Breaking

চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিৰ মৃত্যু, নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তপ্ত পৰিস্থিতি

0 2,029

এগৰাকী প্ৰসূতি মাতৃৰ  মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।ৰোগীৰ আত্মীয় আৰু আন একাংশ লোক উত্তেজিত হৈ পৰি নাৰ্ছিহোম খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী আহিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া হয় ৷ জানিব পৰা মতে, নগাঁও জিলাৰ জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাই দুদিন পূৰ্বে এটি সন্তান প্ৰসৱ কৰিছিল।প্ৰসৱৰ ‌পাছতেই মহিলা গৰাকী অসুস্থ হৈ পৰাত দুদিন পূৰ্বে তেঁওক নগাঁও চহৰৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰসূতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। তাৰ পাছতো তেওঁ সুস্থ হৈ নুঠাত পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ বিচাৰে যদিও নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰোগীৰ আত্মীয়ক “ইয়াতে ভাল হ’ব” বুলি আশ্বাস দি নাৰ্ছিং হোমৰ ভেন্টিলেটৰতহে ৰাখি থয় বুলি ৰোগীৰ আত্মীয়ই অভিযোগ কৰে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজি প্ৰসূতি মাতৃ গৰাকীৰ মৃত্যু হয়। ইয়াৰ লগে লগেই প্ৰসূতি গৰাকীৰ আত্মীয় জাঙুৰ খাই উঠে। প্ৰসূতি মাতৃ গৰাকী ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতি আৰু নাৰ্ছিং হ’ম কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷  মহিলা গৰাকীৰ পৰিয়ালে লগতে অভিযোগ উত্থাপন কৰি কয় যে, একমাত্ৰ ধনৰ লালসাতে জিডি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিত ভাবে নগাঁৱত ৰখাৰ লগতে ভুল চিকিৎসা কৰিছিল। লগতে তেওঁ লোকে মহিলা গৰাকীৰ মৃত্যুৰ সন্দৰ্ভত এক তদন্তৰো  দাবী তোলে ৷ ইফালে, প্ৰসূতি গৰাকীৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ সন্দৰ্ভত নাৰ্ছিংহোম খনৰ এজন কৰ্মচাৰীয়ে অবাঞ্চিত মন্তব্য কৰাত ক্ষোভিত হৈ পৰে মহিলা গৰাকীৰ আত্মীয় সকল আৰু অন্য লোকসকল ৷

Leave A Reply