Home Blog Page 3129

মিচ ইণ্ডিয়া ২০২০ৰ মুকুট জিলিকিল ৰিক্সা চালকৰ জীয়ৰীৰ শিৰত

মোৰ শৰীৰৰ তেজ, ঘাম আৰু চকুপানীয়ে একত্ৰিত হৈ মোৰ সপোনবোৰক পূৰণ কৰিবলৈ সাহস যোগাইছে, এইয়া মান্যাৰ ভাষ্য। সদ্য ঘোষিত ভি এল চি চি ফেমিনা মিচ ইণ্ডিয়া ২০২০ৰ প্ৰতিযোগিতাত তেলেংগানাৰ এগৰাকী অভিযন্তা মনাসা বাৰাণসীয়ে মিচ ইণ্ডিয়া ২০২০ খিতাপ লাভ কৰে।

লগতে উক্ত প্ৰতিযোগিতাখনতে হাৰিয়ানাৰ মণিকা শ্বেওকান্দে ভি এল চি চি ফেমিনা মিচ গ্ৰেণ্ড ইণ্ডিয়া আৰু উত্তৰ প্ৰদেশৰ মান্যা সিঙক ৰাণাৰ আপ হিচাপে ঘোষণা কৰা হয়।মান্যাৰ বাবে এই জয় আছিল আনতকৈ বিশেষ, কিয়নো উত্তৰ প্ৰদেশৰ এগৰাকী ৰিক্সা চালকৰ জীয়ৰীৰ বাবে এই জয় বহু নিশা আৰু বহু বছৰৰ কষ্টৰ ফচল ।

সফলতাত উপনীত হোৱাৰ পূৰ্বে বাটত অহা ভিন্ন সংঘৰ্ষৰ কথা কৈ মিচ ইণ্ডিয়াই দিয়া মঞ্চৰ যোগেদিয়েই মান্যাই দিছে আন দহজনক প্ৰেৰণা।কুশিনগৰত জন্ম গ্ৰহণ কৰা মান্যাই তেওঁৰ পোষ্টত কৈছিল যে, তেওঁ কঠিন পৰিস্থিতিত ডাঙৰ হৈছিল ।

আহাৰ অথবা টোপনি অবিহনে নিশা কটাবলগীয়া হোৱাৰ লগতে মাত্ৰ কেইটামান টকা বচাবলৈ মাইল-মাইল খোজ কাঢ়িছিল। তেওঁ কিতাপ আৰু কাপোৰৰ বাবে পাগল হৈ পৰিছিল, কিন্তু তেতিয়া ভাগ্যও যেন তেওঁৰ পক্ষত নাছিলমান্যাৰ মাক-দেউতাকে মান্যৰ পৰীক্ষাৰ মাচুল পৰিশোধ কৰিবৰ পাবে নিজৰ যিখিন অলংকাৰ আছিল সেয়াও বন্ধকত ৰাখিছিল।

মান্যাই বিগত মাহত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছিল যে, শিক্ষাই হৈছে মূল অস্ত্ৰ যি প্ৰতিটো সময়তে নিজৰ সৈতে থাকে।

ইপিনে পৰৱৰ্তী এটা প’ষ্টত মান্যাৰ মাতৃয়ে উল্লেখ কৰে, উচ্চতৰ মাধ্যমিকৰ সময়ত মান্যাই শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা লাভ কৰিছিল, তাই আজিলৈ জীৱনত বহু কষ্ট কৰিছে ।

তাইৰ স্কুলৰ মাচুল পৰিশোধ কৰিব নপৰা, কিতাপৰ খৰচ বহন কৰিব নোৱাৰাৰ লগতে অটো চালকৰ জীয়ৰী হোৱা বাবে সহপাঠীসকলৰ দ্বাৰা অৱহেলিত হোৱাৰ পৰা আদি কৰি জীৱনত বহুত সংগ্ৰাম কৰিছে মান্যাই ।

মান্যাই তেওঁৰ পোষ্টত কৈছিল যে, তেওঁ দিনত অধ্যয়ন কৰিছিল, সন্ধিয়া বাচন ধুইছিল আৰু নিশা এটা ক’ল চেণ্টাৰত কাম কৰিছিল ।

লগতে তেওঁ কয়, “মই সেই ঠাই পাবলৈ বহু ঘণ্টা খোজ কাঢ়িছিলো যাতে মই ৰিক্সাৰ ভাড়া বচাব পাৰো।”শেষত ম্যানাই উল্লেখ কৰে যে, মাক, দেউতাক আৰু ভায়েকৰ বাবে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০২০ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লগতে বিশ্ববাসীক দেখুৱাব বিচাৰিছিল কেনেদৰে নিজৰ লগতে নিজৰ সপোনৰ ওপৰত বিশ্বাস থাকিলে সকলো সম্ভৱ কৰি তুলিব পাৰি।

নিজৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী শ্বেয়াৰ কৰাৰ বাবে মান্যাক মিছ ইণ্ডিয়া সংগঠনে ধন্যবাদ জনাইছিল আৰু তেওঁক আন দহজনৰ বাবে অনুপ্ৰেৰণা উত্স হিচাপে প্ৰশংসা কৰিছিল ।

উল্লেখ্য যে, বৰ্তমানে মান্যাই মেনেজমেন্ট শিক্ষাৰ বাবে পঢ়া-শুনা আৰম্ভ কৰিছে |

আজি মাজনিশাৰ পৰা ৫ টকালৈকে হ্ৰাস পাব প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আজি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব ৷  বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২৬ দিনতে ৭০ লাখৰো অধিক লোকক ভাৰতত প্ৰদান কৰা হ’ল কভিড-১৯ৰ টিকা

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য

ইমান কম সময়ৰ ভিতৰত টিকাকৰণৰ এই বৃহৎ সংখ্যাত উপনীত হোৱা বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিণত হৈছে ভাৰত।ভাৰতত যোৱা ২৬ দিনত ৭০ লাখতকৈও অধিক লোকক কভিড-১৯ৰ টিকাকৰণ কৰা হৈছে। আনহাতে আমেৰিকাক এই সংখ্যাত উপনীত হ’বলৈ ২৭ দিন আৰু ব্ৰিটেইনক ৪৮ দিন সময় লগিছিল।বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা জনায়।মন্ত্ৰ্যালয়ে কয় যে যোৱা ২৪ ঘণ্টাত ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কভিড-১৯ৰ ফলত কোনো লোকৰে মৃত্যু হোৱা নাই।

মন্ত্ৰ্যালয়ৰ মতে, ১১ ফেব্ৰুৱাৰীৰ ৮ বজালৈকে সমগ্ৰ দেশত চলি থকা কভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৭০ লাখৰো অধিক লোকক টিকাকৰণ কৰা হৈছে।মন্ত্ৰ্যালয়ে লগতে জানিবলৈ দি কয় যে এতিয়ালৈকে মুঠ ৭০, ১৭১১৪ গৰাকী লোকক টিকাকৰণ কৰা হৈছে, যাৰ ভিতৰত আছে ৫৭, ০৫২২৮ গৰাকী স্বাস্থ্য কৰ্মী আৰু ১৩, ১১৮৮৬ গৰাকী আগশাৰীৰ কভিড যোদ্ধা।স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে, প্ৰতিদিনে টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা নিৰন্তৰভাৱে বৃদ্ধি পাই আছে।বিবৃতিটোৰ মতে, তেৰখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পঞ্জীয়ন কৰা ৬৫ শতাংশতকৈও অধিক স্বাস্থ্য কৰ্মচাৰীক টিকাকৰণ কৰা হৈছে।বিহাৰত, সৰ্বাধিক ৭৯% পঞ্জীভুক্ত স্বাস্থ্য কৰ্মীক টিকা কৰণ কৰা হৈছে।আনহাতে এতিয়ালৈকে, সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪০ শতাংশতকৈ কম পঞ্জীভুক্ত স্বাস্থ্য কৰ্মীক টিকাকৰণ কৰা হৈছে।দেশত এতিয়া চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪২,৫৬২ জন, যি দেশৰ মুঠ আক্ৰান্তৰ মাত্ৰ ১.৩১ শতাংশ।দেশত এই পৰ্যন্ত সংক্ৰমণৰ ঘটনা ১, ০৮, ৭১২৯৪লৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত ১, ০৫, ৭৩৩৭২ গৰাকী সংক্ৰমণ মুক্ত হৈছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিনৰ ৮ বজাত মুকলি কৰা শেহতীয়া তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ১, ৫৫৩৬০ লৈ বৃদ্ধি পাইছে।পৰিসংখ্যা অনুসৰি, আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ ৯৭.২৬ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ১.৪৩ শতাংশ।

উল্লেখ্য যে বৰ্তমান ভাৰতৰ লোকসকলক দুটা ভেকচিন প্ৰদান কৰি থকা হৈছে। এটা হ’ল-  ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ দ্বাৰা বিকশিত কোভাক্সিন আৰু আনটো হ’ল- চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এষ্ট্ৰাজেনেকা ভেকচিন।

আমছুৰ হোজাই জিলা বন্ধ সফল


হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি আজি হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰিছে ৷ পুৱা ৬ বজাৰ পৰা দিনৰ ১২  বজালৈকে হোৱা এই বন্ধৰ প্ৰভাৱ জিলাখনৰ আন আন প্ৰান্তৰ সমান্তাৰলকৈ ডবকা,মোৰাঝাৰ, নীলবাগানতো সৰ্বাত্মক দেখা গৈছে ৷ পুৱাৰে পৰা ডবকা চহৰ আৰু নীলবাগানৰ সমূহ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হৈছে ৷বন্ধৰ কালছোৱাত বন্ধ সমৰ্থক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলোৱাৰ উপৰিও উপায়ুক্তৰ বিৰুদ্ধে শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷বন্ধৰ কালচোৱাত অৱশ্যে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ ইফালে  বন্ধৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ইপিনে, নীলবাগানৰ পৰা আমছুৰ কেইবাজনো সদস্যক আৰক্ষীয়ে আটক কৰিছে |এই খবৰৰ পিছতে ৰাজ্যচৰকাৰে কি পদক্ষেপ লয় সময়ত লক্ষণীয় হব |

উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি

২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল আৰু তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈয়ে প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্ৰদান কৰে তথা দেশৰ বিৰোধী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগৰ দোহাই দি জামিন মঞ্জুৰ কৰা নাছিল।৭ জানুৱাৰী তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল। গগৈক আন গোচৰৰ লগতে UAPAৰ অধীনতো অভিযুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা National Investigation Agencyয়ে।

উচ্চ ন্যায়ালয়ৰ শুনানিত গগৈক প্ৰতিনিধিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল Additional Solicitor General এছ ভি ৰাজুৱে। ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটাছিল। অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাইছিল ৰাজুৱে।

হুজেফা এহমদীয়ে ৰাজুৰ যুক্তি খণ্ডন কৰি কৈছিল – তেনেস্থলত দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কৈছিল কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায়; কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি। হুজেফাই লগতে কৈছিল অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল। সেয়ে যদিহে অখিল গগৈয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহত বাধা প্ৰদান কৰিছিল চৰকাৰৰ ওচৰত সেই আইন প্ৰযোজ্য কৰাৰ অৱকাশ আছিল।

হুজেফাই কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয়, এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰিছিল। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কৈছিল  হুজেফাই।

মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো : মমতা বেনাৰ্জীপশ্চিম বংগত।ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে এখন জনসভাত অংশ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায়।

মমতা বেনাৰ্জীয়ে জনসভাখনত কয়, ‘মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো। বংগত বিভাজনৰ ৰাজনীতি নকৰিব। তৃণমূলে বৃহৎ সংখ্যাগৰিষ্ঠতাৰ সৈতে ক্ষমতা পুনৰ দখল কৰিব।মমতাই লগতে বেংগল দখল কৰাৰ পিছত মোদী নেতত্বাধীন বিজেপি চৰকাৰক দিল্লীৰ পৰাও আঁতৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে।বেনাৰ্জীয়ে কয়, ‘মই সাধাৰণ মানুহ হিচাপে চৰকাৰ চলাইছো। তৃণমূলে কাম কৰা লোকসকলক টিকট প্ৰদান কৰিব’।মমতাই লগতে কয় যে, বিজেপিয়ে ভাৱে যে তেওঁলোকৰ ওচৰত টকা আছে আৰু তেওঁলোকে যিকোনো কাম কৰিব পাৰে। আপুনি মানুহক টকাৰে মূল্যাংকন কৰিব নোৱাৰে।ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰক কৃষকসকলৰ তথ্য প্ৰদান কৰিছে কিন্তু কেন্দ্ৰই কৃষকসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা নাই বুলিও অভিযোগ তোলে মমতা বেনাৰ্জীয়ে।আনহাতে মমতাই পশ্চিম বংগৰ প্ৰতিগৰাকী লোককে নমস্কাৰৰ পৰিৱৰ্তে জয় বাংগ কবলৈও অনুৰোধ জনায়।

অন্য বহুতৰ দৰে বৰ্তমানলৈ কোনো খবৰ নাই তিনি অসমীয়া সন্তানৰ।

উত্তৰাখণ্ডৰ প্ৰকৃতিৰ মহাপ্ৰলয়ত তচনচ হৈ পৰিল বহুতৰে জীৱন। কোনো শুংসূত্ৰই নাই বহু লোকৰে। ইয়াৰে মাজত কেইবাজনো উদ্ধাৰ হোৱাৰ বিপৰীতে বহু মৃতদেহো উদ্ধাৰ হৈছে।নিৰবিচ্ছিন্ন ভাবে উদ্ধাৰ অভিযান চলাই গৈছে উদ্ধাৰকাৰী দলে। নিশাও অব্যাহত আছে উদ্ধাৰ অভিযান। পিছে বৰ্তমানলৈ কোনো খবৰ নাই অন্য বহুতৰে দৰে তিনিও অসমীয়া সন্তানৰ।নগাঁৱৰ দুখনকৈ ঘৰত আজিও কান্দোনৰ ৰোল। কামপুৰৰ ঘৰখনত যেন একোৱেই নাইকিয়া এতিয়া। দুয়ো পুত্ৰৰে নাই কোনো খবৰ।

আনহাতে তপোবনৰ সুৰংগত বৰ্তমানেও বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। সেয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু সুৰংগত বোকা সোমাই পৰাত লেহেমীয়া হৈছে অভিযান।কিন্তু বোকা গুচাই, পাইপ আদি কাটি আগবাঢ়ি গৈ আছে উদ্ধাৰকাৰী দল। ভিতৰত ৩০ ত কৈ অধিক শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা ব্যক্ত।৬০০ত কৈ অধিক উদ্ধাৰকাৰী দলে দিনে নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, বৰ্তমানেও ১৭২ লোক সন্ধানহীন হৈ আছে দুৰ্ঘটনাটোৰ পিছৰে পৰা।

অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে এতিয়া বেলেগ ৰূপত দেখা পাব

ৰাজ্যসভাৰ পৰা অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে বেলেগ ৰূপত দেখা পাব।বুধবাৰে তেওঁ উচ্চ সদনত কয় যে মানুহে এতিয়া তেওঁক বহু ঠাইত দেখিবলৈ সক্ষম হ’ব কিয়নো তেওঁ এতিয়া মুক্ত হৈছে।ইয়াৰ উপৰি তেওঁৰ এতিয়া সাংসদ-মন্ত্ৰী হোৱাৰ ইচ্ছা নাই আৰু দলৰ কোনো পদবীও ল’ব নিবিচাৰে বুলি মন্তব্য কৰে।বক্তব্যত তেওঁ লগতে এজন ৰাজনীতিবিদ হিচাপে নিজৰ কামকলৈ সন্তুষ্ট আৰু জীয়াই থকালৈকে জনসাধাৰণৰ সেৱা কৰি যাব বুলি কয়।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এটা সাক্ষাতত আজাদে কয়, ‘মই ১৯৭৫ চনত জম্মু আৰু কাশ্মীৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছিলো। মই দলৰ বহুতো পদত কাম কৰিছো। মই বহুতো প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰিছো। মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে মই দেশৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো’।

‘মই সুখী যে মই বিশ্বস্ততাৰে মোৰ দায়িত্ব পালন কৰিছিলো। মই দেশ আৰু বিশ্বক জানিবলৈ আৰু বুজিবলৈ সুযোগ পাইছিলো’, তেওঁ লগতে কয়।সংসদত তেওঁ লাভ কৰা প্ৰশংসা আৰু অভিনন্দনৰ বিষয়ে সোধাত তেওঁ কয়, ‘যিসকলে মোক গভীৰভাৱে বুজি পায়, তেওঁলোকে বহু বছৰ ধৰি মোৰ কাম দেখিছে আৰু সেয়ে আৱেগিক হৈ পৰিছে। মই তেওঁলোক সকলোৰে প্ৰতি কৃতজ্ঞ’।  আৰু কয় যে মই  প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু বিভিন্ন দলৰ সহকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক প্ৰশংসা কৰিছিল আৰু যাৰ সৈতে মই কাম কৰাৰ সুযোগ পাইছিলো।

আজি চিৰাঙলৈ অমিত শ্বাহ, গুৰুৰ ঘৰত গ্ৰহণ কৰিব আহাৰ

আজি চিৰাঙলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনৰ সময়ত সভা–সমিতিৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ লাঞ্চ পলিটিক্স। মাটিৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপনত বদ্ধপৰিকৰ বিজেপি নেতাসকলে সাধাৰণতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কোনো সাধাৰণ মানুহৰ ঘৰত। দখল কৰে বাতৰিৰ শিৰোনাম। আজি চিৰাঙলৈ যাবলগীয়া অমিত শ্বাহে আহাৰ গ্ৰহণ কৰিব অনন্ত মহাৰাজৰ ঘৰত। কি থাকিব অমিত শ্বাহৰ মেন্যুত?চিৰাঙত ৰাজবংশীয় ধৰ্মগুৰু অনন্ত মহাৰাজৰ ঘৰলৈ যাব অমিত শ্বাহ। গ্ৰেটাৰ কোচবিহাৰ পিপল্ছ এছ’চিয়েচনৰ নেতা অনন্ত ৰায় কোচবিহাৰৰ স্বঘোষিত মহাৰাজা। থাকে চিৰাং জিলাত। ৰাজনৈতিক মহলৰ মতে, কোচ ৰাজবংশীৰ ১৮ লাখ মানুহ আছে অনন্ত ৰায়ৰ সৈতে। মধ্যাহ্ন ভোজনো তাতেই কৰিব অমিত শ্বাহে। অংশ ল’ব বৈঠকতো।অমিত শ্বাহৰ খোৱাৰ ব্যৱস্থা কৰাৰ দায়িত্ব অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ৰ ওপৰত। একেবাৰে সাধাৰণ আহাৰ গ্ৰহণ কৰিব অমিত শ্বাহে। পুৱা চাউলৰ পিঠা আৰু নাৰিকলৰ লাড়ুৰ জুতি ল’ব গৃহমন্ত্ৰীয়ে।দুপৰীয়া গ্ৰহণ কৰিব মধ্যাহ্ন ভোজন। ভাত, দাইল, পটল ভাজি, পনীৰ, চাটনি, দৈ–গোল্লা খাব অমিত শ্বাহে।ইয়াৰ পূৰ্বে মেদিনীপুৰত আদিবাসী পৰিয়ালত, শান্তি নিকেতনত বাসুদেৱ বাউলৰ ঘৰত খাদ্য গ্ৰহণ কৰিছিল অমিত শ্বাহে।

বজালী মহকুমাক অানুষ্ঠানিকভাবে জিলালৈ ৰূপান্তৰিত কৰিলে মুখ্যমন্ত্ৰী সণোৱালে

 বজালীবাসীৰ এক দিৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনায় সৰ্ৱানন্দ সণোৱাল নেতৃত্বাধীন বিজেপি  চৰকাৰ খনে সোমবাৰে অানুষ্ঠানিক ভাবে বজালী মহকুমাক জিলালৈ ৰূপান্তৰিত কৰিলে।বজালী উচ্চতৰ মাধ্যমিক খেল পথাৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্ৱানন্দ সণোৱালে অানুষ্ঠানিক ভাবে শুভৰাম্ভ কৰে বজালী জিলাৰ অনুস্থানটোত মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ দাস,মুখ্য মুখ পাত্ৰ ৰূপম গোস্বামী। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত সৰুক্ষেত্ৰী সমষ্টিৰ ৩২ খন গাঁও বজালী জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায় কিছু দিন পূৰ্বে নিযুক্তি দিয়া উপায়ুক্ত অাৰু অাৰক্ষী অধীক্ষকৰ হাতত বজালী জিলাৰ দায়িত্ব অৰ্পণ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।লগতে পাঠশালাক নিম নগৰী হিচাপে ঘোষণা কৰাৰ লগতে ৪.৬৮ কৌটি টকা ব্যয় সাপেক্ষে পাঠশালা স্থাপন হবলগীয়া  দুগ্ধ সংসাধন উদ্যোগৰ  নিৰ্মাণ কাৰ্য্যত অাধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰীয়ে।