Home Blog Page 3119

হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

হোজাই, ২ ডিচেম্বৰ: মঙ্গলবাৰে হোজাই ধনুৱাৰ বস্তি কমিউনিটি হলত বিশ্ব এইডছ দিৱস পালন কৰা হয়। হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত পৰিয়াল শক্তিশালীকৰণ, এইছআইভি তথা সম্পর্কিত ৰোগ সম্পর্কে সচেতনতা জগাই তোলাৰ উদ্দেশে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। পৰিয়াল শক্তিশালীকৰণ কৰাৰ উদ্দেশে হোজাইৰ শিশু গাওঁৰ কৰ্মকৰ্তা সকলে চহৰৰ আতঁৰত এই অনুষ্ঠানৰ আয়োজন কৰে। বর্তমানে হোজাই পৰিয়াল শক্তিশালীকৰণ কর্মসূচী পাঁচটা সম্প্রদায়ৰ প্ৰায় ৮০০ জন লোকৰ সতে কাম কৰি আছে। সংস্থাটোৰ উদ্যোগত তথা হোজাই এফ আৰ ইউত সহযোগত এইছআইভি, এইচবি তথা অন্যান্য ৰোগ সম্পৰ্কীয় পৰীক্ষা কৰা হয়। কিশোৰ-কিশোৰী তথা অনান্য সকলৰ বাবে এই সচেতনতা জগোৱাৰ উদ্দেশে কৰা এই কাৰ্য্যসূচীত তৌফুল আহমেদ, ৰিপিদ দাস, সোমনাথ দে, নিৰঞ্জন দাস আদিয়ে অনুষ্ঠানৰ বিষয়ে মন্তব্য আগবঢ়ায়। চৰকাৰৰ কোভিড প্ৰটকল অনুযায়ী কাৰ্য্যসূচীৰ সফল ৰূপায়ন কৰা হয়।

বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ সমৰ্থন দেশৰ কৃষক আন্দোলনলৈ

দেশত চলি থকা কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে ভাৰতৰ বিখ্যাত টিভি কমেডিয়ান কপিল শৰ্মাই।কপিল শৰ্মাই কালি এটা টুইটযোগে কৃষক আন্দোলনলৈ সমৰ্থন জনায় কয় যে –

‘এনেকুৱা কোনো সমস্যা নাই যাৰ সমাধান আলোচনাৰ মাজেৰে কৰিব নোৱাৰি। দেশৰ কৃষকৰ সমস্যাৰো সমাধান কৰিব লাগে আলোচনাৰ মাজেৰে। ইয়াত কোনো ৰাজনৈতিক ৰহণ সানিবলৈ যোৱা অনুচিত। আমি দেশৰ কৃষকৰ লগত আছোঁ, কিয়নো তেওঁলোক আমাৰ অন্নদাতা।’

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা হাইস্কুল শিক্ষক সন্থাৰ শিক্ষক ভৱনত শতাধিক লোকৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লেখিকা সন্থাৰ মঙ্গলদৈ শাখাৰ সম্পাদিকা মীৰা দত্ত চৌধুৰীয়ে আঁতধৰা এই অনুষ্ঠানত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । অসম লেখিকা সংস্থাৰ তৰফৰ পৰা বিন্দু কলিতা ৰাজবংশীৰ “কাব্য সুবাস” মঙলদৈৰ বিশিষ্ট চিকিৎসক ও সাহিত্যিক ডাঃ ৰমাকান্ত বৰাৰ “শৈশৱ আৰু কৈশোৰৰ ৰহঘৰা” শেৱালি বৰঠাকুৰ গোস্বামীৰ “অস্তমিত” আৰু অমিয় দত্তৰ “প্ৰয়াস”। ইয়াৰ সমান্তৰাল ভাৱে এই সভাতেই কেইগৰাকীমান কৃতি ছাত্ৰীক সম্বৰ্দ্ধনা জনাই।


এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মনি শৰ্মা শাস্ত্ৰী, সভাত ডাঃ ৰমাকান্ত বৰা ,দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, সভাপতি শৈলেন কুমাৰ ৰাজবংশী, উপ-সভাপনেত্ৰী বৰদা শইকীয়াও বক্তব্য প্ৰদান কৰে।

আহি আছে কৰোনা ভেকচিন, কিন্তু কেতিয়া ?

সমগ্ৰ বিশ্বতে এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ ১৮০ খন দেশৰ লগতে ভাৰতেও অপেক্ষা কৰি আছে কৰোনাৰ ভেকচিনৰ বাবে । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ কৰোনা ভেকচিনক । দেশখনৰ Medicines and Healthcare Products Regulatory Authority য়ে জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভেকচিনক স্বীকৃতি প্ৰদান কৰিছে ।

‘কৰ’নাৰ ভেকচিন সকলোৰে বাবে নহয়।’ প্ৰথম পৰ্যায়ত দেশৰ কৰ’না যোদ্ধা, বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ’ব এই ভেকচিন। অৱশ্যে দেশৰ সকলো জনসাধাৰণৰ বাবে কেতিয়ালৈ কৰ’নাৰ এই ভেকচিন প্ৰস্তুত হ’ব এই সন্দৰ্ভত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, ‘সমগ্ৰ দেশৰ বাবে চৰকাৰে টীকাকৰণৰ কথা কেতিয়াও কোৱা নাই।’

আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ বঙাইগাও জিলাৰ সাধাৰণ সম্পাদক মৃদুল দাসক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ হিন্দু ক্ৰান্তি দলৰ

নলবাৰী,২ ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ বঙাইগাও জিলাৰ সাধাৰণ সম্পাদক মৃদুল দাসক বঙাইগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰাৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । হিন্দু ক্ৰান্তি দলৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে প্ৰকাশ কৰে যে, বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰি কেৱল নিজৰ স্থিতি সবল কৰাৰ স্বাৰ্থত একাংশ ইছলামিক অপশক্তিয়ে সাধৰন ৰাইজক জুৰুলা জুৰুল কৰাৰ সময়তে অসমতো ইয়াৰ প্ৰভাৱ যথেষ্ট ভাৱে বৃদ্ধি হৈছে । যাৰ পৰিণতিত অসমীয়া নাৰী নিৰ্যাতন,জনসংখ্যা বিষ্ফোৰন হোৱাত পৰিলক্ষিত হৈছে । এই সমস্যা সন্দৰ্ভত মাত দিয়াৰ বাবে  আন্তঃৰাষ্ট্ৰীয় বজৰংগ দলৰ বঙাইগাও জিলাৰ সাধাৰণ সম্পাদক মৃদুল দাসক যোৱা কালি আৰক্ষীয়ে গেপ্তাৰ কৰে ।এই গেপ্তাৰক হিন্দু ক্ৰান্তি দলে  নিন্দা কৰাৰ লগতে তীব্ৰ গৰিহনা প্ৰকাশ কৰে । লগতে অতি শীঘ্ৰে দাসক মুকলি কৰিবলৈ দাবী জনায় হিন্দু ক্ৰান্তি দল অসমে । হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে সমগ্ৰ অসমতে অসমীয়া লোক নিজৰ অস্তিত্বৰ কাৰনে চিন্তাত মগ্ন হৈ পৰিছে কিয়নো অসমত নাই কোনো লাভ জেহাদৰ কঠোৰ আইন নাই কোনো জন্ম নিয়ন্ত্ৰন আইন।যাৰ পৰিণতিত একাংশ ইছলামিক শক্তিয়ে নিজৰ মুনফা আদায়ৰ স্বাৰ্থত দৈনিক নাৰী নিৰ্যাতন আৰু জন্ম হাৰ বৃদ্ধি।কিন্তু দুখজনক বিষয় এই ক্ষেত্ৰত অসম চৰকাৰে কোনো গুৰত্ব পূৰ্ণ ভূমিকা নকৰাৰ ফলতে দিনে দিনে বহুতো নাৰী সতিত্ব হেৰুৱা পৰিলক্ষিত হৈছে।সেয়েহে হিন্দু ক্ৰান্তি দলৰ চৰকাৰলৈ দাবী জনাই যে, অসমত জনসংখ্যা নিয়ন্ত্ৰন আইন আৰু লাভ জেহাদৰ ওপৰত কঠোৰ আইন প্ৰণয়ন কৰিব লাগে ।

বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিটিচিত আহি ফটা ঢোল বজাই আছে : আছু

 টংলা, ২ ডিচেম্বৰ : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আগমন আনফালে “কা” বাতিল  আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত টংলাত আছু, যুৱ ছাত্রৰ তীব্র প্রতিবাদ। বুধবাৰে ওদালগুৰি জিলাৰ অন্যম আঞ্চলিক ছাত্র সন্থা টংলা আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ টংলা আঞ্চলিক সমিতিয়ে টংলা ষ্টেট বেংকৰ সন্মুখত অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, কা বাতিল কৰিব লাগিবই, বিজেপি গ’ বেক, হিমন্ত গ’ বেক,  আদি শ্লোগানেৰে মুখৰিত কৰি তোলে টংলাৰ আকাশ বতাহ। প্ৰতিবাদী অনুষ্ঠানত অংশগ্রহণ কৰি টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি তথা নব নির্বাচিত ওদালগুৰি জিলা ছাত্র সন্থাৰ বিষয়ববীয়া প্ৰাঞ্জল ডেকাই কয় যে, বিজেপিয়ে যি নিৰ্বাচনী প্ৰচাৰৰ বাবে বিটিচিত আহি ফটা ঢোল বজাই আছে সেই ফটা ঢোল বজোৱা বন্ধ কৰক। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ যি অসমিয়া বিৰোধী স্থিতি আছিলে সেই কথা আমি পাহৰা নাই, আমাৰ বুকুত এতিয়াও জুই জ্বলি আছে। আজি যত হিমন্ত বিশ্ব শৰ্মাৰ আহিছে সেই স্থানৰ এজন আদিবাসী সম্ৰদায়ৰ তেজাল যুৱক ইশ্বৰ নায়ক শ্বহীদ হৈছিলে আৰু সেই ইশ্বৰ নায়কৰ জন্ম স্থানৰ পৰা আমি সকীয়াই দিব বিছাৰিছো যেতিয়াই বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব তেতিয়াই তীব্র প্ৰতিবাদৰ সন্মুখীন হব। প্ৰতিবাদী অনুষ্ঠানত ওদালগুৰি জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিষয়ববীয়া নিলয় চলিহা, টংলা আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰিংকু ডেকা, টংলা আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক চিন্তুমনি চক্ৰৱৰ্তীৰ লগতে অৰ্ধ শতাধিক সদস্য উপস্থিত থাকে।

লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

মদাৰখাত, ২ ডিচেম্বৰ : লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সাত ডিচেম্বৰত বেবেজীয়া, নিজ লাহোৱাল আৰু জাপিসজীয়া গাঁৱৰ ৰাইজৰ সহযোগত জাপিসজীয়া ৰাজহুৱা পেক্ষাগৃহত আয়োজন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসটি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ কনৌজ শইকীয়াক সভাপতি, বিপিন মেছক কাৰ্যকৰী সভাপতি আৰু প্ৰদীপ দাসক সম্পাদক হিচাপে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। দিনযোৰা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰিব প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই আৰু স্মৃতি তৰ্পণ কৰিব প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক লখিন্দৰ কুৰ্মীয়ে। অভ্যৰ্থনা সমিতিৰ সভাপতি কনৌজ শইকীয়াই বৃক্ষৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। অভ্যৰ্থনা সমিতিৰ সম্পাদক প্ৰদীপ দাসে মুকলি কুইজ আৰু মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাৰ উদ্বোধন কৰিব। আবেলিৰ অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত ভৱকান্ত কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব। ডিব্ৰুগড়ৰ বিশিষ্ট সংগীতজ্ঞ ড° দিলীপ ৰঞ্জন বৰঠাকুৰক এই বঁটা প্ৰদান কৰাৰ লগতে বিশিষ্ট বা‌ঁহীবাদক অশ্বিনী শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডা° নিৰ্মল কুমাৰ চাহেৱালা, নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° জ্যোতিপ্ৰসাদ শইকীয়াই অংশ গ্ৰহণ কৰিব। আমন্ত্ৰিত অতিথি ৰূপে দ্যা চেণ্টিনেল কাকতৰ জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকা, হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ দত্তৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ  ভৰালীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক লখিন্দৰ কুৰ্মীয়ে।

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বিলাসীপাৰা, ২ ডিচেম্বৰঃ নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ধুবুৰী জিলাতো বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা, কৃষক সভা, কৃষক মহাসভা,  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দ্দাবাদ, অমিত শ্বাহ গো বেক শ্বলো গানেৰে ২ ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ  কৰে, লগতে ইয়াৰ উপৰিও গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি অধিবক্তা শ্বাহনাছ হোসেন এই প্ৰতিবাদী অৱস্থান ধৰ্মঘাট কাৰ্যসূচী খনত অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাৱীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘাট

বিলাসীপাৰা, ২ ডিচেম্বৰ : নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা,কৃষক সভা, কৃষক মহাসভা, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দ্দাবাদ ধ্বনিৰে ২ ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইয়াৰ উপৰি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি অধিবক্তা শ্বাহনাছ হোসেন এই প্ৰতিবাদী অৱস্থান ধৰ্মঘাট কাৰ্যসূচী খনত অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।।

লাইকা- দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ সদিচ্ছা নাই চৰকাৰৰ ; ৫ নবেম্বৰত গণসমাবেশ

তিনিচুকীয়া ২ ডিচেম্বৰ : লাইকা-দধিয়াবাসীক পুনৰসংস্থাপন দিয়াৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে লাইকা-দধিয়াবাসীক চূড়ান্ত প্ৰতাৰণা কৰি আহিছে । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণতো চৰকাৰখনৰ কোনো সদিচ্ছা নাই । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টাকাম মিচিং পৰিণ কেবাং, মিচিং মিমেক কেবাং আৰু টাকাম মিচিং মিমেক কেবাঙে । আজি তিনিচুকীয়া প্ৰেছ ক্লাবত আহ্বান জনোৱা এক সংবাদমেলত খিলঞ্জীয়া মিচিং জনজাতিৰ এই কেইটা সংগঠনৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে লাইকা-দধিয়া পুনৰ সংস্থাপন দাবী সমিতিয়ে সোণোৱাল চৰকাৰক চোকা সমালোচনা কৰি লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ নামত চৰকাৰখনে কেৱল প্ৰতাৰণা কৰি আহিছে বুলি ক্ষোভ উজাৰে । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণ আৰু লাইকা দধিয়াবাসীক পুনৰসংস্থাপনৰ ওপৰত আহ্বান জনোৱা এই যৌথ সংবাদমেলত টি এম পি কেৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অনুপ পাংগিঙে কয় যে বিগত ১৯৯৯ চনৰ পৰা ২১ বছৰ ধৰি লাইকা-দধিয়াবাসীয়ে পুনৰ সংস্থাপনৰ দাবীত ৰাজ্য চৰকাৰক বহুবাৰ আবেদন-নিবেদন কৰাৰ সমান্তৰালকৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি অাহিছে যদিও কোনো এখন চৰকাৰে লাইকা-দধিয়াবাসীৰ মৰ্মবেদনা উপলব্ধি নকৰিলে । ফলত প্ৰতিটো বানত সৰ্বশ্ৰান্ত হৈ এক দুৰ্বিসহ জীৱন-যাপন কৰিবলৈ বাধ্য হৈ আহিছে লাইকা-দধিয়াবাসী । পৰিৱৰ্তনৰ শ্ল’গানেৰে গাদী দখল কৰা সোণোৱাল চৰকাৰৰ ওপৰত আস্থা ৰাখি বুকুত বহু আশা বান্ধি তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাষ চাপিছিল আৰু সেইমৰ্মেই মুখ্যমন্ত্ৰীজনাই অচিৰেই লাইকা-দধিয়াবাসীক পুনৰসংস্থাপন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কথামতেই চৰকাৰখনে প্ৰথমখন বাজেট অধিৱেশনতেই লাইকা-দধিয়াবাসীক পুনৰসংস্থাপনৰ বিপৰীতে ১০ কোটি টকাৰ আবন্টনৰ কথা ঘোষণা কৰিছিল । পিচে সেই ঘোষণা ঘোষণাতেই ৰ’ল । পুনৰসংস্থাপন কৰা নহ’ল লাইকা-দধিয়াবাসীক । ইয়াৰ পিছতো চৰকাৰখনৰ লগতে বন বিভাগে বিভিন্ন ঠাইত পুন:সংস্থাপনৰ বিবেচনা কৰি সদৌ শেষত ডিগবৈ বন সংমণ্ডলৰ আপাৰ দিহিং বনাঞ্চলৰ ঔগুৰিত ৪৭০ হেক্টৰ পতিত ভূমিত লাইকা-দধিয়াবাসীক সংস্থাপিত কৰাৰ লক্ষ্যেৰে পৰিয়ালৰ জৰীপ কাৰ্যও সমাপন কৰিছিল যদিও শেহতীয়াকৈ যোৱা দুদিনৰ পূৰ্বে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে লাইকা-দধিয়াত উপস্থিত হৈ ঔগুৰিত সংস্থাপিত কৰিলে সাত হেজাৰ গছ কাটিব লাগিব বুলি উল্লেখ কৰি একপ্ৰৰকাৰে ঔগুৰিত লাইকা-দধিয়াবাসীৰ সংস্থাপন সম্ভৱ নহ’ব বুলিয়েই ইংগিত দিয়ে । চৰকাৰ তথা বন বিভাগৰ এনে দুমুখীয়া নীতিৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লাইকা-দধিয়াবাসীৰ লগতে মিচিং জনগোষ্ঠীৰ কেউটা সংগঠন । চলিত মাহৰ ভিতৰতে লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিবলৈ সজোৰ দাবী তুলিছে সংগঠনকেইটাই । অন্যথাই অচিৰেই মুখ্যমন্ত্ৰীৰ বিন্ধাকটাস্থিত বাসগৃহত লাইকা-দধিয়াবাসীয়ে টালি-টোপোলা লৈ অৱস্থান কৰিব বুলি হুংকাৰ দিয়ে । লগতে অতিশীঘ্ৰে তিনিদিন ধৰি জিলা উপায়ুক্তৰ কাৰ্যলয় ঘেৰাও অাৰু তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সদৰি কৰে । তদুপৰি সমাগত সাধাৰণ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ লগতে শাসকীয় দলৰ কাকোৱেই লাইকা-দধিয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে । ইমানতো যদি চৰকাৰৰ গা-নল’ৰে তেন্তে লাইকা-দধিয়াবাসীয়ে তিনিচুকীয়া জিলাৰ যিকোনো বনাঞ্চলত নিজাববীয়াকৈ বসতি স্থাপন কৰিব । এইক্ষেত্ৰত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে তাৰ বাবে চৰকাৰেই প্ৰত্যক্ষভাৱে জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে । অহা ৫ ডিচেম্বৰত দধিয়াত আহ্বান জনোৱা গণ-সমাৱেশত এই আন্দোলন কাৰ্যসূচীৰ দিন নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে । উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে তাকে নকৰি চৰকাৰীপক্ষই লাইকা-দধিয়াবাসীক বেদখলকাৰী, বনাঞ্চল ধ্বংসকাৰী বুলি অপবাদ জাপি আহিছে । কিন্তু সুদীৰ্ঘ দিন ধৰি তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ কৃপাত ডিব্ৰু ছৈখোৱাৰ অভ্যন্তৰত অবৈধ কাঠফলা মিল চলি আছে । সেইদৰে অৰুণাচলৰ পৰা চোৰাং গৰু, কাঠ আদিৰ বেহা বিনা বাধাই ডিব্ৰু-ছৈখোৱাৰ মাজেৰে অব্যাহত আছে বুলি সংবাদমেলত সংগঠনকেইটাই প্ৰকাশ কৰে । সংবাদমেলত টি এম পি কেৰ উপ-সভাপতি তথা লাইকা-দধিয়া পুনৰ সংস্থাপন দাবী সমিতিৰ মুখ্য আহ্বায়ক মিন্টুৰাজ মৰাঙৰ লগতে অনুপ পায়েং, প্ৰসন্ন নৰহ, বাণীকান্ত দলে, মতিলাল টায়ে , অৰুণ পাংগিং, কুমুদ পেগু, অজয় দলে আদি সংগঠন কেইটাৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।