নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সো়মবাৰে সমষ্টিটোৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।পথ সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ ধাৰাক অনন্য মাত্ৰা প্ৰদানৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো।নগাঁও চহৰক উন্নয়নৰ নতুত্বৰে জাতিষ্কাৰ কৰাৰ উদ্দেশ্যে আজিও চহৰখনৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূঞাপট্টি শিশু উদ্যানৰ চাৰিসীমাৰ নৱ নিৰ্মিত পকীদেৱাল উদ্ধোধন কৰা হয় বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । এই উদ্যানখনত শিশুৱে উমলি আনন্দ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।আনহাতে নগাঁও পৌৰসভা এলেকাৰ পথৰ উন্নয়নে নগাঁও বাসী ৰাইজক উপকৃত কৰিব বুলিও বিধায়ক গৰাকী আশাবাদী। সো়মবাৰে আধাৰশিলা স্থাপন কৰা পৌৰসভা এলেকাৰ পথ সমূহ হৈছে- ৮ নং ৱাৰ্ডৰ এন বি পি উপপথ, ২২নং ৱাৰ্ডৰ লখিমী পথ, ২নং ৱাৰ্ডৰ ৰামকৃষ্ণ পলি উপপথ,২১নং ৱাৰ্ডৰ লাচিত নগৰ পথ,১ নং ৱাৰ্ডৰ হয়বৰগাঁও হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ ,২নং ৱাৰ্ডৰ শান্তিপুৰ উপপথ,৬নং ৱাৰ্ডৰ হৰিজন কলনি পথ,১৯ নং ৱাৰ্ডৰ ফুলচান্দ বৰা পথ,১৯ নং ৱাৰ্ডৰ ভোলা বৰুৱা পথ,১৯ নং ৱাৰ্ডৰ খুটিকটীয়া কলংপাৰ পথ, ১৬ নং ৱাৰ্ডৰ দেছুৱালী পট্টি পথ,১৬নং ৱাৰ্ডৰ কীৰ্তন ঘৰ পথ আৰু ২ নং ৱাৰ্ডৰ শান্তিপুৰৰ কালী মন্দিৰৰ সমীপৰ ১ নং উপপথ ।
নগাঁও পৌৰ এলেকাৰ ১৩ টা পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
এদিনীয়া ভ্ৰমণসূচীৰে আজি নিশা অসমত উপস্থিত হ’ব অমিত শ্বাহ
এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি নিশা গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী । গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমিনগাঁৱত বৰ্তমান কটকটীয়াকৈ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী ।
বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে চিৰাঙলৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
অৱশ্যে, অমিত শ্বাহৰ এই ভ্ৰমণৰ উদ্দেশ্য সুকীয়া । গৃহমন্ত্ৰীগৰাকীয়ে কোনো ৰাজনৈতিক সভাত অংশ ল’বৰ বাবে নহয়, চিৰাং জিলাৰ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ অতিথি হৈহে আহিব। চিৰাঙত গ্ৰেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ নেতা অনন্ত ৰায়ক সাক্ষাৎ কৰিব শ্বাহে। এই ভ্ৰমণত অমিত শ্বাহক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
ডবকাত পৰিবহন বিভাগৰ পথ সজাগতা সভা,মটৰ চাইকেল ৰেলী আৰু বাটৰ নাট পৰিবেশন
হোজাই জিলা পৰিৱহন বিভাগৰ উদ্যোগত আজি ৩২ তম পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি এখন পথ সুৰক্ষা সজাগতা সভা ,মটৰ চাইকেল ৰেলী আৰু বাটৰ নাট ডবকা চহৰত অনুষ্ঠিত কৰি পৰিৱহন বিভাগে দুৰ্ঘটনাৰ পৰা কিদৰে ৰাইজে সকাহ পাব পাৰে তাৰ প্ৰয়াস চলায় ৷ এই উপলক্ষে আয়োজিত বাইক ৰেলীৰ ফ্লেগ মাৰ্চ কৰে পৰিবহন বিষয়া তামছিন আফতাবে ৷
সজাগত সভাত হোজাই জিলা পৰিৱহন বিষয়া তামছিন আফতাব, এম বি আই হৰমহন শিকীয়া, এনফৰ্চমেন বিষয়া মখলিচুৰ ৰহমান আৰু ডবকা হিৰো মটৰ চাইকেল শ্ব’ৰুমৰ স্বত্থাধিকাৰী ফাৰুক আহমেদসহ স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে ৷ ডবকা হিৰো মটৰ চাইকেল শ্ব’ৰুমৰ সন্মুুুুখত এখন পথ সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত পৰিবহন বিভাগৰ বিষয়া সকলে পথ সুৰক্ষাৰ উপৰত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পিছত মটৰ চাইকেল ৰেলি কৰি ডবকা পুলিচ পিন্টৰ সমীপত সকলো সমবেত হোৱাৰ পাছত কাকীৰ শিল্পী সকলৰ দ্বাৰা পথ সুৰক্ষা সন্দৰ্ভত এখন বাটৰ নাট অতি সুন্দৰকৈ পৰিবেশন কৰা হয় ৷
ৰঙিয়াৰ পথাৰত অচল জলসিঞ্চন ব্যৱস্থা,মূৰেকপালে হাত দিছে খেতিয়কে
অসম চৰকাৰৰ সবাতোকৈ অকৰ্মণ্য বিভাগ হিচাপে পৰিচিত জলসিঞ্চন বিভাগৰ পুনৰ ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে । জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত ৯৫ শতাংশ জলসিঞ্চন আঁচনি ভালুকৰ সাঙীত পৰিণত হৈছে । ৰঙিয়াৰ নিকটৱৰ্তী বৰকুকুৰীয়া গাৱৰ খেতিয়কে জলসিঞ্চন বিভাগৰ কোটি টকীয়া জলসিঞ্চন আঁচনিৰ পৰা আজিলৈকে খেতি পথাৰত নাপালে পানী । কোটি কোটি টকা ধন খৰচ কৰাৰ পিছতো এই আঁচনি সমূহৰ পৰা কৃষি কৰ্মৰ বাবে খেতিয়কে পানীনোপোৱা কথাই ক্ষোভিত কৰি তুলিছে । খোদ জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত পানীৰ বাবে খেতিয়কৰ হাহাকাৰ । আঁচনি আছে, কিন্তু আঁচনি বিকল । খেতি পথাৰত পানী নাই বাবে চিৰাল ফাট মেলিছে । জলসিঞ্চন বিভাগৰ আঁচনি থকাৰ পিছতো খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰিলে অকৰ্মণ্য জলসিঞ্চন বিভাগে । যাৰ ফলত এতিয়া শশ বিঘা বড়ো ধানৰ কঠিয়া মৰহি যোৱাৰ উপক্ৰম হৈছে । ঋণ লৈ অথবা ধাৰ কৰি দৰিদ্ৰ খেতিয়কসকলে ধানৰ বীজ খিচিছিল । কিন্তু খেতিপথাৰত চিৰাল ফাট মেলাত মুৰে কপালে হাত দিছে খেতিয়কসকলে । পথাৰত পানী নোহোৱাত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে খেতিয়কৰ মাজত । খেতি পথাৰৰ কাষতে জলসিঞ্চন আঁচনি আছে যদিও সেই আঁচনি এতিয়া ভালুকৰ সাঙিত পৰিণত হৈছে । কৃষক ৰাইজৰ নামত কৌটি কৌটি টকাৰ আঁচনি স্থাপন কৰোতেই দায়িত্ব শেষ হয় জলসিঞ্চন বিভাগটোৰ । সেয়েহে এতিয়া উপায়ন্তৰ ৰাইজৰ শেষ ভৰষা ভগৱান । পথাৰৰ খেতিডৰাৰ মাজেৰে জীৱনৰ সপোন দেখা খেতিয়ক ৰাইজে আশীৰ্বাদ বিছাৰিছে ভগৱানৰ । পুজা অৰ্চনা কৰি দুৰ্ভগীয়া খেতিয়ক ৰাইজৰ প্ৰাৰ্থনা – পথাৰৰ খেতি ডৰা ভালে ৰাখক । খেতিয়ক ৰাইজৰ কৰুণা কৰি পানীৰে জীপাল হওক খেতি পথাৰ ।
হয় চাহ শ্ৰমিকক ৩৫১ টকা মজুৰি দিয়ক অন্যথা বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে প্ৰচাৰ চলাব আটছাই
১০ ফেব্ৰুৱাৰী তাৰিখে উজনি অসমৰ ভিন্ন ঠাইত আটাছাই চাহ জনগোষ্ঠীৰ বাবে বৃদ্ধ কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে বহু শ শ লোক।কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চাহ শ্ৰমিকক ৩৫১ টকা মজুৰি প্ৰদান, মাটিৰ পট্টা আৰু অসম জনজাতিকৰণ নকৰিলে আগন্তক ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে প্ৰচাৰ চলাব বুলিো হুংকাৰ দিয়ে আটাছাই।
স্বাধীনতাৰ ৭০ বছৰ কাল পাৰহৈ যোৱাৰ পাছতো চৰকাৰে চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধান কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ বুধবাৰে চাহজনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হায় হায় শ্লোগানেৰে বোকাখাত মহকুমাত বোকাখাত নগৰৰ পৰা সমদল বাহিৰ কৰি বোকাখাত মহকুধিপতি কাৰ্যলয়ত উপস্থিত হৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।আনহাতে চাহ জনজাতি ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ নির্দেশ মৰ্মে মৰিয়নী শাখাৰ উদ্যোগতো মৰিয়নী ৰাজহ কাৰ্যালয়ত ৩ ঘণ্টাৰ এক ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
জামুগুৰিহাটত ৫ শতাধিক দিব্যাংগ লোকক প্ৰমাণপত্ৰ বিতৰণ বিধায়ক পদ্মৰ
আপোনালোকে কোনেও নিজকে কেতিয়াও শাৰীৰিকভাৱে অক্ষম বুলি নাভাবিব ৷ আপোনালোক শাৰিৰীকভাৱে সক্ষম বাবেই অন্য লোকসকলৰ দৰে চৰকাৰ আপোনালোকক লৈও যথেষ্ট আশাবাদী৷আপোনালোকেও জাতিটোৰ কাৰণে কৰিব লাগিব, সমাজৰ কাৰণে কৰিব লাগিব আৰু দেশৰ কাৰণে কৰিব লাগিব৷তাৰ কাৰণে ঈশ্বৰে আপোনালোকক শক্তি দিয়ক৷মই দৃঢ় বিশ্বাসী যে আপোনালোকো ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিবই৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷
জামুগুৰিহাটৰ বাপুজি ভৱনত বিশেষভাৱে সক্ষম লোকক অক্ষমতাৰ প্ৰমাণ পত্ৰ বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত লোকসকলক উদ্দেশ্যি এইদৰে কয় বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ অক্টোৱৰ মাহত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত স্বাস্থ্য বিভাগ,সমাজ কল্যান বিভাগ,কন্যকা আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সহযোগত জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমষ্টিটোৰ বিশেষভাৱে সক্ষম লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি তেঁওলোক যাতে প্ৰমাণপত্ৰৰ অভাৱত চৰকাৰী সা-সুবিধা লাভৰপৰা বঞ্চিত নহয় তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিছিল ৷
সেইসকলৰ মাজৰেই ৫ শতাধিক লোকক বিধায়ক হাজৰিকাই অক্ষমতাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে৷প্ৰমাণপত্ৰ লাভ কৰা প্ৰতিগৰাকী দিব্যাংগ লোকেই কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আঁচনিসমুহৰ সকলো সুবিধাই লাভ কৰিব বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই দিব্যাংগ লোকসকল সমাজৰ একো একোজন সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ’ব বুলিও আশা ব্যক্ত কৰে৷প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানটোত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা,মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মদন কৈৰালা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি অজিত পায়েং,সৰ্বশিক্ষা অভিযান মিচনৰ সমল ব্যক্তি অজিত নাথ,প্ৰফুল্ল নাথ আৰু হৰি দাহালকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাকপথাৰ আঞ্চলিক সমিতি গঠন
তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা পেক্ষাগৃহত আজি অনুষ্ঠিত ছাত্র মুক্তি সংগ্ৰাম সমিতি কাকপথাৰ আঞ্চলিক সমিতিৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাতে আঞ্চলিক সমিতিখন পুনৰ গঠন কৰে । পদ্মনাথ গোহাঞি বৰুৱা আদর্শ মহাবিদ্যালয়, ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়, ডুমডুমা মহাবিদ্যালয়, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কাকপথাৰত অধ্যয়নত শতাধিক ছাত্র-ছাত্ৰী আৰু ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বহু কেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র সৌৰভজ্যোতি দহোতীয়াক সভাপতি, পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয় ছাত্ৰ মানিক মৰাণক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৩ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠিত হয়। সভাত উপস্থিত থাকে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্ত আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা উদিপ্ত বাঘ বড়া ।
পুনৰ ছয়গাঁও আৰক্ষীৰ জালত ড্ৰাগছ সহ আটক এজন
ৰাজ্যত অব্যাহত আছে অবৈধ ভাৱে ড্ৰাগছৰ বেহা । তেনে সময়তে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এক অভিযানত ছয়গাঁৱৰে মহাবীৰ পথাৰৰ নজমুল হ’ক নামৰ এজন যুবকক ড্ৰাগছ সহ আটক কৰে ৷যুবক জনৰ প’ৰা ১৩ টাকৈ নিষিদ্ধ ড্ৰাগছৰ কণ্টেইনাৰৰ লগতে জব্দ কৰে ৫৬ গ্ৰামৰ ড্ৰাগছৰ পেকেট এটা ৷
এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ড্ৰাগছখিনি বিক্ৰীৰ বাবে গৈৰৈমাৰী মহাবীৰ পথাৰত লৈ গৈ থকা অৱস্থাত আৰক্ষী বিষয়াগৰাকীয়ে আকস্মিকভাৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৷ধৃত নজমুল হ’কক বৰ্তমান কেন্দ্ৰীয় জেললৈ প্ৰেৰণ কৰা হৈছে ৷
সোণতলীত সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাৰ শুভ উদ্ধোধন
দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগীতাৰ শুভ উদ্ধোধন কৰা হয়। জানিব পৰা মতে মাহতলী বজাৰ ক্লাৱৰ উদ্যোগ আৰু আৰাফা ৰয়েল একাডেমীৰ সহযোগত ক্ৰিকেট খেলৰ উদ্ধোধনী খেল খন সোণতলীৰ এ দল আৰু বি দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেল খনৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী গোপী নাথ দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰহমত উল্লাহ,জি কে এছ প্ৰেছ ক্লাৱৰ উপদেষ্টা আজাদ ওচমান গণি, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড°আবুল কালাম আজাদ উপস্থিত থাকে। আনহাতে চুৰান্ত খেলখন ১২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হব বুলি সমিতিয়ে জনাইছে৷
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সজাগতা সৃষ্টিৰ বাবে মাজুলীত “ৰাইজ মেল এক গণ জাগৰণ” অনুষ্ঠান আয়োজন
২নং মৰিটুনী মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আজি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ড , কমলাবাৰী (মাজুলী জিলা) ৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এখন “ৰাইজ মেল:এক গণ জাগৰণ” অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মধ্য মাজুলী পাৰিজাত হাইস্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষক যুগল চুতীয়াৰ পৰিচালনাত শংকৰদেৱৰ শিশু নিকেতন কমলাবাৰী আৰু আইলেণ্ড একাডেমীৰ সাত জন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বাটৰ নাটৰ পিছতে সভাত সাৰজান নসত্ৰ আৰু ২নং মৰিটুনী মিচিং গাঁৱৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সভাপতি আৰু অংগনবাদীৰ কেন্দ্ৰ কৰ্মী আৰু সহায়িকাৰ উপস্থিতত এখন সজাগতা সভা অনুস্থিত কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ কেন্দ্ৰ সমন্বয়ক বিকাশ বৰাই আঁতধৰা সভাত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলীৰ জিলা সমন্বয়ক তথা মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নাৰায়ণ শৰ্মাই। সভাত বিজ্ঞান কৰ্মী বসন্ত বৰা, মানিক বৰুৱাই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত সুন্দৰ মন্তব্য আগবঢ়ায় । সভাত ৰাজহুৱা ফালৰপৰা বক্তব্য আগবঢ়ায় শশীধৰ গামে আৰু ভিতৰুৱা অঞ্চলত এনেধৰণৰ সজাগতা সভা অনুস্থিত কৰা আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সভাপতি সত্যনাথ শইকীয়াই বাটৰ নাটৰ অভিনয় কৰা শিশু শিল্পী সাত গৰাকীক মৰমৰ উপহাৰ আৰু ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছতে সভাপতিৰ মন্তব্যত ড°নাৰায়ন শৰ্মাই সমাজৰ সকলো স্তৰৰে লোকৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়াত গুৰুত্ব আৰোপ কৰে আৰু সমাজৰ কু সংস্কাৰ আৰু অন্ধবিশ্বাস বোৰ আঁতৰাই এখন সুস্থ-প্ৰগতিশীল সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শেষত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰাই শলাগৰ শৰাই আগবঢ়াই আৰু অসমৰ জাতীয় সংগীত পৰিবেশনেৰে সভা ভংগ কৰে।।








