Home Blog Page 3129

গুৱাহাটীত GMC এ ফিজ ফিক্সড কৰিলে পাৰ্কিংৰ

এতিয়াৰে পৰা এজেণ্টে মন গ’লেই বৃদ্ধি কৰিব নোৱাৰিব গুৱাহাটীৰ পাৰ্কিং ফিজ। পূৰ্বতে একাংশ অসাধু এজেণ্টে মন গ’লেই বৃদ্ধি কৰিছিল পাৰ্কিং ফিজ । যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল মহানগৰবাসী। এই সমূহ আঁসোৱাহৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনে নিৰ্ধাৰণ কৰিলে পাৰ্কিং ফিজ। দুচকীয়া বাহন, গাড়ী আৰু ট্ৰাকৰ বাবে পাৰ্কিং ফিজ ফিক্সড কৰা হৈছে। লগতে জি এম চিয়ে অসাধু এজেণ্টৰ পৰা আঁতৰি থাকিবলৈ মহানগৰবাসীক আহ্বান জনাইছে ।

কোন বাহনৰ কিমান পাৰ্কিং ৰেট ?

দুঘণ্টাৰ বাবে দুচকীয়া বাহন পাৰ্ক কৰিলে ৫ টকা। দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব পাঁচ টকাকৈ।

দুঘণ্টাৰ বাবে চাৰিচকীয়া বাহন পাৰ্ক কৰিলে ১০ টকা। দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব দহ টকাকৈ।

ট্ৰাকৰ প্ৰাকিং ৰেট ২০ টকা ।

জি এম চিয়ে বান্ধি দিয়া নিয়ম অমান্য কৰিলে কমপ্লেইন দিয়াৰো সুবিধা প্ৰদান কৰিছে। সেইদৰে যিকোনো তথ্যৰ বাবে জি এম চিৰ কণ্ট্ৰ’ল ৰুমৰ 8811007000, 7399003001, 7399003002, 7399003003, 739900300 নম্বৰত যোগাযোগ কৰিব পাৰিব।

মাজুলীৰ বিজেপি কাৰ্যালয়ত সংবাদ মেল : যোৰহাট-মাজুলী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষনাত মাজুলীত আনন্দ-উল্লাস

উজনি-মাজুলী, ২১ নৱেম্বৰঃ যোৰহাটৰ পৰা মাজুলী সংযোগী পথচোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১৭ নৱেম্বৰত আনুষ্ঠানিক ভাবে অধিশোচনা কৰাত যোৰহাটৰ  ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ’ব লগা পথচোৱাকো ৭১৫ নং নতুন ৰাষ্টীয় ঘাইপথ হিচাপে ঘোষণা কৰাত দ্বীপ  জিলা মাজুলীত আনন্দৰ উল্লাস উৎভাসিত হৈছে। সেই উদ্দেশে শুকুৰবাৰে বিয়লি ৩ বজাত মাজুলী জিলাৰ বিজেপি কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি জিলা বিজেপি সভাপতি লোকনাথ কুটুম আৰু সাধাৰণ সম্পাদক দেৱব্ৰত দত্ত , বিজেপি ৰাজ্যিক মেডিয়া কোষৰ আহ্ব্যায়ক মনোজ বৰাই কয়, কেন্দ্ৰীয় চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিত্যত মাজুলীৰ উন্নত যাতায়ত ব্যৱস্থাৰ জড়িয়তে এক যুগান্তকাৰী পৰিবৰ্তনৰ সুচনা হ’ব। এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় ঘাইপথ ৰাজমাৰ্ক মন্তালয়ৰ মন্ত্ৰী জয়ৰাম নিতিন গাডকাৰী, অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল , ৰাজ্যিক পথ পৰিৱহণ মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক মাজুলীবাসীৰ হৈ আন্তৰিক ধন্যবাদ জনায়। ইয়াৰ পিছতে বিপুল সংখ্যক বিজেপি সমৰ্থকে বিজেপি জিলা কাৰ্যালয় সন্মুখত ফটকা , ফুলজাৰী আদি ফুটাই ভাৰত চৰকাৰ জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ , ভাৰত মাতাকী জয় আদি জয় ধ্বনিৰে আনন্দ উল্লাস কৰে।

আছুৰ দুলীয়াজান অধিৱেশনত লোৱা হ’ল কেবাটাও সিদ্ধান্ত

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিৱেশনত শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আছুৰ সদস্যৰ বয়স, বিভিন্ন সমিতিৰ কাৰ্যকাল এনে কিছু সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী বৰ্ষৰ অধিৱেশনৰ পৰাহে এইসমূহ সিদ্ধান্ত কাৰ্যকৰী হ’ব।

৩ বছৰৰ ভিতৰত অধিৱেশন অনুষ্ঠিত কৰি কেন্দ্ৰীয় সমিতি সলনি কৰিব লাগিব। ইফালে যদিহে সেয়া কৰা নহয় তেতিয়া ৩বছৰ ৩মাহ হ’লে সেই কাৰ্যনিৰ্বাহ কমিটীখন নিজে নিজে ভংগ হৈ যাব ।সেইখিনি সময়ত কাৰ্যনিৰ্বাহ কমিটীৰ উপ সভাপতি, সহঃ সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে দিন-বাৰ ঠিক কৰি অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ।বিবাহপাশত আৱন্ধ হ’লেই কোনো নেতাৰ আছুৰ পৰা সদস্য পদ নাইকিয়া হৈ যাব । আছুৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল এতিয়াৰে পৰা হ’ব ৩ বছৰ । পূৰ্বে এই কাৰ্যকাল ৫ বছৰ আছিল । প্ৰতি তিনি বছৰৰ মূৰে মূৰে জিলা অধিবেশনো অনুষ্ঠিত কৰিব লাগিব। ঠিক তেনেদৰে কেন্দ্ৰীয় কমিটীৰ বিষয়ববীয়া হ’বলৈ সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী থাকিব লাগিব। কেন্দ্ৰীয় কমিটীৰ লগতে যিকোনো আছুৰ কৰ্মীয়ে ৪০ বছৰলৈহে ছাত্ৰ সন্থাত থাকিব পাৰিব। কোনো ছাত্ৰ সন্থাৰ কৰ্মীৰ বয়স ৪২ বছৰ হ’লে অৱসৰ লোৱাটো বাধ্যতামূলক । উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টা পদ থাকিব এইবাৰ ছাত্ৰ সন্থাত। কিন্ত পৰৱৰ্তী অধিবেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদ ৪০ বা ৪২ বছৰ হ’ব।

আনহাতে বৰ্তমানৰ সভাপতি দীপাংক কুমাৰ নাথে উপৰোক্ত প্ৰস্তাৱসমূহৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব, ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ’ব আৰু কম বয়সতে সংগঠক নেতৃত্ব দিব পাৰিব বুলি কয়।

এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও জটিল হৈয়ে আছে ।
যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰা হ’ব পাৰে ।


জি এম চি এইচৰ অধ্যক্ষ অভিজিত শৰ্মাই জনোৱা মতে, “তেওঁ ৯৬-৯৭ শতাংশ অক্সিজেন সংপৃক্ততা বজাই ৰাখিছে । বৃহস্পতিবাৰে তেওঁৰ অক্সিজেন সংপৃক্ততা কমি আহিছিল। এতিয়া তেওঁ non-invasive ventilation (NIV)ত আছে। চিন্তাৰ কথা হৈছে তেখেতৰ প্ৰস্ৰাৱ হ্ৰাস হৈছে । যদি পৰিস্থিতি উন্নত নহয়, আমি তেখেতক ডায়েলাইচিছলৈ লৈ যাব লাগিব পাৰে” : অভিজিত শৰ্মা।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে থকা চিকিৎসকৰ দলটোয়ে এইমছৰ চিকিৎসকৰ সৈতে যোগাযোগত আছে ।

“এইমছৰ চিকিৎসক সকল আমাৰ চিকিৎসাত সন্তুষ্ট আৰু চিকিৎসা প্ৰটোকল সলনিৰ কোনো প্ৰয়োজন নাই,” শৰ্মা।

উল্লেখ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক প্ৰথমে COVID-19ত সংক্ৰমিত হোৱা বাবে ২৬ আগষ্টত GMCHত ভৰ্তি কৰা হৈছিল আৰু তিনিমাহ চিকিৎসাৰ অন্তত যোৱা ২৫ অক্টোবৰত ঘৰলৈ যাবলৈ দিয়া হৈছিল । পিছত আকৌ শ্বাস-প্ৰশ্বাস লোৱাত হোৱা কষ্টৰ বাবে ১নৱেম্বৰ নিশা ১০বাজি ৩০ মিনিটত মুখ্যমন্ত্ৰী গৰাকীক পুনৰ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত।

বানপীড়িত কৃষকৰ বাবে আশাৰ সঞ্চাৰ : দৰঙৰ নামখলাত ৰবি শস্যৰ বীজ বিতৰণৰ মুকলি অনুষ্ঠান

নামখলা, ২০ নৱেম্বৰ : দৰঙৰ কৃষক সকলৰ বাবে আশাৰ সঞ্চাৰ কৰিলে কৃষি বিভাগে ৷ বানপীড়িত কৃষকসকলে বানপানীৰ বাবে লোকচানৰ সন্মুখীন হোৱাৰ পিছত কৃষি বিভাগে গ্ৰহন কৰিছে মানৱহিতৈষী আঁচনি ৷ ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গাঁও সমুহৰ প্ৰকৃত কৃষক সকলৰ বাবে কৃষি বিভাগে যোগান ধৰে এই বিনামূলীয়া ৰবি শস্যৰ বীজঁ ৷ সেয়ে বৃহস্পতিবাৰে  পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত একাংশ কৃষকৰ মাজত ২০২০/২১ বৰ্ষৰ বাবে বিতৰণ কৰে ৰবি শস্যৰ বীজঁ ৷ ৰবি শস্যৰ বীজঁ  বিতৰণৰ শুভাৰম্ভ কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক  বিনন্দ কুমাৰ শইকীয়াই ৷ মহকুমা কৃষি বিষয়া কুমুদ কলিতা , দৰং জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা , বিভিন্ন গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ উপস্থিতিত একাংশ কৃষকক সৰিয়হ, মটৰ , পিয়াজঁ , বিভিন্ন শাক-পাচলি , বাদাম আদিৰ বীজঁ বিতৰণ কৰি আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷ কৃষকসকলে যাতে সময়মতে আৰু সঠিকভাবে ,  পোনপটীয়াকৈ এই বীঁজ লাভ কৰিব পাৰে তাৰ বাবে এই বীজঁ বিতৰণ মুকলি অনুষ্ঠানটিৰ আয়োজন কৰা বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷

ভাৰতী সিং আৰু হাৰ্চ লিমবাচিয়াৰ ঘৰত এন চি বিৰ অভিযান

নাৰ্কটিকচ কণ্ট্ৰোল ব্যুৰ’ই (এন চি বি)-এ আজি কমেডীয়ান ভাৰতী সিং আৰু হাৰ্চ লিমবাচিয়াৰ আন্ধেৰি স্থিত বাসগৃহত অভিযান চলাই ।

জানিব পৰা মতে, তেওঁলোকৰ ঘৰৰ পৰা সামান্য পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।

ইয়াৰ পূৰ্বে অভিনেতা অৰ্জুন ৰামপালৰ বাসগৃহত এন চি বিয়ে অভিযান চলাইছিল ।

এন চি বিয়ে ড্ৰাগছৰ সৈতে জড়িত থকা বলীউডৰ ২৩ জনৰো অধিক লোকক আটক কৰিছে, যাৰ ভিতৰত আছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ চৌভিক চক্ৰৱৰ্তী, সুশন্ত সিং ৰাজপুতৰ গৃহ পৰিচালক চেমুৱেল মিৰাণ্ডা আৰু গৃহ সহায়ক দিপেশ সাৱন্ত। ৭ অক্টোবৰত অক্টোবৰত মুম্বাই উচ্চ আদালতে ৰিয়া চক্ৰৱৰ্তীক জামিন প্ৰদান কৰিছিল। তেওঁ ২৮ দিন ন্যায়িক জিম্মাত কটাইছিল। কিন্তু তেওঁৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ কৰা হৈছিল।

ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

GOOGLE

আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে।

ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

আহিব নেকি COVID19ৰ দ্বিতীয় ঢৌ ! কি কলে WHOৰ জৰুৰী সেৱাৰ সঞ্চালকে

আহিব নেকি COVID19ৰ দ্বিতীয় ঢৌ !

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানে সকিয়াই দিছে যে, COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ প্রতিহত কৰিব পৰাকৈ ভাইৰাছবিধৰ প্রতিষেধক উপলব্ধ নহ’বও পাৰে। শ্ৰী ৰেয়ানে কয় যে, ক’ৰ’ণাৰ প্রতিষেধক উপলব্ধ হ’বলৈ কমেও চাৰিৰ পৰা ছয় মাহ লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানৰ এই কথাৰ পৰা ধাৰণা কৰিব পাৰি যে COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

দক্ষিণ শৰনীয়াৰ বিভিন্ন সমস্যাৰ বুজ ললে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

অনলাইন বাৰ্তা,২০ নৱেম্বৰঃ পুৱ গুৱাহাটী সমষ্টিৰ অন্তৰগত উলুবাৰী স্হিত দক্ষিণ শৰনীয়াত আজি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় ৷ গান্ধী মন্ডপ পথত অৱস্হিত দক্ষিণ শৰনীয়া নামঘৰ – শিৱমন্দিৰৰ  চৌহদত স্হানীয় বিধায়ক তথা গুৱাহাটী উন্নয়নমন্ত্ৰী ভট্টাচাৰ্যই মন্দিৰ পৰিচালনা সমিতিৰ লগত বৈঠকত মিলিত হয় ৷ মন্দিৰ পৰিচালনা সমিতিয়ে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে ৷ এই ক্ষেত্ৰত মন্ত্ৰী ভট্টাচাৰ্যই অতিশীঘ্ৰেই সমেস্যা সমুহৰ সমধান কৰাৰ আস্বাস প্ৰদান কৰে ৷ উল্লেখ্য যে মতবিনিময় অনুষ্ঠানত ৰাজ্যচৰকাৰ অতিৰিক্ত মুখ্য সচিব মুনিন্দ্ৰৰ সিং, অ এছ দি নাৰায়ন আগৰৱাল, মন্দিৰ পৰিচালনা সমিতিৰ পৰেশ মহন্ত, ফটিক শৰ্মা,দুৰ্গা ডেকা, কমল চৌধুৰী, মনোজ ডেকা, জয়ন্ত শৰ্মাৰ লগতে ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷

নাগৰোটা এনকাউণ্টাৰ ঘটনাৰ সন্দৰ্ভত জৰুৰী বৈঠক প্ৰধানমন্ত্ৰীৰ

বৰ্তমান সময়ত জম্মুত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। নাগৰোটাৰ ৱান টোপ প্লাজাত এখন ট্ৰাকত আত্মগোপণ কৰি আছিল সন্ত্ৰাসবাদীয়ে। সেই ঠাইতে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। ঘটনাটোত এজন জোৱানো গুৰুতৰ ভাবে আহত হৈছে। ঘটনাৰ পিছতে হাইৱে’ টোল প্লাজাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

নাগৰোটা এনকাউণ্টাৰকলৈ গৃহমন্ত্ৰীৰ মন্তব্য,

“এন এছ এ, বিদেশ সচিব লগতে ইণ্টেলিজেন্স ব্যুৰ’ৰ শীৰ্ষ বিষয়াৰ সৈতে শুকুৰবাৰে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খবৰ অনুসৰি, ২৬/১১ ঘটনাৰ ১২তম বৰ্ষপূৰ্তিত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। ফলস্বৰূপে এতিয়া অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। বৃহস্পতিবাৰে নিশা সন্ত্ৰাসবাদীয়ে আত্মগোপণ কৰি থকাৰ খবৰ লাভ কৰি অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে। আনকি ঠায়ে ঠায়ে তালাচী চলোৱা হৈছিল। সেই সময়তে নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে লুকাই থকা সন্ত্ৰাসবাদীৰ দলে। ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ। জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ দলটোৱে জম্মুৰ পৰা কাশ্মীৰলৈ যোৱাৰ যো-জা চলাইছিল। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িক ভাবে বন্ধ কৰি দিয়া হৈছে। সন্ত্ৰাসবাদীৰ দলটোৰ পৰা বিস্ফোৰক আৰু মাৰাণস্ত্ৰ জব্দ কৰা হৈছে।