সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা সীমা দেবী ইয়েনক সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টি,এম,পি,কে,ৰ তৰফৰ পৰা অলপতে অভিনন্দন জ্ঞাপন কৰা হয়। কৰ্ম সুত্ৰে যোৰহাট নগৰৰ বাসিন্দা তথা তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ বিষয়া ঘনকান্ত ইয়েন আৰু মিনতি ইয়েনৰ কন্যা সীমা দেবী ইয়েনৰ সফলতাৰ বাবে জনোৱা অভিনন্দনৰ কাৰ্যসূচীত সদৌ মিচিং ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিচং , বাঁহফলাস্থিত শ্ৰী শ্ৰী বিষ্ণু দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঙিলী দলেকে ধৰি কেইবা গৰাকীও গন্য মান্য লোক উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত সকলোৱেই সীমা দেবী ইয়েনক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবৰ বাবে আহ্বান জনায়।মোঃ ৯৮৫৯৮২৫৩৬৬
অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
” সাম্প্ৰতিক সময়ত অসমীয়া ভাষা , সাহিত্য – সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট আহিব ” ড০ জীৱন কলিতাদিলীপ হাজৰিকা : নাজিৰা : ৩০ ডিচেম্বৰ : – অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন ” অসম সাহিত্য সভাৰ ” ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ চণ্টক বিহুবৰ শাখা সভাৰ সহযোগত বিহুবৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে উদযাপন কৰা হয় । পুৱা জিলা শাখাৰ সভাপতি যোগ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলাৰ পিছতে বিশিষ্ট সমাজকৰ্মী অতুল চেতিয়াই স্মৃতি তৰ্পণ , ঘন বৰুৱাই বন্তি প্ৰজ্বলন আৰু বিহুবৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আলহাজ আলিমুদ্দিন আহমেদে বৃক্ষ ৰোপণৰ শুভাৰম্ভণি কৰে । বিশিষ্ট চিত্ৰ শিল্পী আলী হাইদৰে চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতে জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিনোৱা টায়ে । সভাত বিশিষ্ট গল্পকাৰ – জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অধ্যাপক ডঃ জীৱন কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত অসম তথা অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি আৰু জাতীয় জীৱনলৈ সংকট নমাই আনিছে জাতি , মাটি , ভেটি ৰক্ষাৰ জয়ঢোল বজোৱা সকলে । এনে সময়ত ভাষা , সাহিত্য , সংস্কৃতি সুৰক্ষিত নহ’লে জাতি , মাটি , ভেটি সুৰক্ষিত হোৱাটো নিশ্চিত নহয় । গতিকে জাতি – জনগোষ্ঠী ঐক্যবদ্ধ হৈ মাৰবান্ধি ঠিয় হৈ ভাষা , সাহিত্য , সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট নামি অহাতো নিশ্চিত বুলি মত পোষণ কৰে ড: জীৱন কলিতাই । সভাত অসম চাহ জনজাতি সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্মাদক বসন্ত ৰাজোৱাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠী আৰু অসমীয়া সাহিত্যৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য দাঙি ধৰে । সভাত বিশিষ্ট সমাজকৰ্মী জগত চুৰী , আলহাজ আলিমুদ্দিন আহমেদ , ঘন বৰুৱা , অনিল লোহাৰ , আনাউৰ ইছলাম , নৱ পাংগিঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত স্থানীয় ছাত্র – ছাত্ৰীয়ে পৰিৱেশন কৰা নৃত্য – গীতেৰে অনুষ্ঠান জীপাল কৰি তোলে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সমাজ শাস্ত্ৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিলে নাজিৰাৰ মণি শইকীয়াই
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ সমাজ শাস্ত্ৰ বিষয়ত মণি শইকীয়াই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা শিৱসাগৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । নাজিৰাৰ ঐতিৰ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ সমাজ শাস্ত্ৰ বিষয়ৰ মুঠ ৪০০ নম্বৰৰ ভিতৰত ৩৩৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মণি শইকীয়া নাজিৰাৰ মঠিয়াছিগা নাওঁ শলীয়া গাঁৱৰ নিবাসী বিনয় শইকীয়া আৰু চুনু শইকীয়াৰ কন্যা । এই কৃতিত্বৰ বাবে অঞ্চলটোৰ ৰাইজে আনন্দোল্লাসেৰে মণিক অভিনন্দন জ্ঞাপন কৰিছে ।
মিৰ্ছেচ ইণ্ডিয়া প্ৰতিযোগিতাত খিতাপ অৰ্জন গহপুৰৰ শিক্ষয়িত্ৰী ছায়া গোস্বামীৰ
বেদেতীৰ জীয়ৰী তথা গহপুৰৰ বোৱাৰী শ্ৰীমতী ছায়া গোস্বামীয়ে মিছন ড্রিমছ ৰ সৌজন্যত কলিকতাত অনুষ্ঠিত সৰ্বভাৰতীয় মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছেছ দিভা খিতাপ অৰ্জন কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে | সৰ্বভাৰতীয় পৰ্যায়ত প্রথমতে ভোটিং আৰু তাৰ পিছত টেলেন্ট ৰাউণ্ড , নেচনেল কষ্টিউম ৰাউণ্ড , ককটেইল ৰাউণ্ড, ইভিনিং গাউন ৰাউণ্ড তথা প্রশনোততৰ ৰাউণ্ড এই কেইটি ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত ছায়া গোস্বামীয়ে বিজয়ীৰ সন্মান অৰ্জন কৰে | বিজয়ী সূত্রে শিক্ষয়িত্রী গৰাকীয়ে মিছেছ দিভাৰ মুকুট , এখনি বস্ত্ৰ , ট্ৰফী আৰু নগদ ধন লাভ কৰে | ছায়া গোস্বামী বেদেতীৰ অৱসৰপ্রাপত শিক্ষক শ্রীযুত কীৰ্তি গোস্বামী আৰু শিক্ষয়িত্রী অম্বিকা গোস্বামীৰ কন্যা তথা গহপুৰৰ ৰজাবাৰীৰ শ্ৰী যুত ভৱেশ বৰাৰ পত্নী |পেছাত এগৰাকী শিক্ষয়িত্রী ছায়া গোস্বামীৰ এই সফলতাত সমগ্ৰ অসমবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে আৰু তেখেতৰ উজ্বল ভৱিষ্যত কামনা কৰিছে |
ৰঙিয়াত সন্ধানহীন দুইবছৰীয়া কন্য সন্তানসহ মাতৃ
ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছেষ । কেবাদিন ধৰি ৰঙিয়াৰ কুমাৰপাটাৰ পৰা সন্ধানহীন হৈ আছে জেৰিফা ওৱাহেদা (২১) আৰু কন্যা আলিফা জান্নাত (২) । যোৱা বুধবাৰ ২৩ তাৰিখ দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছে এজনী দুই বছৰীয়া কন্যসন্তানসহ মাতৃ । জানিবপৰা মতে ওচৰৰে দোকান এখনলৈ ঘৰুৱা বজাৰ আনিব গৈ নিখোজ হৈ আছে ওৱাহেদা আৰু তেওৰ কন্য সন্তানটি। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা নাই । গাঁৱৰ পৰা এনেদৰে দিন দুপৰতে হঠাৎ মাতৃ-কন্যা নিখোজ হোৱাত দুখত ভাগি পৰিছে স্বামী আৰু তেওৰ আত্মীয় সকল । উল্লেখ্যযে ৰঙিয়াত থকা ৰেল জংচনৰ সুযোগ লৈ একাংশ ব্যক্তিয়ে মানৱসৰবৰাহৰ দৰে দুস্কাৰ্য প্ৰায়ে সংঘটিত কৰি আহিছে। পৰিয়ালৰ লোকৰ সন্দেহ কোনো দুষ্ট চক্ৰই বহিঃৰাজ্যলৈ নি মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰাৰ । ঘটনা সন্দৰ্ভত পৰিয়ালে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিব পৰা নাই । এই ঘটনাই অঞ্চলযুৰী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
টিংৰাই অঞ্চলৰ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক মানিক শৰ্মা আৰু মঞ্জুৰাণী দেৱীক বিদায় সম্বৰ্ধনা জ্ঞাপন
দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই, ৩০ ডিচেম্বৰ, শিক্ষাদানৰ বৃত্তি দৰে মহান কৰ্ম জৰিয়তে সমাজত উৰেতু জীৱন জ্ঞানৰ পোহৰ বিলাই অৱশেষত নিজৰ কৰ্মজীৱনৰ পৰা বিদায় লোৱা সময়ত প্ৰতিজন কৃৰ্তিশিক্ষক স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান সহকাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰা দেখা যায় ৷ টিংৰাই সমীপৰ এন কে নাজিৰাটিং প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে নিজৰ জীৱনৰ শিক্ষকৰ্তা বৃত্তি পৰা চৰকাৰী ভাৱে অৱসৰ গ্ৰহণ কৰা সময়ত অঞ্চলটোৰ কৃৰ্তি শিক্ষক মানিক শৰ্মাক আনুষ্ঠানিকভাৱে সম্ভাষণ জ্ঞাপন কৰে স্থানীয় ৰাইজে ৷ যোৱা ২৬ ডিচেম্বৰত টিংৰাই আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আয়োজন কৰা এক বিদায় সম্বৰ্ধনা কাৰ্যসূচীত বিদ্যালয়খনৰ প্ৰাঙ্গনত পানীখোৱা শিক্ষা মণ্ডলৰ এজন কৃৰ্তি আৰু সমল শিক্ষক হিচাপে মাণিক শৰ্মাক বিভিন্ন জনে জনালে ৰাজহুৱা বিদায় সম্ভাষণ । উল্লেখ যে ১৯৮৮ চনৰ ১ ছেপ্তেম্বৰত বিদ্যালয়খনত শিক্ষকতা জীৱন পাতনি মেলা মানিক শৰ্মাই ১৯৯৮ চনৰ ৩১ মাৰ্চৰ পৰা বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দ্বায়িত্ব লৈ গ্ৰাম্য অঞ্চলটোত বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদান প্ৰদান কৰি আহিছিল ৷ জ্ঞানৰ পোহৰ বিলোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষা বিভাগৰ দ্বায়িত্বও পালন কৰি গৈছিল মানিক শৰ্মাই ৷ ২০০৪-০৬ বৰ্ষত ১ নং নাজিৰাটিং গাওঁ শিক্ষা সমিতিৰ সদস্য সচিব আৰু ২০০৮-১০ বৰ্ষত পঞ্চায়তৰ শিক্ষা সমিতিৰ সদস্য সচিব হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন দ্বায়িত্ব পালন কৰিছিল শিক্ষক মানিক শৰ্মাই ৷ ২০০৯-১০ বৰ্ষত হাপজান শিক্ষা খণ্ডৰ পানীখোৱা শিক্ষা মণ্ডলৰ সৰ্বশিক্ষা মিচনৰ শ্ৰেষ্ঠ গাওঁ শিক্ষা সমিতিৰ মানপত্ৰ আৰু বৰ্ষশ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বটা লাভ কৰিছিল তেখেতে ৷ ইয়াৰ লগতে সেই সময়ত ইজিএছ ৰ তৰফৰ পৰা অঞ্চলটোত দুখনকৈ বিদ্যালয় স্থাপন কৰা ক্ষেত্ৰত অৰিহণা যোগাইছিল শিক্ষকগৰাকীয়ে ৷ শিক্ষকৰ্তা লগতে এজন কবি, শিশুপ্ৰেমী ভঙ্গীমা আৰু ওমলা গীতৰ সমাহাৰ থকা এজন নিয়মানুৱৰ্তীতা শিক্ষক আৰু কৰ্তব্যপৰায়ন ব্যক্তি আছিল মানিক শৰ্মা ৷ বিদায় সম্বৰ্ধনা সভাত পানীখোৱা শিক্ষা মণ্ডলৰ চিআৰচিচি কল্যান কুমাৰ দিহিঙ্গীয়া, শিক্ষক প্ৰেমধৰ ফুকন, বিৰাজ গগৈ স্থানীয় জ্যেষ্ঠ ব্যক্তি চিতাৰাম ছেত্ৰী, কেডাৰ নাথ ছেত্ৰী, গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা নাজিৰাটিংবাসী ৰাইজৰ লগতে ছাত্ৰ সমাজ আৰু শিক্ষকসকলে মৰম আৰু শ্ৰদ্ধাৰে সম্বৰ্ধনা পত্ৰ, সফুৰা, ফুলাম গামোচাৰে শিক্ষকগৰাকীক উপচাই দিয়ে । একেটা অনুষ্ঠানতে তামুলী বন গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জুৰাণী দেৱীকো আন্তৰিকতাৰে বিদায় সম্ভাষণ জ্ঞাপন কৰে ৰাইজে । মঞ্জুৰাণী দেৱীৱেও বিগত বহু বছৰ ধৰি অতি ভিতৰুৱা ঠাই ঘন হাবিৰে আগুৰি থকা তামুলি বনগাওঁ প্ৰাৰ্থমিক বিদ্যালয়ত নিজৰ শিক্ষাদান প্ৰদান কৰি কিছু দিনৰ আগতে অৱসৰ গ্ৰহণ কৰিছিল ৷ (ফটো)
দৈনন্দিন বাৰ্তা সেৱা, টিংৰাই ৷
মাজুলীত বিজ্ঞান সজাগতা সভা
বিজ্ঞান প্ৰযুক্তি বিভাগ আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতি,মাজুলী শাখাৰ উদ্যোগত আজি সোনোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত এখনি সজাগতা অনুষ্ঠিত কৰা হয়।সভাখন সঞ্চালনা কৰে বিদ্যালয়ৰ অধ্যক্ষ নল পতিৰে।সভাখনৰ আঁত ধৰে অসম বিজ্ঞান সমিতি ,মাজুলী শাখাৰ সম্পাদক জীৱন বৰাই।সভাখনত সমাজত প্ৰচলিত কু-সংস্কাৰ আৰু অন্ধবিশ্বাস সন্দৰ্ভত কেইবাজনো সমল ব্যক্তিয়ে ব্যক্তব্য আগবঢ়ায়।প্ৰত্যেকজন ছাত্ৰ -ছাত্ৰীয়ে যাতে সমাজখনত চকু মেলি চাই প্ৰচলিত কিছুমান অন্ধ বিশ্বাসৰ পৰা মুক্ত হৈ বিজ্ঞান সন্মত ভাবে এক প্ৰণালীবদ্ধ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু লগতে সমাজত বিজ্ঞানৰ ব্যাপক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সভাখন অনুষ্ঠিত কৰা হয়।মাজুলী বিজ্ঞান সমিতিৰ পম্পী হাজৰিকা,সুনীল বৰা,বসন্ত বৰা,জিতেন বৰা ,কুশদীপ হাটীমতাই ব্যক্তব্য আগবঢ়াই।তাৰোপৰি ছাত্ৰ- ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰকল্প কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাৰ আভাস দিয়ে জীৱন বৰাই।
পৰাণজ্যোতি বৰা, নামনি মাজুলী ।
ইণ্ডীয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে টীয়কৰ “পদ্মনাভে”
টীয়ক, ২৯ ডিচেম্বৰ, নিজৰ একাগ্ৰতা আৰু কঠোৰ সাধনাৰ বলত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে টীয়কৰ এজন মেধাবী ছাত্ৰ । খেলৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই গৰাকী প্ৰতিভাৱান খেলুৱৈ হৈছে টীয়ক নগৰৰ 4 নং ৱাৰ্ড নিবাসী পদ্মনাভ বনিয়া ৷এক মিনিটত 269 টা বক্সিং মাৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম লিখিবলৈ সক্ষম হৈছে পদ্মনাভে ৷ প্ৰয়াত দীপক দাস আৰু মাতৃ মনোজা দাসৰ সৰু পুত্ৰ পদ্মনাভে শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জড়িয়তে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাই এতিয়া সমগ্ৰ ৰাজ্যবাসীকে গৌৰাম্বিত কৰিছে ।লক ডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া সামগ্ৰীৰে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তুত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছিল পদ্মনাভে ৷ ভবিষ্যত দিনত “এছিয়ান বুকছ অব ৰেকৰ্ড” আৰু “গ্ৰিনিছ বুক অব ৰেকৰ্ড” ত নাম অন্তৰ্ভুক্তিৰ সপোন পুহি ৰখা প্ৰদ্মনাভ আমগুৰি স্থিত অৰুনোদই একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে আজি ছাত্ৰ জনৰ গৃহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিয়ে তেওঁক উষ্ণ আদৰণি জনায় । পঢ়াৰ সমান্তৰালভাৱে এনে কলাৰ লগত জড়িত হৈ নিজৰ যোগ্যতাৰ পৰিচয় দিয়া পদ্মনাভে সুযোগ আৰু সুবিধা পালে আৰু আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি ।
কংগ্ৰেছৰ হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও
আজি হোজাই জিলা কংগ্ৰেছৰ নেতৃত্বত পেট্ৰল ডিজেল ,ৰন্ধনগেছ সামগ্ৰী আদিৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত হোজাই জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলা কংগ্ৰেছৰ সভাপতি ড° অৰ্ধেন্দু কুমাৰ দে, হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চক্ৰৱৰ্তী,অসম প্ৰদেশ ভাষিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ স্বপন কৰ, অসম প্ৰদেশ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নাসিৰ উদ্দিন ফাৰুকী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেজিয়া চুলতানা ,প্ৰাক্তন জিলা পৰিষদ নুৰ আহমেদৰ লগতে বিভিন্ন ব্লকৰ সভাপতি,যুৱ কংগ্ৰেছ,এন.এচ.ইউ.আই সদস্য সকল উপস্থিত আছিল৷
সোণতলীত খেতিয়কৰ প্ৰতিবাদ : কৃষি মন্ত্ৰী অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে থানাত এজাহাৰ
দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কাছাৰীপাম গাঁৱৰ আলু খেতিয়ক সকলে আজি কৃষি মুন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।খেতিয়ক সকলে আলু খেতিৰ পথাৰত গৈ অসম চৰকাৰ হায় হায়,অতুল বৰা মূৰ্দাবাদ,আমাৰ ক্ষতিপূৰণ লাগিবই আদি শ্লোগানেৰে কাছাৰীপাম পথাৰৰ আকাশ-বতাহ কপাই তোলে। উল্লেখ্য যে কাছাৰীপাম অঞ্চলৰ প্ৰায় চল্লিশ গৰাকী খেতিয়কে ১০০ বিঘা মাটিত আলু খেতি কৰিছিল। একাংশ খেতিয়কে বেংকৰ পৰা ঋণ লৈ অশেষ কষ্ট কৰি খেতি কৰাৰ পাছত মূৰে কপালে হাত দি বহি থাকিব লগীয়া হৈছে ৷ আলু লগোৱাৰ ২ মাহ পাৰ হোৱাৰ পিছতো গছত আলু নলগতা গছবোৰ মৰহি যাব ধৰিছে বুলি এজাহাৰত উল্লেখ কৰিছে৷ আলু খেতি নষ্ট হোৱাৰ ফলত প্ৰায় এক কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি খেতিয়ক সকলে অভিযোগ উত্থাপন কৰিছে৷ আলু খেতিয়ক সকলৰ অভিযোগ অনুসৰি সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্তাধিকাৰী মহিবুল হক, বৰ আৰিকাটিৰ স্বহিদুল ইছলাম, ছয়গাঁৱৰ মহাবীৰ পথাৰৰ ওমেদ আলীয়ে সোণতলী অঞ্চলৰ প্ৰায় ৪০ জনকৈ কৃষকক কুইন্টল প্ৰতি ৭ হাজাৰ টকাৰ পৰা ৮ হাজাৰ টকা পৰ্যন্ত লৈ আলুৰ বিধান যোগান ধৰিছিল। আলুৰ বিধান সমুহ বৈজ্ঞানিকসন্মত নোহোৱাৰ বাবে সোণতলী অঞ্চলৰ আলু খেতিয়কে লোকচানৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ৷ ফলত কৃষক সকলে আলু খেতিত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদত অতুল বৰা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, আমাক ক্ষতিপুৰণ লাগিবই আদি শ্লগানেৰে উত্তাল কৰি তোলে৷ আনহাতে সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্তাধিকাৰী মহিবুল হক, স্বহিদুল ইছলাম আৰু ওমেদ আলীৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ উপৰিও কৃষক সকলে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ওচৰত ক্ষতিপুৰণ দিবলৈ দাবী জনাইছে ৷










