আজি “ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক ও বহুমুখী বালিকা বিদ্যালয়”ৰ উদ্যোগত অনুষ্ঠিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিদ্যা দপ্তৰৰ অন্তর্গত অন্যতম কাৰ্যসূচী “২৮ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ”ৰ ডিব্ৰুগড় জিলা সমাৰোহত “বহনক্ষম জীৱন যাপনৰ বাবে বিজ্ঞান” শীর্ষক বিষয়ত বিজ্ঞান প্ৰকল্প উপস্থাপন কৰি দুলীয়াজানৰ “সাহিত্যৰথী জাতীয় বিদ্যালয়ে” প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। শিশু আৰু কিশােৰসকলৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু চৌপাশৰ পৰিৱেশৰ পৰা পদ্ধতিগতভাৱে বিজ্ঞান চর্চা আৰু শিকনৰ বাবে জিলা পর্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিদ্যালয়খনৰ বিজ্ঞান বিষয়ৰ শিক্ষক সংগীতা হাজৰিকা শইকীয়াৰ নেতৃত্বত সপ্তম শ্ৰেণীৰ ছাত্ৰ দ্বীপজ্যোতি গগৈ আৰু অনুৰণ কৃষ্ণস্তুতি দাসে “থলুৱা মৃন্ময় শৈলী ব্যৱহাৰৰ যোগেদি বতানুকুল আৱাসিক পৰিৱেশ সৃষ্টিকাৰক প্ৰযুক্তিৰ পৰিকল্পনা” বিষয়ত এই প্ৰকল্পটি উপস্থাপন কৰি গ্ৰহণ কৰি দক্ষতাৰে বিদ্যালয়খনৰ লগতে সমগ্ৰ দুলীয়াজান অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । এই প্ৰকল্প উপস্থাপন প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ত্ৰিশটাতকৈও অধিক দলে অংশগ্ৰহণ কৰিছিল । উল্লেখযোগ্য যে, বিজয়ী দলটোৱে পৰৱৰ্তী পৰ্যায়ত চলিত মাহৰ ১৮,১৯ আৰু ২০ তাৰিখে (অনলাইন যোগে) ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া “ৰাজ্যিক বিজ্ঞান সমাৰোহ”ত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে । পৰৱৰ্তী পৰ্যায়তো দলটোৱে দক্ষতাৰে পুনৰ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিব বুলি বিদ্যালয়ৰ শিক্ষকসকল যথেষ্ট আশাবাদী ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ট্ৰফীৰ মেলবৰ্ণ টেষ্টত উপস্থিত থকা এগৰাকী দৰ্শক কোভিড প’জিটিভ
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত অংশলোৱা এগৰাকী দৰ্শকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে।
মেলবৰ্ণ ক্ৰিকেট ক্লাৱ(এম চি চি)ৰ তৰফৰ পৰা বুধবাৰে এই কথা সদৰী কৰা হয়।
বক্সিং ডে টেষ্টৰ দ্বিতীয় দিনৰ খেলত উপভোগ কৰিব অহা দৰ্শক এগৰাকীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰে।
মেলবৰ্ণ ক্ৰিকেট ক্লাৱে এই কথা প্ৰকাশ কৰাৰ পাছতে দেশখনৰ স্বাস্থ্য বিভাগে গ্ৰেট চাউথাৰ্ণ ষ্টেণ্ডৰ পঞ্চম জ’নত উপস্থিত থকা দৰ্শক সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ দিয়ে।
উল্লেখযোগ্য যে, মেলবৰ্ণ টেষ্টৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ কিছু সংখ্যক খেলুৱৈয়ে বায়’বাবল ভংগ কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।
ৰোহিত শৰ্মা, ঋষভ পণ্টকে ধৰি কেইগৰাকীমান ক্ৰিকেটাৰে বাহিৰত আহাৰ গ্ৰহণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে কুইলেণ্ড প্ৰশাসনে ভাৰতীয় ক্ৰিকেট দলক কঠোৰ সতৰ্কবাণী শুনায়।
বৰ্তমানলৈ শৃংখলাটোত ভাৰত আৰু অষ্ট্ৰেলিয়াই এখন এখন টেষ্টত জয়লাভ কৰিছে।
চিৰিংহোলাত ১০ জানুৱাৰীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত মাৰাথন দৌৰ
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ডিব্ৰুগড় জিলা ভিত্তিত দশম বৰ্ষৰ বাবে প্ৰাইজমাণি মাৰাথন দৌৰ প্ৰতিযোগিতাখনি। আয়োজন কৰা হৈছে। চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনি চিৰিংহোলা বাপুজী যুৱক সংঘৰ প্ৰাঙ্গনত আয়োজন কৰা হৈছে। এই উপলক্ষে সন্তোষ কোঁৱৰক সভাপতি, প্ৰশান্ত দত্তক কাৰ্যকৰী সভাপতি, সীমান্ত বৰুৱাক সম্পাদক হিচাপে লৈ খেল পৰিচালনা সমিতি গঠন কৰা হৈছে। ন জানুৱাৰীত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক সোমেধৰ বৰুৱাই, ছহিদ তৰ্পণ কৰিব চিৰিংহোলা বাপুজী যুৱক সংঘৰ উপদেষ্টা ভৱেন গগৈয়ে, বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰিব ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথ, বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপা শইকীয়া আৰু চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতুল গগৈয়ে, সন্ধিয়ালৈ সমুহীয়া বন্তি প্ৰজ্বলন কৰিব বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক যুগল কোঁৱৰে। দহ জানুৱাৰীৰ পুৱা চাৰি বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। টিংৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোলাপ গগৈ আৰু টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসে ক্ৰমে ল’ৰা আৰু ছোৱালী শাখাৰ ফ্লেগ অফ কৰিব। ৭.৩০ বজাত নাহৰসাঁকো গাঁৱৰ চৰকাৰী গাঁওবুঢ়া সুব্ৰত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ ল’ব লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ-সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ বড়াই। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰ, সভাপতি দেভিড চেতিয়া, উপ-সভাপতি অজয় গগৈ, স্বৰূপ গোঁহাই, সাধাৰণ সম্পাদক ধৰণী গোঁহাই, ক্ৰীড়া সম্পাদক গিৰিণ চেতিয়া, তথ্য আৰু প্ৰচাৰ সম্পাদক দীপজয় শইকীয়া, সাংগঠনিক সম্পাদক ৰূপজ্যোতি বুঢ়াগোঁহাই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি-সম্পাদক নিৰূপম দুৱৰা আৰু মুকুন্দ মাধৱ বুঢ়াগোঁহাইৰ লগতে লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকা, আৰ ডি শৈক্ষিক ফাউণ্ডেচনৰ সঞ্চালক মনোজ ধানোৱাৰ, চিৰিংহোলা গাঁও পঞ্চায়তৰ সভাপতি ঋতু গোঁহাই প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। প্ৰতিযোগিতাখন সুচাৰুৰূপে অনুষ্ঠিত কৰাত সকলো ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি সঞ্জু হাজৰিকা আৰু সম্পাদক কল্পজ্যোতি কোঁৱৰে। খেলুৱৈসকলৰ সুবিধাৰ্থে ৮১৩৩৯৪২২৯২, ৭৬৩৮৮৭৪৬২১ আৰু ৭০০২৪৩১৭৯৮ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
এজন প্ৰতিবন্ধী লোকে ডিমৌ নদীৰ ওপৰত ১৪ লাখ টকা ব্যয়ৰে সাঁজি উলিওৱা দলং উদ্ধোধন
শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্রৰ ডিমৌ নদীৰ উপৰত অতি কম সময়ৰ ভিতৰতে এজন প্ৰতিবন্ধীয়ে প্ৰায় গাঁঠিৰ ১৪ লাখ টকা ব্যয়েৰে দুটা সমষ্টিৰ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা পকী দলং আজি এক আৰম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে হৰেশ্বৰ বাইলুং নামৰ ব্যক্তিজন । দীর্ঘ দিন ধৰি গাঁৱৰ ৰাইজৰ লগতে পথচাৰীয়ে বিপদসংকুল ভাৱে ভৰ বাৰিষা সাঁকো, কল ভুৰে ডিমৌ নদীৰ পাৰা পাৰ হৈ বিভিন্ন কৰ্মস্হলিলৈ আহ-যা কৰি অহাৰ পিচত এনে এটা কাম কৰাৰ মনস্হ কৰে হৰেশ্বৰ বাইলুঙে ।

আজি এই কাম কৰি সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰিবলৈ পাই যথেষ্ঠ আনন্দিত হৈ পৰে হৰেশ্বৰ বাইলুং। চৰকাৰী পক্ষই ৰাইজৰ এই দীর্ঘ দিনিয়া সমস্যাটো কোনো স্থায়ী সমাধান নকৰাৰ বাবেই এই কাম কৰাৰ মনস্হ কৰিছিলে। নিজৰ কষ্ট উপাৰ্জিত ধন আৰু বুজন পৰিমানৰ বেংকৰ পৰা ধাৰলৈ লোৱা টকা ভাঙি ডিমৌ বাইলুং গাঁৱত ডিমৌ নদীৰ ওপৰত লক্ষ্মী নাৰায়ণ নামেৰে নামাকৰণ কৰি সাঁজি উলিওৱা পকী টনা আজোৰা দলং খন ফিটা কাতি শুভ উদ্বোধন কৰে তাই আহোম সকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে টাই পুৰোহিত নিপেন মহন আৰু টাই মুলুং সকলে। হৰেশ্বৰ বাইলুঙে নিজস্ব চিন্তা-চৰ্চাৰে নিৰ্মাণ কৰি উলিওৱা অত্যন্ত মনোমোহা হৈ পৰা দলংখনত নাই কোনো বাঁহ-কাঠ ব্যৱহাৰ। ১৩ টা পকি খুটা, ১২০ ফুট দীঘল,৩০ উচ্চতা পকি টনা আজোৰা দলংখন দুই খলপীয়াকৈ নিৰ্মাণ কৰিছে । দলংখনে থাওৰা সমষ্টিৰ পৰা মৰাণ সমষ্টিৰ বেজপথাৰ সংযোগ কৰি ৰাইজ দীর্ঘ দিনীয়া এটা সমস্যা সমাধান কৰিব এক সমন্বয়ৰ হেতু গঢ়ি তোলা বুলি বিভিন্ন জনে মন্তব্য কৰিছে । ইফালে আজি পুৱাৰ ভাগতে পতাকা উত্তোলন কৰি দিনযোৰাকৈ অনুষ্ঠিত দলং উদ্ধোধনী অনুষ্ঠান চাবলৈ বহুলোক সমবেত হোৱা পৰিলক্ষিত হয়। হৰেশ্বৰ বাইলুঙে উক্ত ১৪/১৫ লাখ টকা ৰূণ মুক্ত হলে দলংখনত বাকি ৰৈ যোৱা বহু কাম কৰিবলগীয়া থকাৰ কথা জানিবলৈ দিছে।

সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ নিৰুদ্দিষ্ট পুত্ৰৰ
অৱশেষত সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ নিৰুদ্দিষ্ট পুত্ৰৰ। চিৰাঙত সন্ধান পোৱা গৈছে অমিত ৰাজ দৈমাৰীৰ । চাপাগুৰি বাছ ষ্টেচনত উদ্ধাৰ কৰা হয় প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰক । ADGP L&O জিপি সিঙে টুইটযোগে জনালে এই তথ্য।
মঙলবাৰে বিয়লি তিনি বজাৰ পৰাই নিৰুদ্দেশ হৈ আছিল বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী। তিনি বন্ধুৰ সহায়ত বিদ্যালয়ৰ পৰা পলায়ন কৰিছিল অমিতৰাজে।
বিদ্যালয় কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি শাৰীৰিক অৱস্থা বেয়া বুলি মঙলবাৰে বিয়লি শ্ৰেণীকোঠাত উপস্থিত নাছিল অমিত ৰাজ দৈমাৰী। কোকৰাঝাৰ আৰক্ষীৰ তৎপৰতাত কম সময়ৰ ভিতৰতে সন্ধান লাভ প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰৰ ।
জুনু বৰাক সমাজকৰ্মী বন্দনা গীতি সোঁৱৰণী বটা প্ৰদান
আইদেউ জোনাকী বাটৰ সম্পাদিকা, গুৱাহাটী নিবাসী জুনু বৰাক সমাজকৰ্মী বন্দনা গীতি বৰা সোঁৱৰণী বঁটা ৫ জানুৱাৰীত পশ্চিম যোৰহাট অঞ্চলৰ ২১৫ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত নীৰদা গগৈ সভাপতিত্বত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানতে পকামূৰা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক হেমধৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । ভবেন হাজৰিকাই আঁতধৰা গোলাপ বৰবৰাই মংগলাচৰণ কৰা, জনাৰ্দন ভুঞা বৰবায়নে উদ্বোধন কৰা অনুষ্ঠানত অধ্যাপিকা ড• জ্যোতিৰেখা হাজৰিকাই বন্দনা গীতি বৰাৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে চেতনা মহিলা আত্মসহায়ক গোট আৰু মঞ্জুলা কলা কেন্দ্ৰই আয়োজন কৰা অনুষ্ঠানত ‘নাৰী সবলীকৰণ: সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ প্ৰাসংগিকতা’ বিষয়ত বক্তৃতা প্ৰদান কৰে । পৰিয়ালবৰ্গৰ সহযোগত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকি সহযোগিতা কৰে । উল্লেখ্য, নাৰী সবলীকৰণৰ বাবে দীৰ্ঘদিন কাৰ্য ৰূপায়ন কৰি অহা জুনু বৰাই জোনাকী বাট সম্পাদনাৰ লগতে ‘লিংগ বৈষম্য’, ‘শৃংখল শিঙাৰ আহ্বান’, ‘ভিন্ন প্ৰসংগ আৰু নাৰীৰ মূল্য’ লিখি প্ৰকাশ কৰিছে ।
শীঘ্ৰে অসমত প্ৰৰ্ৱতন হ’ব নতুন শিক্ষা নীতি : য’ত থাকিব Vacational Educationৰ এটি অংশ
ধেমাজি কাৰিকৰী শিক্ষা প্ৰতিস্ঠানত মঙ্গলবাৰে বি এড পাঠ্যক্ৰমৰ শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে প্ৰতিস্ঠানৰ চৌহদতে এখনি অতি গুৰুত্বপূৰ্ণ সভাও অনুস্ঠিত কৰা হয় ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰগোহাঁইয়ে সভাপতিত্বত অনুস্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ ভাগৱতী ৷ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই পাঠ্যক্ৰমৰ শুভ উদ্বোধন কৰি পয্যাপ্ত যাৱতীয় সা-সুবিধা কৰি দিয়া হ’ব বুলি উল্লেখ কৰি এই পাঠ্যক্ৰমে ধেমাজি জিলাখনত শিক্ষাৰ ক্ষেত্ৰত এক আশাৰ ৰেঙনি আনিব বুলি অৱগত কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশলৈ ড° ৰণোজ পেগুৱে নতুন শিক্ষা নীতিৰ ওপৰত তত্ত্ব গধুৰ বক্তব্য ৰাখে ৷ভাষন প্ৰসঙ্গত ধেমাজি বিধায়ক ড” ৰনোজ পেগুৰে কয় যে – ভাৰতবৰ্ষত বত্তমানেও ৭০ বছৰীয়া ইংৰাজৰ শিক্ষা নীতি চলি আছে ৷ চৰকাৰে এই শিক্ষা নীতি আজিও পৰিবৰ্তন কৰা নাই ৷ যাৰ বাবে সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে ৷কিন্তুু অসমীয়া নতুন বছৰৰ আৰম্ভণিতে প্ৰৱৰ্তন হ’ব লগা এই নতুন শিক্ষা নীতিত প্ৰথম শ্ৰেণীৰ পৰাই থাকিব বৃত্তিমুলক প্ৰশিক্ষণৰ পাঠদান ৷পৃথিৱীৰ উন্নত দেশ জাৰ্মানত ১৮ বছৰৰ তলৰ ৯৮% আৰু তাৰ তুলনাত ভাৰতবৰ্ষত মাত্ৰ ৪% হে কাৰিকৰী শিক্ষা লাভ কৰে বুলি মন্তব্য কৰে ৷অন্যহাতেদি আজি আমাৰ শিক্ষানীতিত ডাক্তৰ ইঞ্জিনীয়াৰ আদি হৈছে যদিও এজন নাপিত বা এজন সফল খেতিয়ক হ’ব পৰা নাই ৷এজন নাপিত বা সফল খেতিয়ক হ’বলৈকো লাগিব শিক্ষা ৷গতিকে বৃত্তিমুলক শিক্ষা আমাক অত্যন্ত দৰকাৰ ৷সেইয়েহে আমাৰ বিদ্যালয় সমুহত এনে পাঠ্যক্ৰমৰ আৱশ্যক বুলি মতপোষণ কৰে ৷
মহানগৰীৰ খাৰঘূলিত ভয়ংকৰ অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ এগৰাকী বৃদ্ধা
মহানগৰীৰ খাৰঘূলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈছে এগৰাকী ৮৭ বছৰীয়া বৃদ্ধা । মৃত মহিলাগৰাকীৰ নাম ধনমায়া বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে । জুইত জাহ গ’ল মহিলাগৰাকীৰ ঘৰটো । ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
বিগত দুটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটাও গঁড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে
বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰখনে ৰোধ কৰিব নোৱাৰা ধাৰাবাহিক গঁড় হত্যাক নিৰ্বাচনী ইছ্যূ হিচাপে লৈছিল বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে। তেতিয়া বনমন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ কাৰ্যকালত ব্যাপক হাৰত হোৱা গঁড় হত্যাই ক্ষোভিত কৰি তুলিছিল অসমৰ ৰাইজক। চোৰাং চিকাৰীয়ে নিৰ্মম ভাৱে ব্যাপক হাৰত এশিঙীয়া গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ। ২০১১চনৰ পৰা ২০১৮ চনলৈকে মুঠ ৬৪টা গঁড় হত্যা কৰা হৈছিল নগাঁও জিলাৰ অধীনষ্ঠ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত। ইয়াৰে প্ৰায় অৰ্ধশতাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ হাতেৰে চোৰাং চিকাৰীক দমন কৰাৰ বাবে নিৰ্দেশ দিছিল। শেহতীয়াভাৱে ৰাজ্যবাসীৰ বাবে ভালখবৰটো হৈছে একেৰাহে দুটা বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত তথা নগাঁও জিলাৰ অধীনষ্ঠ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত এটাও গঁড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে। নগাঁও আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে দেখুওৱা তৎপৰতাৰ বাবেই বৰ্তমান নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা। উল্লেখযোগ্য যে, ২০১৮চনৰে পৰা নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলাইছিল বহু সফল অভিযান। তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বহু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ। ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নাগালেণ্ডৰ পৰাও গ্ৰেপ্তাৰ কৰিছিল কাজিৰঙাত গঁড় হত্যাৰ বাবে অহা মণিপুৰৰ কেইবাজনো দুধৰ্ষ চিকাৰীক। জখলাবন্ধা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাইয়ো অভিযান চলাই বহু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাজনো চোৰাং চিকাৰীক সমুখ-সমৰত গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছত জখলাবন্ধা আৰক্ষী থানাৰ দায়িত্ব লোৱা নিপু কলিতায়ো কেইবাজনো চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল। সেয়ে ২০১৯বৰ্ষত প্ৰথমবাৰৰ বাবে এটাও গঁড় হত্যা নোহোৱাকৈ পাৰ হৈছিল। সেই সময়তো কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ দায়িত্বত আছিল মৃন্ময় দাস। মৃন্ময় দাস আৰু নিপু কলিতাৰ দৰে আৰক্ষী বিষয়াই নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবেই নগাঁও আৰক্ষীয়ে এই সফলতা অৰ্জন কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে।বৰ্তমানৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰিয়ে কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচাৰচুঙত চলোৱা উচ্ছেদ অভিযানৰ পিছতে আশ্বৰ্য্যজনক ভাৱে হ্ৰাস পাইছিল গঁড় হত্যা। কাৰণ এই দুখন গাঁৱত সন্দেহযুক্ত নাগৰিকে চোৰাং চিকাৰীক আশ্ৰয়প্ৰদান কৰাৰ অভিযোগ বহু দিনৰে পৰা আছিল। অবৈধভাৱে কাজিৰঙাৰ ভূমি বেদখল কৰা এই দুখন গাঁৱৰ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ পিচতে চোৰাং চিকাৰী আশ্ৰয়হীন হৈছিল। ফলশ্ৰুতিত কাজিৰঙাৰ এশিঙীয়া গঁড় হত্যা সন্তোষজনক ভাৱে হ্ৰাস পাইছে।
অসমত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত
“কংগ্ৰেছে ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি- সম্প্ৰীতিত সদায় ব্যাঘাত জন্মাই আহিছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণ বা উন্নয়ন যিদৰে কংগ্ৰেছে নিবিচাৰে সেইদৰে তেওঁলোকৰ পৰম মিত্ৰ দল এআইইউডিএফেও নিবিচাৰে” – বৰপেটাত আজি এইদৰে কয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই । আজি অসম গণ পৰিষদৰ অন্তৰ্গত বৰপেটা বিধান পৰিষদৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি সভাপতি বৰাই এইদৰে কৈ পুনৰ কয় যে । দৰাচলতে আগৰৰ বেপাৰী বদৰুদ্দিন আজমলে ৰাজ্যৰ লগতে বৰপেটাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মুখত তলা চাবি মাৰি থৈ সদায় তেওঁলোকৰ মুখবন্ধ কৰি ৰাখিব খুজিছে। বৰপেটা জিলাক অসম আন্দোলনৰ দুৰ্গ বুলি অভিহিত কৰি তেওঁ কয় যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এইখন বৰপেটা জিলাৰে বীৰ সন্তান । জাতীয়বাদৰ বৰভেঁটি গঢ়োতা অম্বিকাগিৰি ৰায়চৌধুৰীৰো পূণ্যভুমি এইখন বৰপেটা । তাৰ পিছতো কংগ্ৰেছ দলে বহুবাৰ শাসনৰ গাদীত অধিস্থিত হোৱাৰ পিছতো বৰপেটাৰ বাবে উল্লেখযোগ্য কাম নকৰিলে। সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত এটা বিগ জিৰো পোৱা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনতো এটা বিগ জিৰো লাভ কৰিব । অনাগত দিনত দিছপুৰত পুনৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰেই চৰকাৰ গঠন হোৱাটো নিশ্চিত । অসম গণ পৰিষদ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে মানি সেইঅনুসৰি জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক ভাৰতীয় নাগৰিক হিচাপে মৰ্যদা কৰে বুলি মন্তব্য কৰি সভাপতি বৰাই যথেষ্ট আক্ষেপেৰে কয় যে কংগ্ৰেছ- এআইইউডিএফৰ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অসম গণ পৰিষদক সমালোচনাৰ লক্ষ্য কৰি লৈছে । আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অৱশ্যে ৰাজনৈতিক পথাৰত বিশেষ আগুৱাব পৰা নাই । মাজে সময়ে কংগ্ৰেছেও ইফাল সিফাল কৰিব খোজে । কিয়নো বিটিচি নিৰ্বাচনত দুয়োটা দলৰ ফলাফল বিগ জিৰো । সেয়েহে এইবোৰ দেখি শুনি বদৰুদ্দিন আজমলে মনত বৰ বেজাৰ পাইছে । কালি সংবাদমেল পাতি এআইইউডিএফে ক্ষোভ প্ৰকাশ কৰিছে । তাকে দেখি বাংলাদেশৰ বিখ্যাত শিল্পী মমতাজৰ বিখ্যাত গীতটোৰ কলি ” ফাইট্টা যায়, বুকটা ফাইট্টা যায়” গাবলৈ আজমলে আৰম্ভ কৰিছে । যদি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু জনতাই উন্নতি বিচাৰে তেন্তে কংগ্ৰেছ আৰু এআই ইউ ডিএফৰ সংগ এৰিব লাগিব বুলি মন্তব্য কৰি সভাপতি বৰাই কয় যে মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ লাইখুটা চান্দসাইয়ে পুতিছিল । নামঘৰ অসমীয়া সংস্কৃতিৰ বৰভেটি আৰু এয়াই হৈছে অসমীয়া জাতিৰ আদৰ্শৰ চানেকি, ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক । অসম গণ পৰিষদ দলেও এই আদৰ্শ তথা ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে । বৰপেটা জিলাখন তাৰেই এক নিদৰ্শন । বৰপেটা সদৰ সমষ্টিকে ধৰি জিলাখনৰ প্ৰায়কেইটা সমষ্টিত দলটোৰ শিপা এতিয়াও শক্তিশালী হৈ আছে বুলি দোহাৰি সভাপতি বৰাই লগতে কয় যে অসম গণ পৰিষদ দললৈ নিতৌ নতুন তেজৰ আমদানি হৈ আছে । বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ আগমন ঘটি আছে এই দলটোলৈ । এয়া অসম গণ পৰিষদৰ বাবে আশাৰ খবৰ । যাৰবাবে অসম গণ পৰিষদৰ সভাবোৰ এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে । আজিৰ এই সভাত দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসসহ কুমাৰ দীপক দাস, নুৰুল হুচেইন, ভূপেন ৰায়, মনোৰঞ্জন দাস,আক্ৰাম হুচেইন, দিলীপ পাটগিৰি,মনোজ শইকীয়া,ড: তপন দাস, কল্পনা পাটোৱাৰী,ৰঞ্জিত ডেকা প্ৰমুখ্য অসম মহিলা পৰিষদ, অসম যুব পৰিষদ,অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ লগতে কেইবা হাজাৰ লোকৰ উপস্থিতিয়ে বৰপেটাত দলটোৰ শক্তি বৃদ্ধি পোৱাৰ উমান লাভ কৰিব পৰা যায়।











