গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশব ধামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰমুখ্যে আন আন সম ভাবাপন্ন ভাতৃ সংগঠনৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে গুৱাহাটী কাৰ্য্যালয় কালি মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰি বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ প্ৰমুখ জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক কিছু কথা সদৰি কৰে ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘচালক গুৰু প্ৰসাদ মেধি, বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি শুভৰাম বৰা, শ্ৰীৰাম ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতি অসমৰ অভিযান প্ৰমুখ ব্ৰজজ্যোতি শৰ্মা, গুৱাহাটী সমিতিৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, অভিযান প্ৰমুখ চন্দন ৰাভা আদি বিষয়ববীয়াসকলৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত এই কাৰ্য্যালয় মুকলি কৰি নিধি সমৰ্পণ অভিযান শৃংখলাবদ্ধ ভাবে আগবঢ়াই নিবলৈ বিভিন্নজনে পৰামৰ্শ দিয়ে ৷ পূৰ্বোত্তৰৰ ধৰ্মপ্ৰাণ ৰাইজৰ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত কোনো অঞ্চলৰ কোনো ভক্তিপ্ৰাণ লোক যাতে নিধি সমৰ্পণত বঞ্চিত নহয় তাৰ বাবে প্ৰতিঘৰৰে দুৱাৰে দুৱাৰে উপস্থিত হৈ সংযোগ স্থাপন কৰিবলৈ সেৱকসকলক পৰামৰ্শ দিয়া হয় ৷ অহা ১৫ জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই দেশৰ আন আন ঠাইৰ লগতে অসমতো মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান চলিব ৷ সেই অনুসৰি গুৱাহাটীটো অভিযান প্ৰমুখ চন্দন ৰাভাৰ নেতৃত্বত গঠিত নিধি সমৰ্পণ অভিযান গোটে প্ৰতিঘৰ মানুহৰ দুৱাৰে দুৱাৰে গৈ নিধি সংগ্ৰহ অভিযান চলাব ৷
বোকাখাতত কৃষি আৰু উদ্যান শস্য বিষয়ক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আয়োজন
অহা ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে বোকাখাতত তিনি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ ” শীৰ্ষক প্ৰদৰ্শনীৰ প্ৰস্তুতি সন্দৰ্ভত বিষদভাবে আলোচনা কৰিবৰ বাবে এখনি জৰুৰী সভা যোৱা ১০ জানুৱাৰীত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অসম চৰকাৰৰ কৃষি, পশুপালন, পশু চিকিৎসা, খাদ্য সংশাধন ও উদ্যান শস্য বিভাগৰ মাননীয় মন্ত্রী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত তিনিদিনীয়া কৈ অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানৰ আয়োজনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। উল্লেখ্য যে তিনি দিনীয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যমী কৃষক সকলে যোগদান কৰিব। আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ যেনে ভিয়েটনাম, মালয়েচিয়াকে ধৰি আন কেইবাখনো দেশৰ প্ৰতিনিধিয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত যোগদান কৰিব। উদ্যোগতা সকলে আশা কৰিছে যে, এই “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ” শীর্ষক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী খনে অসমৰ কৃষি ক্ষেত্রখনৰ লগত জড়িত সকলো কৃষকক উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অন্যান্য মাত্রা প্ৰদান কৰিবলৈ সক্ষম হব। এই তিনি দিনীয়া প্ৰদৰ্শনীত উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্ৰদৰ্শনী কৰাৰ সুযোগ পোৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব। কৃষি বিশেষজ্ঞ তথা কৃষি বিজ্ঞানী, কৃষি ক্ষেত্রত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত প্ৰশিক্ষণ তথা আলোচনা চক্র সমূহতো কৃষক সকলে অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে, এই প্ৰদৰ্শনীত অসমৰ বিভিন্ন প্ৰান্তৰ উঠি অহা উদ্যোমী যুৱ কৃষকসকলৰ নিজ নিজ অনুভৱ ব্যক্ত কৰাৰ বাবে যথোচিত এখনি মঞ্চ প্ৰদানৰো ব্যবস্থা কৰা হ’ব। মাননীয় কৃষি মন্ত্রী অতুল বৰাই কৃষি, উদ্যান শস্য, খাদ্য সংশাধন তথা পশু পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হোৱা সকলোকে প্ৰদৰ্শনীখনত অংশগ্রহণ কৰি সমগ্র অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। এই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীখনে যাতে অসমৰ শিক্ষিত যুৱক যুৱতী সকলক কৃষি পশুপালনৰ ক্ষেত্রখনৰ জৰিয়তে আত্মনিৰ্ভশীল হবলৈ উৎসাহিত কৰে, এই ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰিবলৈ কৃষি মন্ত্রী গৰাকীয়ে পৰামৰ্শ দিয়ে।
খাৰুপেটিয়া ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দু-ব্যৱহাৰ আৰু মানসিক হেচাত প্ৰাণ গ’ল এজনৰ
খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দুৰ ব্যৱহাৰ তথা মানসিক হেচাত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে দৰঙৰ খাৰুপেটিয়াত। ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত উল্লেখ কৰা মতে দৰঙৰ ধুলা থানাৰ অন্তৰ্গত ওজাগাওৰ আব্দুল খালেক নামৰ দৰিদ্ৰ বৃদ্ধাজনৰ খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকত আছিল এটা চেভিংছ একাউণ্ট বুক। চৰকাৰে দিয়া বৃদ্ধ পেনচনৰ টকা উঠোৱাৰ আশাৰে গৈছিল বেংকলৈ।তেওঁৰ পাছবুকত KYC আপডেট দিব লাগিব বুলি জনাই দিয়ে বেংকৰ কৰ্মচাৰীয়ে। সেইবাবেই যোৱা শুক্ৰবাৰে বৃদ্ধ গৰাকী নথি পত্ৰ সহ লৈ গৈছিল ইউনিয়ন বেংকলৈ। সেইটোৱেই যেন কাল হল বৃদ্ধ গৰাকীৰ। ইউনিয়ন বেংকৰ শৰ্মা উপাধি থকা কৰ্মচাৰী জনে বৃদ্ধাজনৰ KYC Form জমা লোৱাৰ পৰিবৰ্তে তেওঁক দুৰ ব্যৱহাৰ তথা মানসিক হেচা প্ৰয়োগ কৰি বেংকৰ পৰা খেদি পঠিয়াই দিয়ে ।কৰ্মচাৰীৰ দুৰ-ব্যৱহাৰত দৰিদ্ৰ বৃদ্ধাজনে বাহিৰলৈ ওলাই আহে যদিও আলী উপাধী থকা দালাল এজনৰ হতুৱাই আকৌ ভিতৰলৈ মাতি পঠিয়াই বৃদ্ধ মানুহ গৰাকীক ৷ দালাল জনে বলপূৰ্বক ভাৱে বাহিৰৰ পৰা টানি লৈ যায় সেই বৃদ্ধ গৰাকীক। অশ্লীল গালি গালাজ পাৰাৰ লগতে ঋণ পৰিশোধ নকৰিলে বিভিন্ন দাবী ধমকিৰে পুলিচক গতাই দিম বুলি বহুৱাই ৰাখে বৃদ্ধাজনক । সেই কথা শুনি হতভম্ব হয় বৃদ্ধ গৰাকী।দিন হাজিৰা কৰি পৰিয়ালক পোহ পাল দিয়াৰ লগতে কেৱল পেনচনৰ টকা ওঠোৱাৰ বাহিৰে বেংকলৈ যোগাযোগ নাই ব্যক্তি গৰাকীৰ।তেনে ক্ষেত্ৰত তেওঁৰ নামত ঋণ কেনেকৈ হল।আৰু কোনে ওঠাই ললে। বিভিন্ন চিন্তাত তেওঁ হতাশগ্ৰস্থ হৈ কপিবলৈ ধৰিলে।লগতে তেওঁৰ কেতিয়াও ঋণ নোলোৱা বুলি কাকুতি মিনতি কৰিবলৈ আৰম্ভ কৰিলে কৰ্মচাৰী জনক। কৰ্মচাৰী জনৰ দুৰ ব্যৱহাৰ দেখা পাই লগত যোৱা পুত্ৰ বোৱাৰীয়ে ঘৰলৈ উভতি আনে বৃদ্ধগৰাকীক। তেওঁ বেংকৰ পৰা ঋণ লোৱা নাই বুলি কৈ কাকতি মিনতি কৰি ঘৰলৈ আহাৰ পিছতেই গুৰুতৰ ভাবে অসুস্থ হৈ পৰে ৷পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মানসিক অশান্তিত ভোগা বুলি ঘৰলৈ পঠিয়াই দিয়ে ৷ চিকিৎসা কৰি ঘৰত অনাৰ পিচত লোকজনৰ মৃত্যু হয় ৷ তেওঁৰ নামত কোনো ঋণ নথকাত সহজ সৰল ব্যক্তিজনক মানসিক হাৰাশাস্তি কৰাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ দিয়ে পৰিয়ালৰ লোকে। তাৎপৰ্যপূৰ্ণ কথা হল খাৰুপেটিয়াস্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ লগত কৰা দুৰ ব্যৱহাৰৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে । বেংকখনৰ শৰ্মা আৰু বিহাৰী উপাধি থকা কৰ্মচাৰী দুজনৰ দুৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে বেংকৰ গ্ৰাহক সকল। কৰ্মচাৰী দুজনৰ বিৰূদ্ধে শাখা পৰিচালকক অভিযোগ দিয়াৰ পাচতো কোনো গুৰুত্ব নাই। গ্ৰাহকৰ লগত সদায় দুৰ ব্যৱহাৰ কৰা এনে কৰ্মচাৰীৰ বিৰূদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।
বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত ৬০ লাখ টকীয়া পেভেলিয়নৰ আধাৰশিলা স্থাপন
উন্নত মানবিশিষ্ট পেভেলিয়নৰে এইবাৰ ক্ৰীড়াক্ষেত্ৰত এখোজ আগবাঢ়িছে বিশ্বনাথ চাৰিআলি ষ্টেডিয়াম। আনকি বি চি চি আইৰ অন্তৰ্গত ঘৰুৱা ক্ৰিকেট খেলো অনুষ্ঠিত হ’ব বিশ্বনাথৰ ষ্টেডিয়ামত। আজি এই কথা ঘোষণা কৰিছে অসম ক্ৰিকেট সন্হাৰ সম্পাদক দেৱজিৎ শইকীয়াই। বিশ্বনাথ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আজি প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে ৩ হাজাৰ বৰ্গফুটৰ নিৰ্মান হ’ব লগা পেভেলিয়নৰ আধাৰশীলা স্হাপন কৰি এ চি এৰ সম্পাদকজনে বিশ্বনাথৰ ষ্টেডিয়ামখন ভৱিষ্যতৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ বুলি অভিহিত কৰে। উল্লেখ্য যে বিশ্বনাথ জিলা ক্ৰীড়া সন্হাৰ সভাপতি অপূৰ্ব কুমাৰ দাসৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত সভাত বিধায়ক প্ৰমোদ বৰঠাকুৰে এ চি এৰ কাৰ্যক প্ৰশংসা কৰে। ক্ৰীড়া সন্হাৰ সম্পাদক ৰাতুল শইকীয়াই আঁত ধৰা সভাখনত আনকি এ চি এৰ সম্পাদক জনে ৫ খনকৈ ক্ৰিকেট গ্ৰাউণ্ড নিৰ্মান কৰাৰ কথা দাঙি ধৰাৰ লগতে নিৰ্মান হ’বলগীয়া পেভেলিয়নৰ কাম জুন মাহৰ পুৰ্বে সমাপ্ত হ’ব বুলি মন্তব্য কৰে। আনহাতে জুন মাহত ৰাজ্যৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি চলাইছে বিশ্বনাথ জিলা ক্ৰীড়া সন্হাই। আজিৰ এই কাৰ্যসূচীত এ চি এৰ কোষাধ্যক্ষ ত্ৰিদিপ কোঁৱৰ, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত সূৰ্য কমল বৰা, নৰেন শৰ্মা আদি বিশিষ্ট ব্যক্তিৰ লগতে বহু নবীন প্ৰবীন খেলুৱৈ উপস্হিত থাকে।
দেৰগাঁও ভোগালী বিহু সন্মিলনৰ মহাৰজত জয়ন্তী আৰম্ভণি বৰ্ষৰ প্ৰস্তুতি
উজনি অসমৰ সৰ্বাধিক পুৰণি দেৰগাঁও ভোগালী বিহু সন্মিলনে মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিলে। বিগত ৭৪ বছৰে বিভিন্ন কাৰ্য্যসূচীৰে উলহ মালহেৰে উদযাপিত কৰি অহা বিহু সন্মিলন খনি এইবাৰ মহাৰজত জয়ন্তী আৰম্ভণি বৰ্ষ হিচাপে ১৩,১৪,১৫ আৰু ১৬ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লঠাগাঁওস্থিত অজলা পুথিভঁৰালৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে।এই উপলক্ষে প্ৰথম দিনা সন্ধ্যা মেজি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰিব গায়ন দিলীপ বৰাই। দ্বিতীয় দিনা পুৱা বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বেদান্ত কুমাৰ বৰাই। ইয়াৰ পাছতেই বিহুৰ সমুহীয়া জলপান খোৱাৰ পৰ্ব আৰম্ভ হব। তৃতীয় দিনা ভোগালী বিহুৰ লগত সংগতি ৰাখি পুৱা অনুষ্ঠিত হব ক্ৰীড়া প্ৰতিযোগিতা। বিয়লি ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, সাধু কোৱা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।সন্ধ্যা বিশিষ্ট সমাজকৰ্মী, ভোগালী বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰয়াত ঘনকান্ত দত্ত সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব সমাজপ্ৰান অতুল গোস্বামীয়ে। ইয়াৰ পাছতেই অনুষ্ঠিত হব অসমীয়া গীতৰ আধাৰত আনন্দৰাম বৰা সোঁৱৰণী নৃত্য প্ৰতিযোগিতা। অন্তিম দিনা পুৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজত ঠাইতে ছবি অঁকা প্ৰতিযোগিতা,সকলোৰে বাবে পিঠা প্ৰতিযোগিতা, ভেশছন প্ৰতিযোগিতা, টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত হব। বিয়লি বটাঁ প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পাছত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান। এই সমুহ কাৰ্যসূচীত সকলোৰে উপস্থিত তথা সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি বেদান্ত কুমাৰ বৰা, কাৰ্যকৰী সভাপতি সত্যজিত দত্ত আৰু সম্পাদক হেমেন বৰাই। বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবৰ বাবে ৭০০২২৪২৮২৮/৯১০১৪১৭০০৫ আৰু ৯৩৬৫২৩০৭৭৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।
নগাঁওত কংগ্ৰেছ এৰি বিজেপিলৈ ২ সহস্ৰাধিক সংখ্যালঘু লোক
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া সমগ্ৰ দেশৰ সৰ্বাংগীন বিকাশ হোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে। সেয়েহে এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে আৰু দলে বলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। অনাগত দিনতো ৰাইজে বিজেপি দলক আদৰি ল’ব আৰু আমাক ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব।’-এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।
আজি ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু হেৰাপট্টি কেন্দুগুৰি গাঁও পঞ্চায়তৰ সহযোগত অনুষ্ঠিত বিশাল যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়কগৰাকীয়ে লগতে কয় যে, ‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নটো মনোনিবেশ কৰি আহিছে। আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ চৰকাৰে প্ৰদান কৰা উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে সকলো ধৰণৰ লোক বৰ্তমান উপকৃত হৈছে। সেয়েহে চৰকাৰে উন্নয়নমূলক আঁচনি সমূহ ৰূপয়ানৰ ক্ষেত্ৰত কোনো ধৰণৰ হিনদেৰী কৰা নাই।’
হেৰাপট্টি পঞ্চায়তৰ সভানেত্ৰী ফাইজিলা বেগমৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাখনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰি প্ৰায় সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক বিজেপি দললৈ উষ্ম আদৰণি জনাই বিধায়ক ৰূপক শৰ্মাই ।
গোৱালপাৰাৰ জলেশ্বৰত জুৱাৰীৰ দপদপনি : বিনষ্ট শৈক্ষিক পৰিৱেশ
গোৱালপাৰাৰ বৃহত্তৰ জলেশ্বৰৰৰ হাসডোবাৰ কলাবাৰীত যোৱা দুই জানুৱাৰীৰ নিশা এটি জুৱাৰু চক্ৰই নিৰ্বিঘ্নে চলোৱা জান্দি মুন্দা জুৱা খেল অভিযোগৰ ভিত্তিত জলেশ্বৰ আৰক্ষীয়ে দুবাৰকৈ গৈ বন্ধ কৰিব লগীয়া হোৱা ঘটনাৰ চাঞ্চ্যলৰ মা’ৰ নৌযাওতেই পুনৰ যোৱা নিশা জলেশ্বৰৰ গোসাঁই ডুবিত অসাধু চক্ৰই চলোৱা জান্দি মুন্দা জুৱা খেল ধুমেৰ ঘাট আৰু জলেশ্বৰ আৰক্ষীয়ে দুবাৰকৈ গৈ বন্ধ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কিছুদিনৰ পৰা অনায়াসে অ’ত-ত’ত চলাই আহিছে ( জাণ্ডি-মুণ্ডা ) জুৱা খেল । ফলত , অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে সৃষ্টি কৰিছে এক অশান্তিকৰ পৰিৱেশ । বিশ্বস্ত সূত্ৰই জনোৱা মতে , অসাধু চক্ৰটোৱে বৃহত্তৰ জলেশ্বৰ অঞ্চলৰ বিভিন্ন ঠাইত আজি কিছু দিনৰ পৰা সাংস্কৃতিক সন্ধিয়া ( নৃত্য- গীত ) ৰ গইনা লৈ নিৰ্বিঘ্নে পাতি আহিছে জুৱা খেল । উল্লেখ্য যে , কিছু দিন আগতে জলেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালকান্দাৰ ধাৰাই বজাৰ , সাতশিয়াখামাৰ , হাসডোবা , গৌড়নগৰ আদি বিভিন্ন ঠাইত কিছু দিন পিচে-পিচে মুকলিকৈ পাতিছিল ( জাণ্ডি-মুণ্ডা ) জুৱা খেল । ইপিনে , উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত শিক্ষান্ত পৰীক্ষাৰ আগমুহূৰ্তত এনেদৰে ও’ৰে নিশা মুকলিকৈ অসামাজিক কাৰ্য ( জুৱা ) অনুষ্ঠিত কৰি অহাত শিক্ষাৰ্থীয়ে পঢ়া-শুনাত চৰম অসুবিধাৰ সন্মুখীন হোৱাত লগতে বিনষ্ট কৰিছিল সামাজিক পৰিৱেশ । শেহতীয়াকৈ , সেই অসাধু চক্ৰটোৱে যোৱা-কালি পুনৰ জলেশ্বৰৰ গোসাঁইডুবি অঞ্চলত দুদিনীয়াকৈ জুৱা পতাৰ আয়োজন কৰিছিল । সেই অনুসৰি কালি সন্ধিয়াৰ পৰাই মুকলিভাৱে পাতিছিল ( জাণ্ডি-মুণ্ডা ) জুৱা খেল । বিনষ্ট হৈছিল অঞ্চলটোৰ সামাজিক পৰিৱেশ । লগে লগে এই অসামাজিক কাৰ্য (জুৱা ) বন্ধ কৰাৰ সমৰ্থন জনাই সাংবাদিকক অৱগত কৰে একাংশ ৰাইজে । পাছত , সাংবাদিকে তৎমুহূৰ্ততে বিষয়টো আৰক্ষী প্ৰশাসনক অৱগত কৰে । এই খৱৰ পাই স্থানীয় আৰক্ষীৰ এটা দল লগে লগে জুৱাস্থানত উপস্থিত হৈ জুৱা খেল বন্ধ কৰি দিয়াৰ পাছত আৰক্ষীৰ দলটো উক্ত স্থানৰ পৰা উভতি যায় । এইখিনিতে আচৰিত কথাটো হ’ল , আৰক্ষীৰ দলটো উভতি অহাৰ পিচ মুহূৰ্ততে জুৱাৰীয়ে পুনৰ জুৱা খেল আৰম্ভ কৰা বুলি বাৰে বাৰে সাংবাদিকক জনায় একাংশ সচেতন লোকে । সাংবাদিকে বাধ্য হৈ আকৌ এই জুৱা আৰম্ভ কৰাৰ খৱৰটো জিলা আৰক্ষী প্ৰশাসনক অৱগত কৰোৱা হয় । এই খৱৰ পোৱা মাত্ৰেই পুনৰ জলেশ্বৰ আৰক্ষীৰ দলটো জুৱা থলীত গৈ সম্পূৰ্ণৰূপে জুৱা উৎখাত কৰি দিয়ে । আনহাতে , সঘনাই এনে অসামাজিক কাৰ্য ( জুৱা ) চলি থকাৰ পাছতো স্থানীয় জলেশ্বৰ আৰক্ষীয়ে চকু’মুদা কুলিৰ ভাও ধৰা কাৰ্যই অতি আশ্চৰ্য্যকৰ বিষয় হৈ পৰিছে বুলি অঞ্চলটোত ব্যাপক চৰ্চা হৈছে । ইপিনে জুৱাৰু চক্ৰটোৱে সাংবাদিকৰ ওপৰত খৰ্গগ্ৰস্ত হোৱা বুলি এটি গোপন সুত্ৰৰ পৰা জানিব পৰা গৈছে। সচেতন ৰাইজে অঞ্চলটোত এনেদৰে সঘনাই অব্যাহত থকা অসামাজিক কাৰ্য সমুলি বন্ধ কৰিবলৈ অনুৰোধ জনাইছে ।
গোলাঘাটত এজেপি নহয় অগপত যোগদান শতাধিক আছুকৰ্মীৰ
“নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহে অসমীয়া খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰাত কিমান দূৰ সফল হ’ব সেয়া সময়েহে ক’ব । আন্দোলন বহুত হ’ল আন্দোলনৰ পৰা দুটাকৈ ৰাজনৈতিক দল আৰু এজন এম পি দিয়াৰ বাহিৰে কোনো সুফল নাপালোঁ।” আজি অসম গণ পৰিষদৰ জন্ম স্থান গোলাঘাটত দলটোত যোগদান কৰি এনেদৰে মন্তব্য কৰে প্ৰাক্তন আছুকৰ্মীয়ে। আজি গোলাঘাটঃ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত দলটোৰ যোগদান কাৰ্যসূচীত জিলাখনৰ শতাধিক প্ৰাক্তন আছুকৰ্মীৰ লগতে যুৱক-যুৱতীয়ে দলটোৰ কেন্দ্রীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত যোগদান কৰে। দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসমীয়াৰ স্বাৰ্থত একে লগে কাম কৰাৰ মানসেৰে অগপত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে যোগদানকাৰীসকলে। মন্ত্ৰী অতুল বৰাই দলীয় বস্ত্ৰ প্ৰদান কৰি দললৈ সকলোকে আদৰণি জনাই আছুৰ মজিয়াত পৰা অগপত যোগদান কৰাত নথৈ আনন্দিত হোৱা বুলি উল্লেখ কৰে।
আজি সামৰণি পৰিব ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা
আজি ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ অন্তিমটো দিন । ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰিব বিত্ত, স্বাস্থ্য, শিক্ষা আৰু অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই।
লগতে এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আৰু আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ সভাপতি ডঃ তৰেণ বড়ো।
অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাখনত ৰাইজৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে সামৰণি কৰাৰ সলনি অধিক সময়ৰ বাবে পঢ়ুৱৈ সমাজৰ বাবে খুলি ৰখাৰ কথা চৰ্চা চলিছিল যদিও দেওবাৰেই আজি সামৰণি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে প্ৰতিদিনে প্ৰায় ৪০ হেজাৰ লোকৰ সমাগম হোৱা বুলি সম্ভাৱনা ব্যক্ত কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানলৈকে মুঠ ৪ লাখৰো অধিক লোকে গ্ৰন্থমেলাত ভিৰ কৰাৰ ধাৰণা কৰা হৈছে। ইফালে বৰ্তমানলৈকে ৮ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে যদিও দেওবাৰ পৰ্যন্ত আৰু ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হ’ব বুলি ধাৰণা কৰিছে প্ৰকাশন পৰিষদে।
কোৱিড-১৯ ৰ পৰৱৰ্তী বিশ্বত ভাৰতৰ অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কোৱিড-১৯ ৰ পৰৱৰ্তী বিশ্বত ভাৰতৰ অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত কৰাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰে।নিটি আয়োগে এই বৈঠকৰ আয়োজন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত নতুন নতুন ব্যৱস্থাসমূহে বিশ্বৰ ভিন্ন সংস্থাৰ প্ৰসংশা পাবলৈ সমৰ্থ হৈছে। অতি দৰিদ্ৰ সকলকো আধুনিক প্ৰযুক্তিৰে শক্তিশালী কৰাৰ বাবে ভাৰতত আৰম্ভ হোৱা অভিযানৰ বিষয়ে এতিয়া বিশ্বৰ চূকে কোণে চৰ্চা হোৱা বুলি তেওঁ মত প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে দুটা মেক ইন ইণ্ডিয়া কোৱিড১৯ প্ৰতিষেধক লৈ মানৱ সমাজক সুৰক্ষা দিবলৈ সাজু হৈছে।ভাৰতত তৈয়াৰী এই প্ৰতিষেধকে সমগ্ৰ বিশ্বকে লাভান্বিত কৰিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰিছে।আজি ষোড়স প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।









