নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱাই পথৰ দাঁতিত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে পিচত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।যুৱকজনৰ নাম সুশীল বুলি জানিব পৰা গৈছে।তেওঁ আৰক্ষী কনিষ্টবলৰ পুত্ৰ বুলিও চৰ্চিত হৈছে।জিনচ পেন্ট,জেকেট আৰু জোতা পৰিহিত যুৱকজনৰ মৃতদেহটোৰ কাষত এটা মবাইল ফোন পৰি থকাও দেখা পোৱা গৈছে।তদুপৰি যুৱকজনৰ এখন হাতত এটা চিৰিঞ্জ আছে।স্থানীয় একাংশলোকে যুৱকজনৰ হাতত চিৰিঞ্জ থকালৈ চাই তেওঁ ড্ৰাগছ আসক্ত আছিল বুলি আৰু অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিচতহে যুৱকজনৰ মৃতদেহৰ প্ৰকৃত কাৰণ উন্মোচিত হব।তাৎপৰ্যপূৰ্ণ যে শেহতীয়াকৈ নগাঁও চহৰ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে।নৱ প্ৰজন্মৰ একাংশৰ মাজত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱা কাৰ্য উদ্বিগ্নতাৰ কাৰণ হিচাপে বিবেচিত হৈছে।
গোলাঘাট জিলা কংগ্ৰেছৰ টিকট আৱেদনকাৰীৰ নাম ঘোষণা
আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ কংগ্ৰেছৰ টিকট আবেদনকাৰী সকলৰ নাম ঘোষণা । গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছৰ জিলা সভাপতি দাদু তায়ে ঘোষণা কৰে আবেদনকাৰী সকলৰ নাম । টিকটৰ বাবে আবেদন কৰা নাম সমূহ হ’ল ৯৫ নং গোলাঘাট সমষ্টিৰ সাগৰিকা বৰা, দেৱব্ৰত ফুকন ,দীপেন বৰা, ব্ৰজেন কুমাৰ তালুকদাৰ, ভূপেন ৰাজখোৱা, সুশান্ত বৰা, অনিল বৰা,জিতেন বৰুৱা,মদন বৰা,প্ৰণৱ গগৈ, গোলাপ শইকীয়া, দীপাংকৰ বৰা । ৯৬ নং খুমটাই সমষ্টিৰ বিস্মিতা গগৈ । ৯৪ নং সৰুপথাৰ সমষ্টি ৰ’জলিনা তিৰ্কী,পল্লব জ্যোতি চেতিয়া, ডঃ অভিষেক তিৰ্কী , বালিকা লাহন পেগু, ৰত্ন গগৈ, ব্ৰজেন কুমাৰ সন্দিকৈ, নিলাকৰ তাছা। ৯৩ নং বোকাখাত সমষ্টিৰ দাদু তায়ে , হৰি প্ৰসাদ শইকীয়া ,পৰাগ শইকীয়া ,তপন কৰ্মকাৰ , মিনতি দলে, জিতেন শইকীয়া । ৯৭ নং দেৰগাঁৱৰ কৃষ্ণকান্ত দাস, ডঃ ৰামানন্দ দাস , বাণী হাজৰিকা, ৰঞ্জিত বৰা , মণি ৰুপা দাস, কুকিল চন্দ্ৰ দাস, প্ৰভাত কুমাৰ দাস।
মাজুলী মহাবিদ্যালয় ছাত্র একতা সভা এবিভিপিৰ দখলত
মাজুলীৰ উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সকলে বিপুল ভোটত জয়লাভ কৰে। ক্ৰমে এবিভিপিৰ হৈ সভাপতি পদত সঞ্জয় ৰেগণ, উপ:সভাপতিৰ পদত কমলাকান্ত পায়েং, সাধাৰণ সম্পাদকৰ পদত আকাশ পেগু,সাংস্কৃতিক সম্পাদিকাৰ পদত নিহাৰিকা শইকীয়া,তৰ্ক সম্পাদিকাৰ পদত জ্যোৎস্না গায়ন,উৎসৱ সম্পাদকৰ পদত পার্থ কলিতা আৰু আলোচনী সম্পাদকৰ পদত দেৱজিৎ শইকীয়াই বিজয় লাভ কৰে। বৃহৎ ব্যৱধানত বিদ্যাৰ্থী পৰিষদে বিপুল ভোটত জয়লাভ কৰাত মহাবিদ্যালয় খনৰ সকলো এবিভিপিৰ কাৰ্যকৰ্তা উল্লাসিত হৈছে । জয়লাভ কৰা সকলো সদস্যকে জিলা সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোণোৱাল , ৰাজ্যিক কাৰ্যনিৰ্বাহক ভাৰ্গব প্ৰতীম বৰুৱা,সংযোজক লোহিত বৰুৱাই অভিনন্দন জনায়। আৰ.এছ.এছ.ৰ জিলা কাৰ্যবাহ ত্ৰিণয়ন দত্ত, এবিভিপিৰ প্ৰাক্তন ৰাজ্যিক যুটীয়া সম্পাদক বিশ্বজিৎ খাউণ্ডেও সকলো বিজয়ী প্ৰাৰ্থীলৈ অভিনন্দন জনায়।
নগাঁৱৰ পথৰ দাঁতিৰ পৰা উদ্ধাৰ নিচাজাতীয় ঔষধ
নগাঁৱত যেন এতিয়া ৰাস্তাই ঘাটে সুলভ হৈ পৰিছে নিচাজাতীয় ঔষধ। চহৰখনৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ়ি উঠিছে ড্ৰাগছৰ ঘাটি। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে দৈনিক অভিযান চলাইও যেন সফল হ’ব পৰা নাই। আজি নগাঁৱৰ ছোট’হয়বৰৰ পৰা জব্দ হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। ছোটহয়বৰৰ ৰাজপথত পৰি থকা অৱস্থাত নগাঁৱৰ মৰিকলং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধখিনি। মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে ঔষধখিনি। কোনো সৰবৰাহকাৰীয়ে নিচাজাতীয় ঔষধখিনি পেলাই পলায়ন কৰাৰ সন্দেহ কৰা হৈছে।
বাজেট ২০২১-২২ গীতাৰ শ্লোকেৰে বাজেট পাঠ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে বাজেট। গীতাৰ শ্লোকেৰে বাজেট পাঠ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট ।বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে সম্বোধন কৰি কয় যে।”৫ বাৰকৈ বাজেট দাখিল কৰাটো মোৰ বাবে সৌভাগ্য”।ৰাজ্যিক ঘৰুৱা উতপাদনৰ হাৰ ৭.৭১ শতাংশ ।কেন্দ্ৰৰ পূঁজিৰে ১৬ শতাংশ জি এচ টি লাভ কৰিছে অসমে ।অসমে ১৬,৫২৯ কোটি টকা ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে।৮.১৬ শতাংশ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।ৰাজ্যৰ শোচনীয় আৰ্থিক অৱস্থা সুস্থিৰ হৈ পৰিছে।
দ্বি-বাৰ্ষিক অভিৱৰ্তন ওদালগুৰি জিলা শৰণীয়া কছাৰী সন্মিলনীৰ
শৰণীয়া কছাৰী জনগোষ্ঠীৰ শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক,আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশত ন্যায্য প্ৰাপ্তি বাবে অধিকাৰ সাব্যস্ত কৰিবলৈ জন্ম গ্ৰহণ কৰা শৰণীয়া কছাৰী সন্মিলনী অসমৰ ওদালগুৰি জিলাৰ চতুৰ্থ সংখ্যক দ্বি-বাৰ্ষিক অভিৱৰ্তন খন এদিনীয়া কাৰ্যসুচীৰে অহা ২০ ফেব্ৰুৱাৰী, শনিবাৰে ঝাৰগাও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ।সভাত বি টি আৰৰ পৰিষদে শৰণীয়া কছাৰী জনগোষ্ঠীৰ পৰা মনোনীত কৰা চম্পাৱতী ডেকাক বিশেষ সম্বৰ্ধনা জনোৱা লগতে নৱ গঠিত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব, নাৰী মঞ্চ, পৰিষদৰ সদস্য, সন্মিলনী অসমৰ সভাপতি, সম্পাদক উপস্থিত থাকিব ।সভাখনত জনগোষ্ঠীৰ সকলোকে উপস্থিতি তথা সহায়-সহযোগিতা কৰিবলৈ ৰত্নেশ্বৰ ডেকা, সভাপতি ,দামোদৰ ডেকা , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ,ওদালগুৰি জিলা শৰণীয়া কছাৰী সন্মিলনী আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰণীধৰ ডেকাই অনুৰোধ জনাইছে ।
গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত এনৰেগা আচনিৰ সামগ্ৰীৰ ধনৰ ৫৮ লাখ টকাৰ কেলেংকাৰী
পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লৈয়েই দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্য্যকালত গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য্যলয়ত প্ৰায় ৫৮ লক্ষ্যাধিশ টকাৰ এটা ভয়াবহ আৰ্থিক কেলেংকাৰী সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে।এই ভয়াবহ আৰ্থিক কেলেংকাৰী স্বয়ং ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ পৃষ্ঠপোষকতাতে সংঘটিত হোৱা বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ পাইছে।প্ৰাপ্ত অভিযোগত প্ৰকাশ পোৱা মতে,২০১৯ বৰ্ষত ৰূপায়িত হোৱা এনৰেগা আচনিৰ সামগ্ৰীৰ বাবদ পাবলৈ থকা প্ৰায় ৫৮ লাখ টকা শেহতীয়াভাবে উন্নয়ন খণ্ডটোলৈ আবণ্টন হৈছে।উক্ত টকা যোৱা ১ ফ্ৰেব্ৰুৱাৰীত পঞ্জীয়ন ভুক্ত সাতগৰাকী ভেণ্ডৰৰ নিজা নিজা একাউন্টত অন লাইন প্ৰক্ৰিয়াৰে সোমাই।সেই অনুসৰি, সাত গৰাকী ভেণ্ডৰ ক্ৰমে ভাই হাজৰিকাৰ একাউন্টত প্ৰায় ২৩ লাখ,নিৰন হাজৰিকাৰ একাউন্টত প্ৰায় ৮ লাখ,নিডুল পাটগিৰিৰ একাউণ্টত প্ৰায় ৭ লাখ,হৰি শৰ্মাৰ একাউণ্টত প্ৰায় ৫ লাখ,বিপ্লৱ বৰাৰ একাউণ্টত প্ৰায় ৪ লাখ,পিংকু ফুকনৰ একাউণ্টত প্ৰায় ৬ লাখ আৰু বিপ্লৱ বৰুৱাৰ একাউণ্টত সোমাই প্ৰায় ৫ লাখ টকা।কিন্তু উক্ত চৰকাৰী আচনিৰ টকাক লৈ এতিয়া ভাগ-বতৰোৱাৰ হিচাপ নিকাচ চলিছে ছয়দুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্য্যলয় কক্ষত।অভিযোগ অনুসৰি, উক্ত টকা আবণ্টন হোৱাৰ আগতীয়া খবৰ পাই খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসে ভেণ্ডৰ সকলৰ একাউণ্টত টকা সোমোৱাৰ দুদিন পূৰ্বে একাংশ ভেণ্ডৰৰ পৰা তেওঁলোকৰ নামৰ চেকত কৌশলগতভাবে চহী কৰাই ৰাখে।যেতিয়া ১ ফ্ৰেব্ৰুৱাৰীত ভেণ্ডৰ সকলৰ একাউন্টত টকা সোমোৱা বুলি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে জানিব পাৰিলে তেতিয়া তেওঁ টকা সমূহ ভেণ্ডৰৰ পৰা চহী কৰি থোৱা চেকৰ জৰিয়তে “বিডিঅ’ ছয়দুৱাৰ” বুলি অসম গ্ৰামীণ বিকাশ বেংকৰ বৰঙাবাৰী শাখাত থকা বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ কৰিবলৈ কৌশল অবলম্বন কৰে।সি সকল ভেণ্ডৰৰ অসম গ্ৰামীণ বিকাশ বেংকত বেংক একাউণ্ট আছে সেইসকলৰ একাউন্টৰ পৰা ১ ফ্ৰেব্ৰুৱাৰীৰ দিনাই সমূদায় ধন বিডিঅ ছয়দুৱাৰ নামৰ বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ হৈ যোৱাত বাকী সকল ভেণ্ডৰে সোমোৱা টকা খিনি যাতে বিডিঅ’ই ট্ৰেণ্সৰ্ফাৰ কৰি নিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰে।জানিব পৰামতে যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা উক্ত সাত গৰাকী ভেণ্ডৰৰ ভিতৰত দুগৰাকী ভেণ্ডৰৰ প্ৰায় ১১ লাখ টকা বিডিঅ ছয়দুৱাৰ নামৰ বেংক একাউণ্টটোলৈ ট্ৰেণ্সৰ্ফাৰ হয়।জানিব পৰা মতে এনেদৰে ব্যক্তিগত বেংক একাউণ্টৰ পৰা চৰকাৰী একাউণ্টলৈ টকা ট্ৰেণ্সৰ্ফাৰ কৰা বিষয়টোক লৈ যোৱা কেইবাদিনো ধৰি ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়টো উত্তপ্ত হৈ আছে।অভিযোগত এই বুলিও প্ৰকাশ পাইছে যে,একাংশ প্ৰতিবাদী ভেণ্ডৰক বিডিঅ দাসে আশ্বস্ত কৰিবলৈ দহ শতাংশ পকেটস্থ কৰি বাকী টকা বিডিঅ’ক দিবলৈ মন্ত্ৰনা দিয়ে।এতিয়া প্ৰশ্ন হ’ল-দুগৰাকী ভেণ্ডৰৰ টকা ট্ৰেণ্সৰ্ফাৰ কৰি বাকী পাচ গৰাকী ভেণ্ডৰৰ টকা ট্ৰেণ্সৰ্ফাৰ কৰি নিয়াৰ ক্ষেত্ৰত কিয় ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে বিডিঅ দাসে।সচেতন ৰাইজৰ দৃষ্টিত উক্ত আপত্তিজনক বিষয়টো অনিয়মজনক হলেও বিডিঅ অৰুণ কুমাৰ দাসৰ কাৰণে ই যদি নিয়ম হয় তেন্তে বাকী পাচগৰাকী ভেণ্ডৰৰ টকাখিনি ট্ৰেণ্সৰ্ফাৰ কৰি নিবলৈ যোৱা সাত দিনত কিয় একো পদক্ষেপ গ্ৰহণ কৰা নাই তেওঁ??নিশ্চয় বাকী পাচগৰাকী ভেণ্ডৰৰ মাজত বিডিঅ অৰুণ কুমাৰ দাসৰ কমিছনৰ ভাগ-বতৰোৱা চলাৰ বাবেই তেওঁ নিশ্চুপ হৈ বহি থকা বুলি অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ উথাপন কৰিছে।এনৰেগা আচনিৰ ৰূপায়িত কামৰ আধৰুৱা হৈ পৰি ৰোৱা সামগ্ৰী পেলোৱাৰ বাবে আবণ্টিত চৰকাৰী ধন এনেদৰে আচনি ৰূপায়নত ব্যৱহাৰ নকৰি ভাগ-বতৰোৱাৰ অংক কৰাত জাঙুৰ খাই উঠিছে সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতি।এইক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল হীৰাই কয় যে ভেণ্ডৰ সকলৰ একাউন্টত সোমোৱা উক্ত টকা এনৰেগা আচনিৰ সামগ্ৰী পেলোৱাৰ নামত ব্যৱহাৰ কৰাটো চৰকাৰী বিধি ব্যৱস্থাৰ মাজত পৰে যদিও উক্ত চৰকাৰী টকাক লৈ ভাগ-বতৰোৱাৰ অংক কৰাটো সচাকৈয়ে দুৰ্ভাগ্যজনক।তদুপৰি ব্যক্তিগত একাউন্টৰ পৰা চৰকাৰী একাউণ্টলৈ টকা ট্ৰেণ্সৰ্ফাৰ কৰাৰ কতৃত্বক লৈ বিডিঅ গৰাকীৰ প্ৰতি প্ৰশ্ন উথাপন কৰি ছাত্র নেতা বিপুল হীৰাই বিডিঅ অৰুণ কুমাৰ দাসে ক্ষমতাৰ অপপ্ৰয়োগ কৰা বুলি উল্লেখ কৰে।তদুপৰি তেওঁ বিডিঅ দাসে অসম গ্ৰামীণ বিকাশ বেংকৰ বৰঙাবাৰী শাখাত “বিডিঅ ছয়দুৱাৰ” নামেৰে খোলা বেংক একাউন্টটোৰ বৈধ্যতাক লৈয়ো প্ৰশ্ন উথাপন কৰি কয় যে যদি এইটো চৰকাৰী একাউণ্ট হয় তেন্তে ব্যক্তিগত একাউণ্টৰ পৰা উক্ত একাউণ্টটোলৈ কি ক্ষমতাৰ ভিত্তিত টকা ট্ৰেণ্সৰ্ফাৰ কৰাৰ যোগ্যতা বিচাৰি পালে বিডিঅ অৰুণ কুমাৰ দাসে।উক্ত কেলেংকাৰীৰ বিৰূদ্ধে এক দণ্ডাধীশ পৰ্য্যায়ৰ দাবী কৰিছে বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থাই।এই বিষয়ে ছাত্র সংগঠনটোৱে অতি সোনকালে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক কোষ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তক লিখিত অভিযোগ প্ৰদান কৰি এক উপযুক্ত তদন্তৰ দাবী কৰিব বুলি বিপুল হীৰাই জানিবলৈ দিছে।চৰকাৰী ধন চৰকাৰী কামত ব্যৱহাৰ নোহোৱাকৈ যাতে কাৰো পকেটত সোমাব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিব বুলি ছাত্র সংগঠনটোৱে স্পষ্ট কৰি দিছে।
নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঁচজনকৈ শিক্ষক কৰ্মচাৰীৰ বিদায় সম্বৰ্ধনা
পঞ্চাশৰ দশকতে প্ৰতিষ্ঠা লাভ কৰা নাজিৰাৰ শৈক্ষিক উত্তৰণৰ বাটকটীয়া স্বৰূপ নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ জনকৈ শিক্ষক কৰ্মচাৰীক এক বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়য়খনৰ উপাধ্যক্ষা দেৱযানী মহন্তৰ সভাপতিত্বত দহ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত বিদায় সভা আৰম্ভ হয় বিদ্যালয়য় ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা গুৰু বন্দনাৰে। উক্ত সভাত বিদ্যালয়খনৰ সদ্য বিদায়ী অধক্ষ্য প্ৰশান্ত কলিতা, বিষয় শিক্ষক খৰ্গেশ্বৰ গগৈ আৰু ৰূপা দত্ত, সহকাৰী শিক্ষক অমিতাভ দিহিঙ্গীয়া বৰুৱা আৰু বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবীন বুঢ়াগোঁহাইক একোখনকৈ সঁফুৰা, ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়য়খনৰ জ্যেষ্ঠ শিক্ষক প্ৰদীপ বৰুৱা আৰু ইমদাদ আলিয়ে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ৰামদেৱ গোস্বামী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি দিলীপ চাংমাই উপস্থিত থাকি নিজ বক্তব্য দাঙি ধৰে। সভাত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়ৰ নৱনিৰ্বাচিত অধক্ষ্য মুহিবুল হুছেইনে। বিদায়ী ভাসনত প্ৰাক্তন অধ্যক্ষ প্ৰশান্ত কলিতাই চৰকাৰ অভিভাৱক আৰু শিক্ষকৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয় উজ্বলি উঠা বুলি মত পোষণ কৰে। বিদায়ী কেওজন শিক্ষক কৰ্মচাৰীয়ে কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ যোগেদি বিদ্যালয়খনক উজ্বলাই তুলিবলৈ ছাত্ৰ ছাত্ৰী সকলক গোহাৰি জনায়।
বৰমাৰ এম্পায়াৰ একাডেমিৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
“সকলো ছাত্ৰ-ছাত্ৰীৰে এটা সপোন থাকিব লাগে আৰু সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে জীৱনত সফলতা আহিব ৷”— এই মন্তব্য অসম সন্তান তথা এন আই টি, দুৰ্গাপুৰৰ শিক্ষাবিদ হিমাংশু বৰুৱাৰ ।

বাক্সা জিলাৰ বৰমাস্থিত এম্পায়াৰ একাডেমিৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰি বৰুৱাই এইদৰে ব্যক্ত কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক সপোন পূৰণ নহোৱালৈকে চেষ্টা কৰি থকা উচিত বুলি কোৱাৰ লগতে সপোন বাস্তৱত ৰূপায়িত নহ’লে ছাত্ৰ-ছাত্ৰী সকলে কেতিয়াও হীনমন্যতাত ভূগিব নালাগে বুলি উল্লেখ কৰে । যেতিয়া এজন মানুহে নিজৰ প্ৰতি সন্তুষ্ট হয় তেতিয়া তেওঁ কেতিয়াও হীনমন্যতাত ভূগিব লগা নহয় বুলিও তেওঁ ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে । সভাত আই আই টি, মুম্বাইৰ মহাকাশ অভিযন্তা অৰিণ্ডম বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ষ দুটা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সন্ধিক্ষণ বুলি উল্লেখ কৰি কিবা এটা শিকিবলৈ হ’লে সাধনাৰ প্ৰয়োজন বুলি কয় ৷ সাধনা অবিহনে কোনেও একো শিকিব নোৱাৰে। গতিকে ছাত্ৰ-ছাত্ৰী সকলে এটা ভাল কেৰিয়াৰ লৈ নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। অভ্যাস কৰিলেহে অসম্ভৱকো সম্ভব কৰিব পাৰি আৰু তেতিয়াহে ছাত্ৰ-ছাত্ৰী সকলে কৃতকাৰ্যতা লাভ কৰিব পাৰিব বুলিও তেওঁ কয় । সভাত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড° জাহানীন মুছাহাৰীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত কয় যে উচ্চ শিখৰত উঠাৰ গুৰিতে বহু ব্যক্তিৰ সহযোগিতা জড়িত হৈ থাকে ৷ কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ আগবঢ়াতকৈ প্ৰতিযোগিতাৰ মনোভাৱেৰে আগবাঢ়িলেহে জীৱনত কৃতকাৰ্যতা পাব পাৰি বুলি ছাত্ৰ-ছাত্ৰীৰ আগত মুছাহাৰীয়ে অৱগত কৰে ৷ আজিৰ এই সভাতে এম্পায়াৰ একাডেমীৰ প্ৰাচীৰ পত্ৰিকা “আগান দা ষ্টেপ” উন্মোচন কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷ একাডেমীখনৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় একাডেমিৰ প্ৰধান অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ।
কৃষক প্ৰতিবাদৰ বাবে প্ৰতিদিনে চৰকাৰে টোলগেট সমূহত হেৰুৱাইছে ১.৮ কোটি টকাৰ ৰাজহ
সংসদত বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। উল্লেখ্য যে, কৃষক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ, হাৰিয়ানা আৰু দিল্লীৰ টোলগেটসমূহ বন্ধ কৰি ৰখা হৈছেযাৰ বাবে টোলগেটসমূহত দৈনিক ১.৮ কোটি টকাৰ লোকচান হৈছে।
লোকসভাত এগৰাকী বিজেপি সাংসদৰ প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ”কৃষকৰ প্ৰতিবাদৰ বাবে কিছুমান টোলগেট বন্ধ হৈ আছে। যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে উক্ত পথেৰে যোৱা লোকৰ পৰা কৰ সংগ্ৰহ কৰিব পৰা নাই। এইসমূহ ৰাজহুৱা টোলগেটত দৈনিক প্ৰায় ১.৮ কোটি টকাৰ লোকচান হৈছে।”
আইচিআৰএ নামৰ ক্ৰেডিট ৰেটিং এজেন্সিটোৰ মতে, পঞ্জাৱ, হাৰিয়ানা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কৃষক প্ৰতিবাদৰ বাবে টোলগেটত ৬০০ কোটি টকাৰ লোকচান হৈছে। অৱশ্যে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ নোহোৱা স্থানত ঠিকই চলি আছে টোলগেটসমূহ।









