২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব । এই দাবী অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ । সেয়ে পুনৰ একেলগে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ন হব বুলি উল্লেখ কৰে কমলপুৰ সমষ্টীৰ বিধায়ক সত্যব্ৰত কলিতাই । কমলপুৰ সমষ্টীৰ বোৰ্কা খেল পথাৰত ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি এই কথা ব্যক্ত কৰে । আগন্তুক নিৰ্বাচনত অগপই কিমান আসন বিচাৰিব বুলি সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত অগপই ৪০টা আসনত খুব সক্ৰিয়ভাবে কাম কৰি আছে বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে । মৰিগাওত অগপৰ স্থিতি শক্তিশালী যদিও তিৱা জনগোষ্ঠীটোৰ আশা আকাংশা পূৰনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বাবে তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত অগপৰ আসন কমকৈ দিয়াৰ কথা উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।
ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ জিলা সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰে ১৯৮৭ চনৰ ১৬ মাৰ্চত সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনটো । গুৱাহাটীৰ পিছতে অসমৰ দ্বিতীয় বৃহত সংগ্ৰহালয়টো ৩৪৩.৪১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “এই সংগ্ৰহালয়টোৱে পৰ্যটকৰ লগতে ছাত্ৰ ছাত্ৰী, গৱেষকসকলক যথেষ্ট সহায় কৰিব”।
জিলা সংগ্ৰহালয়টোত শতাধিক জনজাতীয় নৃতাত্বিক সমল, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰমূল্যৰ সামগ্ৰী যেনে প্ৰস্তৰ মূৰ্ত , পোৰামাটিৰ টুকুৰা, তুলাপাত , সাঁঁচিপাতৰ পুথি, ঐতিহাসিক মুদ্ৰা, মুখা, বিভিন্ন জাতি জনগোষ্ঠীৰ বস্ত্ৰ, অস্ত্ৰ শস্ত্ৰ , বৌদ্ধ ধৰ্মীয় সামগ্ৰী, কাঠত খোদিত পৌৰাণিক শিল্পজাত সামগ্ৰী আদি সংগৃহীত হৈ আছে।
উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱাকে আদি কৰিবহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
পোনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য
আজিৰে মহঙা হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰ । চৰকাৰী তৈল কোম্পানীসমূহে পোনৰ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য । চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি গেছ চিলিণ্ডাৰত ৫০টকাকৈ বৃদ্ধি কৰিলে মূল্য। LPG Gas Cylinderৰ নতুন মূল্য ২ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা বলৱৎ হৈছে। এই মূল্যবৃদ্ধিৰ ফলত দেশৰ ৰাজধানীত ঘৰুৱা ৰন্ধন গেছৰ দাম ৬৪৪টকা হৈছে । উল্লেখ্য যে, ১ ডিচেম্বৰত অইল মাৰ্কেটিং কোম্পানীসমূহে কমাৰ্চিয়েল ৰেটচ বৃদ্ধি কৰিছিল। ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ৫৫ টকা বাঢ়িছিল।
সমুখত নিৰ্বাচন : কোকৰাঝাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলী
বিটিচি নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী । সকলো দলে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু গুলী । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অস্ত্ৰ খিনি । নিৰ্বাচিত কুটাঘাত মূলক ঘটনা সংঘটিত কৰিবলৈ অস্ত্ৰ খিনি লুকুৱাই ৰখা হৈছিল বুলি জনসাধাৰণে সন্দেহ প্ৰকাশ কৰিছে ।
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে জানিব দিয়া মতে, সোমবাৰৰ মাজনিশা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেৰ্তৃত্বত আৰক্ষীৰ অভিযানকাৰী দলে এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বাথৌগুৰী গাঁৱত অভিযান চলায় ।
উক্ত অভিযানকালত এটা পুখুৰীৰ পাৰত গোপেন লুকুৱাই ৰখাৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এটা একে ৪৭ ৰাইফল , ৭.৬২ এমএমৰ ২৯০ জাঁই সজীৱ গুলী , পইণ্ট ৩০৩ এমএমৰ ১৯ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
অৱশ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বাতৰি সংগ্ৰহ কৰা পৰলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত আছে বুলি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰিছে ।
অভিনেতা ছানি দেউল কৰোনা পজিটিভ
বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল কৰোনাত আক্ৰমণ । মঙ্গলবাৰে হিমাচলৰ স্থাস্থ্য সচিবে এইকথা প্ৰকাশ কৰে । অভিনেতাৰ লগতে ছানি দেউল ভাৰতীয় জনতা পাৰ্টীৰ গুৰদাসপুৰৰ সাংসদ । পাতলীয়া জ্বৰত ভোগাৰ বাবে অভিনেতা তথা সাংসদ গৰাকীৰ কৰোনা টেষ্ট কৰোঁ হয় আৰু ফলাফল পজিটিভ উলাই ।
মৰিগাঁও অগপ ত ব্যাপক খহনীয়া : কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ বহিঃপ্ৰকাশ
মৰিগাঁও, ১ডিচেম্বৰ : মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ মৰিগাঁও বিধান পৰিষদ সমিতিৰ লগতে ২১ খন আঞ্চলিক সমিতিয়ে আজি সমূহীয়া পদত্যাগ কৰে ৷ অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ কৰি আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত অগপৰ মৰিগাঁও বিধান পৰিষদৰ লগতে দলটোৰ ২১খন আঞ্চলিক সমিতিয়ে পদত্যাগ কৰাত মৰিগাঁৱত অগপৰ বেলি মাৰ যোৱাৰ উপক্ৰম হৈছে ৷ অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতি আস্থা হেৰুৱাই আজি মৰিগাঁও জিলাৰ মৰিগাঁও বিধান পৰিষদৰ লগতে যুৱ পৰিষদ, মহিলা পৰিষদ, ছাত্ৰ পৰিষদ আৰু ২১ খন আঞ্চলিক সমিতিয়ে দলৰ পৰা আনুষ্ঠানিক ভাৱে পদত্যাগ কৰে ৷ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত কেন্দ্ৰীয় সমিতি খনে স্বেচ্ছাচাৰী শাসন চলাই আহিছে ৷ আনহাতে মৰিগাঁও জিলাখনক কেন্দ্ৰীয় সমিতি খনে দীৰ্ঘদিনৰ পৰা মাহীআই দৃষ্টিৰে চাই আহিছে বুলি অভিযোগ মৰিগাঁও বিধান পৰিষদৰ নেতৃত্বৰ ৷ আনহাতে বছৰ বছৰ ধৰি মৰিগাঁও সমষ্টিতোক প্ৰতিটো নিৰ্বাচনতে প্ৰতাৰণা কৰি আন আন দলক এৰি দি অহাৰ পিছত এইবাৰ ২১ৰ বিধান সভা নিৰ্বাচনত অগপৰ কেন্দ্ৰীয় সম্পাদক বানী দাসক মৰিগাঁও সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও শেহতীয়াকৈ এই প্ৰতিশ্ৰুতি বাতিল কৰি আন দলৰ প্ৰাৰ্থীক পুনৰ সমষ্টি এৰি দিয়াত জিলা নেতৃত্ব আৰু তৃণমূল কৰ্মী সকলৰ মাজত ক্ষোভৰ উদগীৰণ হয় ৷ যাৰ পৰিণতিত আজি সকলোৱে সমূহীয়া ভাৱে দলৰ পৰা পদত্যাগ কৰে ৷আনহাতে অগপৰ মৰিগাঁও জিলা সমিতিৰ কেইবাজনো নেতাই অচিৰেই অগপৰ পৰা পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে ।মৰিগাঁও বিধান সভা সমষ্টি ত অগপ দলৰ শক্তিশালী ভেটি আছিল যদিও অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ ভূল সীদ্ধান্তৰ বাবেই দলটো মৰিগাঁৱত নিঃশেষ হোৱাৰ উপক্ৰম হৈ পৰে । এনে পৰিস্থিতিত অগপৰ নিষ্ঠাবান কৰ্মী সকলে বাধ্যত পৰি অগপ ত্যাগ কৰিব লগীয়া হোৱাত আক্ষেপ প্ৰকাশ কৰিছে সদ্য পদত্যাগী অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বাণী দাসে ।
নগাঁও সদৰ সমষ্টিত কেইবাটাও উন্নয়ন মূলক কামৰ শুভ উদ্ধোধন কৰিলে বিধায়ক ৰূপক শৰ্মাই
নগাঁও, ১ ডিচেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী গাঁও পঞ্চায়তত আজি দুটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি (SOPD)ৰ অধীনত ননৈ দক্ষিণপাট পথৰ পৰা বুঢ়াগোঁহাই থানলৈ যোৱা পথটোৰ আজি শুভাৰম্ভ কৰা হয়। লগতে অসম দৰ্শন আঁচনিৰ অধীনত বুঢ়াগোঁহাই থান সংলগ্ন পথ আৰু এটি জিৰণী চ’ৰাৰো আজি শুভ উদ্ধোধন কৰা হয়।ইয়াৰোপৰি বিধায়ক এলেকা উন্নয়ন পূঁজিৰ দ্বাৰা নিৰ্মিত নামতি গছতল বুঢ়াগোঁহাই থানৰ মুকলি মঞ্চ ভাগৰো আজি শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই।আজি উন্নয়ন মূলক আঁচনি সমূহৰ শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কয় যে আমাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে।বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে।লগতে তেওঁ কয় আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব ।অনুষ্ঠান সমূহত তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি,আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰমুখ্যে পঞ্চায়তৰ কৰ্মকতা আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।

চতুৰ্থ জাপানীজ চলচিত্ৰ মহোৎসৱ
মৰিগাঁও, ১ ডিচেম্বৰ : অহা ৪ ডিচেম্বৰ ২০২০ ইং তাৰিখৰ পৰা ১৩ ডিচেম্বৰ ২০২০ ইং তাৰিখলৈ জাপান ফাউণ্ডেশ্যনে চতুৰ্থ চলচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ যো-জা চলাইছে । এইবেলি এই চলচিত্ৰ মহোৎসৱ সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু অন লাইন যোগে প্ৰদৰ্শন কৰা হব । ভাৰতত মহোৎসৱটোৰ চতুৰ্থ সংস্কৰণত বিভিন্ন কলা আৰু বিষয় ধাৰাৰ ওপৰত ৩০ টা নিৰ্বাচিত বঁটা বিজয়ী চিনেমাৰ এক বিস্তাৰিত তালিকা আছে । এই বিষয়ে অধিক তথ্য জানিবৰ বাবে https://www.jpf.go.jp/e/index.html অথবা https://www.jfindia.org.in/ এই ওৱেব চাইটত চাব পাৰিব । নাইবা Anasua Mitra | Avian We | M: +917838236770 | Email ID : anasua@avianwe.com, আৰু Lakshita Arora | Avian We | M: +91886001204 | Email ID: lakshitaarora@avianwe.com এই ঠিকনাত যোগাযোগ কৰিব পাৰে । এই তথ্য জিলা তথ্য আৰু জনসংযোগ বিষয়া মৰিগাঁও জানিব দিয়ে।
নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা : আটক হল বেংক ডকাইত
নলবাৰী, ০১ ডিচেম্বৰ : নলবাৰী অময়াপুৰত যোৱা ২০নৱেম্বৰত পাঞ্জাৱ নেচনেল বেংকত সংঘটিত হোৱা বেংক ডকাইটিৰ এজন মুখ্য অভিযুক্তক যোৱা নিশা নলবাৰী উপ আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ সদৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত শুৱালকুচিৰ ৰৌমাৰিৰ পৰা খেদি খেদি আটক কৰে। অভিযুক্তৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু নগদ ৫০হাজাৰ টকা জব্দ কৰে। বৰ্তমান নলবাৰী সদৰ আৰক্ষী থানাত অভিযুক্তক জেৰা অব্যাহত ৰাখিছে । অভিযুক্ত জনৰ নাম ছায়েড আলি।
অসমলৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত
অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে অসমলৈ আহি আছে আৰ এছ এছ প্ৰধান মোহন ভাগৱত । আজি অসম পাব আৰ এছ এছ প্ৰধান গৰাকী । ক্ষন্তেক সময়ৰ পিছতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’বহি মোহন ভাগৱত ।
১০ দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ অহা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ মূল উদ্দেশ্য অঞ্চলটোৰ সাংগঠনিক দিশ সুদৃঢ় কৰা ।
২ আৰু ৩ ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন সাংগঠনিক বৈঠকত মিলিত হ’ব আৰ এছ এছ প্ৰধান মোহন ভাগৱত ।
৪ ডিচেম্বৰত অৰুণাচল প্ৰদেশলৈ যাব আৰ এছ এছ প্ৰধান গৰাকী । ৪ ৰ পৰা ৭ ডিচেম্বৰলৈ অৰুণাচলত থাকিব মোহন ভাগৱত ।
৮ ডিচেম্বৰৰ বিয়লি পুনৰ গুৱাহাটীত উপস্থিত হ’বহি আৰ এছ এছ প্ৰধান গৰাকী ।
৯ ৰ পৰা ১১ ডিচেম্বৰলৈ গুৱাহাটীত থাকি ১২ ডিচেম্বৰত নাগপুৰলৈ উভতিব মোহন ভাগৱত ।











