Home Blog Page 3124

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অংকুৰণ প্ৰকাশনৰ ৬ খনকৈ গ্ৰন্থ উন্মোচন

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ(ৰাজু) কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা “মোৰ ভ্ৰমণ ডায়েৰী” অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে, শিক্ষয়িত্ৰী কুৰালগুৰিৰ ৰাজশ্ৰী বৰাই লেখা “হেঁপাহৰ আবিৰ” শিক্ষয়িত্ৰী বন্দনা দত্তই, যোৰহাটৰ নাৰায়ণ চন্দ্ৰ ঘোষে লেখা “স্মৃতিৰ সঁফুৰা” কবি সাহিত্যিক দেৱেন তাছাই, মাজুলীৰ ত্ৰিবেণী পায়েঙে লেখা “জ্যোতি” গোপালদেৱ সেৱক সমাজৰ যোৰহাটৰ সম্পাদক সুৰেশচন্দ্ৰ হাজৰিকাই, লখিমপুৰৰ আকবৰ পায়েঙে লেখা “নৱ যুৱ সমাজঃ তেজস্বী কলম” মাজুলীৰ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে আৰু মাজুলীৰ পদ্ম পেগুৱে লেখা “মোৰ মুক্ত চিন্তা” নামৰ গ্ৰন্থখন আমাৰ অসমৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক ৰমেন শইকীয়াই উন্মোচন কৰি বক্তব্য আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন ডঃ অখিল চক্ৰৱৰ্তীয়ে ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। অংগন-ই আলোচনীখনৰ সম্পৰ্কত ৰূপজ্যোতি নাথে বক্তব্য আগবঢ়োৱা কবিতা পাঠ অনুষ্ঠান পৰিচালনা কৰে অৰ্চনা শইকীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা সকলৰে সৌৰভ জ্যোতি দুৱৰা, ধন দাস, স্বেতা ছেত্ৰী, তেজস্বিনী বৰঠাকুৰ, ৰিতু ভৰালী, পংকজ দাস, অন্তৰীপ কাকতি, বুবুল শইকীয়া, আৰতী টুকুৰীয়া, আৰতী শইকীয়া, বিৰাজ দত্ত, প্ৰিয়ংকা কলিতা, চয়নিকা বৰুৱা, জোনা বৰঠাকুৰ, ৰাণুপ্ৰভা দত্ত, অঞ্জুমণি বৈৰাগী দত্তই স্ব-ৰচিত কবিতা পাঠ কৰে।অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজন কৰা নীলা খামৰ চিঠি প্ৰতিযোগিতাত যোৰহাটৰ বিশ্ব বৰুৱা, গোলাঘাটৰ নেইনা বৰঠাকুৰ, কাৰ্বি আংলঙৰ লক্ষ্যজিৎ শইকীয়াই, স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ মধুমিতা বৰুৱা শইকীয়া, যোৰহাট টীয়কৰ ঋতুপৰ্ন দত্ত, শিৱসাগৰৰ পাৰ্থপ্ৰতিম নাথে, অংকুৰণ ৰঙালী বিহু মডেল প্ৰতিযোগিতাত শিৱসাগৰৰ কল্পদ্বীপ নাথ, যোৰহাট টীয়কৰ তছলিনা বেগম, দুলীয়াজানৰ পৰকাষ্ঠা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়কৈ স্থান লাভ কৰাত পুৰষ্কাৰ প্ৰদানৰ লগতে দৰ্শনত সৰ্বোচ্চৰ বাবে শিৱসাগৰৰ অনুষ্পা দেৱীক বিশেষ পুৰষ্কাৰ ১২ ফেব্ৰুৱাৰীত অংকুৰণ প্ৰকাশনৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য, এইঅনুষ্ঠানত অনুপস্থিত বিজয়ীসকলক কাৰ্যালয়ৰ পৰা তেওঁলোকৰ পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনায়।

লাহৰীঘাটৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাৰ বিজেপিত যোগদান

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ধুমকুৰা গাঁও পঞ্চায়তৰ  শিয়ালমাৰি কছাৰী গাৱৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাই যোৱা কালি ৰাজ্যিক বি জে পি দলৰ মূখ্য কাৰ্যালয় গুৱাহাটীত আনুষ্ঠানিক ভাৱে গেৰুৱা দলত যোগদান কৰে ।

অৱশ্যে এই যোগদান পৰ্বত উপস্থিত আছিল ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলিপ শইকীয়া , সাংসদ পল্লৱ লোচন দাস,  বি কলিতা, ৰাজদ্বীপ ৰয়,  পৰিবেশ আৰু বন মন্ত্ৰী মাননীয় পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনিন্দ্ৰ শৰ্মাৰ লগতে মৰিগাঁও জিলা সমিতিৰ সভাপতি  প্ৰভীন মেধি  ।

এই  যোগদান পৰ্বই উনুকিয়াই দিলে যে লাহৰীঘাট সমষ্টিত বিজেপি দলৰ সম্ভাব্য প্ৰাৰ্থিত্বৰ তালিকাত অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাও হয়তো  প্ৰৱল দাবীদাৰ ।

আজি সৰস্বতী পূজা, শিক্ষানুষ্ঠান সমূহ মুখৰিত হৈ পৰিছে বাগদেৱীৰ বন্দনাৰে

কভিড সৃষ্ট পৰিবেশৰ পিছত এক স্বাভাৱিক জীৱন ঘূৰি আহিছে । আজি ৰাজ্য়জুৰি উদযাপন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনা । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ স্কুল-কলেজসমূহত উখল–মাখল পৰিৱেশ । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই-পৰাই তোলা হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে উখল-মাখল পৰিৱেশ।

ৰাজ্য়ৰ শিক্ষানুষ্ঠান সমূহ মুখৰিত হৈ পৰিছে বাগদেৱীৰ বন্দনাৰে। পিছে কভিডৰ বাবে কোনো কোনো শিক্ষানুষ্ঠানত এইবাৰ উদযাপন কৰা নহ’ল সৰস্বতী পূজা।

হাতীধুৰা মহাবিদ্যালয়ত প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা

মূখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোঁজনাৰ অধিনৰ অসম যুৱ উন্নয়ন অভিযান  আঁচনিৰ অধিনত নিৰ্মিত  হাতীধুৰা মহাবিদ্যালয়ৰ খেল পথাৰ খন আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে ।

উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰা মহাবিদ্যালয়ৰ খেল পথাৰ খনৰ উন্নয়নৰ বাবে বিভাগীয় কতৃপক্ষই ২০১৮–১৯ বিত্তীয় বছৰত  মূখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোঁজনাৰ অধিনৰ অসম যুৱ উন্নয়ন অভিযান  আঁচনিৰ অধিনত ২০,০০০০০ (কুৰি লাখ )টকা মঞ্জুৰী দিয়ে । উক্ত মঞ্জুৰীকৃত ধনেৰে হাতীধুৰা মহাবিদ্যালয় কতৃপক্ষই উক্ত খেল পথাৰ খনৰ উন্নয়নৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে আৰু আজি ৰঙা  ফিতা কাটি খেল পথাৰ খন আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয় ।

খেল পথাৰ খনৰ উদ্বোধনৰ পিছত হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ ফৰিদ উদ্দিন আহমেদৰ সভাপতিত্বত এখনি উদ্বোধনী সভাও অনুষ্ঠিত হয় । উক্ত সভাত ২৮নং গোসাইগাঁও  বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ভাষণ প্ৰসংগত কয় যে ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ বাবে যেনেকৈ পুথি গত বিদ্যাৰ প্ৰয়োজন ঠিক তেনেদৰে ছাত্ৰ-ছত্ৰী সকলৰ শাৰীৰিক বিকাশৰ বাবেও খেল -ধেমালীৰ অতি প্ৰয়োজন ।

ইয়াৰ উপৰি উদ্বোধনী সভা খনত   হাতীধুৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰ, ডি,  সিং, গোসাইগাঁও মহাবিদ্যালয়ৰ উপ – অধ্যক্ষ,  মহাবিদ্যালয় খনৰ সহকাৰী অধ্যাপক-অধ্যাপিকা সকল , তামাৰহাট  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু স্থানীয় বিশিষ্ঠ ব্যাক্তি সকল উপস্থিত থাকে । মন কৰিবলগীয়া যে উক্ত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনৰ ছাত্ৰ সকলৰ দ্বাৰা এখন আকৰ্ষণীয় প্ৰীতি মূলক ফুট বল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

বিহালীত বিজেপিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ পৃষ্ঠা প্রমুখ সন্মিলন

সমাগত বিধান সভা নিৰ্বাচন । তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনীতি দল সংগঠন সমুহৰ ‌। নিজৰ নিজৰ ৰাজনৈতিক ভেটি সৱল কৰিবলৈ ইখনৰ পাছত সিখন সভা সমিতি আয়োজন কৰিছে ৰাজনীতি দল সমুহে। সমান্তৰালকৈ বিশ্বনাথ জিলাতো ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপক ভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে।

সোমবাৰে ২০২১ ৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টি, বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ পৃষ্ঠা প্রমুখ সন্মিলন আয়োজন কৰে । য’ত উপস্থিত থাকে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত । মন্ত্ৰী ৰঞ্জিত দত্তই সভাত অংশগ্রহণ কৰি পৃষ্ঠা প্ৰমুখ সকলৰ সৈতে মত বিনিময় কৰি আগন্তুক বিধান সভা নিৰ্বাচনত কি দৰে বিহালী সমষ্টি বিজেপিৰ দখলত ৰাখিব পাৰি তাৰ ওপৰত ৰণ কৌশল প্ৰস্তুত কৰাৰ লগতে দলীয় কৰ্মী সকলে ৰাইজৰ মাজত গৈ বিজেপিয়ে যোৱা ৪ বছৰ কৰা উন্নয়ন মূলক কাম সমুহ দাঙি ধৰিবলৈ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত দত্তই ।

ইফালে সন্মিলনত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰকে ধৰি বহু কেইজন বিজেপি কৰ্মী।

টেঙাখাত আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিৱেশনৰ সফল সামৰণি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশন খনি ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে টেঙাখাতৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনখনিৰ প্ৰথমদিনা সংগঠনটোৰ টেঙাখাত আঞ্চলিকৰ সভাপতি নন্দৰাজ বৰশইকীয়াই পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।এই অধিবেশনৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ আদিৰো আয়োজন কৰা হয়।১৪ ফেব্ৰুৱাৰীৰ দিনা পুৱাই সংগঠনটোৰ তৰফৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।তাৰ পিছতে টেঙাখাত আঞ্চলিকৰ সভাপতি নন্দৰাজ বৰশইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰে।এই মুকলি সভাত ডিব্ৰুগড় জিলাৰ সংগঠনটোৰ সভাপতি ভবেন সোনোৱালে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সংগঠনটোৰ কৰণীয় আৰু ইতিহাস সম্পৰ্কে এক সুন্দৰ আলোচনা আগবঢ়ায়।এই সভাত আছু,সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু বহু সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।গধূলি অধিৱেশনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ বটা বিতৰণ কৰাৰ লগতে এক আটকধুনীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে টেঙাখাত আঞ্চলিকৰ বিষয়ববীয়া সকলে।

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

বিতৰ্কই লগ নেৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । এইবাৰ বিশ্ববিদ্যালয় খনৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি সোমবাৰে নিশা সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। নিশা জ্যোতি বাটচ’ৰাত একাংশ অসন্তুষ্ট ছাত্ৰই সাব্যস্ত কৰে প্ৰতিবাদ।

স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰৰ কৰি পুনৰ কঁপি উঠে ডিব্ৰুগড় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন আছিল। দুপৰীয়া ২.৩০ বজাৰলৈকে মনোনয়ন পত্ৰ প্ৰদানৰ সময় ধাৰ্য কৰিছিল বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে।

কিন্তু অভিযোগ কৰা অনুসৰি একাংশ প্ৰাৰ্থীয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব পৰা নাছিল মনোনয়ন পত্ৰ। যাৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সংঘাত আৰম্ভ হয়। প্ৰশাসনিক বিভাগে একেদিনাই প্ৰাৰ্থীৰ নামো ঘোণা কৰাৰ কথা আছিল। কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে সঠিক সময়ত প্ৰাৰ্থী নাম ঘোষণা কৰাৰ পৰিৱৰ্তে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ৰহস্যজনকভাৱে পিছুৱাই দিয়াৰ বাবে একাংশৰ ছাত্ৰ ক্ষোভিত হৈ পৰে।

ইয়াৰ পিছতেই ক্ষোভিত ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ জ্যোতি বাট’চৰাৰ সন্মুখত বহু নিশা পৰ্যন্ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, যোৱা দুবছৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব পৰা নাই বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। ইফালে প্ৰতিবাদকাৰী ছাত্ৰসকলে এটা বিশেষ ছাত্ৰ সংগঠনলৈ অভিযোগৰ আঙুলি টোৱাইছে।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত গোলাঘাটত নাটক সমাৰোহৰ আয়োজন

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ উদ্যোগত আৰু গোলাঘাট এমেচাৰ থিয়েটাৰ চ’চাইটিৰ সহযোগত চ’চাইটিৰ মঞ্চত অনুষ্ঠিত হ’ব নাট সমাৰোহ ।

অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা আয়োজন কৰা নাট সমাৰোহ খনি ২৮ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব । নাট সমাৰোহ খনিৰ বিষয়ে কালি অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সমাৰোহৰ মুখ্য সমন্বয়ক ডা: মানস ৰয়ে । সমন্বয়ক গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি নাট সমাৰোহত ভাৰতৰ কেইবাগৰাকীও খ্যাতনামা নাট্যকাৰৰ নাটক মঞ্চায়ন কৰিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটাৰী নাট্য দলে ।

ৰাষ্ট্ৰীয় ভাষা হিন্দীত মঞ্চায়ন হ’ব লগীয়া নাটক সমূহৰ সূচী  এনেধৰণৰ,  ২৪ ফেব্ৰুৱাৰীত নাটক ‘পেহলা সত্যাগ্ৰহী’ পৰিচালক প্ৰফেছাৰ সুৰেশ শৰ্মা । ২৫ ফেব্ৰুৱাৰীত নাটক ‘তাজমহল কি টেণ্ডাৰ’ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠী । ২৬ ফেব্ৰুৱাৰীত নাটক  ‘জাত হী পুছৌ সাধু কি’ পৰিচালক ৰাজেন্দ্ৰ নাথ । ২৭ ফেব্ৰুৱাৰীত নাটক ‘খামোশী চিলি চিলি’ পৰিচালক প্ৰফেছাৰ সুৰেশ শৰ্মা আৰু ২৮ ফেব্ৰুৱাৰীত নাটক ‘বায়েন’  পৰিচালক ঊষা গাংগুলী  ।

উল্লেখিত ৫টা তাৰিখৰ প্ৰতি সন্ধিয়া ৬-৩০ বজাৰ পৰা নাটক মঞ্চস্থ কৰা হ’ব । কোনো প্ৰৱেশ পত্ৰৰ ব্যবস্থা নকৰা এই সমাৰোহত দৰ্শক সকলে বিনামুলীয়াকৈ নাটক উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰি সকলো নাট্য প্ৰেমী দৰ্শকক নিমন্ত্ৰণ জনাইছে সংবাদমেলৰ জৰিয়তে ।

সংবাদমেলত সমাৰোহৰ সমন্বয়ক ক্ৰমে ডা ; অজিত বৰুৱা, অনিল শৰ্মা, দীপমনি খাটনীয়াৰ, মৃদুল কাকতী, নিলোফাৰ -ই -মাহটাবী  উপস্থিত আছিল ।

অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অৱশেষত ঘোষণা কৰা হ’ল অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে উপ-পৰিদৰ্শকৰ (ইউ বি) ৫৯৭টা পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। এই ফলাফলত ৫৯৭ পদত ৪১৮ জন পুৰুষ আৰু ১৭৯ গৰাকী মহিলা পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে, ২০ ছেপ্তেম্বৰত প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ ভিতৰতেই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল। যাৰ ফলত বাতিল হৈছিল প্ৰথমটো পৰীক্ষা। ইয়াৰ পাছত প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ হৈছিল মুখ্যমন্ত্ৰী সোণোৱাল। এই প্ৰশ্ন কাকত ফাদিলক লৈ কৰা তদন্তত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পি কে দত্ত, দিবন ডেকাকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া কুমাৰ সঞ্জীত কৃষ্ণ। 

ইফালে এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতেই পুনৰ নিকা পদ্ধতিৰে ২২ নৱেম্বৰত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা। মুখ্যমন্ত্ৰীৰ তৎপৰতাত সম্পূৰ্ণ নিকা পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই চৰকাৰৰ ক্ষীপ্ৰ পদক্ষেপত বিভিন্ন জনে এতিয়া শলাগ লোৱাৰ লগতে উত্তীৰ্ণ প্ৰাৰ্থীসকলে সন্তুোষ প্ৰকাশ কৰিছে।

দুলীয়াজানত অইলৰ তেল চোৰৰ দপদপনি অব‍্যাহত, আৰক্ষীৰ অভিযানত ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱাতেলসহ টেংকাৰ জব্দ

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ পনীয়া সোণৰ চোৰাং ব্যৱসায় অব্যাহত আছে । এই ক্ষেত্ৰত চোৰক নাকি লগোৱাত ব্যৰ্থ অইল নিৰাপত্তা বিভাগ । নিশা নাওশলীয়া আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই চোৰাং খাৰুৱাতেল সৰবৰাহ কৰা এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । নাওশলীয়া আৰক্ষী চকীৰ এটা আৰক্ষী দলে মধুবন অঞ্চলত অৰ্তকিতে অভিযান চলাই এ এছ ০১ টি ৪৭৯৯ নম্বৰৰ খাৰুৱাতেল পৰিবাহী এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত আৰক্ষীৰ অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই ঘটনাস্থলীৰ পৰা টেংকাৰৰ চালক আৰু সহযোগী পলায়ণ কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযানকাৰী দলটোৱে তিনিচুকীয়াৰ অশোক মাহাতু (৩২) নামৰ লোকজনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । পিছত আৰক্ষীয়ে তদন্ত কৰি অশোক মাহাতুক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে । শেহতীয়াকৈ আৰক্ষীৰ তদন্তত কেতবোৰ  তথ্য পোহৰলৈ আহিছে ‌। জব্দ কৰা সময়ত  টেংকাৰখনত এ এছ ০১ টি ৪৭৯৯ নম্বৰৰ প্লেট লাগি আছিল যদিও  টেংকাৰখনত এন এল ০৫ জি ০৫৮১ নম্বৰৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে । ইফালে আৰক্ষীয়ে জব্দ কৰা টেংকাৰখনৰ ১২ হাজাৰ লিটাৰ খাৰুৱাতেল অইল কৰ্তৃপক্ষক চমজাই দিয়াৰ লগতে খাৰুৱাতেলৰ নমুনা সংগ্ৰহ কৰি নমুনা পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰে ।
ইফালে জব্দ হোৱা টেংকাৰখনত অইল ইণ্ডিয়া লিমিটেডৰ ১২ হাজাৰ লিটাৰ খাৰুৱা তেল মজুত আছিল । আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান আৰক্ষী থানাত ৬৮/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।