Home Blog Page 3073

সৰুপেটাৰ বান-খহনীয়া প্ৰতিৰোধী ৩ খন আঁচনিৰ কামৰ অগ্ৰগতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে আজি বৰপেটা জিলাৰ বৰনগৰ আৰু সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩টা স্থানত ৰাজ্যিক দুৰ্যোগ সাহাৰ্য পুজিৰে ৰূপায়ন কৰি থকা বান-খহনীয়া প্ৰতিৰোধী ৩ খন আঁচনিৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰে।

নগাঁৱৰ নেহৰুবালিত ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা আৰম্ভ

৮ জানুৱাৰী ২০২১ৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা।অসম শৰীৰ চৰ্চা আৰু ফিটনেচ সংস্হাৰ সৌজন্যত আৰু নগাঁও জিলা শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্হাৰ ব্যৱস্হাপনাত হবলগীয়া খেলসমূহ বিভিন্ন ওজনৰ শাখাত অনুষ্ঠিত হব।পুৰুষ আৰু মহিলাৰ উভয় শাখাত মিষ্টাৰ অসম জুনিয়ৰ, ছিনিয়ৰ,মাষ্টাৰ্ছ,মিছ অসম,ফিটনেছ, পুৰুষৰ মডেল ফিজিক,পুৰুষৰ এথলেটিক ফিজিক আৰু দিব্যাংগৰ শৰীৰ চৰ্চা প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হব।মিষ্টাৰ অসম জুনিয়ৰৰ খেল সমূহ ২১ বছৰৰ অনুৰ্ধৰ আৰু মিছ অসম ফিটনেছ মুকলি শাখাত অনুষ্ঠিত হব।আনহাতে পোনপ্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত কৰা পুৰুষৰ এথলেটিক ফিজিক এটা গ্ৰুপত আৰু দিব্যাংগৰ প্ৰতিযোগিতাও এটা গ্ৰুপতে অনুষ্ঠিত হব।আজি বিয়লি ৫ বজাৰ পৰা খেলুৱৈ পঞ্জীয়ন আৰু ওজন লোৱা হৈছে‌কাইলৈৰ পৰা প্ৰতিযোগিতাৰ খেল সমূহ অনুষ্ঠিত হব।প্ৰতিযোগিতা খনিত ২৭ খন জিলাই অংশগ্ৰহণ নিশ্চিত কৰিছে।আজি সন্ধিয়া নেহৰুবালিত অনুষ্ঠিত দেহশ্ৰী প্ৰতিযোগিতা খনিৰ সন্দৰ্ভত এই তথ্য সদৰী কৰে আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতাৰ  সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই।উল্লেখ্য কাইলৈ পূৱা দহবজাত আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰিব।পূৱা “এন্টি ড্ৰাগছ ৰেলী”আৰম্ভ হোৱাৰ পিচতে খেলসমূহ অনুষ্ঠিত হব।বিয়লি ৩ বজাৰ প্ৰি-জাজিং আৰু সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।১০ জানুৱাৰী পূৱাৰে পৰা খেলসমূহ অনুষ্ঠিত হোৱাৰ পিছতবিয়লি ৫ বজাত চুড়ান্ত খেল সমূহ অনুষ্ঠিত হব।নিশা ৮ বজাৰ বঁটা বিতৰণী অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।সংবাদমেলত আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি অমিতাভ বৰা আৰু সাধাৰণ সম্পাদক সীমান্ত বৰাও উপস্থিত থাকে।

৭০ বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বিধ্বস্ত অঞ্চলবাসীয়ে বিচাৰিছে স্থায়ী সমাধান

পলাশবাৰীৰ গুইমাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধক ৩৩ কোটি টকীয়া অভিলাষী আঁচনি পৰিদৰ্শন কৰি মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকৰ

পলাশবাৰী সমষ্টিৰ গুইমাৰাত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে নিৰ্মীয়মান ৩২.৮২ কোটি টকীয়া অভিলাষী আঁচনিৰ নিৰ্মাণ পৰিদৰ্শন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে। উক্ত আঁচনি ৰূপায়ণৰ সন্দৰ্ভত স্থানীয় একাংশ লোকে জিলা উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত উপায়ুক্ত গৰাকীয়ে আজি পুৱা প্ৰায় দহ বজাত পলাশবাৰীত উপস্থিত হৈ জলসম্পদ বিভাগৰ উচ্চ পদস্থ বিয়ষা আৰু ফ্লাড এণ্ড ৰিভাৰ ইৰোচন মেনেজমেণ্ট এজেঞ্চি চমুকৈ ফ্ৰেমাৰ সংশ্লিষ্ট বিষয়া সকলৰ সহিতে পলাশবাৰীৰ ঘাটত নাৱত উঠি দখলা, গুইমাৰা, চিমিনা, মকাধুজ হৈ ফটুৰীলৈ  গৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধক নিৰ্মীয়মান আঁচনি পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে গুইমাৰাত কিছু সময় স্থানীয় ৰাইজৰ সৈতে মতামত গ্ৰহণ কৰি জানিব পাৰে যে বিগত প্ৰায় ৮০ দিনত আঁচনি ৰূপায়ণৰ ক্ষীপ্ৰ হোৱাত সন্তোষ প্ৰকাশ কৰে। অৱশ্যে বিগত সময়চোৱাত আঁচনি ৰূপায়ণত ঠিকা লাভ কৰা কোম্পানী ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লি: নামৰ সুৰেশ পৃথানিৰ কোম্পানীয়ে লেহেমীয়া কৰাত সময় মতে আঁচনি সম্পূৰ্ণ হে নুঠিল বুলি অভিযোগ উত্থাপন কৰে। লগতে একাংশ স্থানীয় লোকে ব্ৰহ্মপুত্ৰৰ পানীৰ গভীৰতাত জিঅ’ বেগৰ কাম নিখুঁতভাৱে যাতে কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে বুলি দাবী জনায়। অন্যথা ৭০ বছৰৰ পাছত স্থায়ী প্ৰতিৰোধক এই অভিলাষী আঁচনিখন অৰ্থহীন হৈ পৰিব বুলি কয়।

উল্লেখ্য যে গুইমাৰাৰ পৰা মকাধুজলৈ জিঅ’ বেগ আৰু বোল্ডাৰ কেজিং আৰু পিটচিং অনুসৰি বিজ্ঞান সন্মতভাৱে ৰূপায়ণ হ’ব লগা ৩১ কোটি টকীয়া আঁচনিখনৰ বহু শতাংশ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। অৱশ্যে আজি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আগত মাৰ্চৰ ভিতৰত আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰি সাংবাদিকৰ আগত তেওঁ কয় যে কিছু অভিযোগ উত্থাপিত হৈছিল যদিও পৰিদৰ্শন কালত কামৰ অগ্ৰগতি সন্তোষজনক। আঁচনিৰ কাম ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা সকলৰ লগতে ঠিকা লাভ কৰা ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লিমিটেডক নিৰ্দেশ দিয়া হৈছে। উপায়ুক্ত গৰকীক এই আঁচনি ৰূপায়ণৰ বাবে ভূমি অধিগ্ৰহণত বৰ্তমানও জটিলতা থকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ইতিমধ্যে পলাশবাৰী চক্ৰ বিষয়াক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰা বুলি কৈ কম দিনৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰি ভূক্তভোগী পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়। এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত তদাৰকৰ দায়িত্বত থকা পলাশবাৰী- গুমী প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা প্ৰণব ৰবাই উপায়ুক্ত গৰাকীক আঁচনিৰ অতিৰিক্ত খতিয়ান সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই শীঘ্ৰে এই ক্ষেত্ৰত প্ৰশাসনিক সহযোগিতা কামনা কৰে । এছিয়ান ডেভ’লেপমেন্ট বেংক চমুকৈ এডিবিৰ অৰ্থৰে নিৰ্মীয়মান দ্বিতীয় পৰ্যায়ৰ আঁচনি অনুসৰি মকাধুজলৈ ৰূপায়ণ কৰিব লগীয় প্ৰায় ৬ কিলোমিটাৰ এলেকাত ৯০ হাজাৰ জিঅ’ বেগৰ প্ৰয়োজন হ’ব। পেকেজ মতে বিগত বাৰিষাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা গুইমাৰা, চিমিনা, বৰটাৰী অঞ্চলত অধিকাংশ কামেই বাকী আছে। ঠিকা লাভ কৰা কোম্পানী ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লি: নামৰ সুৰেশ পৃথানিৰ কোম্পানীয়ে স্থায়ী খহনীয়া প্ৰতিৰোধৰ কাম এই অঞ্চলত সময় মতে নকৰাৰ বাবে ৰাইজ অসন্তুষ্ট হৈ পৰিছে । স্থানীয় তদাৰক সমিতিৰ সভাপতি জ্যোতিষ দাসে সাংবাদিকক জনোৱা মতে বিগত প্ৰায় আঢ়ৈ মাহত আঁচনিৰ কাম ক্ষীপ্ৰ গতিত হৈছে। এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ পলাশবাৰী -গুমী (মথাউৰি) প্ৰকল্পৰ অভিযন্তা তথা বিষয়া সকলেও অহৰহ কামৰ খতিয়ান লৈ থকাত তেওঁলোকে সন্তোষ প্ৰকাশ কৰিছে। তেওঁৰ মতে এই অভিলাষী আঁচনিখন সময়ত নিৰ্মাণ হৈ নুঠিলে অঞ্চলটো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰা কঠিন হৈ পৰিব।কামৰূপ জিলা উপায়ুক্ত  গৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত গুণমনি ৰায় চৌধুৰী, ফ্ৰেমাৰ প্ৰযুক্তি বিভাগৰ কাৰ্যবাহী বিষয়া ৰঞ্জিত ৰায় বৰুৱা, পিএমচি কনচালটেন্ট দিঠক শৰ্মা, মান নিৰুপন বিভাগৰ মুখ্য বিষয়া আই ভি বুঢ়াগোহাঁই, ডিজাইন বিভাগৰ সঞ্চালকদীপ পেগু, পলাশবাৰী টাউন প্ৰ’টেকচনৰ অধীক্ষক অভিযন্তা প্ৰণব দাস, পলাশবাৰী- গুমী মথাউৰি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা প্ৰণব বৰা, সহকাৰী অভিযন্তা দীপক তালুকদাৰ, এছডিও দ্বিপেন শৰ্মা, কনিষ্ঠ অভিযন্তা পৰমেশ্বৰ দাসকে ধৰি বহু বিষয়া উপস্থিত থাকে।

নগাঁও বন বিভাগৰ সফলতা : অবৈধ কাঠ ফলা মিল জব্দ

নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলা খনৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন জাজৰি মুছলমান গাৱঁৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷  জাজৰি মুছলমান গাৱঁত আজি দীৰ্ঘদিন ধৰি অবৈধ ভাৱে এই কাঠফলা মিলটো চলাই আহিছিল বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে ৷ অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে কাঠফলা মিলটোত ব্যৱহৃত বিভিন্ন যন্ত্ৰাষয়  জব্দ কৰি নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়ৰলৈ লৈ আনে বুলি জানিব পৰা গৈছে ৷ যোৱা কালি পুৱা ছয় বজাত চলা এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে আৰু আন আন বন কৰ্মী সকল উপস্থিত আছিল ৷ 

সত্তৰৰ দশকতেই আত্মপ্ৰকাশ কৰা প্ৰয়াত কবি নৰেন তালুকদাৰৰ সত্তৰ তম্ জন্মদিনত দুখনকৈ গ্ৰন্থ উন্মোচন

সোৱৰণী গ্ৰন্থ 'কেনভাছত তোমাৰ ছবি' আৰু ' মানুহ সমুদ্ৰমুখী নদী' উন্মোচনেৰে ব্যতিক্ৰমী প্ৰয়াস

সত্তৰৰ দশকতেই আত্মপ্ৰকাশ কৰি কাব্য সাধনাৰেই জীৱন পাৰ কৰা কবি – সাহিত্যিক প্ৰয়াত নৰেন তালুকদাৰৰ আজি সত্তৰ তম জন্মদিন উদযাপনৰ ব্যতিক্ৰমী প্ৰয়াসেৰে পলাশবাৰীৰ উপৰহালীস্থিত তেওঁৰ পৰিয়ালৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। আজি পুৱা কাৰ্যসূচী অনুসৰি প্ৰয়াত তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে কবি তালুকদাৰৰ পত্নী বীণা তালুকদাৰ আৰু সপ্তাহিক অসমীয়া প্ৰাগজ্যোতিষ কাকতৰ সম্পাদিকা শশীপ্ৰভা দাসে। তাৰ পিছতেই লেখক ৰোহিনী কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত তথা সহ:সম্পাদক হোমেন মেধীয়ে আতঁধৰা সভাত কবি নৰেন তালুকদাৰে মৃত্যুৰ পূৰ্বে সজাই থৈ যোৱা কবিতাৰ পাণ্ডুলিপিটো তেওঁৰ সহধৰ্মিনীয়ে ‘মানুহ সমুদ্ৰমুখী নদী ‘ নামাৰণেৰে প্ৰকাশ কৰা কাব্যপুথিখনি উন্মোচন কৰে লেখক- সাংবাদিক, নিয়মীয়া বাৰ্তা কাকতৰ উপ সম্পাদক দীপক কুমাৰ দাসে। উন্মোচন কৰি দাসে প্ৰয়াত তালুকদাৰৰ   স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। তাৰ পিছতেই তালুকদাৰদেৱৰ স্বকীয় প্ৰতিভা, বৰ্ণিল জীৱন পৰিক্ৰমা আৰু অতুলনীয় সৃষ্টিৰাজীক সামৰি লেখক- সাংবাদিক কিশোৰ কুমাৰ কলিতাৰ সম্পাদনাৰে পত্নীয়ে প্ৰকাশ কৰা সোৱৰণী গ্ৰন্থ ‘কেনভাছত তোমাৰ ছবি ‘ উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শৰ্মাই। উন্মোচন কৰি শৰ্মাই প্ৰয়াত নৰেন তালুকদাৰে জীৱিত কালত ৰচনা কৰি থৈ যোৱা কবিতা পুথি, প্ৰবন্ধবোৰৰ ওপৰত বক্তব্য প্ৰদান কৰি স্মৃতি ৰোমন্থন কৰে। দুয়োখন গ্ৰন্থ উন্মোচনৰ পিছতেই সভাত উপস্থিত থকা কেবাগৰাকীও লেখকে নৰেন তালুকদাৰৰ স্মৃতি সুৱৰি তেওঁৰ সাহিত্য প্ৰতিভাৰ বিষয়ে বক্তব্য ৰাখে। গোটেই জীৱন সাহিত্য সাধনত ব্যস্ত থাকি হঠাতে ২০১৯ চনৰ ১৪ জুলাইৰ দিনা ইহ সংসাৰ ত্যাগ কৰা কবি সাহিত্যিক গৰাকীৰ সৃষ্টিৰাজী অসমীয়া সাহিত্যৰ ভৰালত চিৰকাল উজ্জ্বলি থাকিব বুলিও সকলোৱে একেমুখে স্বীকাৰ কৰে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফনীন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক তথা লেখক শিৱচৰণ কলিতা, বলেন কলিতা, লেখক যাদৱ চন্দ্ৰ শালৈ, গজেন দাস, নৰেন মজুমদাৰ, হিৰণ্য মজুমদাৰ, লেখিকা বাসন্তি তালুকদাৰ ভৰালী, উপৰহালী ৰাইজ গয়ৰহৰ সম্পাদক দীপক তালুকদাৰ প্ৰয়াত তালুকদাৰৰ স্মৃতিৰাজী ওপৰত আলোকপাত কৰাৰ লগতে সমাজসেৱক পংকজ লোচন গোস্বামী আদিয়ে তালুকদাৰে জীৱিত সময়ছোৱাৰ কথা সোঁৱৰাই  কবিসকলে ঘাট-প্ৰতিঘাত পাৰ কৰি লেখনিৰ জৰিয়তে সমাজত প্ৰতিষ্ঠিত হৈছে। কিন্তু বৰ্তমানৰ পৰিস্থিতি যান্ত্ৰিক হৈ পৰিছে। কিতাপ পঢ়িবৰ সময় নাই। বৰ্তমান সময়ত টকা পইছা ঘটি কম সময়তে প্ৰতিষ্ঠিত হব বিছাৰে বুলে মন্তব্য কৰে। বহুকেইজন বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰয়াত নৰেন তালুকদাৰৰ জীয়ৰী গাৰ্গী তালুকদাৰে।

মাজুলীত পৰ্যটন বিভাগে নাম ফলক লগোৱাৰ নামত ইতিহাস বিকৃত কৰাৰ অভিযোগ

মাজুলী জিলাত অসম পৰ্যটন বিভাগে সত্ৰপীঠৰ সত্ৰানুষ্ঠানৰ উপৰিও বিভিন্ন ঐতিহাসিক স্থানলৈ যোৱা স্থান সমূহ উল্লেখ কৰি কমলাবাৰীত লগোৱা দুখন ফলকত উল্লেখ কৰা ইতিহাস বিকৃত কৰা নামে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসমৰ ৰজাঘৰীয়া চাৰিসত্ৰৰ ভিতৰৰে মাজুলীত ঐতিহাসিক আউনীআটী সত্ৰ , দক্ষিণপাট সত্ৰ আৰু গড়মূৰ সত্ৰ আছে ৷ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে সত্ৰৰ বুৰঞ্জীত নিজা-নিজা নামেৰে জিলিকি থকা এই ৰজাঘৰীয়া চাৰিসত্ৰৰ ভিতৰৰে প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰক পৰ্যটন বিভাগে কমলাবাৰীত লগোৱা ফলকত গড়মূৰ সত্ৰৰ পৰিৱৰ্তে গড়মূৰ বৰ সত্ৰ লিখি ইতিহাস বিকৃত কৰা কাৰ্যক গড়মূৰ সত্ৰবাসীৰ লগতে সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ইয়াৰ পূৰ্ৱে পৰ্যটন বিভাগে গড়মূৰ সত্ৰৰ সন্মুখত এখন ফলক লগাইছিল ৷ তাত অৱশ্যে ইতিহাস বিকৃত নকৰাকৈ গড়মূৰ সত্ৰ বুলি ফলক লগালে যদিও কমলাবাৰী চাৰিআলিত লগোৱা ফলক খনকলৈ তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে বিভাগটোৰ প্ৰতি ৷ ইফালে “ঢকুৱাখনা” নামটোৰ এক ইতিহাস আছে ৷ সেই “ঢকুৱাখনা”ৰ পৰিৱৰ্তে কমলাবাৰীত অন্য এখন পৰ্যটকৰ সুবিধাৰ্থে লগোৱা ফলকত “ঢকুৱাখানা” বুলি লিপিবদ্ধ কৰাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া হৈছে ৷ গতিকে পৰ্যটন বিভাগে বুৰঞ্জী বিকৃত নোহোৱাকৈ সঠিক ভাৱে জানি লৈ এনে ফলক সমূহত নাম সমূহ শুদ্ধ ভাৱে লিখিব লাগে বুলি বিভিন্ন জনে মন্তব্য কৰিছে ৷ লগতে ভুল হোৱা নাম কেইটা শুদ্ধ কৰিবলৈ সচেতন মহলে পৰ্যটন বিভাগক দাবী জনাইছে ৷ অন্যথা নতুন প্ৰজন্মই ভুল টোকে আকোঁৱালি ল’ব ৷ 

গাঁৱৰ উন্নয়ন হ’লেহে প্ৰকৃত উন্নয়ন হব

দক্ষিণপাট গাওঁ পঞ্চায়তত বিধায়ক ৰূপক শৰ্মাৰ কেইবাখনো আঁঁচনিৰ শুভাৰম্ভ

নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট গাঁও পঞ্চায়তত আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কেইবাখনো আঁঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে কেইবাটাও অনুষ্ঠানলৈ বিধায়ক পুঁঁজিৰ অনুদানৰ চেক বিতৰণ কৰে।দক্ষিণপাট পঞ্চায়তৰ অন্তৰ্গত মহমৰীয়া,দক্ষিণপাট,বৰক’লা আদি অঞ্চলত এই আঁঁচনি সমূহৰ শুভাৰম্ভ কৰে।চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ১৯খন আঁঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে সাতটা অনুষ্ঠানৰ বিধায়ক পুঁঁজিৰ চেক বিতৰণ কৰে।এই আঁঁচনি সমূহৰ শুভাৰম্ভ কৰি দিয়া ভাষনত বিধায়ক শৰ্মাই কয়-আমাৰ গাওঁ সমূহৰ উন্নয়ন হ’লেহে প্ৰকৃত উন্নয়ন হব।আমাৰ চৰকাৰে চহৰাঞ্চলৰ সমান্তৰাল ভাবে গ্ৰামাঞ্চলৰ উন্নয়নটো মনোনিবেশ কৰিছে।তেওঁ লগতে কয় এসময়ত মহিলাই ঋণলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল।এতিয়া বিজেপি চৰকাৰে ঋণ ৰেহাই দিছে।আমি মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সৰ্বাংগীন বিকাশ হোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে।এই অনুষ্ঠানত দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈ,পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন দাস,বিজেপি নেতা অকণ দাস,পিংকু বৰা আদিয়ে অংশগ্ৰহণ কৰে।ইয়াৰ আগতে বিধায়ক ৰূপক শৰ্মাক ডাকৰঘাটৰ পৰা তিনিশতাধিক বিজেপি নেতা-কৰ্মীয়ে মটৰ চাইকেলৰে আদৰি নিয়ে।

হোজাইত বন্যহস্তীৰ মুক্ত বিচৰণ

আতঙ্কৰ মাজেৰে দিনটো অতিক্ৰম

শুক্ৰবাৰৰ দিনটো হোজাইৰ চৌপাশে পাৰ কৰিছে আতঙ্কময় পৰিবেশত, তিনিটা বন্য হস্তীৰ মুক্ত বিচৰণত আতংকিত জনাঞ্চল৷ দিনতেই ডবকা বনাঞ্চলৰ পৰা জনাঞ্চলৈ খাদ্যৰ সন্ধানত উলাই অহা বন্য হস্তীৰ দলটোক বনকৰ্মীৰ তৎপৰতাত মোৰাঝাৰ কপাহবাৰী আদি অঞ্চলৰ পৰা হোজাইৰ টেলিবস্তি হৈ নন্দপুৰ গাওঁলৈকে আনিব পৰা গৈছে যদিও বাতৰি সংগ্ৰহ কৰা সময় লৈকে হাবিলৈকে খেদি লৈ যাবলৈ সক্ষম হোৱা নাই বন কৰ্মীৰ দলটোৱে। হাতীৰ দলটোৱে কপাহবাৰী, মোৰাঝাৰ আদি বিভিন্ন গাওঁ অতিক্ৰম কৰি দিন দুপৰতে হোজাইৰ একাংশ গাওঁ যেনে টেলিবস্তি, ধনিৰাম পথাৰ, নন্দপুৰ আৰু দাৰীয়া বস্তি আদি গাওঁ সমূহত এক আতঙ্কময় পৰিবেশৰ সৃষ্টি কৰে। হাতীৰ দলটোক খেদিবলৈ বনকৰ্মীৰ দলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে, হাতীৰ জাকটোক খেদিবলৈ গুলী ফুটোৱাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ ঘন জনবসতি অঞ্চল হোৱা হেতুকে বহু চেষ্টা কৰিও সফল হ’ব পৰা নাই, অন্যহাতে বন্য হস্তীক চাবলৈ ৰাজ পথলৈ ওলাই আহিল অজস্ৰ স্থানীয় লোক। হোজাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও  আতঙ্কৰ মাজেৰে দিনটো অতিক্ৰম কৰে হোজাইৰ উক্ত অঞ্চল বাসীয়ে।

নগাঁৱৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক কমকৈ তেল দিয়াক লৈ উত্তপ্ত পৰিস্থিতি

নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিৰ লক্ষ্মী চাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক তেল কমকৈ দিয়াক কেন্দ্ৰ কৰি আজি দুপৰীয়া পেট্ৰ’ল পাম্পটোত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। প্ৰাপ্ত অভিযোগ অনুসৰি আজি দুপৰীয়া এই পেট্ৰ’ল পাম্পটোত এজন গ্ৰাহকে ৩ লিটাৰ পেট্ৰল ক্ৰয় কৰে।তেল কমকৈ দিয়া বুলি সন্দেহ প্ৰকাশ কৰি গ্ৰাহকজনে তেলখিনি পুনৰ জোখাত প্ৰায় ৩০০ গ্ৰাম পেট্ৰ’ল কমকৈ উলাও। ইয়াক কেন্দ্ৰ কৰি গ্ৰাহকজনৰ লগতে আন একাংশ গ্ৰাহকে এক উত্তেজনা ময় পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত পেট্ৰ’ল পাম্পৰ কৰ্তৃপক্ষই আলোচনা মৰ্মে বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পেট্ৰ’ল পাম্পটোত তেল কমকৈ দিয়াৰ কথা কৰ্মচাৰী আৰু কৰ্তৃপক্ষই স্বিকাৰ কৰে। মাত্ৰ ৩ লিটাৰ তেলতে যদি এনে বিসংগতিৰ সৃষ্টি হয় তেন্তে অধিক তেল ভৰালে কি হ’ব বুলি গ্ৰাহক সকলে প্ৰশ্ন কৰিছে। পেট্ৰল পাম্পটোত কিমান দিনৰ পৰা এনেধৰণৰ কাৰবাৰ চলি আছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ইপিনে পাম্পটোৰ কৰ্মচাৰীয়ে জনোৱা মতে নিৰ্দিষ্ট দায়িত্ব প্ৰাপ্ত লোকে জোখ মিলাই থৈ যায়। এনেদৰে মিলাই থৈ যোৱা পাছতহে আমি গ্ৰাহকক তেল দিওঁ। কৰ্মচাৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে নিদিষ্ট দায়িত্ব প্ৰাপ্ত লোকে তেলৰ জোখ মিলাই থৈ যায় তেনেহ’লে গ্ৰাহকক তেল দিওঁতে হোৱা বিসংগতিৰ আঁৰত পেট্ৰল পাম্প কৰ্তৃপক্ষৰ লগত সংশ্লিষ্ট  লগত গোপন বুজা বুজি থাকিব পাৰে বুলি গ্ৰাহকে সন্দেহ প্ৰকাশ কৰিছে। এনেবোৰ বিষয় চোৱা চিতা কৰিবৰ বাবে যোগান বিভাগ, “আই অ’ চি” কে ধৰি বিভিন্ন বিভাগ আছে যদিও ৰহস্যজনক কাৰণত এই বিভাগ সমূহে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। উল্লেখ্য যে আজি কিছু দিনৰ পূৰ্বেও পেট্ৰল পাম্পটোত এনেধৰণৰ অবাঞ্চিত ঘটনা কেইবাবাৰো সংঘটিত হৈছিল।

প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ হাজাৰ হাজাৰ কংগ্ৰেছী অনুৰাগী কৰ্মীয়ে যোগ দিব বিজেপিত

গোলাঘাটত বিজেপিৰ বিশাল যোগদান সমাৰোহ : ২০০০ বাইকৰ ৰেলীৰে ৰঞ্জিত,হিমন্তক আদৰিব দলীয় কৰ্মীয়ে

গোলাঘাট বিধান সভা সমষ্টিৰ সদ্য পদত্যাগী বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছতে গোলাঘাটত এইবাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জেষ্ঠ নেত্ৰী অজন্তা নেওগৰ এই সকল অনুৰাগী কংগ্ৰেছ কৰ্মীয়ে আজি দলে বলে আহি বিজেপিত যোগদানৰ বাবে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বত গোলাঘাট জিলা বিজেপিয়ে এই বিশাল যোগদান সমাৰোহ খনৰ প্ৰস্তূতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । 

গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত উষা গৰঙা অঞ্চলত অনুষ্ঠিত হৱলগীয়া এই যোগদান সমাৰোহত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাজনো আগশাৰীৰ নেতা কৰ্মীৰ লগতে গোলাঘাট জিলাৰ জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ,মণ্ডল পৰ্যায়কে ধৰি ৱাৰ্ড পৰ্যায়ৰ প্ৰায় দহ সহস্ৰাধিক নেতা কৰ্মীয়ে প্ৰথম পৰ্যায়ত যোগদান কৰিব । সম্ভৱতঃ অসমৰ বিভিন্ন যোগদান সমাৰোহৰ তুলনাত গোলাঘাট বিজেপিৰ এইখন যোগদান সমাৰোহেই সৰ্ববৃহৎ কংগ্ৰেছ কৰ্মীৰ যোগদান সমাৰোহ হিচাপে পৰিগণিত হ’ব ।

এই যোগদান সমাৰোহত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,সাংসদ তথা প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ , ডা: ৰাজদ্বীপ ৰয় , কামাখ্যা প্ৰসাদ তাছা, সাংগঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা , সম্পাদক তথা গোলাঘাটৰ প্ৰভাৰী কৃষ্ণমণি চুতীয়া আদিকে ধৰি বহু সংখ্যক  বিজেপিৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিব ।

ইফালে, উক্ত দিনা দলৰ সভাপতি ৰঞ্জিত  কুমাৰ দাস আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিষয় ববীয়াসকলক আদৰিবলৈ ২০০০ খন বাইকৰ এক বৃহৎ ৰেলীৰ আয়োজন কৰা হৈছে । এই বাইক ৰেলীয়ে গোলাঘাট নগৰৰ সমন্বয় খেলপথাৰৰ পৰা উষা গৰঙাৰ সভাস্থলীলৈকে বিজেপিৰ নেতৃত্বক আগবঢ়াই নিব বুলি জানিব পৰা গৈছে ।