Home Blog Page 3074

কিয় গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈক -কি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা নাই অখিল গগৈক। সেয়া মানুহৰ ভুল ধাৰণা। মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰমাণ পোৱাৰ বাবেহে গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক।  মাওবাদীৰ প্ৰশিক্ষণ ল’বলৈ অসমৰ পৰা ল’ৰা পঠিয়াইছিল অখিল গগৈয়ে। আৰু অখিলে পঠিওৱা ল’ৰাই সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লৈ অসমলৈ ঘূৰি আহিছিল। আৰু অসমলৈ আহি মাওবাদীৰ কাম কাজ আৰম্ভ কৰিছে। আৰু সেই তথ্যৰ আধাৰত এন আই এই গ্ৰেপ্তাৰ কৰিছে অখিল গগৈক।’- অখিলৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘আমি কোনোবা ব্যক্তি জে’লত থকা নথকাকলৈ ৰাজনীতি নকৰো। কোন জে’লত থাকিব, কোন নাথাকিব সেয়া সিদ্ধান্ত কোৰ্টে ল’ব।অখিল গগৈৰ গ্ৰেপ্তাৰ ৰাষ্ট্ৰদ্ৰোহ বা কা’ আন্দোলনত জড়িত থকাৰ কাৰণো হোৱা নাই। দীৰ্ঘদিন ধৰি মাওবাদীৰে অখিল গগৈৰ সম্পৰ্ক থকাৰ সন্দৰ্ভত তদন্ত চলাই থকা হৈছিল আৰু পৰৱৰ্তী সময়ত NIAলৈ কেচ হস্তান্তৰ কৰা হৈছিল। এতিয়া অখিল গগৈ নিৰ্দোষী, দোষী সেই সন্দৰ্ভত কোৰ্টে সিদ্ধান্ত ল’ব।’

ইফালে বৃহস্পতিবাৰে অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পিছতে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰে ষড়যন্ত্ৰমূলক ভাবে অখিল গগৈক জে’লত ভৰাই থৈছে বুলিও অভিযোগ কৰিছে একাংশই। তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দলৰ নেতৃত্বই কিদৰে গ্ৰহণ কৰিব,সেয়া হ’ব লক্ষণীয়।

নগাঁৱত অসম জাতীয় পৰিষদৰ নাৰী শক্তিৰ সাংগঠনিক সভাত অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ছমচেৰ সিং

“অসম জাতীয় পৰিষদ কোনো সাধাৰণ দল নহয়, ই অসমৰ জনগনৰ দল । অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসম জাতীয় পৰিষদ জন্ম হৈছে। এখন গণতান্ত্ৰিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল অসম গঢ়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে কাম কৰি আছে ।”- এই মন্তব্য ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি  চমছেৰ সিঙৰ । আজি নগাঁও শ্বহীদ ভৱনত অসম জাতীয় পৰিষদৰ মহিলা সংগঠন জাতীয় মহিলা শক্তিৰ নগাঁও জিলা আহ্বায়িকা সমিতি গঠন আৰু যোগদান সমাৰোহ সভাত অংশ গ্ৰহণ কৰি চমছেৰ সিঙে লগতে কয়, ” সম্প্ৰতি জাতিটোৰ ভাষা সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে সংকটৰ সন্মুখীন হৈছে । এই সংকটৰ সময়ত আমি হাত সাবটি বহি নাথাকি এই সংকট দূৰ কৰি জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব। এই দায়িত্ব আৰু প্ৰত্যাহ্বান অসম জাতীয় পৰিষদে গ্ৰহণ কৰিছে । এই দলটো আটাইতকৈ নিস্পাপ আৰু নিস্কলুষ আখ্যা দি সিঙে কয়, অসম আমাৰ মাতৃভূমি, কৰ্মভূমি। সেয়ে আমি জাতিটোৰ প্ৰতি সেৱা কৰাৰ মনোভাবেৰে আগবাঢ়িছো । আমি জাতিটোৰ একো এগৰাকী সেৱক । বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি চমছেৰ সিঙে কয়,  তেওঁলোকে ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে । সাম্প্ৰদায়িক আৰু হিংসাৰ বীজ ৰোপনেৰে আমাৰ সমাজখনক ভাগ ভাগ কৰিব বিচাৰিছে । আনকি এইখন চৰকাৰে বৃটিছে কৰাৰ দৰে ডিভাইড এণ্ড ৰোল পলিছিৰে বিভাজনৰ ৰাজনীতি কৰিছে। এতিয়া অসমত বৃটিছে চলোৱাৰ ধৰণৰে চৰকাৰ চলিছে । অসমত থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতা সকল দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত চলে । এনেদৰে চলি থাকিলে অসমৰ উন্নতি নহয় বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত অসমৰ মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হ’ব । আমি জাত পাতৰ ৰাজনীতি কৰি অবাবতে সময় নষ্ট কৰাতকৈ জাতীয়তাবাদী মনোভাৱেৰে অসমৰ হকে কাম কৰি ভাৰতৰ আন ৰাজ্যৰ দৰে অসমকো আগুৱাই নিব লাগিব । মহিলাসকল শক্তিৰ প্ৰতীক হিচাবে অভিহিত কৰি সিঙে কয়, আমি মহিলা সকলক আগুৱাই নিব লাগিব । তেওঁ লগতে কয়, সংকীৰ্ণ জাতীয়তাদৰে নহয় , উদাৰ জাতীয়তাবাদৰ আধাৰত আমি সমাগত বিধান সভা নিৰ্বাচনত অৱৰ্তীন হম আৰু অসমত এখন প্ৰকৃত আঞ্চলিক দলৰ চৰকাৰৰ গঠন হ’ব। ইপিনে সংবাদ মাধ্যমৰ আগত সিঙে জানিবলৈ দিয়ে যে নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিতেই নৱ গঠিত আঞ্চলিক দলে প্ৰতিদ্বন্দিতা কৰিব আৰু নিশ্চিত ভাবে সফলতা লাভ কৰিব । ৰাজ্যিক আহ্বায়িকা দুলমনি বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত জাতীয় মহিলা পৰিষদৰ আহ্বায়িকা মৌচুমী শৰ্মা বেজবৰুৱাই কয়,  ‘এতিয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলিছে। নিশ্চিত ভাবে আমি এই সংগ্ৰামত জয়ী হম । বিজেপি, এজিপিৰ মন্ত্ৰী-বিধায়ক তথা নেতাই আমাৰ সংগ্ৰামক উপহাষ কৰিছে । সমাগত নিৰ্বাচনত তেওঁলোকে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব । আমি দিল্লী আৰু নাগপুৰৰ আঙুলিৰ ঠাৰত নচা নেতা নিবিচাৰোঁ বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত জাতীয় চিন্তা- চেতনা থকা এখন আঞ্চলিক দলৰ চৰকাৰ গঠন হ’ব । সভাত ৰাজ্যিক আহ্বায়িকা ফুনুমনি বৰা, মানু শ‌ইকীয়া, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰানা বৰদলৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদীপ্ত নাৰায়ণ ৰাজাকে ধৰি কেইবাজনো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে । সভাতেই তৃপ্তি হাজৰিকা, শিবানী শ‌ইকীয়া, মনিবালা বৰা, অৰ্পনা হাজৰিকা, অল্পনা দাস, আৰমনাজ খান, আইমনি দাস, মাখনি শ‌ইকীয়া, পাপৰি বৰুৱা, উৰ্মিলা বৰা, হৰপ্ৰিয়া শ‌ইকীয়া, বুলবুল আক্তাৰ, শ্বৰিফা খাতুন আৰু লক্ষীমাই বৰাক লৈ জাতীয় মহিলা শক্তিৰ নগাঁও জিলা সমিতিৰ আহ্বায়ক সমিতি গঠন কৰা হয়।

বৰপেটাৰ মন্দিয়া উন্নয়ন খণ্ডৰ বিডিঅ’ নৱৰত্ন পাটোৱাৰীক নিলম্বন

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীক অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কাই নির্দেশ নং-পি আৰ ডি-১২/৯৮/২০২০-পি আৰ ডি (বি)/ ২৬ তাং দিছপুৰ ০৫/০১/২০২১ মর্মে তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে৷উল্লেখযোগ্য যে উন্নয়ন খণ্ডটোৰ অধীনৰ এমজিএনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে বুলি নিৰ্দেশটোত উল্লেখ কৰিছে। বিগত সময়ত বিডিঅ’ নৱৰত্ন পাটোৱাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়ম আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ বিভিন্ন অভিযোগ। এই অভিযোগ সমূহৰ  তদন্ত কৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালকে। যুটীয়া সঞ্চালকে দাখিল কৰা প্ৰতিবেদন অনুসৰি দুৰ্নীতিগ্ৰস্ত বিডিঅ’ পাটোৱাৰীক নিলম্বন কৰে। চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি এমজিএনৰেগা আঁচনিৰ ধনেৰে  ২০১৭-১৮ বৰ্ষত মন্দিয়াৰ বেচৰকাৰী শিক্ষানুষ্ঠান ড্ৰীমলেণ্ড একাডেমীত ধন খৰচ কৰা, পি এম জি এছ ৱাইৰ পথত এমজিএনৰেগাৰ ধনৰ অপব্যাৱহাৰ কৰা আদিৰ অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয়। উল্লেখযোগ্য যে নৱৰত্ন পাটোৱাৰী মাত্ৰ তেৰমাহ পূৰ্বে পঞ্চায়ত সম্প্ৰসাৰণ বিষয়াৰ পৰা খণ্ড উন্নয়ন বিষয়া হিচাপে পদোন্নতি হৈছিল আৰু মন্দিয়া উন্নয়ন খণ্ডত যোগদান কৰিছিল।

নগাঁৱত আটমাৰ উদ্যোগত ৩৮০ টা কৃষক কেন্দ্ৰীক গোটক পজ্ঞীয়ণ পত্ৰ প্ৰদান

কৃষক সকলৰ আৰ্থ সামাজিক উন্নয়ন টনকিয়াল কৰাৰ উদ্দেশ্যে  কেন্দ্ৰীয় চৰকাৰৰ কৃষি প্ৰযুক্তি ব্যৱস্হাপনা আঁচনি(আটমা)ৰ উদ্যেগত আৰু কৃষি বিভাগৰ সহযোগত ১০-১৫ জনীয়া ক্ষুদ্ৰ কৃষক কেন্দ্ৰীক গোট গঠন কৰা হৈছে।  আটমাৰ উদ্যোগত নগাঁও আৰু হোজাই জিলাত সৰ্বমুঠ ৩৮০ টা কৃষক কেন্দ্ৰিক গোট  গঠন কৰা হৈছে।

কৃষি ভূমিৰ পৰিমান হ্ৰাস পাই অহাৰ বাবেই আটামাই কৃষক কেন্দ্ৰীক গোট গঠন কৰি কৃষকক বিজ্ঞান ভিত্তিক খেতি কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে, কীট-পতংগ  নিয়ন্ত্ৰণ ব্যৱস্থা আৰু  বজাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।আটমাৰ উদ্যোগত নগাঁও জিলাত গঠন হোৱা কৃষক কেন্দ্ৰীক গোটসমূহক আজি আনুষ্ঠানিকভাবে  পজ্ঞীয়ণ পত্ৰ প্ৰদান কৰা হয়।নগাঁও চহৰৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত আটমাৰ নডেল বিষয়া তথা নগাঁও জিলা মহকুমা কৃষি বিষয়া ৰবিজিত দত্ত চৌধুৰীৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত সভাখনত  আতমাৰ প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ, কৃষি বিভাগৰ মধ্য অসমৰ যুটীয়া সঞ্চালক ঋত্বিক কেংপাই,সমিতিৰ প্ৰবন্ধক ৰমনী শৰ্মা, নগাঁও জিলাৰ পশুপালন বিভাগৰ বিষয়া ৰাম নাৰায়ণ বৰুৱা, চিলঙণি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী পতুল শৰ্মা, চিমফেডৰ প্ৰকল্প প্ৰবন্ধক ৰঞ্জন বৰুৱা, এ এছ আৰ এল এম শংকৰ প্ৰবাল চাণ্ডল্য প্ৰমুখ্যে আটামা আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।সভাত অংশগ্ৰহণ কৰি  আতমাৰ প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰে কয় যে কৃষক কেন্দ্ৰীক গোট গঠন কৰা মূল উদ্দেশ্যে হৈছে  কৃষকৰ সৰু সৰু  গোট গঠন কৰি কৃষক সকলক কৃষি ক্ষেত্ৰত আগুৱাই নিয়া।ইয়াৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতী সকল কৃষিক্ষেত্ৰৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিব।লগতে কৃষক সকলে কৃষি সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত এখন উচিত বজাৰো লাভ কৰিব পাৰিব।উল্লেখযোগ্য যে আজিৰ সভাত নগাঁও জিলাৰ চাৰি গৰাকীকৈ আতমাৰ কাৰিকৰী প্ৰবন্ধকক তেওঁলোকৰ পাৰৰ্দশিতাৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয়।

গুৱাহাটী প্ৰেছ ক্লাবত নেভাৰ লেট ইউ গ’ৰ নামৰ গীত উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ইছা দাসৰ কথা সুৰ আৰু কন্ঠৰে সমৃদ্ধ নেভাৰ লেট ইউ গ’ শীৰ্ষক ইংৰাজী ভাষাৰ এটি গীত আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ বিশিষ্ট কন্ঠশিল্পী জে পি দাসে গীতটিৰ শুভ উন্মোচন কৰে ৷ তেওঁ এইক্ষেত্ৰত ইছা দাসক ভূৱসী প্ৰশাংসা কৰাৰ লগতে ভবিষ্যত অসমৰ সংগীত আকাশৰ এক উজ্বল নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আশীষ প্ৰদান কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় কন্ঠশিল্পী অনুপম শইকীয়া, জনপ্ৰিয় কন্ঠশিল্পী ৰুপম ভঞা  সন্ধামেনন, প্ৰসিদ্ধ গীতাৰ বাদক বুলবুল দাস , জয়ন্ত গগৈ উপস্থিত থাকি ইছা দাসৰ উজ্জ্বল ভবিষ্যত কামনা কৰাৰ লগতে গীতটিৰ সম্পৰ্কে চমু বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে ভাৰতবৰ্ষৰ মুক্তিৰ পুৰ্বে গীতটি লন্ডনৰএফ এম প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈ বিপুল সমাদাৰ লাভ কৰাৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ৷ শিশু শিল্পী ইছা দাসে ষষ্ঠ শ্ৰেনীত নিজে লিখি সুৰ কৰি বানীবদ্ধ কৰে সপ্তম শ্ৰেনীত ৷ সম্প্ৰতি নৱম মান শ্ৰেনীৰ অধ্যায়নগত ইছা দাস ৷

ৰাঙলু গ্ৰাম বিকাশ পৰিষদত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান মানসিকতা গঢ়ি তুলিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হব। শিশুৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনস্হ উচ্চ,উচ্চতৰ মাধ্যমিকৰ লগতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত ২০০৮ বৰ্ষৰ পৰা বিজ্ঞান ভিত্তিক মডেল,চিত্ৰাঙ্কণ, আকষ্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। আজিও ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ মজিয়াত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়, অনন্ত কন্দলী  উচ্চ মাধ্যমিক, কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতন, ডঃ এ কে আব্দুল কালাম একাডেমি, বিদ্যাজ্যোতি জতীয় বিদ্যালয়- নিজ কঠীয়াতলী, গ্ৰামীণ জুনিয়ৰ জাতীয় বিদ্যালয়- ৰাঙলুৰ দুশ শিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতা উদ্বোধন কৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই বিজ্ঞানে বিশ্বত কেনেধৰণৰ অগ্ৰগতি সাধন কৰি আহিছে সেই বিষয়ে ব্যাখ্যা কৰে। বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক বাছেদ আলী আৰু আশা কিৰণৰ সভাপতি তথা সাংবাদিক ঘনকান্ত বৰাইও অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থকা ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞান শিক্ষক খগেন্দ্ৰনাথ বৰুৱা, আজিম উদ্দিন আহমেদ, অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পৰাগ বৰবৰা, প্ৰধান শিক্ষক গুলজাৰ হোছেইন, শিক্ষয়িত্ৰী নাৰ্জিনা ৰহমান, ৰূপাঞ্জলী দেৱী, বিতুমনি নাথ, প্ৰধান শিক্ষক আব্দুল আলীয়ে প্ৰতিযোগীসকলৰ শ্ৰেষ্ঠতা নিৰূপণ কৰে। বিজ্ঞান ভিত্তিক চিত্ৰাঙ্কণ প্ৰতিযোগিতাত প্ৰথম ছানিয়া ফিৰ্দুছি, দ্বিতীয় গায়ত্ৰী মেছ আৰু তৃতীয় ৰূমী বেগম, মডেল প্ৰতিযোগিতাত প্ৰথম আৰিফুল হোছেইন, দ্বিতীয় আবু হানিফা আৰু তৃতীয় দিপজ্যোতি নাথ, (খ) শাখাৰ চিত্ৰাঙ্কণত প্ৰথম মিনাক্ষী বৰা, দ্বিতীয় নাজমিন আখতাৰ আৰু লুব্না ইয়াচমিন। প্ৰথম আৰু দ্বিতীয় স্হান প্ৰাপ্ত সকলক ১১ জানুৱাৰীত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব বুলি সমন্বয়ক নজিবুৰ ৰহমানে জনাইছে। বিয়লি নিৰ্বাচিত প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানটোত খাদ্য যোগান আৰু অন্যান্য ব্যৱস্থাপনাত আছিল গ্ৰাম বিকাশ পৰিষদৰ কৰ্মচাৰী আবুল কালাম, নবীন দৈমাৰী আৰু ছৰিফুৰ ৰহমান।

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব জে পি নাড্ডা

২০২১ৰ নিৰ্বাচৰ বাবে তত্‍পৰ হোৱা দেখা গৈছে বিজেপি। অসমলৈ আহিছে ইজনৰ পিছত সিজন শীৰ্ষ নেতা। সময়ে সময়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ।

সেইদৰে ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন অভিলাসী আঁচনি। তাৰ মাজতে অহা ১১ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা।

১১ জানুৱাৰীত প্ৰথমে শিলচৰৰ পেৰেড গ্ৰাউণ্ডত সম্বোধন কৰিব জনসভা। সেইদিনাই নিশা গুৱাহাটীলৈ উভতি আহি নিশা কটাব আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত।

অতিথিশালাতে অনুষ্ঠিত হ’ব দুখনকৈ জৰুৰী বৈঠক। ভাগ ল’ব নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকত। ১২জানুৱাৰীৰ পুৱা কামাখ্যা দৰ্শন কৰিব। দিনৰ ভাগতে ক’ৰ কমিটীৰ বৈঠকত ভাগ লৈ উভতিব দিল্লীলৈ।

মিকিৰ বামুণীৰ কৃষকৰ কাষত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা  দখল দাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰিছে কাৰ্বি ছাত্র সন্থাই।আজি কাৰ্বি ছাত্র সন্থাৰ সভাপতি ছেমচন টেৰণৰ নেতৃত্বত এটা প্ৰতিনিধি দল লালুং গাওঁ আৰু আমদাঙাত উপস্থিতহৈ নিৰ্যাতিত কৃষক সকলৰ বুজ লয়।দলটোত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণৰ লগতে উপসভাপতি বিষ্ণু টেৰণ,সহকাৰী সম্পাদক অজয় ৰংচেহন,কাৰ্যবাহী সদস্য ৰাজেন টিচ,চেচন টিমুং আছিল।কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে-ন্যায়ালয়ৰ ওপৰত আমাৰ ভৰসা আছে।এই কৃষক সকলে ন্যায় লাভ কৰিব বুলি আমি আশাবাদী।তেওঁ কয় যে-পুঁঁজিপতিৰ স্বাৰ্থত চৰকাৰৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে কৃষক সকলৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে ই নিশ্চিতভাবে গৰিহণাযোগ্য।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দায়িত্বত থকা গৃহ বিভাগ এই ক্ষেত্ৰত ব্যৰ্থ হৈছে।জাতি-মাটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ দিনত খিলঞ্জীয়া জনসাধাৰণেই সুৰক্ষিত নহয়।এই কথা মিকিৰ বামুণীৰ ঘটনাই প্ৰমাণ কৰিছে।এই ঘটনাৰ বিৰুদ্ধে সকলো জাতীয়ভাবাপন্ন দল সংগঠন একত্ৰিতহৈ সংগ্ৰাম কৰিব লাগিব।আমি কাৰ্বি ছাত্র সন্থা এই কৃষক সকলৰ লগত সদায় আছো।

মৰিগাঁৱত বিশ্ব হিন্দু মহাসংঘৰ অসম শাখাৰ জিলা সমিতি গঠন

মৰিগাঁও চহৰৰ শ্ৰী শ্ৰীৰাস মন্দিৰ প্ৰাংগনত কালি বিশ্ব হিন্দু মহাসংঘৰ অসম শাখাৰ মৰিগাঁও জিলা সমিতি খন গঠন কৰা হয়। মৰিগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ গোস্বামীৰ সভাপতিত্বত দিনৰ ভাগত অনুষ্ঠিত হোৱা সভাতেই ক্ষীৰোদ গোস্বামীক সভাপতি, ঘনকান্ত বৰা, চন্দ্ৰ তামুলী, অতুল চন্দ্ৰ বৰুৱা, প্ৰদীপ পৰাশৰ, নিত্যানন্দ ডেকাক উপ-সভাপতি আৰু বন্ধুৰাম কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। কালি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত‌ বিশ্বৰ হিন্দু মহাসংঘ অসম শাখাৰ সভাপতি তথা শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰম সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক ৰাসমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তিলেন বৰাৰ লগতে গুণমুগ্ধই আদৰণি জনায়। সভাত বিশ্ব হিন্দু মহাসংঘৰ সম্পাদক বলেন বৈশ্যকে ধৰি কেন্দ্ৰীয় বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকাৰ বন্ধ

মাঘ বিহুত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে বাবে সুখবৰ । চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ। মাঘ বিহুত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে আছে সুখবৰ। মাঘ বিহুৰ উৰুকাত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বন্ধ পাব। অসম চৰকাৰে এই দিনটোত সীমিত বন্ধৰ ঘোষণা কৰিছে। ১৩জানুৱাৰীত সীমিত বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ।