Home Blog Page 3057

বাক্সাত কৃষি বিভাগৰ দ্বাৰা কৃষকৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ

ৰাজ্যৰ কৃষি বিভাগে কৃষক সকলক অধিক গুৰুত্ব আৰোপ কৰি সময়ে সময়ে সাৰ, বীজ, পাৱাৰটিলাৰ, পাম্পছেট আদি বিতৰণ কৰি আহিছে ৷ তাৰেই ফলস্বৰূপে আজি বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী গাৱত বাক্সা জিলা কৃষি বিভাগৰ দ্বাৰা কৃষকসকলৰ মাজত চইল হেল্থ কাৰ্ড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে নিৰ্বাচিত মাটিৰ গুণাগুণ সম্পৰ্কে বিস্তৃত প্ৰতিবেদন লাভ কৰাৰ উপৰিও বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে কি শস্য ৰোপণ কৰিব অথবা উৎপাদন বৃদ্ধিৰ বাবে খেতিত কি ধৰণৰ সাৰৰ প্ৰয়োগ কৰিব এই সম্পৰ্কে কৃষকসকল জ্ঞাত হ’ব পাৰিব বুলি উল্লেখ কৰে ৷ কৃষক সকলে কেনেধৰণৰ ব্যৱস্থা ল’লে কৃষি সামগ্ৰী চৰকাৰৰ পৰা পাব পাৰি সেই সম্পৰ্কেও বিষদভাৱে বক্তব্য আগবঢ়ায় জিলা কৃষি বিষয়া গৰাকীয়ে ৷ আজিৰ এই অনুষ্ঠানত কৃষকৰ মাজত ৫৮০ খন চইল হেল্থ কাৰ্ড বিতৰণ কৰা হয় ৷ কাৰ্ড বিতৰণী অনুষ্ঠানত কৃষি বিষয়া দুলাল দাস, মুনীন্দ্ৰ শৰ্মাৰ লগতে কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ৰঙিয়া মহকুমা প্ৰশাসনৰ নিৰ্বাচনী তৎপৰতা,নিন্মতম সুবিধা উপলব্ধ কৰাৰ অংগীকাৰ

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা নিৰ্বাচনী বিষয়া তথা ৰঙিয়াৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পাল,আইএএচ ৰ পৌৰহিত্যত এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয়। ৰঙিয়া মহকুমাধিপতি  কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ সযয়ত প্ৰতিটো বুথত নিন্মতম সা-সুবিধা যেনে পুৰুষ মহিলা উভয়ৰে বাবে পৃথক প্ৰচাবগাৰ,শৌচাগাৰ,খোৱাপানী, পৰ্যাপ্ত ফাৰ্ণিচাৰ,পোহৰ,ডাইচ ইত্যাদি ব্যৱস্থা নিশ্চিতভাৱে উপলব্ধ কৰাৰ উদ্দেশ্যেৰে বিশদভাৱে আলোচনা কৰা হয় । উক্তসভাত উপস্থিত থাকে গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাই,কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডঃঅংকিতা শৰ্মাৰ লগতে গড়কাপ্তানি,বিদ্যুত,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকল আৰু ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া,কমলপুৰ,বিহদিয়া-জাজিকোণা,কৰাৰা,তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি নিৰ্বাচনী দায়িত্বত থকা বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল ।

অসম জাতীয় পৰিষদৰ কুমাৰীকাটাত আঞ্চলিক সমিতি গঠন

তামুলপুৰ সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটাত কুমাৰীকাটা সামূহিক ভৱন প্ৰাংগণত অলপতে অসম জাতীয় পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতিখন গঠন কৰা হয়। কুমাৰীকাটা অঞ্চলৰ জাতীয়তাবাদী শিৱিৰৰ শতাধিক লোকে অংশগ্ৰহণ কৰা আৰু অসম জাতীয় পৰিষদৰ তামুলপুৰ সমষ্টিৰ তত্বাৱধায়ক বীৰেণ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন দিশ আলোচনাৰ অন্তত কুমাৰীকাটাৰ বিশিষ্ট সমাজকৰ্মী দুলুজিৎ ভৰালীক সভাপতি, বীৰেণ দাসক উপ সভাপতি আৰু মঃ মহনুৰ হুছেইনক মুখ্য সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে অসম জাতীয় পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ বাক্সা জিলাৰ আহ্বাহয়ক দমণ পাটোৱাৰী আৰু বাক্সা জিলাৰ সমন্বয়ক প্ৰাণজিৎ তালুকদাৰে সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজক ঐক্যবদ্ধ হবলৈ আহ্বান জনায়। 

নগাঁৱৰ উৰিয়াগাঁৱত বিনামূলীয়া মঞ্চাভিনয় কৰ্মশালাৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰ, নগাঁও-ৰ উদ্যোগত আৰু সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও-ৰ সহযোগত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে দুয়ো বেলা দুটা ভাগত সপ্তাহ যোৰা এটি বিনামূলীয়া মঞ্চাভিনয় (Physical theatre)কৰ্মশালাৰ আয়োজন কৰা হৈছে ।

কৰ্মশালাত  মুখ্য প্ৰশিক্ষক হিচাপে গোবিন নাথ (মৰিগাঁও)ৰ লগতে আন কেইবাগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব।ইচ্ছুক প্ৰশিক্ষাৰ্থীক সম্পাদক, সুন্দৰম নাট্য গোষ্ঠী, উৰিয়াগাঁও, নগাঁও, পিন-৭৮২০০৩ অথবা ফোন- ৯৯৫৪৬২৮৪৭৪, ৮৬৩৮৫০২০৭৩, ৯৪৩৫৯২৫০৩৭ৰ সৈতে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।

বিৰোধী দলপতিৰ মৰ্যাদা বাহাল থাকিব দেৱব্ৰত শইকীয়াৰ

বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা বাহাল থাকিব দেৱব্ৰত শইকীয়াৰ । বিধানসভা সচিবালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। পূৰ্বৰ দৰে সকলো সা-সুবিধা পাব দেৱব্রত শইকীয়াই। এই লৈ বহুদিন ধৰি চলি আছিল বিতৰ্ক।
ৰায়ৰ পিছতে এতিয়া পূৰ্বৰ সকলো সুবিধা আৰু সন্মান পাব তেওঁ।

SI কেলেংকাৰীৰ সম্পৰ্কত ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন পত্ৰ প্ৰেৰণ অভিযান

ৰাজ্য কঁপোৱা  SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত  টিংখাঙৰ দল সংগঠনৰ ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে আজি ৪ ফেব্ৰুৱাৰী ৰ পৰা ১৫ ফেব্ৰুৱাৰী লৈ এক চহী সংগ্ৰহ অভিযান আৰম্ভ কৰা হৈছে । SI কেলেংকাৰী সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ এই সময়ছোৱাত সমষ্টিৰ ৫০ হেজাৰ ভোটাৰৰ পৰা একোখনকৈ  আবেদনত চহী সংগ্ৰহ কৰি প্ৰেৰণ কৰা হব বুলি এক যৌথ প্ৰেছ বিবৃতিত সংগঠন সমূহে জানিবলৈ দিছে । আজি চহী সংগ্ৰহ অভিযানৰ আৰম্ভনি হিচাপে টিংখাঙৰ ৰাজগড়ত ৰাইজৰ চহী সংগ্ৰহ কৰা হয় । অহা ১৫ ফেব্ৰুৱাৰী লৈ সমষ্টিৰ গাঁৱে-ভুঁঞে এই ব্যক্তিগত  আবেদনত চহী সংগ্ৰহ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা হব বুলি বিবৃতিটোত দল সংগঠনৰ নেতৃত্বই জনাইছে । আজিৰ কাৰ্যসূচীত কা বিৰোধী ঐক্য মঞ্চ, টিংখাং,  আনপা, ৰাইজৰ দল, কংগ্ৰেছ আৰু চিপিআই এম এল ৰ অৰ্ধশতাধিক কৰ্মী সমৰ্থক উপস্থিত থাকে ।

উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বী হৈছে মুছলপুৰৰ ললিত

আৰ্থিক সমস্যাজর্জৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই বহিঃৰাজ্যৰ কোম্পানীত চাকৰি কৰি বা সৰু সুৰা কামৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰি নিজ ঘৰখন আৰ্থিক ভাৱে টনকিয়াল কৰি তোলাৰ চেষ্টা চলোৱা প্ৰায়ে দেখিবলৈ পোৱা যায় ৷

সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ আন একাংশ যুৱক-যুৱতী, পুৰুষ-মহিলা বিপথে পৰিচালিত হোৱাৰ বহু উদাহৰণো আছে ৷ কষ্টোপাৰ্জিত ধনৰে আৰ্থিক ভাৱে টনকিয়াল হৈ পিছলৈ ব্যৱসায়-বাণিজ্য আৰম্ভ কৰি স্বাৱলম্বীতাৰ পথ বাছি লোৱাৰো বহু উদাহৰণ আছে ৷

বাক্সা জিলাৰ মুছলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুনবাৰী গাঁওৰ এনে এজন যুৱক হৈছে ললিত চন্দ্ৰ বড়ো ৷ উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাইছে বাক্সাৰ এইগৰাকী যুৱকে ৷ তিনি বিঘা নিজা মাটিত আৰম্ভ কৰা বগৰী খেতিৰ পৰা বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা ৷ 

বিগত তিনি বছৰ পূৰ্বে ললিত চন্দ্ৰ বড়োৱে কৃষি বিভাগৰ পৰা লাভ কৰিছিল উন্নত জাতৰ বগৰীৰ পুলি ৷ প্ৰায় তিনি বিঘা মাটিত তিনিশ জোপা বগৰী ৰোপন কৰি ললিত চন্দ্ৰ বড়োই বিগত বৰ্ষৰ ল’ক ডাউনৰ সময়চোৱাত বগৰী বিক্ৰী কৰি লাভ কৰিছিল এক লাখ টকা ৷

এইবছৰো বৰ্তমানলৈ বগৰী বিক্ৰী কৰি অৰ্ধ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব দিছে ললিত চন্দ্ৰ বড়োৱে ৷ ললিতে জানিব দিয়া অনুসৰি এজোপা বগৰীত প্ৰায় বিশৰ পৰা পচিশ কিলো বগৰী উৎপাদন হয় ৷ প্ৰতি কিলো বগৰী চল্লিশ টকাৰ পৰা পঞ্চাশ টকা দৰত নিকাছী, মুছলপুৰ, বৰিমাখা, বৰমাকে ধৰি বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছে ৷

তেওঁ লগতে জানিবলৈ দিয়া অনুসৰি বৰ্তমান জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰাও ব্যৱসায়ী আহি বড়োৰ ঘৰৰ পৰাই ক্ৰয় কৰি নিয়ে বগৰী। উল্লেখ্য যে উদীয়মান কৃষক ললিত চন্দ্ৰ বড়োৱে বগৰীৰ উপৰিও এবিঘা মাটিত ভোট জলকীয়া, তিনি বিঘা মাটিত আলু আৰু দহ বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে ৷ ললিত চন্দ্ৰ বড়োৰ পৰা অনুপ্ৰাণিত হৈ এতিয়া অঞ্চলটোৰ কেবাজনো লোকেও বগৰী খেতিৰ লগতে অন্যান্য কৃষি কৰ্মত জড়িত হৈ পৰিছে।

এক কথাত ললিত চন্দ্ৰ বড়োৱে অঞ্চলটোত এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে। ললিত চন্দ্ৰ বড়োৰ দাবী চাকৰি সন্ধানী নিৱনুৱা যুৱক-যুৱতী সকলেও এই বগৰীৰ লগতে অন্যান্য নতুন চাহিদাযুক্ত ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰে । যি সময়ত বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰিছে তেনে সময়ত অশিক্ষিত হৈয়ো পয়ত্ৰিছ বছৰীয়া ললিতে আৰ্থিকভাৱে কেৱল স্বাৱলম্বী হোৱাই নহয় উঠি অহা প্ৰজন্মক উপাৰ্জনৰ পথৰ সন্ধান দিওঁতাৰ উদাহৰণ হৈ পৰিছে ৷

ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ললিতৰ এই প্ৰচেষ্টাক সকলো একে মুখে প্ৰশংসা কৰিছে ৷ আনহাতে ল’ক ডাউনৰ প্ৰভাৱত বৰ্তমান বহু লোক আজি কৰ্মসংস্থাপনহীন, বহু যুৱক বাহিৰৰ পৰা আহি নিজ ঘৰত আৱদ্ধ হৈ আছে ৷

অসমৰ মাটি যিহেতু সাৰুৱা বুলি এক সুনাম আছে গতিকে চন পৰি থকা মাটিতে এনেধৰণৰ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে বুলি মত পোষণ কৰাৰ লগতে নিজা জৈৱিক পদ্ধতিৰে এই বাগান আগবঢ়াই নিয়াৰ কথা জানিব দিয়ে ললিতে ।

কোনো ধৰণৰ বেংকৰ পৰা ঋণ নোলোৱাকৈ নিজা একক প্ৰচেষ্টাৰে আগবঢ়াই নিয়া এই বগৰী খেতি আৰু বহুলভাৱে আগবঢ়াই নিয়াৰ আশা আছে বুলিও জানিবলৈ দিয়ে ললিত চন্দ্ৰ বড়োৱে ।

বৰদৌলগুৰিত এজেপি,ৰাইজৰ দলক মহাজোঁটত চামিল হবলৈ আহ্বান কংগ্ৰেছ নেত্ৰীৰ

সমাগত বিধান সভাৰ নিৰ্বাচন । দৰং জিলাতো তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ ৷ এই বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ অন্যান্য সমষ্টিৰ দৰে ছিপাঝাৰ সমষ্টিতো  তৎপৰ হৈ পৰিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ।

বুধবাৰে বৰদৌলগুৰি যুৱ কংগ্ৰেছৰ সভাপতি ধন ৰাজৰ নেতৃত্বত স্থানীয় কংগ্ৰেছৰ কৰ্মীৰ সহযোগত আয়োজিত কংগ্ৰেছৰ এখন কৰ্মী সভাত বিজেপিৰ বিৰুদ্ধে কেইবাটাও তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়  কংগ্ৰেছ নেত্ৰী সত্যৰানী কলিতাই । 

এইবাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বৃহৎ সংখ্যক ভোট লাভ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে ৷  কৰ্মীসভাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত কলিতাই  এইবাৰ ছিপাঝাৰ সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি প্ৰবীন কংগ্ৰেছ নেত্ৰী সত্যৰাণী কলিতাই ছিপাঝাৰৰ জীয়াৰী হিচাবে হাইকমাণ্ডৰ ওচৰত সমষ্টিটোৰপৰা টিকট বিচাৰিব বুলি জানিব দিয়ে ৷

নেত্ৰীগৰাকীয়ে এজেপি,ৰাইজৰ দলক মহাজোঁটত চামিল হবলৈ আহ্বান জনায় ৷ এওঁলোকৰ সবল নেতৃত্বই আগন্তুক দিনত কংগ্ৰেছ দলটিক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি কংগ্ৰেছ কৰ্মী সকল আশা প্ৰকাশ কৰিছে ।

বিজেপিৰ দখলৰ পৰা  সমষ্টিটো আগন্তুক নিৰ্বাচনত কেনেকৈ আকৌ নিজৰ দখললৈ আনিব আৰু এইক্ষেত্ৰত কেনেধৰণৰ ৰণকৌশল অৱলম্বন কৰিব সেইটো লক্ষ্যণীয় হব ।

কালিৰ সভাত উপস্থিত থাকে দৰং জিলা কংগ্ৰেছৰ উপ সভাপতি ইছমাইল আলী, বৰদৌলগুৰি মণ্ডল কংগ্ৰেছৰ সভাপতি পবিত্ৰ বৰুৱা, ছিপাঝাৰ ব্লক কংগ্ৰেছৰ ছাহজিদ ৰহমান প্ৰমুখ্যে শতাধিক জ্যেষ্ঠ-কনিষ্ঠ কংগ্ৰেছ নেতা ৷

মাৰ্চৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল

অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই । অহা মাৰ্চ মাহৰ শেষৰ পৰা বৈদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হ’ব অসমত।

শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে’লেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে।

বৈদ্যুতিক ৰে’ল চলাচলৰ বাবে দিনে-নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰি, নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতাসম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব।

২৪ ঘণ্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ ২ মিটাৰৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কাম কৰা, ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল বিভাগে।

ISROএ বিকশাই তােলা প্রযুক্তিসমূহ ব্যৱসায়িক ব্যৱহাৰৰ বাবে হস্তান্তৰকৰণ প্ৰক্ৰিয়া আন্তঃগাঠনি তৈয়াৰ কৰিছে চৰকাৰে

চৰকাৰে ISROএ বিকশাই তােলা প্রযুক্তিসমূহ ব্যৱসায়িক ব্যৱহাৰৰ বাবে এক প্রযুক্তি হস্তান্তৰকৰণ প্ৰক্ৰিয়াৰ আন্তঃগাঠনি তৈয়াৰ কৰিছে । পৰমাণু শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্রীয় ৰাজ্য মন্ত্রী জিতেন্দ্র সিংএ কয় যে প্রায় ৩৬৩টা প্রযুক্তি ২৩৫টাতকৈও অধিক উদ্যোগলৈ হস্তান্তৰিত কৰা হৈছে ।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে ভাৰতীয় মহাকাশ সংস্থাই ব্যক্তিগত পর্যায়ত মহাকাশ সম্পর্কীয় কাম-কাজৰ অগ্ৰগতিৰ বাবে ৰাষ্ট্ৰীয় পর্যায়ত এটি Atonomus Nodal Agency গঠন কৰিছে ।

ড০ সিঙে আৰু কয় যে প্রথম মানৱীয় মিছন গংগাযান দুখনকৈ মানৱবিহীন বিমানত অৱতৰণ কৰােৱা হ’ব ।