৰ আলীয়ে প্ৰতিবাদকাৰীক গালি-গালাজ উপৰিও ভয়-ভাবুকিও দিয়ে।

Leave A Reply