Home Blog Page 3130

ধঁপাত আৰু নিকোটিন যুক্ত গুটকা, পান মছলাৰ ওপৰত নিষেধাজ্ঞাৰ ম্যাদ পুনৰ বৃদ্ধিৰ দাবী

গুৱাহাটী, ২০ নৱেম্বৰ :  গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিবলৈ দাবী জনাইছে কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰামে। ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ দাযিত্বত থকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীক ফৰামৰ প্ৰতিনিধি দল এটাই শুকুৰবাৰে সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে।  ফৰামে আয়ুক্ত সচিব গৰাকীক এই সন্দৰ্ভত এখন পত্ৰও প্ৰদান কৰে । ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই পত্ৰখনত উল্লেখ কৰে যে বৰ্তমানৰ কোভিড জনীত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা, আইচিএমআৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিন যুক্ত গুটকা, পান মছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰিব লাগে । নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট , গুৱাহাটীৰ পৰিচালন সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই ফৰামৰ  এই দাবীৰ সমৰ্থনত কয় – সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰতি বছৰে ৩৯ হেজাৰ লোক কৰ্কট ৰোগৰ নতুনকৈ আক্ৰান্ত হয়। ইয়াৰে কেৱল অসমতে ২৯ হেজাৰ লোক প্ৰতি বছৰে নতুনকৈ কৰ্কট ৰোগৰ আক্রান্ত হয়। ধঁপাতৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলতে অসম কৰ্কট ৰোগৰ অভিকেন্দ্ৰ হৈ পৰিছে।  সমগ্র দেশত গঢ় হিচাপে ২৮.৬% লোকে ধঁপাত সেৱন কৰাৰ বিপৰীতে অসমত ধঁপাত সেৱন কৰা লোকৰ গড় পৰিমাণ ৪৮.২% । সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত ধঁপাত সেৱনকাৰীৰ সংখ্যা দুগুণ। ৰাজ্যৰ ৪১.৭% লোকে ধোঁৱাবিহীন ধঁপাত সেবন কৰাৰ বিপৰীতে ১৩.৩% লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে । অসমত ধোঁৱাবিহীন ধঁপাত সেৱনকাৰীৰ সংখ্যা ধোঁৱাযুক্ত ধঁপাত সেৱনকাৰীৰ  সংখ্যাতকৈ তিনিগুন অধিক । ভাৰতত  প্রায় ৮-৯ লাখ লোক ধঁপাত সেৱণৰ ফলত প্ৰতিবছৰে মৃত্যু মুখত পৰে । সমগ্ৰ বিশ্বত প্ৰতিবছৰে ৮০ লাখত কৈ অধিক লোকৰ মৃত্যু ধঁপাত সেৱনৰ ফলত হয়। ৰাজ্যত ধঁপাত আৰু নিকোটিন যুক্ত গুটকা আৰু পানমছলাৰ ওপৰত  নিষেধাজ্ঞা ম্যাদ পুনৰ এবছৰ বৃদ্ধিৰ সপক্ষে দৃঢ় মত প্ৰকাশ কৰি ডনবস্ক ইনষ্টিটিউট , যোৰহাটৰ ছাত্ৰী দৰ্শনা শইকীয়া আৰু বৰ্ষা গগৈয়ে কয় – গ্লোবেল এডাল্ট টবেক’ সাৰ্ভে (গেট) ৰ তথ্য অনুসৰি অসমৰ ২৫.৩% পুৰুষ আৰু ০.৮% মহিলাই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। আনহাতে ৫০.৫% পুৰুষ আৰু ৩২.৫% মহিলাই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। গেট-১ ৰ সমীক্ষা অনুসৰি ৰাজ্যত ৩৯.৩% লোকে ধঁপাত সেৱন কৰিছিল যদিও গেট-২ ৰ সমীক্ষাৰ মতে অসমত ধঁপাত সেৱণকাৰীৰ সংখ্যা ৯% বৃদ্ধি পাই ৪৮.২% হয় । আনকি অসমত কম বয়সত প্ৰথম বাৰৰ কাৰণে ধঁপাত সেৱন কৰা যুৱ প্ৰজন্মৰ পৰিমান পূৰ্বৰ তুলনাত  বৃদ্ধি পাইছে ।

নলবাৰীত বেংক ডকাইতি : ডকাইতৰ গুলীত আহত এজন

Bank robbery in Nalbari: One person was injured in the robbery

নলবাৰী, ২০ নৱেম্বৰ: হিন্দী বোলছবিৰ কায়দাৰে নলবাৰী জিলাত সংঘটিত হল বেংক ডকাইতি । এখন হাতত পিস্তল এখন হাতত টকাৰ বেগলৈ পলাল ডকাইতৰ দল । ঘটনা অনুসৰি নলবাৰী জিলাৰ অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত আজি দিন-দুপৰতে এটা চাৰিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই বেংকৰ পৰা নিলে প্ৰায় ৬০ লাখ টকা লুটি নিয়ে । ডকাইতি কাণ্ড সংঘটিত কৰি চাৰিজনীয়া ডকাইতৰ দলটোৱে যোৱাৰ সময়ত বাহিৰত তিনিজাইকৈ গুলী ফুটাই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি ডকাইতৰ গুলীত এজন লোক আহত হয় ৷ আহত ব্যক্তি গৰাকী অময়াপুৰৰ এলেঙ্গী দলৰ নয়ন দাস বুলি জানিব পৰা গৈছে ৷ পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষী অধিক্ষক অমনজিৎ ক’ৰ সহ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । বাতৰি লিখা সময়লৈকৈ বৰ্তমানলৈ কোনো এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰীৰ আৰক্ষী ৷ আনহাতে বেংকৰ ভিতৰত এটা সক্ৰিয় নাইন এম এমৰ গুলী উদ্ধাৰ কৰা হয় ৷

শীঘ্ৰেই সম্পূৰ্ণ হ’ব নদী-বান্ধ নিৰ্মানৰ কাম : সম্পূৰ্ণ হল নগাঁৱৰ পৰা গেৰুকামুখলৈ টাৰ্বাইন সৰবৰাহৰ কাৰ্য : লকডাউন-ক’ৰোণাৰ পূৰ্ণ সুযোগ ল’লে এনএইচপিচিয়ে

নগাঁও, ২০নৱেম্বৰ:  লকডাউন আৰু ক’ৰোণাৰ আতংকৰ মাজতে এন এইচ পি চিয়ে প্ৰায় সম্পূৰ্ণ কৰিছে বৃহৎ নদীবান্ধ নিৰ্মানৰ কাম। গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি-সোৱণশিৰি বৃহৎ নদীবান্ধৰ সামগ্ৰী মজুতৰ বাবে এন এইচ পি চিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ পৰা ভাড়াত লৈছিল নগাঁৱৰ শেণছোৱা জংছনৰ কাষতে বৃহৎ ভূমি। এন এইচ পি চিয়ে শেণছোৱাত মজুত কৰিছিল বহু টাৰ্বাইন তথা নদীবান্ধৰ নিৰ্মানৰ বাবে বহু সা-সৰঞ্জাম। শেহতীয়াকৈ এন এইচ পি চিয়ে গুদামৰ পৰা সামগ্ৰী কোনো কাৰণতে সৰবৰাহ কৰিবলৈ দিয়া ন’হব বুলি হুংকাৰ দিছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠন কেইটিয়ে এন এইচ পি চিয়ে গুদামৰ সন্মুখত গ্ৰহণ কৰিছিল কেইবালানিও প্ৰতিবাদী কাৰ্যসূচী। অৱৰোধ কৰিছিল সামগ্ৰী সৰবৰাহৰ কৰা বাহনো। পিছে অতি গোপনে এন এইচ পি চিয়েসম্পূৰ্ণ কৰিলে নদী-বান্ধৰ সামগ্ৰী সৰবৰাহৰ কাৰ্য। বৰ্তমান সম্পূৰ্ণ ৰূপে খালী হ’ল শেণছোৱাস্থিত এন এইচ পি চিৰ গুদাম। খালী হৈ পৰিছে বৃহৎ বৃহৎ  টাৰ্বাইন থকা এন এইচ পি চিৰ পথাৰ। কাৰণ ইতিমধ্যে সকলো টাৰ্বাইন সৰবৰাহ কৰা হৈছে গেৰুকামুখলৈ। আনকি শেণছোৱাৰ মাটিও ৰেলৱেক পুনৰ চমজাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে। অতি শীঘ্ৰেই এন এইচ পি চিয়ে ৰেলৱেক চমজাই দিব এই ভূমি। লগতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে  গুদামৰ নিৰাপত্তাত নিয়োজিত বহু নিৰাপত্তাৰক্ষীক। সেয়ে অতি শীঘ্ৰেই যে গেৰুকামুখৰ নদী বান্ধৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ উঠিব সেয়া নিশ্চিত। কাৰণ লকডাউন আৰু ক’ৰোণাৰ বাবে থকা চৰকাৰী শিথিলতাৰ পূৰ্ণ সুযোগ লৈ নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে সম্পূৰ্ণ কৰিছে সামগ্ৰী সৰবৰাহৰ কাম।

টি.এম.পি.কেৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

উজনি-মাজুলী, ২০ নৱেম্বৰঃ বুধবাৰে মাজুলী জিলা টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে আৰু এম-এ-চি ৰ সহযোগত  ৰঙাচাহী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ত JEE( mains& advance 20 আৰু NEET UG (MBBS) স্থান লাভ কৰা মাজুলীৰ ১৫  গৰাকী ছাত্ৰ ছাত্ৰীক  অভিনন্দন পত্ৰ, মিচিং মাৰ্ফলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটি আঁত ধৰে মাজুলী জিলা শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগনে। উক্ত অভিনন্দন অনুষ্ঠানত  মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত বিক্ৰম কৈৰী , মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ  শইকীয়া , ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গামে  শিক্ষাময় জীৱনৰ পৰামৰ্শ আগবঢ়াই । সভাত উপস্থিত থাকে টি-এম-পি-কে ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰামগোবিন দলে, শিক্ষা সম্পাদক ৰিদিপ জেক দলে, কেন্দ্ৰীয় এম-এম-কে ৰ সম্পাদক প্ৰেমধৰ দলে,মাজুলী জিলা টি-এম-পি-কে  ৰ সভাপতি ৰাজু চিন্তে, এম-এম-কে ৰ সভাপতি ৰাজীৱ পেগু, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা ,এম-এ-চি ৰ জি-এম ত্ৰৈলোক্য পামেগাম, নীল দলে,  উমা পাঠৰী, আদি সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাত জিলা উপায়ুক্তই  মাজুলীত স্থায়ীভাৱে APSC/UPSC  ক’ৰ্চিংৰ ব্যৱস্থা কৰিৱ বুলি আশ্বাস প্ৰদান কৰে। এম-এ-চি ৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰী সকলকৰ আৰ্থিক অনুদান আগবঢ়া বুলি এম-এ-চি ৰ প্ৰতিনিধি তিনিও গৰাকীয়ে ঘোষণা কৰে। শেষত মাজুলী জিলা টি-এম-পি-কে ৰ শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগনে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কয় – জ্ঞানৰ সাধনাই হ’ল জীৱনৰ সাধনা ; মহৎ সাধনা। সাধনাই প্ৰতিজন মানুহক কৰি তোলে সুন্দৰ আৰু মহান। মাজুলী জিলাৰ  মিচিং জাতীয় সংগঠন টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে  আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সহযোগত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি বিৰল কৃতিত্ব  অর্জন কৰা 2020 বৰ্ষৰ JEE ( Advance 20)/ NEET UG( MBBS) প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকলক কৃতজ্ঞতা জনাই। লগতে কেন্দ্ৰীয়, জিলা সতীৰ্থ বিষয়ববীয়া আৰু স্থানীয় কাৰ্কিচুক,কলিয়া, ৰঙাচাহী, ঠাকুৰসুঁতি  আঞ্চলিক টি-এম-পি-কে, এম-এম-কে আৰু টি-এম-এম-কে ৰ বিষয়-ববীয়াৰ  বহুমূলীয়া সময়ৰে সহায় সহযোগিতাই অভিনন্দন অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ বাবে কেন্দ্ৰীয় জিলা-আঞ্চলিক সমূহ বিষয় ববীয়ালৈ বৈপ্লৱিক অভিনন্দন ও আন্তৰিকতাৰে  বিভাগীয় সম্পাদকৰ ফালৰ পৰা শলাগৰ শৰাই আগবঢ়াই।

মাজুলী জিলা যুৱ মৰ্চাৰ উদ্যোগত পাচঁ গৰাকী জেষ্ঠ মৃৎ শিল্পীক সম্বৰ্ধনা

উজনি-মাজুলী ,১৯ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ভ্ৰাতৃৃ সংগঠন জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নিৰ্দেশনা মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলা সমিতিয়ে ১৩ নবেম্বৰত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষত জিলা খনত দুটাকৈ কাৰ্যসূচীৰ ৰূপায়ন সফল ভাৱে সম্পন্ন কৰে। প্ৰথম কাৰ্যসূচীত অসমৰ সাতামপুৰুসীয়া ঐতিহ্যৰ ধ্বজা বাহী শৈল্পীক নিদৰ্শণ তথা মাজুলী অন্যতম চহকী পৰম্পৰা বৰ্তাই ৰখা বৃহত্তৰ শালমৰা মৌজাৰ উজনি শালমৰা চুপহা নামঘৰত মাজুলী জিলা যুৱ মৰ্চাৰ সভাপতি ঋতুপৰ্ণ শৰ্মা উপস্থিত হৈ স্থানীয় বুথ সমিতিৰ সভাপতি তথা দলৰ জেষ্ঠ কৰ্মী মানিক কলিতাৰ সভাপতিত্বত স্থানীয় পাচঁ গৰাকী জেষ্ঠ মৃৎ শিল্পীক সম্বৰ্ধনা জনায়। লগতে পৰম্পৰা গত শিল্পৰ প্ৰচাৰ-প্ৰসাৰ তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰে গ্ৰহণ কৰা মৃৎ শিল্পৰ উত্তৰণৰ ওপৰত আলোকপাত কৰাৰ পাছত মাজুলীৰ এই মৃৎ শিল্পৰ লগত জড়িত প্ৰতিটো পৰিয়ালে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আত্ম নিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম শ্লোগানৰ ফলসমূহ  সচাঁ অৰ্থত এই শিল্পী সকলৰ যোগেদিয়েই প্ৰকাশিত  হোৱাত সচেতন ৰাইজে বিশেষ সন্তোষ্টি ব্যক্ত কৰিছে। চীনা সামগ্ৰী বৰ্জন আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ, প্ৰদুষণ মুক্ত অসম গঢ়াৰ যি সংকল্প মুখ্যমন্ত্ৰী গৰাকীৰ এই বাণীকে সৰোগত কৰি জিলা যুৱ মৰ্চাই আগন্তুক দীপাৱলী সমূহতো ৰাইজৰ মাজত বিশেষ সজাগতা আৰু সচেতনতাক অধিক গুৰুত্ব আৰোপ কৰি কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি যাব  বুলি সাংবাদিকৰ আগত যুৱ মৰ্চাৰ মাজুলী মেডিয়া তত্ত্বাৱধায়ক দুষ্মন্ত ৰেগনে জানিবলৈ দিয়ে ।

বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই চৰকাৰ গঠন হব : ৰিহন দৈমাৰী

নগাঁও,১৯ নৱেম্বৰ : বি টি চি ৰ নিৰ্বাচনক লৈ তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ। বিশেষকৈ সমাগত বিধানসভা নিৰ্বাচনক লৈ  ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ  সময়তেই  বি টি চিৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি অধিক গৰম হৈ পৰা পৰিলক্ষিত হৈছে । শাসকীয় দল বিজেপিৰ প্রভাবশালী আৰু বাকপটু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  বি টি চিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বি পি এফ দলৰ প্ৰধান হাগ্ৰাম মহিলাৰীৰ লগতে বি পি এফ দলক আক্ৰমণৰ লক্ষ্য কৰি লয়। মন্ত্ৰী ডঃ শৰ্মাই বি টি চি প্ৰধান হাগ্ৰাম মহিলাৰীৰ ভেটি কঁপাই  আগন্তুক নিৰ্বাচনত বি টি চিত বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব বুলিও হুংকাৰ দিয়ে। ইপিনে হাগ্রামা মহিলাৰীয়েও নিৰ্বাচনী সভাসমূহত তীক্ষ্ণ বাক্য বানেৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি নিৰ্বাচনী প্ৰচাৰ আকৰ্ষনীয় কৰি তুলিছে ।  বিজেপি আৰু বি পি এফৰ নেতাৰ এনে বাকযুদ্ধৰ মাজতে আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত  ‘জল জীৱন  মিছন’ নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে । চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে বি টি চি নিৰ্বাচনক লৈ সাংবাদিকৰ আগত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে।   বি টি চি নিৰ্বাচনক লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দৈমাৰীয়ে মাথো কয় : বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই চৰকাৰ গঠন হব আৰু তাত কোনো সন্দেহ নাই ।

বুঢ়াশেনচোৱাৰ পৰা আমগুৰি ৰংদৈ নতুন কঢ়ালগাওঁ, কাঠনিআটী, ডেকাশেনচোৱা সংযোগী পকী পথত কালভাৰ্ট নিৰ্মাণত বেমেজালি

উজনি-মাজুলী, ১৯ নৱেম্বৰঃ  মাজুলীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদিচ্ছাৰ বাবে মাজুলীৰ এটা পিছ পৰা অঞ্চলৰ ৰাইজে পকী পথ লাভ কৰি সন্তোষ লাভ কৰিছিল ৷ অসম চৰকাৰে দিয়া এই উপহাৰৰ বাবে চৰকাৰক জনসাধাৰণে অভিনন্দন ও ধন্যবাদ জনাইছিল । স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত অৱশেষত বুঢ়াশেনচোৱাৰ পৰা আমগুৰি ৰংদৈ গাঁৱৰ মাজেদি নতুন কঢ়ালগাওঁ, কাঠনিআটী, ডেকাশেনচোৱা সংযোগী পথটো পকীকৰনৰ কাম সুকলমে চলি থকাৰ মাজতে টুনি নদীৰ পাৰত নিৰ্মাণ হব লগা এটা কালভাৰ্ট নিৰ্মাণত স্থানীয় শিক্ষক এজনে নিজৰ স্বাৰ্থৰ বাবে কালৰ্ভাট নিৰ্মাণত বাধা প্ৰদান কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ এই বিষয় সম্পৰ্কে  জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ  নকৰাৰ অভিযোগ আন একাংশ স্থানীয় সচেতন লোকৰ । যিহেতু এই কালভাৰ্টটো নিৰ্মাণ নহলে বাৰিষাৰ সময়ত কোনো ফালৰপৰা পানীৰ হেঁচা বৃদ্ধি হলে পথটো  ছিঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি এই প্ৰতিবেদকক বিভিন্নজনে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, এই পথেৰে পূৱ মাজুলী মহাবিদ্যালয়, মেৰাগড় না: দে: উ:মা: বিদ্যালয়, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উ:মা: বিদ্যালয়, কেশৱৰাম বৰা হাইস্কুল, শেনছোৱা হাইস্কুল, মাজুলী মহাবিদ্যালয়কে ধৰি বহুসংখ্যক  বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু পূৱ মাজুলী অঞ্চলৰ পৰা সদৰমুখী বহু চৰকাৰী কৰ্মচাৰীৰ লগতে যথেষ্ট সংখ্যক বেচৰকাৰী লোকৰ যাতায়তৰ সুবিধাজনক পথ । সেয়েহে এই গাঁও সমূহৰ ৰাইজৰ  অনতিপলমে কালভাৰ্টটো নিৰ্মাণ কৰিবৰ বাবে  জিলা উপায়ুক্তৰ হস্তক্ষেপেৰে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে ৷ এজন লোকৰ স্বাৰ্থপৰতা মানসিকতাক স্থানীয় লোকে তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে  স্থানীয় গাঁওবাসী , অঞ্চলৰ ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷

উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জনজাতি ছাত্ৰ সন্মিলন সম্পন্ন

উজনি মাজুলী, ১৯ নৱেম্বৰঃ বিশ্বৰ  অন্যতম অৰাজনৈতিক ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ,মাজুলী জিলা সমিতিৰ উদ্যোগত বুধবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জিলা জনজাতি ছাত্ৰ সন্মিলন অনুষ্ঠিত হয় । বৰ্তমান সময়ত অসমৰ জনজাতীয় ছাত্ৰ-ছাত্ৰী সকল সকলো দিশৰ পৰাই পিছ পৰি ৰোৱা পৰিলক্ষিত হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰঃ হিতৰ বাবে কাম কৰি অহা বৃহৎ ছাত্ৰ সংগঠনটোৱে এলানি দীঘলীয়া কাৰ্যসূচীৰে মাজুলীৰ গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিৰে সন্মিলনখনি অনুষ্ঠিত কৰে। মাজুলী জিলাৰ ৬ টা শাখাৰ সকলো কাৰ্য্যকৰ্তাৰ লগতে পৰিষদৰ শুভাকাংক্ষী সকলে ব্যৱস্থাপনাৰ দায়িত্ব লোৱা কার্যসূচীটিৰ আদৰণি ভাষণেৰে আঁত ধৰে বিদ্যাৰ্থী পৰিষদৰ একালৰ সক্ৰিয় কাৰ্য্যকৰ্তা অনন্যা বৰুৱাই। পুৱা ৬ বজাত নতুন বজাৰৰ বিশিষ্ট সমাজ সেৱক কপিল কুমাৰ বৰাই আঁত ধৰা স্বচ্ছতা অভিযানৰ দ্বাৰা আৰম্ভ হোৱা সভাখনিত উপস্থিত থাকে বিদ্যাৰ্থী পৰিষদৰ উত্তৰ পূৱৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক নীৰৱ ঘিলানী ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলাৰ সভাপতি তথা মাজুলীৰ অন্যতম শিক্ষানুষ্ঠান ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গাম ,অ’.এন.জি. চি. অসম সম্পদৰ অধ্যক্ষ ও কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি পোনাৰাম মিলি , টি.এম.পি.কে. মাজুলী জিলাৰ সভাপতি ৰাজু চিন্তে ,উজনি মাজুলী খেৰকটিয়া মহাবিদ্যালয়ৰ অধ্যক্ষা কুসুম দত্ত , মাজুলী বিদ্যাৰ্থী পৰিষদৰ ফুলনি শাখাৰ উপ:সভানেত্রী পাৰুল বৰা মিলি , অধিবক্তা তথা ৰঙাচাহী শাখাৰ সভাপতি মনোজ্যোতি মিলি। ভাষণ সম্পৰ্কত সাংগঠনিক সম্পাদক গৰাকীয়ে বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকলাপৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ জৰিয়তে কেনেদৰে দেশ মাতৃৰ হিতৰ বাবে সেৱা আগবঢ়াব পাৰি লগতে জনজাতি ছাত্ৰ-ছাত্ৰী সকলৰ উত্তৰণৰ দিশত ভাষণ প্ৰদান কৰে। উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায়। তাৰ পিছতে কৃষ্টি-সংস্কৃতিৰ ভঁৰাল মাজুলীৰ উদীয়মান কলা-কুশলী সকলে মিছিং,দেউৰী,সোনোৱাল কছাৰী,নেপালী বিভিন্ন জনজাতীয় নৃত্য পৰিবেশন কৰে। দিনজোৰা কাৰ্য্যসূচীৰ অন্তত মাজুলীৰ সকলো কাৰ্য্যকৰ্তাই পৰিষদৰ বিভিন্ন শ্লো-গানেৰে সভাগৃহ উলাহ-উদ্দীপনাময় পৰিবেশৰ সৃষ্টি কৰে। বৰ্ণাঢ্য কাৰ্য্যসূচীটিৰ শেষত মাজুলী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্পৰ্ক প্ৰমুখ ভাৰ্গব প্ৰতীম বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত “বন্দে মাতৰম”গীত পৰিবেশন কৰি সভাৰ সফল সমাপ্তি কৰে।

১, ২ আৰু ৩ জানুৱাৰীত সদৌ অসম অ’বিচি সন্মিলনৰ উনবিংশতিতম ত্ৰিবাৰ্ষিক অধিবেশন

উত্তৰ গুৱাহাটী, ২০ নবেম্বৰ : সদৌ অসম অন্যান্য পিছপৰা শ্ৰেনী সন্মিলনৰ উনবিংশতিতম ত্ৰি-বাৰ্ষিক অধিবেশন খনি অহা  ১, ২ আৰু ৩ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে । যোৰহাটৰ তিতাবৰ উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ চৌহদত অনুষ্ঠিত হবলগীয়া অধিবেশনত ১ জানুৱাৰীত বিয়লী ২ বজাত প্ৰতিনিধি শিবিৰ মুকলি আৰু প্ৰতিনিধিৰ পঞ্জীয়ন সন্ধিয়া ৬ বজাত প্ৰতিনিধিৰ লগত অন্তৰঙ্গ অনুষ্ঠান, ২ জানুৱাৰী পুৱা ৮ বজাত পতাকা উত্তোলন, ৮.৩০ বজাত বৰেণ্য  ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি, ৯.৩০ বজাত ৰাজ্যিক পৰিষদৰ প্ৰথম অধিবেশন বিয়লি ২ বজাত ৰাজ্যিক পৰিষদৰ দ্বিতীয় অধিবেশন আৰু বিষয় বাছনি সভা আৰু  ৩ জানুৱাৰী ১০ বজাত সন্মিলনৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে ত্ৰি- বাৰ্ষিক অধিবেশন স‍াফল্যমণ্ডিত কৰিবলৈ হেমেন শইকীয়াক সভাপতি আৰু অৰূপ কুমাৰ সন্দিকৈ প্ৰধান সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । সদৌ অসম অন্যান্য পিছপৰা শ্ৰেনী সন্মিলনৰ উনবিংশতিতম ত্ৰি-বাৰ্ষিক অধিবেশন ৰাজ্যৰ প্ৰতিতো প্ৰান্তৰ  অন্যান্য পিছপৰা শ্ৰেনীৰ লোক সকলৰ উপস্থিতি তথা সহায় সহযোগিতা সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভ‍াপতি অমৰ গগৈ সম্পাদক বসন্ত কুমাৰ আৰু ৰাজ্যিক সন্মিলনৰ  আহ্বায়ক কৌশিক দাসে এক প্ৰেছ বিজ্ঞতিযোগে জনাইছে ।

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সফলতা

উজনি মাজুলী ,২০ নৱেম্বৰঃ ২০১৯ বৰ্ষৰ “মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা” ত মাজুলী জিলাৰ মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত বালিচাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সাত গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ গৌৰৱ অক্ষুন্ন ৰাখিছে। যুৱলেখক তথা শিক্ষক জিতুল বৰা প্ৰধান শিক্ষক হিচাপে কৰ্মৰত অৱস্থাত থাকোতে বৃত্তি পৰীক্ষাত প্ৰস্তুতি চলাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকল হৈছে- নয়নজ্যোতি কলিতা, বিক্ৰম শইকীয়া , অঞ্জন  শইকীয়া, মৃনাল হাজৰিকা, পুতলি শইকীয়া, তন্ময় কল্যাণ বৰুৱা আৰু দৰ্শনা মুদৈ। বিদ্যালয় খনৰ ছাত্র-ছাত্রী সকলৰ এনে সফলতাত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে  অভিভাৱক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। বিদ্যালয়খনৰ এই সফলতাত বিদ্যালয় পৰিচালনা সমিতিৰ  প্ৰাক্তন সভাপতি মহেন্দ্ৰ হাজৰিকাই অভিনন্দন জনাইছে । উল্লেখযোগ্য যে, বিদ্যালয়খনৰ তদানীন্তন প্ৰধান শিক্ষক জিতুল বৰা আৰু সহঃশিক্ষক – যুগবিকাশ পেগু, জোণমনী দেৱী ভাগৱতী,  ৰনোজ  নৰহৰ অশেষ কষ্টৰ ফলত এই সাফল্য লাভ কৰিছে । বিদ্যালয়খনৰ এই সফলতাত ২০১৯ আৰু ২০২০ বৰ্ষৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিদ্বয় ক্ৰমে বুধিন শইকীয়া আৰু ৰানু দাস , উপ সভাপতি বাবুল ভৰালী, বিদ্যালয়ৰ ৰান্ধনী কৰ্মীদ্বয় ক্ৰমে মৃনালী হাজৰিকা আৰু নিজু শইকীয়াই অভিনন্দন জনাইছে।  ভৱিষ্যতেও বিদ্যালয় খনে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব বুলি স্থানীয় ৰাইজে আশা কৰিছে। নামনি মাজুলীৰ আগশাৰীৰ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিণত হোৱা ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয় খনে পূৰ্বতে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱ কাৰ্যসূচীত দুবাৰকৈ ‘ এ’ প্লাছ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল। বিদ্যালয়খন এই শৈক্ষিক ধাৰা ভবিষ্যতেও অক্ষুন্ন থাকিব বুলি অঞ্চলবাসীয়ে আশাঁ ৰাখিছে ।