Home Blog Page 3131

আকাশবাণী নগাঁও কেন্দ্ৰত জ্ঞানমালিনী উন্মোচন

Unveiling of Gyanmalini at Akashvani Nagaon Center

নগাঁও,২০নবেম্বৰ : অনন্তবন শিশু সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ জ্ঞানমালিনী আজি আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰাংগণত উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতা, জ্যেষ্ঠ ঘোষক চিদানন্দ দেৱ গোস্বামী, প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ, ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপ্তি দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়া গগৈ, সাহিত্যিক দূৰ্গেশ্বৰ বৰকটকী, নগাঁও জিলা কবি সন্মালনৰ উপদেষ্টা পুতুলী মুদৈ, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, পদ্ম পাতৰ, প্ৰসেণজিত ৰয়, শংকৰ দাস, প্ৰদীপ বৰা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, নাচিৰ উদ্দিন আহমেদ, নাট্যকাৰ দীপক নাথ, হাচিনা মমতাজ, কৃষ্ণ দৈমাৰী, যুৱ সাহিত্যিক ৰূপম নাথ প্ৰমূখ্যে ব্যক্তিসকলৰ উপস্থিতিত অনুস্থিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে মদাৰজ্যোতিয়ে । উল্লেখ্য , জ্ঞানমালিনীৰ উন্মোচনী কাৰ্যসূচী অহা পঁচিশ নৱেম্বৰৰ পুৱা ৯.১৫ বজাত আকাশবাণী নগাঁও কেন্দ্ৰযোগে সম্প্ৰচাৰ হ’ব ।

বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা আছেনে ? কি কলে হিমন্ত বিশ্ব শৰ্মাই

২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা কৰি অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ সংগ এৰিছে মিত্ৰ দলটোৰ।

১৯ নৱেম্বৰ, বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লু’ট এখন সংবাদমেলৰ জড়িতে বিপিএফৰ সৈতে ২০২১ চনত মিত্ৰতা নহয় বুলি ঘোষণা কৰে । এই সংবাদমেলতেই বিটিচি নিৰ্বাচনতো হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফৰ বিৰুদ্ধে তীব্ৰভাৱে যুঁজ দিয়াৰ কথা সদৰি কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে,

”ভাৰতীয় জনতা পাৰ্টিৰ সৈতে বিপিএফ দলৰ ৫ বছৰৰ বাবে মিত্ৰতা আছিল। ৫ বছৰ শেষ হোৱাৰ পিছত এই মিত্ৰতা ৰিনিউ নহয়। অৰ্থাৎ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচিত নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ মাজতে ই মিত্ৰতা ভংগ বুজাইছে নে কি বুজাইছে দেৱালৰ লিখনি বিপিএফে পঢ়িব লাগিব। দিল্লীত এই বিষয়ে আলোচনা নহয়। বিটিচি নিৰ্বাচনত কেৱল বিপিএফৰ সৈতেহে যুঁজ হ’ব। বিজেপিয়ে ৰাজনৈতিক ক্ষেত্ৰত ইউপিপিএলক ৰাজনৈতিক দল বুলি ধৰাই নাই। বিটিচিত চৰকাৰ কৰাৰ বাবে বিজেপিয়ে য’ত য’ত প্ৰতিদ্বন্দ্বিতা কৰিছে আমাৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা বিপিএফৰ লগত। আমাৰ কোনো আসনতে ইউপিপিএলৰ সৈতে প্ৰতিদ্বন্দ্বিতা নাই।”

গৃহ কন্দলত জৰ্জৰিত কংগ্ৰেছ, বিপাঙত দলীয় কৰ্মী

বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে নিৰ্বাচনী তৎপৰতা।

কিন্তু এনে সময়তে কংগ্ৰেছ দল ব্যস্ত হৈ আছে গৃহ কন্দলত । এইবাৰ ঢকুৱাখনাৰ ঘিলামৰাত কংগ্ৰেছৰ মাজতে সৃষ্টি হৈছে সংঘাতৰ ।

ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহৰ দম্পতীয়ে এতিয়া আৰক্ষীৰ হতুৱাই নিজৰ দলৰ একাংশ সদস্যক অপদস্থ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে । ঘিলামৰাত হোৱা ৰাণী নৰহৰ এখন সভাত গুণ্ডা-বাহিনী লগাই নেতা কৰ্মী সকলক খেদাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে । দলটোৰ নেতাসকলৰ কৰ্ম কাণ্ডই বৰ্তমান বিপাঙত পেলাইছে দলীয় কৰ্মীসকলক । দলীয় কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

মুখ্যমন্ত্ৰী টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে

আজি ২০ নৱেম্বৰ শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট চলাব এগৰাকী ১৮ বছৰীয়া বিশেষ যুৱতীয়ে। পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ মুখ্যমন্ত্ৰী টুইটাৰ চলাব এই বিশেষ যুৱতীগৰাকীয়ে । এই সময়চোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ এখন ৰাজ্যিক নিৰ্বাচনী বৈঠকত ব্যস্ত থাকিব ।

এটা বেলাৰ বাবে মুখ্যমন্ত্ৰীৰ টুইটাৰৰ দ্বায়িত্ব পোৱা যুৱতী গৰাকী ডিব্ৰুগড় জিলাৰ নামৰূপ চাহ বাগিছাৰ বন্দনা ওৰাঙ। আজি বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি যুৱতী গৰাকীক মুখ্যমন্ত্ৰীৰ টুইটাৰ হেণ্ডেল কৰাৰ দ্বায়িত্ব দিয়া হৈছে ।

বন্দনা ওৰাঙ

বন্দনাই বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উৎকৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ বাবে কাম কৰিব। ইয়াৰ লগতে #Reimagining Education in Assamত কৰ’ণা মহামাৰীৰ পিছৰ অভিজ্ঞতা সন্দৰ্ভতো নিজৰ মন্তব্য আগবঢ়াব।

নগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত : ড্ৰাগছ ব্যৱসায়ী দম্পতিক গ্ৰেপ্তাৰ

নগাওঁ, ১৯ নবেম্বৰ :  নগাওঁ  আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পতীহাল হ’ল – মৌচম খন্দকাৰ আৰু ৰেচমা বেগম । জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা দলে চহৰ খনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত এটা ঘৰত নিশা অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ, বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে ৬৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছ ব্যৱসায়ত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই দম্পতীহালে দীৰ্ঘদিন ধৰি ঘৰতে ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছ আৰু অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই ঘাটিটো উৎখাত কৰাৰ লগতে দম্পতি হালক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নগাঁও আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত ২৮৬১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি ড্ৰাগছ ব্যৱসায়ী দম্পতি হালক আজি আদালতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে মৌচম খন্দকাৰক পূৰ্বেও নগাওঁ আৰক্ষীয়ে ড্ৰাগছ ব্যৱহায়ৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে নগাওঁ আৰক্ষীয়ে আজি বিয়লি নগাঁও চহৰৰ সমীপৰ মধুপুৰত আন এক অভিযান চলাই জলিল মীৰ ওৰফে ককা নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উজনি অসমৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা হল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

 মদাৰখাত, ১৮ নৱেম্বৰ : বহু প্ৰত্যাখিত ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ডিব্ৰুগড় বাইপাছৰ আজি শুভ উদ্বোধন কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পুৱা ১১ বজাত ডিব্ৰুগড় বগীবিলৰ পৰা বকুললৈ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ দ্বাৰা   ৯৬.৮৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ১৫.৪৪৭ কিঃমিঃ দৈঘ্যৰ বাইপাছৰ লগতে বকুল জাপিসজীয়াস্হিত এখন সুন্দৰ উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰে ৷ উৰণীয়া সেতুৰ সমীপৰ জাপিসজীয়াত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড় বাইপাছ আৰু উৰণীয়া সেতু উদ্বোধন কৰি কয় যে “ডিব্ৰুগড়- তিনিচুকীয়া সংযোগী এই বাইপাছ পথটোৰ পৰা ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বহু সুবিধা হ’ব৷ ডিব্ৰুগড়ৰ সৌন্দৰ্যবৰ্ধনৰ লগতে যাতায়তৰ ক্ষেত্ৰত সুচল হোৱা এই বাইপাছে সমগ্ৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ৰাইজো বহু উপকৃত হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতেই অসমত লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৫,০০০ কিঃমিঃ পথ নিৰ্মাণ হোৱাটো সৰ্বকালৰ এটা অভিলেষ বুলি কয় ৷ বিজেপি চৰকাৰৰ সদিচ্ছা, সততা, নিষ্ঠা আৰু ৰাইজৰ প্ৰতি থকা মুখ্যমন্ত্ৰী সোনোৱালে কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া শাসন কালত কেৱল ক্ষমতাৰ লালখত থাকি উন্নয়নৰ কোনো কামেই নকৰিলে ৷ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত যি হোৱা নাছিল সেয়া বিজেপি চৰকাৰৰ দিনত সকলো মন্ত্ৰী, বিভাগীয় বিষয়া, অভিযন্তা, ঠিকাদাৰ আৰু জনসাধাৰণৰ সহযোগিতাত সম্ভৱ হৈ উঠিছে বুলি ভাষণ প্ৰসংগত মত ব্যক্ত কৰি এই বাইপাছ নিৰ্মাণৰ লগত জড়িত এন.এইচ.আই.ডি.চি.এল ৰ লগতে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পংকজ সিঙে আদৰণি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ খাদ্য আৰু প্ৰসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেখেতৰ ভাষনত কয় যে অসমত ৮৫০ খন চাহ বাগিচা লাইনৰ পথ পকীকৰণৰ কাম পোন প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰৰ দিনতেই আৰম্ভ কৰা হৈছে বুলি ভাষণ প্ৰদান কৰে৷ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ভাষণ প্ৰদান কৰি যাতায়ত, যোগাযোগ আৰু পৰিবহণৰ ক্ষেত্ৰত এই বাইপাছে সকলোকে সহায় কৰা লগতে আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব৷ উক্ত অনুষ্ঠানত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ডিব্ৰুগড়, মৰাণ, টিংখাং আৰু নাহৰকটীয়াৰ বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিমল বড়া আৰু নৰেন সোনোৱাল, ডিব্ৰুগড় জিলা ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী আৰু বি চি পি এল’ৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকা উপস্থিত থাকে ৷

দৰঙৰ দিপীলাত তৃতীয় বাৰ্ষিক প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন

 দিপীলা, ১৯ নবেম্বৰঃ  দিপীলাত সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে বিশেষ চিকিৎসা পদ্ধতি অৱলম্বন কৰা ৰোগ নিৰাময় আৰু যোগ কেন্দ্ৰ মুকলি কৰে হিমালয় শৰ্মাই ৷ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক চিকিৎসাৰ উপকাৰিতা সম্পৰ্কে বহল ব্যাখ্যা আগবঢ়াই যোগ আৰু প্ৰাকৃতিক চিকিৎসক  তথা পশ্চিম দৰং যোগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিমালয় শৰ্মাই ৷ ভাষনৰ মাজতে শৰ্মাই এগৰাকী যোগ প্ৰশিক্ষকৰ দ্বাৰা ‘মৃত্তি স্নান’ চিকিৎসাৰ পৰিবেশনৰ ডেমো আগবঢ়ায়। সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থাৰ দৰং জিলা সমিতিয়ে দিপীলাৰ পেৰেডাইছ ইংলিছ স্কুলত  আয়োজন কৰা অনুষ্ঠানত‍ দৰঙৰ কেইবাজনো যোগ প্ৰশিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পেৰেডাইছ ইংলিছ স্কুলত মুকলি কৰা হয় এটি “আৰোগ্য যোগ সেৱা কেন্দ্ৰ”।

নাজিৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

 নাজিৰা, ১৯ নবেম্বৰ :  ইং ১৬/১১/২০২০ তাৰিখে দেশৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা তথ্য ও জনসংযোগ বিভাগ আৰু নাজিৰা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত নাজিৰাত উদযাপন কৰা হয় ৫২ সংখ্যক “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” । এই উপলক্ষে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ, নাজিৰাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, প্ৰবীণ সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই , জ্যেষ্ঠ সাংবাদিক বীৰেন শৰ্মা আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত । “সংবাদ মাধ্যমত কভিড -১৯ ৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে প্ৰবীণ সাংবাদিক তথা সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁই আৰু ধীৰেন ফুকনে । সভাত উপস্থিত থকা নিমন্ত্ৰিত বিশিষ্ট অতিথি, সাংবাদিক আৰু আন আন গণ্য – মান্য ব্যক্তি সকলক এখনি ফুলাম গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট অতিথি সকলে তেওঁলোকৰ ভাষণত নাজিৰা মহকুমাত সংবাদকৰ্মী  সকলে কভিড -১৯ সন্দৰ্ভত ইতিবাচক  বাতৰি পৰিবেশন কৰি এই সময়ছোৱাত  কভিড -১৯ সংক্ৰমণৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰে বুলি উল্লেখ কৰে আৰু সেয়েহে সংবাদকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি নাজিৰা প্ৰেছ ক্লাবৰ নিয়মীয়া কাৰ্যসূচী অন্তৰংগ আলাপ “এয়েতো জীৱন” শীৰ্ষক অনুষ্ঠানো অনুষ্ঠিত হয়। সেই অনুষ্ঠানতে শিশু সাহিত্যিক জ্যেষ্ঠ সাংবাদিক বুলু চেতিয়াৰ “আইতাৰ চোতালত বুলনি” নামৰ এখনি সাধু পুথিও উন্মোচন কৰা হয়। সভা খনিত নাজিৰাৰ সংবাদ কৰ্মী সকলৰ লগতে বহু গণ্য – মান্য ব্যক্তি উপস্থিত থাকে।

গুৱাহাটী মহানগৰ জিলা কিষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

গুৱাহাটী, ১৯ নবেম্বৰঃ গুৱাহাটী মহানগৰ জিলা কিষান মৰ্চাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা বুধবাৰে ৰংমহল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ মহানগৰ জিলা সভাপতি মৃনাল দাসৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত সমল ব্যক্তি হিচাপে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, ৰাজ্যিক উপসভা নেত্ৰী বিজুলী কলিতা মেধি, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, জি এম ডি এৰ উপাধক্ষ্য মুকুতা ডেকা, প্ৰাক্তন জিলা সভাপতি বিচিত্ৰ নাৰায়ন কলিতা উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ লগতে ৰাজ্য চৰকাৰে কৃষকৰ বাবেই যিবোৰ আছনি ৰুপায়ন কৰিছে, প্ৰতিগৰাকী কৃষকে লাভ কৰে তাৰ বাবেই কিষান মৰ্চাক সহযোগ কৰিবলৈ ফনীন্দ্ৰ নাথ শৰ্মাই আহ্বান জনাই ৷ উল্লেখ্য মহানগৰ জিলা কিষান মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবীৰ পালে আত ধৰা সভাত মহানগৰ জিলাৰ ১২ টা মন্ডলৰ সভাপতি , সাধাৰণ সম্পাদক , জিলাৰ বিষয়ববীয়া সহ প্ৰায় তিনি শতাধিক সদস্য উপস্থিত থাকে ৷৷

ডিব্ৰুগড়ত চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা

মদাৰখাত, ১৯ নৱেম্বৰ : সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সিধাৰণ সভাখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত আজি অনুষ্ঠিত হয় । জিলাখনৰ ভিন্ন প্ৰান্তৰ তিনি শতাধিক চৰকাৰী এন পি এচ কৰ্মচাৰীসকলে অংশ গ্ৰহণ কৰা সভাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে এন পি এচৰ ভয়াবহতাৰ কথা উল্লেখ কৰাৰ লগতে সকলো কৰ্মচাৰীকে পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনলৈ আনিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । ডিব্ৰুগড় জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি ৰঞ্জন ৰাইদিঙীয়াই কৰ্মসংস্থানৰ তাগিদাত পৰি চাকৰিত যোগদান কৰি পৰৱৰ্তী সময়ত ইয়াৰ স্বৰূপ দেখা পোৱাৰ পাছত সাম্ভাব্য বিপদৰ কথা অৱগত কৰে। অৱসৰৰ পাছত কেতিয়াও নতুন পেঞ্চন নীতি সুৰক্ষিত নহয়। দৰমহা আৰু অৱসৰকালীন পেঞ্চনৰ আলোকপাত কৰি এই ব্যৱস্থাই ভৱিষ্যত প্ৰজন্মক কোঙা কৰি পেলাব বুলি কয়। বিধায়ক-সাংসদৰ পেঞ্চনৰ কথা উল্লেখ কৰি সকলোকে পুৰণি পেঞ্চনলৈ অনাৰ বাবে চৰকাৰক আহ্বান জনায়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ উপদেষ্টা প্ৰণৱজ্যোতি গগৈয়ে পোনতেই নতুন পেঞ্চন নীতি কেতিয়াও লাভজনক নহয় বুলি অভিহিত কৰে। সভা সমিতিতে সীমাৱদ্ধ নাৰাখি দৃঢ় পদক্ষেপ গ্ৰহণৰ বাবে সকলোকে আহ্বান জনায়। ডিব্ৰুগড় জিলা কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক অনিল সিংহই ঐক্যৱদ্ধভাৱে সংগ্ৰাম অব্যাহত ৰাখিবলৈ অনুৰোধ কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক ভাস্কৰ ডেকাইয়ো সংগ্ৰামৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰি পুৰণি পেঞ্চন নীতিৰ সপক্ষত মত প্ৰদান কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সম্পাদক শক্তিধৰ গাঠেৰিয়েও এন পি এচ ৰ বিৰুদ্ধে কৰা যুঁজত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সদৌ অসম এন পি এচ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই টেলিফোনিকভাৱে বক্তব্য আগবঢ়োৱাৰ লগতে ২৪ নৱেম্বৰত গুৱাহাটীত হ’বলগীয়া অভিবৰ্তনত সকলোৰে অংশ গ্ৰহণ আৰু সহযোগিতা কামনা কৰে। উল্লেখ্য যে গুৱাহাটীত হ’বলগীয়া অভিবৰ্তনত ৰাজ্যখনৰ সকলো জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত চৰকাৰক পুৰণি পেঞ্চন বাহাল ৰাখিবৰ বাবে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে। অভিবৰ্তনত ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ উপদেষ্টা হৃষিকেশ গোস্বামী, বিশিষ্ট বুদ্ধিজীৱি, জ্যেষ্ঠ সাংবাদিক হোমেন বৰগোঁহাঞি, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, সৰ্বভাৰতীয় পৰ্যায়ৰ এন পি এচ বিৰোধীৰ সংন্থা এন এম অ পি এচৰ অধ্যক্ষ বিজয় বন্ধু, সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা চৰণ ডেকা, সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ সভাপতি গুণাৰাম গগৈৰ লগতে সৰ্বভাৰতীয় কেইবাটাও সংগঠনৰ নেতৃবৃন্দই অভিবৰ্তনত অংশ ল’ব। ডিব্ৰুগড় জিলাৰ পৰা দুই শতাধিক কৰ্মচাৰীয়ে অভিবৰ্তনত অংশ ল’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বেণী গোপাল ভট্টাচাৰ্যই কলেজ শিক্ষক সংস্থাৰ সহযোগিতা কথা উল্লেখ কৰি পৰৱৰ্তী কাৰ্যসূচীত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ কথা কয়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় অধ্যাপক কেশৱানন্দ হালৈয়ে নতুন পেঞ্চন নীতিক কোনে ৰিস্ক ল’ব বুলি প্ৰশ্ন কৰে। এইক্ষেত্ৰত চৰকাৰক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই এই ব্যৱস্থা সামাজিকভাৱে গণতান্ত্ৰিকভাৱে দিয়া ব্যৱস্থা নহয় বুলি কয়। সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি হিৰেশ্বৰ দাসে সাংগঠনিক দিশ, এন পি এচৰ ভয়াবহতা, গুৱাহাটীত হ’বলগীয়া অভিবৰ্তনৰ সফল কামনা কৰি বক্তব্য ৰাখে। সভাত গৌতম কৌশিক বৰুৱাৰ লগতে অৱহৰপ্ৰাপ্ত এন পি এচ কৰ্মচাৰী ভৰবাৰী ৰেলৱে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্ৰাহম তপ্ন’ই এন পি এচৰ দ্বাৰা কেনে সমস্যাৰ সন্মুখীন হৈছে তাক বিতংভাৱে ব্যাখ্যা কৰে। সভাত বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ লগতে তিনিচুকীয়া জিলা চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল দ্বীপ শৰ্মা উপস্থিত থাকে। আজিৰ সভাতেই সজাগতা আৰু জৰীপকৰণৰ সিদ্ধান্ত গ্ৰহণ হয়। সাধাৰণ সভাখনৰ আঁত ধৰে যুগল কোঁৱৰে। সম্পাদক মনোজ মহনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই মৌচুমী দেউৰী ফুকনে।