Breaking

মহানগৰীৰ হেলথ্‌ চিটী হাস্পতালত বিশ্ব নাৰী দিৱস উদযাপন

0 2,030

বিশ্ব নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি মহানগৰৰ খানাপাৰাস্থ হেলথ্‌ চিটী হাস্পতালত বৰ্ণাঢ্য কাৰ্যসৃচী ৰূপায়ন কৰা হয়। নাৰী দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ গুৱাটীৰ এপলো হাস্পতালৰ প্ৰাক্তন নাৰ্ছিং সঞ্চালিকা জিন ই মেথিউৱে নাাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়ঃ একবিংশ শতিকাত শিক্ষা-দীক্ষাৰ লগতে নাৰীয়ে সমাজৰ সকলো দিশতে পুৰুষৰ সমানেই অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে। তৎসত্ত্বেও বৃহৎসংখ্যক নাৰী আজিও বাসগৃহ, কাৰ্যালয় বা কৰ্মস্থলীত পুৰুষৰ দ্বাৰা মানসিক, শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা বাঢ়িয়েই আছে। অৰ্থনৈতিকভাৱেও নাৰী আজি নিষ্পেষিত। ই নাৰীৰ বাবে অপমানজনক। এনে নিৰ্যাতন আৰু অসাম্যৰ  পৰা মুক্তি পাবলৈ হ’লে নাৰীসকলে নিজকে অধিক শিক্ষিত আৰু শাৰীৰিক-মানসিকভাৱে সবল কৰি তুলিব লাগিব। বিশ্ব নাৰী দিৱসৰ কাৰ্যসূচীত হেলথ্‌ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তী, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ জি চি দাস আৰু ডাঃ কল্পনা চৌধুৰী, মেডিচিন বিভাগৰ চিকিৎসক ডাঃ চন্দনা শৰ্মা প্ৰমুখ্যে  চিকিৎসক-নাৰ্ছ আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে বুলি হেলথ্‌ চিটী হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই  সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

Leave A Reply