Home Blog Page 3123

প্ৰয়াত সংগীতকাৰ ৱাজিদ খানৰ পৰিয়ালৰ বিৰুদ্ধে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ অভিযোগ পত্নীৰ

কৰণাৰ মাজতে ভাৰতৰ সংগীত জগতত মোক্ষম আঘাট সানি পৰলোক গমণ কৰা ৱাজিদ খানৰ পত্নীয়ে তুলিছে এক গুৰুতৰ অভিযোগ। বাজিদৰ মৃত্যুৰ পিছতে শহুৰৰ ঘৰে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰিব কোৱাৰ অভিযোগ উত্থাপন কৰিছে ৱাজিদৰ খানৰ পত্নীৰ। অভিযোগ অনুসৰি ৱাজিদৰ পত্নী কমালৰুখ পাৰ্চী সম্প্ৰদায়ৰ আছিল। কিন্তু ৱাজিদৰ মৃত্যুৰ পিছতে পৰিয়ালৰ ফালৰ পৰা তেওঁৰ ওপৰত হেচা প্ৰয়োগ কৰা হৈছে ধৰ্ম পৰিৱৰ্ত কৰাৰ বাবে। ছচিয়েল মিডিয়াত এক পোষ্ট কৰি এই বিষয়ে জনাই কমালৰুখে। যি পোষ্টে এতিয়া খলকনিৰ সৃষ্টি কৰিছে কেউফালে। সংগীতকাৰ গৰাকীৰ মৃত্যুৰ পিছতে মৃত্যুৰ শোক পাতলাৰ পূৰ্বেই এনে মানসিক নিৰ্যাতন তোলাৰ অভিযোগ দিছে কমালৰুখে। কমালৰুখে লগতে কয় যে, বিয়াৰ পূৰ্বে তেওঁলোকে ১০ বছৰ ধৰি সম্পৰ্কত আছিল। তেওঁলোকক একলগে ‘কলেজ ছুইটহাৰ্টছ’ বুলিও কোৱা হৈছিল।

কৰোনাৰ মাজতে ভাৰতৰ সংগীত জগতত মোক্ষম আঘাট সানি পৰলোক গমণ কৰা ৱাজিদ খানৰ পত্নী কমালৰুখে ছচিয়েল মিডিয়াত এক পোষ্ট শ্বেয়াৰ কৰি অভিযোগ কৰে যে তেওঁৰ শহুৰৰ ঘৰে জোৰকৈ ইছলামলৈ ধৰ্ম পৰিৱৰ্তন কৰিবলৈ কৈছিল আৰু ৰূপান্তৰ নকৰাৰ বাবে কেনেদৰে তেওঁক উৎপীড়ন চলাই থকা হৈছে। ৱাজিদ খানৰ পত্নী আছিল কমালৰুখ পাৰ্চী সম্প্ৰদায়ৰ ।


কমালৰুখে কৈছে যে, ৱাজিদৰ মৃত্যুৰ পিছতে পৰিয়ালৰ ফালৰ পৰা তেওঁৰ ওপৰত হেচা প্ৰয়োগ কৰা হৈছে কিন্ত তেওঁ ধৰ্ম পৰিৱৰ্তন কৰিবলৈ অস্বীকাৰ কৰা বাবে তেওঁৰ দুই সন্তান-১৬ বছৰীয়া কন্যা আৰু ৯ বছৰীয়া সন্তানক ৱাজিদ খানৰ পৰিয়ালে উত্তৰাধিকাৰ হিচাপে অস্বীকাৰ কৰি আছে।

কমালৰুখে শনিবাৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু কংগনা ৰানাৱটৰ পৰাও সমৰ্থন লাভ কৰিছে। তেওঁ আৰু তেওঁৰ সন্তানে কি সন্মুখীন হ’ব লগা হৈছে তাৰ বিষয়ে কৈছিল।

কমালৰুখে কৈছিল যে, তেওঁ আৰু ৱাজিদৰ কলেজৰ দিনৰে পৰা ভালপোৱাৰ সম্পৰ্কত আছিল আৰু বিশেষ বিবাহ আইনৰ অধীনত দুয়োজনৰ বিবাহ হৈছিল।এই বছৰৰ মে মাহত ৱাজিডৰ মৃত্যু হৈছিল। বিবাহৰ পিছত মোৰ স্বাধীনতা, শিক্ষা আৰু গনতান্ত্ৰিক মূল্য প্ৰণালী আছিল মোৰ স্বামীৰ পৰিয়ালৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা। এগৰাকী শিক্ষিত, চিন্তা, মতামত থকা স্বাধীন মহিলা তেওলোকৰ গ্ৰহণযোগ্য নাছিল। ইছলামলৈ ধৰ্ম ৰুপান্তৰ কৰিবলৈ অচ্ছিকাৰ কৰাৰ সিদ্ধান্তই মোৰ আৰু মোৰ স্বামীৰ মাজৰ বিভাজন যথেষ্ট বৃদ্ধি কৰিছিল ।

মোৰ সন্মান আৰু আত্মসন্মানে মোক ইছলামলৈ ৰূপান্তৰ কৰি তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ পিছফালে থাকিবলৈ অনুমতি দিয়া নাছিল। : কমালৰুখ ।

চীনৰ সৈতে যদি পাৰে তেন্তে পাকিস্তানৰ সৈতে কিয় আলোচনা কৰিব নোৱাৰিব কেন্দ্ৰই : মেহবুবা মুফতি

কেন্দ্ৰীয় চৰকাৰ ওপৰত আক্ৰমনাত্মক হৈ মেহবুবা মুফতিৰ প্ৰশ্ন, “পাকিস্তান মুছলমান দেশ, সেইবাবেই তেওঁলোকে তেওঁলোকৰ সৈতে কথা নাপাতে নেকি ?

পিপ’লচ ডেমক্ৰেটিক পাৰ্টি (PDP) সভাপতি মেহবুবা মুফতিয়ে দেওবাৰে (২৯ নৱেম্বৰ, ২০২০) কেন্দ্ৰক আক্ৰমন কৰি প্ৰশ্ন কৰে যে তেওঁলোকে চীনৰ সৈতে যদি পাৰে তেন্তে পাকিস্তানৰ সৈতে কিয় আলোচনা কৰিব নোৱাৰিব ।

“যেতিয়া তেওঁলোকে লাদাখত আমাৰ ভূমি দখল কৰি থকা স্বত্বেও চীনৰ সৈতে কথা পাতিব পাৰে, ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা হোৱা উচিত,” মুফতিয়ে কয়।

জানুৱাৰীৰ পৰা চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ ৰাজধানীৰ সৈতে সংযোজিত কৰা হব।

এয়াৰ ইণ্ডিয়াই বৰ্তমান দিল্লীৰ পৰা লণ্ডনলৈ নন-ষ্টপ বিমান চলাচল কৰি আছে (সপ্তাহত সাত খন বিমান), মুম্বাই (সপ্তাহত চাৰিখন বিমান), কোচি (সপ্তাহত তিনিখন বিমান), আহমেদাবাদ (সপ্তাহত দুখন বিমান), বাংগালুৰু (সপ্তাহত দুখন বিমান), গোৱা (সপ্তাহত দুখন বিমান), কলকাতা (সপ্তাহত এখন বিমান) আৰু অমৰিতসৰ (সপ্তাহত দুখন উৰণ) বুলি এজন বিমান কৰ্মীয়ে জানিবলৈ দিয়ে।

“দিল্লী, কোচি, গোয়া আৰু আহমেদাবাদৰ দৰে কিছুমান ষ্টেচনত যথেষ্ট প্ৰৱল চাহিদা (লণ্ডন বিমানৰ বাবে) দেখা গৈছে,” মুখপাত্ৰজনে কয়।

“আমি ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত প্ৰত্যক্ষ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ,” মুখপাত্ৰজনে কয়।

COVID-19ৰ বাবে ২৩ মাৰ্চৰ পৰা ভাৰতত অনুসূচীত আন্তৰ্জাতিক যাত্ৰীবাহী বিমান স্থগিত হৈ আছে।

অৱশ্যে, এয়াৰলাইনসমূহক মে মাহৰ পৰা আৰু জুলাইৰ পৰা দুপৰীয়া বিমান এক চুক্তিৰ অধীনত বন্দে ভাৰত মিছনৰ অধীনত বিশেষ আন্তৰ্জাতিক বিমান চলাবলৈ অনুমতি দিয়া হৈছে।

এইবাৰ নোৰো ভাইৰাছৰ সংক্ৰমণ !

কোৰোণা ভাইৰাছৰ উত্‍পত্তিস্থল চীন দেশত এইবাৰ নোৰো ভাইৰাছ নামেৰে এক নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে ।
নোৰো নামৰ এবিধ নতুন ভাইৰাছে চীনত আৰম্ভ কৰিছে সন্ত্ৰাসৰ। এই নোৰো ভাইৰাছ বিশেষকৈ আক্ৰান্ত হৈছে কণ কণ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকসকল।এই কথা উল্লেখ কৰিছে দেশ খনৰ স্বাস্থ্য বিভাগে।
“চীনৰ ছিচুৱান প্ৰদেশৰ জিজঙৰ এখন সৰু ল’ৰা ছোৱালীৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল বমি কৰি অসুস্থ হৈ পৰিছিল। আৰু তেতিয়াই পৰীক্ষাৰ নিৰীক্ষাৰ অন্তত এই নতুন ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল” : গ্লোৱেল টাইমছৰ ।
প্ৰায় ৫০ গৰাকী শিশু বৰ্তমানলৈ আক্ৰান্ত হৈছে নোৰো ভাইৰাছত। বিশেষজ্ঞ চিকিত্‍সকে কোৱা মতে, এই ভাইৰাছৰ সংক্ৰমণ কোৰোণা ভাইৰাছতকৈও ভয়াৱহ। এই ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণ হ’ল বমি আৰু ডায়েৰিয়া। আক্ৰান্ত ৰোগীয়ে সময়ত চিকিত্‍সা লাভ নকৰিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে।

গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা।
শীতৰ এই সময়চোৱাত গুৱাহাটীবাসী সাৱধান হোৱা প্ৰয়োজন দেখা দিছে ।
ৰাজ্যত ১৬৩জনৰ দেহত ধৰা পৰিছে কৰণা ভাইৰাছ ।
কিন্তু ইয়াৰ ভিতৰত ৬১জনেই কামৰূপ মেট্ৰ’ৰ কৰণা ভাইৰাছত আক্ৰান্ত ।
এতিয়ালৈকে অসমত কৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১২৪৮৩ জনলৈ পাইছে বৃদ্ধি।
আনহাতে ৰাজ্যত সুস্থ হৈছে মাত্ৰ ১২২জন লোক।
সুস্থ হোৱা লোকৰ মুঠ সংখ্যা ২০৮১৮৭জন।
ইয়াৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৩৩১৩জন কৰণা ৰোগী।
কৰণাত আক্ৰান্ত হৈ অসমত ৯৮০জন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে ।

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল ।প্ৰশাসনে প্ৰতিবাদী কৃষকসকলক দিল্লীত প্ৰৱেশ কৰাত বাধা দিছিল যদিও সেই বাধা নেওঁচি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ অব্যাহত ৰাখিছিল ।


শেহতীয়াভাৱে ৪ দিন ধৰি অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ ওচৰত অৱশেষত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে । কৃষকৰ প্ৰতিবাদক গুৰুত্ব দিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে বিয়লিৰ ভাগত এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।


চৰকাৰ প্ৰতিবাদী কৃষকসকলৰ সৈতে আলোচনাৰ বাবে ৰাজি আছে বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ”মই প্ৰতিবাদী কৃষকসকলক আহ্বান জনাইছো তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ ভাৰত চৰকাৰ প্ৰস্তুত আছে। কৃষি মন্ত্ৰীয়ে তেওঁলোকক ৩ ডিচেম্বৰত আলোচনাৰ বাবে নিমন্ত্ৰণ কৰিছে। চৰকাৰে সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত আছে। কৃষকসকলৰ দাবী মানি লবলৈও প্ৰস্তুত আছো।”

শীঘ্ৰে বজাৰত উপলব্ধ হব কোভিডৰ দেশীয় প্ৰতিষেধক

বজাৰত বৰ্তমানেও উপলব্ধ নহয় সমগ্ৰ বিশ্বতে তাণ্ডৱ সৃষ্টি কৰা কোভিড-১৯ ৰ প্ৰতিষেধক । তাৰ বাবেই কালি পুনে স্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেবৰেটৰী, হাইদৰাবাদস্থিত ভাৰত বায়টেক, আহমেদাবাদস্থিত জাইডাছ কেডিলা পৰিদৰ্শন কৰি কোভিড প্ৰতিষেধকৰ অগ্ৰগতিৰ বুজ লয় প্ৰধানমন্ত্ৰী মোডীয়ে।



প্ৰধানমন্ত্ৰী মোডীয়ে দেশীয়ভাৱে বিকশিত দুই প্ৰতিষেধকৰ কামকাজ বুজ লোৱাৰ পাছতেই বিজ্ঞানীসকলক ভূয়সী প্ৰশংসা কৰে।ইয়াৰ পাছতেই শীঘ্ৰ বজাৰলৈ অহাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে কোভিড-১৯ প্ৰতিষেধকৰ। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত চলিত বৰ্ষতে এই ভেকচিন বজাৰলৈ আহিব বুলি প্ৰকাশ কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিছতো কিয় অনুষ্ঠিত কৰা হোৱা নাই সেই সম্পৰ্কে চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷

গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷ উক্ত বৈঠকত গঠন হোৱা সমিতিখনৰ ম়্যাদ অন্ত পৰাৰ সময়তে নিৰ্বাচন অনুষ্ঠিত কৰি এখন নতুন সমিতি গঠন কৰিব লাগে৷ কিন্তু ২০১৮ চনৰ ৩১ জুলাইত এই নিৰ্ধাৰিত সময় পাৰ হৈ যাই যদিও চৰকাৰ কিম্বা পৌৰ নিগম কৰ্তৃপক্ষই অনুষ্ঠিত কৰা নাই নিৰ্বাচন৷ যাৰ বাবে সমাজকৰ্মী মীৰা বৰঠাকুৰে আদালতৰ সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰি এখন ৰাজহৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে চৰকাৰ আৰু পৌৰ নিগমক জবাবদিহি কৰে৷ ৭ দিনৰ ভিতৰত বিগত দুটা বছৰে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কাৰণ দৰ্শাবলৈ চৰকাৰ আৰু পৌৰ নিগমক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷

নগাঁৱৰ কলঙত টকাৰ উজান

নগাঁও,২৮ নবেম্বৰ : নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ পানীত  আজি উটি আহিল শ শ টকা ৷ নগাঁও চহৰৰ পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ দলঙৰ তলতে কলঙৰ পানীত উদ্ধাৰ হয় শ শ টকা ৷ উল্লেখ্য, কলঙৰ ওপৰত নতুনকৈ নিৰ্মাণ হৈ থকা দলংৰ কাম কৰা বনুৱা সকলে প্ৰথমে প্ৰত্যক্ষ কৰে পানীত উটি অহা টকাখিনি । প্ৰত্যক্ষ দৰ্শীৰ মতে ৫০০ টকীয়া, ১০০ টকীয়া আৰু ১০,২০ টকীয়া নোটৰ বান্দিলো উটি গৈছিল পানীত । পিছত কেইবাজনো যুৱকে কলঙত সাতুৰি  ১০,২০ আৰু ১০০ টকীয়া কেইবাখনো নোট উদ্ধাৰ কৰে যদিও পাঁচশ টকীয়া নোটৰ বান্দিলটো লাভ কৰিব সক্ষম নহল । কিন্তু ক’ৰ পৰা কেনেকৈ এইদৰে নোট সমূহ কলঙত উটি আহিল তাকলৈহে এতিয়া সৃষ্টি হৈছে ৰহস্যৰ ।

মৰিগাঁও জিলাত ১৭ ডিচেম্বৰ তাৰিখে চৰকাৰী বন্ধৰ ঘোষণা

মৰিগাঁও, ২৮ নৱেম্বৰ  : মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত তিৱা স্বায়ত্ত পৰিষদৰ ১৯ টা সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব লগীয়া ভোট গ্ৰহণৰ দিনটো অৰ্থাৎ ১৭ ডিচেম্বৰ তাৰিখে   মৰিগাঁও জিলা প্ৰশাসনে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।