Home Blog Page 3121

JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষী জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক । চি জে এম আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কুমাৰক । অসম আৰক্ষীয়ে দিল্লীৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক ।

ভাৰতী সিঙক বাহিৰ কৰা হ’ল দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা !

জনপ্ৰিয় দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা বাহিৰ কৰা হ’ল জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙক । কেইদিনমানৰ পূৰ্বে ভাৰতী আৰু তেওঁৰ স্বামীৰ বাসগৃহত অনচিবিয়ে অভিযান চলাই ড্ৰাগচ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৰ্তমানলৈকে দুয়োগৰাকী জনপ্ৰিয় শিল্পীয়ে জামিন লাভ কৰা নাই ।

বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ভাৰতী আৰু তেওঁৰ স্বামীক জনপ্ৰিয় দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা বাহিৰ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কিন্তু বৰ্ত্তমানেও চেনেল কৰ্তৃপক্ষই এই সংক্ৰান্তত আনুষ্ঠানিক ঘোষণা কৰা নাই ।

আজিৰ পৰা দেশৰ জনসাধাৰণে এমাহ মানিব লাগিব এই নতুন কোভিড প্ৰট’কল

দেশত কোভিড১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে কোভিড প্ৰটক’ল শিথিল কৰা হৈছিল যদিও ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১ ডিচেম্বৰৰ পৰা সমগ্ৰ দেশত বলৱৎ হোৱাকৈ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে।
এই নতুন নিৰ্দেশনাৰ মতে কনটেনমেন্ট এলেকা হিচাপে ঘোষণা কৰাৰ ঠাইৰ সকলোবোৰ দোকান-বজাৰ বন্ধ থাকিব আৰু ইয়াৰ বাহিৰত থকা বজাৰ, দোকান, শ্বপিং মল, চুপাৰ মাৰ্কেট আদি খোলা থাকিব। অৱশ্যে এইসমূহ খোলা থাকিলেও কোবিড প্ৰটক’ল মানি চলিব লাগিব সকলোৱে।

ৰাজহুৱা স্থান বিশেষকৈ শ্বপিং মল, বজাৰ আদিত মানুহৰ ভিৰ হোৱাৰ লগতে মাস্ক পৰিধান নকৰা, সামাজিক ব্যৱধান ৰক্ষা নকৰা আৰু চেনিটাইজিং নকৰাৰ ফলত কোভিড সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা নিৰ্দেশনাটোত কোৱা হৈছে।

নতুন নিৰ্দেশনাত সেয়ে কনটেনমেন্ট এলেকাত কঠোৰভাৱে কোভিড প্ৰটক’ল মানি চলিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
নিৰ্দেশনাটোৰ মতে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰসমূহে কোভিড প্ৰটক’লৰ অধীনত কোভিড সংক্ৰমিত এলেকাসমূহত স্থানীয় নিষেধাজ্ঞা জাৰি কৰিব পাৰিব।

প্ৰয়োজন সাপেক্ষে নৈশ সান্ধ্য আইন জাৰি কৰাৰ লগতে কনটনটেন্ট জ’ন আৰু তাৰ আশ পাশ অঞ্চলসমূহত স্থানীয় লকডাউন বলৱৎ কৰিব পাৰিব কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহে।

চলন্তপাৰা বন্ধন বেংকৰ প্ৰশংসনীয় পদক্ষেপ : নিতৌ স্বাৱলম্বী ইজনৰ পিছত সিজন গ্ৰাহক

যোগীঘোপা, ১ ডিচেম্বৰ: – ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিত এক যোগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা ভাৰতৰ অগ্ৰণী অৰ্থনৈতিক বেংকিং প্ৰতিষ্ঠান বন্ধন বেংকে অসমৰ বিভিন্ন জিলাৰ লগতে বৃহত্তৰ যোগীঘোপা অঞ্চল বাসীলৈ সুখৱৰ কৰিয়াই আনিছে ।বঙাইগাঁও জিলাৰ চলন্তপাৰা শাখাৰ বন্ধন বেংকে লকডাউনত ক্ষতি গ্ৰস্থ হোৱা গ্ৰাহক সকলক পুনৰ ব্যৱসায় পুনৰ জীৱিত কৰিবলৈ মাহিলী হিচাপত পয়সত্তৰ হেজাৰ টকাৰ পৰা তিনি লাখ লৈকে সমৃদ্ধি নামেৰে এটি নতুন লোণৰ আচঁনি আৰম্ভ কৰিছে । এই আচঁনিৰ দ্বাৰা ৯ খন গাওঁ পঞ্চায়ত আৰু ৩৮ খন গাওঁক সামৰি লোৱা হৈছে । বন্ধন বেংকৰ পৰা লোণ লৈ কোনোৱে যদি হাহঁ-কুকুৰা ব্যৱসায় কৰিছে আকৌ আন কোনোবাই দোকান বা বেপাৰ- বাণিজ্য কৰি স্বাৱলম্বী হোৱা দেখা গৈছে । মুঠৰ ওপৰত বন্ধন বেংকে গাওঁ তথা অঞ্চল বাসীলৈ কৰ্মমুখী তথা স্বাৱলম্বী হোৱা নতুন পথ মুকলি কৰি দিছে । বৰ্তমান সময়ত প্ৰায়ভাগ শিক্ষিত নিবনুৱা চৰকাৰী চাকৰিৰ ফালে মন নেমেলি বন্ধন বেংকৰ পৰা লোণ লৈ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি উপাৰ্জনৰ পথ নিজে বাছি লোৱা দেখিবলৈ পোৱা গৈছে । লগতে আন দহজন মানুহক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে । চলন্তপাৰা বন্ধন বেংকে সমদ্ধি আচঁনিৰ ওপৰিও সৃষ্টি লোণেৰে সাপ্তাহিক লোণ পূৰ্ৱৰ নিয়ম বাহাল ৰখা পৰিলক্ষিত হৈছে। এক কথাত ক’ব পাৰি যে চলন্তপাৰা বন্ধন বেংকে যোগীঘোপা অঞ্চল বাসীলৈ নিতৌ ন ন আচঁনিৰ দ্বাৰা ৰাইজৰ সমস্যাবোৰ কিছু পৰিমাণে লাঘৱ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

ফিল’কাপৰ ছেমিফাইনেলত প্ৰৱেশ টেঙাখাট এফ. চি.

ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণমূলক ২২ সংখ্যক “ফিল’কাপ ২০২০” ফুটবল প্ৰতিযোগীতাৰ আজি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয় টেঙাখাট এফ. চি. বনাম দিয়ামুলী এফ. চি. ৰ মাজত অনুষ্ঠিত হয় । তিব্ৰ উত্তেজনাপূৰ্ণ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত টেঙাখাট এফ চি দলে  দিয়ামলী এফ. চি.  দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰি ছেমি ফাইনেলত  প্ৰৱেশ কৰে। টেঙাখাট এফ চি দলৰ হৈ ৫৬ মিনিটত বাবাই পেগুৱে গ’ল  দি দলক জয়ী কৰোৱাই।অহাকাইলৈ খেল অনুষ্ঠিত হ’ব এলেভেন ট্ৰাষ্ট এফ চি মাকুম বনাম বিৰছা মুণ্ডা এফ চি ফিল’বাৰী।

সামৰণি পৰিল জামুগুৰিহাটৰ ৰাস মহোৎসৱ ; প্ৰাণভৰি উপভোগ কৰিলে শ্ৰীকৃষ্ণৰ চন্দোময় নৃত্য

জামুগুৰিহাট, ৩০নৱেম্বৰ : শৰতৰ বিতোপন নিশা চন্দ্ৰমাৰ পোহৰত  উদ্ভাষিত মায়াময় পৰিৱেশত কালি  উদযাপন হ’ল জামুগুৰিহাটৰ থেকেৰাগুৰিৰ  ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱ । ১৯৫৭চনৰ পৰাই ৰাস পূৰ্ণিমাৰ দিনা অবিৰত ভাৱে উদযাপন কৰি অহা এই ৰাস মহোৎসৱ এইবেলি কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদযাপন সমিতিয়ে কভি’ড প্ৰটকল মানি এদনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰে। বাসুদেৱ থানৰ ৰাস মহোৎসৱ উপলক্ষ্যে  পুৱাৰ পৰাই ভক্তিৰসৰে অঞ্চলটো মুখৰিত হৈ পৰাৰ লগতে এক উদুলিমুদুলি পৰিবেশো বিৰাজ কৰে মহোৎসৱ স্থালীত। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ থেকেৰাগুৰিৰ আম, জামৰে পৰিবেষ্টিত পৰিবেশত নিশা চন্দ্ৰমাৰ পোহৰ আৰু ৰং বিৰংৰ লাইটৰ সমাহাৰে সৃষ্টি কৰা মায়াবী পৰিৱেশত শ্ৰীকৃষ্ণৰ চন্দোময় নৃত্য, গোপীৰ প্ৰাণচঞ্চলা নাচে উপস্থিত সকলোৱে আকৰ্ষিত কৰে। প্ৰতিবছৰে দুদিনীয়া কাৰ্য্যসূচীৰে  ৰাস মহোৎসৱ অনুষ্ঠিত হয় যদিও এইবেলি এদিনীয়া কাৰ্য্যসূচীৰে সামৰণি পৰা এই ৰাস মহোৎসৱে এইবেলি ৬৪ সংখ্যক বৰ্ষত ভৰি দিলে।

ফুলশয্যাৰ নিশা দৰাঘৰৰ পৰা ৰহস্যজনক অৱস্থাত নিৰুদ্দেশ হল ন-ক‌ইনা

নগাঁও,৩০ নবেম্বৰ : নগাঁও জিলাৰ জাজৰি আৰক্ষী চকীৰ অন্তৰ্গত হাতীচোং অঞ্চলত কালি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে হাতীচোং অঞ্চলৰ এহাল যুৱক যুৱতীৰ এবছৰীয়া প্ৰেমৰ অন্তত হৈছিল বিয়া। কিন্তু তাৰ পিছত ফুলশয্যাৰ নিশাই ঘটিল অঘটন। কাৰণ ফুলশয্যাৰ নিশা ৰহস্যজনক ভাবে নিৰুদ্দেশ হয় ন -ক‌ইনা। নিশা প্ৰায় ১২বজাৰ পৰা সন্ধানহীন হ’য় ন–কইনা। ইয়াৰ পাছতেই হাহাকাৰ লাগিল বিয়াঘৰত। উপায় নাপাই আৰক্ষীৰ কাষ চাপিল দৰাঘৰীয়া। অৱশেষত পুৱতি নিশা আৰক্ষীয়ে কইনাক বিচাৰি পালে মুকলি পথাৰৰ দাতিত মুমূৰ্ষু অৱস্থাত। উল্লেখযোগ্য যে যোৱা ২৭ নৱেম্বৰত হাতীচোঙ কুজীঁডাহৰ যুৱক দীপজ্যোতি বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল একে গাঁৱৰে  এগৰাকী যুৱতী। জানিব পৰা মতে, দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। সেই অনুসৰিয়ে অতি ধুম-ধামৰে দুয়োৰে বিবাহ সম্পন্ন হৈছিল। পিছে ৰহস্যজনকভাৱে ফুলশয্যাৰ নিশা সকলো সামাজিক পৰম্পৰা সম্পূৰ্ণ হোৱাৰ পিছত  বিচাৰি নাপালে ন–কইনা গৰাকীক। ইয়াৰ পিছতে হাহাকাৰ লাগিল বিয়াঘৰত। উপায়-নাপাই দৰাঘৰৰ লোক কাষ চাপিল জাজৰি আৰক্ষীৰ। আৰক্ষীয়েও প্ৰথম অৱস্থাত বিচাৰ-খোচাৰ কৰি সন্ধান নাপালে ন–কইনাৰ। কিন্তু পুৱা জাজৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পথাৰৰ দাতিত  মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিলে ন–কইনাক। অৱশেষত আৰক্ষীয়ে  তেওঁক উদ্ধাৰ কৰি ভৰ্তি কৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। বৰ্তমানেও চিকিৎসাধীন অৱস্থাতে আছে ন-ক‌ইনা গৰাকী। কিন্তু কিয় এই ঘটনা সংঘটিত হ’ল সেই বিষয়ে এতিয়াও অন্ধকাৰত সমগ্ৰ বিষয়। কাৰণ এতিয়াও সংজ্ঞাহীন অৱস্থাতে আছে ন কইনা । এতিয়া সকলোৱে ক‌ইনা গৰাক  সুস্থ হোৱালৈ অপেক্ষা কৰিছে। তাৰ পিছতহে সমগ্ৰ বিষয় পোহৰলৈ আহিব । এই ঘটনাক লৈ নগাঁৱত ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা ; প্ৰকাশ পালে গুণ ভূঞাৰ ‘নাট সংকলন’ আৰু ৰীতা বৰুৱাৰ ‘নিৰ্বাচিত কবিতা’

জামুগুৰিহাট,৩০ নৱেম্বৰ: সমাজ, সাহিত্য সংস্কৃতিৰ উৰ্বৰ ভূমি ঐতিহ্যমণ্ডিত জামুগুৰিহাটত যোৱা ২৯ নৱেম্বৰত বাপুজী ভৱনত প্ৰথিতযশা কবি ৰীতা বৰুৱা আৰু জামুগুৰিহাটৰ বিশিষ্ট নাট্যকাৰ প্ৰয়াত গুণ ভূঞাৰ একোখনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। সেই উপলক্ষে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে আলাপৰ সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যাপক হেমন্ত বৰাই আৰু উন্মোচকৰ আসন অলংকৃত কৰে ক্ৰমে বিশিষ্ট নাট্য শিল্পী ভবেন বৰা আৰু শিশু সাহিত্যিক, কবি দিলীপ কুমাৰ ভট্টাচার্যই। আলাপৰ সম্পাদক বিকাশ বৰাই আঁতধৰা আৰু কণ্ঠশিল্পী অকুণ্ঠিতা গাৰ্গৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নৱ নিৰ্বাচিত উপ সভাপতি দুলদুল বৰকটকীয়ে। উল্লেখ্য যে সভাৰ প্ৰাক ক্ষণত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। স্মৰণ যোগ্য যে ৬০ ৰ পৰা ৮০ দশকত জামুগুৰিহাটৰ নাট্য আন্দোলনৰ অন্যতম কাণ্ডাৰী আছিল নাট্যকাৰ গুণ ভূঞা। সেই সময়ত পৰিবহন বিভাগৰ জামুগুৰিহাটৰ বাচ আস্থানত কৰ্মৰত এইগৰাকী নাট্যকাৰে এহাতে যাত্ৰীৰ বাবে টিকট আৰু আনহাতে কলম লৈ লিখি উলিয়াইছিল ইখনৰ পিছত সিখন নাটক। সেইসময়ত অসমৰ বিভিন্ন মঞ্চত অনুষ্ঠিত একাংশ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী নাট্যকাৰৰে অন্য এক কৃতিত্ব পূৰ্ণাংগ নাটসমূহ। প্ৰায় একুৰিৰো অধিক একাংক নাট আৰু দহখনকৈ পূৰ্ণাংগ নাট ৰচনাৰে অসমৰ নাট্য সাহিত্য লৈ বিশেষ অৱদান আগবঢ়োৱা গুণ ভূঞাৰ পাঁচখন নাট সন্নিবিষ্ট কৰি তেখেতৰ জীয়ৰী বিশিষ্ট কবি ৰীতা বৰুৱাই সম্পাদনা কৰা “গুণ ভূঞাৰ পাঁচখন নাটকৰ সংকলন” উন্মোচন কৰে বিশিষ্ট নাট পৰিচালক, চিন্তাবিদ ভবেন বৰাই। আনহাতে একেখন সভাতে অসমৰ সাম্প্রতিক সময়ৰ এগৰাকী অগ্ৰণী কবি ৰীতা বৰুৱাৰ “নিৰ্বাচিত কবিতা” উন্মোচন কৰে বিশিষ্ট কবি আৰু সমালোচক দিলীপ কুমাৰ ভট্টাচাৰ্যই। ৰীতা বৰুৱাৰ নিৰ্বাচিত কবিতা নামৰ সংকলনটো উন্মোচন কৰি তেখেতে বক্তব্যত কয় যে, ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনাত হাত দিয়া ৰীতা বৰুৱা জনপ্ৰিয় সাহিত্য আলোচনী প্ৰান্তিকৰ এগৰাকী নিয়মীয়া কবি হিচাপে অসমৰ কাব্য জগতৰ জনপ্ৰিয়। ইতিমধ্যে পাঁচখনকৈ কবিতা সংকলন প্ৰকাশ কৰা ৰীতা বৰুৱা সম্প্ৰতি ৰাজ্যখনৰ এক বহুল চৰ্চিত কবি। তেওঁৰ সাম্প্ৰতিক কবিতা ” আৰু কোনো নাৰী গান্ধাৰী ন’হবা”ই ৰাজ্যৰ বিদ্বৎ মহলত বহুলভাবে সমাদৰ লাভ কৰিছে। এক গাম্ভীর্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি দুলদুল বৰকটকীৰ উপৰিও শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই অভিযন্তা ৰুণ কুমাৰ বৰুৱা,  বাপুজী ভৱন নাট্য সমাজৰ সভাপতি জনাৰ্দন ভূঞা, সাংবাদিক, লেখক ৰাতুল ভূঞা, প্ৰবীণ সমাজকৰ্মী নগেন কলিতা আদিয়ে। একোটাকৈ গীত পৰিবেশনেৰে সভাখন সতেজ কৰি তোলে বিশিষ্ট কণ্ঠশিল্পী খনীন্দ্ৰ ডেকা আৰু গীতা ভূঞাই। আনহাতে একেখন সভাতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৬ বৰ্ষৰ গোটৰ তৰফৰ পৰা কবি ৰীতা বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাখন সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে আলাপৰ উপ সভাপতি বিশিষ্ট সাংবাদিক বেদব্ৰত বৰা, যুটীয়া সম্পাদক ৰবীন ভূঞা প্ৰমুখ্যে উদ্যোক্তা সকলে।

নগাঁৱত গুৰু নানকৰ ৫৫১ সংখ্যক জন্মজয়ন্তী পালন

নগাঁও,৩০ নবেম্বৰ : শিখ সকলৰ ধৰ্মগুৰু গুৰু নানকৰ ৫৫১ সংখ্যক জন্মজয়ন্তী আজি নগাঁও ফৌজদাৰিপট্টিস্থিত গুৰুদ্বাৰতো পালন কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত ধৰ্মীয় কাম-কাজ সম্পন্ন হোৱাৰ পিচত জীৱন দৰ্শন সম্পৰ্কত এক চমু আলোচনা হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈ, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ সভাপতি দেৱেন্দ্ৰ সিং চেহমীয়ে বিশিষ্ট ব্যক্তি সকলক আদৰণি জনাই। ইপিনে বৰকলাটো অসমীয়া শিখ সকলে গুৰুনানকৰ জন্মজয়ন্তী পালন কৰে।

অসমৰ সিমান্ত টেঙাপানী গাঁৱত অৰুণাচল আৰক্ষীৰ তাণ্ডৱ : কাটি, ভাঙি নদীত উটুৱাই দিছিল জুবিন গাৰ্গ দলং

ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং ৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং ৷ চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি শ্ৰমদানেৰে নিৰ্মান কৰিছে উলিয়াইছে সীমান্ত টেঙাপানী গাঁও সংযোগী এই দলংখন  ৷ ১৯৯২ চনত অহা এক প্ৰলয়ংকাৰী বানে সীমান্ত টেঙাপানী গাঁৱক বিচিন্ন কৰি দিছিল অসম সংস্পৰ্শ ভূখণ্ডৰ পৰা ৷ তেতিয়াৰে পৰা চামিল হৈ পৰিছিল অৰুণাচলৰ ভূখণ্ডৰ সতে ৷ কিন্তু সকলো কাম কাজ অসম সৈতে, ভোটাধিকাৰো অসমতে । সেই ফলস্বৰূপে তেওঁলোকে নাপাই অৰুণাচল চৰকাৰৰ পৰাও কোনোধৰণৰ সা-সুবিধা । ক্ৰমে অৱহেলিত হৈ পৰিল অসম চৰকাৰৰ পৰাও ৷ দিনক দিনে গাঁওখনে চৰকাৰৰ সা-সুবিধা, পঞ্চায়তি সুবিধা আদিৰ পৰা বঞ্চিত হবলৈ ধৰিলে ৷ বৰ্তমান ১০৩ টা ঘৰ থকা এই গাঁৱৰ জনসংখ্যা ৭৪৯ জন ভোটাৰৰ সংখ্যা ২৮৩ জন ৷  কিন্তু বিগত ২৯ বছৰে ইয়াৰ জনসাধাৰণে বিপদ সংকুলভাবে যাতায়ত কৰি আহিছে  টুলোঙা নাৱেৰে ৷ প্ৰতি বছৰে ভৰ বাৰিষা বহুদিনৰ ধৰি গাঁওখন  সংযোগ বিছিন্ন হৈ পৰে বহি: জগতৰ লগত ৷ কিন্তু কাণ সাৰ নাই চৰকাৰৰ ৷ অৱশেষত ১নং সৰুডিৰাক গাঁৱৰ এজন সচেতন যুৱক বুলবুল মাউটৰ পৰিকল্পনাত এই খৰশ্ৰুতা নদীখনৰ উপৰত ৰাইজে এখন দলং নিৰ্মানৰ সপোন দেখিলে ৷ এক সহমতত উপনিত হৈ গঁঞা ৰাইজৰ শ্ৰম আৰু দান বৰঙণিৰে নিৰ্মান কৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাছত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে নিজে আহি উদ্ধোধন কৰাৰ কথা আছিল যদিও মুৰকত শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া হৈ নুঠিল ৷ সীমান্তৰ টেঙাপানীবাসীৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মিত সেতুখন আছিল গাঁৱবাসীৰ আশাৰ সেতু। স্থানীয় ৰাইজে বাৰিষাৰ সময়ত টেঙাপানীৰ বাবে দেখা দিয়া এই সমস্যা সমাধানৰ বাবে পথ সমূহ উন্নয়নৰ লগতে বিজ্ঞানসন্মতভাৱে এখন দলং নিৰ্মান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। স্মতব্য যে, লকডাউনৰ গইনা লৈ চলিত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে অসমৰ প্ৰশাসন, গাঁওবাসীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ অৰুণাচল আৰক্ষীয়ে গুণ্ডাবাহিনী লগত লৈ অসমৰ মাটিত আহি দলঙখন এটা অংশ কাটি নদীত উটুৱাই দিছিল । ৰাইজৰ হেঁচাত আৰু অসম চৰকাৰৰ হস্তক্ষেপত অৰুণাচল চৰকাৰে লকডাউন খোলাৰ পিচত সেতুখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু লকডাউন খোলাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ দলঙৰ কাম আৰম্ভ কৰা দেখা নগল ? এই কাৰ্যক সদৌ মৰাণ ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক চৌবিক মৰানে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শ্ৰীঘে কাৰ্যকৰী কৰিবলৈ অৰুণাচল প্ৰশাসনক দাবী জনাইছে । এই ক্ষেত্ৰত অসম প্ৰশাসনে কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব । সকলোৰে আশাৰ দলঙখন হ’বনে নহয় এতিয়া এক ডাঙৰ প্ৰশ্ন ।