Breaking

ক’ৰ ফাঁঁকিৰে মোৰাঝাৰত অতৰিক্ত বালি ভৰ্তি ট্ৰাক : ডাম্পাৰৰ দৌৰাত্ম্য অংকত ব্যস্ত বন আৰু পৰিবহণ বিভাগৰ একাংশ বৰমুৰীয়া

0 2,078

হোজাই জিলাৰ মোৰাঝাৰৰ গড়কাপ্তানী পথৰে দৈনিক পাৰ হয় অ’ভাৰ লোডিং বালি কঢ়িওৱা শ শ ট্ৰাক – ডাম্পাৰ। বহিঃ জগতৰ লগত যোগাযোগৰ একমাত্ৰ পথ কেইটা হৈছে চামৰালি- মোৰাঝাৰ আৰু দেৱস্থান- মোৰাঝাৰৰ সমান্তৰালকৈ কপাহবাৰী কৰৈয়নী সংযোগী গড়কাপ্তানী ৰাজ্যিক পথ । কিন্তু চৰকাৰী ক’ৰ ফাকিৰে দিনে নিশাই  বালি কঢ়িয়াই নিয়া ডাম্পাৰ ট্ৰাকৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত উক্ত পথ কেইটা জহি খহি জৰাজীৰ্ণ হোৱাৰ লগতে পথ কেইটাৰে দৈনিক ২০০ ৰ পৰা ২৫০ শ ট্ৰাক ডাম্পাৰে অত্যাধিক বালি কঢ়িয়াই নিয়াত গড়কাপ্তানী পথৰ বিভিন্ন স্থানত মেলিছে বৃহৎ ফাট। কোনো কোনো ঠাইত ৰাস্তা ফাটি গৈ সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দ তথা বিশাল গাঁতৰ। পথৰ বিভিন্ন স্থানত পকী অংশই অধিক ভৰ সহিব নোৱাৰি ফাটি পৰিছে । ইপিনে দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত গড়কাপ্তানী পথ কেইটাই বিপজ্জনক ৰূপ ধাৰণ কৰিছে। ৰাজহুৱা অভিযোগ মতে ,দেৱস্থান আৰু চিতলমাৰি অঞ্চলৰে বৈ যোৱা যমুনা নদীত থকা বৈধ অবৈধ বালি ঘাটৰ পৰা ট্ৰাক আৰু ডাম্পাৰে দিনে নিশাই অত্যাধিক বালি কঢ়িয়াই বালিৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ বাবে পথ কেইটা ভাঙি জৰাজীৰ্ণ হৈ এক বিপদজনক ৰূপ ধাৰণ কৰিছে । তদুপৰি মোৰাঝাৰ বজাৰৰ পৰা জয়নগৰলৈ নিৰ্মিয়মাণ পকী পথৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই  অত্যাধিক বালি কঢ়িওৱাৰ ফলতেই পথৰ কিছু অংশ ফাটি  যাব ধৰিছে। নীতি বহিঃৰ্ভূতভাৱে জিলা পৰিবহণ বিভাগৰ একাংশ বৰমুৰীয়াৰ লগত বালি মাফিয়াই গোপন বুজাবুজিৰে ৭ চিএম বালিৰ বিপৰীতে ১৫/১৬ চিএম বালি কঢ়িয়াই নিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰহস্যজনক ভাৱে দেখিও নেদেখাৰ ভাওত থকা পৰিবহণ বিভাগৰ মৌনতাৰ বাবে ১২ টন সহিব পৰা ৰাস্তাৰে বালি মাফিয়াই অত্যাধিক বালি কঢ়িয়াই নিয়াত গড়কাপ্তানী পথৰ অৱস্থা শোচনীয় হৈ পৰিছে। কম দিনৰ ভিতৰতে গড়কাপ্তানী পথে শোচনীয় ৰূপ ধাৰণ কৰাত সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নীতি নিৰ্দেশনা বহিঃৰ্ভূত তথা বেআইনী ভাৱে অত্যাধিক বালি কঢ়িওৱা ট্ৰাক ডাম্পাৰ সমূহ হোজাই জিলা পৰিবহণ বিভাগে নাকী লগাবলৈ সক্ষম হব নে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। নে উত্থাপিত হোৱা অভিযোগ মতে গোপন অংকৰ বাবে দেখিও নেদেখাৰ ভাওত থাকিব হোজাই জিলা বন বিভাগ আৰু পৰিবহণ বিভাগ৷নৱনিযুক্ত জিলা বন বিষয়াই অভিযান চলালে সকলো পোহৰৈ আহিব৷

Leave A Reply