“বেটি বচাও, বেটি পঢ়াও” এই শ্লোগানক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে বহি:ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা চাইকেলেৰে দিঘলীয়া যাত্ৰা অব্যাহত ৰাখিছে এগৰাকী পৰিৱেশ কৰ্মীয়ে। মহাৰাষ্ট্ৰৰ হীৰালাল যাদৱ নামৰ পৰিৱেশ কৰ্মী গৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য পৰিভ্ৰমণ কৰি বিগত সপ্তাহত অসমত উপস্থিত হৈছিল। তেওঁ অসমৰ বিভিন্ন জিলা চাইকেলেৰে ভ্ৰমণ কৰি পুণৰ মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ পথত আজি নগাঁৱত উপস্থিত হয়হি। আজি বিয়লি পৰিৱেশ কৰ্মী গৰাকীক নগাঁৱৰ খাগৰিজান উন্নয়ন খণ্ডৰ সমুহ বিষয়া-কৰ্মচাৰী আৰু বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰী সকলে সম্বৰ্ধনা জনায়। কন্যা শিশু সকলক সুৰক্ষা দিয়া আৰু পঢ়া শুনা কৰাৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সকলোৰে মাজত সজাগতা সৃষ্টিৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে পৰিৱেশ কৰ্মী গৰাকীয়ে। তেওঁৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। চাইকেল আৰোহী এই পৰিৱেশ কৰ্মী গৰাকীয়ে আজি গুৱাহাটীত নিশাটো কটাই কাইলৈ পুৱা মহাৰাষ্ট্ৰ অভিমুখে যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।
দুৰ্যোগৰ সময়ত জীৱন আৰু সম্পত্তি কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত হোজাই ছোৱালী মহাবিদ্যালয়ত মক ড্ৰিল
হোজাই জিলা প্ৰসানৰ তত্বাৱধানত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ তথা হোজাই জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্যোগত যিকোনো দুৰ্যোগৰ পৰা জনসাধাৰনৰ জীৱন আৰু সম্পত্তি কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আজি হোজাই ছোৱালী মহা বিদ্যালয়ত এক মক ড্ৰিলৰ আয়োজন কৰা হয়।

এই কাৰ্য্যসূচীৰ বিষয়ে তথ্য আৰু জনসংযোগ বিষয়াই এক বিবৃতি জাৰি কৰে। হোজাই ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰীসকলৰ সন্মুখত মক ড্ৰিলৰ জৰিয়তে যি কোনো দুৰ্যোগৰ সময়ত নিজৰ লগতে আনৰো জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ প্ৰদৰ্শন কৰা হয়। তাত বিশ্বমানদণ্ডৰ আধুনিক প্ৰযুক্তিগত উদ্ধাৰ ব্যৱস্থাৰ জৰিয়তে বাস্তবিক মগ ড্ৰিল প্ৰদৰ্শন কৰা হয়। এই মক ড্ৰিল কাৰ্য্যসূচীত হোজাই অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী প্ৰশাসন, স্বাস্হ্য বিভাগ, এচ ডি আৰ এফ, অসম পুলিছ ৰেডিঅ অৰ্গেনাইজেছন আৰু জিলা পৰিবহণ বিভাগ আদি কৰি সংশ্লিষ্ট বিভাগ সমূহে যৌথভাৱে অংশ গ্ৰহণ কৰে। এই মক ড্ৰিলত ইনছিডেন্ট কামাণ্ডাৰ হিচাপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত শ্রী গৌৰী শংকৰ দাসে কয় যে, দুদিনিয়া কাৰ্য্যসূচীৰে আয়োজন কৰা মক ড্ৰিলৰ উদ্দেশ্য হ’ল কেনেদৰে আমি যিকোনো দুৰ্যোগৰ পৰা আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰি। তাৰোপৰিও দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিক কিদৰে উদ্ধাৰ কৰি অতিসোনকালে চিকিৎসা প্ৰদান কৰা যায়। উল্লেখযোগ্য যে এই মক ড্ৰিলত কোনোধৰনৰ মোবাইল ফোনৰ ব্যৱহাৰ কৰা হোৱা নাছিল, তাৰ পৰিবৰ্ত্তে অনাতাঁৰ বাৰ্ত্তা ব্যৱস্থাৰে যোগাযোগ ব্যৱস্থা গঢ়া হৈছিল।
বিজেপি দল হৈছে গাদ্দাৰৰ দল- ভূপেশ বাঘেল: সোণতলীত বিশাল বুথ সংকল্প শিৱিৰ
ৰাজ্যৰ সমাগত বিধানসভাৰ নিৰ্বাচনত দক্ষিণ কামৰূপৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সংখ্যালঘু অধ্যুষিত ৪৮ নং বকো বিধান সভা সমষ্টিখন পুনৰাই কংগ্ৰেছৰ দখললৈ অনাৰ লক্ষ্যৰে ককাঁলত টঙালি বান্ধিছে বকোৰ কংগ্ৰেছ মহলৰ প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী সকলে ৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বকোৰ সোণতলীত অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ বিশাল “বুথ সংকল্প শিবিৰ” । সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যলয় খেলপথাৰত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ “মোৰ বুথ, মোৰ গৌৱৰ” আমাৰ ঐক্য, আমাৰ শক্তি” শ্লোগানৰ এই বিশাল “বুথ সংকল্প শিবিৰ” । সমাগত নিৰ্বাচনৰ বাবে সমষ্টিটোত তৃণমূল পৰ্যায়ৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বকো আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই বুথ সংকল্প শিবিৰ ৷ শিৱিৰত বকো সমষ্টিৰ ২৭৬ বুথৰ পৰা অহা কৰ্মকৰ্তাৰ অভূতপূৰ্ব সমাৱেশ ৷ শিৱিৰত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ ছত্তীছগড় ৰাজ্যৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ ভাষণত ভূপেশ বাঘেলে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বৃটিছৰ লগত হাত মিলাই ভাৰত বিৰোধী স্থিতি গ্ৰহন কৰা বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰি দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰে ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বিজেপি চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰ্বতসম মূল্যবৃদ্ধিৰে ৰাজ্যবাসীক কোঙা কৰি পেলোৱা , চৰকাৰী সম্পদ একফালৰ বিক্ৰী কৰি থকা থকা ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি নেতৃত্বাধীন ভ্ৰষ্টাচাৰী চৰকাৰৰ অপশাসনক ওফৰাই এখন বিজেপিমুক্ত চৰকাৰ গঠনৰ বাবে সকলোকে সংকল্প ল’বলৈ আহ্বান ভূপেশ বাঘেলৰ ৷ বুথ সংকল্প শিৱিৰত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক,আদিত্য শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল বালকৃষ্ণ ৱাছনিক আৰু ছাকিল আহমেদ খানে বক্তব্য দাঙি ধৰি বিজেপি বেইমান আৰু গাদ্দাৰৰ দল বুলি অভিহিত কৰি বিজেপিৰ কোনো পৰিয়ালৰ লোকে দেশৰ স্বাধীনতাৰ বাবে জেল খটাৰ প্ৰমান দিব পাৰিলে ৰাজনীতি ত্যাগ কৰিব বুলি উল্লেখ কৰে৷ কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিৱিৰত আদৰণি ভাষণ আগবঢ়ায় বকো সমষ্টিৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে ৷ আদৰণি ভাষণত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দেশৰ বাবে কৰা ত্যাগ আৰু উন্নয়নৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে ৷ বিজেপিৰ সাম্প্ৰদায়িক কাম কাজৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ বেটী বচাও বেটী পঢ়াও শ্লোগানৰ আজি কোনো মূল্য নাই বুলি কয় ৷ শিৱিৰত ছত্তীছগড় কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্মল কছাৰী, উপ সভাপতি ৰাজেন্দ্ৰ চাহু, কংগ্ৰেছ নেতা আদিত্য শৰ্মা,অসম প্ৰদেশ সংখ্যলঘু কোষৰ অধ্যক্ষ ছলমান খান, ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ , সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ছাহু¸ কামৰূপ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জিয়াউৰ ৰহমান চহৰীয়া, উপ সভাপতি দীপক কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দীপালি তালুকদাৰ প্ৰমূখ্যে কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ ভালেসংখ্যক নেতৃবৃন্দ ।
টীয়কত উপস্থিত প্ৰদুষণ মুক্ত সেউজ অসম গঢ়াৰ উদ্দেশ্যৰে চাইক্লিং কৰা এজন যুৱক
নগাঁওৰ এজন ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱক। এই ব্যতিক্ৰমী যুৱক জনে নগাঁওৰ পৰা শদিয়ালৈ কৰি গৈছে চাইক্লিং। নগাঁওৰ পৰা শদিয়ালৈ গৈ আছে চাইকেল চলাই যুৱকজনে। প্ৰকৃতিক ভাল পোৱা যুৱক জনৰ নাম খনিন্দ্ৰ সপোন। প্ৰতিভাৱান যুৱক জনে প্ৰদুষণ মুক্ত সেউজ অসম গঢ়াৰ উদ্দেশ্য আগত ৰাখি সুদূৰ নগাঁওৰ পৰা শদিয়ালৈ এনেদৰেই চাইক্লিং কৰা বুলি জানিব পৰা গৈছে। আৰু আজি যুৱক জন টীয়কৰ কাকজানত উপস্থিত হয় আৰু কাকজানত উপস্থিত হৈ বৃক্ষ ৰোপণ কৰি শদিয়ালৈ পুণৰ যাত্ৰা আৰম্ভ কৰা পৰিলক্ষতি হয়। উল্লেখ যে যুৱক জনে পৰা পক্ষত নৱ প্ৰজন্মক চাইকেল চলাবলৈ আহ্বান জনাইছে। লগতে যুৱক জনে সেউজ অসম গঢ়াৰ সপোনো পুহি ৰাখিছে বুলি মন্তব্য আগৱঢ়াই সংবাদ মাধ্যমৰ আগত ।
ৰাইজে গঢ়া শিক্ষানুষ্ঠান বন্ধ কৰা বিজেপি চৰকাৰৰ সৰ্বনাশীয়া নিৰ্দেশনাৰ বিৰুদ্ধে চিপিআই এম এল ৰ বিক্ষোভ
ৰাজ্যৰ ভেঞ্চাৰ স্কুল সমূহ ৰ শিক্ষকৰ পদ প্ৰাদেশীকীকৰণ নামত ৩৬০০ খনকৈ বিদ্যালয় বন্ধ কৰিবলৈ দিয়া বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজগড় শ্বহীদ বেদী তিনিআলি ত চিপিআই (এম এল) দলে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ ভিতৰতে অসমেই একমাত্ৰ ৰাজ্য য’ত ৰাইজে নিজৰ সন্তানক শিক্ষা দিবৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি মাটি দান দি শিক্ষানুষ্ঠান নিৰ্মাণ কৰে । শিক্ষাৰ অধিকাৰ আইন ২০০৯ গৃহীত হোৱাৰ পিছত নিয়ম মতে অসমৰ সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ প্ৰাদেশীকীকৰণ কৰিব লাগিছিল । কিন্তু আইন ৰূপায়ণ নকৰি কেৱল নিৰ্বাচনী লাভালাভৰ বাবে কেৱল পদ প্ৰাদেশীকীকৰণ কৰাৰ দৰে টোগলকী সিদ্ধান্ত গ্ৰহণ কৰি বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা ধংস কৰিব বিচাৰিছে । আচৰিত ভাৱে টিংখাঙৰ সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয় ন শ্ৰীপুৰীয়াৰ ৫ জন শিক্ষকৰ ভিতৰত ৩ জনৰ পদ প্ৰাদেশীকীকৰণ কৰি স্কুল খন টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰা হৈছে মানে এতিয়া বিজেপি চৰকাৰৰ দিনত বালিকা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী একেলগে শিক্ষা গ্ৰহণ কৰিব । পৰিহাসৰ কথা হৈছে শিক্ষাগুৰুক টিউটৰ লৈ পৰ্যবেশিত কৰা । যাৰ পৰিনতিত এখন শিক্ষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে । চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি শতাধিক লোকে চিপিআই এম এল ৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে ১) ৰাইজৰ কষ্ট আৰু শ্ৰমেৰে গঢ়া স্কুল বন্ধ কৰাৰ নিৰ্দেশনা বাতিল কৰক। ২) স্কুল বন্ধৰ নিৰ্দেশনা কিয়??? বিজেপি চৰকাৰে জবাব দিয়ক।৩) বিজেপি চৰকাৰৰ ৰাজহুৱা শিক্ষা ধংস কৰিব বিচৰা নীতি আমি নামানো ।৪) শিক্ষাৰ অধিকাৰ আইন,২০০৫ কঠোৰ ভাৱে ৰূপায়ণ কৰক।৫) পদ প্ৰাদেশীকীকৰণ নহয় ভেঞ্চাৰ স্কুল সমূহ প্ৰাদেশীকীকৰণ কৰক , লগতে কৰ্মৰত সকলো শিক্ষক আৰু কৰ্মচাৰীক একেই স্কুলত নিযুক্তি দি দৰ্মহা সুনিশ্চিত কৰক।৬) দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা বন্ধ কৰক।৭) শিক্ষকক টিউটৰ নহয় শিক্ষাগুৰু হিচাপে সন্মান দিয়ক।আদি শ্লগানৰে প্ৰতিবাদ স্থলী মুখৰিত কৰি তোলে । প্ৰতিবাদ কাৰী সকলে প্ৰতিবাদ স্থলীতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে দলৰ জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে আঁত ধৰা প্ৰতিবাদী সভাত অসম সংগ্ৰামী চাহ কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী মীৰা তাঁতী, বিপ্লৱী যুৱ সন্থাৰ কুন্তী তাঁতী, চিপিআই এম এলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়াই বক্তব্য প্ৰদান কৰে । প্ৰতিবাদ কাৰী সকলে কাৰ্যসূচীৰ অন্তত ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ স্থানীয় টিংখাং ৰাজহ চক্ৰ বিষয়া জড়িয়তে দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কন্যাৰ ফটোক বিকৃত ৰূপ দিয়া নাংনয়নামণি গগৈক আটক
পিতৃ আৰু কন্যাৰ সম্পৰ্কত কালিমা সনাৰ অপচেষ্টা। হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ জীয়াৰীৰ ফটো চচিয়েল মিডিয়াত দি অশ্লীল ভাৱে পোষ্ট কৰা নাংনয়নামণি গগৈক শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে ।
আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰা প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব পৰ্টেলৰ মুখ্য সম্পাদকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে এই পৰ্যন্ত ৱেব পৰ্টেলটোৰ ৫ গৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা স্বয়ম্ভু সাংবাদিক কেইজন তফিকউদ্দিন আহমেদ, আছিফ ইকবাল হুছেইন, নজৰুল হুছেইন, নজমুন হক আৰু নিজুল আলী।
ঘটনা সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মোক ৰাজনৈতিক ভাৱে নোৱাৰিলে, এতিয়া ষড়যন্ত্ৰ চলিছে। এদিন পূৰ্বে পত্নীয়ে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে। ৰুজু কৰা গোচৰৰ ভিক্তিত তদন্ত চলি আছে। এয়া অতি লজ্জাজনক বিষয়।’
পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনলৈ ” কৃষক বন্ধু ” অভিধা প্ৰদান
ৰাজ্যৰ অন্যতম সক্ৰিয় কৃষক সংগঠন “কৃষক অধিকাৰ সুৰক্ষা সমিতি” ( কাছ) আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতি ( নাচ) এ নাজিৰাৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনক সন্মানীয় ” কৃষক বন্ধু ” অভিধা প্ৰদান কৰিছে । পশু চিকিৎসক হিচাবে গোপালন, গাহৰি পালন তথা কুকুৰা পালনৰ ক্ষেত্রত গ্রহণ কৰা বিশেষ পদক্ষেপৰ উপৰিও সংকট কালত পশুপালকসকললৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ডাঃ বৰ্মনলৈ এই সন্মান প্ৰদান কৰে । সংগঠন দুটিৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অলপতে শিৱসাগৰৰ ভীমপোৱা, পানীদিহিংত অনুষ্ঠিত এক জনাকীর্ণ সভাত ডাঃ জগদীশ বৰ্মনক “কৃষক বন্ধু ” অভিধা প্ৰদানৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত উপাচার্য তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্রাপ্ত উপাচার্য বিশিষ্ট কৃষি বিজ্ঞানী ড. অশোক কুমাৰ ভট্টাচার্যক “কৃষি ৰত্ন ” অভিধা প্ৰদান কৰে । অনুষ্ঠানটোত অংশগ্রহণ কৰি পশু চিকিৎসক ডাঃ বৰ্মনে উপস্থিত কৃষক তথা ৰাইজক পশুপালনৰ জৰিয়তে নিজকে আত্মসংস্থাপিত কৰাৰ লগতে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনায় । তেখেতে নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাইজক পথৰ আন্দোলনৰ পৰিবৰ্তে পথাৰতহে আন্দোলন কৰিবলৈ আহ্বান জনায় । এইক্ষেত্রত লোহিত চন্দ্র গগৈৰ নেতৃত্বত কৃষক অধিকাৰ সুৰক্ষা সমিতি আৰু নাৰী অধিকাৰ সুৰক্ষা সমিতিয়ে সমগ্র ৰাজ্যখনতে কৃষক সকলক উদ্বুদ্ধ কৰিবলৈ একানপতীয়া প্ৰচেষ্টা চলাই থকা বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু প্ৰয়োজন সাপেক্ষে তেখেতসকলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখযোগ্য যে, ৰাজ্যৰ পশু পালন তথা পশু চিকিৎসা ক্ষেত্রখনৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই থকা ডাঃ জগদীশ বৰ্মনক ইতিমধ্যে বিভাগীয়ভাবে “বিশেষ পাৰদর্শিতা বঁটা”ৰ প্ৰদানৰ উপৰিও “কৃষক বঁটা”কে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছে । নিজে সদায় কৃষক সকলক বন্ধুৰ দৰেই সেৱা আগবঢ়াই ভাল পাই বুলি উল্লেখ কৰি এইবাৰ তেখেতক “কৃষক বন্ধু” হিচাবে আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰা বাবে যথেষ্ট গৌৰৱান্বিত বুলি কয় । অনুষ্ঠানটোত অংশগ্রহণ কৰি কৃষি বিজ্ঞানী ড. অশোক কুমাৰ ভট্টাচার্যই আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি কৃষক সকলক আগবাঢ়ি যাবলৈ আহ্বান জনাই আৰু তাৰবাবে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলি কয় । ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলৰ উপৰিও জিলাখনৰ তিনি শতাধিক লোকে অংশগ্রহণ কৰা অনুষ্ঠানটোত চৰাইদেউৰ জিলা কৃষি বিষয়া ড. অৰুণ চাংকাকতী, শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্রৰ মুখ্য বিজ্ঞানী ড. প্ৰদীপ সন্দিকৈয়েও সমল ব্যক্তি হিচাবে ভাগ লয় ।উল্লেখযোগ্য যে, দীর্ঘদিন ধৰি ৰাজ্যৰ কৃষকসকলৰ উন্নয়নৰ স্বার্থত কাম কৰি অহা সংগঠন দুটিয়ে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ।
ডুমডুমাত বিশাল আয়োজনেৰে লাচিত কাপ ২০২১
ক্ৰীড়া হৈছে জাতিৰ গৌৰৱ দেশৰ ভৱিষ্যত। ক্ৰীড়াৰ দ্বাৰা এজন খেলুৱৈৰ দৈহিক গঠনৰ লগতে মানসিক উতকৰ্ষও সাধন কৰে। এই কথা সাৰোগত কৰি ভাৰত তথা বিশ্বৰ ক্ৰীড়া জগতত অসমৰ ভলীবল খেলৰ প্ৰতিভাই উচ্চ আসন অলংকৃত কৰাৰ মানসেৰে অসম ভলীবল সংস্থাৰ তত্বাৱধানত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, বীৰ লাচিত সেনা অসম, ডুমডুমা আঞ্চলিক সমিতি আৰু ডুমডুমা বাসী ৰাইজৰ সহযোগত আমন্ত্ৰণমূলক দিবা-নৈশ ৰাজ্যিক পৰ্যায়ৰ লাচিত কাপ ২০২১ ভলীবল প্ৰতিযোগিতাখনি অহা ইং ২০ আৰু ২১ ফেব্ৰুৱাৰী তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে এই আমন্ত্ৰণমূলক ৰাজ্যিক পৰ্যায়ৰ প্ৰিতযোগিতাখনিলৈ অসমৰ বিভিন্ন ঠাইৰ ভলীবল দলক আমন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিছে বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পুলকেশ বৰুৱাই। দুদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা লাচিত কাপ ২০২১ ৰ প্ৰথম দিনাৰ প্ৰিতযোগিতাৰ শুভাৰম্ভ কৰিব ডুমডুমাৰ চেন্ট জেভিয়াৰ্চ হাইস্কুলৰ অধ্যক্ষ গিলবাৰ্ট দেৱ বাৰ্মাই। অন্যহাতে চুড়ান্ত খেলখনি বীৰ লাচিত সেনা অসম, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই শুভাৰম্ভ কৰিব বুলি জানিব িদছে বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব ভৃগু বুঢ়াগোঁহায়ে। অহা ইং ২০ আৰু ২১ ফেব্ৰুৱাৰী তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হব লগা লাচিত কাপ ২০২১ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাখনিত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিৰে সহযোগিতাৰ কামনা কৰিছে উদ্যোক্তাই।
নলবাৰীত জিলা পৰিবহন বিভাগ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী
নলবাৰী জিলা পৰিবহন বিভাগে আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উদযাপন কৰে । যোৱা মাহৰ ১৮ জানুবাৰীৰ পৰা আজিলৈ চলা এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী । আজি ৰাতিপুৱা পোণ প্ৰথমে পৰিবহন বিভাগৰ উদ্যোগত নলবাৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যলয়ৰ পৰা এটি সজাগতা ৰেলী উলিওৱা হয় । এই ৰেলীটো পৰিবহন নিগমৰ কাৰ্যলয়ৰ পৰা নলবাৰী চহৰৰ মাজেৰে জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় । তদুপৰি পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উপলক্ষে দিনৰ এক বজাত নলবাৰী পৰিবহন বিষয়াৰ কাৰ্যালয়তে এটি সামৰণি অনুষ্ঠানও অনুষ্ঠিত কৰা হয় । আনহাতে এই অনুষ্ঠানত নলবাৰী জিলাৰ বিভিন্ন বিভাগৰ বহুত কেইজন বিশিষ্ট আমন্ত্ৰিত অতিথি উপস্থিত থাকে তথা আমন্ত্ৰিত অতিথি সকলে পথ সুৰক্ষাৰ ওপৰত নিজৰ নিজৰ মন্তব্য ৰাইজৰ আগত প্ৰকাশ কৰে । পৰিবহন বিভাগৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যালয় সহায়ক বিবেকানন্দ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত নলবাৰী জিলাৰ অতিৰিক্ত উপাযুক্ত ফিৰদোজ অলম চেখ,অতিৰিক্ত আৰক্ষী অধীক্ষক(চিকিউৰিটী) চফিকুল হুচেইন,পৰিবহন বিষয়া সীমান্ত বৰা, যান বাহন পৰিদৰ্শক জয়ন্ত দেউৰী, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড়,নলবাৰী কলেজৰ অধ্যক্ষ ড৹ কমল নয়ন পাটোৱাৰী,জিলা মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
নগাঁৱত একেদিনাই ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে ১২টাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে নগাঁও সদৰ বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ সমষ্টিটোত সকলো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে ৷ বিশেষকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক ৰূপক শৰ্মাই সমষ্টিটো পুনৰ নিজৰ দখলত ৰাখিবৰ বাবে বিভিন্ন উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ দ্বাৰা ৰাইজৰ মাজত তৎপৰতা অব্যাহত ৰাখিছে ৷ ইয়াৰ অংশস্বৰূপে আজি বিধায়কগৰাকীয়ে সমষ্টিটোৰ বেবেজীয়া ডিমৌ, বাংথাই গাঁও পঞ্চায়ত, দেওধৰ গাঁও পঞ্চায়তত আৰু শেনছোৱা গাঁও পঞ্চায়তত ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে আজিৰ পৰা পাঁচ বছৰৰ আগৰ অসমখনৰ লগত আজিৰ সময়ৰ অসমখনৰ মাজৰ পাৰ্থক্য ৰাইজে নিজে দেখিছে ৷ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল প্ৰচেষ্টাত আজি অসম উন্নয়নৰ শীৰ্ষতম পৰ্যায়লৈ আগবাঢ়িছে ৷ ঠিক একেদৰেই নগাঁও সমষ্টিতো সৰ্বদিশৰ উন্নয়নৰ ছবিখনে বিশেষ সফলতা লাভ কৰিছে ৷ অনাগত দিনত আমাৰ চৰকাৰখনে ৰাইজৰ পদূলিত থিয় হোৱাৰ পৰিৱৰ্তে উন্নয়নমূলক আৰু বহু কৰ্ম-আঁচনি লৈ ৰাইজৰ লগত থিয় হৈ আমি ৰাইজৰ হৃদয়ত থাকিম বুলিও বিধায়ক শৰ্মাই মন্তব্য কৰে । আনহাতে বিৰোধী দলক সমালোচনাৰে বিধায়ক গৰাকীয়ে একপ্ৰকাৰ নিৰ্বাচনী ৰণ শিঙা বজায় ৷ বিধায়ক শৰ্মাই আজি ‘অসম আদৰ্শ গাঁও যোজনা’ৰ অধীনত বেবেজীয়া চাৰিআলি বজাৰগৃহৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু খোৱা পানী ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহুৱা গৃহ আৰু অনাময় ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া আত্মসহায়ক গোটৰ হস্ততাঁত উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত তিনিটা অংগনবাড়ী কেন্দ্ৰ মেৰামতিকৰণৰ লগতে ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷আনহাতে দেওধৰ গাঁও পঞ্চায়তত আজি বিধায়ক ৰূপক শৰ্মাই আধাৰশিলা স্হাপন কৰা উন্নয়ন মূলক কাম সমূহ ক্ৰমেঅসম আৰ্দশ গাঁও যোজনাৰ অধীনত “দেওধৰ গাঁও পঞ্চায়তৰ ৬ নং খন্ডত খোৱাপানী আৰু শৌচাগাৰ সুবিধাৰে অংগনৱাদী কেন্দ্ৰ” নিৰ্মাণৰ আধাৰশিলা, অসম আৰ্দশ গাঁও যোজনাৰ অধীনত “ৰজাভেটি প্ৰাথমিক বিদ্যালয়ত কম্পিউটাৰ সুবিধাৰ লগতে শ্ৰেণীকোঠা” নিৰ্মানৰ আধাৰশিলা,অসম আৰ্দশ গাঁও যোজনাৰ অধীনত “সোণোৱালী পুথিভঁৰাল নিৰ্মাণ”ৰ আধাৰশিলা,অসম আৰ্দশ যোজনাৰ অধীনত “খন্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মহিলা আত্মসহায়ক গোটৰ বাবে বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰকল্প”ৰ আধাৰশিলা,দেওধৰ পঞ্চায়তৰ দেওধৰ চাৰিআলিত “ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ লগতে খোৱা পানী ব্যৱস্থা নিৰ্মাণ”ৰ আধাৰশিলা।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে আজি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে শেনছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটিকটীয়া কৃষ্টি বিকাশ সমাজৰ আন্তঃগাঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে।অসম চৰকাৰৰ আছুতীয়া পূজিৰ দ্বাৰাই দেওধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত “পিনাক পাণি সনাতন সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ”ৰ আন্তঃগাঠনি উন্নয়নৰ কামৰো আজি শুভাৰম্ভ কৰে।










