Home Blog Page 3132

সোণোৱাল চৰকাৰক কঁপাইছে দেৱালৰ এখন ছৱিয়ে

বশিষ্ঠ স্থিত নিধি ভৱনৰ সন্মুখৰ দেৱালত অংকন কৰা অখিল গগৈৰ প্ৰতিচ্ছবি

অখিল গগৈলৈ ভয় কৰে নেকি অসমৰ বাজেপি চৰকাৰে । কাৰণ এখন ছৱিয়ে কপনি তুলিছে সোণোৱাল চৰকাৰৰ। অখিল গগৈ কোনো দেশদ্ৰোহী নহয়, কিন্তু তেওঁৰ ফটো দেৱালত অংকন কৰাৰ বাবেই কেইজনমান চিত্ৰ শিল্পীক বলপূৰ্বকভাৱে উঠাই লৈ যায় আৰক্ষীয়ে ।

শাসকীয় চৰকাৰৰ গুণ্ডাৰাজৰ আন এক কাহিনী । এইবাৰ ৰং তুলিকাতো সোণোৱালৰ আৰক্ষী বাহিনীৰ হাতোৰা । অংগ আৰ্ট কালেক্টিভ নামৰ এটা সংগঠনে অখিল গগৈৰ মুক্তিৰ দাবীত ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ চিত্ৰ শিল্পীকেইজনে বশিষ্ঠ স্থিত নিধি ভৱনৰ সন্মুখত অংকন কৰিছিল চৰকাৰৰ আক্ৰোশৰ বলি হৈ যোৱা ৩৪৩ দিন ধৰি কাৰাগাৰত দিন কটাবলগীয়া হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাগৰাকীয়ে অখিল গগৈৰ প্ৰতিচ্ছবি । ছৱিখনৰ কাম সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই চিত্ৰ অংকন কৰি থকা অৱস্থাতে বশিষ্ঠ আৰক্ষী ছৱি অংকন কৰি থকা স্থলীত উপস্থিত হৈ বশিষ্ঠ আৰক্ষীয়ে ছৱিখন মচি পেলাবলৈও নিৰ্দেশ দিয়ে শিল্পীকেইগৰাকীক আৰু অংগ আৰ্ট কালেক্টিভৰ সদস্য কেইজনক টনা আজোৰা কৰি থানালৈ বলপূৰ্বকভাৱে উঠাই লৈ যায়।

Photo Credit: Social Media

আৰক্ষী প্ৰশাসনৰ এই বৰ্বৰতাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দলীয় নেতাসকল জাঙুৰ খাই উঠা দেখা পোৱা গৈছে । সমানে সামাজিক মাধ্যমতো দেখা গৈছে সৰৱ চৰ্চা।

Photo Credit: Social Media

ন্যায়ালয়ত তাৰিখৰ পিছত তাৰিখ পিছুৱাই যোৱা ২০ অক্টোবৰৰ পিছত চূড়ান্ত শুনানিৰ বাবে ৬ নৱেম্বৰ তাৰিখ ধার্য কৰিছিল যদিও পৰৱৰ্তী শুনানিৰ দিন ১৯ নৱেম্বৰ অৰ্থাৎ আজিৰ দিন ধার্য কৰা হৈছিল। কিন্তু আজি পূৰণ ১৯ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ পিছুওৱা হ’ল শুনানি ।

আজি মুকলি কৰা হল মা কামাখ্যা মন্দিৰত ২০ কিলো সোণেৰে নিৰ্মাণ কৰা গম্বুজ

মা কামাখ্যা মন্দিৰত ২০ কিলো সোণেৰে নিৰ্মাণ গম্বুজ
মা কামাখ্যা মন্দিৰত ২০ কিলো সোণেৰে নিৰ্মাণ গম্বুজ

২০ কেজি সোণেৰে নিৰ্মাণ কৰা মা কামাখ্যা মন্দিৰৰ গম্বুজৰ কাম সম্পূৰ্ণ হ’ল । ইয়াৰ লগে লগেই দেশৰ সোণৰ মন্দিৰৰ তালিকাত স্থান পালে কামাখ্যা মাৰ মন্দিৰে। দীপাৱলীৰ সময়ত এই গম্বুজ মুকলি কৰাৰ কথা আছিল যদিও কিছুদিন পলম হলেও আজি ১৯ নৱেম্বৰ বৃহস্পতিবাৰে মুকলি হয় এই গম্বুজ।

Photo Credit: Social Media

জানিব পৰা মতে, শক্তিপীঠ মা কামখ্যাৰ মন্দিৰৰ এই ২০ কেজি সোণ দান কৰিছে দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানিয়ে । এই সোণৰ গম্বুজ নিৰ্মাণৰ কাম মুকেশ আম্বানিৰ ৰিলায়েন্সৰ অলংকাৰ বনোৱা সিদ্ধহস্ত কাৰিগৰকে দিয়া হৈছিল।যিয়ে মাৰ মন্দিৰৰ ওপৰত থকা পূৰ্বৰ তামৰ গম্বুজৰ দৰেই সোণৰ পাতেৰে সোণৰ গম্বুজ বনাই। এই গম্বুজত ৩ তৰপীয়া সোণৰ কলহ আছে ।

শিক্ষকে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা “চক্ৰবেহু” উন্মোচন

উজনি-মাজুলী, ১৮ নৱেম্বৰঃ মঙ্গলবাৰে উজনি মাজুলীৰ চিৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলে ছাত্ৰ -ছাত্ৰী সকলক প্ৰেৰণা যুগুৱাৰ উদ্দেশ্যে “চক্ৰবেহু ” নামৰ এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াই । শিক্ষকে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে বিদ্যালয়ৰ ছাত্ৰী মৃণালী শইকীয়া আৰু উপাসনা হাজৰিকাই । বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বীপেন কলিতাই । পদুম কুমাৰ মহন্ত , কৃষ্ণৰাম বৰাৰ মুখ্য উপদেষ্টাত প্ৰস্তুত কৰা প্ৰাচীৰ প্ৰত্ৰিকা খনিৰ সম্পাদনা সমিতিত আছে সম্পাদক বিমান গগৈ সভাপতি মৃদুল বৰা । উন্মোচনী অনুষ্ঠানত উপস্থিত থকা অন্যান্য  শিক্ষক-কৰ্মচাৰী সকল হল প্ৰভূনাথ ভগত, মহেন্দ্ৰ বৰা, মাধৱ শইকীয়া ,যদু প্ৰসাদ শইকীয়া, প্ৰদীপ বৰা, অৰুণ মিলি, মহেন্দ্ৰ হাজৰিকা, যোগানন্দ ৰাজখোৱা, দুতিৰাম বৰা। ছাত্ৰ একতা সভাৰ সম্পাদক বিতুপন দাস আৰু চৌকিদাৰ পুলিন শইকীয়াইও অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

মাজুলীত অধ্যাপিকা লখিমী বৰুৱাৰ ব্যতিক্ৰমী পদক্ষেপ

উজনি-মাজুলী, ১৭ নৱেম্বৰঃ অসমৰ বিশিষ্ট কবি-সংগঠক তথা ৰঙাচাহী মহাবিদ্যালয়ৰ সমাজ-তত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা লখিমী বৰুৱাই নিজৰ সৃজনীশীল  প্ৰতিভাৰে সকলোকে আপ্লুত কৰি তুলিছে | সততে আমি পঢ়া বাতৰি কাকতখন প্ৰতিদিনে পঢ়াৰ অন্তত পেলনীয়া সামগ্ৰী হেন জ্ঞান কৰো অথবা দোকানত কিলোগ্ৰামৰ ওজন কৰি বিক্ৰী কৰি দিওঁ | কৰ’ণা কালতো সকলোৱে বাতৰিখনৰ ব্যৱহাৰ এনেদৰেই কৰিছিলো | বাতৰি কাগজৰ এনে নৈমিত্তিক ব্যৱহাৰৰ বিপৰীতে ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লখিমী বৰুৱাই বাতৰি কাগজৰ পৰাই দেখুৱাইছে বুদ্ধিদ্বীপ্ত নতুন চিন্তা | প্ৰতিদিনৰ কাকতসমূহত থকা বচা বচা বাতৰি, ফটো, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাতৰি, বিজ্ঞান-প্ৰযুক্তিবিদ্যা, হীমা দাসৰ জীৱন-চৰিত ইত্যাদি বাতৰিসমূহ আৰু বচা বচা অংশসমূহ কাটি কাটি একাদিক্ৰমে সজাই লৈ ফ্লেক্সপ্ৰিন্ট কৰি বিশাল বিশালকৈ  বন্ধাই ঊন্নৈশখন হৰ্ডিং ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়ায় | এই উদ্দেশ্যে আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভা ৰঙাচাহী মহাবিদ্যালয় প্ৰাঙ্গণত আয়োজন কৰা হয় | ৰঙাচাহী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক তৰুণ নাথে আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী ঘন নাথে এই অনুষ্ঠানটিৰ শুভ উন্মোচন কৰে | লখিমী বৰুৱাৰ এই বিশেষ পদক্ষেপটিৰ নাম আছিল ‘প্ৰয়াস’ | ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ,  বিশিষ্ট কবি-ডক্টৰ নৱকুমাৰ গাম, পৰিচালনা সমিতিৰ মুখ্যমন্ত্ৰীৰ মনোনীত সদস্য জয়ন্ত নাথ,  মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি অমূল্য চন্দ্ৰ বৰাই লখিমী বৰুৱাৰ ‘প্ৰয়াস’ সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য আগবঢ়োৱাৰ লগতে প্ৰশংসা কৰে | মাজুলী জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক জয়ন্ত হাজৰিকাই লখিমী বৰুৱাৰ ব্যতিক্ৰমী প্ৰয়াস উত্তৰ-পুৰুষৰ নতুন দিকদৰ্শন বুলি বক্তব্য আগবঢ়ায় | মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ক’ভিড-১৯ প্ৰ’টকল ৰক্ষা কৰি উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মাজুলীৰ সংবাদ-মাধ্যমৰ প্ৰতিনিধি উপস্থিত থকা এই সভাখনত লখিমী বৰুৱাই নিজৰ বক্তব্যত কয় যে ,এগৰাকী শিক্ষয়িত্ৰী হিচাপে সামাজিক দায়বদ্ধতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে নতুন চিন্তা কৰাৰ একান্তই প্ৰয়োজনীয়তা উপলব্ধি কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে | নতুন পুৰুষৰ উদ্যমীতা আৰু ন-চিন্তাৰ খোৰাক জগোৱাৰ বাবেই নিজৰ একক প্ৰচেষ্টাৰে এই কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ উৎসাহ লাভ কৰিছো |’ অনাগত দিনতো এনে ব্যতিক্ৰমী প্ৰয়াস গ্ৰহণকৰা হ’ব বুলি লখিমী বৰুৱাই নিজৰ বক্তব্যত উল্লেখ কৰে | লখিমী বৰুৱাৰ এই প্ৰয়াসত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষ আনন্দিত হোৱা বুলি এই প্ৰতিবেদকৰ আগত মন্তব্য কৰিছে | ইফালে স্থানীয় লোকৰ মাজতো এই সংবাদে বিশেষ আহ্লাদিত হোৱা বুলি জানিব পৰা গৈছে |

তিনিখনকৈ যুদ্ধত অংশগ্ৰহণ কৰা ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন সৈনিক মদন শইকীয়াৰ দেহৱসান : মাজুলীত শোকৰ বন্যা

 উজনি-মাজুলী, ১৭ নৱেম্বৰঃ ১৯৪৭ চনত মাজুলীৰ শালমৰাৰ বাঘচুকত জন্মগ্ৰহণ কৰা ব্যক্তিজনে পাছলৈ পৰিয়ালৰ লোকৰ লগত উজনি মাজুলীৰ বৃহত্তৰ মূদৈবিল অঞ্চলৰ নৱৰতনপুৰ-টকৌবাৰী সত্ৰ চুবুৰীত স্হায়ীভাবে থাকিৱলৈ লয় | ডাঙৰ ককায়েক বাপু শইকীয়াই অশেষ কষ্ট আৰু পৰিশ্ৰমেৰে তেখেতৰ সৰু ভ্ৰাতৃ মদন শইকীয়াক পঢ়ুৱাইছিল আৰু পঢ়াৰ মাজতেই তেনেদৰেই এদিন মদন শইকীয়া ভৰ্তি হৈছিল ভাৰতীয় বায়ুসেনাৰ সৈনিক হিচাপে | তেতিয়া আছিল ১৯৬৬ চন | ১৯৬৬ চনত বায়ুসেনাত ভৰ্তি হোৱা দিনাৰ পৰা তিনিখনকৈ যুদ্ধত অংশগ্ৰহণ কৰি মদন শইকীয়া হৈ পৰিছিল বায়ুসেনাৰ এজন যুজাৰু সৈনিক | বাংলাদেশৰ স্বাধীনৰ সময়ৰ যুদ্ধ আৰু ৯৯ চনৰ কাৰ্গিল যুদ্ধত বিশেষ পাৰদৰ্শিতা দেখুৱাৰ বাবে চাকৰি জীৱনত ১১ টাকৈ মেডেল প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ হাতৰ পৰা ল’ৱলৈ সক্ষম হয় |  41 squadron, Air force station Palam, New Delhi t 1993 ৰ পৰা 1997 লৈকে তেখেতে সেৱা আগবঢ়াইছিল | চাকৰি জীৱনত নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্মজীৱন সুন্দৰকৈ পাৰ কৰাৰ বাবে কমিনেশ্বন মেডেল ওঁ লাভ কৰিৱলৈ সক্ষম হৈছিল | গুৰুগ্ৰামৰ সম্বিত হস্পিতেলত যোৱা ১৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা বায়ুসেনাৰ প্ৰাক্তন সৈনিকজনৰ নশ্বৰদেহ আজি পুৱতি নিশা গুৰুগ্ৰামৰ পৰা কফিনত এখনি এম্বুলেন্সত মাজুলীৰ মুদৈবিল গাঁৱত পোৱাৰ লগে লগে অঞ্চলটোত এক শোকাকুল পৰিবেশে বিৰাজ কৰে | অগনন ব্যক্তিয়ে তেখেতৰ নশ্বৰদেহত পুস্পমাল্যৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তত সৰু পুত্ৰ পংকজ শইকীয়াই মুখাগ্নি কৰে | মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ | মৃত্যুৰ সময়ত তেখেতে সৰু ককায়েক কমিন শইকীয়া , পত্নী কাঞ্চন শইকীয়া , দুই পুত্ৰ , এগৰাকী কণ্যা আৰু পৰিয়ালৰ অন্যান সকলক ইহসংসাৰত এৰি থৈ গৈছে | তেখেতৰ মৃত্যুত মুদৈবিল গাঁওবাসী , নৱৰতনপুৰ চেমণীয়া সন্থা , টকৌবাৰীসত্ৰ পৰিচালনা সমিতি , চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, মুদৈবিল বিশ্বজ্যোতি চেমণীয়া সন্থা , চিৰাম সমন্বয় শাখা সাহিত্য সভা , মাজুলী-ডায়েৰী পৰিয়াল বৰ্গ আৰু বহু দল সংগঠনে শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে |

ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা উন্নয়ণৰ বাবে শান্তি-সম্প্ৰীতিৰ প্ৰয়োজন : “অসমত অন্যায়ৰ বিৰুদ্ধে, অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছে”-সাংসদ গৌৰব গগৈ

নগাঁও, ১৮ নবেম্বৰ : ” বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই চিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰত বিজেপিৰ বহু নেতা জড়িত ৷ সেয়ে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷” এই মন্তব্য কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈৰ ৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত বুধবাৰে দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত বিশাল কৰ্মীসভাত অংশগ্ৰহন কৰি সাংসদগৰাকীয়ে লগতে কয় যে–বৰ্তমান অসমত অন্যায়ৰ বিৰুদ্ধে, অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছে ৷ কিন্তু এনে অন্যায়-দুৰ্নীতি নিৰ্বিঘ্নে চলি থকাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতহে ব্যস্ত হৈ আছে ৷ ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ নকৰাকৈ সাংসদ গৌৰব গগৈয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে–এই গৰাকী মন্ত্ৰীয়ে আছু, কংগ্ৰেছৰ দৰে সৰ্বানন্দ সোনোৱালকো বিশ্বাসঘাতকতা কৰিব ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত সাংসদ গৰাকীয়ে এতিয়া নতুন চিন্তাৰ ৰাজনীতিৰ দৰকাৰ বুলি উল্লেখ কৰি কয় যে– শান্তি আৰু সম্প্ৰীতি থাকিলেহে উন্নয়ণ সম্ভৱ ৷ এই উন্নয়ণৰ বাবে প্ৰয়োজনীয় শান্তি আৰু সম্প্ৰীতি আনি দিব পৰা দল হৈছে কংগ্ৰেছ ৷ দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডলৰ পৰা অহা সহস্ৰাধিক মহিলা কৰ্মীৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মন্ত্ৰীদ্বয় গৌতম বৰা আৰু ৰকিবুল হুছেইনেও ভাষণ প্ৰদান কৰে ৷ নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভাপতি ৰূপালী শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ৰেহেনা নেৱাজ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰা, দলংঘাট ব্ল’ক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, বটদ্ৰৱা ব্ল’ক কংগ্ৰেছৰ সভাপতি নুৰুল আমিন, শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ  উপস্থিত থাকে ৷ 

ভাৰতীয় জনতা পাৰ্টিৰ সৈতে প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বি পি এফে – ৰঞ্জিত দাস : নলবাৰীত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভা

নলবাৰী, ১৮ নৱেম্বৰ : ইমানুৱেল মুছাহাৰী, বিশ্বজিৎ দৈমাৰীয়ে নহয় বি পি এফৰ আৰু বহু বিধায়ক-নেতাই বিজেপিত যোগদানৰ বাবে কৰিছে যোগাযোগ । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ । আজি নলবাৰী জিলাৰ নাট্যমন্দিৰত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভাত উপস্থিত হৈ ৰঞ্জিত দাসে বি পি এফৰে মিত্ৰতা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বি পি এফে । পঞ্চায়ত নিৰ্বাচনত আমাৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ অৱৰ্তীণ হৈছিল নিৰ্বাচনত । তদুপৰি নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী বিধান সভা সমষ্টিয়ে বিজেপিৰ জয়ৰ ইংগিত বহন কৰা বুলি কৈ এই আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱা মানে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য  প্ৰকাশ কৰে । আজিৰ এই অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা, বিধায়ক অশোক শৰ্মা প্ৰমুখ্যে বহু কেইজন ভাৰতীয় জনতা পাৰ্টি বিষয়ববীয়াৰ লগতে কৰ্মী সকল উপস্থিত থাকে ।

নলবাৰীত উত্তপ্ত পৰিস্থিতি : বনবিভাগৰ গাড়ী আটক কৰিলে ৰাইজে

নলবাৰী ১৮ নৱেম্বৰ : নলবাৰী বালিলেচাত শ্ৰী শ্ৰী কালি দেৱালয় সন্মুখত উত্তপ্ত পৰিস্থিতি । বনবিভাগৰ গাড়ী আটক কৰিলে ৰাইজে । ঘটনা অনুসৰি বিগত বহু মাহ ধৰি বালিলেছা পথেৰে টেক্টৰ , ডাম্পাৰ আদিয়ে অবৈধ ভাৱে পাগলদিয়া নদীৰ বালি কঢ়িয়াই থকাত পৰিলক্ষিত হৈছে । বিনা চালান বিহীন ভাবে অবৈধ ভাৱে মাটি কঢ়িওৱা এই গাড়ী বিলাকৰ বাবে স্হানীয় ৰাইজে যাতায়তৰ লগতে দিনে দিনে বৃদ্ধি হোৱা ধূলি বাবে বহুত অসুবিধা সন্মুখীন হৈ আছে । বহদিন ধৰি স্থানীয় ৰাইজে নলবাৰী বনবিভাগক লিখিত ভাৱে দৰ্খাস্ত প্ৰদান কৰাৰ পিছত ও আজিলৈ কোনো ব্যৱস্থা নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । এনে সময়তে আজি এখন ট্ৰেক্টৰে অবৈধ ভাৱে বালি কঢ়িয়াই অনি থকাৰ সময়ত স্থানীয় বনবিভাগক খবৰ দিয়ে ।  কিন্তু বনবিভাগৰ দল এটি ঘটনাস্থলীত উপস্থিত হয় গোপন বুজা বুজিৰে ট্ৰেক্টৰে যাব দিয়া বুলি ব্যাপক অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বনবিভাগৰ গাড়ী খন আটক কৰে । প্ৰায় দুই ঘন্টা ধৰি ৰাইজৰ হাতত আৱদ্ধ হৈ থকাৰ পিছত বনবিভাগৰ লোকে ভৱিষ্যতে অবৈধ ভাৱে বালি কঢ়িওৱা টেক্টৰৰ ওপৰত বিহিত ব্যৱস্থা লোৱা প্ৰতিশ্ৰুতি দিয়াৰ পিছত হে স্থানীয় ৰাইজে বনবিভাগৰ গাড়ী খনক যাব দিয়ে । উল্লেখ্য যে বালিলেচাৰ সমীপৰ নামদোঙাত থকা পালগদিয়া ঘাটত বালি মাফিয়া হামিদ আলীয়ে বহুত দিন ধৰি অবৈধ ভাৱে মাটি কাটি থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ।

টংলাত ইউপিপিএলৰ বিশাল জনসভা : জনসমূদ্ৰত পৰিণত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ

টংলা,১৮ নৱেম্বৰ : বি টি চিত এতিয়া নিৰ্বাচনৰ বতাহে আকাশ বতাহ কঁপাই তুলিছে। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত বি টি চিৰ পাঁচটা সমষ্টিৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ইউ পি পি এলৰ পৰিৱৰ্তন জনসভাত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে অংশগ্ৰহণ কৰি ৰাইজৰ আগত বক্তব্যত কয় যে দুই মহৰ যুদ্ধত বিৰিণাৰ মৰণ হয় যদিও আমি বিৰিণা নহয়, সেয়েহে আমাৰ মৰণ নাই। ১৭ বছৰে দুখেৰে পাৰ কৰিলোঁ, এতিয়া ভাল দিন আহিছে । আমাৰ সমাজত সকলোৰে ভাষা সংস্কৃতি, ৰীতি-নীতি জীয়াই থাকিব লাগিব । বি টি আৰত  এতিয়া পৰিৱৰ্তনৰ ঢৌ উঠিছে। আমি প্ৰতিশোধ লব লাগিব, প্ৰতিশোধ মানে হিংসা নহয় , প্ৰতিশোধ মানে গণতান্ত্ৰিক আন্দোলন । বি টি আৰ চুক্তিত সকলো আছে কিন্তু এটাই নাই সেইটো হল দুৰ্নীতি বুলি কয়। লগতে হাগ্ৰামাই সকলো জনগোষ্ঠীক থগিছে , দুখীয়াৰ টকা খাইছে বুলি অভিযোগ কৰে তেওঁ। লগতে কয় যে বি টি আৰত আমি শান্তি সম্প্ৰতি গঢ়ি  বি টি আৰ চুক্তিৰ নীতিৰ আধাৰত সকলোয়ে সমান সুবিধা লাভ কৰিব, মাটি বাৰীৰ অধিকাৰ লাভ কৰিব। সভাত তেওঁ ব্যক্ত কৰি কয় যে ইউ পি পি এল চৰকাৰ আহিলে হাতী আৰু মানুহ সংঘাত ৰোধ কৰাৰ ব্যৱস্থা কৰা হব। লগতে কয় যে বি টি আৰ অঞ্চলত প্ৰত্যিক জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি,ৰীতি নীতি জীয়াই ৰখা দায়িত্ব ইউ পি পি এল চৰকাৰ থাকিব । দুৰ্নীতি কৰা লোকক বিচাৰি আনি আইনগত ভাবে শাস্তি দিয়া হব, ইয়াত বড়ো অনাবড়ো বিভেদ নচলিব, গণতন্ত্ৰ দেশত সকলো সমান, আমি সমাজৰ কাৰণে ৰাজনীতি কৰিছোঁ দুৰ্নীতিৰ কাৰণে নহয়, ইউ পি পি এলে কৰ্ম সংস্কৃতিক আকোঁৱালী লৈ আহিছে, ভাৰত তথা অসম চৰকাৰে আমাক নিৰাপত্তা দিব লাগিব, আমাৰ চৰকাৰ আহিলে বি টি আৰত সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কাৰণে উন্নয়ন পৰিসদ গঠন কৰি দিয়া হব লগতে সাহিত্যৰ ক্ষেত্ৰত অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰে । উক্ত পৰিৱৰ্তন জনসভাত পাঁচটা সমষ্টি ক্ৰমে খালিংদুৱাৰ, মুদৈবাৰী, খৈৰাবাৰী, ভেৰগাওঁ আৰু নোনাই ছেফাফাং সমষ্টিৰ প্ৰায় ২০ হাজাৰতকৈ অধিক ৰাইজে আহি জনসমুদ্ৰত পৰিণত কৰা উক্ত অনুষ্ঠান খনৰ আদৰণি ভাষণৰ প্ৰসংগত ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি ইউ জি ব্ৰহ্মই কয় যে এতিয়া ঘৰে ঘৰে ইউ পি পি এল হৈ গল । আমাৰ মঞ্চত জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন হয় । বি টি আৰ অঞ্চলত এক নতুন পৰিৱৰ্তন হব গৈ আছে । অস্ত্ৰ আন্দোলন সমাধান কৰি শান্তি, আদৰ্শ, প্ৰগতিশীল সমাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে ইউ পি পি এল চৰকাৰে । বি টি আৰত আৰু কেতিয়াও  আন্দোলনৰ সৃষ্টি নহয় । অসমত অসমীয়া ভাষা জীয়াই থাকিব লাগিব । মই অসমীয়া ভাষাত সাহিত্য সৃষ্টি কৰিব চেষ্টা কৰি আছো। আমাক নিৰাপত্তা লাগে বুলি ব্যক্ত কৰি কয়।

বাঁহৰ বেৰা দি গুৰুজনাৰ সৃষ্টিৰাজীৰ চৰ্চা শ্ৰী শ্ৰী দৌকাচাপৰি সত্ৰত

জামুগুৰিহাট,১৮ নৱেম্বৰ : গুৰুজনাৰ সৃষ্টিৰাজীক প্ৰচাৰ প্ৰসাৰৰ লগতে সেই সৃষ্টিৰাজীসমুহক চৰ্চাৰ দিশত সত্ৰসমুহৰ ভূমিকা অপৰিসীম ৷ যাৰবাবে চৰকাৰেও সত্ৰসমুহৰ উন্নয়ণ তথা সৃষ্টিৰাজীসমুহ চৰ্চাৰ বাবে অনুদান আগবঢ়াই আহিছে ৷ কিন্তু চৰকাৰী এনে সাহাৰ্যৰপৰা যেন বঞ্চিত হৈ আহিছে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ হিচাপে খ্যাত শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰ ৷ ১৭১৭ চনতে স্থাপিত জামুগুৰিহাটৰ দৌকাচাপৰি সত্ৰ খনে বিগত তিনিশ বছৰে গুৰুজনাৰ সৃষ্টিৰাজীসমুহ চৰ্চাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বাৰে বাৰে সত্ৰখন চৰকাৰী অনুদানৰপৰা বঞ্চিত হৈ অহাৰ অভিযোগ উল্থাপন হৈছে ৷ অঞ্চলটোৰ কেবাখনো সত্ৰৰ তুলনাত প্ৰথমখন সত্ৰ হিচাপে স্থাপন হোৱা শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনৰ চৌদিশৰ পৰিৱেশটোৱেই প্ৰকট কৰে যে কিমান কষ্ট ত্যাগ কৰি সত্ৰখন জীয়াই ৰাখিছে বৰ্তমান সত্ৰাধিকাৰৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে ৷ বৃহৎ সত্ৰখনত চৌপাশে বাঁহৰ চোঁচ কাটি বেৰাৰে ঢাকি চৰ্চা অব্যাহত ৰাখিছে বৰ্তমানৰ সত্ৰাধিকাৰৰ দায়িত্বত থকা সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে ৷ অন্যান্য সত্ৰই সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰী সাহাৰ্য লাভ কৰাৰ বিপৰীতে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ চৰকাৰী অনুদানসমুহৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হ’ব লগীয়া হোৱাত আক্ষেপো প্ৰকাশ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে ৷ পূৰ্বে প্ৰয়াত শৰৎ গোস্বামীৰ দায়িত্বত পৰিচালিত দৌকাচাপৰি সত্ৰখন গোস্বামীৰ মৃত্যুৰ পাছত চাৰিবছৰ ধৰি পৰিচালনা কৰা ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে উচুপি উচুপি কয় যে প্ৰতিবাৰেই সত্ৰখনৰ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদানৰ তালিকাত নাম সন্মিবিষ্ট হোৱা বুলি খৱৰ পাঁও যদিও শেষত কি কাৰণত বঞ্চিত হঁও আমিবোৰ সেই বিষয় লৈ অজ্ঞ ৷ অৱশ্যে ২০০৯ বৰ্ষত জিলা পৰিষদৰ ফালৰপৰা ৩৫ হাজাৰ আৰু ২০১৬ চনত বিধায়ক পুঁজিৰপৰা ২৫ হাজাৰ টকাৰ এক অনুদান লাভ কৰিছে বুলিও জানিব দি সেয়া বৰ্তমান সময়ত অন্যান্য সত্ৰসমুহে লাভ কৰা চৰকাৰী অনুদানসমুহৰ তুলনাত  তেনেই নগন্য বুলিও ব্যক্ত কৰে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰে সত্ৰসমুহৰ সৰ্বাঙ্গিন উন্নয়নৰ  বাবে আগবঢ়োৱা অনুদান লাভৰ দিশতো দেৰি কৰে নেকি কোনো লোকে৷ জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ এই শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনে সত্ৰসমুহৰ উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদান লাভ কৰিবলৈ সক্ষম হ’বনে ? উল্লেখ্য যে ১৬৬২ চনতে নগাঁৱৰপৰা নাঁওৰে আহি এই সত্ৰই প্ৰথমে ভৰলীপাৰত স্থিতি লৈছিল যদিও ভৰলীৰ পানী, গৰাখহনীয়া আদিৰ বাবেই ১৭১৭ চনত দৌকাচাপৰীত এইখন সত্ৰই স্থিতি লৈছিলহি ৷ প্ৰণিধানযোগ্য যে শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰৰ ভাগৱতভাগ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখাৰ লগতে তেজপুৰ সংগ্ৰহালয়ত এইখন সত্ৰৰে পালকি আৰু সত্ৰাধিকাৰ ঘনশ্যাম দেও, চক্ৰপানী দেও আদিয়ে ব্যৱহাৰ কৰা দোলাখনৰ কিছু অংশ সংৰক্ষণ কৰি ৰখা হৈছে ৷