অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা “মোৰ ভ্ৰমণ ডায়েৰী” অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে, শিক্ষয়িত্ৰী কুৰালগুৰিৰ ৰাজশ্ৰী বৰাই লেখা “হেঁপাহৰ আবিৰ” শিক্ষয়িত্ৰী বন্দনা দত্তই, যোৰহাটৰ নাৰায়ণ চন্দ্ৰ ঘোষে লেখা “স্মৃতিৰ সঁফুৰা” কবি সাহিত্যিক দেৱেন তাছাই, মাজুলীৰ ত্ৰিবেণী পায়েঙে লেখা “জ্যোতি” গোপালদেৱ সেৱক সমাজৰ যোৰহাটৰ সম্পাদক সুৰেশচন্দ্ৰ হাজৰিকাই, লখিমপুৰৰ আকবৰ পায়েঙে লেখা “নৱ যুৱ সমাজঃ তেজস্বী কলম” মাজুলীৰ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে আৰু মাজুলীৰ পদ্ম পেগুৱে লেখা “মোৰ মুক্ত চিন্তা” নামৰ গ্ৰন্থখন আমাৰ অসমৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক ৰমেন শইকীয়াই উন্মোচন কৰি বক্তব্য আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন ডঃ অখিল চক্ৰৱৰ্তীয়ে ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। অংগন-ই আলোচনীখনৰ সম্পৰ্কত ৰূপজ্যোতি নাথে বক্তব্য আগবঢ়োৱা কবিতা পাঠ অনুষ্ঠান পৰিচালনা কৰে অৰ্চনা শইকীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা সকলৰে সৌৰভ জ্যোতি দুৱৰা, ধন দাস, স্বেতা ছেত্ৰী, তেজস্বিনী বৰঠাকুৰ, ৰিতু ভৰালী, পংকজ দাস, অন্তৰীপ কাকতি, বুবুল শইকীয়া, আৰতী টুকুৰীয়া, আৰতী শইকীয়া, বিৰাজ দত্ত, প্ৰিয়ংকা কলিতা, চয়নিকা বৰুৱা, জোনা বৰঠাকুৰ, ৰাণুপ্ৰভা দত্ত, অঞ্জুমণি বৈৰাগী দত্তই স্ব-ৰচিত কবিতা পাঠ কৰে।অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজন কৰা নীলা খামৰ চিঠি প্ৰতিযোগিতাত যোৰহাটৰ বিশ্ব বৰুৱা, গোলাঘাটৰ নেইনা বৰঠাকুৰ, কাৰ্বি আংলঙৰ লক্ষ্যজিৎ শইকীয়াই, স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ মধুমিতা বৰুৱা শইকীয়া, যোৰহাট টীয়কৰ ঋতুপৰ্ন দত্ত, শিৱসাগৰৰ পাৰ্থপ্ৰতিম নাথে, অংকুৰণ ৰঙালী বিহু মডেল প্ৰতিযোগিতাত শিৱসাগৰৰ কল্পদ্বীপ নাথ, যোৰহাট টীয়কৰ তছলিনা বেগম, দুলীয়াজানৰ পৰকাষ্ঠা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়কৈ স্থান লাভ কৰাত পুৰষ্কাৰ প্ৰদানৰ লগতে দৰ্শনত সৰ্বোচ্চৰ বাবে শিৱসাগৰৰ অনুষ্পা দেৱীক বিশেষ পুৰষ্কাৰ ১২ ফেব্ৰুৱাৰীত অংকুৰণ প্ৰকাশনৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য, এইঅনুষ্ঠানত অনুপস্থিত বিজয়ীসকলক কাৰ্যালয়ৰ পৰা তেওঁলোকৰ পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ
টীয়ক সোণাৰী মিচিং গাঁৱত উদযাপন নহয় আলি আয়ে লৃগাং
আলি আয়ে লৃগাংৰ দিনাই টীয়কৰ এখন গাঁৱত এক ব্যতিক্ৰমী দৃশ্য । হাতে হাতে দা,কোৰ,বাঁহ আদি লৈ গাঁওবাসী ব্যস্ত হৈ পৰিছে গৃহ নিৰ্মানৰ কামত ।এইবাৰ যোৰহাট জিলাৰ টীয়ক সোণাৰী মিচিং গাঁৱৰ ৰাইজে উদযাপন কৰা নাই আলি আয়ে লৃগাং । অৱশ্যে সিদ্ধান্ত কৰিছিল আলি আয়ে লৃগাং দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ ।কিন্তু যোৱা ১১ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত চাৰিটাকৈ বাসগৃহ জুইত জাহ যোৱাত এক দুৰ্যোগৰ সন্মুখীন হয় পৰিয়াল কেইটা । পৰিয়াল কেইটাৰ দুৰ্যোগৰ সমভাগী হৈ আলি আয়ে লৃগাংৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই পবিত্ৰ দিনটোত গাঁও খনৰ সকলো সমবেত হৈ জুইত জাহ যোৱা পৰিয়ালকেইটা থাকিব পৰাকৈ অস্থায়ী ভাবে গৃহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰে আৰু আলি আয়ে লৃগাং উদযাপনৰ বাবে সংগৃহীত সকলো ধন পৰিয়াকেইটালৈ আগবঢ়াই গাঁও বাসীয়ে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিৰ্দশন ।
যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়
যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সভাপতি অসীম গগৈয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ড° মৃদুল গগৈয়ে স্মৃতি তৰ্পণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ ২০২১-২০২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহকে কাৰ্যভাৰ গ্রহণ কৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে নবনির্বাচিত সভাপতি ড° মৃদুল গগৈয়ে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাধ্যাপক এন এছ যাদৱ, পঞ্জীয়ক জিতেন হাজৰিকা, যুটীয়া শৈক্ষিক পঞ্জীয়ক ড° বিনোদ বড়া, জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক ৰুহিণী বুঢ়াগোহাঁই। সভাখনৰ আঁত ধৰে নবনির্বাচিত সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে। উক্ত অনুষ্ঠানতে বৃক্ষৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ জড়িয়তে ড° মৃদুল গগৈক সভাপতি, উৎপল গগৈ আৰু মৃদুল গগৈক উপ-সভাপতি, জয়ন্ত কুমাৰ গগৈক সাধাৰণ সম্পাদক, বিশ্বজিৎ গগৈ আৰু উত্তম দত্তক সহকাৰী সম্পাদক, জয়দ্বীপ মজুমদাৰক সাংগঠনিক সম্পাদক, লিমা কোঁৱৰক আলোচনী সম্পাদক, জিতুল দেউৰীক সাংস্কৃতিক সম্পাদক, অমৃত ঠাকুৰীয়াক ক্ৰীড়া সম্পাদক আৰু বেদব্ৰত বৰুৱাক কোষাধ্যক্ষ হিচাবে নিৰ্বাচিত কৰাৰ লগতে ত্ৰিদিব ডেকা বৰুৱা, ধ্ৰুৱজ্যোতি গগৈ, হিৰণ্য শইকীয়া, কস্তুৰি শৰ্মা, আৰাধনা বুঢ়াগোহাঁই, ৰূপম কৌশিক শৰ্মা, নিৰোদ গগৈ, প্ৰদীপ শৰ্মা আৰু হিৰুমণি কলিতাক কাৰ্যনিৰ্বাহৰূপে মনোনীত কৰে।
লাহৰীঘাটৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্না বি জে পি দলত যোগদান
মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ধুমকুৰা গাঁও পঞ্চায়তৰ শিয়ালমাৰি কছাৰী গাৱৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাই যোৱা কালি ৰাজ্যিক বি জে পি দলৰ মূখ্য কাৰ্যালয় গুৱাহাটীত আনুষ্টানিক ভাৱে গেৰুৱা দলত যোগদান কৰে । অৱশ্যে এই যোগদান পৰ্বত উপস্থিত আছিল ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলিপ শইকীয়া , সাংসদ পল্লৱ লোচন দাস, বি কলিতা ,ৰাজদ্বীপ ৰয়, পৰিবেশ আৰু বন মন্ত্ৰী মাননীয় পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনিন্দ্ৰ শৰ্মাৰ লগতে মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰভীন মেধি । এই যোগদান পৰ্বই উনুকিযাই দিলে যে লাহৰীঘাট সমষ্টিত বি জে পি দলৰ সম্ভাব্য প্ৰাৰ্থিত্বৰ তালিকাত অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাও হয়তো প্ৰৱল দাবীদাৰ ।
যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়
সদৌ অসম যোগ মহাসংঘ আৰু পতঞ্জলী যোগপীঠ হৰিদ্বাৰৰ যৌথ প্ৰচেষ্ঠাত আৰু স্থানীয় জাগৰণ শোণিতপুৰৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অবিভক্ত শোণিতপুৰ জিলাৰ যোগ প্ৰশিক্ষক আৰু প্ৰচাৰক নিৰঞ্জন গগৈয়ে অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীক দুদিনীয়া যোগ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে। দুদিনীয়া কৰ্মশালাত ক আৰু খ শাখাত মুঠ এশগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ শেষৰ দিনা প্ৰশিক্ষাৰ্থীৰ মাজত যোগাসনৰ এক প্ৰতিযোগীতা অনুষ্ঠিত হয়। ইয়াৰে দুয়োটা শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় আৰু বাকী অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীকো অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচীৰ বন্তী প্ৰজ্বলনেৰে আৰম্ভ হয়। বন্তী প্ৰজ্বলন কৰে স্থানীয় সমাজকৰ্মী ভানু বৰাই। অনুষ্ঠানত বিশ্বনাথ জিলাৰ যোগ প্ৰভাৰী শিব প্ৰসাদ শইকীয়া, জাগৰণৰ সভআপতি ৰঞ্জিত বৰা, স্থানীয় জীতেন শইকীয়া উপস্থিত থকাৰ বিপৰীতে দ্বিতীয় দিনাৰ কাৰ্যসূচী উদ্ধোধন কৰে অৱসৰী শিক্ষয়িত্ৰী গীতাঞ্জলী মহন্থই। জাগৰণত সমূহ উদ্যোক্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত যোগাসনৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়জোন বৰা,জামুগুৰিহাট।
বৰকলাৰ প্ৰথমগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শক প্ৰভজিৎ কৌৰক সম্বৰ্ধনা
জিলাৰ বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৃতী ছাত্ৰী প্ৰভজিৎ কৌৰে মহিলা আৰক্ষী উপপৰিদৰ্শক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ কৌৰে মহিলা আৰক্ষী উপপৰিদৰ্শকৰ ২০২০-২১ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ এই নিযুক্তি লাভ কৰি সমগ্ৰ বৰকলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে,প্ৰভজিৎ কৌৰ বৰকলা অঞ্চলৰ প্ৰথমগৰাকী মহিলা আৰক্ষী উপপৰিদৰ্শক ৷ ১৬ ফেব্ৰুৱাৰীত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা কৌৰক সম্বৰ্ধনা জনোবা হয় ৷
ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন
কোচ ৰাজবংশী সন্মিলনীৰ ৩০ তম্ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰাক ক্ষনত ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন কৰা হয়। ২০২১ পৰা ২০২৩ বৰ্ষৰ তিনি বছৰীয়া কাৰ্য্য কালৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে দেৱজিৎ কুমাৰ ডেকাই। আনহাতে কাৰ্যকাৰী সভাপতি তৰুন চন্দ্ৰ বড়াউপ সভাপতি তৰুণ চন্দৰ চহৰীয়া ,গজেদ্ৰ বৰুৱা জিতেদ্ৰ ভদ্ৰ দিনেশ্বৰ ডেকা ধৰ্ম কান্ত দাস লম্বু ৰাম শইকীয়াই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰে। সাধাৰণ সম্পাদক হেমধৰ ডেকাৰ লগতেসহ সম্পাদকৰ তালিকাত নিতুল ডেকা, জ্যোতিশ চৌধুৰী, বাবুল ডেকা, থানেশ্বৰ ডেকা গোপাল ডেকাৰ নাম প্ৰকাশ পায়।সাংগঠনিক সম্পাদক জীৱন বৰুৱাপ্ৰচাৰ সম্পাদক নাৰায়ন ডেকাকাৰ্যালয় সম্পাদক বেলিৰাম ডেকাক দায়িত্বাৰ দি নতুন সমিটিখন গঠন কৰা হয়। আনহাতে একেটা দিনতে ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ মহিলা গোটৰ আৰু যুৱ ছাত্ৰ সন্মিলনীৰ সমিটি খনৰো সাল সালনি কৰা হয়। মহিলা গোটৰ সভানেত্ৰী পদত কুনুমা বৰুৱা আৰু সম্পাদিকাৰ পদত পদুমি ডেকাৰ লগতে যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি যতিন হাজৰিকা আৰু সম্পাদকৰ পদত সুৰ্য বৰুৱাক দায়িত্ব ভাৰ প্ৰদান কৰা হয়।
পানেৰীৰ পৰা নীলোৎপল দাস।
পঞ্চায়তে পঞ্চায়তে বিনামূলীয়া চকু চিকিৎসা শিবিৰ
চতিয়া সমষ্টিৰ নদুৱাৰ কিষান মৰ্চাই দৰিদ্ৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ হিতাৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷বিগত দিনসমুহত একো একোটা পঞ্চায়তৰ কেবাখনো গাঁৱক সামৰি অনুষ্ঠিত কৰি অহা চকু চিকিৎসা শিবিৰৰ জৰিয়তে হাজাৰোধিক দৰিদ্ৰ ৰোগীয়ে চকু পৰীক্ষা কৰোৱাৰ পাছত যোৱা দুটা দিনতো নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাৰ নেতৃত্বত ক্ৰমে পূৱ নাগশংকৰ গাঁও পঞ্চায়তৰ আমবাৰী কেম্প চাৰিআলিৰ বেজগাঁৱৰ প্ৰাথমিক বিদ্যালয়ত আৰু পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ গেলা হাটিঙাৰ বাগান অধ্যুষিত অঞ্চলত এই বিনামুলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰে।

তেজপুৰ চকু চিকিৎসালয়(ইআৰচি)ৰ চিকিৎসক ডা° জুলি শইকীয়া আৰু ডা° শান্তনু ঘোষে চিকিৎসা আগবঢ়োৱা শিৱিৰ দুটাতো ৫ শতাধিক লোকক চকু পৰীক্ষা কৰি বিনামুলীয়া ঔষধ আগবঢ়োৱাৰ লগতে পূৰ্ৱৰ শিবিৰসমুহৰ দৰেই অতি ৰেহাই মূল্যত প্ৰয়োজনীয় চছমাও প্ৰদান কৰে উদ্যোক্তাসকলে।নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাই কয় যে দৰিদ্ৰ ৰোগীসকলৰ সুবিধাৰ্থেই আমি এইদৰে বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গ্ৰামাঞ্চলৰ কৃষক,দৈনিক হাজিৰা কৰা তথা দৰিদ্ৰ লোকসকলক চকুৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছো৷তেঁওলোক যাতে যাতায়তৰ বাবেই হঁওক নতুবা টকা পইচাৰ অসুবিধাতেই হঁওক,চিকিৎসা কৰোৱাৰ দিশটোৰপৰা যেন বঞ্চিত হ’বলগীয়া নহয় সেইহেতুকেই নদুৱাৰ কিষান মৰ্চাই যোৱা দুমাহ ধৰি প্ৰতিটো পঞ্চায়তৰ বহুকেইখন গাঁও সামৰি দৰিদ্ৰ ৰোগীৰ সুবিধাৰ্থে শিবিৰ অনুষ্ঠিত কৰি আহিছো আৰু বিনামুলীয়াকৈ ঔষধ আৰু অতি কম মূল্যত চছমা আৰু অন্যান্য সুবিধাসমুহ লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছো৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাৰ নেতৃত্বত পূৱ মূঢ়াদলৰ গেলাহাটিঙাত অনুষ্ঠিত শিৱিৰত বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰা,পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আকাশ তচা,নদুৱাৰ মণ্ডল চাহ মৰ্চাৰ সভাপতি ভদেশ্বৰ প্ৰজা উপস্থিত থকাৰ লগতে আমবাৰী কেম্প চাৰিআলিৰ শিবিৰটোত নাগশংকৰ জিলা পৰিষদ সদস্য হিতেশ বৰুৱা আৰু বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰাও উপস্থিত আছিল৷শিবিৰসমুহ পৰিচালনা কৰাৰ ক্ষেত্ৰত কিষান মৰ্চাৰ উপ সভাপতি পংকজ শইকীয়া,সাধাৰণ সম্পাদক বিজয় কটকীৰ প্ৰচেষ্টাও উল্লেখযোগ্য আছিল।আয়ুস্মান কাৰ্ড থকা চকুৰ ৰোগীৰ ক্ষেত্ৰত চকু অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ কৰা হ’ব আৰু এই বিশেষ কাৰ্ড নথকাসকলক কেৱল মাত্ৰ ৩৫০০ টকাতে এই শিবিৰৰ জৰিয়তে চকুৰ অস্ত্ৰোপচাৰ কৰাৰ সুবিধা আগবঢ়াই আহিছে বুলিও জানিব দিছে নদুৱাৰ কিষান মৰ্চাই৷পৰৱৰ্তী সময়চোৱাত চতিয়া সমষ্টিৰ মধ্য চিলাবন্ধা,উত্তৰ বৰভগীয়া আৰু উত্তৰ চিলাবন্ধা পঞ্চায়তৰ কেবাটাও অঞ্চল সামৰি এই শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলিও জানিব দিছে নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাই৷উল্লেখ্য যে নদুৱাৰ কিষাণ মৰ্চাই অনুষ্ঠিত কৰি অহা এই চকু চিকিৎসা শিবিৰৰ জৰিয়তে প্ৰায় ডেৰ হাজাৰোধিক চকুৰ ৰোগত আক্ৰান্ত ৰোগী উপকৃত হ’ব পাৰিছে বুলিও জানিব পৰা গৈছে৷
ভূমিকম্পৰ ভয়াৱহ জোকাৰণিত কঁপি উঠিল লেহ–লাডাখ
ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৫, এই কম্পনৰ গভীৰতা ৫ কিলোমিটাৰ।কিছুদিন পূৰ্বে ভয়াৱহ ভূমিকম্পত কঁপি উঠিছিল দিল্লীৰ ভূমি। আতংক বিয়পি পৰিছিল সমগ্ৰ চহৰখনত। এইবাৰ লাডাখত। ভূমিকম্পৰ উৎপত্তিস্থল লেহ–লাডাখৰ ৩২ কিলোমিটাৰ উত্তৰ–পূবত। ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল লাডাখৰ ভূমিনিশা ৯.৫৫ বজাত প্ৰায় ৩৪ ছেকেণ্ড ধৰি চলিল এই জোকাৰণি।ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৩.৫, এই কম্পনৰ গভীৰতা ৫ কিলোমিটাৰ,অৱশ্যে এই ভূমিকম্পৰ ফলত ক্ষয়–ক্ষতিৰ কোনো খবৰ অহা নাই
মুক্তিযুজাৰু শৰৎ চন্দ্ৰ শৰ্মা সোঁৱৰণী দিবানৈশ ভলীবল প্ৰতিযোগীতা
গ্ৰামাঞ্চলৰ প্ৰতিভাসমুহ বিকাশৰ অৰ্থে এখন মঞ্চ দিয়াৰ স্বাৰ্থত জামুগুৰি ক্ৰীড়া সন্থাই প্ৰতিবছৰেই অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগীতাখনি এইবেলিও ১৪ ফেব্ৰুৱাৰীৰ দিনটোত অনুষ্ঠিত হয়৷মুক্তিযুজাৰু শৰৎ চন্দ্ৰ শৰ্মা সোঁৱৰণী দিবানৈশ ভলীবল প্ৰতিযোগীতাখনিত জামুগুৰিহাটৰ গ্ৰামাঞ্চল সমুহৰপৰা অহা কেবাটাও দলে অংশগ্ৰহণ কৰে৷বিয়লি ২ বজাত জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহনে উদ্বোধন কৰা দিবা নৈশ ভলীবল প্ৰতিযোগীতাখনিত শলগুৰি ভলীবল দল আৰু সৰুভগীয়া ভলীবল দলৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত শলগুৰি ভলীবল দলে খিতাপ দখল কৰিবলৈ সক্ষম হয়৷বিজয়ী আৰু ৰাণাৰ্চ আপ দুয়োটা দলকে নগদ ধনেৰে পুৰস্কৃত কৰে উদ্যোক্তাসকলে৷আনহাতে ভলীবল প্ৰতিযোগীতাখনিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ জামুগুৰি ক্ৰীড়া সন্থাই গ্ৰামাঞ্চলৰ প্ৰতিভাসমুহ বিকাশৰ বাবে লোৱা এনে পদক্ষেপৰ শলাগ লোৱাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যিও উৎসাহজনক মন্তব্য আগবঢ়াই৷পুৱতি নিশালৈকে অনুষ্ঠিত ভলীবল খেলখনত ৰাইজৰ অকুণ্ঠ সঁহাৰীৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰে জামুগুৰি ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেশ শৰ্মা,সম্পাদক অঞ্জনজ্যোতি বৰুৱা আৰু খেল পৰিচালনা সমিতিৰ সম্পাদক বিৰাজ শইকীয়াই৷







