Breaking

মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

0 2,028

মাজদিয়া আৰক্ষীৰ জালত পৰিছে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । ৪টা সন্দেহযুক্ত বাউনচুগাৰ ভৰ্তি কন্টেইনাৰসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক যোৱা নিশা আটক কৰে মাজদিয়া আৰক্ষীয়ে । ধৃত যুৱক দুটা বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱৰ মফিজুদ্দিন আহমেদৰ পুত্ৰ ফকৰুল ইছলাম (৩৪) আৰু নলবাৰী জিলাৰ  মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰৰ আহমেদ আলী জিন্নাৰ পুত্ৰ আশ্ৰাফুল হক জিন্না (১৯) বুলি জানিব পৰা গৈছে । যোৱা নিশা গৰিয়া চতলাত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত চলা নিয়মীয়া তালাচীত ড্ৰাগছ সৰবৰাহৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে যুৱক দুজনক আটক কৰাৰ লগতে জব্দ কৰে ৪টা সন্দেহযুক্ত ব্ৰাউনচুগাৰ ভৰ্তি কন্টেইনাৰ । সৰ্থেবাৰী আৰক্ষী থানাত ৰুজু হোৱা ৮৭/২০২১ নম্বৰ গোচৰ আৰু এনডিপিএচ আইনৰ ২১ (বি) ধাৰাৰ অধীনত ধৃত যুৱক দুজনক আজি  মাজদিয়া আৰক্ষীয়ে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে  ৷

Leave A Reply