Home Blog Page 3120

চৰাইদেউ ঔ গুৰি শ্যাম গাওঁৰ বৌদ্ধ বিহাৰৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি

ঐতিহাসিক  চৰাইদেউ জিলাৰ ঔ গুৰি শ্যাম গাওঁত  ১৯২০ চনতে   প্ৰতিষ্ঠা হোৱা  বৌদ্ধ বিহাৰ খনে ২০২০ চনত  ১০০ বছৰ  সম্পূৰ্ণ কৰিলে । সেয়ে  সমূহ ঔ গুৰি শ্যাম গাঁওবাসীৰ  উদ্যোগত বৌদ্ধ বিহাৰ শতবৰ্ষ সমাৰোহৰ সামৰণি অনুষ্ঠানটি অতি ধুম ধামেৰে  অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত   দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত কৰিবলৈ ঔ গুৰি শ্যাম গাৱঁৰ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে । সামৰণি সমাৰোহৰ  কাৰ্যসূচী অনুসৰি  পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব  ঔ গুৰি শ্যাম গাঁওৰ  বিহাৰাধক্ষ্য  সুভিতা ভিক্ষুয়েআবেলি ১ বজাত ৰাজহুৱা সভা ।সভাত  সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি  ভদন্ত জ্ঞানপাল মহাথেৰ ,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ,সোনাৰী সমষ্টিৰ বিধায়িকা নৱনীতা  সন্দিকৈ, চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া ,,চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্ৰ , যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মা , গৱেষক বৌদ্ধ পণ্ডিত দূর্গেশ্বৰ ৰায় ,গড়গাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ চন্দাদিত্য গগৈ ,আহোম ৰয়েল ছাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰ আৰু কানু মধ্য ইংৰাজী বিদ্যালয়ৰ কৃৰ্তি শিক্ষক অৰুণ গগৈ উপস্থিত থাকিব ।সন্ধিয়া ৭ বজাত  মাইক চুংফাই আৰু  সাংস্কৃতিক অনুষ্ঠানটি শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজ কৰ্মী উৎপল গগৈয়ে।২৭ ফেব্ৰুৱাৰী পুৱা ৪-৩০ বজাত মাইক চুংফাই প্ৰজ্বলন । ৯ বজাত খামছিং থমত্ৰা  আৰু সন্ধিয়া বিশ্ব শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰি অনুষ্ঠানটিৰ সামৰণি মাৰিব ।উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ হৈ সভাপতি গৌৰী ভদ্ৰ শ্যাম আৰু সম্পাদক প্ৰকাশ শ্যামে আহ্বান জনাইছে।

ৰূপালীজয়ন্তী বৰ্ষ গৰকা একটিং একাডেমী : ডিমৌৰ নাট্য যাত্ৰাত নাট্যশ্ৰী প্ৰশান্তজিৎ চেতিয়া

অসমৰ নাট্য জগতৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পয্যায়ত নাট্য প্ৰতিভাৰে অসম তথা শিৱসাগৰ জিলালৈ বিভিন্ন সময়ত বিভিন্ন ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই অনা ডিমৌ অঞ্চলৰ একমাত্ৰ ব্যতিক্রমী মনৰ ব্যক্তিজনেই হল প্ৰশান্তজিৎ চেতিয়া ৷ বহুকেইটা ৰাষ্ট্ৰীয় সন্মানেৰে বিভুষিত প্ৰশান্তজিৎ চেতিয়া একেধাৰে এগৰাকী নাট্য সংগঠক, নাট্যকাৰ, পৰিচালক আৰু সু-অভিনেতা ৷ ৮০ আৰু ৯০ দশকেত তেখেতৰ ৰচিত একাংকিকা নাট “ইতিহাসত তেজৰ চেকা”, “ফাচী”, “এজন নাট্যকাৰ সন্ধানত”, “বৃত্তৰ ভিতৰত আমি”, “নাটক কৰো আহক” আদিয়ে সেই সময়ত অসমত অনুষ্ঠিত হোৱা নাট প্ৰতিযোগিতা সমুহত বিপুল ভাৱে সমাদৰ লাভকৰিবলৈ সক্ষম হৈছিল ৷ নাটকৰ প্ৰতি দুৰন্ত নিচা থকাৰ বাবেই ১৯৯৫ চনত, গুৱাহাটীৰ অসম অভিনয় প্ৰতিষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ইন্দ্ৰ বনিয়াদেৱৰ তত্ত্বাৱধানত নাট্য শিক্ষা গ্ৰহণ কৰি ডিমৌত নিজাববীয়াকৈ আৰম্ভ কৰে নাট্য শিক্ষাৰ প্ৰতিস্থান – একটিং একাডেমী: ডিমৌ ৷ এই প্ৰতিস্থানৰ উদ্যোগত প্ৰশান্তজিৎ চেতিয়াই ১৯৯৫ চনত আৰম্ভ কৰে অসমৰ নিৰ্বাচিত মুঠ ২০০ প্ৰশিক্ষাৰ্থীৰ সমাবেতৰে এক তিনিমহীয়া আৱাসিক নাট্য কৰ্মশালা ৷ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে ইন্দ্ৰ বনিয়া দেৱ থকাৰ উপৰিও অন্যান্য প্ৰশিক্ষক হিচাপে অসমৰ বহু বৰেণ্য নাট্য কৰ্মীয়ে সহযোগ আগবঢ়াই ৷ সেই সকলৰ ভিতৰত অন্যতম আছিল নেত্ৰকাই খ্যাত অৰুন হাজৰিকা, খ্যাতনামা নাট্যকাৰ পৰিচালক দীপক ভুঞা, সুদক্ষ পৰিচালক পবিত্ৰ মহন ফুকন, বিশিষ্ট সংগীতজ্ঞ ড° অনিল শইকীয়া, অভিনেতা অসীম কৃষ্ণ বৰুৱা আদিয়ে ৷  সেই তিনিমহীয়া নাট্য কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ইন্দ্ৰ বনিয়া আৰু প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত সফলতাৰে মঞ্চস্থ কৰে পদ্মনাথ গোহাঞি বৰুৱাৰ টেটুন তামুলী আৰু ফনী শৰ্মাৰ ভোগজৰা ৷ সেয়াই আছিল আৰম্ভণি ৷ আজি একটিং একাডেমী ডিমৌৱে নিৰিবিচিন্ন নাট্য কৰ্মৰে সুদীৰ্ঘ ২৫ বছৰ অতিক্ৰম কৰি ৰূপালীজয়ন্তী বৰ্ষ অতিক্রম কৰিলে ৷ এই সুদীৰ্ঘ নাট্য যাত্ৰাত একটিং একাডেমীৰ সৌজন্যত প্ৰশান্তজিৎ চেতিয়াই উজনি অসমৰ বিভিন্ন প্ৰান্তত শতাধিক নাট্য প্ৰশিক্ষাৰ্থীক সমাবেত কৰি সমাপন কৰিলে বহু নাট্য কৰ্মশালাৰ ৷ তাৰ ভিতৰত নাহৰকটীয়া, ৰাজগড়, বকতা, পালেঙী, চেপন, গৌৰিসাগৰ হাতীঘুলী আদি অন্যতম ৷ তাৰোপৰি ডিমৌ অঞ্চলতো বহবাৰ নাট্যকৰ্মশালা সফলতাৰে আয়োজন কৰে ৷ এই নাট্য কৰ্মশালা সমুহত প্ৰশিক্ষকৰ দায়িত্বত প্ৰশান্তজিৎ চেতিয়াৰ ওপৰিও খ্যাতনামা অভিনেতা ইন্দ্ৰ বনিয়া, অৰুন হাজৰিকা, দীপক ভুঞা, ড° অনিল শইকীয়া, অসীম কৃষ্ণ বৰুৱা, ৰাজেন হাজৰিকা আদিয়ে সহযোগ আগবঢ়াই ৷ প্ৰতিটো কৰ্মশালাতেই অতি সফলতাৰে প্ৰশান্তজিৎ চেতিয়াৰ পৰিচালনাত টেটুন তামুলী আৰু ভোগজৰা সফল ভাৱে মঞ্চস্থ হয় ৷ ইয়াৰোপৰি একটিং একাডেমীৰ সৌজন্যত প্ৰশান্তজিৎ চেতিয়াই ডিমৌত আয়োজন কৰে  খ্যাতনামা শিল্পী দিলীপ শৰ্মা আৰু সুৰ্দশিনা শৰ্মাৰ পৰিচালনাত জোতি সংগীত কৰ্মশালা, আউনীআটী সত্ৰ আৰু অসম সত্ৰ মহাসভাৰ তত্ত্বাৱধানত বহুকেইটা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা, বিশিষ্ট বনগীতৰ শিল্পী হেম দত্তৰ পৰিচালনাত বনগীতৰ কৰ্মশালা , বহকেইটা শিশু নাটৰ কৰ্মশালা ৷ এই একটিং একাডেমীৰ তত্ত্বাৱধানতেই বিশিষ্ট লোক শিল্পী ওজা নিত্যা বৰুৱাৰ সহযোগত প্ৰশান্তজিৎ চেতিয়াই আজি ২০ বছৰ ধৰি অসমৰ বিভিন্ন খ্যাতিৱন্ত লোক শিল্পীক লৈ ডিমৌত আয়োজন কৰি আহিছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা ৷ডিমৌৰ পৰা প্ৰথম বাৰৰ বাবে বহকেইখন টেলিফ্লিম, ভিডিঅ ফিল্ম নিৰ্মাণ কৰি তেখেতে স্ব প্ৰতিভাৰ পৰিচয় দি আহিছে ৷ গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ প্ৰথমখন মেগা চিৰিয়েল ককাদেউতাৰ হাড়ৰ কলা নিৰ্দেশনাৰ কামো টিও সফলতাৰে সমাপন কৰিছিল ৷ এই একটিং একাডেমীৰ হৈ প্ৰশান্তজিতে উৰিয্যা, দিল্লী, মথুৰা, কলিকতা, পুনে আদিত অনুষ্ঠিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় নাট প্ৰতিযোগিতা আৰু সমাৰোহত অংশ গ্ৰহন কৰি বহুবাৰ অসমলৈ ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ৷ ২০০৪ চনত উৰিয্যাৰ কটকত থিয়েটাৰ মুভমেণ্ট অৱ ইণ্ডিয়াই আয়োজন কৰা আন্তৰাষ্ট্ৰীয় নাট সমাৰোহত “ বেষ্ট থিয়েটাৰ পাৰচনেলেটি অৱ ইণ্ডিয়া” আৰু ২০০৫ চনত ৰাষ্ট্ৰীয় পয্যায়ত নাটকৰ সৰ্বোচ্চ সন্মান “ নাট্যশ্ৰী” প্ৰদান কৰে ৷ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগতে ভাৰতৰ বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰশান্তজিৎ চেতিয়াৰ ৰচিত আৰু পৰিচালিত শিশু নাট সমুহ হল – ৰং, সপোন, সপোন আহে পাখিমেলি, সত্যম শিৱম সুন্দৰম, ধেমালিতে নাটক আদি ৷ তাৰোপৰি  অসমৰ বিভিন্ন মঞ্চত আজিৰ তাৰিখতো সমাদৃত তেখেতৰ ৰচিত পুনাংগ নাটক সমুহ হল – পাপী দেৱতা, কাল ধুমুহা, সপোন ভঙাৰ গান, গুপ্তঘাটক, মহানায়ক আদি ৷ বৰ্তমানলৈকে অৰ্দ্ধ শতাধিক নাটকৰ পৰিচালনা কৰা প্ৰশান্তজিৎ চেতিয়া অসম নাট্য সন্মিলন শিৱসাগৰ জিলাৰ বৰ্তমানৰ প্ৰধান সম্পাদক ৷ ডিমৌ অঞ্চলৰ আলুন নগৰত বসবাস কৰি পত্নী, পুত্র কন্যাক এটা ক্ষুদ্র প্ৰিন্টিং প্ৰেছৰ পৰা উৰ্পাজিত সামান্য টকাৰে পৰিয়াল চলাই থকা এই গৰাকী বিশিষ্ট নাট্যকাৰক অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে খবৰ ৰাখিছেনে,বিভাগটোৰ জড়িতে তেওঁৰ এই নাট্যচৰ্চা দুগুণ উৎসাহেৰে  কৰি যাবলৈ সন্মানজনভাৱে সহযোগিতা কৰিব পাৰেনে ?

কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰিল বিলাসী বাহন

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিঙিয়াত বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত এখন তীব্ৰ বেগী বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰি পৰে।

উল্লেখ্য যে যোৰহাট টিয়কৰ পৰা এম এল ০৫ আৰ ৬৬৪৮ নম্বৰ হোণ্ডাই আই ২০ বাহনখনেৰে ৰাতুল মিলিৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটো কৰ্মসূত্ৰে শ্বিলংঙলৈ  গৈ থকা অৱস্থাত কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত গাড়ীখন বাগৰি পৰে । দুৰ্ঘটনাটোত চালক সহ আৰোহী কেইজন ৰক্ষা পৰে যদিও বাহনখন ভাঙি চুৰমাৰ হয়।পাছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ উদ্ধাৰ কৰে ৷

কমাৰগাঁৱৰ পানীদিঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰিল বিলাসী বাহন

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিঙিয়াত বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত এখন তীব্ৰ বেগী বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত বাগৰি পৰে। উল্লেখ্য যে যোৰহাট টিয়কৰ পৰা এম এল ০৫ আৰ ৬৬৪৮ নম্বৰ হোণ্ডাই আই ২০ বাহনখনেৰে ৰাতুল মিলিৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটো কৰ্মসূত্ৰে শ্বিলংঙলৈ  গৈ থাকাা অবস্থাত কমাৰগাঁৱৰ পানীদিঙিয়াত  নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত গাড়ীখন বাগৰি পৰে । দুৰ্ঘটনাটোত চালক সহ আৰোহী কেইজন   আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰে যদিও বাহনখন ভাঙি চুৰমাৰ হয়।পাছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ উদ্ধাৰ কৰে৷

আজিও নিয়মীয়া নহল ৰাজ্যৰ ৬০০ কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি

ৰাজ্য চৰকাৰে শেহতীয়াকৈ বহু সংখ্যক বিদ্যালয় প্ৰাদেশিকৰন আৰু হেজাৰ হেজাৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অন্যান্য কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰিলে যদিও ৰাজ্যৰ ৮১ খন কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ ৬০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীৰ চাকৰি নিয়মীয়া নকৰাত এতিয়া স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে শিক্ষক কৰ্মচাৰী সকলে। বছৰ বছৰ ধৰি এই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় সমূহ প্ৰদেশীকৰন কৰা আৰু চাকৰি সমূহ নিয়মীয়া কৰাৰ বাবে চৰকাৰক বিভিন্ন পদ্ধতিৰে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ চাকৰিৰৰ নিৰাপত্তাৰ দিশটোত চৰকাৰে কোনো গুৰুত্ব অৱলম্বন নকৰাত ক্ষুব্ধ পৰিছে শিক্ষক শিক্ষয়িত্ৰী সকলে। উল্লেখযোগ্য যে কেইদিন মান  পূৰ্বেও এই সকল শিক্ষক শিক্ষয়িত্ৰীয়ে গুৱাহাটীস্থ সৰ্ব শিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্য্যালয়ৰ সন্মুখত  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নো কৰিছিল। সঞ্চালক গৰাকীয়ে সন্থাক শীঘ্ৰে তেওঁলোকৰ চাকৰিৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছিল বুলি জানিব দিয়ে সন্থাৰ সভাপতি তথা মুকালমুৱাৰ কালদী স্থিত কস্তুৰবা গান্ধী আবাসীক বিদ্যালয়ৰ ৱাৰ্ডেন নীলিমা বেগমে। ইফালে তেখেতে সাংবাদিকক জানিব দিয়া মতে, আবাসীক বিদ্যালয় সমূহত দিনে নিশাই কাম কৰা এই সকল শিক্ষক শিক্ষয়ত্ৰীৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰা, বিদ্যালয় সমূহত খালি হৈ থকা পদ সমূহ পূৰ কৰা আৰু সপ্তম দৰমহা আয়োগৰ ভিত্তিত তেওঁলোক দৰমহা প্ৰদান কৰাৰ বাবে তেওলোকে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছে।

কা বলবৎ নহওঁতেই নাজিৰাত বাঙালী ভাষাত চিঠি বিতৰণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া

অসমৰ জাতি, মাটি, ভেটি আৰু সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সমগ্ৰ অসমতে বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বত প্ৰতিবাদ চলি থকাৰ সময়তে অসমৰ ভূমিত জন্ম গ্ৰহণ কৰি অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণৰ পিছত নাজিৰাৰ দুখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা এটা বিশেষ  সম্প্ৰদায়ৰ এহাল দম্পতীয়ে নিজৰ একমাত্ৰ কন্যাৰ বিয়াৰ চিঠি বাংলা ভাষাত  বিতৰণ কৰাক লৈ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷  যাৰ বাবে বহু জাত্যভিমানী অসমীয়া লোকে যোৱা ১৪ ফেব্ৰুৱাৰীত নাজিৰাৰ নাট্য মন্দিৰত অনুষ্ঠিত  হোৱা উক্ত বিবাহ  বৰ্জন কৰাৰ লগতে নিজ গৃহতেই অসমীয়া ভাষাক অৱহেলা কৰা  শিক্ষক দম্পতীৰ এনে ধিক্কাৰ জনক কাৰ্যক গৰিহণা দিছে ৷

সৰভোগত শ্বহীদৰ স্মৃতিত আধুনিক শিশু উদ্যান মুকলি

অসম আন্দোলনৰ দুই শ্বহীদ অমিয় নাথ আৰু হৰপতি তালুকদাৰৰ আজি স্মৃতি দিৱসৰ দিনটোতে তেওঁলোকৰ সোৱৰণত সৰভোগৰ নিজদমকা গাঁৱত স্থাপন কৰা আধুনিক শিশু উদ্যান এখন বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। এই উপলক্ষে দিয়া উদ্ধোধনী ভাষণত তেওঁ কয় যে সৰভোগ বিধান সভা সমষ্টিত এনে ধৰণৰ আৰু এখন উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ উদ্যানখন ৰাজহুৱা সমিতিৰ দ্বাৰা পৰিচালনা কৰা হব বুলি জানিবলৈ দি ইয়াক বৰ্তাই ৰখাৰ স্বাৰ্থত ৰাইজৰ পূৰ্ণ সহযোগ কামনা কৰে। ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ ১.৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উদ্যানখনেই বৰপেটা জিলাৰ ভিতৰতে এই ধৰণৰ প্ৰথমখন আধুনিক উদ্যান হিচাপে পৰিগণিত হৈছে। বৰপেটা চহৰৰ মাজমজিয়াতে থকা মিলেনিয়াম পাৰ্কখনো নিৰ্মাণ কৰি উলিওৱাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু স্থানীয় বিশিষ্ট শিল্পী ভৱানন্দ দাস পাঠকে আতঁধৰা সভাখনৰ আৰম্ভণীতে উদ্দ্যেশ্যে ব্যাখ্যা কৰে বৰনগৰ ৰাজহ চক্ৰৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে। অনুষ্ঠানৰ আৰম্ভণীতে শ্বহীদ দুগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে শ্বহীদ ভাতৃ জয়ন্ত নাথ আৰু বসন্ত তালুকদাৰে। অনুষ্ঠানত শ্বহীদ হৰপতি তালুকদাৰৰ মাতৃ মনোমতী তালুকদাৰো উপস্থিত থাকে। সৰভোগ চহৰৰ গাতে লগা নিজদমকা গাঁৱৰ ৪ বিঘা একঠা মাটিত স্থাপন কৰা এই উদ্যানখনত পুতলা ৰেলকে আদি কৰি শিশু উপযোগী নানান খেল-ধেমালিৰ সামগ্ৰী স্থাপন কৰা হৈছে। ভৱিষ্যতে ইয়াত নৌকাচালনাৰো ব্যৱস্থা কৰা হব বুলি জানিব পৰা গৈছে।

মৈৰাবাৰী কলেজত কবিতাৰ ভাষা বিষয়ক বক্তৃতানুষ্ঠান

মৰিগাওঁ জিলাৰ মৈৰাবাৰী কলেজত “ New Criticism, Russian Formalism and the Language of Poetry” (নতুন সমালোচনা, ৰুছীয় ৰূপবাদ আৰু কবিতাৰ ভাষা) শীৰ্ষক এটি মনোজ্ঞ বক্তৃতানুষ্ঠান যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যায় ।

মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাদিকুল ইছলামে নিৰ্দিষ্ট বক্তাৰ ভাষণত কবিতাৰ ভাষাৰ স্বৰূপ তথা প্ৰাচ্য আৰু পাশ্চাত্য বৌদ্ধিক ইতিহাসত  কবিতাৰ ভাষাৰ বিষয়ে হোৱা বিভিন্ন আলোচনাৰ বিষয়ে সম্যক আভাস দাঙি ধৰে। তেওঁ কয় যে বিংশ শতাব্দীৰ প্ৰথম কেইদশকমানত এজৰা পাউন্ড,  টি, এছ, এলিয়্ট,  আই, এ, ৰিচাৰ্ডচ আদি তাত্বিকৰ দ্বাৰা প্ৰভাৱিত হৈ  বিশেষকৈ আমেৰিকান সমালোচনা জগতত ‘নতুন সমালোচক’ নামেৰে পৰিচিতি লাভ কৰা জন ক্ৰ’ ৰেনছম, উইলিয়াম এম্পছন, ক্লীন্থ ব্ৰুকচ, ৰবাৰ্ট পেন ওৱাৰেণ, আৰ, পি ব্লেকমুৰ, এলেন টেইট আদিয়ে কাব্য ভাষাৰ স্বৰূপ সম্পৰ্কে ভালেমান মৌলিক ধাৰণা আগবঢ়াইছিল । ইংগ-মাৰ্কিন নতুন সমালোচনাৰ প্ৰায় সমান্তৰালকৈ ছোভিয়েত ৰাছিয়াত  কাব্যিক ভাষাৰ প্ৰণালীৱদ্ধ গৱেষণাৰ বাবে ভিক্টৰ শ্লাভস্কি, ৰোমান য়াকবছন, বৰিছ এইখেনবাউম আদিৰ নেতৃত্বত গঠিত হোৱা ‘কাব্যিক ভাষা গৱেষণা সমাজ’ এও  কবিতাৰ ভাষাৰ বিষয়ে গুৰুত্বপূৰ্ণ তাত্বিক আলোচনা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ‘নতুন সমালোচনা’ আৰু ‘ৰুছীয় ৰূপবাদ’ৰ বিভিন্ন দূৰ্বলতা ধৰা পৰিলেও সাহিত্যৰ বিশেষকৈ কবিতাৰ ভাষাৰ স্বকীয় স্বৰূপ সম্পৰ্কে উক্ত ধাৰা দুটাই সৃষ্টি কৰা ধাৰণাসমূহ এতিয়াও প্ৰাসংগিক। তেওঁ কয় যে আধুনিক কাব্যচিন্তাত স্বপ্নচাৰিতা গ্ৰহণযোগ্য নহয়। কবিতাৰ সৃষ্টিৰ বাবে সচেতন মনোনিৱেশৰ প্ৰয়োজন। কাব্যিক ভাষাৰ চৰিত্ৰ সঠিকভাৱে অনুধাৱন কৰা আৰু  ইয়াৰ সঠিক প্ৰয়োগৰ দ্বাৰাহে ৰসোত্তীৰ্ণ কবিতাৰ সৃষ্টি সম্ভৱ।  ইয়াৰ বাবে কবিতাৰ চৰ্চা কৰাসকল অধ্যয়নশীল হোৱাটো বাঞ্ছ্নীয়। মহাবিদ্যালয়ৰ Student  Support and Progression Cellএ আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে Cellৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ ময়িদুল ইছলামে আৰু শলাগৰ শৰাই  আগবঢ়ায় Internal Quality Assurance Cellৰ  সমন্বয়ক অধ্যাপক দলিল উদ্দিন আহমেদে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ছামছুদ্দিন আহমেদকে ধৰি বিভিন্ন বিভাগৰ অধ্যাপক- অধ্যাপিকা তথা শতাধিক ছাত্ৰ-ছাত্ৰী অনুষ্ঠানটিত উপস্থিত থাকে।

অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত-সম্বন্বয় স্পৰ্টচ একাডেমীৰ উদ্যোগত লাইপুলিত দুদিনীয়াকৈ গ্ৰাম্য ক্ৰীড়াৰ আয়োজন

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ পৃষ্ঠপোষকতাত , সম্বন্বয় স্পৰ্টচ একাডেমীৰ উদ্যোগত আৰু  অসম জাতীয়তাবাদী যুৱ পৰিষদ, বৃহত্তৰ লাইপুলি- ডিমৰুগুৰী  গাঁওবাসীৰ সহযোগত লাইপুলি ইণ্ডিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ  খেলপথাৰত ১৮ আৰু ১৯ ফ্ৰেব্ৰুৱাৰীত দুদিনীয়াকৈ  এখনি গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি চলিছে । এই কথা সদৰী কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল নেওগে । ইতিমধ্যে গণেশ ৰাজখোৱাক সভাপতি আৰু মৃত্যুঞ্জয় বুঢ়াগোহাঁইক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতিও গঠন কৰিছে। সমাৰোহৰ দুদিনীয়া কাৰ্যসূচী অনুসৰি  প্ৰথম দিনা পূৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰাৰ পিছতে ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ শৰৎ দাসে  সমাৰোহৰ অলিম্পিক শিখা প্ৰজ্বলন কৰিব ৷ ইয়াৰ পিছতে শিক্ষাবিদ তৰুণ ৰাজখোৱাই প্ৰতিযোগিতা শুভাৰম্ভ কৰিব । তাৰ পাছতে পৰ্যায়ক্ৰমে  ১০০ ,২০০ মিটাৰ দৌৰ, লংজাম্প, চটপুট, ডিচকাচ থ্ৰ,জেভেলিন থ্ৰ ,  আদি প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ সমাৰোহৰ দ্বিতীয় দিনা পুৱা  ৫ বজাত  অনুষ্ঠিত হ’ব  মাৰাথন দৌৰ প্ৰতিযোগিতা ৷  পূৱা ৯ বজাৰ পৰা ৮০০ ,৪০০ মিটাৰ দৌৰ আৰু হাই জাম্প প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।আবেলি ৩ বজাত শিক্ষক , কবি অমৃত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা  মুকলি আৰু বঁটা বিতৰণী সভাত বহুকেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে । উক্ত সভাতে সমাৰোহৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰিব আয়োজক সমিতিয়ে। 

লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুপগুৰী গাওঁ পঞ্চায়তত PMAYG গৃহৰ নামত ব্যাপক দুৰ্নীতি

লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুপগুৰি গাওঁ পঞ্চায়তত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি । দুবছৰ পূৰ্বে সংশ্লিষ্ট গাওঁ পঞ্চায়তটোৰ বিশেষভাৱে সক্ষম কৰিমন নেছা নামৰ মহিলাগৰাকীয়ে লাভ কৰিছিল এটি PMAYG গৃহ । গৃহটোৰ নিৰ্মাণৰ কামৰ দায়িত্ব সংশ্লিষ্ট গাওঁ পঞ্চায়তটোৰ সভাপতি মস্তোফা আহমেদে লৈ অৰ্ধ নিৰ্মিত অৱস্থাতে নিজৰ দ্বায়িত্ব সামৰে । দৰিদ্ৰ হিতাধিকাৰী মহিলাগৰাকীৰ পৰা চক্ৰান্ত কৰি কৌশলৰে ATM কাৰ্ড , বেংক পাচবুক সংগ্ৰহ কৰি বাকী সম্পূৰ্ণ ধন আত্মসাৎ কৰে সভাপতিগৰাকীয়ে ।

গৃহটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ হিতাধিকাৰী মহিলা গৰাকীয়ে সভাপতিজনক কলে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অসহায় মহিলাগৰাকীয়ে । ইফালে দৰিদ্ৰ মহিলাগৰাকীৰ গৃহৰ ধন আত্মসাৎ কৰা সভাপতিজনৰ বিৰুদ্ধে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে । লগতে গাওঁ পঞ্চায়তটোত এক তদন্তৰ দাবী জনায় স্থানীয়লোকে  ।এতিয়া প্ৰশ্ন হয় শাৰীৰিক ভাৱে বিশেষ সক্ষম মহিলাৰ নামত আৱণ্টিত গৃহৰ ধন আত্মসাৎৰ অভিযোগ উখাপন কৰা পঞ্চায়তটো সভাপতি বিৰুদ্ধে শ্লংলিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে, সেইয়া হৱ লক্ষণীয় ?