Home Blog Page 3091

গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  ভুমিৰ অধিকাৰৰ দাবীত চাৰি সহস্ৰাধিক ৰাইজৰ মহা পদযাত্ৰা : এমাহৰ ভিতৰতে ভুমি পট্ৰন দিয়াৰ দাবী

গোগামুখ, ২৮ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি কৃষক মুক্তি সংগ্ৰাম সমিতি. ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ভুমিৰ অধিকাৰ আৰু ভুমি পট্টন দিয়াৰ দাবীত মহা পদযাত্ৰা বাহিৰ কৰা হয় ৷  মিংমাং পাৰ্বতীপুৰৰ পৰা গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাহিৰ কৰা এই পদযাত্ৰাত চাৰি সহস্ৰাধিক ৰাইজে ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰে  আৰু হাতে হাতে বেনাৰ-পষ্টাৰ লৈ চৰকাৰী বিৰোধী শ্ল’গান দিয়ে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাম নাই, মুখ্যমন্ত্ৰী মিছলীয়া, মন্ত্ৰী হিমন্তৰ স্বেচ্ছাচাৰীতা নচিলব, বিধায়ক ৰণোজ পেগু মূৰ্দাবাদ, ৰণোজ পেগুৰ কাম নাই, সাংসদ প্ৰদান বৰুৱা নিপাত যাৱক, প্ৰদান বৰুৱা হায় হায়, আমাক ভুমিৰ অধিকাৰ লাগিবই, ভূমি পট্টা লাগিবই আদি শ্ল’গান দি সমগ্ৰ গোগামুখৰ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই কয়- চৰকাৰে লাখ লাখ থলুৱা জনগণক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি লাখ লখ হিন্দু-বাংলাদেশীক মাটিৰ অধিকাৰ দিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ আজি নিজৰ ভূমিতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণ ভূমিহীন হোৱাৰ লগতে অন্ন-বস্ত্ৰৰ সমস্যাত অঘৰীৰ দৰে জীৱন-যাপন কৰিছে ৷ এনে সময়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি ভয়ংকৰ ষড়যন্ত্ৰ কৰি হিন্দু-বাংলাদেশীক অসমত সংস্হাপন দিব বিচাৰিছে ৷ জাতি-মাটি আৰু ভেটিৰ শ্ল’গান আওৰাই দিছপুৰৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসমৰ মাটি-ভেটি হিন্দু-বাংলাদেশীক অৰ্পণ কৰি জাতিৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে ৷ যিটো আমি অসমৰ অসমীয়া ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সম্ভৱ নিদিয়ে বুলি কৃষক নেতাজনে হুংকাৰ দিয়ে ৷ এমাহৰ ভিতৰতে গোগামুখ তথা মিংমাংবাসী ৰাইজক ভূমিৰ পট্টা দিবলৈ চৰকাৰক সকীয়াই দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্ক ডি শইকীয়াই কয়- ভূমিৰ অধিকাৰ পোৱাটো থলুৱা জনসাধাৰণৰ জন্মগত অধিকাৰ ৷ অসমৰ থলুৱা জনসাধাৰণে ভূমিৰ অধিকাৰ তথা ভূমিৰ পট্টা পাবই লাগিব ৷ খিলঞ্জীয়া বিৰোধী বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনগণক উচ্ছেদ কৰি হিন্দু বাংলাদেশীক সংস্হাপনৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কঠোৰভাৱে বাধা দিয়া হ’ব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে ৷

প্ৰতিবাদ স্থলীত উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ  মুক্তিৰ কেন্দ্ৰীয় সভাপতি বিটু সোনোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, ৰাইজৰ দলৰ আহ্বায়ক ডাঃ হৰিকান্ত দাস, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ আৰু কৃষক মুক্তি সংগ্ৰামত সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুৰাজ বৰপাত্ৰগোঁহাই আদিয়ে ৷ উল্লেখনীয় যে প্ৰতিবাদকাৰী সকলে নিজৰ প্ৰাপ্যৰ দাবীত গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু ধেমাজি আৰক্ষীয়ে প্ৰতিবাদীৰ সংখ্যাধিক্য দেখি গোগামুখ নগৰতে বেৰিকেড বনাই প্ৰতিবাদী ৰাইজক বাধা দিয়ে ৷ 

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ অন্যতম বিষয়ঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ -পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ এটা অন্যতম বিষয় । কালি মণিপুৰৰ ৰাজধানী ইম্ফলত তিনিটা বৃহৎ প্ৰকল্প উদ্ধোধন কৰাৰ লগতে আন কেইবাখনো উন্নয়ণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনে এই অঞ্চলটোক এটা নতুন পৰিচয় প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত ন-ন ক্ষেত্ৰত উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে। তেওঁ কয় যে এন ডি এ চৰকাৰে মণিপুৰৰ লোকসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে মণিপুৰত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা হৈছে ৰাজ্যখনৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্ববৃহৎ উপহাৰ। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ যুৱক-যুৱতীসকল প্ৰচুৰ অৰ্হতাসম্পন্ন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালৰ যোৱা তিনিটা বছৰত এহাতে যিদৰে উন্নয়নী প্ৰক্ৰিয়া তৰান্বিত কৰিছে ঠিক তেনেদৰে ৰাজ্যখনত শান্তি প্ৰতিস্থাৰ ক্ষেত্ৰটো সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত এখন ফৰেনচিক বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি আশ্বাস দি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক আহ্বান জনায়। পূৰ্বৰ চৰকাৰসমূহে উত্তৰ-পূৰ্বাঞ্চলক কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ ফলস্বৰূপে অতি কম সময়ৰ ভিতৰতে ৪০ বাৰকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে। সভাত ভাষণ দি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে, মণিপুৰত বিজেপি চৰকাৰ প্ৰতিস্থা হোৱাৰ পিছৰে পৰা পথ অৱৰোধ আদিৰ দৰে সঘনাই হৈ থকা বিশৃংখলৰ পৰিস্থিতি বৰ্তমান নোহোৱা হৈছে। তেওঁ আৰু কয় যে, উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান মণিপুৰ, দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :

চালকবিহীন মেট্ৰ’ৰেলসেৱা মুকলি প্ৰধানমন্ত্ৰীৰ

দিল্লীৰ ৰেলসেৱাত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনত দেশৰ প্ৰথম চালকবিহীন মেট্ৰ’ৰেলসেৱা মুকলি কৰে।

মেজেণ্টা লাইনত পশ্চিম জনকপুৰীৰ পৰা ব’টানিকেল গাৰ্ডেনৰ মাজত এই মেট্ৰ’ৰেলগাড়ীখনে চলাচল কৰিব।

ৰাজ্যত পুনৰ নতুনকৈ ৬০ জন ব্যক্তি ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৬০ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০৩০৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.২৮ শতাংশ ৷

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৫৯৩৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৩৫৬গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১১৫৪৩ গৰাকী ব্যক্তি।

সুস্থৰ হাৰ ৯৭.৯৬ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৩৭ গৰাকীলৈ  বৃদ্ধি পালে।

বিশ্ব দৰবাৰত জিলিকিছে দুখনকৈ অসমীয়া ছবি

অসমীয়া চলচিত্ৰ সমূহে ইটোৰ পিছত সিটোকৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ।  গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে কৃপাল কলিতা পৰিচালিত ‘ব্ৰীজ’ নামৰ চিনেমাখনে ।

উল্লেখযোগ্য যে, অকলেণ্ড চলচিত্ৰ সমাৰোহত ছবিখনৰ প্ৰিমিয়াৰ হৈ গৈছে আৰু এই বছৰ ৫১তম ভাৰতীয় পেনোৰামালৈ একমাত্ৰ চিনেমা হিচাপে নিৰ্বাচিত হোৱা ‘ব্ৰীজ’ চিনেমাখনে বিশ্বৰ ১৬ খনকৈ অধিক চলচিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে ।

আনফালে, শেহতীয়াকৈ “লাইফ ইন এ পাপেট”  শীৰ্ষক ছবিখনে লাভ কৰিছে বহুল চৰ্চা। উক্ত ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় চাৰিটা শাখাত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । পর্ট ব্লেয়াৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শাখাত শ্ৰেষ্ঠ ছবিৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । কালদিয়া নদীৰ কাষত কেৱলমাত্ৰ কেনন ৫ ডি কেমেৰাৰে আগষ্ট মাহত শ্বুটিং সম্পন্ন কৰা এই ছবিখনে অসমৰ পুতলা নাচৰ ইতিহাসৰ লগতে ছবিখনত বৰ্ণোৱা হৈছিল ডাইন হত্যাৰ লগতে সম্প্ৰতি অসমৰ কিছু নিয়ম-নীতি । অসম তথা অসমীয়ালৈ বিভিন্ন সময়ত গৌৰৱ কঢ়িওৱাৰ ক্ষেত্ৰত সদায় আগৰণুৱা হৈ থকা অসমীয়া চলচিত্ৰ সমূহত একোটা বিষয়বস্তুৰ উচ্চ মানদণ্ডৰ উপস্থাপন দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক :

জনতা দল য়ুনাইটেডৰ সভাপতি পদৰ পৰা আতৰিল নীতিশ কুমাৰ

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে জনতা দল য়ুনাইটেড(জে ডি য়ু)ৰ সভাপতি পদৰ পৰা আতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে দলটোৰ কাৰ্য্যনিৰ্বাহক সভাত বিহাৰৰ ৰাজ্যসভাৰ সাংসদ চি পি সিঙক জে ডি য়ুৰ নতুন  কৰা হয়।

কাৰ্য্যনিৰ্বাহক সভাত নীতিশ কুমাৰে বিহাৰৰ মুখ্য মন্ত্ৰী পদ আৰু জে ডি য়ুৰ সভাপতি দুয়োটা পদৰ একেলগে দায়িত্বভাৰ গ্ৰহণ কৰা কঠিন হৈ পৰা বুলি উল্লেখ কৰি জে ডি য়ুৰ সভাপতি পদৰ এৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিহাৰৰ সদ্যসমাপ্ত নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত জে ডি য়ুয়ে আশাজনক ফলাফল দাঙি ধৰাত সফল হোৱা নাছিল।

জে ডি য়ুৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত ভাল ফলাফল কৰাৰ বাবেহে পুনৰ নীতিশ কুমাৰ মুখ্য মন্ত্ৰী হিচাপে অধিস্থিত হ’বলৈ সক্ষম হ’ল।

জে ডি য়ুৰ কাৰ্য্যনিৰ্বাহক সভাত চি পি সিঙৰ সবল নেতৃত্বত জে ডি য়ু দলে নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি নীতিশ কুমাৰ আশা ব্যক্ত কৰে।

লগতে পঢ়ক :

আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত কি কি বিধেয়ক উত্থাপন হ’ব ?

আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। গৃহ, ৰাজনীতি, অসম চুক্তি ৰূপায়ণ আদিক লৈ প্ৰশ্ন উত্থাপন হ’ব সদনত ।

বিত্তমন্ত্ৰীয়ে ২০২০-২১ৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন সমূহ দাখিল কৰিব বিধানসভাত। সদনত মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব ‘দ্য আছাম লেংগুৱেজ (এমেণ্ডমেণ্ট বিল) ২০২০। ‘দ্য আসাম টি প্লেণ্টেচন প্ৰভিডেণ্ট ফাণ্ড এণ্ড পেঞ্চন ফাণ্ড ডিপোজিট লিংকড ইঞ্চুৰেন্স ফাণ্ড স্কীম (এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে।

লগতে, ‘দ্য আছাম ইজ অফ ডুয়িং বিজনেছ (এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব উদ্যোগ মন্ত্ৰীয়ে। বিত্তমন্ত্ৰীয়ে ‘দ্য আছাম টেক্সেছন (লিকুউডেশ্যন অব এৰিয়াৰ দিউজ) (ছেকেণ্ড এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব। বিত্তমন্ত্ৰীয়ে ‘দ্য আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউশ্যনছ (ৰেগুলেশ্যন অন মানি লেণ্ডিং) বিলখনো উত্থাপন কৰিব সদনত।

ইয়াৰউপৰি ‘মৰাণ, মটক, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (সংশোধন)বিধেয়ক আৰু ‘বড়ো কছাৰী ৱেলফেৱাৰ অটোনমাছ কাউন্সিল বিল ২০২০ বিল’ দাখিল কৰা হ’ব বিধানসভাত।

লগতে চাওঁক : অসম বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

জামুগুৰিহাট, ২৭ডিচেম্বৰ: জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ বৰঠাকুৰৰ আজি দিনৰ ১বজাত  বাধ্যকজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয়।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫বছৰ । সূদূৰ যোৰহাটৰ পৰা জামুগুৰিহাটলৈ আহি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱনৰ পাতনি মেলা কেশৱ বৰঠাকুৰ ‘যোৰহটীয়া ছাৰ’ নামেৰেই অঞ্চলত পৰিচিত আছিল। ১৯৯০চনৰ ছেপ্তেম্বৰ মাহত শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰঠাকুৰ কাৰপিন্টাৰ বিভাগৰ শিক্ষক আছিল। অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ইফালে আজি দিনটোতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ শিক্ষয়ত্রী তথা মাধৱ গাঁও নিৱাসী  মিনাক্ষী বৰঠাকুৰৰো(৮০) পৰলোক প্ৰাপ্তি ঘটে ।

চৰাইদেউ জিলাৰ সোনাৰিত আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন

চৰাইদেউ, ২৭ ডিচেম্বৰ: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন খনি চৰাইদেউ জিলাৰ সোনাৰিত ২৬ আৰু ২৭ ডিচেম্বৰত আপকুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত সোনাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৰ্নাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ প্ৰতিনিধি সভা উদ্বোধন  কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, সম্পাদক প্ৰধান হেমন্ত শইকীয়া, কেন্দ্ৰীয় উপ-সভাপতি আব্দুল খালেক প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় পাচ শতাধিক বিশিষ্ট সাংবাদিক উপস্থিত থাকে ৷ আনহাতে উক্ত প্ৰতিনিধি সভাত সাংবাদিক শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে আপকু কেন্দ্ৰীয় সমিতিয়ে। বিষয় বাচনি সভাত দৰং জিলাৰ আব্দুল খালেক সভাপতি আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাকলৈ আপকুৰ সবল নেতৃত্ব দিব পৰা এখন নতুন সমিতি গঠন হয় ৷ আগন্তুক দিনত আপকুই সাংবাদিক সকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে সাংবাদিক সকলৰ সুৰক্ষা আৰু অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে নৱ নিৰ্বাচিত সভাপতি আব্দুল খালেক আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাই।

ডবকাত ধান ক্ৰয় কেন্দ্ৰ মুকলি : উৎফল্লিত কৃষক ৰাইজ : দুষ্ট চক্ৰৰ গভীৰ ষড়যন্ত্ৰ

ডবকা, ২৭ ডিচেম্বৰঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংমাজি গাৱত শনিবাৰে হোজাই জিলা যোগান বিভাগৰ দ্বাৰা এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়, যদিও এটা চক্ৰই গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্তাপন কৰিছে শশ কৃষক সকলে৷ প্ৰথমে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰাক  লৈ বৃহত্তৰ ডবকা অঞ্চলৰ কৃষক উৎফল্লিত হোৱা দেখা গৈছিল ৷ বাতৰি অনুসৰি বৃহত্তৰ ডবকা অঞ্চলৰ কৃষিজীৱী ৰাইজে নিজৰ উৎপাদিত ধান বিক্ৰি কৰাৰ বাবে দীৰ্ঘদিন ধৰি এখন উপযুক্ত বজাৰ পোৱা নাছিল ৷ যাৰবাবে কৃষিজীৱী ৰাইজে নিজে উৎপাদন কৰা ধান পানীৰ দৰত বিক্ৰি কৰিবলগীয়া হৈছিল আৰু এক বৃহত লোকচানৰ সন্মুখীন হব লগা হৈছিল ৷ কৃষিজীৱী ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সহাৰি জনাই এইবাৰ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান পৰিসমিতিৰ অধীনত হোজাই জিলা প্ৰশাসনৰ সহযোগত ডবকাৰ চাংমাজি গাৱত এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় ৷ মুকলি কৰাৰ সময়ত হোজাই জিলা খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী অধীক্ষক, যোগান পৰিদৰ্শকে আদি কৰি গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷ আনহাতে এই কেন্দ্ৰটো বন্ধ কৰাৰ বাবে এটি দুষ্ট চক্ৰই উঠি পৰি লগাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কৃষক ৰাইজে এইটো গৰিহনা দিয়াৰ লগতে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই ৷ উল্লেখ্য যে যোৱা বছৰো এটি ধান ক্ৰয় কেন্দ্ৰ খোলা হৈছিল ৷ কিন্তু তাত প্ৰকৃত কৃষকৰ পৰিবৰ্তে একাংশ মধ্যভোগী একাংশ বিষয়াৰ লগত মিলি ব্যাপক দুৰ্ণীতি ৰ অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পাছত খেলিমেলিৰ বাবে কেন্দ্ৰ টো বন্ধ কৰি দিয়া হৈছিল ৷ পাছত কৃষক ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ডবকাৰ ধান ক্ৰয় কেন্দ্ৰ টো যাতে কোনো পধ্যেই চক্ৰটোৱে আতৰাই দিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। ডবকা জাব্ৰাকোৱাৰ ধান ক্ৰয় কেন্দ্ৰটো বিভাগে কৃষক সকলৰ স্বাৰ্থত জাব্ৰাকোৱাৰ পৰা আতৰাই যাতে কঠিয়াতলি লৈ নাযায়, তাৰ বাবে কৃষক ৰাইজে দাবী উত্থাপন কৰে। দুই এজনৰ স্বাৰ্থত ব্যাঘাত জন্মাৰ বাবে শনিবাৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় যদিও আজি দণ্ডাধীশ আৰু শাসকীয় দলৰ লোকে পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয়।