Breaking

ডিব্ৰুগড়ৰ জকাইত বালি-পলস মাফিয়াৰ ছিণ্ডিকেট আৰু গুণ্ডাৰাজত অতিষ্ঠ সৰ্বসাধাৰণ।

0 398

ডিব্ৰুগড়ৰ জকাইত বালি-পলস মাফিয়াৰ ছিণ্ডিকেট আৰু গুণ্ডাৰাজত অতিষ্ঠ সৰ্বসাধাৰণ।নামত বৈধ কামত সম্পূৰ্ণৰূপে অবৈধভাৱে বালি-পলস খনন জকাইৰ বুঢ়ীদিহিঙৰ বুকুত। এই গুৰুতৰ অভিযোগ জকাইবাসীৰ। বনবিভাগক মেনেজ কৰি একাংশ বালি মাফিয়াই পৰিৱেশৰ প্ৰতি আনিছে তীব্ৰ ভাবুকি। বিস্তৃত অঞ্চলত বৃহৎ খহনীয়াৰ আশংকা। হৰে ঘাট দলঙলৈ কঢ়িয়াইছে অশনি বিপদ। উল্লেখ্য দলঙৰ সমীপত এটা সেউজীয়া চাপৰি, বদ্বীপ সদৃশ এলেকা মুক্তভাৱে খননৰ পাছতো বন বিভাগে অবলম্বন কৰিছে ৰহস্যজনক মৌনতা। ইফালে জকাইৰ ৰাইজে নিশ্চিত বিপদৰ আশংকাত জিলা প্ৰশাসনক এনে খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে মুকলি ক্ষোভ প্ৰকাশ কৰিছে। আনকি বালি পলস মাফিয়া চক্ৰই জিলা উপায়ুক্তক আপত্তি প্ৰদৰ্শন কৰা একাংশ মহিলাৰ ওপৰত ভুৱা গোচৰ তৰি ভয় ভাবুকি প্ৰদৰ্শন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
বুঢ়ীদিহিং নৈৰ কাষত থকা পলস বালি দৈনিক জে চি বিৰে খান্দি শশ ডাম্পাৰ, ট্রেক্টৰে, ট্ৰাক আদিৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত যোগান ধৰি আহিছে। দীর্ঘদিন ধৰি চলি অহা এই অবৈধ বালি আৰু পলসৰ ৰমৰমীয়া ব্যৱসায়ৰ জকাই খণ্ড বন বিষয়াৰ কার্যালয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷

Leave A Reply