অসম চৰকাৰৰ সবাতোকৈ অকৰ্মণ্য বিভাগ হিচাপে পৰিচিত জলসিঞ্চন বিভাগৰ পুনৰ ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে । জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত ৯৫ শতাংশ জলসিঞ্চন আঁচনি ভালুকৰ সাঙীত পৰিণত হৈছে । ৰঙিয়াৰ নিকটৱৰ্তী বৰকুকুৰীয়া গাৱৰ খেতিয়কে জলসিঞ্চন বিভাগৰ কোটি টকীয়া জলসিঞ্চন আঁচনিৰ পৰা আজিলৈকে খেতি পথাৰত নাপালে পানী । কোটি কোটি টকা ধন খৰচ কৰাৰ পিছতো এই আঁচনি সমূহৰ পৰা কৃষি কৰ্মৰ বাবে খেতিয়কে পানীনোপোৱা কথাই ক্ষোভিত কৰি তুলিছে । খোদ জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত পানীৰ বাবে খেতিয়কৰ হাহাকাৰ । আঁচনি আছে, কিন্তু আঁচনি বিকল । খেতি পথাৰত পানী নাই বাবে চিৰাল ফাট মেলিছে । জলসিঞ্চন বিভাগৰ আঁচনি থকাৰ পিছতো খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰিলে অকৰ্মণ্য জলসিঞ্চন বিভাগে । যাৰ ফলত এতিয়া শশ বিঘা বড়ো ধানৰ কঠিয়া মৰহি যোৱাৰ উপক্ৰম হৈছে । ঋণ লৈ অথবা ধাৰ কৰি দৰিদ্ৰ খেতিয়কসকলে ধানৰ বীজ খিচিছিল । কিন্তু খেতিপথাৰত চিৰাল ফাট মেলাত মুৰে কপালে হাত দিছে খেতিয়কসকলে । পথাৰত পানী নোহোৱাত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে খেতিয়কৰ মাজত । খেতি পথাৰৰ কাষতে জলসিঞ্চন আঁচনি আছে যদিও সেই আঁচনি এতিয়া ভালুকৰ সাঙিত পৰিণত হৈছে । কৃষক ৰাইজৰ নামত কৌটি কৌটি টকাৰ আঁচনি স্থাপন কৰোতেই দায়িত্ব শেষ হয় জলসিঞ্চন বিভাগটোৰ । সেয়েহে এতিয়া উপায়ন্তৰ ৰাইজৰ শেষ ভৰষা ভগৱান । পথাৰৰ খেতিডৰাৰ মাজেৰে জীৱনৰ সপোন দেখা খেতিয়ক ৰাইজে আশীৰ্বাদ বিছাৰিছে ভগৱানৰ । পুজা অৰ্চনা কৰি দুৰ্ভগীয়া খেতিয়ক ৰাইজৰ প্ৰাৰ্থনা – পথাৰৰ খেতি ডৰা ভালে ৰাখক । খেতিয়ক ৰাইজৰ কৰুণা কৰি পানীৰে জীপাল হওক খেতি পথাৰ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান
- ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে ডিমৌ ৰাজহ চক্রৰ কাৰ্য্যালয়ৰ সন্মুখত আদিবাসী ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট
- টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ
- নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ
- ‘ঘৰত বহি আয় কৰক’ বিজ্ঞাপনত প্ৰতাৰণা; ১০০ত কৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰিলে কেন্দ্ৰই
- ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন
- অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ
- পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
- বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…
- মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ