Home Blog Page 3073

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে দেহত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰে? সচা নে মিছা? DB FACTCHECK

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।

দাবীটোৰ সত্যতা জানিবলৈ আমি আমি চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰেল দাবীটোৰ দৰে তেনেকুৱা কোনো নিয়ম ঘোষণা কৰিছে নেকি চালো। আমি এই সম্পৰ্কত তেনেকুৱা একো তথ্য নাপালো। তাৰ পিছত নিতৌ কোভিড ৰোগীৰ চিকিৎসা কৰি থকা খ্যাতিমান চিকিৎসক তথা গৱেষক ডা হিম্মতৰাে বাৱাস্কৰৰ সৈতে ভাইৰেল মেছেজটোৰ সত্যতা জানিবলৈ যোগাযোগ কৰিলো। তেওঁ স্পষ্ট কৰি দিলে যে মেছেজটো সম্পূৰ্ণৰূপে ভিত্তিহীন।

“যেতিয়া আমি কোভিড ১৯ৰ দৰে বিশ্বব্যাপী মহামাৰীৰ সৈতে যুঁজ কৰি থাকো,তেতিয়া মানুহে তেনেকুৱা মেছেজত বিশ্বাস কৰিব নালাগে। তথাকথিত সেই ঘৰুৱা উপচাৰসমুহ কৰ’ণাভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰভাৱী নহয়।” ফেনত তেখেতে তেনেকৈ ক’লে।

কৰ্পূৰ হৈছে এবিধ টাৰপিন,যিটো সাধাৰণতে ক্ৰিম,মলম আৰু লোচনত ব্যৱহাৰ কৰা হয়।যদিও ইয়াক বিষ,খজুৱতী আৰু সুৰসুৰণিত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ কোনো ভাল বৈজ্ঞানীক প্ৰমান নাই যে কৰ্পূৰ তেনেকুৱা আন কামত ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি ইয়াৰ মাত্ৰাধিক ব্যৱহাৰ কৰে,তেনেহ’লে ই পাৰ্শ্বক্ৰিয়া কৰিব পাৰে।
লং যদিও স্বাস্থ্যৰ বাবে ভাল,তথাপি ই কোভিড১৯ ৰোগত চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱাৰ কোনো বৈজ্ঞানীক গৱেষণালব্ধ প্ৰমান নাই। একেধৰণে আজৱাইন হৈছে আজৱাইন নাম উদ্ভিদৰ গুটি। ইয়াত ভাৰতীয় খাদ্যত ব্যৱহাৰ কৰা হয়। সীমিত পৰিমানৰ কিছু গৱেষণাই কয় যে ই কাঁহ নিবাৰক হিচাপে বা হাওঁ-ফাওঁলৈ উশাহৰ পৰিমান বৃদ্ধিত সহায় কৰে। মানুহৰ স্বাস-প্ৰস্বাসজনিত ৰোগ বা কাঁহৰ ক্ষেত্ৰত আজৱাইনে কেনেধৰণৰ প্ৰতিৰোধ গঢ়ে তাৰ বাবে বিস্তাৰিত গৱেষণাৰ প্ৰয়োজন আছে।

আইএএনএছৰ তৰফৰ পৰা ড: নৰোত্তম কুমাৰৰ উদ্ধৃতিত কোৱা হৈছে,” মই এই মিশ্ৰনবোৰ সম্পৰ্কত সচেতনভাৱে নজৰ ৰাখিছো আৰু সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈছো। হোম আইছ’লেছনত থকা ৰোগীৰ বাবে তেনেকুৱা এটা উপচাৰ হৈছে এচামুচ ডালচিনিৰ গুড়ি গৰম পানীৰ সৈতে গ্ৰহন কৰা। ডালচিনিয়ে পেটৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমান বঢ়াই দিয়ে আৰু যাৰ ফলত ৰক্ত পৰিবাহী নলী বন্ধ হৈ ৰক্তপ্ৰৱাহ ৰৈ যাব পাৰে। ই গ্ৰীষ্মকালত হিতে বিপৰীত হ”ব পাৰে।”
পালমোনোলোজিষ্ট ড: সূৰ্য কান্তে ৰাইজক হোৱাটছএপৰ দিহা পালন নকৰি চিকিৎসকৰ সহায় ল’বলৈ আহ্বান জনায়।

আমি আনকি কোভিড ১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত ডা: বালানুজ মজুমদাৰৰ সৈতে যোগাযোগ কৰোতে তেওঁৱো কৈছে যে এম্বুলেন্সত তেনেকুৱা কিবা মিশ্ৰন মজুত ৰখা কথাটো তেওঁ শুনায়ে নাই।গতিকে ভাইৰেল মেছেজটো বৈজ্ঞানীক গৱেষণালব্ধ নহয়। আমি আমাৰ পাঠকসকল তেনেকুৱা সত্যাসত্য নিৰূপিত নোহোৱা কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাও।

চুমিলাক ন্যায় প্ৰদানৰ স্বাৰ্থত আমি কি কৰিব পাৰো? ‘ডিবি’ নিউজৰ জনমত গঠনৰ এক ক্ষুদ্ৰ প্ৰয়াস!

আহক একগোট হওঁ!

ছোচিয়েল মিডিয়াত চুমিলা ৰংহাংপিক ন্যায় প্ৰদান কৰাৰ বাবে জনমত গঠন কৰাত অসমৰ সংবাদ মাধ্যমৰ ভূমিকাক লৈ আলোচনা চলি থকাৰ মাজতে আমি দৈনন্দিন বাৰ্তা গ্ৰুপ আৰু ডিবি নিউজে আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকৰ পৰামৰ্শ আমাক জনাওক। আমি আপোনালোকৰ লগত আছো

ডিব্ৰুগড়ৰ জকাইত বালি-পলস মাফিয়াৰ ছিণ্ডিকেট আৰু গুণ্ডাৰাজত অতিষ্ঠ সৰ্বসাধাৰণ।

বালি-পলস মাফিয়াৰ ছিণ্ডিকেট

ডিব্ৰুগড়ৰ জকাইত বালি-পলস মাফিয়াৰ ছিণ্ডিকেট আৰু গুণ্ডাৰাজত অতিষ্ঠ সৰ্বসাধাৰণ।নামত বৈধ কামত সম্পূৰ্ণৰূপে অবৈধভাৱে বালি-পলস খনন জকাইৰ বুঢ়ীদিহিঙৰ বুকুত। এই গুৰুতৰ অভিযোগ জকাইবাসীৰ। বনবিভাগক মেনেজ কৰি একাংশ বালি মাফিয়াই পৰিৱেশৰ প্ৰতি আনিছে তীব্ৰ ভাবুকি। বিস্তৃত অঞ্চলত বৃহৎ খহনীয়াৰ আশংকা। হৰে ঘাট দলঙলৈ কঢ়িয়াইছে অশনি বিপদ। উল্লেখ্য দলঙৰ সমীপত এটা সেউজীয়া চাপৰি, বদ্বীপ সদৃশ এলেকা মুক্তভাৱে খননৰ পাছতো বন বিভাগে অবলম্বন কৰিছে ৰহস্যজনক মৌনতা। ইফালে জকাইৰ ৰাইজে নিশ্চিত বিপদৰ আশংকাত জিলা প্ৰশাসনক এনে খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে মুকলি ক্ষোভ প্ৰকাশ কৰিছে। আনকি বালি পলস মাফিয়া চক্ৰই জিলা উপায়ুক্তক আপত্তি প্ৰদৰ্শন কৰা একাংশ মহিলাৰ ওপৰত ভুৱা গোচৰ তৰি ভয় ভাবুকি প্ৰদৰ্শন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
বুঢ়ীদিহিং নৈৰ কাষত থকা পলস বালি দৈনিক জে চি বিৰে খান্দি শশ ডাম্পাৰ, ট্রেক্টৰে, ট্ৰাক আদিৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত যোগান ধৰি আহিছে। দীর্ঘদিন ধৰি চলি অহা এই অবৈধ বালি আৰু পলসৰ ৰমৰমীয়া ব্যৱসায়ৰ জকাই খণ্ড বন বিষয়াৰ কার্যালয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷

একেদিনাই শতাধিক পজিটিভ: বৰপেটা জিলাৰ মজলীয়া বিদ্যালয়ো বন্ধ ঘোষণা

বৰপেটা জিলাত কোভিড পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ মজলীয়া বিদ্যালয় সমূহো কাইলৈৰ পৰা বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰা নতুন নিৰ্দেশনাৰ আধাৰত কাইলৈৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ অনুৰ্ধৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ স্বাক্ষৰিত এটা নিৰ্দেশত এই কথা কোৱা হৈছে। এই নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী উভ‌য় ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। অৱশ্যে ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা লাভ ক্ষতিগ্ৰস্ত নোহোৱাকৈ অন লাইন যোগে পাঠদান ব্যৱস্থা বাহাল ৰাখিবলৈ কোৱা হৈছে। আজি একে দিনাই  জিলাখনত শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিমধ্যে জিলাখনত মুঠ কৰোনা ৰোগীৰ সংখ্যাই এশ অতিক্ৰম কৰাৰ দিনাই জিলাখনৰ পঞ্চম শ্ৰেণীৰ পৰা নিম্ন শাখাৰ সকলো শ্ৰেণীৰে বিদ্যালয়ৰ পাঠদান বন্ধ কৰি দিয়া হৈছিল। অহা ৮ মে’লৈকে এই নিৰ্দেশ প্ৰযোজ্য হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অৱশ্যে নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ শ্ৰেণীৰ বিদ্যালয়ত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত অংশ লোৱাৰ অনুমতি বাহাল ৰখা হৈছে। আজি অবিভক্ত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ৪১৮১জন লোকৰ কৰা পৰীক্ষাত ১২৯ জনৰ পজিটিভ পোৱা যায়। ইফালে জিলাখনৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বিষয়ে আলোচনাৰ বাবে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত আজি আবেলি এখন  সভা অনুষ্ঠিত হয়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, সকলো অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা পৰিবহন বিষয়া, খাদ্য আৰু যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপসঞ্চালক, শ্ৰম বিষয়া আদিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সকলো দিশ খৰচি মাৰি আলোচনা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা উপায়ুক্তই জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছে। সমিতিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক মনোজ কুমাৰ ছিকাৰিয়াক উপাধ্যক্ষ আৰু জেষ্ঠ অতিৰিক্ত উপায়ুক্ত দিলীপ কুমাৰ বোথ্ৰাক সদস্য সচিব হিচাপে নিয়ুক্তি দিয়াৰ উপৰি সকলো অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা পৰিবহন বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু শ্ৰম বিষয়াক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। কালি দেওবাৰে সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত কাইলৈও ইয়াৰ  এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব।

টংলা তিনি আলি দৈনিক বজাৰত মৃতদেহ উদ্ধাৰ

ওদালগুৰি জিলাৰ টংলা টংলা থানাৰ অন্তৰ্গত আজি আবেলি প্ৰায় ২-২৬বজাত তিনিআলি দৈনিক বজাৰত এটি মৃতদেহ প্রত্যক্ষ কৰি ৰাইজে খবৰ দিয়াত টংলা আৰক্ষীয়ে উদ্ধাৰ কৰে।প্ৰায় ৩৫বছৰীয়া মৃত মহিলাগৰাকী ওখ পাঁচ ফুট ।প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা মতে মৃত্যুৰ আগমুহূৰ্তলৈকে নিচা খাই মাতাল হোৱাও প্ৰত্যক্ষ কৰিছিল ।আনহাতে মৃতদেহটো অঘৰী মানুহৰে বুলিয়েই স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।প্ৰাপ্ত তথ্য মতে কেইদিনমান আগতে চৰাই চিৰিকটি চিকাৰ কৰি টংলা ৰেল ষ্টেচনত বসবাস কৰাও ৰাইজে প্ৰত্যক্ষ কৰিছিল।অচিনাক্ত মৃতদেহটি টংলা আৰক্ষী য়ে পোষ্ট মৰ্টেম কৰিবলৈ ওদালগুৰি লৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

শ্ৰীৰামপুৰত বন্ধন বেংকত দিন ডকাইতিঃ পাঁচ লক্ষাধিক টকা লুট কৰি নিয়ে ডকাইতৰ দলটোৱে

চাৰিজনৰ এটা দলে আজি বিয়লি চাৰিমান বজাত বন্ধন বেংকত সোমাই বেংকৰ কেছিয়াৰৰ ওচৰত আহি অস্ত্ৰ টোৱাই পাঁচ লাখ তিনি হাজাৰ টকা লুট কৰি নিয়ে

বন্ধন বেংকৰ সূত্ৰৰ পৰা জানিব পৰা মতে আজি বিয়লি চাৰিমান বজাত হঠাতে চাৰিজন অচিনাকী যুৱক বেংকত প্ৰৱেশ কৰি বেংকৰ কেছিয়াৰৰ ওচৰত আহি আগ্নেয়াস্ত্ৰ টোৱাই ধন দাবী কৰে। কেছিয়াৰ জনে ধন দিবলৈ অমান্তি হোৱাত তেওঁক বন্দুকৰ বাটেৰে কোৱাই গুৰুত্বৰ ভাৱে আহত কৰি পাঁচ লাখ তিনি হাজাৰ টকা কাঢ়ি লৈ যায়।পাছত উক্ত ঘটনাৰ খবৰ পাই শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাস্হলীত উপস্হিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে উক্ত ডকাইতিৰ ঘটনাৰ লগত কোন জড়িত সেই সন্দৰ্ভত কোনো শুংসূত্ৰ উলিৱাব পৰা নাই যদিও বেংকত থকা চিচি কেমেৰাৰ ফুটেজ লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

নলবাৰীত কৰ’না সজাগতা: ৫ শতাধিক লোকৰ মাজত মাস্ক-চাবোন বিতৰণ

ক’ভিড মহামাৰীৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰা আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে আজি নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰ চ’কত
নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা , নলবাৰী জিলা প্ৰেছ ক্লাব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। সংগঠনকেইটাই ক’ভিড ১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ কালত দূৰণিবটীয়া বাছৰ চালক,পৰিচালক, হেণ্ডিমেন, অন্যান্য মটৰ শ্ৰমিক , ই-ৰিস্কা-টেম্প’ চালক আৰু জনসাধাৰণৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে। এনে প্ৰায় ৫০০ গৰাকী লোকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক ইউনিয়ন নলবাৰী জিলা সমিতি সভাপতি সীমান্ত দাস , নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মন , সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ , সাংবাদিক মনোজ শৰ্মা, বিজু দাস , নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাস , জিলা ছাত্ৰ সন্থাৰ জিতু শৰ্মা, অৰিন্দম হালৈ, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন উপ-সভাপতি বিশাল বিক্ৰম চৌধুৰী, শ্ৰমিক নেতা উৎসব পাটগিৰি ,ইউচুৱ আলী আদিয়ে। তেওঁলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই চলিবলৈ লগতে স্বাস্থ্য বিভাগে দিয়া বিধি মানি চলিবলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে অনাহক ঘৰৰ পৰা ওলাই নাহিবলৈ অনুৰোধ জনায়।।

একুৰা জুয়ে শেষ কৰি পেলালে জামুগুৰিহাটৰ কেইজনমান উদ্যমী যুৱকৰ সকলো সপোন। জাহ গ’ল পাঞ্চজন্য!

চাকৰি কৰাৰ চিন্তা এৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’ব খোজা জামুগুৰিহাটৰ একাংশ যুৱকৰ সপোন আজি পূৱাই ভাঙি চূৰ-মাৰ হ’ল ৷ “পাঞ্চঁজন্য আত্ম সহায়ক” গোট নামদি এই সকল নিবনুৱা যুৱকে প্ৰায় বিশ বিঘা মাটি লিজত লৈ আৰম্ভ কৰিছিল কৃষি কৰ্ম ৷ গৰু,ছাগলী,হাহঁ,কুকুৰা পালনৰে স্বাবলম্বী হ’ব খোজা এই সকলৰ কৃষি ফ্ৰামখন আজি পূৱাই দপদপাই জ্বলি উঠে ৷ এই বিধ্বংসী জুইত নিমিষতে জাহ যায় ফ্ৰামখনত থকা হাহঁ,কুকুৰা,ছাগলীৰ লগতে টিভি,বৈদ্যুতিক মটৰকে ধৰি বিভিন্ন মূল্যৱান আচবাৱ ৷ পূৱা ১০ মান বজাত সংঘটিত এই বিধ্বংসী জুই নিৰ্ব্বাপনৰ বাৱে পাচত জামুগুৰি অগ্নি নিৰ্ব্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও ইতিমধ্যে ফ্ৰামখনৰ তিনিটা বৃহৎ ঘৰ সহ প্ৰায় ৮ লাখ টকাৰ সামগ্ৰী জ্বলি ছাইহৈ পৰে ৷ বৈদ্যুৎতিক চৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে গোটৰ সদস্য সকলে ৷

লামডিঙ বন বিষয়াৰ কাৰ্য্যালত জুই‌ ।

ৰেলনগৰী লামডিঙৰ কালীবাড়ি ৰোডৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালৰ প্ৰাঙ্গত জাবৰত জুই লগাৰ ফলত তাত থকা বৈদ্যুতিক ‌ ট্ৰান্সফৰৰ্মাটো সেই জুইত জাহ যায় ।স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ভাষ্য অনুসৰি কোনে জাৱৰত জুই লগাইছিল কোনোও দেখা নাই ৷ লামডিং আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে ঘটনাৰ সুএ পোহৰলৈ আহিব ৷

প্ৰিয়ংকা ভঁৰালীৰ ফটো বিতৰ্ক। প্ৰাগ নিউজক চিৰ জীৱনৰ বাবে বৰ্জন কৰিলে জনপ্ৰিয় গায়িকাগৰাকীয়ে

অসমৰ চেটেলাইট চেনেল প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ন আৰু চেনেলটোৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিলে জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভঁৰালীয়ে। প্ৰাগ নিউজৰ এটা অনুষ্ঠানত অংশ গ্ৰহন কৰি উঠাৰ পিছত তোলা এখন ফটোক লৈ ফেচবুক লাইভযোগে নিজৰ বক্তব্য প্ৰকাশ কৰি প্ৰিয়ংকা ভঁৰালীয়ে চিৰ জীৱনৰ বাবে প্ৰাগ নিউজক বৰ্জন কৰা বুলি প্ৰকাশ কৰিছে।