Breaking

লাহৰীঘাটৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্না বি জে পি দলত যোগদান

0 2,027

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ধুমকুৰা গাঁও পঞ্চায়তৰ  শিয়ালমাৰি কছাৰী গাৱৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাই যোৱা কালি ৰাজ্যিক বি জে পি দলৰ মূখ্য কাৰ্যালয় গুৱাহাটীত  আনুষ্টানিক ভাৱে গেৰুৱা দলত যোগদান কৰে । অৱশ্যে এই যোগদান পৰ্বত  উপস্থিত আছিল ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলিপ শইকীয়া  , সাংসদ পল্লৱ লোচন দাস,  বি কলিতা  ,ৰাজদ্বীপ ৰয়,  পৰিবেশ আৰু বন মন্ত্ৰী মাননীয় পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনিন্দ্ৰ শৰ্মাৰ লগতে মৰিগাঁও জিলা সমিতিৰ সভাপতি  প্ৰভীন মেধি  । এই  যোগদান পৰ্বই উনুকিযাই দিলে যে লাহৰীঘাট সমষ্টিত বি জে পি দলৰ সম্ভাব্য প্ৰাৰ্থিত্বৰ তালিকাত  অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাও  হয়তো  প্ৰৱল দাবীদাৰ ।

Leave A Reply