Home Blog Page 3131

মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামত ভুৱা মেইল একাউন্ট

মাজুলীৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে সন্মানীয় পদবীত কালিমা সানিবলৈ এক  দুষ্ট চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰাৰ তথ্য পোহৰলৈ আহিছে।

officialmail239@gmail.com নামেৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াক যুক্ত কৰি দুষ্কৃতিকাৰীয়ে ই.মেইল. একাউন্ট খুলি উক্ত একাউন্টৰ পৰা বিভিন্ন জনলৈ অপ্ৰাসংগিক ই.মেইল. বাৰ্তা প্ৰেৰণ কৰাৰ কথা জানিব পাৰি হতচকিত হৈ পৰিছে অধ্যক্ষ গৰাকী।

অধ্যক্ষ গৰাকীয়ে উক্ত মেইলৰ পৰা অহা কোনো বাৰ্তাকে গ্ৰহণ নকৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনাই বাতৰি কাকতলৈ এক বিজ্ঞাপ্তি প্ৰেৰণ কৰাৰ লগতে এই সম্পৰ্কে মাজুলী আৰক্ষী থানাত অৱগত কৰাৰ কথা জানিবলৈ দিছে।

২০০৬ চনৰ কাকপথাৰ গণবিস্ফোৰণত নিহত শ্বহীদৰ প্ৰবিত্ৰ স্মৃতিত “সংকল্প দিৱস” পালন

সমগ্ৰ অসমকে জোকাৰি গৈছিল ২০০৬ চনৰ অজিত মহন্তৰ হত্যাকাণ্ডই ৷ ভাৰতীয় সেনাৰ ১৩ নং গোৰ্খা ৰেজিমেন্টৰ এটা দলে বৰডুমছা থানাৰ অন্তৰ্গত ডিৰাক সোনজানৰ দুটি এমা ডিমা সন্তানৰ পিতৃ ২৩ বছৰীয়া মহন্তক ৪ ফেব্ৰুৱাৰী আটক কৰি নি ৬ ফেব্ৰুৱাৰীত পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা কৰি পিছত মৃতদেহ ঘূৰাই দিয়া কাৰ্যৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৭ ফেব্ৰুৱাৰীত অজিত মহন্তৰ হত্যাৰ ন্যায়সংগত বিচাৰ আৰু দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ দাবীত পথ অৱৰোধ কৰে৷ বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰে যদিও চৰকাৰী কৰ্তৃপক্ষই কোনো সহাঁৰি নজনোৱাত ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰায় পঞ্চাশ হাজাৰৰো অধিক প্ৰতিবাদী ৰাইজে কাকপথাৰত বিক্ষোভ কাৰ্যসূচী ল’বলৈ আহোঁতে কাকপথাৰ ওপৰ ওৱন গাওঁত চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৯ জনকৈ নিৰপৰাধী লোকৰ প্ৰাণ যোৱা ঘটনাক আজিও পাহৰিব পৰা নাই কাকপথাৰবাসী ৰাইজে৷ গণতান্ত্ৰিক দেশ এখনত জনতাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে খোদ নিজ দেশৰ নিৰাপত্তাৰক্ষীয়ে তপত সীহৰ বুলেট চলোৱা ঘটনা ইতিহাসত বিৰল৷ ২০০৬ চনৰ আজিৰ দিনটোতে কাকপথাৰত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈছিল ৯ জনকৈ নিৰপৰাধী ব্যক্তি ৷ ডিৰাক সোনজানৰ অজিত মহন্ত নামৰ ব্যক্তিজনক সেনাবাহিনীয়ে হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো পথ অৱৰোধ কৰাৰ অন্তত কাকপথাৰৰ অভিমুখী প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বীচাৰ গুলিচালনা কৰিছিল সেনাবাহিনীয়ে ৷ থিতাতে নিহত হৈছিল ৮ জন, আৰু উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া মনিকা মৰাণ দিল্লী এইছত ৪৫ দিন মৃত্যুৰ সৈতে যুজঁ দি  নিয়তিৰ ওচৰত হাৰ মানে, লগতে বহু ব্যক্তি আহত হৈছিল  ৷ ভাৰতীয় সেনাৰ নিৰ্বীচাৰ গুলিবৰ্ষনত নিহত হোৱা সকল ক্ৰমে মাধুয্য গোহাঁই, দিপন মৰাণ, অনিন্দিতা মুণ্ডা, বিউতী গোহাঁই, কুঞ্জলতা মৰাণ, পখিলী বৰা, ৱাহিদা আহমেদ আৰু গোলাপ বাইলুং ৷ সমগ্ৰ ঘটনাটোত সৰ্বমুঠ ১০ গৰাকী মৃত্যু হৈছিল ৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনে সেইসময়ত মৃত সকলক জাতীয় শ্বহীদ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে মৃত সকলৰ পৰিয়ালবৰ্গলৈ এটাকৈ চৰকাৰী চাকৰি আৰু আহত সকলক এককালিন সাৰ্হায্য আগবঢ়ালে ৷ কিন্তু বৰ্তমান পাহৰণিৰ গৰ্ভত শ্বহীদ সকল ৷ শ্বহীদ বেদি সমূহৰ অৱস্থা একেবাৰে জৰাৰ্জীণ ৷ আজি ১৫ বৰ্ষ অতিক্ৰম কৰা সময়ত মাত্ৰ কেইটামান দল সংগঠনৰ কেইজনমান নেতাই স্মৰণ কৰিলে জাতীয় শ্বহীদ সকলক ৷ আকৌ সংকল্প ললে শ্বহীদ সকলৰ স্মৃতি জীয়াই ৰখাৰ ৷ শ্বহীদ সকলৰ আত্মীয়ৰো সময় নাই এবাৰ স্মৰণ কৰিবলৈ ৷ সেইসময়ত সংকল্প গ্ৰহণ কৰা ছাত্ৰ নেতা সকল বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ বিয়াগোম বিয়াগোম নেতা নাইবা নামি দামী ঠিকাদাৰ,  কিন্তু মনত  পেলাবলৈ আহৰি নাই জাতীয় শ্বহীদ সকলক ৷ শ্বহীদবেদীসমুহ ভালকৈ নিৰ্মাণ কৰি তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ আহ্বান জনাইছে সচেতন মহলে ৷ আজিৰ সংকল্প দিৱসত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃবৃন্দ । ২০০৬ চনৰ সমগ্ৰ ঘটনাৰ ওপৰত বক্তব্য ৰাখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মৃদুল দহোতিয়া, কাকপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা উদিপ্ত বাঘ বড়াই । সংকল্প দিৱসৰ কায্যসূচী আঁত ধৰে সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰিপুন মৰাণে । 

অৱশেষত প্ৰকাশ বৰুৱাক বহিস্কাৰ কৰিলে ৰাইজৰ দলে

বীৰ লাচিত সেনাৰ পৰা আহি ৰাইজৰ দলত যোগদান কৰা নগাঁৱৰ কা বিৰোধী আন্দোলনৰ নেতা প্ৰকাশ বৰুৱাই ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল। ৰাইজৰ দলত যোগদান কৰিয়ে নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিগত সময়ছোৱাত বৰুৱাই বিভিন্ন বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল।অৱশেষত ৰাইজৰ দলে বহিস্কাৰ কৰিলে বিতৰ্কিত নেতা প্ৰকাশ বৰুৱাক। অসমীয়া মহিলাৰ ওৰণিক ইছলামীয় সংস্কৃতিৰ বোৰ্খাৰ পৰা গ্ৰহণ কৰা বুলি বিতৰ্কিত মন্তব্যৰে সামাজিক মাধ্যমত সমালোচিত হোৱা বৰুৱাক পূৰ্বেও সাধাৰণ ৰাইজে গৰিহণা দিছিল।

কিন্তু সোমবাৰে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ দক্ষিণ খাটোৱালত আৰএছএছৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন পৰিচালিত হোৱা বুলি মন্তব্য কৰাৰ লগতে এয়া গুৰুজনাৰ নামত আৰএছএছ ৰ ব্যৱসায় বুলিও মন্তব্য কৰিছিল।এখোপ আগুৱাই গৈ বৰুৱাই ৰাইজৰ দলৰ চৰকাৰ হ’লে অসমৰ সকলো শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে।

এই ঘটনাৰ পিছতে ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই প্ৰকাশ বৰুৱাক নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বৰ পৰা নিলম্বন কৰা হয় বুলি প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। অৱশ্যে বাতৰি প্ৰকাশ হোৱাৰ পিছতহে প্ৰকাশ বৰুৱাক নিলম্বন কৰাৰ পদক্ষেপ লোৱা ৰাইজৰ দলৰ নেতৃত্বই পূৰ্বে কিয় পদক্ষেপ লোৱা নাছিল বুলিও সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই

এইবাৰ চাইকেল নচলাই কংগ্ৰেছ নেতাই । এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই।  কংগ্ৰেছৰ ‘অসম বচাও আহক’ কাৰ্যসূচীৰ অধীনত শীৰ্ষ নেতাই বাছেৰে কৰিব যাত্ৰা। বুধবাৰে এই সন্দৰ্ভত ৰাজীৱ ভৱনত আয়োজন কৰা হয় এখন সংবাদমেল।অহা ১২ ফেব্ৰুৱাৰীত বটদ্ৰৱা সমষ্টিৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সেইদৰে  দেৱব্ৰত শইকীয়াই ১২ ফেব্ৰুৱাৰীত শিৱসাগৰৰ পৰা আৰম্ভ কৰিব বাছ যাত্ৰা। সাংসদ গৌৰৱ গগৈয়ে ১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ কৰিব যাত্ৰা। সুস্মিতা দেৱে শিলচৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰাকৰ তিনিখন জিলা সামৰি ল’ব।ইফালে নিৰ্বাচনৰ প্ৰাক ক্ষণত এতিয়া উদুলি মুদুলি পৰিৱেশ ৰাজীৱ ভৱনত। নতুন নতুন বেনাৰ পোষ্টাৰ লগাই আটক ধুনীয়াকৈ সজাই তুলিছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো ।

৫ বছৰীয়া কিশোৰীক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা, ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ

এবছৰৰ পাছত ন্যায় পালে পিংকলাই । হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান।

বিগত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত হোজাই দাৰিয়া বস্তিত সংঘটিত হোৱা এক জঘন্য ধৰ্ষণও হত্যাকাণ্ডৰ গুৰুত্বপূৰ্ণ ৰায়দান হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায় ধীশ আদালতৰ।

দাৰিয়া বস্তিত পিংকলা দেৱী নামৰ এগৰাকী পাঁচ বছৰীয়া কিশোৰীক আতি নৃশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল একে গাঁৱৰে নিবাসী চন্দন হৰিজন নামৰ এক পাষণ্ডই।

ঘটনাৰ সংক্ৰান্তত কিশোৰীগৰাকীৰ পিতৃ প্ৰকাশ শৰ্মাৰ হোজাই আৰক্ষী থানাত গোচৰ নং১৬৪/২০ত এজাহাৰ দাখিল কৰিছিল। বুধবাৰে লংকা শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ধীশ এচ.চানাবায়া দেউৰী আদালতত চন্দন হৰিজনক দোষী সাব্যস্ত কৰি ফাঁচীৰ নিৰ্দেশ জাৰি কৰে।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি !

বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধুপগুৰিত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফ দলৰ এখন সভাত “শংকৰদেৱ জিন্দাবাদ” আৰু “শংকৰদেৱ চাহাব” বুলি ধ্বনি দিয়া কাৰ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷

মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- “অশুভ শক্তিৰ বিৰুদ্ধে বিজেপিয়ে সদায় মাত মাতি আহিছে ৷ জাতি-ভেটি-মাটিৰ সুৰক্ষাৰ বাবে বিজেপি চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰা, বিশ্ব দৰবাৰত অসমীয়া কৃষ্টি-সংস্কৃতি প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি৷ গুৰুজনাৰ জন্মভূমিলৈ আহি ৰাজ্যৰ এজন জনপ্ৰতিনিধি আৰু এটা দলৰ মুৰব্বীয়ে যেতিয়া এনেদৰে শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়ে, তেতিয়াই বুজিব পাৰি অসম কিমান সুৰক্ষিত তেওঁলোকৰ হাতত ৷ আচলতে গুৰুজনাক ভালদৰে নজনাকৈ, গুৰুজনাৰ সৃষ্টি আৰু কৰ্মৰাজিক অধ্যয়ন নকৰাকৈ তেওঁলোকে কিদৰে অসমক সুৰক্ষা দিব তাক সহজেই অনুমান কৰিব পাৰি ৷

বিধায়িকাগৰাকীয়ে লগতে কয় যে, “ড০ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা সভ্যতাৰ যুঁজ এইখনেই৷ আমাৰ সভ্যতাই কেতিয়াও শংকৰদেৱ জিন্দাবাদ ধ্বনি দি পোৱাই নাই৷ আমি সদায় “জয় গুৰু শংকৰ” বুলি জয়ধ্বনি দিওঁ৷ বিধায়কাগৰাকীয়ে আৰু কয় যে বিধানসভা এনেকুৱা এডোখৰ ঠাই য’ত নেকি অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিকে ধৰি বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে এইবোৰ উত্থাপন কৰা হয়৷ গতিকে গুৰুজনাক ভালদৰে চিনি নোপোৱা এই ধৰণৰ এজন মুৰব্বীয়ে পঠিওৱা সদস্য যেতিয়া বিধানসভালৈ যাব, তেতিয়া অসমখন কোনফালে গতি কৰিব বা অসমৰ সংস্কৃতি কোন দিশে ধাবৱান হ’ব সেয়া সহজেই বুজিব পাৰি৷”

শংকৰদেৱ জিন্দাবাদ ধ্বনিয়ে অসমীয়া জাতি সত্ত্বাক আৰু গুৰুজনাক অপমান কৰিছে বুলি উল্লেখ কৰি বিধায়িকাগৰাকীয়ে অনতিপলমে ৰাজ্যবাসীৰ ওচৰত এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়। এনে ধৰণৰ মন্তব্যই অসমত পৰৱৰ্তী সময়ত অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহনা যোগাব বুলি কয় আঙুৰলতা ডেকাই ৷

বিধায়িকা আঙুলতাৰ উপস্থিতিত বিজেপিত যোগদান অভিনেতা নয়ন নিৰ্বানৰ

মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাটত গেৰুৱা বসন পিন্ধিলে অভিনেতা নয়ন নিৰ্বান বৰুৱাই । পূৰ্বতে কংগ্ৰেছ দলত যোগদান কৰা অভিনেতা নয়ন নিৰ্বান বৰুৱাই ‘কা’ আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰায়ো দেখিব পোৱা গৈছিল । মঙলবাৰে দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীতে নয়ন নিৰ্বান বৰুৱাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেত্ৰী ভাৰতী কলিতা, অভিনেতা বিপুল বৰা, অবিনাশ দাসকে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কেইবাগৰাকী শিল্পী, কলা-কুশলীৰ লগতে কংগ্ৰেছ দলৰ কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

এষাৰো কথা ক’ব পৰা অৱস্থাত নাই প্ৰিয়দা গগৈ

ক্ৰমশ গুৰুতৰ অৱস্থালৈ গতি কৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্য । মঙলবাৰে সন্ধিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্য বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়কগৰাকীয়ে প্ৰিয়দা গগৈৰ পৰিয়ালৰ লোকৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰিয়দা গগৈৰ চিকিৎসা আগবঢ়াই থকা চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ চিকিৎসকসকলৰ লগতো আলোচনাত মিলিত হয় ।

অখিল মাতৃৰ স্বাস্থ্যৰ বুজ লৈ ওলাই আহি সাংবাদিকৰ আগত কুৰ্মীয়ে কয়, “চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া বাবে অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে। যাৰ বাবে মাতৃ অসুস্থ হৈ পৰিছে। খাবলৈ মন নকৰা হৈছে। স্বাস্থ্যৰ অৱনতি হৈছে। আজি তেওঁ এষাৰো কথা ক’ব পৰা অৱস্থাত নাই। মাত্ৰ চকুপানী টুুকি আছে।”বিধায়ক গৰাকীয়ে কয়, “অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো। অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়। অসমৰ মাতৃ। যদি মাতৃৰ কিবা হ’বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।

৭ মাহত ৭বাৰ বিক্ৰী এগৰাকী যুৱতীক, অৱশেষত আত্মহত্যা !

৭ মাহত ৭বাৰ বিক্ৰী। ছত্তীশগড়ৰ যুৱতীক বাৰম্বাৰ নির্যাতনৰ ঘটনাত ৮ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু ছত্তীশগড়ৰ পৰা এওঁলোকক গ্রেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, বিগত ছেপ্টেম্বৰ মাহত যুৱতীগৰাকীয়ে আত্মহত্যা কৰে। আত্মহত্যাৰ পিছত তদন্তত গতি আহে। তাৰ পিছতেই গ্রেপ্তাৰ কৰা হয় ৩ ৰাজ্যৰ ৮ বাসিন্দাক।

ঘটনাটি প্রথম পোহৰলৈ আহে ছত্তীশগড়ৰ বাসিন্দা যুৱতীগৰাকী অপহৃত হোৱাৰ পিছত। পেছাত কৃষক পিতৃক কৃষিকাৰ্যত সহায় কৰিছিল যুৱতীগৰাকীয়ে। মধ্যপ্রদেশৰ ছতৰপুৰ জিলাৰ এক আত্মীয়ৰ ঘৰলৈ আহিছিল কামৰ সন্ধানত। তাৰ পৰাই তেওঁক অপহৰণ কৰা হয়। পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ কৰি জনায়, অপহৰণকাৰীয়ে বিপুল পৰিমাণৰ ধন দাবী কৰে। অন্যথা যুৱতীগৰাকীক হত্যাৰ ভাবুকি দিয়ে।

পিছত আৰক্ষীৰ তদন্তত জনা যায় যে কাম দিয়াৰ প্রলোভন দেখুৱাই ঘৰৰ পৰা মধ্যপ্রদেশলৈ যিজন আত্মীয়ই যুৱতীগৰাকীক লৈ আহিছিল, তেওঁলোকেই পিছত ২০ হাজাৰ টকাত তেওঁক বিক্ৰী কৰি দিয়ে। তাৰ পিছত সেই ক্রেতাই পুনৰ ৭০ হাজাৰ টকাত বিক্ৰী কৰে যুৱতীগৰাকীক।

তাৰ পিছত বাবলু কুশাৱাহ নামৰ এজন বিশেষভাবে সক্ষম যুৱকৰ ওচৰত যুৱতীগৰাকীক জোৰ কৰি বিক্ৰী কৰা হয়। ইয়াৰ পিছতো ৪ বাৰ বিক্ৰী কৰা হয় তেওঁক।আৰক্ষীয়ে জনোৱা মতে, মুঠ ৭ মাহৰ ব্যৱধানত ৭ বাৰ বিক্ৰী কৰা হয় যুৱতী গৰাকীক। এই দীর্ঘ যন্ত্রণা সহ্য কৰিব নোৱাৰি যোৱা ছেপ্টেম্বৰ মাহত আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।

“মই আৰু বাচি নাথাকিম,শেষবাৰৰ মোৰ সোনটোৰ মুখখন চাবলৈ মন গৈছে”

মই আৰু বাচি নাথাকিম, শেষবাৰৰ বাবে মোৰ সোনটোৰ মুখখন চাবলৈ মন গৈছে”– এইদৰে শয্যাশায়ী প্ৰিয়দা গগৈয়ে পুত্ৰ বিচাৰি উচুপি উঠিছে। আনহাতে প্ৰিয়দা গগৈৰ দৃষ্টিশক্তিও সম্পূূূূৰ্ণ ৰূপে লোপ পোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা গুৰুতৰভাৱে অসুস্থ প্ৰিয়দা গগৈক এখন এম্বুুুুলেন্সৰ যোগেদি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে। বছৰতকৈও অধিক দিন কাৰাবন্দী হৈ থকা কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ শাৰীৰিক অৱস্থা শেহতীয়াকৈ অতি সংকটজনক হৈ পৰিছে। ৮০ৰ ঊৰ্ধ্বৰ অখিলৰ মাতৃ দীৰ্ঘদিনে মধুমেহ, হৃদৰোগ, চকুত চানি পৰা ৰোগ লগতে ককাল আৰু মাংসপেশীৰ বিষত আক্ৰান্ত হৈ আছে। আনহাতে যোৱানিশাৰ পৰা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। পুৱতিনিশাৰ পৰা প্ৰিয়দা গগৈৰ একাধিক বাৰ শৌচ-বমি হোৱা লগতে শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে।

উল্লেখযোগ্য যে কাৰাৰুদ্ধ হৈ থকা পুুুুত্ৰ অখিল গগৈৰ মুুক্তিৰ কামনা কৰি বৃদ্ধা মাতৃৃ প্ৰিয়দা গগৈয়ে বিভিন্ন সময়ত চৰকাৰক কাকুুতি–মিনতি কৰি অহা লগতে নামঘৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছিল। অখিল মাতৃৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থাই অঞ্চলবাসীৰ লগতে কৃষক মুুুক্তি আৰু ৰাইজৰ দলৰ কৰ্মকতাসকলক উদ্বিগ্ন কৰি তুলিছে।