Breaking

দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে এন ভি ৰমনাই, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য

0 2,035

আজি ন্যায়াধীশ এন ভি ৰমনাই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি ভৱনত এন ভি ৰমনাক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। শপত গ্ৰহণ সমাৰোহত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ন্যায়াধীশ ৰমনা দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পূৰ্বে ন্যায়াধীশ ৰমনা দিল্লী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ হৈ আছিল। ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ দায়িত্ব পালন কৰি আছিল।

২৩ এপ্রিল তাৰিখে ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েই দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশ ৰমনা উক্ত পদত অধিষ্ঠিত হয়। যোৱা মার্চত ন্যায়াধীশ ববড়েই মুখ্য ন্যায়াধীশৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি ন্যায়াধীশ ৰমনাক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

Leave A Reply