Home Blog Page 3075

কাকপথাৰত শৈক্ষিক বিপ্লৱৰ সূচনা : পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আদৰণি অনুষ্ঠান

উজনি অসমৰ একেবাৰে পূব প্ৰান্তৰ এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চল কাকপথাৰত এতিয়া নতুনকৈ সূচনা হৈছে শৈক্ষিক বিপ্লৱৰ । অঞ্চলটোৰ বহু প্ৰত্যাশিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৱনিৰ্মিত পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সভা কক্ষত আজি এক আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ থানুৰাম মজিন্দাৰৰ সঞ্চলনাত অনুষ্ঠিত আদৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰা, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণ, ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাক্তন  অধ্যাপক গিৰিশ কোঁৱৰ ।

নিজৰ বক্তব্যৰ মাজেৰে অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাই নৱনিযুক্ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক উমৈহতীয়া যত্নৰ মাজেৰে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলটোক জ্ঞানৰ পোহৰেৰে আলোকিত কৰিবলৈ আহ্বান জনায়। কাকপথাৰ অঞ্চলত এখন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ গুৰুত্ব আৰু মহাবিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰত থকা স্থানীয় দল সংগঠন, প্ৰশাসন আৰু ৰাইজৰ সহযোগিতাৰ বিষয়ে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰানে বিষদভাৱে অৱগত কৰে। নৱ নিযুক্ত অধ্যাপকসকলক উদ্দেশ্যি  গিৰিশ কোঁৱৰে মানৱ সম্পদ গঢ় দিয়াই শিক্ষকৰ আটাইতকৈ পবিত্ৰ কৰ্ম বুলি উল্লেখ কৰে । অনুষ্ঠানটোত উপস্থিত বিশিষ্ট ব্যক্তিসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখন মৰাণ জনগোষ্ঠীয় গামোচাৰে আদৰণি জনোৱা হয় ।  শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰা মহাবিদ্যালয়খনত সদ্য নিযুক্তপ্ৰাপ্ত অধ্যাপক- অধ্যাপিকাসকলক আদৰণি জনোৱাৰ লগতে এক চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত  হৈ যায়। অনুষ্ঠান সামৰণি পৰা লগে লগে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাই বন্তি প্ৰজ্বলন আৰু তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণে মহাবিদ্যালয়ৰ কেণ্টিন উদ্বোধন কৰে । 

১২-১৩ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । বিভিন্ন ৰাজনৈতিক দলৰ মজিয়াত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা, তেনেদৰে নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগো সাজু হৈছে । বিজেপি দল আৰু চৰকাৰৰ লগতে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিৰ্বাচন আয়োগক ২০ এপ্ৰিলৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে ।

আনহাতে, শেহতীয়া তথ্য অনুসৰি ১২ আৰু ১৩ জানুৱাৰীত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল ।

একেদৰে নিৰ্বাচন আয়োগে ইতিমধ্যে পৰ্যায়ক্ৰমে অসমলৈ ই ভি এম প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । একেদৰে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানীও অসমলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আৰম্ভ কৰিছে ।

বিধায়ক বিমল বড়াৰে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাক্ষাৎ

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ অনীহাক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত আজিও প্ৰধান শিক্ষক পদ সৃষ্টি নকৰাটো আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ টকা আদায় দিয়াৰ পাছত আকৌ ঘূৰাই লোৱাটো আশ্চৰ্যৰ বিষয়। এই দাবীত সন্মিলনীয়ে ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ সকলো বিধায়কক সৱিশেষ জ্ঞাত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদানৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বড়া, জয়পুৰ শিক্ষাখণ্ডৰ সাংগঠনিক সভাপতি মুনিন গগৈ, জিলাৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ ৰাইদিঙীয়াৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে টিংখাঙৰ বিধায়ক বিমল বড়াক সাক্ষাৎ কৰি প্ৰাথমিক শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। ২০১৯ চনৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে শিক্ষা আৰু বিত্ত বিভাগক নিৰ্দেশনা সত্বেও আজিপৰ্যন্ত কাৰ্যকৰী নকৰি মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা ম্লান কৰিছে বুলি সন্মিলনীয়ে অভিযোগ ঊত্থাপন কৰিছে। শেহতীয়াকৈ সন্মিলনীৰ স’তে ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্ৰীৰ আলোচনাৰ অন্তত জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও কোনো সময় সীমা নিৰ্দ্ধাৰণ নকৰাত সন্মিলনী সন্দিহান হৈ পৰিছে। স্মাৰক পত্ৰত দেশৰ কোনো ৰাজ্যতে নোহোৱা নোপোজা ঘটনা অসমৰ প্ৰাথমিক শিক্ষা বিভাগত সংঘটিত হৈছে বুলি এক গুৰুতৰ অভিযোগ কৰিছে। অসম চৰকাৰৰ কেবিনেট আৰু ৰাজ্যপালৰ দ্বাৰা অনুমোদিত সপ্তম দৰমহা বিধিক বিভাগে নসাৎ কৰিছে। দৰমহা বিধি অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকক গ্ৰেড পে ৮৭০০ টকা সোতৰ মাহে আদায় দিয়াৰ পাছত ৭৪০০ টকালৈ অৱনমিত কৰা হয়। উল্লেখ্য যে দৰমহা বিধিয়ে ৰাজ্য চৰকাৰৰ ৩১ বিভাগৰ কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি কৰিছিল আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰাথমিক শিক্ষকৰ গ্ৰেড পে আঁসোৱাহ নিৰাময় সমিতিৰ যোগে কৰ্তন কৰি চৰম প্ৰতাৰণা কৰিছে। এবাৰ আদায় দিয়াৰ পাছত পুনৰ কৰ্তন কৰি শিক্ষকসকলক বঞ্চিত কৰি ক্ষোভিত কৰি তুলিছে। এনে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে। সন্মিলনীয়ে অতি সোনকালে ইয়াৰ কাৰ্যকৰীকৰণ কৰি প্ৰাথমিক শিক্ষকক ন্যায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি শৈক্ষিক ক্ষেত্ৰ বাদ দি বিত্তীয় লেন দেন তথা তথ্য আদান-প্ৰদানৰ সকলো ধৰণৰ কাৰ্যৰ পৰা শিক্ষকসকল আঁতৰি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে। উক্ত কাৰ্যসূচীৰ আগতেই বিভাগে প্ৰধান শিক্ষক পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰি কাৰ্যকৰী কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে। লগতে প্ৰাথমিক শিক্ষাৰ গতিশীলতাত কোনো জটিলতাৰ সৃষ্টি হ’লে প্ৰাথমিক শিক্ষক সমাজ জগৰীয়া নহ’ব বুলি সকীয়াই দিয়ে। এই সম্পৰ্কে সকলো বিধায়ক, শিক্ষা বিষয়া, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষকসকললৈ আহ্বান জনাইছে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলী আৰু সম্পাদক পংকজ বড়াই।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।

১১মে’ৰ পৰা ১৪ জুনলৈ অনুষ্ঠিত হ’ব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা। আনহাতে ২০ এপ্ৰিলৰ পৰা ৫ মে’লৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহ। 

পৰীক্ষাৰ সময়সূচীঃ

পৰীক্ষাসমূহ পুৱা ৯ বজাৰ পৰা ১১বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৩.৩০ বজালৈ অনুষ্ঠিত হ’ব। আনহাতে ৩০ নম্বৰৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব পুৱা ৯ বজাৰ পৰা ১০.৩০ বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৩ বজালৈ।

উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ প্ৰভাৱৰ ফলত প্ৰায় দহমাহ ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত চলিত বর্ষত ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰিছে শিক্ষা সংসদে।

শ্বহীদ পৰিয়াললৈ ৫ লাখকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ’ব। আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰ জিলাৰ আক্ৰাছুৰ উদ্যোগত আৰু সেৰফাংগুৰী-ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ সহযোগত বৃহস্পতিবাৰে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰকাশ কৰিছে।

ইয়াৰোপৰি ঐতিহাসিক কমতাপুৰৰ ভূমি এক বিশেষ সম্প্ৰদায়ৰ ওচৰত আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনাই ইতিমধ্যে সেই বিশেষ সম্প্ৰদায়ে চলে-বলে, কৌশলে কমতাপুৰৰ ভূমিতে কোচ ৰাজবংশীক সংখ্যালঘুত পৰিণত কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত বুলি উল্লেখ কৰি মন্ত্ৰী তেখেতে এইক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলি কয়।

আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ দি আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ অবিহনে আক্ৰাছু কেতিয়াও ক্ষান্ত নহয়। ১৪ গৰাকী শ্বহীদৰ একাংশ নিকটাত্মীয়ক সম্বৰ্ধনা জ্ঞাপন কৰি শ্বহীদৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি জীৱেশ ৰায়ে আক্ৰাছুৱে নিজ লক্ষ্যৰ পৰা এক ইঞ্চিও বিচলিত নহয় বুলি মন্তব্য কৰে।

সমস্যাৰে ভৰপুৰ জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই জীৱেশ ৰায়ে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন আৰু জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ মঞ্চত উপবিষ্ট থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে। আক্ৰাছুৰ ২০ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নিজ ভাষণত কয় যে, সমস্যাৰে ভৰপুৰ জনগোষ্ঠীৰ সমস্যা সমাধানাৰ্থে সকলোৱে নিজৰ সংগ্ৰাম আগবঢ়াই নিছে আৰু জনগোষ্ঠীৰ সংগ্ৰামৰ প্ৰতি এবছুৰ সমৰ্থন আছে।

উল্লেখ্য যে, কাৰ্যসূচী অনুসৰি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়, চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী, নৱনিৰ্মিত শ্বহীদবেদী শুভ উদ্বোধন কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে।

সমষ্টিবাসীৰ কাষলৈ গৈ উন্নয়ণৰ খতিয়ান দাঙি ধৰিলে বিধায়ক ৰূপক শৰ্মাই

সমষ্টিবাসীৰ কাষলৈ গৈ  ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও সদৰ সমষ্টিত ৰূপায়ন হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ হয়বৰগাঁও মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি নগাঁও পৌৰসভাৰ ২০ নং মহলাৰ কুশল নগৰত  ঘৰে ঘৰে উপস্থিত হৈ বিধায়ক শৰ্মাই ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে অভাৱ অভিযোগৰ বুজ লয়  । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  নেতৃত্বত বিজেপি মিত্ৰজোটৰ চৰকাৰখনে ৰূপায়ণ কৰা উন্নয়ন মূলক কাম কাজ সম্পৰ্কত মহলাটোৰ বাসিন্দাসকলক বিধায়ক শৰ্মাই অৱগত কৰে।ইয়াৰ উপৰি  বিগত দিনসমূহত বিধায়ক হিচাপে নগাঁও সদৰ সমষ্টিত কৰা উন্নয়ণ মূলক কাম-কাজ সম্পৰ্কত প্ৰস্তুত কৰি উলিওৱা উন্নয়নৰ খতিয়ান সম্পৰ্কত একোখনকৈ পত্ৰিকাও  ৰাইজৰ মাজত বিতৰণ কৰে। নগাঁও সদৰ সমষ্টিৰ উন্নয়নত  ৰাইজে আগবঢ়োৱা সহযোগিতাৰ শলাগ লোৱাৰ লগতে আগন্তুক দিনত এনেদৰে ৰাইজক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিবলৈ বিধায়ক শৰ্মাই সমষ্টিবাসীক আহ্বান জনায়।

সংঘাত : স্থান হেৰালে মান হেৰাই !

স্থান হেৰালে মান হেৰাই । জেষ্ঠ্য সকলে কোৱা এই ডাকৰ বচন ফা‍ঁকি যেন সঁচা হ’বলৈ গৈছে। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়িকা অজন্তা নেওগে গেৰুৱা বসন পিন্ধা কাৰ্যত গোলাঘাট জিলা বিজেপিৰ ভিতৰচৰাত  তীব্ৰ সংঘাতৰ সৃষ্টি হোৱা বাতৰি  প্ৰকাশ হৈছিল যদিও ইয়াৰ সত্যতা সন্দৰ্ভত স্পষ্ট হোৱা নাছিল। যদিও  আজি  প্ৰমাণিত হ’ল যে ভিতৰি – ভিতৰি গুজৰি -গুমৰি থকা পূৰ্বৰ বিজেপি কৰ্মীসকলে সদ্য গেৰুৱা বসন পিন্ধা নেওগক কেনেদৰে আঁদৰণি জনাইছে !  ক্ষোভৰ বৰ্হিপ্ৰকাশ এইবাৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গল গোলাঘাটৰ বিজেপি কাৰ্যালয়ত। আজি অজন্তা নেওগৰ প্ৰসংগ লৈয়ে গোলাঘাটৰ বিজেপি কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য়।  বিজেপিৰ জিলা সমিতি আৰু বিজেপিৰ  তৃণমূল কৰ্মীৰ মাজত হোৱা সংঘাতত অজন্তা নেওগ হাতাও ধ্বনিৰে উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে  বিজেপিৰ  তৃণমূল কৰ্মীসকলে। জানিব পৰা মতে ,গোলাঘাট বি জে পি কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে তৃনমূল কৰ্মী সকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কৰ্মী সকলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ নেত্ৰী অজন্তা হাতাও, বিজেপি বাচাও ধ্বনি দিয়াৰ লগতে ভৱিষ্যতে অজন্তাক গোলাঘাটৰ পৰা বিধান সভাৰ প্ৰাৰ্থীত্ব নিদিবলৈও  দাবী জনায়। লগতে  ভাৰতীয় জনতা পাৰ্টীৰ হৈ গোলাঘাটত বি জে পিৰ  টিকট বিতুপন শইকীয়া, দেৱজিত বৰা আৰু জয়ন্ত কুমাৰ গোস্বামীক  দিব লাগিব বুলিও দাবী উত্থাপন  কৰিছে তৃণমূল কৰ্মী সকলে। তেনেক্ষেত্ৰত পূৰ্বৰ শক্তিশালী কংগ্ৰেছী নেত্ৰী গৰাকীৰ  ৰাজনৈতিক জীৱনৰ অন্ত পৰিব বুলিও আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।

বিশেষ এককালীন অনুদান আঁচনিৰ পাৱাৰ টিলাৰৰ বাবে মাজুলীৰ অনুসূচীত জনজাতি পৰিয়ালৰ পৰা আবেদন আহ্বান আইটিডিপিৰ

অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত ‘বিশেষ এককালীন অনুদান’ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষত মাজুলী জিলাৰ আৰ্থিক ভাৱে পিছপৰা অনুসূচীত জাতিৰ পৰিয়াললৈ পাৱাৰ টিলাৰ বিতৰণৰ বাবে যোগ্য হিতাধিকাৰী বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মাজুলীৰ ‘একীভূত জনজাতি উন্নয়ন প্ৰকল্প’ (আইটিডিপি)ই ইয়াৰ বাবে জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ অনুসূচীত জনজাতি পৰিয়ালৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। আইটিডিপি, মাজুলীৰ প্ৰকল্প সঞ্চালকে এই সন্দৰ্ভত যোৱা ৫ জানুৱাৰীত মাজুলীৰ অনুসূচীত জনজাতিৰ লোকসকলৰ জ্ঞাতাৰ্থে জাৰি কৰা এক জাননী অনুসৰি এই পাৱাৰ টিলাৰ লাভ কৰিবলৈ আগ্ৰহী জিলাখনৰ আৰ্থিক ভাৱে পিছপৰা জনজাতীয় পৰিয়ালসমূহৰ মূৰব্বী সদস্যই অহা ২০ জানুৱাৰীৰ ভিতৰত গড়মূৰস্থিত প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত আবেদন পত্ৰ দাখিল কৰিব লাগিব। আগ্ৰহী আবেদনকাৰীসকলে প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত আবেদনৰ প্ৰ-পত্ৰ লাভ কৰিব পাৰিব। তদুপৰি, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ ৱেবছাইট https://directorwptbc.assam.gov.inৰ পৰাও এই আবেদনৰ প্ৰ-পত্ৰ ডাউনলোড কৰি ল’ব পাৰিব আগ্ৰহী আবেদনকাৰীসকলে।

নগাঁৱত “নিচাসক্ত লোকৰ পুনৰবাস আৰু নিচাসক্ত ৰোধ” শীৰ্ষক সজাগতা সভা সম্পন্ন

 সম্প্ৰতি মানৱ জীৱনৰ বাবে এটা অতিশয় আতংকৰ বিষয় হৈ পৰিছে ড্ৰাগছৰ লগতে আন আন নিচাযুক্ত মাদক দ্ৰব্যসমূহ। এই দ্ৰব্যসমূহৰ প্ৰচলন ইমানেই ব্যাপক হৈ পৰিছে যে- ইয়াৰ প্ৰতিক্ৰিয়াই বৰ্তমান সময়ত একোটি পৰিয়াল,এখন সমাজ,গাওঁ,জিলা,ৰাজ্য তথা দেশৰ প্ৰতিজন সচেতন ব্যক্তিকেই চিন্তিত কৰি তুলিছে। স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক মাৰাত্মক ড্ৰাগছৰ প্ৰতি একাংশ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী,শিক্ষিত যুৱক-যুৱতী অত্যাধিক আসক্ত হৈ পৰা আমি সকলোৱেই দেখি আহিছো । ফলত আমাৰ সমাজত দ্ৰুতগতিত বৃদ্ধি পাই আহিছে হত্যা-ধৰ্ষণ, চুৰি,দকাইটি,লুন্ঠন আদি অনৈতিক তথা অসামাজিক, অপৰাধমূলক কামবোৰৰ । ড্ৰাগছৰ লগতে নানা ধৰণৰ মাদকদ্ৰব্য সেৱনকাৰীসকলে হেৰুৱাই পেলাইছে শাৰীৰিক, মানসিক আৰু দৈহিক শক্তি। ইয়াৰ কু-প্ৰভাৱেই সমাজ জীৱনৰ অৱক্ষয় ঘটাই চূৰান্ত সৰ্বনাশ সাধন কৰি আহিছে। ক্ৰমবৰ্ধমান গতিত বাঢ়ি অহা মাদক দ্ৰব্যৰ দ্ৰুত প্ৰচলনে সমগ্ৰ বিশ্বতে মহামাৰীৰ সৃষ্টি কৰি মানৱ জাতিক আতংকিত কৰাৰ লগতে নৱপ্ৰজন্মৰ উঠি অহাচাম যুৱক-যুৱতীক দিনক দিনে ধংসৰ মুখলৈ থেলি দিছে | যাৰ ফলত আমাৰ সমাজত বৃদ্ধি পাইছে ঘৰুৱা হিংসা তথা ঘৰুৱা অশান্তিৰ ৷ এই বক্তব্য নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ সঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ পাঁচ জানুৱাৰীত নগাঁও আৰক্ষী চাউনিতৰ সভাগৃহত অনুষ্ঠিত হোৱা “নিচাসক্ত আজিৰ সমাজত ইয়াৰ প্ৰভাৱ তথা নিচাসক্ত লোকৰ পুনৰবাস আৰু নিচাসক্ত ৰোধ” শীৰ্ষক এখনি সজাগতা সভাত অংশগ্ৰহণ কৰি নিজৰ ভাষণ প্ৰসংগত এইদৰে কয় জিলা ও সত্ৰ ন্যায়াধীশ গৰাকীয়ে ৷ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰিৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসন,জিলা সমাজ কল্যাণ বিভাগ,নগাঁও জিলা মহিলা সমিতি,নগাঁও মৰ্হষি মহিলা সমিতিৰ যৌথ সহযোগত অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে উপস্থিত থাকে নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোস্না দাস,নগাঁও জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ,অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অতুল চন্দ্ৰ পাটৰ,জিলা সমাজ কল্যাণ বিষয়া দিনেশ দাস,জিলা মানসিক স্বাস্থ্য আচঁনিৰ বিষয়া ডাঃ জিয়াউদ্দিন আহমেদ,আশ্ৰয় নিচামুক্তি কেন্দ্ৰৰ পৰিচালন সঞ্চালক ৰফিকুল ইছলাম,অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ,মল্লিকা শৰ্মা,জামালউদ্দিন ছৌধুৰীৰ লগতে অন্যান্য সকল উপস্থিত থাকে ৷ ঋতুৰাজ বৰা আৰু হিমাংশু বৰ্মনে আতঁধৰা অনুষ্ঠানটিত নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰিৰ সম্পাদিকা মনালিছা দাস আৰু অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাই নিচামুক্তি নগাঁও শীৰ্ষক এক কাৰ্যক্ৰমণিকা হাতত লোৱাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি ক্ষেত্ৰত স্বেচ্ছাসেৱী সংস্থা সমূহক সহায়ৰ হাত আগবঢ়ালৈ বিশেষভাৱে আহ্বান জনাই ৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অধিবক্তা শ্বাহনাজ চুলতানাই ৷

দলবদ্ধ ধৰ্ষণ : মহিলাৰ যৌনাংগত ৰডেৰে আক্ৰমণ কৰাৰ লগতে ভাঙিলে বুকুৰ কামিহাড়

দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ কথা আপোনাৰ নিচ্ছয় মনত আছে । নিৰ্ভয়াৰ ওপৰত চলন্ত বাছত কি দৰে চলিছিল অত্যাচাৰ । এইবাৰ তেনে নাৰকীয় নিৰ্যাতনৰ বলি হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মহিলাগৰাকীৰ যৌনাংগত প্ৰচূৰ ৰক্তক্ষৰণ পোৱা গৈছে। বুকুৰ কামিহাড় আৰু ভৰিৰ হাড় ভাঙিছে ।মহিলাগৰাকীৰ ওপৰত দলবদ্ধ বলাৎকাৰৰ পিছত চলোৱা হৈছিল অমানৱীয় অত্যাচাৰ।

উত্তৰ প্ৰদেশৰ উঘাইতি থানাৰ অন্তৰ্গত বাদুৱান জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। দেওবাৰে বিয়লি স্থানীয় এটা মন্দিৰলৈ গৈছিল মহিলাগৰাকী। কিন্তু ঘৰলৈ ঘূৰি নাহিল মহিলাগৰাকী।

স্থানীয় লোকে জনোৱা মতে, নিশা ১২ মান বজাত এখন চলন্ত গাড়ীৰ পৰা পেলাই দিয়া হয় ৰক্তাক্ত মহিলাগৰাকীক। মাজনিশাই মৃত্যু হয় নিৰ্যাতিতা মহিলাগৰাকীৰ। জনা গৈছে যে চৰম অত্যাচাৰৰ পিছত মহিলাগৰাকীক চিকিৎসাৰ বাবে লৈ গৈছিল অভিযুক্তসকলে।

মৃত মহিলাগৰাকীৰ আত্মীয়ই জনায় যে স্থানীয় থানাত যোগা়যোগ কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল। ১৮ ঘণ্টাৰ পিছত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছে, মহিলাগৰাকীৰ যৌনাংগত প্ৰচূৰ ৰক্তক্ষৰণ পোৱা গৈছে। বুকুৰ কামিহাড় আৰু ভৰিৰ হাড় ভাঙিছে। আনকি হাওফাওতো গধূৰ বস্তুৰে আঘাত কৰাৰ চিন স্পষ্ট। যাৰ ফলত শৰীৰৰ পৰাও প্ৰচূৰ ৰক্তক্ষৰণ হৈছে।

আৰক্ষীয়ে অৱশেষত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰি অভিযুক্তসকলৰ সন্ধানত অভিযান আৰম্ভ কৰে।