বিলাসীপাৰা, ১৬ নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাসৰ উদ্যোগত আৰু লগতে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সহযোগত সংবাদ মাধ্যমৰ ওপৰত ক”ভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা ওপৰত লক্ষ্য ৰাখি আজি বিলাসীপাৰা ডঃ বি আৰ অন্বেদকাৰ ভৱনত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস খনত উপস্থিত থাকে মূখ্যবক্তা তথা মুৰব্বী আৰু সহযোগী অধ্যাপক, চাপৰ ৰত্নপীঠ কলেজৰ ইংৰাজী বিভাগ শ্ৰীযুত শ্বেখ হেদায়েতুল্লাহ, বিলাসীপাৰা মহাবিদ্যালয়ৰ লাইব্ৰেৰীয়ান শ্ৰীযুত হৰিচৰণ দাস, শ্ৰীযুত বিশিষ্ট সাংবাদিক দয়াল পাল, বিশিষ্ট সাংবাদিক মছলেম উদ্দিন,আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ সাংবাদিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানটোত উপস্থিত থাকে।।
নগাঁও চহৰৰ ডিমৰুগুৰিত দুৰ্ঘটনাত যুৱকৰ মৃত্যু
নগাঁও, ১৫নৱেম্বৰঃ দেৱালীৰ উল্লাসত ৰাইজ মতলীয়া হৈ থকাৰ সময়তে কালি নিশা প্ৰায় ৮.৩০বজাত নগাঁও চহৰৰ ডিমৰুগুৰিৰ এছ বি আই, এ টি এমৰ ওচৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত নিহত যুৱক জনৰ নাম চুনু বৰা (২৯)। তেওঁৰ প্ৰকৃত ঘৰ ডিমৰুগুৰি কালিবাৰীৰ পূবেৰুণ পথত যদিও পত্নী আৰু একমাত্ৰ সন্তানৰ সৈতে চেঁচামুখত নতুনকৈ ঘৰ নিৰ্মাণ কৰাই তাতে বাস কৰিছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, চুনু বৰা নামৰ যুৱক জনে কালি নিশা বিশেষ কামত ডিমৰুগুৰিলৈ আহি কালিবাৰীৰ ওচৰত পথটো অতিক্ৰম কৰিব বিচাৰোতেই এ এছ ০২ ভি ৫৪৩৩নম্বৰৰ এখন তীব্ৰবেগী মটৰ চাইকেলে তেওঁক মহতীয়াই নিয়ে। দুৰ্ঘটনাটোত চুনু বৰা অতি গুৰুতৰ ভাৱে আহত হয়। ততাতৈয়াকৈ তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ অৱস্থা অতি সংকটজনক হোৱা হেতুকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়লৈ নি থকা অৱস্থাতে ৰহাৰ ওচৰত তেওঁৰ মৃত্যু হয়। ইপিনে,দুৰ্ঘটণাটো সংঘটিত কৰি মটৰ চাইকেল খনৰ আৰোহী জনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তেওঁক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে দুৰ্ঘটণা সংঘটিত কৰা মটৰ চাইকেল খনো জব্দ কৰে।
যুৱক জনৰ মৃতদেহটো আজি মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকক গতাই দিয়া হয়। মৃতদেহটো আজি বিয়লি ঘৰলৈ অনাত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।যুৱক জনৰ অকাল বিয়োগত ডিমৰুগুৰিত শোকৰ ছাঁ পৰিছে।
নগাঁৱৰ লাওগাঁও পঞ্চায়তত একেদিনাই ৭ টাকৈ আচঁনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও, ১৫ নবেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৭টাকৈ আঁচনিৰ আজি শুভউদ্ধোধন কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই। আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে লাওগাঁও পঞ্চায়তৰ চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা ছহিদুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ।চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা আনিছুৰ মাষ্টৰৰ ঘৰলৈকে চি চি ব্লকৰ পথ, বেলতলি ৰৌমাৰী পথৰ ছফিকুল ইছলামৰ ঘৰ হৈ মাগুনি পথাৰলৈ চি চি ব্লকৰ পথ, আব্দুল হেকিমৰ দোকানৰ পৰা পশ্চিম ৰৌমাৰী নিম্ন বুনিয়াদী বিদ্যালয়লৈ চি চি ব্লকৰ পথ, লাওগাঁও হাইস্কুল চৌহদত থকা সমূহীয়া ভৱনৰ উন্নীতকৰণ, চান্দমাৰী জুৰীয়া লোকনিৰ্মাণ পথৰ পৰা চহিদুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ, সোনাই দলঙৰ পৰা ছাইফুল ইছলামৰ ঘৰলৈকে চি চি ব্লকৰ পথ নিৰ্মাণ। । উল্লেখিত আঁচনি সমূহৰ প্ৰথম দুখন আঁচনি বিত্তীয় বৰ্ষ ২০১৮-১৯ ৰ বিপৰীতে বাকী আঁচনি সমূহ ২০১৯-২০ বিত্তীয় বৰ্ষৰ আবন্টিত পূজিঁৰে নিৰ্মিত।আজি আচনি সমূহৰ শুভাৰম্ভ অনুষ্ঠানৰ লগতে সংগতি ৰাখি লাওগাঁও পঞ্চায়ত আৰু বুথ কমিটিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী চাইদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে।আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি শুভাৰম্ভ হোৱা উন্নয়নমূলক আঁচনি সমূহৰ উদ্ধোধনী অনুষ্ঠানৰ লগতে ৰাজহুৱা সভাখনত লাওগাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম, আঞ্চলিক পঞ্চায়তৰ সদস্য জোব্ৰিন নাহাৰ চৌধুৰী প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি, দলীয় কাৰ্যকতা সকলৰ লগতে ভালেসংখ্যক স্হানীয় ৰাইজ উপস্থিত থাকে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা সম্পন্ন
নলবাৰী, ১৫ নবেম্বৰঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু বিষয় বাচনি সভা খন কটৰা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হয়।ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ আৰু মাল্যৰ্পন কৰে ক্ৰমে উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি ৰিদুল ৰাজবংশী,পুলেন ৰাজ ডেকা আৰু প্ৰাঞ্জল শৰ্মাই।সতীৰ্থ স্মৰণ কৰে পৰিষদৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতাই।গছ পুলি ৰোপণ কৰে বুড়িনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ নয়নজ্যোতি বৰ্মন আৰু কটৰা হাইস্কুলৰ সহকাৰী শিক্ষক নিপু চৌধুৰীয়ে।তাৰ পিছতে প্ৰতিনিধি সভা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা মুকুল শৰ্মাই।আঞ্চলিক সমিতি খনৰ সাধাৰণ সম্পাদক পুলেন ৰাজ ডেকাই আতধৰা আৰু সভাপতি ৰিদুল ৰাজবংশীয়ে সভাপতিত্বত কৰা প্ৰতিনিধি সভা খনত নলবাৰী জিলা সমিতিৰ উপদেষ্টা আছিক আহমেদ,সাধাৰণ সম্পাদক নিৰোদ দাস,উপ সভাপতি পাৰ্থ প্ৰতীম শৰ্মা,যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতা আৰু যোগেশ কলিতা, সাংগঠনিক সম্পাদক হেমাংগ কলিতা, সাংস্কৃতিক সম্পাদক কৌশিক কুমাৰ বৰ্মন, প্ৰচাৰ সম্পাদক সঞ্জয় কলিতা উপস্থিত থাকে।আনহাতে বিষয় বাচনি সভা খনত ৰিদুল ৰাজবংশীক সভাপতি, অনুপ ৰাজবংশীক সাধাৰণ সম্পাদক, প্ৰাঞ্জল শৰ্মা,পুলেন ৰাজ ডেকা, প্ৰণৱ ডেকাক উপ সভাপতি,নচিউৰ ৰহমান আৰু নমিতা বৈশ্যক যুটীয়া সম্পাদক হিচাপে লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতি খন গঠন কৰা হয়।
বিলাসীপাৰা মুৰাবাড়ীত সমাজৰ কু-সংস্কাৰ নিৰ্মূল কৰাৰ বাবে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সজাগতামুলক সভা
বিলাসীপাৰা, ১৫ নবেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলমৰ উদ্যোগত সমাজৰ কু-সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে সুবাশ চন্দ্ৰ সৰকাৰৰ সভাপতিত্বত নয়াহাট মুৰাবাৰীত আজি সজাগতামুলক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সভা খনত উপস্থিত থাকে, নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত আৰক্ষী বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলম, মনাফ আলী,নওসাদ আলী,পিয়াৰ আলী,ছাদ্দাম হোসেন,সুশান্ত সাহা,গাওঁৰক্ষী বাহিনীৰ সম্পাদকদ্বয় উপৰিও লগতে দুৰ্নীতি বিৰোধী শ্ক্তি কমিটিৰ সদস্য-সদস্যা সকল আদিকে ধৰি স্থানীয় গন্য মান্য ব্যক্তিও সজাগতামুলক সভা খনত আগভাগ লয়।।
নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা : ৩১ জনীয়া সমিতি গঠন
নলবাৰী, ১৫ নৱেম্বৰ : নলবাৰী জিলাৰ ক্ষুদ্ৰ চেনিকুছিত অসম গণ পৰিষদৰ এখন কৰ্মী সভা অনুষ্ঠিত কৰা হয় । নলবাৰী সদৰ বিধান পৰিষদৰ চাৰিটা মণ্ডল পৰিষদৰ ভিতৰত অন্যতম খাতা বতাহগিলা মণ্ডল পৰিষদ গঠনৰ বাবে আজি ৩১ জনীয়া সমিতি এখন গঠন কৰা হয় । এই কৰ্মী সভাত অগপ দলৰ যুৱ নেতা দিলীপ কুমাৰ দাসে প্ৰকাশ কৰে যে আগন্তুক বিধান সভা নিৰ্ব্বাচনত নলবাৰী সদৰ বিধান পৰিষদত অসম গণ পৰিষদৰ জয় এশ শতাংশই নিশ্চিত । তদুপৰি আগন্তুক সময়ত অগপ দলত নলবাৰী সদৰ বিধান পৰিষদৰ প্ৰায় ১০ হেজাৰ লোকে যোগদান কৰাৰ যো-জা চলি থকা বুলি যুৱ নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । আনহাতে নলবাৰী সদৰ বিধান পৰিষদত অসম গণ পৰিষদ দলে নিৰ্বাচন অংশ লোৱাটো এশ শতাংশই নিশ্চিত বুলি দিলীপ কুমাৰ দাসে ব্যক্ত কৰে ।

দেশজোৰা সৰ্বাত্মক ধৰ্মঘটৰ সমৰ্থনত ধুবুৰীত অভিৱৰ্তন
ধৰ্মশালা, ১৫ নৱেম্বৰ : কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অহা ২৬ নৱেম্বৰত হ’ব লগা দেশজোৰা সর্বাত্মক ধর্মঘটৰ সমর্থনত আজি ধুবুৰীৰ মিউনিচিপাল স্কুলত এখন অভিৱৰ্তন অনুষ্ঠিত হয় । আজিৰ অভিৱৰ্তনত বেংক, বীমা, বিদ্যুৎ, বিএছএনএল, ডাকবিভাগ, অসংগঠিত শ্রমিক, ৰন্ধন কর্মী, মেডিকেল ৰিপ্রেজেন্টেটিভ ইউনিয়নৰ লগত কৃষক সভা আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। অহা ২৬ নৱেম্বৰৰ ধর্মঘটৰ সমর্থনত পথ সভাৰ লগতে ২৫ নৱেম্বৰত সমদল উলিওৱা হ’ব বুলি আজিৰ সভাই এক প্রস্তাৱো লয় বুলি জানিব পৰা গৈছে।
ছয়গাঁৱত অঘটন : খাৱৈত পৰি যুবকৰ মৃত্যু : জুৱাই কাল হ’ল এটা পৰিয়ালৰ
ছয়গাঁও, ১৫নৱেম্বৰ : জুৱা খেলেই অভিশপ্ত অমানিশা নমাই আনিলে এটা দুৰ্ভগীয়া পৰিয়াললৈ । কণমানি সন্তান আৰু পৰিবাৰক ইহ সংসাৰত এৰি পৰলোকলৈ গমণ কৰিলে এজন ৩৮বছৰীয়া চফল যূবকে। এনেধৰণৰ ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰবাহাৰ গাঁৱত ।ঘটনাৰ বিৱৰণী মতে দীপাৱলীৰ উৎসাহ উদ্দীপনাৰ মাজতে এচাম উন্মাদ যুৱকে গাওঁখনত হেনো জুৱা খেল পাতিছিল । সেই খবৰ বিশেষ সূত্ৰে আৰক্ষীৰ কাণত পৰাত শুক্ৰবাৰে নিশা ১১মান বজাত ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । তেনে সময়তে সমবেত হৈ থকা সকলো লোক ছত্ৰভঙ্গ দিয়ে।কিন্তু দুখৰ বিষয় প্ৰত্যক্ষদৰ্শী লোকৰ ভাষ্যমতে যি গৰাকী লোক খাৱৈ তথা পুখুৰীত পৰি মৃত্যুবৰণ কৰিলে তেওঁহেনো লগৰীয়াৰ সৈতে পথৰ দাঁতিৰ বেঞ্চত বহি আছিল । হঠাতে আৰক্ষীৰ আগমণত সকলোৱে দৌৰিবলৈ লোৱাত যুৱকজনেও দৌৰি পলাবলৈ চেষ্টা কৰোতে ওচৰতে থকা ৰাজহুৱা পুখুৰীত পৰি পানীত ককবকাবলৈ ধৰে। আচাৰ্যকৰ কথা যে আৰক্ষীয়ে লগে লগে দুজন লোকক কৰায়ত্ব কৰি থানালৈ অনাৰ বিপৰীতে পানীত ডুব যোৱা যুৱকজনক টৰ্চ লাইট মাৰি মাৰি দাবী ধমকি দি পুখুৰীতে এৰি থৈ আহে । যাৰ ফলত যুবক জনে মৃত্যুবৰণ কৰে । এয়াই নেকি আৰক্ষীৰ মানবতা । ইয়াকে লৈ কালি গাওঁখনৰ লোক খঙত খৰ্গহস্ত হৈ মৃত যুৱকজনক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিস্থিতি বিষময় কৰি তোলে । পিছত কামৰূপ জিলা উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ উপস্থিতিত পৰিস্থিতি কিছু শামকাটে আৰু মৃতদেহ থানালৈ লৈ আহে।উল্লেখ্য যে যুবকজনৰ গাওঁ বৰবাহাৰ আৰু সাতপাৰা ৰাইজ গয়ৰহ মিলি মৃত্যুৰ কাৰণ বিচাৰি আৰক্ষীলৈ এজাহাৰ দাখিল কৰে আৰু আৰক্ষীৰ লোকে যুবকজনক পানীৰ পৰা উদ্ধাৰ কৰা পৰিৱৰ্তে কিয় পানীত ভয় দেখুৱাই এৰি থৈ আহিল সেয়াহে ৰহস্য হৈ পৰিল।মুঠৰ ওপৰত জুৱাৰ বাবে কাল অমানিশা নামি আহিল এই দুৰ্ভগীয়া পৰিয়ালটোৰ । তথাপিও কাৰ চত্ৰছায়াত বৃহত্তৰ ছয়গাঁও অঞ্চলটোত বৰ্তমানেও জুৱা খেল অব্যাহত আছে সেয়া ৰহস্যৰ আৱৰ্তত ।
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ১, অগ্নিদগ্ধ ১ জন চিকিৎসাধীন
গেলেকী, ১৫নৱেম্বৰঃ দীপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ শিৱসাগৰ জিলা অন্তৰ্গত নগৰৰ পৰা কিছু নিলগৰ বেতবাৰী বালিবাট চাৰি আলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ থিতাতে নিহত প্ৰাণদীপ গগৈ নামৰ (২২) বছৰীয়া যুৱকজন ৷ গুৰুত্বৰ ভাৱে অগ্নিদগ্ধ হোৱা ধুৰ্বজ্যোতি গগৈ নামৰ আন এজনক স্থানীয় এখন চিকিৎসালয়ত নিশা ভৰ্তি কৰোৱা হয় ৷ বেতবাৰীৰ বালিবাট চাৰি আলি মুক্তি গগৈ নামৰ দোকানখনত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ মুক্তি গগৈ দোকানত পেট্ৰল, ডিজেল আৰু একেলগে অবৈধ ভাৱে ফটকা বিক্ৰিৰ অভিযোগ উত্থাপিত হৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
শিৱসাগৰত পৈশাচিক কাণ্ড : মা কালীক সন্তুষ্টিৰ বাবে বলি দিবলৈ অনা ৫ টা দেব শিশুক উদ্ধাৰ
গেলেকী, ১৫নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে । নিজৰ সন্তানক বলি দিবলৈ সাজু কৰিছিল দানৱ পিতৃয়ে । কালী পূজাৰ বাবে শনিবাৰে নিশা ১২ বজাত বলি দিবৰ বাবে সাজু কৰি থোৱা ৫ টা দেৱ শিশু জীৱন্তেই উদ্ধাৰ কৰা হয় । ৰাইজৰ তৎপৰতাত দেৱ শিশু কেইটাৰ প্ৰাণ ৰক্ষা পৰে ৷ এই ঘটনা সন্দৰ্ভত ৩ গৰাকী লোকক ৰাইজে আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল জমিউল হুছেইন, চৰিফুল হুছেইন আৰু আয়েছা বেগম । ইপিনে জমিউল হুছেইন আৰু চৰিফুল হুছেইন সম্পৰ্কত ককাই-ভাই বুলি জানিব পৰা গৈছে । শিৱসাগৰৰ বামবাৰী অঞ্চলৰ গাত কালি লম্ভা বুলি দাবী কৰা এগৰাকী মহিলা আৰু মৰাণৰ এটা বেজৰ নিৰ্দেশতেই কালী পূজাৰ নিশা ১২ বজাত বলি দিয়াৰ বাবে সাজু কৰা হৈছিল উক্ত ৫ টাকৈ দেৱ শিশুক । সম্প্ৰতি সচেতন ৰাইজৰ তৎপৰতাত দেৱ শিশু কেইটা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰতেই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে মাটিৰ তলৰ ধন, সোণ লাভৰ অৰ্থে পৰিয়ালটোৰ অপায়-অমংগল দূৰ কৰাৰ বাবেই বেজ আৰু ছদ্মৱেশী কালীয়ে দিছিল নৰ বলিৰ এই নিৰ্দেশ ৷ সেই অনুসৰিয়েই দুস্কৃতিকাৰীকেইটাই বলিৰ বাবে সাজু কৰিছিল নিজ সন্তানক । সহজ ধনৰ লোভত নৰ বলিৰ বাবে দুস্কৃতিকাৰীকেইটাই নিজ সন্তান তথা দেৱ শিশু কেইটাক বলিৰ বাবে ডিমৌ মুখৰ জমিউলৰ ঘৰত সাজু কৰিছিল ৷ অৱশ্যে পূৰ্বৰে পৰা সমগ্ৰ ঘটনাৰ গতি বিধি লক্ষ্য কৰি থকা ডিমৌ মুখৰ স্থানীয় ৰাইজে দেৱ শিশু কেইটাক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ পিছতেই ঘটনাৰ লগত জড়িত তিনি দুস্কৃতিকাৰীক ৰাইজে আৱদ্ধ কৰি গতাই দিয়ে শিৱসাগৰ জিলা সদৰ আৰক্ষী থানাক ৷ ধৃত তিনিওটা অভিযুক্তক আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ।








