Breaking

ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন

0 2,058


কোচ ৰাজবংশী সন্মিলনীৰ ৩০ তম্ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰাক ক্ষনত ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন কৰা হয়। ২০২১ পৰা ২০২৩ বৰ্ষৰ তিনি বছৰীয়া কাৰ্য্য কালৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে দেৱজিৎ কুমাৰ ডেকাই। আনহাতে কাৰ্যকাৰী সভাপতি  তৰুন চন্দ্ৰ বড়াউপ সভাপতি তৰুণ চন্দৰ চহৰীয়া ,গজেদ্ৰ বৰুৱা জিতেদ্ৰ ভদ্ৰ  দিনেশ্বৰ ডেকা ধৰ্ম কান্ত দাস লম্বু ৰাম শইকীয়াই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰে। সাধাৰণ সম্পাদক হেমধৰ ডেকাৰ লগতেসহ সম্পাদকৰ তালিকাত নিতুল ডেকা, জ্যোতিশ চৌধুৰী, বাবুল ডেকা, থানেশ্বৰ ডেকা গোপাল ডেকাৰ নাম প্ৰকাশ পায়।সাংগঠনিক সম্পাদক জীৱন বৰুৱাপ্ৰচাৰ সম্পাদক নাৰায়ন ডেকাকাৰ্যালয় সম্পাদক বেলিৰাম ডেকাক দায়িত্বাৰ দি নতুন সমিটিখন গঠন কৰা হয়। আনহাতে একেটা দিনতে ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ মহিলা গোটৰ আৰু যুৱ ছাত্ৰ সন্মিলনীৰ সমিটি খনৰো সাল সালনি কৰা হয়। মহিলা গোটৰ সভানেত্ৰী পদত কুনুমা বৰুৱা আৰু সম্পাদিকাৰ পদত পদুমি ডেকাৰ লগতে যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি যতিন হাজৰিকা আৰু  সম্পাদকৰ পদত সুৰ্য বৰুৱাক দায়িত্ব ভাৰ প্ৰদান কৰা হয়।
পানেৰীৰ পৰা নীলোৎপল দাস।

Leave A Reply