Breaking

২০০৬ চনৰ কাকপথাৰ গণবিস্ফোৰণত নিহত শ্বহীদৰ প্ৰবিত্ৰ স্মৃতিত “সংকল্প দিৱস” পালন

0 2,317

সমগ্ৰ অসমকে জোকাৰি গৈছিল ২০০৬ চনৰ অজিত মহন্তৰ হত্যাকাণ্ডই ৷ ভাৰতীয় সেনাৰ ১৩ নং গোৰ্খা ৰেজিমেন্টৰ এটা দলে বৰডুমছা থানাৰ অন্তৰ্গত ডিৰাক সোনজানৰ দুটি এমা ডিমা সন্তানৰ পিতৃ ২৩ বছৰীয়া মহন্তক ৪ ফেব্ৰুৱাৰী আটক কৰি নি ৬ ফেব্ৰুৱাৰীত পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা কৰি পিছত মৃতদেহ ঘূৰাই দিয়া কাৰ্যৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৭ ফেব্ৰুৱাৰীত অজিত মহন্তৰ হত্যাৰ ন্যায়সংগত বিচাৰ আৰু দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ দাবীত পথ অৱৰোধ কৰে৷ বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰে যদিও চৰকাৰী কৰ্তৃপক্ষই কোনো সহাঁৰি নজনোৱাত ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰায় পঞ্চাশ হাজাৰৰো অধিক প্ৰতিবাদী ৰাইজে কাকপথাৰত বিক্ষোভ কাৰ্যসূচী ল’বলৈ আহোঁতে কাকপথাৰ ওপৰ ওৱন গাওঁত চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৯ জনকৈ নিৰপৰাধী লোকৰ প্ৰাণ যোৱা ঘটনাক আজিও পাহৰিব পৰা নাই কাকপথাৰবাসী ৰাইজে৷ গণতান্ত্ৰিক দেশ এখনত জনতাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে খোদ নিজ দেশৰ নিৰাপত্তাৰক্ষীয়ে তপত সীহৰ বুলেট চলোৱা ঘটনা ইতিহাসত বিৰল৷ ২০০৬ চনৰ আজিৰ দিনটোতে কাকপথাৰত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈছিল ৯ জনকৈ নিৰপৰাধী ব্যক্তি ৷ ডিৰাক সোনজানৰ অজিত মহন্ত নামৰ ব্যক্তিজনক সেনাবাহিনীয়ে হত্যা কৰাৰ প্ৰতিবাদত কেইবাদিনো পথ অৱৰোধ কৰাৰ অন্তত কাকপথাৰৰ অভিমুখী প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বীচাৰ গুলিচালনা কৰিছিল সেনাবাহিনীয়ে ৷ থিতাতে নিহত হৈছিল ৮ জন, আৰু উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া মনিকা মৰাণ দিল্লী এইছত ৪৫ দিন মৃত্যুৰ সৈতে যুজঁ দি  নিয়তিৰ ওচৰত হাৰ মানে, লগতে বহু ব্যক্তি আহত হৈছিল  ৷ ভাৰতীয় সেনাৰ নিৰ্বীচাৰ গুলিবৰ্ষনত নিহত হোৱা সকল ক্ৰমে মাধুয্য গোহাঁই, দিপন মৰাণ, অনিন্দিতা মুণ্ডা, বিউতী গোহাঁই, কুঞ্জলতা মৰাণ, পখিলী বৰা, ৱাহিদা আহমেদ আৰু গোলাপ বাইলুং ৷ সমগ্ৰ ঘটনাটোত সৰ্বমুঠ ১০ গৰাকী মৃত্যু হৈছিল ৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনে সেইসময়ত মৃত সকলক জাতীয় শ্বহীদ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে মৃত সকলৰ পৰিয়ালবৰ্গলৈ এটাকৈ চৰকাৰী চাকৰি আৰু আহত সকলক এককালিন সাৰ্হায্য আগবঢ়ালে ৷ কিন্তু বৰ্তমান পাহৰণিৰ গৰ্ভত শ্বহীদ সকল ৷ শ্বহীদ বেদি সমূহৰ অৱস্থা একেবাৰে জৰাৰ্জীণ ৷ আজি ১৫ বৰ্ষ অতিক্ৰম কৰা সময়ত মাত্ৰ কেইটামান দল সংগঠনৰ কেইজনমান নেতাই স্মৰণ কৰিলে জাতীয় শ্বহীদ সকলক ৷ আকৌ সংকল্প ললে শ্বহীদ সকলৰ স্মৃতি জীয়াই ৰখাৰ ৷ শ্বহীদ সকলৰ আত্মীয়ৰো সময় নাই এবাৰ স্মৰণ কৰিবলৈ ৷ সেইসময়ত সংকল্প গ্ৰহণ কৰা ছাত্ৰ নেতা সকল বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ বিয়াগোম বিয়াগোম নেতা নাইবা নামি দামী ঠিকাদাৰ,  কিন্তু মনত  পেলাবলৈ আহৰি নাই জাতীয় শ্বহীদ সকলক ৷ শ্বহীদবেদীসমুহ ভালকৈ নিৰ্মাণ কৰি তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ আহ্বান জনাইছে সচেতন মহলে ৷ আজিৰ সংকল্প দিৱসত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃবৃন্দ । ২০০৬ চনৰ সমগ্ৰ ঘটনাৰ ওপৰত বক্তব্য ৰাখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মৃদুল দহোতিয়া, কাকপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা উদিপ্ত বাঘ বড়াই । সংকল্প দিৱসৰ কায্যসূচী আঁত ধৰে সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰিপুন মৰাণে । 

Leave A Reply