হোজাই নতুন বজাৰৰ বিহুতলী ৰাজহুৱা খেলপথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে ৩৬তম ৰঙালী বিহুটি উদযাপনৰ কৰা হয়। সম্পূৰ্ণ ক’ভিডৰ নীতি নিৰ্দেশনা মানি আয়োজিত এই ঐতিয্যমণ্ডিত বিহুত পূৰ্বৰদৰে এইবাৰ কোনো বাহুল্যতা কৰা নাই। পতাকা উত্তোলন কৰে হোজাইৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি শিলাদিত্য দেবে। শ্বহীদ তৰ্পন কৰে দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন প্ৰাধিকাৰী গুনজিত দাসে। সমিতিৰ পৰম্পৰাগত নিয়ম মতে উদযাপন সমিতিৰ সভাপতিয়ে উপস্থিত সকলোকে বিহুববীয়া ওলগ আৰু সম্বৰ্ধনাৰ জনোৱাৰ পিছত সু-গায়িকা প্ৰয়াত ভিটালী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত সুদূৰ ঢেকীয়াজুলীৰ পৰা আমন্ত্ৰিত ৰূপজ্যোতি বিহুৱা দলৰ দ্বাৰা মঞ্চত বিহু হুচৰী আৰু বিহুনাচ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পীৰ অনুষ্ঠানেৰে বিহুৰ সামৰণি মৰা হয়।
বজালীৰ পাঠশালা,নলীপাৰাত স্কুল ভান দুৰ্ঘটনাগ্ৰস্থ।কথমপি প্ৰাণ ৰক্ষা ১৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ।
বজালী জিলাৰ পাঠশালাৰ নলীপাৰাত স্কুল ভান দুৰ্ঘটনাগ্ৰস্থ।
পাঠশালা শিক্ষা তীৰ্থ একাডেমীৰ ছাত্ৰ ছাত্ৰী আছিল স্কুল ভান খনত । কথমপি প্ৰাণ ৰক্ষা ১৪ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ।টুৰ্কুনী জানত পৰাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ছাত্ৰ ছাত্ৰী সকলৰ ।অতি দুৰ্গম পথৰ বাবে ঘটনা সংহতিত হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ।গাড়ী খনৰ নম্বৰ AS28C 6801 ।
হোজাই পূব ধনীৰাম পাথাৰত চাঞ্চল্যকৰ ঘটনা
হোজাই পূব ধনীৰাম পাথাৰত চাঞ্চল্যকৰ ঘটনা।
নিশা নিজ ঘৰত চিপ লৈ আত্মহত্যা ।
মৃত লোকজনৰ নাম বাবলু দাস (৪০)।
হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু পৰবৰ্ত্তী সময়ত মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
পত্নীয়ে মন্তব্য দিয়া অনুসৰি নিশা ঘৰৰ পৰা সকলোকে উলিয়াই দিয়ে আৰু ভিতৰৰ পৰা তলা মাৰে।
পূৱা ৮ বজা মানতেহে ঘটনাৰ কথা গম পায়।
ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
ভূটানৰ চানদ্ৰুপ জংখাৰত অক্সিজেন প্লাণ্ট পৰিদৰ্শন পিষুজ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীৰ
মহামাৰী কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ সময়ত দেশজুৰি অক্সিজেনৰ নাটনিৰ খবৰে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে । কিন্তু ইয়াৰ মাজতে দেশবাসীৰ কাৰণে এক সুখবৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ।
দেওবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিষুজ হাজৰিকা আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভূটানৰ চানদ্ৰুপ জংখাৰত যোৱা বছৰ কভিডৰ সময়ত আৰম্ভ কৰা অক্সিজেন প্লাণ্ট এটা পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে যোৱা বছৰ লকডাউনৰ বাবে এই অক্সিজেন প্লান্তটো বন্ধ হৈ আছিল। মন্ত্ৰী পিষুজ হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে জানিবলৈ দিয়া মতে এই অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় ৪০ দিন সময় লাগিব। অক্সিজেন প্লান্তটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতিদিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন হ’ব আৰু তেতিয়া দেশত অক্সিজেনৰ অভাৱ বহুলাংশে লাঘৱ হ’ব।
অৱশেষত আৰক্ষীৰ জালত ‘টিকলা’ আৰু ‘পাকু’ ।দীৰ্ঘদিন ধৰি ৰঙিয়াত উপদ্ৰৱ উপদ্ৰৱ চলাইছিল দুই চিলনী চোৰে।
ৰঙিয়া আৰক্ষীৰ মুৰৰ কামোৰণি ‘টিকলা’ আৰু ‘পাকু’ অৱশেষত আৰক্ষীৰ জালত। দীৰ্ঘদিন ধৰি ৰঙিয়া মহকুমাত চিলনী চুৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে। সাধাৰণ ৰাইজ শংকিত হৈছে নিৰাপত্তাক লৈ। সেই সময়তে ৰঙিয়া আৰক্ষীয়ে দিনে-নিশাই অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ Most wanted টিকলা আৰু পাকুক। উল্লেখ্য যে, পূৰ্বেও টিকলা আৰু পাকুই সংঘটিত কৰিছে এনে বহুত চুৰি কাৰ্য। লগতে পূৰ্বৰ পৰাই দুয়ো এনেধৰণৰ দুষ্কাৰ্যত লিপ্ত। এই দুই চোৰক ৰঙিয়া আৰক্ষীৰ বৃহৎ দল এটাই যোৱা নিশা গুৱাহাটীৰ পৰা কৰায়ত্ত কৰে। ধৃত চোৰ দুজনৰ পৰা সোণৰ চেইন ১১ ডাল, নগদ ধন ১৬ হাজাৰ টকা, ফোন এটা, ATM ৩ খন, মাণিক ৭ টা আৰু AS 01 AT 1449 নম্বৰৰ এখন Verna বাহন জব্দ কৰে।
শেহতীয়া ভাৱে ৰুণুমা বেগম নামৰ ৰঙিয়াৰ শিক্ষয়িত্ৰী এগৰাকীৰ সোণৰ চেইন দিন দুপৰতে ডিঙিৰ পৰা আজুৰি নিছিল এই দুই ধৃত চোৰে। আৰু ৰুণুমা বেগমৰ এজাহাৰৰ ভিত্তিতেই ৰঙিয়া আৰক্ষীয়ে বিশেষ ভাৱে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল এই দুই চোৰক।
তামুলপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ হোম -যজ্ঞ স্থগিত
কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত বাঘেশ্বৰী থানৰ হোম যজ্ঞ
তামুলপুৰ মহকুমা সদৰৰ প্ৰায় ৫৭২ বছৰ পুৰণি ডিমিলাপাৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ বাৰ্ষিক হোম-যজ্ঞ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ।
সৰ্বসিদ্ধিদাতা ৰূপে পৰিচিত এই থান খনত অহা ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক হোম- যজ্ঞ অনুষ্ঠিত হোৱাৰ কথা আছিল।
সমগ্র বিশ্বজুৰি দেখা দিয়া ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি
শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থান পৰিচালনা সমিতিয়ে বাৰ্ষিক হোম-যজ্ঞ স্থগিত ৰাখিছে।
উল্লেখযোগ্য যে এই ঐতিহাসিক থান খনত প্ৰতিবছৰে অনুষ্ঠিত হোৱা বাৰ্ষিক হোম যজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই আহি ভিৰ কৰা দেখা যায়।
ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰিছিল:হিমন্ত বিশ্ব শৰ্মা
আজি নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ ঘৰৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ লবলৈ আহি সংবাদ মাধ্যমৰ সমূখত এই মন্তব্য মন্ত্ৰী গৰাকীৰ।
প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰা বুলি মন্তব্য কৰি তেওঁৰ লগত ১৯৯১ চনৰ পৰা থকা সান্নিধ্যৰ কথাও সুৱৰি প্ৰয়াত নেতা গৰাকী চৰকাৰী স্বীকৃতি পোৱাৰ বাবে যোগ্য বুলি দাবী কৰে ৷
বৰ্তমান অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই: হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যত শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব ২ মেৰ পিছত।
অসমত বৰ্তমান অক্সিজেনৰ অভাৱ নাই সম্পূৰ্ণ ভাৱে মজুত আছে অক্সিজেন।অসমত একোৰে অভাৱ হোৱা নাই।
ভূটানতো অক্সিজেনৰ প্লান্ট আৰম্ভ কৰা হৈছে ৷
এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
আজি নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ ঘৰৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ লবলৈ আহি সংবাদ মাধ্যমৰ সমূখত এই মন্তব্য মন্ত্ৰী গৰাকীৰ।
প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰা বুলি মন্তব্য কৰি তেওঁৰ লগত ১৯৯১ চনৰ পৰা থকা সান্নিধ্যৰ কথাও সুৱৰি প্ৰয়াত নেতা গৰাকী চৰকাৰী স্বীকৃতি পোৱাৰ বাবে যোগ্য বুলি দাবী কৰে ৷
ডিব্ৰুগড়ত এক জঘণ্য কাণ্ড: নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে।
ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ চাউলখোৱাৰ ঘৰবন্দীচুকৰ জৰুৱা গাঁৱৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অঞ্চলটোৰ আফজল আনচাৰী নামৰ লোকনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা কৰে। ১৩ মাৰ্চতে সংঘটিত হোৱা ঘটনাৰ পিছতে ২০ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। কিন্তু নাবালিকাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আফজল আনচাৰীক। সাংবাদিকে গাভৰুপথাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে। আনহাতে আফজল আনচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে জনাইছে দাবী।
নগাঁৱত পুনৰ আজিৰ দিনটোত ১২৩ গৰাকী লোক আক্ৰান্ত ক’ৰোণাত
নগাঁৱত পুনৰ আজিৰ দিনটোত ১২৩ গৰাকী লোক আক্ৰান্ত ক’ৰোণাত# দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ:সৰ্বমুঠ ৫৭০ আক্ৰান্ত
কোভিড ১৯ৰ দ্বিতীয় লহৰে এতিয়া সমগ্ৰ নগাঁও জিলাত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে।প্ৰতিদিনে নগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰোণাৰ সংক্ৰমণ। আজিৰ দিনটোতে পুনৰ নগাঁৱত ১২৩জন লোকৰ দেহত ধৰা পৰিল ক’ভিদ ১৯ৰ সংক্ৰমণ। ইয়াৰে ১১৮জনক এণ্টিজেন টেষ্ট আৰু ৫ জনক আৰটিপিচিআই টেষ্টৰ জৰিয়তে ক’ভিদ ১৯ পজিটিভ বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে ৮ গৰাকীক ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে ১১৫ গৰাকী হ’ম কোৱাৰীণ্টাইন হৈ আছে। নগাঁৱত বৰ্তমানলৈকে ৫৭০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে আজিৰ দিনটোত ক’ৰোণাৰ পৰা আৰোগ্য লাভ কৰিছে ৩৮জন ব্যক্তিয়ে। ইয়াৰে ৩৪ জন হোম আইছ’লেচনত আছিল আৰু ৪ জন নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল।










