Breaking

অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত-সম্বন্বয় স্পৰ্টচ একাডেমীৰ উদ্যোগত লাইপুলিত দুদিনীয়াকৈ গ্ৰাম্য ক্ৰীড়াৰ আয়োজন

0 2,041

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ পৃষ্ঠপোষকতাত , সম্বন্বয় স্পৰ্টচ একাডেমীৰ উদ্যোগত আৰু  অসম জাতীয়তাবাদী যুৱ পৰিষদ, বৃহত্তৰ লাইপুলি- ডিমৰুগুৰী  গাঁওবাসীৰ সহযোগত লাইপুলি ইণ্ডিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ  খেলপথাৰত ১৮ আৰু ১৯ ফ্ৰেব্ৰুৱাৰীত দুদিনীয়াকৈ  এখনি গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি চলিছে । এই কথা সদৰী কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল নেওগে । ইতিমধ্যে গণেশ ৰাজখোৱাক সভাপতি আৰু মৃত্যুঞ্জয় বুঢ়াগোহাঁইক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতিও গঠন কৰিছে। সমাৰোহৰ দুদিনীয়া কাৰ্যসূচী অনুসৰি  প্ৰথম দিনা পূৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰাৰ পিছতে ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ শৰৎ দাসে  সমাৰোহৰ অলিম্পিক শিখা প্ৰজ্বলন কৰিব ৷ ইয়াৰ পিছতে শিক্ষাবিদ তৰুণ ৰাজখোৱাই প্ৰতিযোগিতা শুভাৰম্ভ কৰিব । তাৰ পাছতে পৰ্যায়ক্ৰমে  ১০০ ,২০০ মিটাৰ দৌৰ, লংজাম্প, চটপুট, ডিচকাচ থ্ৰ,জেভেলিন থ্ৰ ,  আদি প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ সমাৰোহৰ দ্বিতীয় দিনা পুৱা  ৫ বজাত  অনুষ্ঠিত হ’ব  মাৰাথন দৌৰ প্ৰতিযোগিতা ৷  পূৱা ৯ বজাৰ পৰা ৮০০ ,৪০০ মিটাৰ দৌৰ আৰু হাই জাম্প প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।আবেলি ৩ বজাত শিক্ষক , কবি অমৃত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা  মুকলি আৰু বঁটা বিতৰণী সভাত বহুকেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে । উক্ত সভাতে সমাৰোহৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰিব আয়োজক সমিতিয়ে। 

Leave A Reply