হোজাই জিলাৰ মোৰাঝাৰৰ গড়কাপ্তানী পথৰে দৈনিক পাৰ হয় অ’ভাৰ লোডিং বালি কঢ়িওৱা শ শ ট্ৰাক – ডাম্পাৰ। বহিঃ জগতৰ লগত যোগাযোগৰ একমাত্ৰ পথ কেইটা হৈছে চামৰালি- মোৰাঝাৰ আৰু দেৱস্থান- মোৰাঝাৰৰ সমান্তৰালকৈ কপাহবাৰী কৰৈয়নী সংযোগী গড়কাপ্তানী ৰাজ্যিক পথ । কিন্তু চৰকাৰী ক’ৰ ফাকিৰে দিনে নিশাই বালি কঢ়িয়াই নিয়া ডাম্পাৰ ট্ৰাকৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত উক্ত পথ কেইটা জহি খহি জৰাজীৰ্ণ হোৱাৰ লগতে পথ কেইটাৰে দৈনিক ২০০ ৰ পৰা ২৫০ শ ট্ৰাক ডাম্পাৰে অত্যাধিক বালি কঢ়িয়াই নিয়াত গড়কাপ্তানী পথৰ বিভিন্ন স্থানত মেলিছে বৃহৎ ফাট। কোনো কোনো ঠাইত ৰাস্তা ফাটি গৈ সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দ তথা বিশাল গাঁতৰ। পথৰ বিভিন্ন স্থানত পকী অংশই অধিক ভৰ সহিব নোৱাৰি ফাটি পৰিছে । ইপিনে দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত গড়কাপ্তানী পথ কেইটাই বিপজ্জনক ৰূপ ধাৰণ কৰিছে। ৰাজহুৱা অভিযোগ মতে ,দেৱস্থান আৰু চিতলমাৰি অঞ্চলৰে বৈ যোৱা যমুনা নদীত থকা বৈধ অবৈধ বালি ঘাটৰ পৰা ট্ৰাক আৰু ডাম্পাৰে দিনে নিশাই অত্যাধিক বালি কঢ়িয়াই বালিৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ বাবে পথ কেইটা ভাঙি জৰাজীৰ্ণ হৈ এক বিপদজনক ৰূপ ধাৰণ কৰিছে । তদুপৰি মোৰাঝাৰ বজাৰৰ পৰা জয়নগৰলৈ নিৰ্মিয়মাণ পকী পথৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অত্যাধিক বালি কঢ়িওৱাৰ ফলতেই পথৰ কিছু অংশ ফাটি যাব ধৰিছে। নীতি বহিঃৰ্ভূতভাৱে জিলা পৰিবহণ বিভাগৰ একাংশ বৰমুৰীয়াৰ লগত বালি মাফিয়াই গোপন বুজাবুজিৰে ৭ চিএম বালিৰ বিপৰীতে ১৫/১৬ চিএম বালি কঢ়িয়াই নিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰহস্যজনক ভাৱে দেখিও নেদেখাৰ ভাওত থকা পৰিবহণ বিভাগৰ মৌনতাৰ বাবে ১২ টন সহিব পৰা ৰাস্তাৰে বালি মাফিয়াই অত্যাধিক বালি কঢ়িয়াই নিয়াত গড়কাপ্তানী পথৰ অৱস্থা শোচনীয় হৈ পৰিছে। কম দিনৰ ভিতৰতে গড়কাপ্তানী পথে শোচনীয় ৰূপ ধাৰণ কৰাত সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নীতি নিৰ্দেশনা বহিঃৰ্ভূত তথা বেআইনী ভাৱে অত্যাধিক বালি কঢ়িওৱা ট্ৰাক ডাম্পাৰ সমূহ হোজাই জিলা পৰিবহণ বিভাগে নাকী লগাবলৈ সক্ষম হব নে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। নে উত্থাপিত হোৱা অভিযোগ মতে গোপন অংকৰ বাবে দেখিও নেদেখাৰ ভাওত থাকিব হোজাই জিলা বন বিভাগ আৰু পৰিবহণ বিভাগ৷নৱনিযুক্ত জিলা বন বিষয়াই অভিযান চলালে সকলো পোহৰৈ আহিব৷
লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে : লাডাখৰ তুষাৰপাতত শ্বহীদ অসমৰ জোৱান, শিৱসাগৰত শোকৰ ছাঁ
লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ ৷ অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হোৱাত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু অসমৰ জোৱানৰ ৷ খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ মৃত্যু হয় লাডাখত ৷ শিৱসাগৰ জিলা গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ প্ৰয়াত মইনা গগৈৰ পুত্ৰ তথা অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হয় ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত জোৱানজনৰ কেনেকৈ মৃত্যু হ’ল । সেই বিষয়ে জানিব পৰা হোৱা নাই । যদিও তুষাৰপাতত মৃত্যু হোৱা বুলি আকাংক্ষা কৰা হৈছে । আনহাতে আজি এক বিশেষ বিমানযোগে তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ অনা হ’ব ৷
ৰঙাপৰা সমষ্টিৰ ৰাইজৰ দলৰ মনোনিত প্রাৰ্থী বিজয় তিৰ্কিৰ এক আছুতীয়া সাক্ষ্যাতকাৰ
ৰঙাপৰা সমষ্টিত নিৰ্বাচনী প্রচাৰ তুংগত উঠাৰ সময়ত ৰাইজৰ দলৰ প্রাৰ্থী তথা স্থানীয় উচ্চ শিক্ষিত যুৱক আৰু এসময়ৰ চাহ জনজাতি ছাএ সন্থাৰ প্রাক্তন জিলা সম্পাদক বিজয় তিৰ্কিক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা প্রাৰ্থী দিয়াত কাৰ লাভা লাভ হব বুলি জানিব বিছৰাত তেখেতে উল্লেখ কৰে যে দুয়োটা দলৰ শীৰ্ষ নেতৃত্বই বিজেপি দলক ভেটিবলৈ বহু ৰনকৌশল প্রস্তুত কৰি এই সিদ্বান্ত গ্রহন কৰি দুয়োটা দলৰ প্রাৰ্থীক নিৰ্বাচনৰ প্রতিদন্দিতা কৰাইছে । চাহ শ্রমিকৰ সমস্যা আৰু মজুৰি বৃদ্ধিৰ সমস্যা সমাধান একো নকৰিলে আৰু বৰ্তমান সেয়া ন্যায়লয়ত বিচাৰধীন অৱস্থাত আছে । পৰৱৰ্তী সময়ত এই সমুহ সমস্যা তেখেতে হৃদয়গম কৰিছে আৰু এইয়া সমাধানৰ ক্ষেএত বহু পৰিকল্পনাৰে আগবাঢ়িব বুলি উল্লেখ কৰে ।
বকোত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অনুদানত আয়োজিত ” নাট কৰ্মশালা “ৰ সামৰণি
ৰাজ্য চৰকাৰৰ অধীনস্থ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৱন্টিত অনুদানেৰে নৃত্য – গীত ; নাটক ; অভিনয় ; কথাছবি তথা নাট – ক’লা প্ৰদৰ্শন উন্নয়ণ বিভাগৰ উদ্যোগত আৰু জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰ বকোৰ সহযোগত যোৱা ১২ মাৰ্চৰ পৰা চাৰি দিনীয়া বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছিল ” নাট কৰ্মশালা “। উল্লেখ্য যে ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ ধনেৰে আয়োজন কৰা নাট কৰ্মশালা খন বকোস্থিত চিলাৰায় ভৱনত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিছিল পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। যোৱা ১২ মাৰ্চত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা নাট কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে। বৃহত্তৰ অঞ্চলটোৰ শিল্পী মনৰ লগতে শিল্পীৰ প্ৰতিভা থকা প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত নাট কৰ্মশালাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৰাজ্যৰ বিশিষ্ট ছবি পৰিচালক তথা নেছনেল স্কুল অফ ড্ৰামা একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী হিমাংশু প্ৰসাদ দাস। বকোৰ যুৱ শিল্পী মনোজ কুমাৰ দাসৰ তৎপৰতাত আয়োজন কৰা নাট কৰ্মশালা খনৰ আজি আয়োজন কৰা সামৰণি অনুস্থানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ; পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে সুমিত ৰাভা ; নগৰমল স্বৰ্গীয়াৰী ; ফ্ৰাইলিন মাৰাক ; জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰৰ উপদেষ্টা ড: গণেশ্বৰ চহৰীয়া ; জেষ্ঠ্য শিল্পী প্ৰহ্লাদ বড়ো ; শিক্ষক তথা শিল্পী নিৰণ খাখলাৰী ; কোচ ৰাজবংশী সন্মিলনীৰ গৌৰাঙ্গ চৌধুৰী ; অৱসৰপ্ৰাপ্ত শিক্ষক জোনাথন মাৰাক ; নিখিল ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ সম্পাদক দিব্য ৰাভাকে ধৰি কেবাজনো বিশিষ্ট অতিথি সমাজকৰ্মী আৰু সাংবাদিকৰ লগতে
বহু কেইজন অভিভাৱক অভিভাবিকাৰ লগতে কেৱাজনো শিল্পী। উল্লেখ্য যে ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ পাৰিষদ ফ্ৰাইলিন মাৰাকৰ পৌৰহিত্যত আজি আয়োজন কৰে নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত কয় যে বকোত আয়োজন কৰা নাট কৰ্মশালা খনৰ জৰিয়তে অঞ্চলটোত বহু শিল্পীৰ সৃষ্টি হ’ব আৰু নাট্যকাৰ ; অভিনেতাৰ প্ৰতিভা বিকাশ হ’ব বুলি শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়। অনুস্থানত সুমিত ৰাভা ; নগমমল স্বৰ্গীয়াৰী ; ড: গণেশ্বৰ চহৰীয়াই নাটকৰ জৰিয়তে সমাজ সংস্কাৰৰ আন্দোলন গঢ়ি তুলিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। নিজৰ নতুন প্ৰজন্মক শিল্পী হিচাপে গঢ়িবলৈ চেষ্টা কৰা হৈছে বুলি জানিব দিয়ে কেৱাজনো অভিভাৱক অভিভাবিকাই। নাট কৰ্মশালাৰ সামৰণিত প্ৰশিক্ষাৰ্থী সকলোক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
জাতীয় সংগঠনৰ নেতাৰ ভণ্ড স্বৰূপ উদঙাই শাসকদলত যোগদান কৰিলে এ জে পিৰ কেন্দ্ৰীয় সম্পাদক সুবীৰ মেচে
অসমৰ একাংশ জাতীয় – জনগোষ্ঠীয় সংগঠনৰ কোনো কোনো নেতাৰ ভণ্ডামী স্বৰূপ সৰ্বজন বিদিত । যি কোনো প্ৰকাৰে সংগঠনৰ শীৰ্ষ পদ গ্ৰহণ কৰি বিভিন্ন উৎসৰ পৰা অবাধ ধন সংগ্ৰহ কৰি নিজৰ স্বাৰ্থ সিদ্ধ কৰা এই সকল নেতাই জাতীয় সংগঠনক নেৰ্তৃত্ব দি দূৰ্নীতি , ছিণ্ডিকেট , অপশাসন আদিৰ বিৰুদ্ধে টেটু ফালি চিঞৰি নিজকে জাতীয়তাবাদী নেতাৰ শাৰীত নিয়াৰ প্ৰয়াসৰ পিছতে তেনে নেতাৰ কাৰ্যবোৰ যে প্ৰকৃততে এক ভণ্ডামীহে সেয়া প্ৰতিপন্ন হৈ আহিছে । শেহতীয়াকৈ এনে এজন নেতাৰ কাণ্ড ই সেই কথা সত্যতা নিৰূপণ কৰিলে । এটা জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদত থাকি নাগৰিকত্ব সংশোধনী আইন – ২০১৯ ৰ বিৰোধী আন্দোলনকে ধৰি অসমীয়া জাতি – জনগোষ্ঠীক প্ৰতাৰণা – প্ৰৱঞ্চনা – জাতিধ্বংসী কাৰ্যৰ লগতে অবাধ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ পৰৱৰ্তী সময়ত নৱগঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদকৰ পদ দখল কৰি বিধায়ক তথা মন্ত্ৰী হোৱাৰ সপোন বিফল হোৱাত এ জে পি ত্যাগ কৰি অৱশেষত সেই জাতিধ্বংসী ” কা ” অনা আৰু অবাধ ছিণ্ডিকেটৰ নায়ক বুলি তাতফাল কৰি অহা সকলৰ ওচৰতে শৰণাপন্ন হ’ল নাজিৰাৰ এসময়ৰ জাতীয়তাবাদী শিবিৰৰ নেতা সুবীৰ মেচ । যোৱা কালি নাজিৰা নগৰ খেল পথাৰত শাসকীয় দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত আনুষ্ঠানিক ভাৱে বি জে পিত যোগদান কৰাৰ পিছত সংবাদসেৱীৰ আগত ” ছিণ্ডিকেট কোন নেতাই নকৰে , মিছা কথাৰে জনগণক ভোলাব পৰাজনেই আচন নেতা , অসম তথা ভাৰতত এনে নাটক কৰিয়েই নেতা জনপ্ৰিয় হৈ প্ৰতিষ্ঠা লাভ কৰে ‘ এই বুলি কৌতুহল মন্তব্য প্ৰকাশ কৰে ন বি জে পি সুবীৰ মেচে । নিৰ্বাচনী প্ৰচাৰ সভাখনত যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সুবীৰ মেচক গামোচা পিন্ধাই বি জে পি দললৈ আদৰণি জনায় ।
নগাঁৱত বিভিন্ন দলৰ সহাস্ৰাধিক কৰ্মীৰ বিজেপিত যোগদান
ভাৰতীয় জনতা পাৰ্টিৰ, সংখ্যালঘু মৰ্চা হয়বৰগাঁও মন্ডলৰ উদ্যোগত নগাঁও সদৰ সমষ্টিৰ পৌৰসভাৰ অন্তৰ্গত ২০ নং মহলা আৰু ৬ নং মহলাত অনুষ্ঠিত হোৱা দুখনকৈ ৰাজহুৱা সভাত কংগ্ৰেছ , এ আই ইউ ডি এফক দলত মোক্ষম আঘাত হানি সহস্ৰাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। ছফিকুল খানৰ সভাপতিত্বত অনুষ্ঠিত সভাতনগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বৰ্তমান সমষ্টিটোৰ মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপক শৰ্মা উপস্থিত থাকে। সভা দুখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিত বিগত দিনসমূহত হোৱা উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ নিতী আৰু আৰ্দশৰ প্ৰতি আকৃষ্ট হৈয়ে বিভিন্ন দলৰ সহস্ৰাধিক লোকে বিজেপি দলত যোগদান কৰে।বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এনেদৰে কংগ্ৰেছ , এআই ইউ ডি এফকে ধৰি বিভিন্ন দলৰ সহস্ৰাধিক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা কাৰ্যই প্ৰমান কৰিছে যে আমাৰ জয় নিশ্চিত।কেইবাসহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাকেইখনত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপসভানেত্ৰী চালামা জেচমিন প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কৰ্মী সকল উপস্থিত থাকে।
হোজাই চহৰত দুই ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীক আদৰি লৈ অহা হ’ল বৃহৎ সমৰ্থকৰ দলে
হোজাই চহৰত বৃস্পতিবাৰে এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰে। হোজাই চহৰত দুই ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীক আদৰি লৈ আনিবলৈ বৃহৎ সংখ্যক দলীয় নেতা-কৰ্মী সকলে ভিৰ কৰে চহৰত। বি জে পি দলৰ কৰ্মী সকলে নিজৰ প্ৰাৰ্থী জনক নিলবাগানৰ পৰা হোজাইলৈ প্ৰায় ৭ কি: মি: যোৰা পথ আদৰি আগুৱাই লৈ আহে। ৰেলিত দলৰ প্ৰায় দেৰ সহস্ৰাধীক কৰ্মী সকলে আদৰি লৈ আহে প্ৰাৰ্থী জনক। উল্লেখনীয় যে ৰামকৃষ্ণ ঘোষক গাড়ীত আগুৱাই লৈ আহে বি জে পি হোজাই জিলা সমিতিৰ সভাপতি অনুপ দেৱ, সমষ্টিৰ বাবে টিকটৰ দাবীদাৰ ক্ৰমে দেবাশীষ দত্ত, অৰ্জুন মজুমদাৰ আৰু চতুৰ্থী বিশ্বাসে।ইয়াৰ পৰবৰ্ত্তী কিছু সময়ৰ পিছত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত সাহাকো (দেবু) প্ৰায় সমকক্ষ কৰ্মীৰ দলে নিলবাগানৰ পৰা আদৰি লৈ আহে চহৰলৈ আৰু চহৰৰ বিভিন্ন স্থানত ৰেলি কৰি ভ্ৰমণ কৰে। বহু উৎকন্ঠাৰ অন্ত পেলাই বুধবাৰে অৰ্থাৎ ১০ মাৰ্চত বি জে পিয়ে হোজাইৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সমষ্টিৰ বাবে বি জে পি দলে শিলাদিত্য দেৱৰ পৰিবৰ্তে ৰাম কৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব প্ৰদান কৰে। ইয়াৰ কেই ঘন্টাৰ পিছত কংগ্ৰেছ দলেও দেৱব্ৰত সাহাৰ নাম ঘোষণা কৰে। শক্তি প্ৰদৰ্শনৰ পাছত কোনে শেষ হাহিঁ মাৰিব বা কাৰ দখলত হ’ব সেয়া জনসাধাৰনে নিৰ্ণয় কৰিব যদিও সম্প্ৰতি চৰ্চিত হৈ পৰিছে হোজাই সমষ্টি।
বাক্সাত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে থীম ছং আৰু প্ৰচাৰ বাহন উন্মোচন
বিগত লোকসভা নিৰ্বাচনত বাক্সা জিলাত ৮০ শতাংশ ভোটদান হৈছিল, এইবাৰ বিধানসভা নিৰ্বাচনত ৮৫ শতাংশলৈ ভোটদান হ’ব বুলি আমি আশা কৰিছো। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি ভোটদাতা সকলক প্ৰণালীবদ্ধ শিক্ষাদান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে হাতত লোৱা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰস্তুত কৰা এটা থিম ছং আৰু বিশেষভাৱে সুসজ্জিত এখন প্ৰচাৰ বাহন মুকলি কৰি বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই এইদৰে কয়। নতুন ভোটাৰ, বয়োজ্যষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোক সকলক ভোটদানৰ প্ৰতি সজাগ কৰাৰ লগতে আকৰ্ষিত কৰিবৰ বাবে বাক্সা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কন্ঠশিল্পী নৱীন বড়োৱে সজাগতা অভিযানৰ বাবে প্ৰস্তুত কৰা গীতটিত কন্ঠদান কৰাৰ লগতে বড়ো চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী হেলীনা দৈমাৰীয়ে এইবাৰৰ বিধান সভা নিৰ্বাচনত স্বইচ্ছাই বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ হিচাপে এই সজাগতা অভিযানত অংশগ্ৰহণ কৰা বুলি উপায়ুক্তই কয়। বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মা, বাস্কা ৰাজহ চক্ৰৰ বিষয়াদ্বয় নিলোৎপল পাঠক আৰু মনোজ দলে, জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠককে ধৰি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী তথা ৰাইজৰ উপস্থিতিত সুসজ্জিত প্ৰচাৰ বাহনখন মুকলি কৰি উপায়ুক্ত শৰ্মাই ভোটদানৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ চৰকাৰ গঠনত জনসাধাৰণৰ সহযোগিতা কামনা কৰে। উল্লেখ্য যে, নিৰ্বাচনৰ বাবে সজাগতামূলক কাৰ্যসূচীৰ বাবে বাক্সা জিলাৰ তিনিটা সমষ্টি ক্ৰমে তামুলপুৰ, বৰমা আৰু চাপাগুৰিত চাইকেল ৰেলী, কুইজ প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠানৰ সৈতে এটি শুভংকৰ (মেস্ক’ট) জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা মুকলি কৰা হ’ব।
গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ১৪ আৰু ১৫ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজগড়ৰ সমীপৰ শুকানিস্থিত ভানু ৰঙ্গমঞ্চত অনুষ্ঠিত হ’ব ৷ সংগঠনটোৰ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি বিনোদ লিম্বু , সাধাৰণ সম্পাদক দীপু ঘিচিং আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ৰেত কুমাৰ শৰ্মা , যুটীয়া সম্পাদক ৰিকি থাপা , পৰিমল বিশ্বকৰ্মাই জানিবলৈ দিয়া অনুসৰি প্ৰথম দিনা পুৱা সামূহিক চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ’ব ৷ ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ , প্ৰতিনিধি পঞ্জীয়ন , কাৰ্যনিৰ্বাহক সভা , প্ৰতিনিধি সভা , সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা গছপুলি ৰোপণ , সাংস্কৃতিক শোভাযাত্ৰা , বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন , মুকলি সভা আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
মাৰ্ঘেৰিটাৰ কেটেতঙত ভয়ংকৰ পথ দুৰ্ঘটনা : চালকৰ অৱস্থা সংকটজনক
মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ অন্তৰ্গত কেটেতঙত আজি প্ৰায় ৩ঃ০০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পেঙেৰীৰ পৰা মাৰ্ঘেৰিটা অভিমূখি এখন এ আৰ ১২ এ ০৩৩৩ নম্বৰ গ্ৰেণ্ড আই টেন নি’অজ বাহনখনে পথৰ কাষত থকা এটা বিদ্যুতৰ খুটাত খুণ্ডা মৰা ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বিদ্যুতৰ খুটাটো ভাঙি যোৱা লগতে গাড়ীখন পথৰ কাষত বাগৰি পৰে। এই দুৰ্ঘটনাত বাহনখনৰ চালকজনে গুৰুতৰ ভাৱে আঘাট পোৱাত ততালিকে লোকজনক মাৰ্ঘেৰিটাৰ অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বাহনখন তীব্ৰ বেগেৰে মাৰ্ঘেৰিটা অভিমূখে গৈ আছিল। বাতৰি প্ৰেৰণ কৰা সময়লৈকে লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।










