Breaking

বকোৰ নোৱাপাৰাত শিক্ষকৰ চাঞ্চল্যকৰ আত্মহননৰ ঘটনা

0 29

এক হৃদয় বিদাৰক ঘটনা সংঘটিত কৰে হৈছে কামৰূপ জিলাৰ বকোত । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্তৰ বাবে বিগত ১৫ বছৰ কাল এম ই বিদ্যালয়ত বিনা বেতনে শিক্ষকতা কৰাৰ পিছত টিউটৰ হিচাপে এল পি স্কুলত নিযুক্তি পোৱাত মানসিক চাপত ভুগি আত্মহত্যাৰ দৰে পন্থা বাচি লয় এজন শিক্ষকে ।

শিক্ষকৰ চাঞ্চল্যকৰ আত্মহনন ঘটিনাটো সংঘটিত হৈছে বকো আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ নোৱাপাৰা গাঁওত। আত্মহত্যাৰ কৰা শিক্ষকজনৰ নাম হীৰেন কলিতা ।চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত মানসিক অন্ত:দণ্ড ভূগি শিক্ষক হীৰেণ কলিতাই বাচি ললে আত্মহত্যাৰ দৰে চৰম পথ।

ঘটনাৰ তথ্য অনুসৰি চুবুৰীয়া আত্মীয়ই সোমবাৰে পুৱা নিজ গৃহৰ চৌহদৰ ওখ গছত এডালত চিপ লৈ শিক্ষক হীৰেন কলিতাক আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে, চৰকাৰী ভাৱে যোৱা ৫ ফেব্ৰুৱাৰীত হীৰেন কলিতাই টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। নিযুক্তি পাইছিল বাহজানী – কন্দলপাৰা প্ৰাথমিক বিদ্যালয়ত। ইয়াতে লাগিছিল কেনা। ১৫ বছৰ কাল বিজ্ঞানৰ স্নাতক হীৰেন কলিতাই শিক্ষাদান কৰি আহিছিল কন্দলপাৰাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এম ই স্কুলত। হীৰেন কলিতাৰ লগতে আন শিক্ষক সকলে আশা কৰিছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ এম ই স্কুলতে তেওলোকক নিযুক্তি দিব শিক্ষা বিভাগে। কিন্তু সেয়া নহল। নিযুক্তি দিয়া হ’ল প্ৰাথমিক বিদ্যালয়ত। এই কথাই বাৰুকৈ মানসিক চাপত পেলাইছিল হীৰেন কলিতাক। আনকি দুই এজন বন্ধুক অসন্তুষ্টিৰ কথা অৱগত কৰিছিল শিক্ষকজনে । ১০৮০০ টকাকৈ ৫২ বছৰীয়া শিক্ষক হীৰেন কলিতাই কেনেদৰে দিব পৰিয়ালক পোহপাল। কিমান দিন আৰু চাকৰি কৰিব শিক্ষকজনে, প্ৰশ্ন উদয় হৈছিল এৰি অহা এম ই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যৎ হব কি ? এনেবোৰ কথাত ভাগি পৰিছিল শিক্ষক হীৰেণ কলিতা। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Leave A Reply