আতলচ এবিধ সুস্বাদু ফলে নহয় পুষ্টিকৰো ফল। বহু লোকে আতলচৰ উপকাৰিতা সম্বন্ধে কমকৈ অৱগত ৷ আতলচত এণ্টি-অক্সিডেণ্ট গুণ থকা উপৰিও অধিক মাত্ৰাত কেলছিয়াম, পটাছিয়াম, ফাইবাৰ, ক’পাৰ, চডিয়াম আদি উপাদান পোৱা যায়।(Sugar apple)
আতলচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কোষ্ঠকাঠিন্যতা দূৰ কৰে। শৰীৰৰ তেজ বঢ়াত সহায় কৰে। আতলচৰ পাতৰ ৰসে মূৰ ধুলে উফি নোহোৱা হয় । আনহাতে আতলচৰ গুটি গুড়ি কৰি শুকাই নাইবা পাতৰ ৰস উলিয়াই সেই ৰস পানীত মিহলাই মুৰ ধুলে ওকনি নোহোৱা হয়। পকা আতলচ খালে শৰীৰৰ হিম’গ্লবিন বৃদ্ধি হয়।
মেছিয়ে বিশ্বকাপত খেলিব নে নাই বুলি সোধাত স্কাল’নীয়ে কয়, “চাওঁ কি হয়। এতিয়াও বহু সময় আছে। আমি প্ৰতিখন মেচ যিদৰে আহিব তেনেদৰেই লোৱা উচিত। নহ’লে আমি গোটেই বছৰটো একেখিনি কথাই কৈ থাকিব লাগিব। এতিয়াৰ বাবে আমি মেছিক অকলে এৰি দিব বিচাৰো। মেছিয়ে কি কৰিব বিচাৰে সেইটো সিদ্ধান্ত লওক। এই বিষয়ে ইমান আলোচনা কৰি লাভ নাই।”
মেছি অবিহনে ব্ৰাজিলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ আধিপত্য দেখি বহুলোক আচৰিত হৈছিল। অৱশ্যে আৰ্জেণ্টিনাৰ ফুটবলাৰসকলৰ মতে মেছি থাকিলে জয়ৰ সোৱাদ অধিক মধুৰ হ’লহেঁতেন। জুলিয়ান আলভাৰেজে কয় যে মেছি যদি তাত থাকিলহেঁতেন তেন্তে আমি আৰু দুটা বা তিনিটা গ’ল দিলোঁহেঁতেন।
মিডফিল্ডাৰ ৰড্ৰিগো ডি পলেও একে কথাই কয়। তেওঁ মন্তব্য কৰে যে, “যেতিয়া আমাৰ দলত ১০ নম্বৰ থাকে, আমি আমাৰ শ্ৰেষ্ঠ খেল খেলো। কাৰণ তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ।” যদিও তেওঁ নাম উল্লেখ কৰা নাছিল, তথাপিও তেওঁ মেছিৰ কথাকে বুজাইছিল।
গুৱাহাটী, ২৭ মাৰ্চঃ assam cabinet । জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলক এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ-২০০২ সংশোধনৰ অনুমোদন কেবিনেটে প্ৰদান কৰিছে। নতুন নিয়ম অনুসৰি, পঞ্চায়তৰ বজাৰ আৰু হাটসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কোনো ধৰণৰ কৰ সংগ্ৰহ কৰিব নোৱাৰিব, আৰু মহলদাৰসকলক নতুন দায়িত্ব প্ৰদান কৰা হ’ব। লগতে, মহলদাৰসকলে যাতে কোনো অতিৰিক্ত ধন সংগ্ৰহ নকৰে তাৰ বাবে পুলিচ ভেৰিফিকেচনৰ ব্যৱস্থা কৰা হ’ব।
জলবায়ু পৰিবর্তন সজাগীকৰণ তথা পৰিচালনৰ দায়িত্ব এতিয়াৰে পৰা বন বিভাগে ল’ব। আনহাতে, লোক নিৰ্মাণ বিভাগক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লৈ কেবিনেটে নতুনকৈ “লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা বিভাগ” গঠনৰ অনুমোদন দিছে। এই বিভাগৰ অধীনত স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় বিল্ডিংসমূহৰ নিৰ্মাণ আৰু পৰিচালনা কৰা হ’ব। আনহাতে, সচিবালয়, ষ্টেডিয়াম, আৱৰ্ত ভৱন আদি নিৰ্মাণৰ দায়িত্ব লোক নিৰ্মাণ গৃহ বিভাগৰ অধীনত থাকিব।
কেবিনেটৰ অন্য এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা প্রতিটো বিধানসভা সমষ্টিত (১২৬টা) একোটাকৈ ব্লক PHE গঠন কৰা হ’ব। যিসমূহ সমষ্টিৰ আকাৰ ডাঙৰ, সেই সমষ্টিসমূহত দুটাকৈ ব্লক PHE থাকিব।
নতুন মেডিকেল কলেজ দৰং জিলাত এখন নতুন মেডিকেল কলেজ স্থাপনৰ বাবে ৫৭২ কোটি টকাৰ অনুমোদন দিয়া হৈছে। মঙলদৈৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ সমীপত এই মেডিকেল কলেজ নিৰ্মাণ হ’ব, যাৰ লগত BSc নাৰ্ছিং কলেজ আৰু GNM নাৰ্ছিং স্কুলো সংলগ্ন থাকিব।
অন্য গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
ৰাজ্যৰ প্ৰতিখন ৰেচন দোকানৰ মেয়াদ ৩০ জুন ২০২৬লৈ বৃদ্ধি কৰা হ’ল।
চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদিত স্বামীসকলেও ২ বছৰৰ বাবে চাইল্ড কেয়াৰ লীভ লাভ কৰিব।
মাহিলী আয় ১৫ হাজাৰৰ তলত হ’লে এতিয়াৰে পৰা কোনো প্রফেচনেল টেক্স দিব নালাগে।
কেঁচা চাহপাতৰ ওপৰতো এতিয়াৰে পৰা কৰ বসোৱা নহ’ব।
AFSPA আইন বাতিলৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ডিব্রুগড় জিলাক AFSPAৰ আওতাৰ পৰা বাহিৰ কৰিছে, যদিও তিনিচুকীয়া, শিৱসাগৰ, আৰু চৰাইদেউ জিলাত এই আইন কাৰ্যকৰী হৈ থাকিব।
অসমক দ্বিতীয় ৰাজধানী হিচাপে গঠনৰ বাবে কেন্দ্ৰক আহ্বান জনোৱা হৈছে।
জাপান চৰকাৰে ২৫ মাৰ্চত নতুন পৰ্যটন নীতি ঘোষণা কৰি অসমৰ ক্ষেত্ৰত থকা আগতীয়াকৈ আরোপিত কিছু নিৰ্দেশনা শিথিল কৰিছে।