Home Blog Page 3126

ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰিত শোকাবহ পথ দুৰ্ঘটনাত দুজন লোক নিহত

ঢেকীয়াজুলি, ২৬ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত  গেজেঙ্গাগুৰিত শোকাবহ দুৰ্ঘটনাত দুজন লোক নিহত হোৱা ঘটনাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে নিশা ৮-৩০ মান বজাত ওদালগুৰি জিলাৰ ওৰাঙৰ দিশৰ পৰা ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰি অভিমুখে আহি থকা এখন (টমটম) ই-ৰিক্সা আৰু বিপৰীত দিশৰ পৰা তীব্ৰবেগত আহি থকা এখন  AS 01 8545  নম্বৰৰ 709 ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাত ই-ৰিক্সা আৰোহী ৰিপুঞ্জয় শৰ্মা আৰু ব্ৰজেন শৰ্মা নামৰ লোক দুজন থিতাতে নিহত হোৱাৰ লগতে ই-ৰিক্সাখনৰ চালকজনৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ নিহত  দুয়ো সম্বন্ধত ভিনিহীয়েক খুলশালি আছিল ৷ নিহত ৰিপুঞ্জয় শৰ্মা নামৰ লোকজন দুৰ্ঘটনাত নিহত ব্ৰজেন শৰ্মাৰ সম্বন্ধত ভিনীহিয়েক আছিল ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে ঢেকীয়াজুলিৰ যানবাহন আৰক্ষীয়ে ৷ নিহত ৰিপুঞ্জয় শৰ্মা গেজেঙ্গাগুৰিৰ শ্বহীদ দ্বীজেন ভূঁঞা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণতি শৰ্মাৰ স্বামী আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই দুৰ্ঘটনাটোত নিহত লোকদুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা সৰৱৰহী লোক দুজনৰ মৃত্যুত ঢেকীয়াজুলি আৰু গেজেঙ্গাগুৰিৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগত মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

উত্তৰ পুৰুষৰ মঞ্চৰ সৰ্বোচ্চ সন্মান “অক্লান্ত উত্তৰ পুৰুষ বঁ‌টা-২০২০” শৰ্মিষ্ঠা প্ৰীতমলৈ

চাংসাৰি, ২৬ নৱেম্বৰ : জীৱন যুদ্ধত  যিসকল ব্যক্তিয়ে কেতিয়াও হাৰ মনা নাই,অথচ আনক সহায়ৰ হাত আগবঢ়াই দিছে, সেইসকল বিশিষ্ট ব্যক্তিক উত্তৰ পুৰুষৰ মঞ্চ নামৰ সাহিত্য-সংস্কৃতিক, সামাজিক আৰু  প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰন্তৰ সাধনা কৰি অহা সংগঠনটোয়ে মঞ্চৰ সৰ্ব্বোচ্চ সন্মান অক্লান্ত উত্তৰ পুৰুষ বঁ‌টাৰে অসমৰ বহু কেইগৰাকী ব্যক্তিক সন্মানিত কৰি আহিছে। ২০১৬  বৰ্ষৰে পৰা উত্তৰ পুৰুষৰ মঞ্চই   এই বঁ‌টা প্ৰদান কৰি আহিছে বুলি মুখ্য সম্পাদক দিবাকৰ ৰেণুবে জানিব দিয়ে । জীৱন যুদ্ধত সাহসেৰে যুঁজ দি জীয়াই থাকি আনৰ বাবে কিবা কৰি ভালপোৱা বিশিষ্ট শিশু সাহিত্যিক তথা ধঁ‌পাত বিৰোধী আন্দোলনৰ নীৰৱ কৰ্মী দেৱৰাজ কলিতা, এইডছ্ আৰু দেৱাংগৰ বাবে সদা জাগ্ৰত কৰ্মী জাহ্নৱী গোস্বামী, চকুৰ দৃষ্টিশক্তি যোৱাৰ পিছতো সংগীত সাধনাৰে উত্তৰ পুৰুষৰ আদৰ্শ হোৱা শিল্পী মনোজ কাশ্যপ, উত্তৰ পুৰুষৰ বাবে আদৰ্শ প্ৰচণ্ড আত্মশক্তিসম্পন্না লেখিকা, সমাজকৰ্মী , বিজয়িনী নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ স্ৰষ্টা জুলী বৰুৱাই ইতিমধ্যে  এই বঁ‌টা লাভ কৰিছে। অহা ৬ ডিচেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱৰ এখন গাম্ভীৰ্যপুৰ্ণ সভাত ২০২০ বৰ্ষৰ বাবে এই বঁ‌টাটি প্ৰদান কৰা হ’ব বিশিষ্টা লেখিকা শৰ্মিষ্ঠা প্ৰীতমক। বহুকেইখন উপন্যাস আৰু গ্ৰন্থৰ ৰচয়িতা  শৰ্মিষ্ঠাই জীৱনৰ বিভিন্ন শাৰীৰিক বাধাকো নেওচাদি উত্তৰ পুৰুষৰ বাবে দেখুওৱা আদৰ্শৰ বাবে উত্তৰ পুৰুষৰ মঞ্চই এইবৰ্ষৰ বাবে তেখেতক এই সন্মানেৰে বিভূষিত কৰিব। আনহাতে এই অনুষ্ঠানতে অসমৰ এগৰাকী অপ্ৰমাদী নাট্যশিল্পী নৰেশ্বৰ হালৈৰ উপৰিও  বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব বুলি সাংবাদিক কমল কুমাৰে এক বিজ্ঞপ্তি যোগে  জানিবলৈ দিছে।

নিশা দুলীয়াজানত ভয়াৱহ পথ দূৰ্ঘটনা : ৭ জন গুৰুতৰ ভাৱে আহত : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ

বৰডুবি, ২৬ নৱেম্বৰ : কালি নিশা দুলীয়াজানত এক ভয়াৱহ পথ দূৰ্ঘটনা সংঘটিত হয়  । নিশা প্ৰায় ১ বজাত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত হোৱা পথ দুৰ্ঘটনাত ৭ জনকৈ লোক আহতপ্ৰাপ্ত হয় । প্ৰাপ্ত খবৰ অনুসৰি এ এচ ০৪ জে ৫৪৪৮ ইয়ন বাহনখনে নাহৰকটীয়াৰ এখন বিয়া ঘৰৰ পৰা দুলীয়াজানৰ পোৱালী পথাৰত কইনা থবলৈ আহোতে দুলীয়াগাঁওৰ পথৰ সমীপত হঠাৎ টেঙাখাটৰ পৰা দুলীয়াজানমুখী এ এচ ২৩ ডব্লিউ ৭৫৬৫ নম্বৰযুক্ত এস্ক ইউ ভি ৩০০ আন এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এস্ক ইউ ভি বাহনখনত অহা দুলীয়া গাঁওৰ সত্যজিত গগৈ (৪০), ইন্দ্ৰপুৰীৰ সুৰজিৎ দেব(৩৩) । ইফালে ইয়ন বাহনখনৰ চালক ডিব্ৰুগড় দক্ষিণ আমোলাপট্ৰীৰ ৰাজু গগৈ(২৫), একে অঞ্চলৰ অভিনৱ বৰুৱা(৩০), ৰিমা সোনাৰ (১৪), মানসপ্ৰতিম বৰুৱা(১৪) আৰু নাহৰকটীয়া চাচনিৰ ৰূপম চমুৱা(১৬) গুৰুত্বৰ ভাৱে আহত হয় । স্থানীয়লোকে আহতলোক সকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি  ততাতৈয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ হাস্পতাললৈ অনা হয় । পিছত আঘাত অধিক গুৰুত্বৰ হোৱা বাবে চিকিৎসকে সত্যজিত গগৈ, ৰাজু গগৈ, অভিনৱ বৰুৱা, ৰিমা সোনাৰ, মানসপ্ৰতিম বৰুৱা আৰু ৰূপম চমুৱাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে । শেহতীয়া খবৰ অনুসৰি  উপৰোক্ত লোককেইজন ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু সংকটমুক্ত বুলি জানিব পৰা গৈছে ।

বকতা-কৃষ্ণবিহাৰীত ব্যাপক অবৈধ মাটি খনন : পাৰিপাৰ্শ্বিকতাৰ প্ৰতি চৰম ভাবুকি

বকতা, ২৬  নৱেম্বৰ : শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত বকতা আৰু ইয়াৰ সমীপস্হ এক বৃহৎ এলেকাত একাংশ ভূ- মাফিয়াৰ অবৈধ মাটি খননৰ যোগেদি সহজ ধন ঘটাৰ আহিলাত পৰিণত হৈছে অঞ্চলটোৰ কৃষি উপযোগী ভি জি আৰ আৰু নৈ পৰীয়া আবাদী ভূমিসমূহ। জানিব পৰা মতে বকতা আৰু ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণবিহাৰী দিৰৈ নৈৰ কাষৰীয়া বিস্তীৰ্ণ আবাদী ভূমিত প্ৰতি বছৰে খৰালি আগমণৰ লগে লগে একাংশ ভূ মাফিয়াই ডাম্পাৰ জেচিবি লৈ অবৈধ মাটি খনন কাৰ্য আৰম্ভ কৰি আহিছে। এই বছৰো খৰালিৰ লগে লগে উক্ত ভূ মাফিয়া চক্ৰটোৱে বকতাৰ বাখৰবেঙেনা পঞ্চায়তৰ খামোন গাঁৱত থকা ভিজিআৰটোত ব্যাপক মাটি খনন চলোৱাৰ উপৰি কৃষ্ণবিহাৰী বকতা-ডিমৌ সংযোগী দিৰৈ দলঙৰ নিচেই কাষতে থকা ভূমি ভাগত বহুসংখ্যক ডাম্পাৰ আৰু জেচিবিৰে মাটি খনন কাৰ্য আৰম্ভ কৰিছে। বাখৰবেঙেনা পঞ্চায়তৰ উক্ত ভূমিভাগত মাটি খনন চলোৱাৰ ফলত বৃহৎ দ পুখুৰীৰ সৃষ্টি হৈ স্হানীয় গাঁওবাসীৰ পশুধনৰ চৰণীয়া পথাৰৰ পৰিৱেশ ধ্বংস হোৱাৰ উপৰি কৃষিভূমিৰ ভৱিষ্যতৰ সম্ভাৱনা সমূলঞ্চে নাইকিয়া হৈছে। আনহাতে বকতাত প্ৰতি বছৰে বানৰ তাণ্ডৱ চলোৱা দিৰৈ নৈৰ নিচেই কাষতে মাটি খনন কাৰ্য চলোৱাত নৈৰ স্বাভাৱিক গতিত বিৰূপ প্ৰভাৱ, খহনীয়া আদি বৃদ্ধি হোৱাত অৰিহণা যোগোৱাৰ লগতে দিৰৈ নদীৰ গুৰুত্বপূৰ্ণ পকী দলঙৰ ভৱিষ্যতৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। নৈপৰীয়া আবাদী ভূমিভাগ আৰু গ্ৰামাঞ্চলৰ ভিজিআৰসমূহে প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ধৰি ৰখাত সহায়ক হোৱাৰ সম্ভাৱনাও এনে অবৈধ মাটি খননৰ যোগেদি নষ্ট কৰা হৈছে।আনহাতে উক্ত অবৈধ মাটি খননত জড়িত চক্ৰটোৱে ব্যৱহাৰ কৰা  বাহনসমূহৰ লগতে একাংশ চালকৰ পৰিবহন বিভাগৰ অনুমোদিত অনুজ্ঞাপত্ৰ নথকাৰ কথা জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই অবৈধ মাটি খনন কাৰ্যৰ অন্তৰালত চৰকাৰৰ বন বিভাগ, চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ অৰ্থ লুলুপ কৰ্মচাৰী, আৰক্ষীৰ নেতিবাচক ভূমিকা জড়িত হৈ থকাতো। বিশেষভাৱে বন বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সম্পূৰ্ণ জ্ঞাতসাৰেই বকতা আৰু কৃষ্ণবিহাৰীৰ এলেকাত ভূ মাফিয়াই অবৈধ মাটি খননৰ এক অঘোষিত প্ৰতিযোগিতা চলোৱাৰ অভিযোগ উঠিছে।

প্ৰধানমন্ত্ৰী আৱাস-গ্ৰামীণ আঁচনি আদি ৰূপায়ণত বৰপেটা জিলাৰ বৃহৎ সফলতা

বৰপেটা, ২৬ নবেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । যোৱা ১৮ নবেম্বৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ৰাজ্যিক পৰ্যায়ত হোৱা পৰ্যালোচনাত এমজি এনৰেগা, ‘প্ৰধান মন্ত্ৰী আৱাস-গ্ৰামীণ’ আঁচনি আদি ৰূপায়ণত বৰপেটা জিলাই বৃহৎ সফলতা কঢ়িয়াই সুনাম অৰ্জন কৰে । চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ ক্ষেত্ৰত ২০১৬-১৭, ২০১৭-১৮, ২০১৮-১৯ বৰ্ষৰ আচনিৰ পুঁজিৰ ‌‌‌১০০ শতাংশ ব্যয় কৰিবলৈ জিলা মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকলে তৎপৰতা অৱলম্বন কৰা‌ পৰিলক্ষিত হৈছে । জানিব পৰা মতে, জিলাখনত ২০১৬-১৭, ২০১৭-১৮ বিত্তীয় বৰ্ষত ‘প্ৰধান মন্ত্ৰী আৱাস-যোজনা’ আঁচনিৰ ১৪২৫৭টা গৃহৰ ভিতৰত ১৩৬৭৯টা (৯৬শতাংশ), ২০১৯-২০ বিত্তীয় বৰ্ষত ১১১৮১টা গৃহৰ ভিতৰত ৪৮৯৩ টা গৃহ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে । একেদৰে ১৯২০-২১ বিত্তীয় বৰ্ষৰ ৫২৭৭৬টা গৃহ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷ একেদৰে জিলাখনৰ মন্দিয়া উন্নয়ন খণ্ডত ২০১৭-১৮ বিত্তীয় বৰ্ষত ২৭৮৮ টা গৃহৰ ভিতৰত ২৭৫৩টা (৯৯শতাংশ), ২০১৯-২০বৰ্ষত ৩৮৭৪টা গৃহৰ ভিতৰত ১৭৩৪টা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে ২০২০-২১বৰ্ষত ৩৭৮১৬টা গৃহ নিৰ্মাণৰ কাম চলি আছে বুলি জানিব পৰা গৈছে ৷ মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে দুৰ্গম ঠাইবোৰতো আঁচনিবোৰ সঠিক ৰূপায়নত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা কাৰ্যক সচেতন ৰাইজে শলাগ লৈছে ৷ উল্লেখ্য যে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাবে যোগদানৰ এদিন পিছতে ইমনোজ কুমাৰ চিকাৰিয়াই বৰপেটা জিলাৰ এঘাৰটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ উপৰি বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক আহ্বান কৰি গ্ৰামোন্নয়নৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

মঙলদৈ, ২৬ নবেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাখন দৰং জিলা সাহিত্য সভা ভৱন সভা কক্ষত দিন জোৰা  কাৰ্যসূচীৰে ২৫ নবেম্বৰত সম্পন্ন হয় । ৰাতিপুৱা ৯-৩০ বজাত পৰিষদৰ পতাকা উত্তোলনৰ জৰিয়তে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । দিনৰ ১১-৩০ বজাত যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক সমবেত সংগীত পৰিবেশনেৰে আৰম্ভ কৰা  প্ৰতিনিধি সভাখন উদ্বোধন কৰে যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই । তেখেতৰ উদ্বোধনী ভাষণত যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলক অসমৰ জাতীয় সংহতিৰ হকে কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে বৰ্তমান অসমত ৰাজনীতিৰ নামত মৌলবাদৰ উত্থানে অসমীয়া জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে । সভাত উপস্থিত থাকি যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা পুলক বৰাই ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ আৰু বিদেশী বিতাৰণৰ বিশ্ব শক্তিশালী গণ আন্দোলনৰ পটভূমি দৰঙৰ পৰাই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ স্বকীয়তা অক্ষুন্ন ৰাখিবলৈ আৰু  অৰ্থনৈতিক স্বাৱলম্বীতাৰ সংগ্ৰাম আৰম্ভ কৰিবলৈ যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলক আহ্বান জনায় । পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত ডেকাই সভাপতিত্ব কৰা প্ৰতিনিধি সভাখনত উপদেষ্টা ভবেশ কাকতি আৰু কমৰুল হক যুটীয়া সম্পাদক চন্দন শইকীয়াৰ ওপৰিও পৰ্যবেক্ষক হিচাবে উপস্থিত থাকি বিষয় বাছনি সভা পৰিচালনা কৰে  যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাস আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ জ্যোতি কলিতাই । উক্ত প্ৰতিনিধি সভাই সন্ধিয়া অনুষ্ঠিত বিষয় বাছনি সভাত আগন্তুক ২০২১/২২ বৰ্ষৰ বাবে দিগন্ত ডেকাক সভাপতি, অলক ৰঞ্জন ডেকা, ভূপেন ডেকা আৰু জয়ন্ত শৰ্মাক উপ-সভাপতি; পংকজ ডেকাক সাধাৰণ সম্পাদক; মণিময় শৰ্মা আৰু নিপেন চহৰীয়াক যুটীয়া সম্পাদক মনমোহন ডেকাক সাংস্কৃতিক সম্পাদক; ধ্ৰুৱজ্যোতি হাজৰিকাক বিত্ত সম্পাদক; ত্ৰৈলোক্য শৰ্মাক সমাজসেৱা সম্পাদক; নিপু ডেকা বিনোদ কলিতা হীৰক জ্যোতি ডেকা প্ৰাঞ্জল চহৰীয়া নাৰায়ণ ডেকাক সাংগঠনিক সম্পাদক;  চিন্টু মনি ডেকা গোপাল দাস আৰু  তৰুণ চহৰীয়া প্ৰচাৰ সম্পাদক; ৰত্নেশ্বৰ দাসক ক্ৰীড়া সম্পাদক আৰু ভবেশ কাকতি, কমৰুল হক, চন্দন শইকীয়া, দুলেন নাথ, নবজিৎ শৰ্মা , জয়ন্ত ডেকা আৰু ইন্দ্ৰজিৎ শৰ্মাক উপদেষ্টা হিচাবে লৈ যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি খন গঠন কৰে ৷

নগাঁৱত ধোৱাচাঁঙত চৰকাৰী বিধি ; মানুহে পাহৰিলে মাস্ক-সামাজিক দুৰত্ব

নগাঁও,২৬ নবেম্বৰ : সমগ্ৰ বিশ্বতে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোণাই। তিনিদিনৰ ভিতৰতে সমগ্ৰ বিশ্বত ১কোটি লোক আক্ৰান্ত হৈছে ক’ৰোণাত। অৱশ্যে অসমত এতিয়ালৈকে ক’ৰোণাৰ পৰা আৰোগ্যৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ অৱস্থা যথেষ্ট সন্তোষজনক। কিন্তু ক’ৰোণাৰ স্থিতি পূৰ্বতকৈ ভাল হোৱাৰ লগে লগে অসমৰ মানুহে যেন পাহৰি পেলাইছে সাৱধানতাৰ কথা। চৰকাৰে বাৰে বাৰে ভেকচিন বজাৰলৈ নহা পৰ্য্যন্ত সামাজিক দূৰত্বৰ দিশটোক অৱহেলা নকৰিবলৈ ৰাইজক অনুৰোধ জনাইছে যদিও অধিকাংশ লোকেই মনা নাই এই নিয়ম। ক’ৰোণাত অসমৰ সৰ্বাধিক আক্ৰান্ত জিলা সমূহৰ ভিতৰত নগাঁও জিলা অন্যতম। কিন্তু চৰকাৰ আৰু জিলা প্ৰশাসনৰ তৎপৰতাৰ বাবে নগাঁৱৰ তীব্ৰ গতিত হ্ৰাস পাইছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা। কালি দিনটোত হোৱা পৰীক্ষাত মাত্ৰ এজন ব্যক্তিৰ দেহতহে ধৰা পৰিছে ক’ৰোণাৰ সংক্ৰমণ। নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে সংবাদ মাধ্যমক জনোৱা অনুসৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত বৰ্তমান জিলাখনৰ মুঠ জনসংখ্যাৰ মুঠ ১শতাংতকৈও কম লোক ক’ৰোণাত আক্ৰান্ত হৈ আছে। কিন্তু দিন বাগৰাৰ লগে লগে মানুহে পাহৰিছে সাৱধানতাৰ কথা। সেয়ে ক’ৰোণাৰ সংক্ৰমণ যাতে পুনত ভয়াবহ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কঠোৰ হৈছে জিলা প্ৰশাসন। আজিৰে পৰা ৰাজপথত নগাঁও জিলা প্ৰশাসনে আৰক্ষীক লগত লৈ আৰম্ভ কৰিছে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান। নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে জিলাখনৰ ৰাইজক সজাগতাৰ দিশসমূহ কঠোৰ ভাৱে পালন কৰাৰ বাবেও সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই।

উদ্ধাৰ হল কলং নৈত নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ

নগাঁও,২৬ নবেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল কলং নৈত নিখোজ হোৱা ত্ৰিদ্বীপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) নামৰ দুই ছাত্ৰৰ মৃতদেহ। কালি দুপৰীয়া বন্ধুৰ সৈতে কলং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটা ত্ৰিদ্বীপ কলিতা আৰু বিকাশ বৰা নামৰ দুই ছাত্ৰৰ সন্ধানত এছডিআৰএফে চলাইছিল অভিযান। কালি সন্ধ্যা পৰ্য্যন্ত অভিযান চলাই এছডিআৰএফে সন্ধান উলিয়াব পৰা নাছিল নিৰুদিষ্ট ছাত্ৰদ্বয়ৰ। উদ্ধাৰ অভিযানত সহায় কৰিছিল ভোটাইগাঁৱৰ স্থানীয় ৰাইজেও। আজি পুৱাৰে পৰা পুনৰ এছডিআৰএফে নিৰুদিষ্ট ছাত্ৰদ্বয়ৰ সন্ধানত আৰম্ভ কৰে উদ্ধাৰ অভিযান। পিছে দিনৰ ১১বজা পৰ্য্যন্ত ছাত্ৰ দ্বয়ৰ কোনো সন্ধান নোলোৱাত ৰাইজে কলং নৈৰ পাৰত অদৃশ্য জনক সন্তুষ্ট কৰাৰ বাবে আগবঢ়াই গুৱা-বন্তি। অৱশেষত প্ৰায় ১বজাত উদ্ধাৰকাৰী বাহিনীয়ে ভোটাই গাঁও দলঙৰ সমীপত দুয়োগৰাকী ছাত্ৰৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছাত্ৰকেইগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠে আত্মীয় তথা ভোটাইগাঁৱৰ স্থানীয় ৰাইজৰ মাজত। অতি সাধাৰণ পৰিয়ালৰ এই দুগৰাকী কিশোৰৰ মৃত্যুক লৈ সমগ্ৰ নগাঁৱতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ছাত্ৰ দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

জামুগুৰিহাটত নতুন বিদ্যুৎ আইনৰ বিৰোধিতাৰে কৰ্মচাৰীৰ প্ৰতিবাদ

জামুগুৰিহাট, ২৬নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰিবলৈ লোৱা বিদ্যুৎ আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলাৰ জামুগুৰি বিদ্যুৎ উপসংমণ্ডৰ বিষয়া কৰ্মচাৰী সকলেও । নতুন বিদ্যুৎ আইন অনুসৰি সমগ্ৰ  বিদ্যুৎ খণ্ডটো যিহেতু ব্যক্তিগত কৰণ কৰিবলৈ লোৱা হৈছে তাৰ ফলত বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী ক্ষতিগ্ৰস্ত হোৱাৰ সামন্তৰালকৈ গ্ৰাহক ৰাইজো বিপদৰ সন্মুখীন হ’ব কিয়নো ইয়াৰ ফলত গ্ৰাহক ৰাইজে অত্যাধিক হাৰত বিদ্যুৎ মাচুল প্ৰৰিশোধ কৰিব লাগিব । দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰখনে যিহেতু এই আইনৰ বিৰোধিতা কৰিছে গতিকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই জনবিৰোধী নতুন বিদ্যুৎ আইনৰ বিৰোধিতা কৰিবলৈ বিদ্যুৎ উপসংমণ্ডটোৰ কৰ্মচাৰী সকলে দাবী জনাইছে । পুৱা ১০বজাৰ পৰা বিয়লি ৩বজালৈ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ত কৰ্মচাৰীসকলে  প্ৰতিবাদ সাব্যস্ত কৰে ।

নগাঁৱত শোকাৱহ ঘটনা : বন্ধুৰ সৈতে বিজ্ঞানৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা দুই ছাত্ৰৰ সলিল সমাধি

নগাঁও,২৫ নবেম্বৰ : নগাঁও চহৰৰ সমীপৰ ভোটাইগাঁৱত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বন্ধুৰ সৈতে বিজ্ঞানৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা দুই ছাত্ৰৰ সলিল সমাধি ঘটে।ছাত্র দুজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ভোটাইগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে । ভোটাইগাঁও হাইস্কুলৰ পিছফালে থকা কলং নৈত গা ধূবলৈ গৈ মৃত্যু ঘটা  ছাত্র দুগৰাকী উৰিয়াগাঁৱৰ বিকাশ কলিতা(১৩) আৰু ত্ৰিদ্বীপ বৰা(১৩) । জানিব পৰা মতে বিদ্যালয়ৰ আন দুই বন্ধুৰ সৈতে বিজ্ঞান বিষয়ৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ গৈছিল ত্ৰিদ্বীপ আৰু বিকাশ। ইয়াৰ পিছতে ভোটাইগাঁও হাইস্কুলৰ পিছফালে থকা কলং নৈত গা ধূবলৈ যোৱা ত্ৰিদ্বীপ আৰু বিকাশক কলং নৈৰ সোঁতে উটুৱাই নিয়ে। অৱশ্যে ত্ৰিদ্বীপ আৰু বিকাশৰ সৈতে নৈত গা ধূবলৈ যোৱা আনজন ছাত্ৰক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও দূৰ্ভাগ্যজনক ভাৱে স্থানীয় ৰাইজে চেষ্টা কৰিও ত্ৰিদ্বীপ আৰু বিকাশক বচাব নোৱাৰিলে। ইয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী আৰু  এছডিআৰএফ উপস্থিত হৈ ছাত্ৰ দুজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে সন্ধান পোৱা নাই এই দুই ছাত্ৰৰ। আনহাতে বন্ধুৰ সৈতে প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা এই দুই ছাত্ৰৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে সমগ্ৰ অঞ্চলবাসীকে। শোঁকত ভাগি পৰিছে নিখোজ হৈ থকা দুই ছাত্ৰৰ পিতৃ-মাতৃৰ লগতে ওচৰ-চুবুৰীয়া। সন্ধ্যা পৰ্য্যন্ত নিখোজ ছাত্ৰদ্বয়ৰ সন্ধানত এছডিআৰএফে  উদ্ধাৰ অভিযান চলাই আছে।