Home Blog Page 3075

লামডিং ৰঙালী বিহু স্থলী পৰিণত হ’ল সমন্নয় স্থলীলৈ ৷

লামডিং ৰঙালী বিহু স্থলী পৰিণত হ’ল সমন্নয় স্থলীলৈ ৷ বিহুত প্ৰদৰ্শন হ’ল বিহু, ঝুমুৰ, বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য ৷ বিহু অনুস্থিত হোৱা বিহুত মাক্স, চেনিটাইজাৰ ব্যবহাৰ কৰি বিহু উদযাপন কৰা হ’য় ৷ সমগ্ৰ ৰাজ্যত ব্যাপক হাৰত কৰু’ণাৰ সংশাৰী ৰূপে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সামন্তৰালভাৱে ,অসমীয়া চেনেহৰ ৰঙালী বিহুটি উদযাপনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু উদযাপনৰ বাবে ব্যাপক

আলফা স্বাধীনৰ বিত্ত সম্পাদক জীৱন অসমক অব্যাহতি

জীৱন অসম

আলফা স্বাধীনৰ বিত্ত সম্পাদক মেজৰ জেনেৰেল জীৱন অসমক (গুণত ডাঙৰীয়া) স্বাস্থ্য আৰু প্ৰতিকূল অৱস্থানত সু-স্বাস্থ্য চিকিৎসা অভাৱৰ বাবে ঘৰলৈ গৈ উন্নত চিকিৎসাৰ আৰু বাকী কালছোৱা পৰিয়ালৰ মাজত কটোৱাৰ মনোবাঞ্ছাক গ্ৰাহ্য কৰি ২৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠন সকলো দায়িত্বৰ পৰা অব্যাহতি দিছে বুলি আলফা স্বাধীনৰ সভাপতি আৰু সৰ্ব্বাধিনায়ক ডাঃ অভিজিত অসমৰ স্বাক্ষৰিত এক বিবৃতি যোগে ঘোষণা কৰিছে।

বয়োজ্যেষ্ঠ জনক সান্নিধ্যৰে ব্যতিক্ৰমী সম্বৰ্ধনা হাতীগাঁও বিকাশ মঞ্চৰ

ব্যতিক্ৰমী সম্বৰ্ধনা হাতীগাঁও বিকাশ মঞ্চৰ

বাৰ্ধক্য আৰু শাৰিৰীক অসুস্থতাজনিত কাৰণত গৃহবন্দী হৈ একাকীত্বৰে দিন পাৰ কৰা লোকক কিছুসময়ৰ সৰব সান্নিধ্যৰে সাহচাৰ্য দিবৰ প্ৰচেষ্টাৰে মহানগৰীৰ হাতীগাঁও বিকাশ মঞ্চ নামৰ অনুষ্ঠানটোৱে এইবেলি বিহুৰ সময়ত এক বিশেষ উদ্যোগ হাতত লয়। হাতীগাঁও বিকাশ মঞ্চৰ বিষয়ববীয়া সকল এনে লোকৰ ঘৰত উপস্হিত হৈ আনুষ্ঠানিক ভাবে বিহুৰ ওলগ জনোৱাৰ লগতে এনে লোক সকলে বিচৰা ধৰণে তেওঁলোকৰ সতে সময় অতিবাহিত কৰে। হাতীগাঁও বিকাশ মঞ্চই প্ৰথম প্ৰয়াস হিচাপে এইবাৰৰ বিহুত সামাজিকভাবে সক্ৰিয় বৃহত্তৰ হাতীগাঁও অঞ্চলৰ আলহাজ চিদ্দিক ৰহমান,তাহিৰুল ইছলাম, চৈয়দ মুহিবুল্লা, সুভাষ নাথ, হেম শৰ্মা, চৈয়দা নুৰজাহান, হীৰকবালা ডেকা আৰু সৰোজিনী দেৱীক তেওঁলোকৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনায় আৰু তেওঁলোকে বিচৰা পৰিমানৰ সময় তেওঁলোকৰ সতে কটাই। হাতীগাঁও বিকাশ মঞ্চৰ হৈ এই অনুষ্ঠানত ধ্ৰৱজ্যোতি দাস, বাবুল আহমেদ, পবেন্দ্ৰনাথ ভট্টাচাৰ্য, মফিজুৰ ৰহমান আৰু সুভাষ শৰ্মাই অংশগ্ৰহণ কৰে। ২০০৬ চনত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটোৱে সময়ে সময়ে চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা দুৰ্গত জনক চিকিৎসা সাহায্য আগবঢ়োৱাকে ধৰি বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম কৰি আহিছে।

ক’ৰনা সংক্ৰমণৰ বাবেই ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু উৎসৱ স্থগিত

ঐতিহ্যমণ্ডিত মৰিগাঁও ৰজাগাঁৱৰ আহঁততলিত আজিয়ে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু সন্মিলনৰ ৰঙালী বিহু উৎসৱটি সাম্প্ৰতিক ক’ৰোণা পৰিস্থিতিৰ বাবে সাময়িক ভাৱে স্থগিত ৰখা হৈছে।আজি ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৃস্তিত কাৰ্যক্ৰমনিকাৰে আয়োজিত হ’ব লগা আঁহততলিৰ নগৰ ৰঙালী বিহু সন্মিলনৰ সমূহ বিহুৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে।এই সন্দৰ্ভত কালি বিহু আয়োজক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, নগৰ বিহু সন্মিলনৰ বিহু উৎসৱ উপলক্ষে হ’ব লগা উপহাৰ কুপনৰ খেলখন অহা ৮ মে’ৰ বিয়লি ভাগত ৰজাগাঁও আঁহততলিৰ বাকৰিত অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ সভাপতি শৰৎ ডেকা, কাৰ্যকৰী সভাপতি ধৰণী গোহাঁই আৰু সম্পাদকদ্বয় ভদ্ৰেশ্বৰ ডেকা আৰু কুলিন  বৰাই সদৌটি ৰাইজক ৰাইজক জানিবলৈ দিছে।

হোজাইৰ মোৰাঝাৰত মাছ চুৰিক লৈ চাঞ্চল্য।

মোৰাঝাৰৰ বুৰুঙাতলিত সংঘটিত হয় এই মাছ চুৰিৰ ঘটনা।

মীন পালনৰ ফিচাৰীৰ পৰা প্ৰায় ডেৰ লাখ টকাৰ মাছৰ পোনা চুৰি হোৱাৰ অভিযোগ উত্থাপিত কৰি চুফিয়ান আহমেদ নামৰ লোকজনে মোৰাঝাৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে।

ভুক্তভোগীৰ অভিযোগ অনুসৰি পাচঁ লাখ মাছৰ পোনা পোহি থকা পুখুৰীটোৰ পৰা স্থানীয় আজিজুল হক আৰু আব্দুল হাফিজে মাছৰ পোনা কেইটা চুৰি কৰি লৈ যায়।

উল্লেখ যোগ্য যে বুৰুঙাতলি গাঁৱৰ তাজ উদ্দিনৰ পুখুৰী লিজত লৈছিল বান্দৰমেলাৰ চুফিয়ান আহমেদে৷ আৰু ৰহস্যজনক ভাৱে স্থানীয় আজিজুল হক আৰু আব্দুল হাফিজে উক্ত পুখুৰীত জাল মেলি মাছ চুৰি কৰি লৈ যায়।

ইতিমধ্যে মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰে ব্যৱহাৰ কৰা জালখন জব্দ কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত৷

হোমেন বৰগোহাঞি কোভিড আক্ৰান্ত।

প্ৰতিথযশা সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞি কোভিড আক্ৰান্ত। গুৱাহাটী মেডিকেল।কলেজৰ হাস্পতালৰ প্ৰথম মহলাৰ বিশেষ কেবিনত চিকিৎসা আৰম্ভ। কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ইতিমধ্যে তৎপৰতাৰে চিকিৎসা আৰম্ভ কৰিছে হোমেন বৰগোহাঞিৰ। আমি দৈনন্দিন বাৰ্তা গ্ৰুপে আশু আৰোগ্য কামনা কৰিলো।

হোজাইত বাহিৰৰ যুৱতী আনি অনৈতিক কাৰ্য্যকলাপ চলি থকাৰ অভিযোগ।হাতে-লোটে ধৰা পেলায় স্থানীয় ব্যৱসায়ীয়ে

হোজাইত পুৰণা বজাৰত উত্তপ্ত পৰিস্থিতি। দোকানৰ ভিতৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য্যকলপা চলি থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পুৰণা বজাৰৰ এইখন দুই মহলীয়া গেলামাল দোকান। এই খন গেলামাল দোকানৰ ভিতৰত প্ৰায়ে বাহিৰৰ পৰা যুৱতী আনি অনৈতিক কাৰ্য্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় ব্যৱসায়ীৰ। শুক্ৰবাৰে দুপৰীয়া এইখন গেলামাল দোকানৰ ওপৰ মহলাত এহাল যুৱক-যুৱতীয়ে অনৈতিক কাৰ্য্যত লিপ্ত থকা অৱস্থাত স্তানীয় ব্যৱসায়ীয়ে হাতে-লোটে ধৰা পেলায়। সুযোগ বুজি ঘটনাস্থলী পৰা পলায়ন কৰে অভিযুক্ত হিন্দু যুৱতী গৰাকী। আনহাতে স্থানীয় ব্যৱসায়ীয়ে গেলামাল দোকানৰ স্বত্তাধিকাৰ দেৱশীষ দে ৰ লগত ঘটনাৰ লগত জড়িত থকা যুৱক শ্ববিল খানক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে।

ভাৰত ৰত্ন শচীনৰ ৪৮ তম জন্মদিন

৪৮ বছৰীয়া হ’ল ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া তাৰকা ‘ভাৰত ৰত্ন’ শচীন তেণ্ডুলকাৰ। ১৯৭৩ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা শচীনে যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে কিন্তু আজিও দেশ আৰু পৃথিৱীত তেওঁৰ প্ৰতি আগ্ৰহ হ্ৰাস হোৱা নাই। অনুৰাগীসকলে তেওঁক এবাৰ চাবলৈ আজিও ব্যাকুল। তেওঁৰ ৪৮ তম জন্মদিনত, সহযোগী খেলুৱৈ, দেশৰ বিশিষ্ট লোক আৰু লাখ লাখ অনুৰাগীয়ে মাষ্টাৰ ব্লাষ্টাৰক অভিনন্দন জনোৱাৰ লগতে সোনকালে আৰোগ্য হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে।

শচীন যোৱা মাহত ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। তেওঁ নিজেই এই বিষয়ে টুইট কৰিছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ৰ পৰা তেওঁ ৮ এপ্ৰিলত ঘৰলৈ উভতি আহিছিল আৰু বৰ্তমান ঘৰত জিৰণি লৈ আছে। শচীনে ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ অনুৰাগীসকললৈ এটা বাৰ্তা জাৰি কৰিছিল। ইয়াত, তেওঁ লিখিছিল যে মই চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছো আৰু ক’ৰোনাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ বাবে কেইদিনমান ৰৈ থাকিম। শুভকামনা আৰু প্ৰাৰ্থনাৰ বাবে মই সকলোকে ধন্যবাদ জনাব বিচাৰো।

দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে এন ভি ৰমনাই, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য

এন ভি ৰমনা

আজি ন্যায়াধীশ এন ভি ৰমনাই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি ভৱনত এন ভি ৰমনাক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। শপত গ্ৰহণ সমাৰোহত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ন্যায়াধীশ ৰমনা দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পূৰ্বে ন্যায়াধীশ ৰমনা দিল্লী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ হৈ আছিল। ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ দায়িত্ব পালন কৰি আছিল।

২৩ এপ্রিল তাৰিখে ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েই দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশ ৰমনা উক্ত পদত অধিষ্ঠিত হয়। যোৱা মার্চত ন্যায়াধীশ ববড়েই মুখ্য ন্যায়াধীশৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি ন্যায়াধীশ ৰমনাক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট।

শোনিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ ঘটনা

শোনিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ ঘটনা।

চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।

১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট।

চাৰিদুৱাৰ চিকিৎসালয়ত চলি আছিল কৰোনাৰ RAT টেষ্ট।

স্থানীয় ৰাইজৰ তৎপৰাতত ধৰা পৰিছে এই ভয়ানক ঘটনাটো।