Home Blog Page 3127

২১ত কোনে শেষ হাঁহি মাৰিব মাজুলী সমষ্টিত !

‘২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু ৫০টা দিন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নদীদ্বীপ মাজুলী সমষ্টিটো তুংগত হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ। যোৱা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটেৰে জয় লাভ কৰা সৰ্বানন্দ সোণোৱালৰ বাবে ‘২১ৰ নিৰ্বাচন এক বৃহৎ প্ৰত্যাহ্বান যে হ’ব সেইটো নিশ্চিত।

‘মাজুলী’ মহকুমাক জিলা হিচাপে ঘোষণা কৰিয়ে যোৱা কেইবাটাও বছৰ নীৰৱ ভূমিকা পালন কৰা সোণোৱালৰ যোৰহাট-মাজুলী সংযোগী দলঙ নিৰ্মাণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও বৰ্তমান প্ৰায় কাৰ্যকৰী অৱস্থালৈ আগবাঢ়িছে। তদুপৰি শেষৰ দুটা দশক যদি লক্ষ্য কৰা যায়, যোৱা ৪টা বছৰতে মাজুলী সমষ্টিৰ স্থল পথসমূহ যথেষ্ট স্বাভাবিক হৈছে বুলি অনুমান কৰিব পাৰি। আনহাতে উক্ত সমষ্টিটোৰ পৰাই ৰাজ্যৰ প্ৰাক্তন জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ দলৰ হৈ ‘২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত। ৰাইজৰ দল আৰু এজেপি মিত্ৰজোঁটৰ হৈ সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ এজেপি দলৰ শিশুধৰ দলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট।‌এনে পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱালে কিদৰে ৰণকৌশল ৰচনা কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব। আনহাতে সমষ্টিটোৰ পৰা বিজেপি দলৰ হৈ যদি সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা নকৰে তেন্তে বিজেপি মিত্ৰজোঁটৰ হৈ গণ শক্তি দলৰ ৰণোজ পেগুৱেই প্ৰতিদ্বন্দিতা কৰাটো একপ্ৰকাৰৰ নিশ্চিত। অৱশ্যে ৰাজীৱ লোচন পেগু, শিশুধৰ দলে আৰু ৰণোজ পেগুৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’লে মিছিং সম্প্ৰদায়ৰ ভোট বিভাজনে বিজেপি দলটোক শলকেঠত পেলাব। কিন্তু এটা কথা নিশ্চিত যে বিজেপি দলৰ প্ৰতি সমষ্টিবাসীৰ আস্থা বৰ্তমানৰ দৰে প্ৰকট থাকিলে সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰিলে শেষ হাঁহি মৰাটো নিশ্চিত।

প্ৰেমৰ জালত পেলাই বৰ্হিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কিশোৰীক

দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে লাভজেহাদৰ দৰে ঘটনা সংঘটিত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এইবাৰ নগাঁৱতো এনে ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ মতে নগাঁও জিলাৰ ননৈৰ বাবুল খান নামৰ এজন যুৱকে ফেচবুকত নিজকে বাবুল দাস বুলি পৰিচয় দি নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলায়। বৰ্তমান বৰ্হিৰাজ্যত কৰ্মৰত যুৱকজনৰ পৰিয়ালৰ লোকে কালি নিশা ৰহাৰ পৰা কিশোৰীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছত কালি নিশাই নগাঁৱৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। বাবুল খান নামৰ যুৱকজনে নিজকে বাবুল দাস বুলি পৰিচয় দি  হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীৰ সৈতে  ফেচবুকত চিনাকি হোৱাৰ পিছত প্ৰেমত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি বাবুল খান নামৰ যুৱকজনে কিশোৰীগৰাকীক বহিঃৰাজ্যত নি বিক্ৰীৰ পৰিকল্পনা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।নগাঁৱত এনে ঘটনা পূৰ্বতে সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে।

আদালতৰ ৰায় অৱমাননা শিক্ষাবিভাগৰ

ৰাজ্য চৰকাৰে টেট উত্তীৰ্ণ নতুন নিযুক্তি আৰু বিদ্যালয় প্ৰদেশিকৰণেৰে এক বৃহৎ নতুন চমক সৃষ্টি কৰাৰ সময়তে অন্যায়ভাবে এগৰাকী টেট উত্তীৰ্ণ শাৰীৰিক ভাবে অক্ষম মহিলাক নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ খবৰ পোহৰলৈ আহিছে । 

ৰাজ্যখনৰ সৰ্বশিক্ষা মিচন ডাইৰেক্টৰে বিগত বৰ্ষৰ ২৪ছেপ্টেম্বৰ তাৰিখে নিযুক্তিৰ বাবে ঘোষণা কৰা বিজ্ঞাপন মৰ্মে শ্বৰিফা খাতুন নামৰ টেট উত্তীৰ্ণ শাৰিৰীক ভাবে অক্ষম মহিলা গৰাকীয়ে জ’ন-৩ যোগ্যতা অৰ্জনেৰে মৰিগাও জিলাত উচ্চ প্ৰাথমিক বিদ্যালয়ত আবেদন নং.২০০০৬০৯৮ মৰ্মে আবেদন কৰে আৰু সেইমৰ্মে দ্বিতীয় প্ৰাথমিক বাচনি তালিকাত মৰিগাও জিলাৰ দুটা শাৰীৰিক ভাবে অক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত পদৰ বিপৰীতে এটাত এই মহিলা গৰাকীৰ নাম বাচনিত অন্তৰ্ভুক্ত হয়।

কিন্তু অতি পৰিতাপৰ বিষয়যে, ৫০ বছৰ পৰ্যন্ত নিযুক্তিৰ বাবে আবেদন কৰিব পৰা এই মহিলা গৰাকীয়ে ৪০ বছৰ পিছত ডিএল এড,শিক্ষক প্ৰশিক্ষণ ডিগ্রী লোৱাৰ অজুহাত দেখুৱাই যোৱা চলিত বৰ্ষৰ ৬জানুৱাৰীত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত  অনুষ্ঠীত হোৱা নথি পৰীক্ষণ অনুষ্ঠানত এই মহিলা গৰাকীৰ নাম চূড়ান্ত বাচনি তালিকাত বাদ পেলাই ।

উল্লেখনীয় যে, যি সময়ত শাৰীৰিক ভাবে অক্ষম প্ৰাৰ্থীয়ে ৫০ বছৰ বয়স পৰ্যন্ত চাকৰিৰ বাবে আবেদন কৰিব পাৰে ঠিক তেনেসময়ত  ৪০ বছৰ বয়সৰ পিছত ডি এল এড উত্তীৰ্ণ হোৱাৰ বাবে নিযুক্তিৰ পৰা বঞ্চিত কৰাটো অযুক্তিকৰ । মৰিগাঁও জিলাৰ লাহৰিঘাটৰ গৰখীয়াখুটি(কাঠনি)নিবাসী এই শাৰিৰীক ভাবে অক্ষম প্ৰাৰ্থী গৰাকীয়ে হতাশা আৰু নিৰাশাত ভুগি গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ (পি চি) ৩৮০/২০২১ নম্বৰত এক গোচৰ কৰে । আদালতে শুনানি গ্ৰহণ কৰি চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰী তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে লগতে চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত জিলাখনৰ এই দুটা পোষ্টৰ বিপৰীতে নিযুক্তি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে  । কিন্তু আদালতৰ এই ৰায়ক   বৃদ্ধা্ংগুষ্ঠ দেখুৱাই যোৱা৫ফেব্ৰুৱাৰী/২০২১তাৰিখে এই পদ দুটাৰ বিপৰীতে নিযুক্তি প্ৰদান কৰে। এনে অন্যায় পূৰ্বক নিযুক্তিয়ে ৰাজ্য চৰকাৰকৰ নিকা ভাবমূৰ্তি এক অমোচনীয় কালিমাহে সানিছে বুলি সৰ্বত্ৰে চর্চিত হৈছে । সেয়েহে টেট উত্তীৰ্ণ হৈ বাচনি তালিকাত নাম থকা এই শাৰীৰিক ভাবে অক্ষম মহিলা গৰাকীক শিক্ষা বিভাগে নিযুক্তি দিবলৈ পৰিয়ালটোৱে   শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে।

পুলুৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ

কাশ্মীৰৰ সেই ৰক্তাক্ত দিনটোত দেশে হেৰুৱাইছিল ৪০জনকৈ বীৰ সন্তানক। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলুৱামাত চিআৰপিএপৰ কনভয়ত চলোৱা হৈছিল ভয়ংকৰ আক্ৰমণ। শ্বহীদ হৈছিল ৪০জনকৈ জোৱান।

আত্মঘাতী বোমা আক্ৰমণকাৰীৰ গাড়ীয়ে চিআৰপিএফৰ কনভয়ত খুন্দা মাৰিছিল। এই আক্ৰমণত ৪০জন জোৱানৰ মৃত্যু হৈছিল।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এ চাৰ্জশ্বীট দাখিল কৰে। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ নেতা মাছুদ আজাহাৰ আৰু তেওঁৰ ভাতৃ ৰৌফ আজগৰৰ নাম মূল ষড়যন্ত্ৰকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

পুলুৱামা আক্ৰমণত ব্যৱহাৰ হোৱা আৰ ডি এক্স পাকিস্তানৰ পৰাই যে আহিছিল তাৰ প্ৰমান তদন্তকাৰী সংস্থাটোৱে দাখিল কৰিছে। সেইদৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰমানো এন আই এ দাঙি ধৰিছে।

আনহাতে, ঘটনাৰ সৈতে জড়িত হোৱাটছএপ চ্যাট, মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ’, কল লিষ্টকে ধৰি এন আই এৰ হাতত বহুত প্ৰমান আছিল।

এন আই এৰ ষড়যন্ত্ৰকাৰীসকলৰ তালিকাত প্ৰায় ২০ জনৰ নাম আছে। ইয়াৰ মাজত আদিল আহমেদ ডৰ, চাকিব বছিৰ মাৰগ্ৰে, মহম্মদ ইকবাল, বিলাল আহমেদ কুচে আৰু ওমৰ ফাৰুক। তদুপৰি, চাৰ্জশ্বীটত লস্কৰৰ কেইবাজনো স্থানীয় কৰ্মীৰ নামো আছে।

পুলুৱামাৰ সেই ভয়ংকৰ ঘটনাৰ আজি দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশবাসীয়ে শ্বহীদ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছে।

বটদ্ৰৱা কংগ্ৰেছে এৰি নিদিয়ে আঞ্চলিক গণমৰ্চাক, নগাঁৱত কংগ্ৰেছৰ অসম বচাওক অভিযান

বটদ্ৰৱাত আমাৰ কংগ্ৰেছ দলৰ ভেটি যথেষ্ট শক্তিশালী, সেয়ে বটদ্ৰৱাত আমি নিৰ্বাচন খেলাটো খাটাং, বটদ্ৰৱা এৰি দিয়াৰ প্ৰশ্নই নুঠে”- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ। আজি গুৰুজনাৰ জন্মস্থান বৰদোৱা থানৰ পৰা নগাঁৱৰ ধিং গেটত পথসভা কৰি উভতাৰ পথত কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখতে এই মন্তব্য নেতা গৰাকীৰ। উল্লেখযোগ্য যে, মিত্ৰজোটে বটদ্ৰৱা আসনখন আঞ্চলিক গণমৰ্চাক এৰি দিয়াৰ কথা প্ৰায় নিশ্চিত হোৱাৰ পিচতো বটদ্ৰৱাত প্ৰাৰ্থিত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা গৌতম বৰা, শিৱামণি বৰা আৰু অভিজিৎ বৰাই আবেদন দাখিল কৰিছে। সেয়ে বটদ্ৰৱাত প্ৰস্তাৱিত মহাজোটৰ অংকত আউল লগাৰ সম্ভাৱনাই দেখা দিছে। কেন্দ্ৰীয় নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্য্যবেক্ষক জিতেন্দ্ৰ সিঙ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ ৰিপুণ বৰা, বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এই অসম বচাও অভিযানত উপস্থিত থাকে নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা শান্তনু শৰ্মাৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়াক

জুবিন গাৰ্গৰ কণ্ঠেৰে কভিড সেনানীসকললৈ উছৰ্গিত “মন্দিৰ মছজিদ “

২০২০ বৰ্ষটো মানৱজাতিৰ বাবে এটা পাহৰিব নোৱাৰা বছৰ।কভিড-১৯ ৰ আতংকই ছানি ধৰা সেই সময়খিনিত সন্মুখৰ শাৰীত থাকি যুঁজ দিয়া সেনানীসকলৰ ভিতৰত অন্যতম আছিল চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। নিজৰ পৰিয়ালৰ পৰাও আঁতৰি অহৰহ কভিড আক্ৰান্ত ৰোগীসকলৰ সৈতে তেওঁলোকে সময় পাৰ কৰিবলগা হৈছিল।নিজৰ জীৱনক বাজীত লগাই তেওঁলোকে যুঁজিছিল অদৃশ্য ভাইৰাছটোৰ বিৰুদ্ধে ।
এই শুভ্ৰবৰ্মী সৈনিকসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা যাচি কবি/ গীতিকাৰ মেঘালী গগৈৰ কলমেৰে সৃষ্টি হ’ল “মন্দিৰ মছজিদ “শীৰ্ষক এটি গীত।সেই সময়ছোৱাত চিকিৎসাকৰ্মীসকলৰ মানসিক অৱস্থা তথা শাৰীৰিক কষ্টৰ কথা প্ৰতিফলিত হোৱা গীতটিৰ আৱেগে জোকাৰি যোৱা অসমৰ এগৰাকী প্ৰতিভাৱান সংগীতকাৰ পাৰ্থপ্ৰতিম দাসে অতি সুন্দৰকৈ গীতটি সুৰেৰে সজাই তুলিলে।গীতটিৰ অন্তৰ্নিহিত আৱেগ তথা সহমৰ্মিতাত অভিভূত হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সোণালী কণ্ঠত গীতটি বাণীবদ্ধ হ’ল।।গীতটিৰ ভিডিঅটিত অনুপ্ৰাস দাসৰ নিৰ্দেশনাত অংশগ্ৰহণ কৰিলে নৃত্যশিল্পী ৰাজ চাংমা আৰু নৱনীতা চৌধুৰীয়ে।দুয়োজন শিল্পীৰ অভিনৱ নৃত্যশৈলীৰে জীৱন্ত হৈ উঠিল “মন্দিৰ মছজিদ যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনা গীতটিৰ অডিঅ তথা ভিডিঅটি “ঝংকাৰ-দি মিউজিকেল চেনেল” নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে মুক্তি দিয়া হয় ।মুক্তিৰ পিছতেই গীতটিয়ে শ্ৰোতা-দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছে ।চিকিৎসাকৰ্মীসকলৰ কষ্ট আৰু ত্যাগৰ প্ৰতি সহমৰ্মিতা তথা প্ৰেৰণাদায়ক বাৰ্তা বহন কৰা গীতটিয়ে অনুভৱী শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰা পৰিলক্ষিত হৈছে। কৰণাক্ৰান্ত এছোৱা সময়ৰ কালজয়ী দলিলৰূপে চিহ্নিত হৈছে”মন্দিৰ মছজিদ ।

ধুবুৰী ত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত ধুবুৰী অগপ ৰ নেতা সকলে বিজেপি ৰ সভাপতিৰ কুশপুত্তলিকা দাহ

Inbox

ধুবুৰী ত নিৰ্বাচন ৰ পূৰ্বে বি জে পি দল নিজৰ সহযোগী দলৰ পৰা প্ৰতি বাদী সন্মুখীন হব লগা হোৱাৰ ঘটনা ত চাঞ্চল্য ৰ সৃষ্টি হৈছে।  যোৱা কালি ধুবুৰী ৰ বিজেপি ৰ সভাপতি  দেবময় সান্যাল .মিএ জোট অগপ দলক তীব্র সমালোচনা কৰাত  আজি ধুবুৰী অগপ দলৰ নেতা সকল  বিজেপি দলৰ সভাপতি দেবময় সান্যালৰ কুশপুত্তলিকা দাহ কৰে আৰু বি ক্ষো ভ প্ৰদৰ্শন কৰে। 

মৰিগাঁও জিলাৰ জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন অনুষ্ঠিত হৈছে।

মৰিগাঁও জিলাৰ  জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে। একশৰন  ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ সেৱক,মহাপালনামৰ সাধক শংকৰদেৱ বঁটা প্ৰাপ্ত প্ৰয়াত ইলাৰাম দাসৰ জন্ম স্থান তথা একশৰন ভাগৱতী সমাজ, অসমৰ কেন্দ্ৰীয় কাৰ্যালয় জালুগুটিত বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম মঙ্গলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পূৱা ৫ বজাত প্ৰাতঃপ্ৰসংগ, ৮ বজাত ধৰ্মধ্বজা উত্তোলন,৯ বজাত বৃক্ষৰোপণ,৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা। বিয়লি ১ বজাত ভকত আদৰণি, ৩ বজাত আচাৰ্য প্ৰণাম,৩-৩০ বজাত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিনিধিৰ সাধাৰণ সভা। সন্ধিয়া ৬ বজাত জপ-যজ্ঞ অনুষ্ঠিত কৰা হ’ব। ১৩ ফেব্ৰুৱাৰী দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পূৱা ৪ বজাত শৰাই অৰ্চনা আৰু প্ৰাতঃপ্ৰসংগ, ৫ বজাত খোল প্ৰসংগ,৬ বজৰ  পৰা অষ্টপ্ৰহৰ জুৰি অখণ্ড মহাপালনাম কীৰ্তন মহোৎসৱৰ আৰম্ভণি কৰা হৈছে । সমান্তৰাল কৈ গুণমালা আৰম্ভ কৰা হ’ব। সন্ধিয়া ৭ বজাত সান্ধ্যপ্ৰসংগ। ১৪ ফেব্ৰুৱাৰী দেওবাৰে পূৱা ৬ বজাত মহাপালনাম মহোৎসৱৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনা। পূৱা ৭ বজাত ভাগৱত শোভাযাত্ৰা,১০ বজাত প্ৰসাদ বিতৰণ কৰা হ’ব। বিয়লি ২ বজাত নামকীৰ্ত্তন। নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। ১৫ ফেব্ৰুৱাৰীত পূৱা ১০ বজাত শৰণ- ভজন শিবিৰ। ১৬ ফেব্ৰুৱাৰী শেষৰ দিনা পূৱা ১০ বজাত মালাবস্ত প্ৰদান শিবিৰ আৰু সন্ধিয়া ৪ বজাত ধৰ্মধ্বজা অবতৰণ আৰু মহাপালনাম কীৰ্তন মহোৎসৱৰ সামৰণি পৰিব ।

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ কংগ্ৰেছৰ বাছ যাত্ৰা

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ বাছ যাত্ৰাৰে কংগ্ৰেছৰ ” অসম বচাও “” অভিযান : বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসনৰ পৰা অসমক পৰিত্ৰাণৰ হুংকাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয়  জিতেন্দ্ৰ সিং , পৱন সিং ঘাটোৱাৰ আৰু ৰিপুণ বৰা , দেৱব্ৰত শইকীয়াৰ দিলীপ হাজৰিকা : নাজিৰা : ১৩ ফেব্ৰুৱাৰী : –  সমগ্ৰ দেশৰ লগতে অসমতো বৰ্তমান যি অপশাসন চলাইছে , এই অপশাসন – ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি সমাগত বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনগণৰ কাষ চপাৰ লক্ষ্য ৰাখি কালি বিয়লি শিৱসাগৰস্থ শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা বাছেৰে যাত্ৰা কৰি সন্ধিয়া ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিত  ” অসম বচাও আহক ” অভিযানত  উপস্থিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেৰ্তৃস্থানীয় নেতা । এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী – অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ , ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক তথা ছত্তীশগড় চৰকাৰৰ সংসদীয় সচিব বিকাশ উপাধ্যায় , অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা , সম্পাদক চাকিল আহমেদ , বিধায়ক দেৱব্ৰত শইকীয়া , প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি প্ৰদেশ আৰু জিলা কংগ্ৰেছ কমিটীৰ ভালেকেইজন শীৰ্ষ নেতাই এই অভিযানত অংশ লয় । উজনি অসমত বিধায়ক দেৱব্ৰত শইকীয়াৰ নেৰ্তৃত্ব দিয়া এই অভিযানত অংশগ্ৰহণ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে  , সমাগত বিধান সভা নিৰ্বাচনত বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ নীতিৰ পৰা পৰিত্ৰাণ পাব অসমৰ জনগণে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়াই আত ধৰা অনুষ্ঠানটোত সভাপতি ৰিপুণ বৰাই কয় , বি জে পিয়ে মিত্ৰতা কৰিলে একো অপকাৰ নহয় , কিন্তু কংগ্ৰেছে মিত্ৰতা কৰিলে তেওলোকে সমালোচনা কৰে । আমি অসমৰ থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে মিত্ৰতা কৰিছোঁ । যিহেতু মিত্ৰতা অতীব প্ৰয়োজন । কিয়নো বি জে পিয়ে অসম বিক্ৰী কৰিবলৈ আৰু বাকী নাই । প্ৰথমতে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি জাতিটোক ধ্বংস কৰাৰ প্ৰচেষ্টা চলালে , এতিয়া বিমান বন্দৰ , কাগজ কল , অসমৰ পনীয়াসোণৰ ক্ষেত্ৰ , অ’ এন জি চি অসম সম্পদ , তেল শোধনাগাৰ বিক্ৰীৰ পৰিকল্পনা প্ৰস্তুত কৰিছে । অৱশিষ্ট কণ বচাবলৈ আমি কংগ্ৰেছে প্ৰচেষ্টা চলাইছো । দেৱব্ৰত শইকীয়াই কয় , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ক অসমৰ মানুহে এনে কি অপৰাধ কৰিলে যে , যাৰ বাবে অসমে বিশেষ ৰাজ্যৰ মৰ্যদা হেৰুৱাবলগাত পৰিল । এনে কাৰণতেই অসমে বছৰি ৮,৫০০ কোটি টকা কৈ হেৰুৱাব লগাত পৰিছে । অসমৰ উন্নয়ন মূলক কাম – কাজ স্থবিৰ হৈ পৰিছে । হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত অসমৰ ২৫ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা কৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ২ কোটি নিবনুৱাক নিযুক্তি দিয়াৰ কথা কৈছিল কিন্তু সেয়া বি জে পিয়ে পালন নকৰিলে । অনুষ্ঠানত স্থানীয় বিভিন্ন জাতি – জনগোষ্ঠীৰ ব্যক্তি – সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য দাঙি ধৰি বি জে পিৰ প্ৰৱঞ্চনা – প্ৰতাৰণা , অপশাসনৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । 

গৌৰীপুৰত এক জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল

প্ৰেমিকক নিৰ্যাতন কৰাৰ কথা শুনিছে ।কিন্তুএইবাৰ প্ৰেমিকাক অমানুষিক নিৰ্যাতন চলালে প্ৰেমিকৰ পৰিয়ালে । ৰৌৱা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা আব্দুল হামিদৰ কণ্যা ছাদিকা বেগমৰ লগত একে গাঁৱৰ বাসিন্দা হেলাৰ পুত্র আলিমুলৰ লগত তিনি বছৰীয়া প্ৰেম চলি থকাৰ পিছত বিয়া কৰাৰ প্ৰলোভন দি চলাই গৈছিল দৈহিক মিলন ।  যাৰ ফলত ছাদিকা বেগম দুমহীয়া অন্তঃসত্তা হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰেমিকা ছাদিকাই । উক্ত গৰ্ভপাত নষ্ট কৰাৰ বাবে প্ৰেমিকৰ ঘৰত মাতি নি বিদ্যুৎ খুটাত বান্ধি  প্ৰেমিকৰ পৰিয়ালে ওৰে দিন অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে প্ৰেমিকা ছাদিকাই । উপায় বিহীন হৈ ১০ ফেব্ৰুৱাৰীত গৌৰীপুৰ থানাত প্ৰেমিক আলিমুলৰ লগতে প্ৰেমিকৰ পৰিয়ালৰ সদস্য আলম, আমিনা, মজিয়া বিবি, আম্বিয়া, আকতাৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । উক্ত ঘটনাটো আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য ওলাই পৰিব ।