Home Blog Page 3077

জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ সাফল্য

যোৱা ২,৩ আৰু ৪ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত ১ম অল আছাম অল ষ্টাইল ফুল কন্টেক্ট মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ৪ গৰাকী খেলুৱৈৱে পদক লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷প্ৰতিযোগীতাখনিত অংশগ্ৰহণ কৰি জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ময়ুৰ প্ৰতিম বৰুৱাই ৰূপৰ পদক,বৰভগীয়াৰ প্ৰিয়ম জ্যোতি বৰুৱা,মিতুল শইকীয়া আৰু পাঁচিগাঁৱৰ বিশাল ওজাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷এই প্ৰতিযোগীতাত উন্নত ফলাফল দেখুৱাই পদক লাভ কৰি শোণিতপুৰ জিলাৰ ৯ গৰাকী খেলুৱৈৱে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে জামুগুৰি চেম্পিয়নছ মেকাৰ একাডেমীৰ ময়ুৰ প্ৰতিম বৰুৱাও নিৰ্বাচিত হৈছে৷

অসম শক্তি বিতৰণ কোম্পানীক লাওলোৱা কৰিছে ৰাজ্য চৰকাৰৰ একাংশ বিভাগে

১ কোটি ৪০ লাখ ২৬হেজাৰ ৯৬টকা বিদুৎ বিভাগৰ বিল পৰিশোধ কৰিবলৈ বাকী আছে নগাঁৱৰ কেইবাটাও চৰকাৰী বিভাগে

ৰাজ্য চৰকাৰৰ একাংশ বিভাগৰ বাবেই বৰ্তমান লাওলোৱা অৱস্থা হৈ পৰিছে অসম শক্তি বিতৰণ কোম্পানী। নগাঁও জিলাৰেই ৰাজ্য চৰকাৰৰ অধীনস্থ ১২টাকৈ  কাৰ্যালয়ে বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে ১ কোটি ৪০ লাখ ২৬হেজাৰ ৯৬টকা।আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰী কৰিছে নগাঁও সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া বিমল পালে।মুখ্য কাৰ্যবাহী বিষয়া পালে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়েই বিদ্যুৎ বিলৰ বাবদ আদায় দিবলৈ আছে দহ লাখতকৈয়ো অধিক ধন।ঠিক একেদৰে, বিদ্যুৎ বিলৰ বাবদ বিগত ২০২০বৰ্ষৰ ৩১ডিচেম্বৰ পৰ্যন্ত নগাঁও জলসিঞ্চন বিভাগে মুঠ ২৯লাখ ৪৩হেজাৰ ৩৫৫টকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৩লাখ ২৭হেজাৰ ১৭৩টকা,সাধাৰণ প্ৰশাসন বিভাগ (ডি চি,এছ ডি অ’,এছ ডি চি,বিডিঅ’)ৰ কাৰ্যালয়ৰ বিদ্যুৎ বিলৰ বাবদ ২২লাখ ২১হেজাৰ১৮০টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ১৬লাখ ১৮হেজাৰ ৭৪৯টকা,বন বিভাগে ১১লাখ ৮৪হেজাৰ ৮৬৮টকা, ন্যায়িক বিভাগে (ন্যায়লয়) ১৪লাখ ৬৯হেজাৰ ৮৪৯টকা, মাধ্যমিক শিক্ষা বিভাগে আঠ লাখ ন হেজাৰ ৯৪৭টকা,ডাইৰেক্টৰ লাইব্ৰেৰী চাৰ্ভিচ বিভাগে তিনি লাখ ১৩হেজাৰ ২৫৮টকা, নগাঁও গাৰ্লছ পলিটেকনিকে ছয় লাখ ৫০হেজাৰ ৮০৫টকা, কাৰাগাৰ বিভাগে (আই জি প্ৰিজন)তিনি লাখ ৫৫হেজাৰ ৬৬১টকা, পশুপালন বিভাগে ২৭হেজাৰ ৫৭টকা,দুগ্ধ উন্নয়ন বিভাগে এক লাখ চাৰি হেজাৰ ১৯৫টকা নগাঁও বিদ্যুৎ বিভাগক বিদ্যুৎ বিলৰ ধন আদায় দিবলৈ বাকী আছে। ইপিনে, নগাঁও আৱৰ্ত ভৱনেও বিদ্যুৎ বিলৰ বাবদ চাৰি লাখ টকা আদায় দিবলৈ বাকী থকা বুলিও পালে কয়।সংশ্লিষ্ট বিভাগ সমূহক তেওঁ লোকৰ বছৰ বছৰ ধৰি অনাদায় হৈ থকা বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ নগাঁও বিদ্যুৎ বিভাগে বাৰম্বাৰ জাননী জাৰী কৰি অহাৰ পাছতো অনাদায় বিদ্যুৎ বিল পৰিশোধ নকৰাত বিদ্যুৎ কৰ্তৃপক্ষ বিপাঙত পৰিছে বুলিও বিষয়া জনে কয়।অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁৱৰ এই চৰকাৰী বিভাগ সমূহক তেওঁ লোকৰ অনাদায় বিদ্যুৎ বিল পৰিশোধ কৰিবলৈকো বিষয়া জনে আহ্বান জনায়।উল্লেখ্য যে, সামান্য কেইটামান টকাৰ বিদ্যুৎ বিল অনাদায় হৈ  থাকিলেই সাধাৰণ লোকৰ ওপৰত বীৰত্ব দেখুৱাই বিদ্যুত সংযোগ কৰ্তন কৰা বিদ্যুত বিভাগে লাখ লাখ টকাৰ বিদ্যুৎ বিল আদায় নিদিয়া সত্বেও নগাঁৱৰ এই কাৰ্যালয় সমূহৰ বিৰুদ্ধে কিয় কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়া ৰহস্যজনক বিষয়। নীতি-নিয়ম যে সকলোৰে বাবে সমান নহয় সেয়া প্ৰতিপ্ৰন্ন হ’ল নগাঁৱৰ বিদ্যুৎ বিভাগৰ  কাণ্ডত ৷ সমস্যা যিয়েই নহওঁক,  কিন্তু এইদৰে চৰকাৰী কাৰ্যালয়ে যদি বিদ্যুতৰ বিল আদায় নিদিয়ে তেনেহ’লে শীঘ্ৰেই শক্তি বিতৰণ কোম্পানীৰ লাউলোৱা অৱস্থা যে হ’ব সেয়া নিশ্চিত ৷সংবাদমেলখনতেই শক্তি বিতৰণ কোম্পানীটোৱে গ্ৰাহকৰ সুৰক্ষা, গ্ৰাহকক অগ্ৰাধিকাৰ আৰু ব্যৱসায়িক যোগাযোগ অনাগত দিনতকৈ অধিক উন্নত কৰাৰ বাবে ব্যৱস্থা কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে৷

হোজাইত দলীয় কৰ্মীৰ সৈতে আজমলৰ মত-বিনিময় : কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হোৱাটো খাটাং

হোজাইত দলীয় সভাৰ অন্তত বদৰুদ্দিন আজমলৰ মন্তব্য কংগ্ৰেছৰ সৈতে AIUDFৰ মহাজোঁটবন্ধন হোৱাটো প্ৰায় নিশ্চিত হৈছে ৷ আজি হোজাইত দলৰ জিলা সমিতিৰ কাৰ্যালয়ত বিশেষকৈ আগন্তক নিৰ্বাচনী ৰণনীতি যুগুত কৰা সন্দৰ্ভত যমুনামুখ সমষ্টিৰ দলৰ বিষয়ববীয়া, দলৰ সাধাৰণ কৰ্মী সকলৰ সৈতে ভাগে ভাগে বৈঠকত মিলিত হয় দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ৷ ইপিনে, যোৱা কালি দুই এটা চেনেলে আজমলে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা বুলি অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰি কয় এনে কৰিব নালাগিছিল বুলি হোজাইত বিয়লি মৌলানা বদৰুদ্দিন আজমলে এখন সংবাদ মেল যোগে এই কথা সদৰি কৰে। এআইইউডিএফৰ সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে হোজাইত দলৰ জিলা সমিতিৰ কাৰ্যালয়ত দলীৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়া আৰু সমষ্টি পৰ্যায়ৰ নেতা কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে যমুনামুখত অহা নিৰ্বাচনত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জয় নিশ্চিত হব সেই সন্দৰ্ভত মতামত গ্ৰহণ কৰে ৷ আগন্তক ২০২১ৰ বিধানসভা নিৰ্বাচনত সন্দৰ্ভত দলীয় কৰ্মকৰ্তা সকলৰ সৈতে ভাগে ভাগে সভাত মিলিত হৈ আজমলে নিৰ্বাচনী কুট কৌশল যুগুত কৰাৰ নিৰ্দেশ দিয়ে ৷ লগতে আগন্তক পঞ্চায়ত নিৰ্বাচনত AIUDF দলে অধিক আসনত যাতে জয়লাভ কৰিবলৈ কিদৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব সেই সন্দৰ্ভত আজি আজমলে পুৰুষ-মহিলা কৰ্মী আৰু পঞ্চায়ত পৰ্যায়ত যোৱা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ব্যক্তি সকলৰ সৈতে ভাগে ভাগে সভাত মিলিত হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰাৰ পিছত আয়োজিত সংবাদ মেলত বদৰুদ্দিন আজমলে কংগ্ৰেছ-এআইইউডিএফৰ মাজত মহাজোঁটবন্ধন হোৱাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে।ইপিনে, দুপৰীয়া যুমামুখত বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমল, ভাতৃ ছিৰাজুদ্দিন আজমলৰ লগতে অন্যান্য সকল থকাৰ কাৰণে এখন গৃহৰ আধাৰশিলা স্থাপন কৰি আজমলে কয়- ইয়াত কাৰ্যালয় হিচাপে উক্ত গৃহত আমি সমষ্টিৰ ৰাইজৰ মাজত থাকিম আৰু অতি সহজতে ৰাইজে বিধায়কৰ লগত মিলিত পাৰিব বুলি মন্তব্য কৰে ৷ লগতে আজমলে নাম নোলোৱাকৈ কয় – ডাঙৰ ডাঙৰ দলৰ নেতা সকলে জোনে যিমানেই যি নকৰক কিয় আমাৰ মিত্ৰতা সন্দৰ্ভত অসম কংগ্ৰেছ নেতৃত্বৰ লগতে দিল্লীত কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে আলোচনা অব্যাহত আছে ৷ ২০২১ ত আমি চৰকাৰৰ অংশীদাৰ হ’ম ৷ বিজেপিয়ে কোনো কাৰণতেই অসমত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি আজমলে মন্তব্য কৰে৷

আৰু ৪ মাহ বাকী !

৯০ দশকৰ অন্যতম জনপ্ৰিয় ছবি ‘কুচ কুচ হোতা হে’ৰ চৰিত্ৰসমূহ দৰ্শকৰ মনত এতিয়াও সজীৱ হৈ আছে৷ ৰাহুল-অঞ্জলিৰ লাভ ষ্ট’ৰীৰ এই ছবিখন হৈছিল ছুপাৰ-ডুপাৰ হিট। এই চিনেমাখনত পাগুৰি মৰা এটা সৰু পঞ্জাৱী ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল পাৰজান দস্তুৰে। সেই সময়ত বয়সত সৰু হ’লেও পাৰজানৰ অভিনয় আছিল অনবদ্য। আকাশৰ তৰা গণি দৰ্শকৰ মন জয় কৰা পাৰজান এতিয়া এজন যুৱক। অলপতে পাৰজান বিবাহপাশত আবদ্ধ হয়। প্ৰেয়সী ডেলনা শ্রফক জীৱনসংগী কৰিছে পাৰজানে। পাৰ্চী নিয়ম অনুযায়ী সম্পন্ন হয় দুয়োৰে বিবাহ। বিয়াৰ কিছুদিনৰ পূৰ্বে এখন ফটো চেয়াৰ কৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ ইংগিত দিছিল পাৰজানে। সমুদ্ৰৰ তীৰত প্ৰেয়সীক প্ৰ’পজ কৰাৰ ফটো আপলোড কৰি লিখিছিল, ‘আৰু ৪ মাহ বাকী।’ এই ন দম্পতীক শুভেচ্ছাৰে ওপচাইছে অনুৰাগীয়ে।

নগাঁৱত অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়াৰে সাংবাদিকৰ মত বিনিময়

 আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যালয়ত বিদ্যুৎ বিভাগৰ শীৰ্ষ বিষয়া সকলে সাংবাদিকৰ লগত মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য মহা প্ৰবন্ধক অভিজিত শৰ্মা বৰুৱাই কয়-গ্ৰাহকৰ সমস্যাৰ গুৰুত্ব দিয়াৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাহক সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমূহ ক্ষীপ্ততাৰে সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদ্যুৎ পৰিষদক ব্যক্তিগত কৰণৰ কথা এতিয়াও অহা নাই বুলি মন্তব্য কৰি শৰ্মা বৰুৱাই জানিবলৈ দিয়ে যে আমি যাতে শক্তি বেছিকৈ আহৰণ কৰিব পাৰো তাৰ বাবে কাম কৰি আছো। যাতে আমাৰ প্ৰতি গ্ৰাহকক আকৰ্ষিত কৰিব পাৰো। তদুপৰি বিদ্যুৎ বিভাগে এতিয়াৰ পৰা মাৰ্কেটিঙৰ কামো আৰম্ভ কৰিছে। মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বৈদ্যুতিক সংমণ্ডলৰ মুখ্য কাৰ্যকৰী বিষয়া বিমল পালে জানিবলৈ দিয়ে যে নগাঁৱৰ বৈদ্যুতিক সংমণ্ডলৰ অন্তৰ্গত হোজাই আৰু নগাঁও জিলাত ৫টা সংমণ্ডল, ১০ টা উপসংমণ্ডল আৰু ৫ লাখৰো অধিক গ্ৰাহক আছে। তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে- গ্ৰাহকৰ পৰা যিমান ৰাজহ সংগ্ৰহ হ’ব লাগে বহু গ্ৰাহকে ৰাজহ আদায় নিদিয়াত আমি সম্পূৰ্ণ ৰাজহ সংগ্ৰহ কৰিব পৰা নাই। তাৰ পিছতো আমি গ্ৰাহকক ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰয়াস কৰি আহিছো। সোভাগ্য আঁচনিৰ জৰিয়তে জিলাখনত ৬১,৩১৮ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিনামূলীয়াকৈ বিদ্যুতৰ সংযোগ দিয়া হৈছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে কিছু কিছু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি নোহোৱাৰ পিছতো একাংশই এই আঁচনি সুবিধা লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ জানিব দিয়ে যে- এই সম্পৰ্কে অনুসন্ধান চলাই থকা হৈছে। তেওঁ এইটো কথাও জানিবলৈ দিয়ে যে- সোভাগ্য আঁচনিৰ হিতাধিকাৰীক কেৱল সংযোগ হে বিনামূলীয়া কৰা হৈছে। বিদ্যুতৰ বিল বিনামূলীয়া কৰা হোৱা নাই। বিদ্যুৎ বিভাগৰ পদক্ষেপৰ বাবেই বিদ্যুৎ বিভাগৰ তাঁৰত লাগি সংঘটিত দুৰ্ঘটনা এতিয়া ৫০% হ্ৰাস পাইছে। তদুপৰি নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক আঁচনি আৰম্ভ কৰা হৈছে বুলি তেওঁ জানিবলৈ দি কয়-এই আঁচনিৰ জৰিয়তে যুৱক- যুৱতী সকল উপকৃত হ’ব। মত বিনিময় অনুষ্ঠানত নগাঁও সংমণ্ডলৰ মহাপ্ৰৱন্ধক মৃদুল শইকীয়া, অতিৰিক্ত মহাপ্ৰৱন্ধক মনিৰুল ইছলাম আহমেদ, মুনিন্দ্ৰ কুমাৰ নাথ, বিশ্বজিৎ দেৱ নাথ আৰু প্ৰাঞ্জল প্ৰতীম বৰা আদিয়ে অংশগ্ৰহণ কৰে।

সংকল্প অসমৰ সংকল্প দিৱসত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীযে ললে সংকল্প

 বিধায়কৰ কাৰ্য্যকাল ২৫টা বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুই তিনিমাহ বাকী থকাৰ সময়ত তেজপুৰৰ বিধায়ক বৃন্দাৱন গোস্বামীয়ে নতুন দল খোলাৰ কুচ কাৱাজ কৰি নতুনকৈ সংকল্প লৈছে। সংকল্প স্হলীতে বিধায়ক গৰাকীৰ সন্মুখত তেজপুৰৰ উন্নয়নকলৈ সমালোচনা সাংস্কৃতিক কৰ্মীৰ।সংকল্প অসম স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে তেজপুৰৰ বিধায়ক বিধায়ক বৃন্দাবন গোস্বামীৰ শক্তি প্ৰদৰ্শন।  দলীয় টিকত লাভ কৰা  নকৰা  তথা পুৰ্বতে অগপৰ পৰা গৈ ন অগপ কৰি মুখথেকেঁচা খোৱা আৰু নতুন দলত যোগদানৰ চৰ্চা চলি থকাৰ সময়তে  অগপৰ এই গৰাকী জ্যেষ্ঠ  বিধায়কে নতুন দল গঠনৰো কুচ কাৱাজ অব্যাহত ৰাখিছে। বিধায়কৰ  পাঁচটাকৈ কাৰ্য্য কালৰ ৰূপালী জয়ন্তীৰ অন্তত স্বনিৰ্ভৰশীল ব্যক্তি,স্বনিৰ্ভৰশীল পৰিয়াল আৰু স্বনিৰ্ভৰশীল অসম গঢ়াৰ  নতুনকৈ সংকল্প লোৱাৰ সময় পালে তেজপুৰীয়া বিধায়ক বৃন্দাবন গোস্বামীয়ে। আচলতে বিধায়ক গৰাকীয়ে নিৰ্বাচনৰ আগমুহুৰ্তত গণসেৱক অসম স্বেচ্ছাসেৱী এক সংগঠনৰ পিছত সংকল্প অসমৰ জৰিয়তে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে। সংকল্প অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিবসত বিধায়ক গৰাকীয়ে স্বনিৰ্ভৰশীল অসম গঢ়াৰ সংকল্প ললে।বৃন্দাৱন গোস্বামীয়ে স্বনিৰ্ভৰশীল অসম গঢ়াৰ সংকল্প লোৱা এই অনুষ্ঠানতে সাংস্কৃতিক কৰ্মী শান্তনু বৰুৱাই তেজপুৰৰ উন্নয়নৰ প্ৰসঙ্গকলৈ কঠোৰ সমালোচনা কৰা বিষয়টোৱে অসমৰতো বাদেই গোস্বামী বিধায়কহৈ থকা তেজপুৰৰে ফোপোলা স্বৰূপটো উদঙাই দিয়ে।

ড০ এপিজে আব্দুল কালাম একাডেমীৰ ব্যতিক্ৰম পদক্ষেপ : গোট মূল্যায়ন ফলাফল লৈ অভিভাৱক, ৰাইজ, ছাত্ৰ ছাত্ৰী লৈ আলোচনা অনুষ্ঠিত হয়

আজি বঙাইগাঁও জিলাৰ গোলাপাৰা-নাম্বাৰপাৰা সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত ডঃ এপিজে আব্দুল কালাম একাডেমীত এক ব্যতিক্ৰম কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে শিক্ষা অনুষ্ঠান খনৰ অধ্যক্ষ জামাল উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীক কি দৰে আগুৱাই লৈ যাব পাৰি সেই বিষয়ে ভাষণ দিয়ে ক্ৰমে জবেদ আলী মুন্সি,গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক শ্বহিদুল ইছলাম, প্ৰাক্তন জিলা পৰিষদৰ সদস্য, সদস্যা ক্ৰমে আবুল কালাম আজাদ, জেবিনাৰা আহমেদ, স্থানীয় প্ৰধান শিক্ষক খবিৰ উদ্দিন, একাডেমী পৰিচালনা সমিতিৰ সভাপতি হাসমত আলী এম এ, সদস্য আক্কাচ আলীয়ে। দেশত চলি থকা লকডাউনৰ বাবে সুদীৰ্ঘ দিন বিদ্যালয় সমুহ বন্ধ থকাৰ বাবে ছাত্ৰ ছাত্ৰী সকলোৰ অটাইতকৈ বেছি ক্ষতি গ্ৰস্ত হৈছে বুলি অনুভৱ কৰি অনাগত দিনত ছাত্ৰ ছাত্ৰী সকলোক কি দৰে আগুৱাই লৈ যাব পাৰি, সেই উদ্দেশ্যে লক্ষ্য আগত ৰাখি ডঃ এপিজে আব্দুল কালাম একাডেমীৰ শিক্ষক, কৰ্মচাৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰীৰ লগতে সচেতন ব্যাক্তি সকলোক লৈ এক আলোচনা সভা অনুষ্ঠিত কৰে। এই ক্ষেত্ৰত একাডেমী কতৃপক্ষই অভিভাৱক সকলোৰ একান্ত সহযোগিতা বিচাৰে। অতিথিৰ ভাষণত আবুল কালাম আজাদে কয় শিক্ষাৰ্থী সকলোক শৈক্ষিক ভাৱে আগুৱাই নিবলৈ হলে অভিভাৱক সকলোৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে। সভাপতিৰ ভাষণত জামাল উদ্দিনে কয় শিক্ষাৰ্থী সকলোক শৈক্ষিক ভাৱে আগুৱাই নিবলৈ হলে অভিভাৱকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

মৰিগাঁৱৰ সু-লেখিকা,সমাজ সেৱিকা,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ মৃত্যু

মৰিগাঁও নগৰৰ সমাজ সেৱিকা,সু-লেখিকা,মৰিগাঁও বালিকা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত আজি পুৱা ৬ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১বছৰ।
সু-লেখিকা গৰাকীৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ লগে লগে সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পৰে। উল্লেখ্য যে-মৰিগাঁও নগৰৰ সমাজ জীৱনৰ লগত সক্ৰিয় ভাবে জৰিয়ত থকা শিখা শইকীয়া হাজৰিকাই বিভিন্ন আলোচনী,গ্ৰন্থ আদিত নিয়মীয়াকৈ লিখি এগৰাকী সু-লেখিকা হিচাপে মৰিগাঁৱৰ সাহিত্য ক্ষেত্ৰ খনত স্বীকৃতি লাভ কৰিছিল। মৰিগাঁও নগৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৯ চনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা হাজৰিকাই আজি কিছুদিনৰ পৰা বহুমূত্ৰ আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ ২ জানুৱাৰীত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তিৰ কৰোৱাই। পিছত চিকিৎসালয়ৰ কৰ্তৃপক্ষই গুৱাহাটী কালাপাহাৰত থকা চিকিৎসালয়লৈ স্থানান্তৰিত কৰে আৰু আজি পুৱা চিকিৎসকে কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সদৰি কৰে।মৰিগাঁৱৰ সু -লেখিকা গৰাকীৰ মৃত্যুত মৰিগাঁও জিলা সাহিত্যি সভা,মৰিগাঁও জিলা সাংবাদিক সংস্থা,জিলা কবি সন্মিলন,মৰিগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট,লেখিকা সংস্থা,লেখিকা সমাৰোহ,গ্ৰাম্য পুথিভঁৰাল সন্থা আদি কৰি একাধিক দল-সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইপিনে, চৰকাৰী ৰীতি নীতিয়ে শেষকৃত্য সম্পূর্ণ কৰোৱা শিখা শইকীয়া হাজৰিকাই মৃত্যুৰ সময়ত স্বামী মৰিগাঁও জিলা সাহিত্যি সভাৰ সভাপতি প্ৰতাপ হাজৰিকা ,এজন পুত্ৰ,এগৰাকী কণ্যাৰ লগতে বহু আত্মীয়স্বজন তথা গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

গ্ৰাম্য প্ৰতিভাক লৈ চিত্ৰগ্ৰহণ সৃষ্টি চিনে প্ৰডাকচনৰ কলাধোঁৱা

গ্ৰাম্য অঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ স্বাৰ্থত সৃষ্টি চিনে প্ৰডাকচনৰ বেনাৰত এতিয়া এক উৎসৱ মুখৰ পৰিবেশত চিত্ৰগ্ৰহণ চলিছে অসমীয়া চলচ্চিত্ৰ কলাধোঁৱা’ৰ। অসমীয়া চলচিত্ৰ জগতৰ চিনাকি মুখ উৎপল ৰাণাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাত যোৰহাট জিলাৰ অৰুণা মুখ মিছিং গাঁও, খনমুখ, তামূলচিগা, গড় ছিগা, লাহোৱালকে ধৰি মনোৰম প্ৰকৃতিক পৰিবেশৰ মাজত গ্ৰাম্য অঞ্চলৰ এদল প্ৰতিভাক লৈ চলিছে চলচ্চিত্ৰ খনৰ চিত্ৰগ্ৰহণ। প্ৰায় ৮০ শতাংশ চিত্ৰ গ্ৰহণ সম্পন্ন হোৱা চলচ্চিত্ৰ খনক লৈ খুব আশাবাদী বুলি মন্তব্য কৰে পৰিচালক উৎপল ৰাণা আৰু দৃশ্য গ্ৰহণ কাৰী ৰমেন দেউৰী। উদীয়মান প্ৰযোজিকা ৰশ্মি ৰেখা ভট্ৰাচার্যই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে গ্ৰাম্য অঞ্চলত বহু প্ৰতিভা আছে কিন্ত্ত সুবিধাৰ অভাৱত সফল হব পৰা নাই গতিকে এই ছবি খনৰ জৰিয়তে তেওঁ এখন মঞ্চ তৈয়াৰ কৰিছে। এই ছবিখনত গঙ্গেশ কলিতা, ৱিকি, দৃষ্টি, অনিন্দিতা, প্ৰণামী, বিনোদ, মানস, নয়ন, জ্যোতিপ্ৰসাদ, ববী দত্ত, অচিন্ত বৰা, ৰশ্মি, চুমিত্ৰা, শিলা, সমীক্ষা, দেৱব্ৰত, সংগিতা, দিগ্বিজয়, হোমেন, অঞ্জলী দা- ধৰা আৰু শিশু শিল্পী কুনাল, নীহাৰ, ঋষভ, নূপুৰ ৰাগিনী আদিয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে।

৮ জানুৱাৰীৰ পৰা দুদিনীয়াকৈ গৰিমামণ্ডিত মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন

মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ অহা ৮জানুৱাৰীৰ পৰা দুদিনীয়াকৈ গুৰুচৰণ মেধি ভৱন মৰিগাঁও শাখা সাহিত্য সভা কাৰ্যালয় প্ৰাংগনত উদযাপন কৰা হ’ব। গৰিমামণ্ডিত মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানটোৰ ৮ জানুৱাৰীত পুৱা ৮:৫৫ বজাত মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাই পতাকা উত্তোলন কৰাৰ লগতে শাখাৰ প্ৰাক্তন সভাপতি, সম্পাদক, শাখাৰ আজীৱন সভ্য আৰু বিশিষ্ট সমাজকৰ্মী সকলেও ৪৯খন পতাকা উত্তোলনৰে সোণালী জয়ন্তী অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰিব। পুৱা ৯:১৫বজাত স্মৃতি তৰ্পণ কৰিব অসম সাহিত্য সভাৰ আজীৱন সভ্য মোহন চন্দ্ৰ বৰদলৈয়ে। পুৱা ১০:৩০ বজাৰ পৰা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া শাখাৰ ন-পুৰণি সতীৰ্থ সন্মিলন উদ্বোধন কৰিব মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনেশ্বৰ দেউৰীয়ে। দিনৰ ২বজাৰ পৰা মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী চন্দ্ৰলেখা গোহাঁই লাহনে। সন্ধিয়া ৫বজাত মৰিগাঁও শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদিকা পৰমেশ্বৰী ডেকা আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য বিউটী দাস ডেকাই বন্তি প্ৰজ্বলনৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি ঘটাব। ৯ জানুৱাৰীত সোণালী জয়ন্তী উৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচীত পুৱা ১০বজাৰ পৰা বিশিষ্ট কবি পোনা দেৱী মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ পৰম হিতৈষী সভ্য মহেন্দ্ৰ নাথ হাজৰিকাই। উক্ত কবি সন্মিলন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ পৰাশৰে। বিয়লি ভাগত মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাই। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজিত শৰ্মাৰ সম্পাদনাত শাখাটোৱে এক সুদীৰ্ঘ যাত্ৰাৰে পঞ্চাশ বছৰ অতিক্ৰম কৰা এক বৰ্ণিল ইতিহাস সম্বলিত স্মৃতি গ্ৰন্থ মুকলি সভাত উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই।উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি নৰেন্দ্ৰ নাথ কেওঁট, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নৱকান্ত বৰদলৈয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰ শইকীয়া, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অশোক ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি মিহিৰ হাজৰিকাৰ লগতে শাখাৰ প্ৰাক্তন সভাপতি, সম্পাদক সকলে অংশ গ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগত বিশিষ্ট কবি পুষ্পলতা বুঢ়াগোহাঁই আৰু মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বানেশ্বৰ চহৰীয়াই বন্তি প্ৰজ্বলনৰে ইতিহাস গৰকা গৰিমামণ্ডিত শাখাটোৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি ঘটাব বুলি আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।