Breaking

অৱশেষত প্ৰকাশ বৰুৱাক বহিস্কাৰ কৰিলে ৰাইজৰ দলে

0 2,058

বীৰ লাচিত সেনাৰ পৰা আহি ৰাইজৰ দলত যোগদান কৰা নগাঁৱৰ কা বিৰোধী আন্দোলনৰ নেতা প্ৰকাশ বৰুৱাই ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল। ৰাইজৰ দলত যোগদান কৰিয়ে নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিগত সময়ছোৱাত বৰুৱাই বিভিন্ন বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল।অৱশেষত ৰাইজৰ দলে বহিস্কাৰ কৰিলে বিতৰ্কিত নেতা প্ৰকাশ বৰুৱাক। অসমীয়া মহিলাৰ ওৰণিক ইছলামীয় সংস্কৃতিৰ বোৰ্খাৰ পৰা গ্ৰহণ কৰা বুলি বিতৰ্কিত মন্তব্যৰে সামাজিক মাধ্যমত সমালোচিত হোৱা বৰুৱাক পূৰ্বেও সাধাৰণ ৰাইজে গৰিহণা দিছিল।

কিন্তু সোমবাৰে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ দক্ষিণ খাটোৱালত আৰএছএছৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন পৰিচালিত হোৱা বুলি মন্তব্য কৰাৰ লগতে এয়া গুৰুজনাৰ নামত আৰএছএছ ৰ ব্যৱসায় বুলিও মন্তব্য কৰিছিল।এখোপ আগুৱাই গৈ বৰুৱাই ৰাইজৰ দলৰ চৰকাৰ হ’লে অসমৰ সকলো শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে।

এই ঘটনাৰ পিছতে ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই প্ৰকাশ বৰুৱাক নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বৰ পৰা নিলম্বন কৰা হয় বুলি প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। অৱশ্যে বাতৰি প্ৰকাশ হোৱাৰ পিছতহে প্ৰকাশ বৰুৱাক নিলম্বন কৰাৰ পদক্ষেপ লোৱা ৰাইজৰ দলৰ নেতৃত্বই পূৰ্বে কিয় পদক্ষেপ লোৱা নাছিল বুলিও সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave A Reply