মদাৰখাত, ২৫ নৱেম্বৰ : সদ্য প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ অসম জুৰি শোক সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। লাহোৱালতো বিভিন্ন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লাহোৱাল ব্লক সমিতি আৰু লাহোৱাল ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। লাহোৱাল ব্লক কংগ্ৰেছৰ সভাপতি দ্বিজেন গগৈ আৰু লাহোৱাল ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ৰিতু গোঁহাইৰ উদ্যোগত লাহোৱালস্থিত ৰাজীৱ ভৱনত দলীয় পতাকা অৰ্ধনমিত কৰি তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন কৰিছে। কালি তেখেতৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰা হয়। দলীয় কৰ্মকৰ্তাসকলৰ লগতে অসম প্ৰদেশ মজদুৰ কংগ্ৰেছৰ সভাপতি মনোজ ধানোৱাৰৰ লগতে লাহোৱাল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ কোঁৱৰ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তিনিদিনীয়াকৈ এই অনুষ্ঠান আয়োজন কৰিছে। দলীয় বিভিন্ন বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাইও শ্ৰদ্ধা নিবেদন কৰিছে। কংগ্ৰেছৰ লগতে বিভিন্ন ব্যক্তি আৰু দলসমূহেও নিজাববীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে।
হোজাইত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
হোজাই, ২৪ নবেম্বৰ : হোজাই চহৰৰ নতুন বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। হোজাই নতুন বজাৰস্থিত ডাঃ তালুকদাৰৰ ঘৰত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। ডাঃ তালুকদাৰৰ ঘৰত থকা এয়াৰটেল টাৱাৰৰ জেনেৰেটৰৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্ধেহ প্ৰকাশ কৰে গৃহস্থ। কোনো লোক হতাহত হোৱা নাই যদিও অগ্নিকাণ্ডৰ ফলত তাত থকা লেবৰেটৰী ভষ্মীভূত হোৱাৰ লগতে এখন ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু ভাড়াতীয়াৰ তিনিখনকৈ ৰুম সহ প্ৰায় পাচঁ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায়। পৰবৰ্ত্তী সময়ত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়িৰে জুই নুমাবলৈ সক্ষম হয়।
নগাঁও ৰাজীৱ ভৱনৰে আত্মীক সম্পৰ্ক আছিল তৰুণ গগৈৰ : গৰাকীহীন হৈ পৰিল নগাঁও ৰাজীৱ ভৱন
নগাঁও, ২৪নৱেম্বৰ : নগাঁও ৰাজীৱ ভৱনত বৰ্তমান মৰিশালিৰ নিস্তব্ধতা। কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ লগে লগে যেন গৰাকীহীন হৈ পৰিল নগাঁও ৰাজীৱ ভৱন। এসময়ত দেৱকান্ত বৰুৱাৰ সৈতে লগ লাগি নগাঁও ৰাজীৱ ভৱনতে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিছিল সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। অসম আন্দোলনৰ পৰৱৰ্তী পৰ্য্যায়ত আৰু দেৱকান্ত বৰুৱাৰ বিয়োগৰ পিছত নগাঁও জিলা কংগ্ৰেছক পুনৰ শক্তিশালী কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে। একাধিকবাৰ কলিয়াবৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে সৰ্বদা কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ পৰা জিলা পৰ্য্যায়ৰ নেতৃত্বৰ সৈতে গঢ়ি তুলিছিল মধুৰ সম্পৰ্ক। ২০০১চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ আগলৈকে কলিয়াবৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈৰ বিৰুদ্ধে কাহানিও দলৰ মজিয়াত কোনোধৰণৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হোৱা নাছিল। বৰ্তমান নগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰা তপন শৰ্মাই আজি সংবাদ মাধ্যমক জনোৱা অনুসৰি, তেঁও অসম আন্দোলনৰ পৰৱৰ্তী পৰ্য্যায় আৰু আলফাৰ কংগ্ৰেছ বিৰোধী স্থিতিৰ সময়ত দলীয় কৰ্মীক কৰ্মত নিয়োজিত হ’বলৈ সাহস যোগাইছিল। মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পিছতো প্ৰয়াত তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈ আৰু তেঁওৰ পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল। সেয়ে মৃত্যুৰ সময়লৈকে নগাঁও ৰাজীৱ ভৱনৰে আত্মীক সম্পৰ্ক আছিল তৰুণ গগৈৰ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিধায়ক পদ্ম হাজৰিকাৰ শোক ; তৰুণ গগৈৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপুৰণীয় ক্ষতি : ৰাণা প্ৰতাপ বৰুৱা
জামুগুৰিহাট,২৪ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰাৰ দৰেই গভীৰ শোক প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ আৰু ব্যক্তিবিশেষে ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু ৰাজ্যখনৰ সমাজ জীৱণৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে ৷ অসমৰ সমাজ জীৱনত তেখেতৰ অভাৱ কোনো কালে পূৰণ নহ’ব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে থকা ব্যক্তিগত সম্পৰ্ক মধুৰ আৰু চিৰস্মৰণীয় আছিল বুলি উল্লেখ কৰি বাৰেচহৰীয়া ভাওনা উদযাপন আৰু সফল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ অৱদান চতিয়া সমষ্টিবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব বুলি উল্লেখ কৰি শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা সমিতিয়েও কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে তৰুণ গগৈৰ মৃত্যু অসমৰ ৰাজনীতি জগতৰে নহয় সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সভাপতি দীনেশ মহন্ত আৰু প্ৰধান সম্পাদক শ্ৰীমন্ত ভূঞাইও প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ শোণিতপুৰ জিলা প্ৰাক্তন সৈনিক সন্থাইও গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি এনে এগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তিক হেৰুওৱাতো ৰাজ্যখনৰ বাবেই এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী বিচক্ষণ ৰাজনৈতিক নেতাক হেৰুৱাওতো অসমৰ ৰাইজৰ বাবেই অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷ এজেৱাইচিপি শোণিতপুৰ জিলা সমিতিয়েও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আজি লাচিত দিৱসৰ অনুষ্ঠানত মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে বুলিও প্ৰকাশ কৰে জিলা সভাপতি বিশ্বজিত কলিতাই ৷
গুৱাহাটী প্ৰেছ ক্লাৱত বন্ধন বেংকক “মহিলা সৱলীকৰণ বঁটা” প্ৰদান
গুৱাহাটী ২৪ নবেম্বৰ : অসমৰ জনপ্ৰিয় আৰু বহুল প্ৰচাৰিত পাব্লিক প্ৰেছ ৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান যোৱা ২৩ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত সফল সামৰণি পৰে। উক্ত অনুষ্ঠানত পাব্লিক প্ৰেছ ৰ ১০ গৰাকী সাংবাদিকক বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান কৰাৰ লগতে অসমৰ গ্ৰাম্য অৰ্থনীতিত যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা “বন্ধন বেংকক” এই বছৰৰ শ্ৰেষ্ঠ বটা “মহিলা সৱলীকৰণ বঁটা” প্ৰদান কৰা হয় ।আমাৰ অসম কাকতৰ সহ সম্পাদক গৌতম শৰ্মাই এই বটা প্ৰদান কৰে ৷ বন্ধন বেংকৰ হৈ বটা গ্ৰহণ কৰে বন্ধন বেংক গুৱাহাটীৰ আঞ্চলিক পৰিচালক দেৱদ্বীপ ভৰদ্বাজ , সহকাৰী টেৰটৰি মেনেজাৰ কংকন ডেকা আৰু কমিউনিকেচন টিম মেম্বাৰ অজয় কুমাৰ শীলে ৷ পাব্লিক প্ৰেছৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলক তথা “মাই নিউজ” প’ৰ্টেল চেনেলৰ মূখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে কয় যে, সাংবাদিকতা এটা সময়ত সেৱামূলক বৃত্তি আছিল। এতিয়া ৰাজনীতি আৰু ব্যৱসায়ে সাংবাদিকতা গ্ৰাস কৰিলে। সংবাদ জগতত বহু অশিক্ষিত সাংবাদিকৰ প্ৰৱেশ ঘটিল। যাৰ বাবে সংবাদ জগতত অৱক্ষয় ঘটিছে। বিশিষ্ট সাংবাদিক গৰাকীয়ে লগতে কয় যে, টিভিৰ আদৰ কমিছে। ম’বাইলত বাতৰি ছোৱাৰ প্ৰৱণতা বাঢ়িছে। মুকলি সভাত মূখ্য অতিথি ৰূপে অসম সাহিত্য সভাৰ মূখ্য সম্পাদক যাদৱ শৰ্মা, বিশিষ্ট অতিথি নাৰী মুক্তি অসম, সভানেত্ৰী ড০ নম্ৰতা শৰ্মা, আমণ্টিত অতিথি ৰূপে বিশিষ্ট সমাজকৰ্মীক্ৰমে সুবীৰ কুমাৰ দাস, ধমেশ্বৰ কোঁৱৰ, যুৱনেতা কমল কুমাৰ মেধি উপস্থিত থাকে। ইফালে আজি মুকলি সভাত পাব্লিক প্ৰেছৰ তৰফৰ পৰা সাংবাদিক প্ৰণয় বৰদলৈ, গৌতম শৰ্মাক, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, বিশিষ্ট সমাজকৰ্মী ধমেশ্বৰ কোঁৱৰ, গুৱাহাটী বন্ধন বেংকৰ আঞ্চলিক পৰিচালক দেৱদ্বীপ ভৰদ্বাজক এখন মানপত্ৰ আৰু জাপিৰে সম্বধৰ্না জনোৱা হয়। তদুপৰি ধুবুৰীৰ ডি ৱাই-৩৬৫ ৰ ৰাজীৱ শৰ্মাক সাহসী সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। ইফালে সভাৰ পূৰ্বে পাব্লিক প্ৰেছৰ মূখ্য সম্পাদক অনিৰ্বাণ সেনে আঁত ধৰা মত বিনিময় অনুষ্ঠানত মনোজ কুমাৰ গগৈ, বিশ্বজিৎ চক্ৰৱৰ্তী,ৰঞ্জিত ভূঞা, অৰ্পূব বৰা, উদ্ধৱ চন্দ্ৰ দাস, উপাসনা শৰ্মা, নিৰলা ডেকা মুকুল ভূঞাই নিজৰ অনুভৱ ব্যক্ত কৰে।
দিনতেই হোজাইৰ এখন পথাৰত বীৰদৰ্পে প্ৰদেশ গজৰাজ
হোজাই, ২৪ নবেম্বৰ: হোজাইৰ কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ খন্ধানত দিনতেই উলাই অহিল গজৰাজ। যোৱাকালি দিনৰ প্ৰায় ৩ বজাত বনাঞ্চলৰ পৰা ওলাই আহি কোমোৰাকটা, ৰাইকটা, বিষ্ণুপুৰ আৰু দিঘলবালি ধাননী পথাৰৰ মাজেদি বীৰদৰ্পে আগুৱাই যায়। বন্য হস্তীটোৱে দিনতেই গাওঁত প্ৰবেশ কৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ। বন্য হস্তীটোৱে প্ৰৱেশ কৰাৰ সময় পথাৰত থকা দাৱনী সকলৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় যদিও কথমতি ৰক্ষা পৰে দাৱনীসকল। অৱশ্যে পৰবৰ্ত্তী সময়ত স্থানীয় ৰাইজে কাৰো কোনো ক্ষতি নোহোৱাকৈ দিঘলবালি বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয় বন্যাহস্তীটোক।

ৰাইজৰ ৰোষত পৰিছে বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল : কলা পতাকাৰে আদৰনি
ডবকা, ২৩ নৱেম্বৰ : AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ তনয় বিধায়ক আব্দুৰ ৰহিম আজমল ৰাইজৰ ৰোষত পৰা ঘটনাই হোজাই জিলাত ব্যাপক চৰ্চা আৰাম্ভ হৈছে । বিগত প্ৰায় এবছৰৰ পৰা ৯০ নং যমুনামুখ সমষ্টিত অনুপস্থিতিত হৈ আছিল বিধায়ক গৰাকী। চলিত বৰ্ষত সমষ্টিটোত ৮ বাৰকৈ বানপানীৰ কবলত পৰিছিল যমুনামুখ সমষ্টিবাসী, মহামাৰী কৰোনাৰ সময়তো খবৰ নাছিল বিধায়ক গৰাকীৰ । বিধায়ক গৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমতো ব্যাপক সমালোচনা আৰাম্ভ কৰিছিল সাধাৰণ জনতাই । বিধায়ক গৰাকী নিৰুদ্দেশ হোৱা বুলি ৱাটচাপ ফেচবুক যোগে একাংশই ট্ৰেণ্ড আৰাম্ভ কৰিছিল । দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত আজি বিধায়ক গৰাকী উপস্থিত হয় যমুনামুখ সমষ্টিত। সমষ্টিত উপস্থিত হোৱাৰ পিছতেই ক্ষোভিত ৰাইজৰ ৰোষত পৰে যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ বিধায়ক গৰাকীক দেখওৱা হয় কলা পতাকা ৷ যমুনামুখ সমষ্টিৰ কপাহবাৰীত সংঘটিত হৈছে এই ঘটনা ৷ কপাহবাৰী অঞ্চলত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যাওতে একাংশ লোকে কলা পতাকা দেখুওৱায় বিধায়ক গৰাকীক আদৰনি জনায় ৷ বিধায়ক গৰাকী দীৰ্ঘদিন ধৰি সমষ্টিত অনুপস্থিতিত থকাৰ বাবেই ক্ষোভিত হৈ পৰে সমষ্টিবাসী ৷ ইফালে বিধায়ক গৰাকীৰ সভাতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। একাংশ লোকে বিধায়ক গৰাকীক বিভিন্ন প্ৰশ্নৰে জবাবদিহী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । উল্লেখযোগ্য যে বিধায়ক গৰাকী সমষ্টিবাসীক পিঠি দি একাংশ নেতা পালিনেতাক সমষ্টি ঠিকা দিয়াৰ অভিযোগ বহু জনৰ। অৱশ্যে ধন কুবেৰ আজমল বাহিনীয়ে সমষ্টি বাসীক কি বুজনি বা কি পদক্ষেপ গ্ৰহণ কৰি সমষ্টি উদ্ধাৰ কৰিব সেয়া লক্ষণীয় হব ।
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যায়ত ৭২ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস পালন
জামুগুৰিহাট, ২৩ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি চতিয়া বিধান সভা সমষ্টিৰ উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী গোটে আজি দিনযোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ত পালন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড. অজিত হাজৰিকাই পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰী অধ্যাপক গোলাপ কলিতাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক ড. তিলক শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড. অজিত হাজৰিকাই ছাত্ৰ জীৱনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৰুত্ব আৰু মহত্বৰ ওপৰত এক মনোজ্ঞ ভাষণ আগবঢ়ায়। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰে ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক গোলাপ কলিতাই ছাত্ৰ-ছাত্ৰীসকলে জীৱনত কিদৰে আগবাঢ়িলে সফলতা লাভ কৰিব পাৰি তাৰ এক দিশ-দৰ্শন প্ৰস্তুত কৰে। অৱসৰী উপাধ্যক্ষ গণেশ পাঠক, অধ্যাপক ড. অমল শইকীয়া, শিক্ষক বাণেশ্বৰ বৰায়ে সভাত নিজৰ চমু ভাষণ প্ৰস্তুত কৰে। শিক্ষাৰ্থী বাহিনীৰ কেডেট কল্যাণদ্বীপ বৰাই ছাত্ৰ জীৱন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকতাৰ বিষয়ে এক মননশীল ভাষণ আগবঢ়ায়। সভাত স্থানীয় বিদ্যালয়সমূহৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়কসকল যথাক্ৰমে অঞ্জন বাচকোটা, কমল ভট্টৰাই, সৌৰভ শৰ্মা, অধ্যাপক খঞ্জন কুমাৰ দাসকে মুখ্য কৰি অনেক গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। মুকলি সভাৰ পিচতেই ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰে। মহাবিদ্যাখনৰ ছাত্ৰ-ছাত্ৰী যথাক্ৰমে জয়ন্ত মেধি, অমনদ্বীপ বৰা, ৰীতা চৌধুৰীয়ে মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানভাগৰ আঁত ধৰে ।
| ReplyReply allForward |
পুৰাতত্ত্ব বিভাগৰ দ্বাৰা নাজিৰাৰ ঐতিহাসিক বৰপুখুৰী পৰিদৰ্শন
নাজিৰা, ২৩ নৱেম্বৰ : নাজিৰা নগৰৰ মাজমজিয়াত তথা ৮নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত নাজিৰা জিলা সাঁতোৰ সন্থাৰ উদ্যোগত “সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ” স্থাপন কৰিব বিচৰা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে এই পুখুৰীৰ ঐতিহ্য ৰক্ষাৰ বাবে নাজিৰাৰ মহকুমা প্ৰশাসনৰ লগতে শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু ৰাজ্যিক মন্ত্ৰী যোগেন মহনক অনুৰোধ জনোৱাৰ পিছত ২২ নবেম্বৰ তাৰিখে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ উপ সঞ্চালক নৱজিত দেউৰীৰ নেতৃত্বত পুৰাতত্ত্ব বিভাগৰ লোকে এই পুখুৰীটো পৰিদৰ্শন কৰি বিভাগীয় ভাবে এই ঐতিহাসিক সম্পদ সংৰক্ষিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি স্থানীয় ৰাইজক অৱগত কৰে ৷ পৰিদৰ্শনকাৰী দলটোত শিৱসাগৰ জিলাৰ পুৰাতত্ত্ব বিষয়া কংকনজ্যোতি শইকীয়া, ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া সহ পুৰাতত্ত্ব বিভাগৰ আন বহুকেইজন লোক উপস্থিত আছিল ৷ উল্লেখ্য যে আহোম ৰজাৰ স্মৃতি বিজড়িত ঐতিহাসিক জয়খামদাঙ খাট পথাৰৰ দুৱাৰমুখত অৱস্থিত এই ঐতিহাসিক পুখুৰীটো বজাৰ পুখুৰী, কুঁৱৰী পুখুৰী বা বৰপুখুৰীৰ নামেৰেও জনাজাত ৷ এই পৌৰাণিক পুখুৰীৰ ঐতিহ্য বিনষ্ট কৰি ইয়াত চুইমিং পুল স্থাপনৰ বিৰোধিতা কৰি সংশ্লিষ্ট অঞ্চলৰ ৰাইজে গঠন কৰা ” বৰপুখুৰী সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধন সমিতি”য়ে এই পুখুৰীটোৰ সংৰক্ষণৰ বাবে চলাই অহা নিৰন্তৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ৰাজহ মন্ত্ৰীৰ উদ্যোগত ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ বিষয়াই পুখুৰীটো সংৰক্ষণ কৰাৰ আশ্বাস দিয়াৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী যোগেন মহনৰ এই ইতিবাচক পদক্ষেপৰ শলাগ লৈছে ৷
শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীত শিশু বাটিকা কৰ্মশালা সমাপন
ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰীত আজি অংকুৰ আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাতৃ সকলক লৈ শিশু বাটিকা কৰ্মশালা অনুষ্ঠিত হয়। নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সোমেশ্বৰ কলিতাই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে শিশু বাটিকা কৰ্মশালা। শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীত অনুষ্ঠিত হোৱা শিশু বাটিকা কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে তিনিচুকীয়া সংকুলৰ শিশু বাটিকা প্ৰমুখ বন্তি বৰা, নিকেতনৰ আচাৰ্য্যা ৰাণু শইকীয়া আৰু পূৰ্ণিমা খনিকৰ। আজিৰ শিশু বাটিকা কৰ্মশালাত প্ৰশিক্ষক সকলে মাতৃ সকলক শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ, ছাত্ৰ-ছাত্ৰী সকলৰ বিকাশৰ বাবে নৃত্য, গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ কৰ্মশালাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিনিচুকীয়া সংকুলৰ সংকুল প্ৰমুখ মোহন ছেত্ৰীৰ লগতে নিকেতনৰ আচাৰ্য্য- আচাৰ্য্যা উপস্থিত । আজি শিশু বাটিকা কৰ্মশালাত প্ৰায় অৰ্ধ শতাধিক অভিভাৱিকা উপস্থিত থাকে ।










