Home Blog Page 3122

ঐতিহ্যমণ্ডিত কুঁঁজীডাহ যুৰীয়া নামঘৰত বৰ্ণাঢ্য ৰূপত উদযাপিত ৯৬ বছৰ গৰকা ৰাসোৎসৱ

নগাঁও, ৩০ নৱেম্বৰঃ শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন / ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..দেওবাৰে ৰাস পূৰ্ণিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰী কৃষ্ণৰ প্ৰেম তথা ভক্তি ৰসৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা কেলি গোপাল অংকীয়া ভাওনা সমগ্ৰ অসমতে আজি অভিনীত হয়। গুৰুজনাৰ এই অন্যবদ্য সৃষ্টি কেলী গোপালত মথুৰাৰ গোপী সকলে বৃন্দাবনত শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰি শ্ৰীকৃষ্ণৰ ভক্তিপূৰ্ণ প্ৰেম ৰসত বিলীন হৈ যোৱাৰ কাহিনী উল্লেখ আছে । গুৰুজনাৰ এই সৃষ্টি কেলি গোপাল নাট সম্ভবতঃ পাঁচশ বছৰ ধৰি অসমত অভিনীত হৈ আহিছে । কিন্তু সময় অতিক্ৰম কৰাৰ পিচতো সম্প্ৰতি আধুনিকতাৰ ধামখুমীয়াৰ মাজতো অসমৰ প্ৰায় সকলো স্থানতে এই নাট ভক্তি ভাবৰে মঞ্চস্থ কৰা হয়।বৃন্দাবনত শ্ৰী কৃষ্ণৰ বাঁহীৰ মাত শুনি আজিও আপ্লুত হয় গোপী সকল । গুৰুজনাৰ এই নাটকৰ আকৰ্ষণে শিশু, ডেকাৰ পৰা ধৰি বৃদ্ধলৈকে মতলীয়া কৰে। সেয়ে ২০০ বছৰ গৰকা কুজীঁডাহ যুৰীয়া নামঘৰৰ ৯৬ বছৰীয়া ঐতিহ্যমণ্ডিত  ৰাস উৎসৱত দেওবাৰে দেখা গ’ল ৭০ বছৰীয়া বৃদ্ধৰ পৰা শিশুলৈকে অংশগ্ৰহণ কৰাৰ বিৰল দৃশ্য। উল্লেখযোগ্য যে কভিড প্ৰটকল মানি উদযাপন কৰা এই ৰাস উৎসৱত অংশগ্ৰহণ কৰা কেইবাগৰাকী গোপীয়ে বিগত ৭ দশক ধৰি ৰাস নৃত্য কৰি আহিছে। সত্ৰীয়া সংস্কৃতিৰ বহু কেইজন ওজা শিল্পীৰ জন্মস্থান কুজীঁডাহত দেওবাৰে ৰাস নৃত্যত প্ৰতিকী অৰ্থত কভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা কৰা পৰিলক্ষিত হয়। পি পি ই কীট পিন্ধি, নাৰ্চৰ বেশভূষাৰে গোপী নৃত্যত অংশগ্ৰহণ কৰি বহু কেইজনে অতিমাৰী কভিড-১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সজাগতাই যে মূল মন্ত্ৰ এই সম্পৰ্কত ৰাইজক প্ৰতীকি ভাবে বুজোৱাৰ চেষ্টা কৰে ।

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ’ব। জানিব পৰা গৈছে যে চীনা চৰকাৰে ইতিমধ্যে এই বান্ধটো নিৰ্মাণৰ বাবে এটা কোম্পানী চূড়ান্ত কৰিছে।

চীনে ৰাষ্ট্ৰপতিৰ নেতৃত্বত চীনৰ নিয়ন্ত্ৰণকাৰী কমিউনিষ্ট পাৰ্টি (চিপিচি)য়ে ইতিমধ্যে কমিউনিষ্ট জাতিৰ বাবে পাঁচ বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰি আছে, লগতে ২০৩৫ চনৰ ভিতৰত দীৰ্ঘম্যাদী লক্ষ্য প্ৰস্তুত কৰি আছে।

চীনৰ পাৱাৰ কনট্ৰাকচন কৰ্পোৰেচনৰ অধ্যক্ষ ইয়ান জিয়ং-এ কয় যে চীনে “জাংবো নদীৰ তলৰ প্ৰান্তত জলবিদ্যুৎ শোষণ ৰূপায়ণ কৰিব” (ব্ৰহ্মপুত্ৰ নদীৰ বাবে তীবংগৰ নাম)। প্ৰকল্পটোৱে জল সম্পদ আৰু ঘৰুৱা সুৰক্ষা বজাই ৰখাৰ বাবে কাম কৰিব পাৰে

“ইতিহাসত কোনো সমান্তৰাল নাই। ই চীনা জলবিদ্যুৎ উদ্যোগৰ বাবে এক ঐতিহাসিক সুযোগ হ’ব,”  চীন সমাজ ফৰ হাইড্ৰপাৱাৰ ইঞ্জিনিয়াৰিঙৰ ৪০ তম বাৰ্ষিকী উদযাপনৰ বাবে আয়োজিত সন্মিলনত এই কথা কোৱা হৈছিল।

ইয়নৰ মতে, তলৰ প্ৰান্তৰ য়াৰলিউং জাংবো নদীৰ জলবিদ্যুৎ শোষণ কেৱল কোনো জলবিদ্যুৎ প্ৰকল্প নহয় কিয়নো ই পৰিৱেশ, ৰাষ্ট্ৰীয় সুৰক্ষা, জীৱন ধাৰণৰ মানদণ্ড, শক্তি আৰু আন্তৰ্জাতিক সহযোগিতাৰ ওপৰত প্ৰভাৱ পেলাইব।

ইয়ানে কৈছিল যে নতুন জলবিদ্যুৎ কেন্দ্ৰটোৱে বাৰ্ষিক ২০ বিলিয়ন য়ুৱান (তিনি বিলিয়ন ডলাৰ) উপাৰ্জন কৰিব পাৰে।

নতুন বান্ধ নিৰ্মাণৰ বাবে চীনৰ সিদ্ধান্তই ভাৰত বেইজিংৰ প্ৰবাহ নিয়ন্ত্ৰণৰ বাবে চিন্তাৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰ ৩০০০ কিলোমিটাৰৰ অধিক ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ আছে।

ভাৰতৰ বাবেও ব্ৰহ্মপুত্ৰ নদী গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ অৱবাহিকা হৈছে অৰুনাচল প্ৰদেশ, অসম, ছিকিম, নাগালেণ্ড আৰু পশ্চিম বংগৰ বাবে এক গুৰুত্বপূৰ্ণ জলউৎস। ব্ৰহ্মপুত্ৰ উপত্যকাই কেইবাটাও জনপ্ৰিয় সম্প্ৰদায়ৰ জীৱনসমৰ্থন কৰে ।

নগাঁৱৰ চকলাঘাট-ক’ৰচোংত একেনিশাই দুঘৰত চুৰি কাণ্ড

নগাঁও ,৩০ নৱেম্বৰঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বহুকেইটা স্থানত আজি দীৰ্ঘদিন ধৰি এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ আজি যোৱা নিশাও তেনে এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হয় পূৱ- হাতীছোং চকলাঘাট চাউলখোৱা গাঁও নিৱাসী ৰঞ্জন শইকীয়াৰ বাসগৃহত ৷ উল্লেখ্য যে,যোৱা নিশা পূৱ হাতীছোং চকলাঘাট ৰাস মন্দিৰত শ্ৰীশ্ৰীকৃষ্ণৰ মহাৰাস অনুষ্ঠিত হৈছিল আৰু উক্ত মহাৰাসত শইকীয়া পৰিয়ালৰ সমূহ সদস্য উপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰিয়েই এই কুখ্যাত চুৰিকাণ্ডটি সংঘটিত হয় ৷ চুৰিকাণ্ডটিত পাঁচ-ছয় জনীয়া সদস্যৰ দলে সংঘটিত কৰা বুলি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ লগতে স্থানীয় জাজৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে এটি দল ঘটনাস্থলীত উপস্থিত হৈ বিভাগীয় ড’গ স্কুৰ্ৱাড, হাতৰ চাপ, ভৰিৰ চাপ আদি পৰ্যবেক্ষণৰ অন্তত নিশ্চিত হয় ৷ চুৰিকাণ্ডটিত ৰঞ্জন শইকীয়াৰ গৃহৰ পৰা প্ৰায় পাঁচলক্ষ্যাধীক মূল্যৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় পঞ্চাশ হাজাৰ টকা লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে ৷ ঠিকসেইদৰে, ক’ৰচোং অঞ্চলৰ এঘৰ লোকৰ ঘৰতো একে নিশাই তেনে এক চুৰিকাণ্ড সংঘটিত হয় ৷ দুপৰীয়া দৰা ঘৰৰ লোকে কইনাক জুৰুন পিন্ধোৱাৰ পিছত সমুলি সোণৰ আ-অলংকাৰ কইনাই নিজৰ ঘৰত সযতনে ৰখাই থোৱাৰ পিছত নিশালৈ দুই-আহৈ লক্ষ্যাধীক টকাৰ সোণৰ আ-অলংকাৰ লুটপাত কৰি নিয়ে এই দুষ্ট চক্ৰই ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি এই অঞ্চল সমূহত চুৰিকাণ্ড সংঘটিত কৰা এইটো এটা সক্ৰিয় চুৰৰ গেং ৷ ইহঁতে প্ৰথম পৰ্যায়ত গৃহস্থৰ ভিতৰৰ সকলো তথ্যপাতি যুগুত কৰি লোৱাৰ পিচত কোনো এটা নিদিষ্ট দিনত গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰিকাণ্ড সংঘটিত কৰি আহিছে ৷ ইহঁতৰ মূললক্ষ্য বিশেষকৈ সোণৰ আ-অলংকাৰ আৰু নগদ ধন ৷  সমগ্ৰ জাজৰি আৰক্ষী এলেকাধীন অঞ্চলত আজি দীৰ্ঘদিন সন্ত্ৰাস চলাই অহা এইদুষ্ট চক্ৰটো অনতি পলমে জাজৰি আৰক্ষীয়ে জালত পেলাব পাৰিব বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিৱ পৰা গৈছে ৷ উল্লেখ্য যে আজি দীৰ্ঘদিন ধৰি জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ক’ৰচোং, ৰাইডঙীয়া, চকলাঘাট, মাজ-জাজৰি, জামুগুৰি, কুজিঁদাহ, জাজৰি আদি কেইবাটাও স্থানত অতি সহজতে চুৰিকাণ্ড সংঘটিত নিৰ্ৱিঘ্নে আতঁৰি যোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷

”মই আছুৰ উপদেষ্টা হৈ থাকিম” সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘোষণা

অৱশেষত আজি ৩০ নৱেম্বৰ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতিখনে আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত শপতগ্ৰহণ কৰিলে। জল্পনা-কল্পনাৰ অন্ত পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ৩ দশক ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ সন্মুখত পুনৰবাৰ আছুৰ উপদেষ্টা পদত থকাৰ কথা ঘোষণা কৰিলে ।


উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে তেওঁ দুলীয়াজানৰ অধিৱেশনলৈ আছু ত্যাগ কৰাৰ বাবে যোৱা বুলি ঘোষণা কৰিছিল। পিছে তেখেতে যেতিয়া সংগঠনৰ পৰা অৱসৰ লোৱাৰ কথা কৈছিল তেতিয়াই দুলীয়াজানৰ অধিৱেশনস্থলীত সতীৰ্থসকলৰ মাজত আৱেগিক পৰিৱেশে বিৰাজ কৰিছিল।


তাৰ পিছতে সংবাদ মাধ্যমক নেতাগৰাকীয়ে জনাইছিল যে, ”প্ৰতিনিধিসকলৰ পৰা কেৱল মই এটা অনুমতি বিচাৰিলো। মোৰ বিবেকৰ লগত কথা পতাৰ প্ৰয়োজন হৈছে। গতিকে বিবেকৰ লগত কথা পাতিবলৈ অলপ সময়ৰ প্ৰয়োজন হৈছে। গতিকে বিবেকৰ লগত কথা পাতিবলৈ মোক সময়খিনি দিবলৈ সময় দিবলৈ অনুৰোধ কৰিলো। সেই অনুমতি লৈয়েই আজিৰ সভাখনত আহ্বান কৰিলো।” বৰ্তমান ‘বিবেকৰ’ সৈতে কথা পতাৰ অন্তত নেতাগৰাকী আছুত থকাটো নিশ্চিত হৈছে।

আনহাতে একে সময়তে আছুৰ গুৰু্ত্বপূৰ্ণ বিষয়বাব ত্যাগ কৰিছে পূৰ্বৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। উল্লেখ্য যে, গগৈয়ে আছু ত্যাগ কৰাৰ সময়ত নতুনক নেতৃত্ব দিয়াত গুৰুত্ব আৰোপ কৰা বুলি সদৰি কৰিছিল। তেনে স্থলত ভট্টাচাৰ্যৰ দৰে নেতাগৰাকীয়ে আছু ত্যাগ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰা বিষয়টো বিভিন্ন লোকৰ মাজত চৰ্চিত হৈছে।

১ জানুৱাৰীৰ পৰা অনলাইন ক্লাছ বন্ধ হ’ব, খুলিব বিদ্যালয় : শিক্ষামন্ত্ৰী

জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে, অহা ১ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ক্লাছসমূহ খুলিব। এই বিষয়ে শিক্ষা বিভাগে জাননী জাৰি কৰিব। লগতে ১৫ ডিচেম্বৰৰ পৰা অনলাইন ক্লাছ সমূহ বন্ধ কৰাৰ বাবে শিক্ষকক আহ্বান জনোৱা হ’ব বুলি জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে ১৫ ডিচেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে সীমিতভাবে হোষ্টেলসমূহ খোলা হ’ব। হোষ্টেললৈ অহাৰ আগত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক’ভিড টেষ্ট কৰোৱা হ’ব।

https://fb.watch/24vFT1My7j/

২০১৮-২০১৯বৰ্ষত চৰকাৰে ঘোষণা কৰাৰ দৰেই কৃতী ছাত্ৰীয়ে লাভ কৰিব স্কুটী

২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত লাভ কৰিব স্কুটী । জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে, পৰৱৰ্তী পৰ্য্যায়ত অৰ্থাৎ জানুৱাৰী–ফেব্ৰুৱাৰী মাহত ২০১৯-২০ বৰ্ষৰ ১০০০০ ছাত্ৰীকো বাজেটত ঘোষণা কৰা অনুসৰিয়েই স্কুটী প্ৰদান কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়। ইয়াৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰা হৈছিল বুলি মন্ত্ৰীয়ে জনায়।

লগতে মন্ত্ৰীগৰাকীয়ে জনায় যে, ২০১৮-২০১৯ ৰ বাজেটত ৰাজ্যৰ ৫হাজাৰ কৃতী ছাত্ৰীয়ে চৰকাৰে ঘোষণা কৰাৰ দৰেই লাভ কৰিব স্কুটী। জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত এই ৫০০০ কৃতী ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হ’ব। প্ৰথম অৱস্থাত ২০২০-২১ বৰ্ষৰ ২২০০০ ছাত্ৰীয়ে এই স্কুটী লাভ কৰিব বুলি মন্ত্ৰীয়ে জনায়।

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?
প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷ প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে এতিয়া বৃটেইনত জন্ম গ্ৰহণ কৰা পত্নী এলিজাবেথক অসমৰ ৰাজনীতিলৈ আনিবলৈ বিশেষ পদক্ষেপ লৈছে ৷

তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বোৱাৰী আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ ৷ এলিজাবেথ কলবাৰ্ণ গগৈ এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ । উচ্চ শিক্ষিত এলিজাবেথ এতিয়া অসমৰ ৰাজনীতিলৈ আহি আছে ৷ এই সন্দৰ্ভত অৱশ্যে গৌৰৱ গগৈ বা তেওঁৰ পৰিয়ালে এতিয়া লৈ কোনো কথা ৰাজহুৱা কৰা নাই ৷

অসমৰ ৰাজনীতিত নতুন মুখ হ’ব এলিজাবেথ । ৰাজনৈতিক পৰ্যবেক্ষক সকলে বিশ্লেষণ কৰা মতে সম্ভৱত গৌৰৱ গগৈক প্ৰয়োজনত হাইকামাণ্ডে অসমৰ দায়িত্ব দিলে গৌৰৱে তিতাবৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷

গ্ৰামাঞ্চলৰ পথৰ কাষ সেউজীকৰণৰ বাবে জাগৰণ য়ুথ ক্লাৱৰ বৃক্ষৰোপনৰ শুভাৰম্ভ

জামুগুৰিহাট, ২৯ নবেম্বৰ : পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জাগৰণ য়ুথ ক্লাৱে লোৱা কামকাজৰ লগত আমাৰ চৰকাৰৰ আঁচনিসমুহৰ লগত মিল থকা দেখা পাইছো ৷ মই জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক আহবান জনাইছো যে তেঁওলোকে নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ অধিনস্থ ১০টা গাঁও পঞ্চায়তত বৃক্ষৰোপন কৰক আৰু জাগৰণে প্ৰকৃতি সুৰক্ষাৰ বাবে লোৱা এই কামৰ জৰিয়তে ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰাত আগভাগ লঁওক ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ আজি জামুগুৰিহাটৰ কোঁছগাঁৱৰ নিকটৱৰ্তী গান্ধীপথাৰত প্ৰকৃতিপ্ৰেমী সংগঠণ জাগৰণ য়ুথ ক্লাৱে অঞ্চলটোৰ গ্ৰাম্য পথসমুহৰ কাষত ৰোপন কৰিবলৈ আৰম্ভ কৰা বৃক্ষৰোপন কাৰ্যসুচীৰ ফিটা কাটি উদ্বোধন কৰি এইদৰে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ জাগৰণ য়ুথ ক্লাৱৰ ২১ গৰাকী যুৱক একত্ৰিত হৈ বিগত বৰ্ষৰপৰা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ হেতুকে অঞ্চলটোৰ ভিন্ন প্ৰান্তত বৃক্ষৰোপনৰ লগতে সেই গছপুলিসমুহ বেৰা দি ঢাকি পুণৰ সেই গছপুলিসমুহ চাফচিকুণ কৰি জীয়াই ৰাখিবৰ বাবে প্ৰতি সপ্তাহৰ এটা দিন বাচি লৈ ৰোপন কৰা পুলিসমুহৰ বাবে লোৱা যতনৰো শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই ৷ “স্বনিয়োজন নাৰী আত্মনিৰ্ভৰশীল অসম”ৰ বিভিন্ন আঁচনিৰ জৰিয়তে সেউজীকৰণৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠণটোৱে লোৱা এই মহান কৰ্মৰ বাবে সহায় সহযোগ কৰাৰো আশ্বাস দিয়ে বিধায়কগৰাকীয়ে ৷ সমাজকৰ্মী শৈলেন বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বৃক্ষৰোপন অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সজাগতা সভাখনত প্ৰকৃতি সুৰক্ষা আৰু ভাৰসাম্য ৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা, গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্য্যবাহী সদস্য মতি কুমাৰ নেৱাৰ, উত্তৰ ছিলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ জাগৰণ য়ুথ ক্লাৱে আয়োজন কৰা সজাগতা সভাখনত প্ৰকৃতিপ্ৰেমী তথা ভাস্কৰ্য্য শিল্পী গজেন শইকীয়া, বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰাকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত আছিল ৷ উল্লেখ্য যে আজি জামুগুৰিহাটৰ নন্দিকেশ্বৰ দেৱালয়লৈ যোৱা প্ৰায় ২ কি:মি: পথৰ দুয়ো কাষে গছ পুলি ৰোপন কৰে জাগৰন য়ুথ ক্লাৱৰ সদস্য সকলে ৷

জীয়া ভৰলী দলঙত পথ দুৰ্ঘটনাত থিতাতে নিহত সাধু বাবা : বাবাৰ পোহনীয়া এটি বান্দৰৰ হিয়া ভঙা কান্দোনে অধিক মৰ্মাহত কৰিলে প্ৰত্যক্ষদৰ্শীক

জামুগুৰিহাট, ২৯ নৱেম্বৰ : কিমান মৰমৰ হ’ব পাৰে সেইজন গৰাকী যাৰ মৃত্যুৰ  পিছতো লগতে থকা বান্দৰটোৱে আনিব দিয়া নাই তাৰবাবে প্ৰভুসদৃশ লোকজনৰ মৃতদেহ ৷ লিৰিকি বিদাৰি চাইছে তাৰ গৰাকীৰ শৰীৰটো ৷ কিজানি মাত দিব তাক তাৰ আপোন গৰাকীজনে ! কিন্তু নাই কোনো সঁহাৰী নাপালে সি ৷ শেষত গৰাকীৰ কোনো সঁহাৰী নাপাই কাষলৈ গৈ কান্দিছে বান্দৰ পোৱালীটোৱে ৷ স্থানীয় এগৰাকী লোকে বান্দৰ পোৱালীটোক কোলাত কৰি আতৰাই নিয়াতহে আৰক্ষীয়ে আনিবলৈ সক্ষম হ’ল মৃতদেহ ৷ জামুগুৰিহাটৰ জীয়াভৰলী দলংৰ কাষত আজি বিয়লি দেখা পোৱা যায় এই কৰুণ অসহনীয় দৃশ্য ৷ ঘটনাৰ বিৱৰণি অনুসৰি জামুগুৰিহাটৰ নিকটৱৰ্তী টৌভঙাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জীয়া ভৰলী দলঙৰ মাজত আজি বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী প্ৰায় ৬৫ বছৰীয়া সাধু বাবাৰ । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দূৰ্ঘটনাত নিহত সাধু বাবাজন জীয়া ভৰলী নৈৰ সিপাৰে অৱস্থিত এটা শিৱ মন্দিৰত প্ৰায় ৪/৫ বছৰ ধৰি আশ্ৰয় লৈ আছিল। আজি বিয়লি বাবাজন দলঙৰ পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত কোনো অচিনাকী বাহনে তীব্ৰ বেগত আহি খুন্দিয়াই থৈ যোৱাত থিতাতে নিহত হয় বাবাগৰাকী। দলঙৰ মাজত কোনো লোক উপস্থিত নথকাত দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন ঘটনা সংঘটিত কৰা স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে দূৰ্ঘটনাটোৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে সাধুবাবাৰ লগতে থকা এটি বান্দৰ পোৱালীৰ ৷ শোকাবহ ঘটনাৰ উপৰিও বান্দৰ পোৱালীটোৰ কৰুণ দৃশ্যাৱলীয়ে অধিক মৰ্মাহত কৰি তোলে অসংখ্য প্ৰত্যক্ষদৰ্শীক। উল্লেখযোগ্য যে দীৰ্ঘদিনৰে পৰা নিহত সাধু বাবা গৰাকীয়ে বান্দৰ পোৱালিটো পুহি আহিছিল। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে সম্প্ৰতি অকলশৰীয়া হৈ পৰা বান্দৰটো আছিল বাবা জনৰ একমাত্ৰ লগৰী। ঠিক একে দৰে বান্দৰটোৱেও যেন প্ৰাণভৰি ভাল পাই আহিছিল অভিভাৱকস্বৰূপ বাবাজনক ৷ ঘটনা সংঘটিত হোৱাৰ পিছত সেই ঠাইত উপস্থিত হৈ বান্দৰটোৱে ৰাষ্ট্ৰীয় পথৰ ওপৰত পৰি থকা বাবাক সাৱটি সাৱটি কন্দাই নহয় বান্দৰটোক মৃত সাধুবাবা গৰাকীৰ ওচৰৰ পৰা আঁঁতৰাই আনিবলৈ সক্ষম হোৱা নাছিল প্ৰত্যক্ষদৰ্শী বহুজন ৷ ‌যি দৃশ্যই এক প্ৰকাৰ উপস্থিত লোকসকলক শোকাকুল কৰি তোলা পৰিলক্ষিত হয়।অৱশ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল কুমাৰ নাথ সহিতে এটি আৰক্ষীৰ দল উপস্থিত হোৱাত বান্দৰ পোৱালীটোক স্থানীয় এগৰাকী লোকে বুদ্ধিৰে আতৰাই নিয়াতহে বাবাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে আনিবলৈ সক্ষম হয়৷নিহত সাধু বাবাজনক মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ কিন্তু গৰাকীৰ প্ৰতি বান্দৰ পোৱালীটোৰ মৰম, স্নেহ তথা আত্মীয়তা দেখা পোৱা ঘটনাস্থলীত উপস্থিত সকলোৰে মনত বান্দৰ পোৱালীটোৱে দোলা দি গ’ল ৷

বিলাসীপাৰা গুটিপাৰাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

অনলাইন বাৰ্তা, ২৯ নৱেম্বৰ : বিলাসীপাৰা গুটিপাৰাত আজি ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল দুপৰীয়াৰ  আহাৰ তৈয়াৰ কৰিবলৈ যোৱা ৰান্ধনী গৃহৰ পৰা সুত্রপাত হৈছিল । উল্লেখ্য যে, ঘৰ-বাৰী, ধান-চাউল, আজৱা-পত্র অগ্নিকাণ্ডত ভূষ্মিভুত হোৱা দুৰ্ভগীয়া পৰিয়াল কেইবা গৰাকী ক্রমে হজৰত আলী, বাবুল হুছাইন, মিয়াচান আলী, আলেকচান আলী, কাদেৰ আলী, লালচান আলী, জসমত আলী, মান্নাত আলী। ইয়াৰ উপৰিও কেইবা গৰাকী পৰিয়ালৰ এই অগ্নিকাণ্ডত আংশিকভাৱে ক্ষতি সাধন হৈছে। এই অগ্নিকাণ্ডত দুই গৰাকী মহিলাৰ শৰীৰত জুই লাগিছিল আৰু মহিলা দুয়ো গৰাকী বৰ্ত্তমান সংকটজনক অৱস্থাত আছে। অগ্নিকাণ্ডত ভূষ্মিভুত পৰিয়াল কেইবা গৰাকীৰ সৰ্বমুঠ প্ৰায় পঞ্চাশ লক্ষাধিক টকাৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।