Breaking

৭ মাহত ৭বাৰ বিক্ৰী এগৰাকী যুৱতীক, অৱশেষত আত্মহত্যা !

0 32

৭ মাহত ৭বাৰ বিক্ৰী। ছত্তীশগড়ৰ যুৱতীক বাৰম্বাৰ নির্যাতনৰ ঘটনাত ৮ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু ছত্তীশগড়ৰ পৰা এওঁলোকক গ্রেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, বিগত ছেপ্টেম্বৰ মাহত যুৱতীগৰাকীয়ে আত্মহত্যা কৰে। আত্মহত্যাৰ পিছত তদন্তত গতি আহে। তাৰ পিছতেই গ্রেপ্তাৰ কৰা হয় ৩ ৰাজ্যৰ ৮ বাসিন্দাক।

ঘটনাটি প্রথম পোহৰলৈ আহে ছত্তীশগড়ৰ বাসিন্দা যুৱতীগৰাকী অপহৃত হোৱাৰ পিছত। পেছাত কৃষক পিতৃক কৃষিকাৰ্যত সহায় কৰিছিল যুৱতীগৰাকীয়ে। মধ্যপ্রদেশৰ ছতৰপুৰ জিলাৰ এক আত্মীয়ৰ ঘৰলৈ আহিছিল কামৰ সন্ধানত। তাৰ পৰাই তেওঁক অপহৰণ কৰা হয়। পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ কৰি জনায়, অপহৰণকাৰীয়ে বিপুল পৰিমাণৰ ধন দাবী কৰে। অন্যথা যুৱতীগৰাকীক হত্যাৰ ভাবুকি দিয়ে।

পিছত আৰক্ষীৰ তদন্তত জনা যায় যে কাম দিয়াৰ প্রলোভন দেখুৱাই ঘৰৰ পৰা মধ্যপ্রদেশলৈ যিজন আত্মীয়ই যুৱতীগৰাকীক লৈ আহিছিল, তেওঁলোকেই পিছত ২০ হাজাৰ টকাত তেওঁক বিক্ৰী কৰি দিয়ে। তাৰ পিছত সেই ক্রেতাই পুনৰ ৭০ হাজাৰ টকাত বিক্ৰী কৰে যুৱতীগৰাকীক।

তাৰ পিছত বাবলু কুশাৱাহ নামৰ এজন বিশেষভাবে সক্ষম যুৱকৰ ওচৰত যুৱতীগৰাকীক জোৰ কৰি বিক্ৰী কৰা হয়। ইয়াৰ পিছতো ৪ বাৰ বিক্ৰী কৰা হয় তেওঁক।আৰক্ষীয়ে জনোৱা মতে, মুঠ ৭ মাহৰ ব্যৱধানত ৭ বাৰ বিক্ৰী কৰা হয় যুৱতী গৰাকীক। এই দীর্ঘ যন্ত্রণা সহ্য কৰিব নোৱাৰি যোৱা ছেপ্টেম্বৰ মাহত আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।

Leave A Reply