Home Blog Page 3125

হোজাইৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবিৰত যাত্ৰা অব্যাহত ৰাখিছে মূখ্য মন্ত্ৰী, চৰকাৰে কৰা উন্নয়নমূলক কাম সমূহৰ  আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাত ব্যস্ত হৈ পৰিছে তেওঁ। দেওবাৰে হোজাইত কেইবাটাও চৰকাৰী তথা দলীয় কাৰ্যসূচী লৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পোনপ্ৰথমতে দিনৰ প্ৰায় ১:১০ বজাত বিহুতলী ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ।

ইয়াৰ পৰা পোনে পোনে ৰাওনা হয় শিলিগুৰি বস্তিৰ শ্রীশ্রী বৃদ্ধপ্ৰভু আশ্রমত অনুষ্ঠিত হোৱা দলীয় পৃষ্ঠাপ্ৰমুখ সন্মিলনত। সৰ্বপ্ৰথমে উক্ত স্থানত চলি থকা পঞ্চায়ত মেলাৰ প্ৰদৰ্শনীমূলক বিপণীসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পিছত কেবাটাও উন্নয়নমূলক কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সৰ্বানন্দ সোনোৱালে।

অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মান সম্পন্ন হোৱা হোজাই আৰক্ষী থানাৰ নৱনিৰ্মিতি ভৱনৰ শুভ উদ্বোধন কৰাৰ লগতে ভাৰ্চুৱেল পদ্ধতিৰে পশ্চিম কাৰ্বিআংলং জিলাৰ হামৰেন থানা, যোৰহাটৰ পুলিবৰ আৰক্ষী থানা আৰু চৰাইদেও জিলাৰ সুনাৰী আৰক্ষী থানা উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মূখ্য মন্ত্ৰীয়ে কয় যে আৰক্ষী থানাৰ আন্তঃগাথঁনি উন্নয়নকে ধৰি আৰক্ষী বাহিনী শক্তিশালী কৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে অসম আৰক্ষী আজি উল্লেখযোগ্য সফলতা দেখুৱাবলৈ সক্ষম হৈছে। ভাষণত আৰক্ষীক জনসাধাৰনৰ সেৱা আগবঢ়াবলৈ আহ্বান জনায়। নিজৰ ভাষণ প্ৰসংগত বিধায়ক শিলাদিত্যই সমষ্টিত বহু উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে বুলি কোৱাৰ লগতে তেওঁক আৰ্শীবাদ প্ৰদাণ কৰি যাবলৈ আহ্বান জনায়।


অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আদৰণি ভাষণ প্ৰদান কৰা উক্ত সভাত স্থানীয় বিধায়ক দ্বয় ক্ৰমে শিলাদিত্য দেৱ আৰু শিবু মিশ্র, অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱা, অসম আৰক্ষীৰ গৃহ নিৰ্মান নিগমৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ বিষয়া সকল উপস্থিত আছিল।

পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ কলা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ ওপৰিও নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে নামাকৰণ কৰা  ইণ্ড’ৰ ষ্টেডিয়াম আৰু নীলবাগান – হোজাই সংযোগী পথটি ৰাইজৰ বাবে উচৰ্গা কৰে।

শেষৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰীৰ হৈ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ আৰু লামডিং সমষ্টিৰ শিবু মিশ্ৰই যৌথ ভাবে জোৰাপুখুৰী – হোজাই সংযোগী পথৰ শুভ উদ্বোধন কৰাৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ এক প্ৰকল্পৰও আধাৰশিলা স্থাপন কৰে।

মূখ্যমন্ত্ৰী ভ্ৰমনৰ বাবে হোজাইত আৰক্ষীৰ কতকতীয়া নিৰাপত্তা বেষ্টনী গঢ়োতোলা হৈছিল। দলীয় কাৰ্য্যকৰ্তাসকলে নিজৰ প্ৰিয় মূখ্য মন্ত্ৰীক কাষৰ পৰা চাবলৈ অসংখ্য লোক শিলিগুৰি বস্তিৰ উক্ত পৃষ্ঠা প্ৰমূখ সন্মিলনত ভিৰ কৰা পৰিলক্ষীত হয়।

ৱাৰিৱৰছ মৰাণ হাট আঞ্চলিক সমিতি গঠন

 এক জাগৰণ নাৰীত‌্বৰ সৌজন্যত চৰাইদেউ জিলাৰ মৰাণহাটৰ আঞ্চলিক গঠনৰ উদ্দেশ্যে বিশ্ৰামপুৰ এল, পি, স্কুলত এখনি নাৰীৰ সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় মহিলা পৱিত্ৰী বৰুৱাই । চৰাইদেউ জিলাৰ সভানেত্ৰী ঋজুমনি গগৈয়ে সভাপতিত্ব কৰা সভাখনি চিনাকি পৰ্ব ও সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে মাহমৰা আঞ্চলিকৰ সম্পাদিকা  জ্ঞানদা ফুকনে। সভাত উপস্থিত থাকে সাপেখাতী , মাহমৰা আঞ্চলিক তথা বৰহ শাখা সমিতিৰ জন সংযোগ বিভাগৰ  পদ্মা দেৱী গগৈ  , জয়ন্ত ফুকন, আয়ত্ৰী ফুকন মহন , স্থানীয় সমাজ সচেতন মহিলা  কুইন মহন, শিক্ষয়ত্ৰী ৰশ্মি বৰুৱা  , শিক্ষক শুভজ্যোতি গগৈ , সমাজ সেৱক ভূপেন চাংমাই , অতুল কোঁৱৰ ,  জীৱিকা সখী প্ৰীতি ৰেখা চাংমাই , শিক্ষয়ত্ৰী  প্ৰীতি তেতিয়া গগৈকে প্ৰমূখ্য কৰি ভালে সংখ্যক  মহিলা উপস্থিত থাকে । উক্ত সভাতেই সম্পাদিকা পবিত্ৰী বৰুৱা ,সভানেত্ৰী প্ৰীতি ৰেখা চাংমাই  প্ৰীতি ৰেখা চেতিয়া গগৈক উপসভানেত্ৰী হিচাপে লৈ এখনি শক্তিশালী মৰাণহাট আঞ্চলিক সমিতি গঠন কৰা হয়্।

অসমলৈ ইজনৰ পিছত সিজন কেন্দ্ৰীয় ৰাজনৈতিক নেতা, এইবাৰ বটদ্ৰৱালৈ অমিত শ্বাহ

যিমানে বিধানসভা নিৰ্বাচন কাষ চাপি আহিছে সিমানে অসমলৈ ইজনৰ পিছত সিজন কেন্দ্ৰীয় ৰাজনৈতিক নেতাৰ আগমন দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বিৰোধীৰ নেতা সকলোৱে উঠি পৰি লাগিছে কোনে কিমান বেছি ভাল পাই অসমক। এইবাৰ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিব কেন্দ্ৰীয় গৃহ মন্ত্রীগৰাকীৰ । থান দৰ্শন কৰাৰ লগতে বহু প্ৰতীক্ষিত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব তেখেতে।

প্ৰকল্প নিৰ্মাণ হ’বলগীয়া স্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হৈ বটদ্ৰৱাৰ জনসাধাৰণক উদ্দ্যেশি এখন ৰাজহুৱা সভাত ভাষণ ৰাখিব।

এই সন্দৰ্ভত দেওবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই সন্ধিয়া বটদ্ৰৱা থানত উপস্থিত হৈ থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয় ।

স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই বটদ্ৰৱা প্ৰকল্প স্থলী পৰিদৰ্শন কালত বিধায়িকা আঙুৰলতা ডেকা, মৰিগাওঁৰ বিধায়ক ৰমা কান্ত দেউৰী আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে সংগ দিয়ে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ যি সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান গুৱাহাটীত সম্পন্ন হোৱাৰ পিছত দেওবাৰে এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ চৰজমিন পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই ।

ফেচবুক আৰু হোৱাটছ এপলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ

বিশ্বৰ ভিতৰতে সবাটোতকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া ফেচবুক আৰু হোৱাটছ এপলৈ দিল্লীস্থিত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছে জাননী । হোৱাটছ এপে মুকলি কৰা নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত ছচিয়েল মিডিয়া এপ দুটালৈ জাননী প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে ।

ন্যায়ালয়ে জানিব বিচাৰিছে যে, প্ৰাইভেচি বা ব্যক্তিগত সুৰক্ষা মানে ফেচবুকে কি বুজে । কোন ধৰণৰ ব্যক্তিগত কথা বতৰা ফেছবুকত শ্বেয়াৰ হয় আৰু কোনবোৰ শ্বেয়াৰ হব নালাগে ।

বহু ব্যৱহাৰকাৰীয়ে নতুন পলিচি সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ পিছতে ন্যায়ালয়ে এই নতুন পলিচিৰ ওপৰত তিনি মাহলৈ স্থগিতাদেশ জাৰি কৰিছিল । আৰু তাৰ ওপৰতেই প্ৰশ্ন উত্থাপন কৰি প্ৰেৰণ কৰিছে জাননি ।

সেই জাননী খনত কোৱা হৈছে যে, আপোনালোক ( ফেচবুক আৰু হোৱাটছ এপ) হব পাৰে ২-৩ ত্ৰিলিয়ন ডলাৰ সম্পত্তিৰ এটা কোম্পানী। কিন্তু মানুহৰ ব্যক্তিগত কথা সকলোতকৈ ওপৰত।

বাক্সাত জিলা পেলু নিৰ্মূলকৰণ পষেকৰ শুভাৰম্ভণি

কণ কণ ল’ৰা-ছোৱালীক পেলুৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰৰ স্বাস্থ্য বিভাগে সময়ে সময়ে পেলু নিৰ্মূলৰ দৰৱ সেৱনৰ প্ৰক্ৰিয়া চলাই আহিছে। ইয়াৰে অংশ হিচাপে আজি বাক্সা জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত ‘জৌংমা’ অনাথ আশ্ৰমত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ পষেকৰ শুভাৰম্ভণি কৰা হয়। জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে শুভাৰম্ভণি কৰা এই পষেকত জিলাখনৰ ৩ লাখ ৬০ হাজাৰ কণ কণ শিশুক সামৰি লব বুলি কয়। ১ বছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুক সামৰি লোৱা এই পেলু নিৰ্মূলকৰণ দৰৱৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই বুলি স্বাস্থ্য সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানত জিলা স্বাস্ব্য মিছনৰ ডিপিএম কৰুণা ব্ৰহ্ম, ডিএমই প্ৰশান্ত দত্ত, স্বাস্থ্য বিষয়া ৰফিক আহমেদকে ধৰি বহু লোক উপস্থিত থাকে।

সাপেখাতীৰ ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও : অসম মজুৰি শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

চৰাইদেউ জিলাৰ সাপেখাতীত ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও কৰি তীব্ৰ প্ৰতিবাদ কৰে অসম মজুৰি শ্ৰমিক ইউনিয়নৰ চৰাইদেউ জিলা সমিতিয়ে  ৷ শ্ৰমিক বিৰোধী নতুন শ্ৰম সংহিতা বাতিল কৰা, দেশীয় সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰা, চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা, সৰ্বসাধাৰণৰ সুবিধাৰ্থে যাত্ৰী বাহী ৰেলৰ পুনৰ চলাচল কৰা, চৰকাৰী বিভিন্ন আচঁনিত চলা দুৰ্নীতি বন্ধ কৰা, কা’ বাতিল কৰা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰে ৷ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ধোদৰআলিয়েদি সমদল বাহিৰ কৰি ৰাজহ চক্ৰৰ কাৰ্য্যালয় ঘেৰাঁও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে প্ৰায় এক ঘন্টাতকৈ অধিক সময় ধৰি প্ৰতিবাদ কৰাৰ অন্তত ৰাজহ চক্ৰৰ বিষয়াৰ হাতত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

ধুবুৰী জিলা সমিতিৰ উদ্যোগত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

পশ্চিম অসমৰ ভুমিপুত্ৰ দেশী মুছলমান সকলৰ একমাত্ৰ জাতীয় সংগঠন”দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ”তৃতীয় দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খন ১৩/১৪ ফেব্ৰুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ কাছাৰী হাটৰ দুই দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।জন্মলগ্ননে পৰা অসমৰ দেশী সকলৰ অস্তিত্ব ৰক্ষা আৰু পৰিচয় সংকট দুৰ কৰাৰ লগতে বৌদ্ধিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে নিৰৱিচ্ছিন্ন ভাৱে গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে দেশী জনগোষ্ঠীয় মঞ্চই।দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন উপলক্ষে ১৪ ফেব্ৰুৱাৰী ২০২১ তাৰিখে আবেলি দুইবজাত কাছাৰীহাটৰ প্যাৰীমোহন ক্ষেত্ৰত মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাৰ সভাপ্তিত্বত  এখন বিশাল জনসভা অনুষ্ঠিত হয়। ১৩ তাৰিখে ৰাতিপুৱা পতাকা উত্তোলনৰে আৰম্ভ হোৱা অধিৱেশনৰ প্ৰথম দিনা আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচন আৰু শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতি প্ৰতিনিধি সভাই সৰ্ব সন্মতিক্ৰমে বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ বাৰ দেশীৰ অবিসম্বাদী নেতা হিচাবে শ্বেখ হেদায়েতুল্লাকেই নিৰ্বাচিত কৰে আৰু সাধৰন সম্পাদক হিচাপে সহিদুল ইছলামক বাচনি কৰে। মুকলি সভাত উপস্থিত থাকি বলিষ্ঠ বক্ত্বৱ্য ৰাখে প্ৰাক্তন বিধায়ক মইনুদ্দিন আহমেদ,সংখ্যালঘু সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আওৱাল আৰু গমদেঅজাপৰ সভাপতি হাফিজুল আহমেদে। সভাত সভাপতিৰ আবেগিক ভাষনত সকলো মানুহে আবেগিক হৈ পৰে আৰু চকুলো টোকে। ৭ হেজাৰৰো অধিক মানুহ সমবেত হোৱা সভাই দেশী জনগোষ্ঠীৰ মানুহৰ জাগৰণ হোৱাৰ আগজাননী বুলি বহুতে মতপোষণ কৰিছে। ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানে দৰ্শক ৰাইজক মোহিত কৰে।প্ৰেৰক: দক্ষিণ কামৰূপ বকোৰপৰা ডেভিদ

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাই সাহিত্য সভাৰ সমাজ সাৰথি পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভা

হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতি সদ্য প্ৰয়াত পদ্মকান্ত নাথৰ স্মৃতিচাৰণ সভাখন আজি হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত আৰু আজমল ফাউণ্ডেচনৰ সহযোগত হোজাইৰ বৰপুখুৰীৰ নজিৰ আজমল মেমোৰিয়েল কলেজ অব এডুকেশ্বনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে প্ৰয়াত নাথৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । এই স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই অংশগ্ৰহণ কৰি প্ৰয়াত নাথৰ জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে৷ লগতে “অসমীয়া ভাষা আৰু সমাজ” সন্দৰ্ভত ভাষণ প্ৰদান কৰি ‘কা’ আইনে অসমীয়া ভাষা আৰু সমাজৰ গাঁথনি পৰিৱৰ্তন কৰিব বুলি মন্তব্য কৰে।ৰাজনৈতিক মুনাফাৰ বাবে এই আইনে অসমীয়া ভাষা আৰু খিলঞ্জীয়া ভূমিপুত্ৰ সকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব বুলি তেওঁ কয় ৷

ইয়াৰ বাবে অসম চুক্তিত সন্নিবিষ্ট ৰক্ষাকবচ অৰ্থাৎ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিব লাগিব বুলি তেওঁ মত ব্যক্ত কৰে ৷ কোনো ৰাজনৈতিক দলে এই ক্ষেত্ৰত আগবাঢ়ি নহাত তেওঁ ক্ষোভ প্ৰকট কৰে । আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খচৰুল ইছলামে সভাত প্ৰয়াত নাথৰ কৰ্মস্পৃহা সম্পৰ্কে বক্তব্য প্ৰদান কৰি তেখেতৰ স্মৃতিচাৰণ কৰে আৰু প্ৰয়াত নাথৰ স্মৃতিত পাঁচ লাখ টকাৰ এক ন্যাস স্থাপন কৰি প্ৰতি বছৰে অসমীয়া ভাষা সাহিত্যত বিশেষ পাৰদৰ্শিতা দেখুৱা লোকক বঁটা প্ৰদান কৰা হব বুলি ঘোষণা কৰে ৷

লগতে এই ন্যাস ফাউণ্ডেচন আৰু জিলা সাহিত্য সভাই যৌথভাবে পৰিচালনা কৰিব বুলি মন্তব্য কৰে ৷ স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে হোজাই সাহিত্য সভাৰ সভাপতি ডঃ গুণেশ্বৰ শইকীয়াই ৷ হোজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথৰ পত্নী প্ৰণতি হাজৰিকা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গল্পকাৰ অভিজিত বৰা, গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, হোজাই শাখা সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, অসম সাহিত্য সভাৰ ধনভৰালী প্ৰেম নাৰায়ণ বৰা,  ৰহা শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিৰলা দেৱী আদিয়ে অংশগ্ৰহণ কৰা সভাখনত সম্পূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে সভাত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত হোজাই জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই  সম্পাদনা কৰা প্ৰয়াত নাথৰ  শ্ৰদ্ধাঞ্জলি গ্ৰন্থ “সমাজ সাৰথি” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই । সভাৰ শেষত প্ৰয়াত নাথৰ পৰিয়ালবৰ্গক ৰাজহুৱাভাবে চিনাকি কৰাই দিয়া হয় ।

ইটাখোলাত পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি

বিশ্বনাথ জিলাৰ ইটাখোলাত পুলৱামা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ইটাখোলাৰ ব্যৱসয়ী প্ৰতিষ্ঠানৰ মাজমজিয়াত বিয়লি ৫ বজাত ৪০ গৰাকী বীৰ শ্বহীদৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু শ্বহীদ সকলক স্মৰণ কৰি মৌন প্ৰাৰ্থনা কৰা হয় ।

১৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নিৰাপত্তাৰক্ষীৰ বাহনত ভাৰতৰ জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ লেথোপোৰাই (অবন্তীপাৰাৰ কাছাকাছি) জম্মু শ্রীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত নিৰাপত্তাৰক্ষীৰ বাহনত আত্মঘাতী আক্ৰমণৰ বলি হয় ৪০ গৰাকীকৈ আৰক্ষী বাহিনী। দেশ কপাই যোৱা এই আক্ৰমণৰ ফলত ৪০ জনকৈ কেন্দ্রীয় ৰিজাৰ্ভ পুলিচ বাহিনী (চি আৰ পিএফ) কর্মী আৰু আক্রমণকাৰীৰ মৃত্যু হৈছিল।

এই আক্ৰমণত পাকিস্তানৰ ইছলামপন্থী উগ্ৰপন্থী সংগঠন জইশ-ই-মুহাম্মদে স্বীকাৰ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তৰ যোৱানৰ অকাল মৃত্যু ঘটা এই আক্ৰমণৰ বাবে ভাৰতে পাকিস্তানকে দায়ী ঘোষণা কৰিছিল। কিন্তু পাকিস্তানে এই আক্ৰমণৰ নিন্দা কৰে আৰু আক্ৰমণকাৰীৰ লগত কোনো সম্পৰ্ক নথকাৰ কথা স্বীকাৰ কৰিছিল।

ইটাখোলাৰ উদ্যামী যুৱক শংকুমনি বৰপূজাৰীৰ নিজা প্ৰচেষ্টাত গ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটিত যুৱ ব্যৱসায়ী পৱন কুমাৰ, অজয় গুপ্তা, ছাত্ৰ নেতা পাপ্লু হুচেইনসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। 

ইউনিচেফৰ সহযোগত জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত শিশুৰ পৰিপূৰক খাদ্য সম্পৰ্কীয় পৰ্যালোচনা সভা সম্পন্ন

ইউনিচেফৰ সহযোগত ৰাজ্যখনৰ ভিতৰতে প্ৰথম বাৰৰ বাবে যোৰহাট জিলাত আৰম্ভ কৰা ছমাহৰ পৰা 23 মাহৰ শিশু সকলৰ বয়স অনুুসৰি সৰ্বোত্তম পৰিপূৰক পুষ্টিকৰ খাদ্য আৰু খুওৱা পদ্ধতি সমূহৰ ওপৰত চলি থকা কাৰ্য্য সমূহৰ বিষয়ে প্ৰথম খন জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুস্থিত হয়৷ এই প্ৰকল্পৰ অধীনত যোৰহাট জিলাৰ 6 মাহৰ পৰা 23 মাহৰ সমূহ শিশুৰ মাতৃ বা পৰিয়ালৰ লোক সকলক বয়স অনুযায়ী পৰিপূৰক খাদ্য খুওৱাৰ আচৰণ সমূহৰ ওপৰত অংগনবাদী কৰ্মী সকলৰ দ্বাৰা গৃহ পৰিদৰ্শন , অংগনবাদী কেন্দ্ৰ সমূহত মাহিলী পৰিপূৰক পোষণ দিৱস উদযাপন আৰু স্বাস্থ্য বিভাগৰ যোগেদি ভি.এইচ.এচ.এন.দি আদি সজাগতা মূলক কাৰ্য প্ৰণালীৰ যোগেদি বিস্তৃত ভাৱে অৱগত কৰা হ’ব৷ইউনিচেফৰ সহযোগত,জিলা উপায়ুক্তৰ নেতৃত্বত আৰু জিলা সমাজ কল্যাণ বিষয়াৰ তত্বাবধানত আৰম্ভ কৰা এই অভিযানে যাতে এশ শতাংশই সফলতা লাভ কৰিব পাৰে তাৰবাবে চলি থকা কাৰ্যপ্ৰণালী সমূহৰ খতিয়ান লোৱাৰ লগতে পিছৰ পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰা হয়৷এই সভাত উপস্থিত থাকে জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাতী, অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই, ইউনিচেফৰ ৰাজ্যিক বিষয়া গীতাশ্ৰী ফুকন, স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডা° অমৃত শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া ৰাজ কুমাৰ কেডিয়া,ইউনিচেফৰ মাণ্ডলীক বিষয়া দিনেশ কুমাৰ সিং আৰু জিলা বিষয়া মানসী তিৱাৰীৰ লগতে স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ কেইবাজনো বিষয়া আৰু প্ৰতিটো ব্লকৰ চুপাৰ ভাইজাৰ প্ৰতিনিধি সকল৷