Home Blog Page 3133

সোমবাৰে পানবজাৰ মহিলা থানাত উপস্থিত হ’ল শিল্পী জুবিন গাৰ্গ

জুবিনৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ। 3/21 নম্বৰৰ গোচৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছে আয়োগে। সোমবাৰে  পানবজাৰ মহিলা থানাত উপস্থিত হ’ল শিল্পী জুবিন গাৰ্গ।। আয়োগৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

তদন্ত কালত সোধা পোছাৰ বাবে জুবিন গাৰ্গক মহিলা থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীৰ। আৰু আৰক্ষীৰ নিৰ্দেশ মতে থানাত উপস্থিত হয় শিল্পীগৰাকী। আৰক্ষী থানাত প্ৰায় ১০ মিনিট সময় থাকিবলগীয়া হয় জুবিন গাৰ্গ। কিন্তু থানাৰ পৰা ওলাই আহি জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

উল্লেখ্য যে, অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰ সন্দৰ্ভত অশ্লীল মন্তব্য দিয়াৰ অভিযোগত মহিলা আয়োগৰ ৰোষত পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।

চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিৰ মৃত্যু, নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তপ্ত পৰিস্থিতি

এগৰাকী প্ৰসূতি মাতৃৰ  মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।ৰোগীৰ আত্মীয় আৰু আন একাংশ লোক উত্তেজিত হৈ পৰি নাৰ্ছিহোম খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী আহিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া হয় ৷ জানিব পৰা মতে, নগাঁও জিলাৰ জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাই দুদিন পূৰ্বে এটি সন্তান প্ৰসৱ কৰিছিল।প্ৰসৱৰ ‌পাছতেই মহিলা গৰাকী অসুস্থ হৈ পৰাত দুদিন পূৰ্বে তেঁওক নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰসূতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। তাৰ পাছতো তেওঁ সুস্থ হৈ নুঠাত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ বিচাৰে যদিও নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰোগীৰ আত্মীয়ক “ইয়াতে ভাল হ’ব” বুলি আশ্বাস দি নাৰ্ছিং হোমৰ ভেন্টিলেটৰতহে ৰাখি থয় বুলি ৰোগীৰ আত্মীয়ই অভিযোগ কৰে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজি প্ৰসূতি মাতৃ গৰাকীৰ মৃত্যু হয়। ইয়াৰ লগে লগেই প্ৰসূতি গৰাকীৰ আত্মীয় জাঙুৰ খাই উঠে। প্ৰসূতি মাতৃ গৰাকী ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতি আৰু নাৰ্ছিং হ’ম কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷  মহিলা গৰাকীৰ পৰিয়ালে লগতে অভিযোগ উত্থাপন কৰি কয় যে, একমাত্ৰ ধনৰ লালসাতে জিডি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিত ভাবে নগাঁৱত ৰখাৰ লগতে ভুল চিকিৎসা কৰিছিল। লগতে তেওঁ লোকে মহিলা গৰাকীৰ মৃত্যুৰ সন্দৰ্ভত এক তদন্তৰো  দাবী তোলে ৷ ইফালে, প্ৰসূতি গৰাকীৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সন্দৰ্ভত নাৰ্ছিংহোম খনৰ এজন কৰ্মচাৰীয়ে অবাঞ্চিত মন্তব্য কৰাত ক্ষোভিত হৈ পৰে মহিলা গৰাকীৰ আত্মীয় সকল আৰু অন্য লোকসকল ৷

হয়বৰগাঁৱত ব্ৰাউন ছুগাৰ সহ আটক ৩ ড্ৰাগছ ব্যৱসায়ী

ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত হোৱা নগাঁৱত আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। বিশেষকৈ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত এলেকা সমূহত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছে কঠোৰ অভিযান।

আজি নগাঁৱৰ চলচলিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এগৰাকী মহিলা সহ তিনিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ উপৰিও জব্দ কৰিছে ১২গ্ৰাম ব্ৰাউন ছুগাৰ। আৰক্ষীয়ে আটিকা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত চলাইছিল অভিযান। আটিকা বেগমৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া জমিৰ আলী আৰু ছাইফুল ইছলামক। জানিবপৰা মতে, আটিকা বেগমে দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। একাংশ ৰাইজৰ অভিযোগ, ৰহমান নামৰ এগৰাকী আৰক্ষী বিষয়াৰ সৈতে থকা সু সম্পৰ্কৰ বাবেই আটিকা বেগমে দীৰ্ঘদিনে নিৰ্বিঘ্নে চলাই গৈছিল মাৰাত্মক ড্ৰাগছৰ বেহা ।

উত্তৰাখণ্ডত সন্ধানহীন হোৱা অসমৰ যুৱকৰ আজিও সন্ধান নাই

উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ৰ সময়ত নগাঁও জিলাৰ কামপুৰৰ দুজন যুৱক সন্ধানহীন হৈ পৰাৰ খবৰে  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আৰু এজন যুৱক সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে।সন্ধানহীন হোৱা বুলি শেহতীয়াকৈ জানিব পৰা এই যুৱকজনৰ নাম সুশান্ত ডুলি।সুশান্তৰ ঘৰ হোজাই জিলাৰ কাকীত ।সুশান্ত ডুলি উত্তৰাখণ্ডত সন্ধানহীন হোৱা কমল দাসৰ খুলশালী।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই ভাতৃ উত্তৰাখণ্ডত সন্ধানহীন  হোৱা ঘটনাই  ইতিমধ্যে সমগ্ৰ কামপুৰ অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই যুৱক কেইজনৰ।যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকল শংকিত হৈ পৰিছে ।উল্লেখযোগ্য যে উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ে জীৱন্তে উটুৱাই নিয়ে প্ৰায় ১৫০ৰো অধিক লোকক ৷ গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামোলী জিলাত ভয়ংকৰ পৰিৱেশ সৃষ্টি হয়।এটা সূত্ৰৰ পৰা জানিব পৰামতে গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ে পলকতে ধ্বংস স্তুপত পৰিনত কৰিছিল এটা অট্টালিকা ৷সেইখিনি সময়ত অট্টালিকাটোৰ  ভিতৰত ২১ জন লোক আছিল । ইয়াৰ ভিতবত অসমৰো এই তিনিজন যুৱক ক্ৰমে কমল দাস , অমৰজ্যোতি দাস আৰু সুশান্ত ডুলি আছিল।যাৰ বাবে যুৱক তিনিজন জলপ্ৰলয়তে সন্ধানহীন হোৱাৰ আশংকা প্ৰৱলহৈ উঠিছে।আজি কামপুৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ । চক্ৰবিষয়া গৰাকীয়ে চৰকাৰী ভাৱে কোনো তথ্য পোৱা নাই বুলি জানিব দিছে।সন্ধানহীন কমল দাসৰ এটি পাচঁমহীয়া কণমানি সন্তানো আছে। বৰ্তমানেও সন্ধানহীন হৈ থকা যুৱক তিনিজনৰ পৰিয়ালৰ লোকে যুৱক তিনিজনক উদ্ধাৰ কৰি পৰিয়ালক গটাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে।অন্যহাতেদি পুত্ৰদ্বয় সন্ধানহীন হোৱাৰ দুখত চিঞৰি চিঞৰি কান্দিছে তেওঁলোকৰ মাতৃয়ে ।

মাজুলীত প্ৰধানমন্ত্ৰী এক্সটেনচন প্লেনৰ আধাৰত বিদ্যালয়-মহাবিদ্যালয়ত এন চি চিৰ অৰ্ধ ট্ৰোপ মুকলি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী যোৰহাট জিলাৰ মুখ্য নিৰ্দেশক গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদীয়াৰ অজিত কুমাৰ বৰা (ভি এচ এম)ৰ পৃষ্ঠপোষকতাত আৰু ৫১ নং এয়াৰ এন চি চিৰ কামাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন মনাংকুৰ চৌধুৰীৰ তত্বাৱধানত মাজুলী জিলাৰ ৰঙাচাহী মহাবিদ্যালয় , জেংৰাইমুখ মহাবিদ্যালয় আৰু আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পোন প্ৰথমবাৰ প্ৰধানমন্ত্ৰী এক্সটেনচন প্লেনৰ আধাৰত একোটাকৈ এয়াৰ এন চি চিৰ অৰ্ধ ট্ৰোপ মুকলি কৰা হয় ৷ এই উপলক্ষে আজি স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এন চি চিৰ মুখ্য নিৰ্দেশক অজিত কুমাৰ বৰাই তিনিওখন শিক্ষানুষ্ঠানৰ মূৰব্বীৰ হাতত পাৰ্চমেন্ট চাৰ্টিফিকেট অৰ্পণ কৰে ৷ অনুষ্ঠানত বিগ্ৰেদীয়াৰ অজিত কুমাৰ বৰাই উপস্থিত কেডেট সকলক এন চি চিৰ জৰিয়তে নিয়মানুৱৰ্তিতা , একতা আৰু সময়মতে শিক্ষা গ্ৰহণ কৰাৰ লগতে সমাজ আৰু পৰিবেশ-জলবায়ুৰ প্ৰতি সজাগ হৈ গছপুলি ৰোপণৰ দৰে মহান কৰ্মৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ আহবান জনায় ৷ লগতে দেশৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এন চি চিৰ একতা আৰু অনুশাসনৰ প্ৰতি নিজক অৰ্পণেৰে ভাল গুণ সমূহ অবিৰতভাৱে কৰ্মৰত চেষ্টা অব্যাহত ৰাখি নিজৰ লগতে সমাজৰ আৰু দেশৰ নতুন প্ৰজন্মলৈ প্ৰতিভাৰ গুণ সমূহ বিলাই দিবলৈও আহবান জনায় ৷ বিশিষ্ট লেখক , সমালোচক দীপক শইকীয়াই আঁত ধৰা অনুষ্ঠানত জিলা বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নৱ কুমাৰ গাম আৰু বৰ এলেঙি সত্ৰৰ অধিকাৰ পুতুল মহন্তই কেডেট সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে যোৰহাট জিলা মুখ্য নিৰ্দেশক  গ্ৰুপ কামাণ্ডাৰ ব্ৰিগেদীয়াৰ অজিত কুমাৰ বৰাৰ উদ্যোগৰ শলাগ লয় ৷ অনুষ্ঠানত উপস্থিত সকলোকে উদ্যোক্তা সকলৰ তৰফৰ পৰা মাস্ক, চেনিটাইজাৰ আৰু উপহাৰ প্ৰদান কৰে ৷ তাৰ পিছতে মহাবিদ্যালয়ৰ চৌহদত বিশিষ্ট ব্যক্তি সকলে গছপুলি ৰোপণ কৰে ৷

বিমান বন্দৰৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ দলৰ তীব্ৰ-প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি দেশৰ কেইবাটাও লাভজনক বিমান বন্দৰক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ বিৰোধীতা কৰিছে অসম জাতীয় পৰিষদ দলে। কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠিত বি জে পি চৰকাৰে পুঁজিপাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিগত সময়ছোৱাত অতি নিৰ্লজ্জভাবে সমগ্ৰ দেশখনৰ সমান্তৰালকৈ অসমতো এটাৰ পাছত আন এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ দলে। অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক গুৰুতৰ অভিযোগ তুলি কয় যে, ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো শেহতীয়া ভাৱে প্ৰায় ১৩৮৩ কৌটি টকা ব্যয় সাপেক্ষে আন্ত: গাঁথনিৰ ব্যাপক উন্নয়ন কৰাৰ পাছতো বৰঝাৰ বিমান বন্দৰটো আদানি গ্ৰুপক ৫০ বছৰৰ বাবে গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। কিন্ত ইয়াৰ পিছতো জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে ক্ষমতাৰ শাসনত অধিষ্ঠিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বিকাৰ ভুমিকা গ্ৰহন কৰাটো স্বাভাৱিকতে লজ্জাজনক। উল্লেখ্যনীয় যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো ব্যক্তিগতকৰণক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদ দলৰ লগতে ভাতৃ-ভগ্নী সংগঠণ মহিলা শক্তি, যুৱ শক্তি আৰু জাতীয় শ্ৰমিক শক্তিয়ে বৰঝাৰ বিমান বন্দৰ চৌহদত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয়  উপ-সভাপতি দুলু আহমেদ অংশ গ্ৰহন কৰি বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণক কেন্দ্ৰ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক কঠোৰভাষাৰে সমালোচনা কৰি বৰঝাৰ বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ হঠকাৰী সিদ্ধান্ত তৎকালে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সমিতিকে ধৰি অসম জাতীয় পৰিষদ দলৰ বিভিন্ন জিলা পৰিষদৰ নেতা-কৰ্মী সকলে অংশ গ্ৰহন কৰি আদানি-আম্বানিৰ মতে দেশ নচলিব, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱালমুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বণিক গোষ্ঠীৰ দপদপনি নচলিব, আদানি গ্ৰুপ হুচিয়াৰ, ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰক আদি প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ এয়াৰৰ্পট অথৰিটী এম্প’য়িজ ইউনিয়নৰ নেতা  পবিত্ৰ দাসেও ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ হাতত বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি দুলু আহমেদ, সাংগঠণিক সম্পাদক মহেশ শৰ্মা, মুখপাত্ৰ অভিজীৎ কমল, যুটীয়া সম্পাদক প্ৰিঞ্চ ফাইজুৰ হককেধৰি অসম জাতীয় পৰিষদ দলৰ বহু নেতাই ভাগ লৈ চৰকাৰৰ বিৰুদ্ধে অনাগত সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি এয়াৰপৰ্টৰ শ্ৰমিক-কৰ্মচাৰীক একগোট হৈ থাকিবলৈ আহ্বান জনায়।

মহুৰামুখৰ বৰটিকাত কৃষি পথাৰ বৈদ্যুতিকৰণ আচঁনিৰ শুভ উদ্বোধন

বোকাখাত মহকুমাৰ অন্তৰ্গত মহুৰামুখৰ  বৰটিকাত মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱন্টিত বৰটিকা কৃষি পথাৰ সেউজ কৰণাৰ্থে “ কৃষি পথাৰ বৈদ্যুতিকৰণ” আচঁনিৰ শুভ উদ্বোধন কৰে কমাৰগাঁও ৰাজ্যিক বিদ্যুত উপ সংমণ্ডলৰ ভাৰ প্ৰাপ্ত বিষয়া নিবেদিতা মাহাতুৱে৷১৪,৫৬,৮৮৭.০০ টকা ব্যয়েৰে দুই কিলোমিটাৰ দৈঘ্যৰে ১০০ কে ভিৰ উক্ত আচঁনি খনে গাওঁখনৰ বহুকেইটা পৰিয়ালক উপকৃত কৰিব বুলি জনায়৷উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা প্ৰাক্তন এম এম কেৰ সভাপতি প্ৰেম কুমাৰ দলে,গোলাঘাট জিলা প্ৰাক্তন টি এম পি কেৰ সভাপতি সুৰেশ বৰি,মিছিৎ ছাত্ৰ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰশান্ত লইং, অভযন্তা ঋতুপৰ্ণ কোঁৱৰ,গণশক্তি অসমৰ বোকাখাত ব্লক সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ মৰাঙে৷সমাজ সেৱক তথা গোলাঘাট ট্ৰাইবেল সংঘৰ সভাপতি হেমন্ত মৰাংৰ আপ্ৰাণ প্ৰচেষ্টাত উক্ত আচঁনিটো বৰটিকাৰ কৃষি পথাৰত প্ৰদান কৰে মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ ২৮ নং ধনশ্ৰী দিচৈৰ সদস্য সুধীৰ চন্দ্ৰ মৰাঙে ৷

উত্তৰাখণ্ডৰ হিম স্খলনৰ ঘটনাত সন্ধানহীন ১৫০জন লােকৰ ১২জন লােকক উদ্ধাৰ

উত্তৰাখণ্ডৰ হিম স্খলনৰ ফলত হঠাৎ হােৱা বানত ৰেইনী, বিৰাজী, আলকাপুৰী আৰু চিনাকা গাঁৱৰ পৰা কালি ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ডেৰাডুনৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰিছে। অঞ্চলটোত হােৱা বানৰ পাছত ১৫০জন লােক সন্ধানহীন হৈ আছিল আৰু ইয়াৰে ১২জন লােকক উদ্ধাৰ কৰা হৈছে।

প্রধানমন্ত্রী মোদীয়ে কালি উত্তৰাখণ্ডৰ হিম স্খলনৰ পাছৰ পৰিস্থিতি পর্যালােচনা কৰি‌ সমগ্র দেশ উত্তৰাখণ্ডৰ সৈতে আছে বুলি আশ্বাস প্রদান কৰে। প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱট আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতে।

গৃহমন্ত্রী অমিত স্বাহে ৰাজ্যখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে‌ আৰু ৰাজ্যখনলৈ সকলােধৰণৰ সহায় সহযােগিতা আগবঢ়াব বুলিও প্রকাশ কৰে। শ্বাহে লগতে কয় যে, তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱতৰ সৈতে কথা পাতিছে আৰু সংশ্লিষ্ট বিষয়াসকলে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আছে ।

নতুন কৃষি আইন সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন কৃষি আইনকেইখনে দেশৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ উন্নয়ন সাধন কৰিব।

তেওঁ লগতে কয়, এই নতুন কৃষি আইনকেইখনৰ জৰিয়তে দেশৰ ১২ কোটিতকৈয়ো অধিক ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ আকাংক্ষাসমূহৰ পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান

দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে।