Breaking

লাডাখত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে : লাডাখৰ তুষাৰপাতত শ্বহীদ অসমৰ জোৱান, শিৱসাগৰত শোকৰ ছাঁ

0 2,061

লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ ৷ অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হোৱাত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু অসমৰ জোৱানৰ ৷ খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ মৃত্যু হয় লাডাখত ৷ শিৱসাগৰ জিলা গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ প্ৰয়াত মইনা গগৈৰ পুত্ৰ তথা অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হয় ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত জোৱানজনৰ কেনেকৈ মৃত্যু হ’ল । সেই বিষয়ে জানিব পৰা হোৱা নাই । যদিও তুষাৰপাতত মৃত্যু হোৱা বুলি আকাংক্ষা কৰা হৈছে । আনহাতে আজি এক বিশেষ বিমানযোগে তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ অনা হ’ব ৷

Leave A Reply