টংলা, ১৪ নবেম্বৰ : শনিবাৰে কলাইগাঁৱত অবস্থিত ওদালগুৰি জিলা গন সুৰক্ষা পাৰ্টিৰ অস্থায়ী কাৰ্য্যালয়ত ওদালগুৰি জিলা গন সুৰক্ষা পাৰ্টিৰ সভাপতি যাদৱ শইকীয়া আৰু ওদালগুৰি জিলা গন সুৰক্ষা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা মুদৈবড়ী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্র ডেকাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ওদালগুৰি জিলা গন সুৰক্ষা পাৰ্টিৰ সভাপতি যাদৱ শইকীয়াই কয় যে, আমি ইতিমধ্যে কিছু সুত্রৰ পৰা জানিবলৈ পাইছে যে আমি অন্য দলৰ পৰা কিছু টকা পইচাৰ বিনিময়ত বিটিচি নিৰ্বাচনত বহি গৈছো এনে ধৰণৰ এটা অপ প্ৰচাৰ চলিছে। আচলতে বিটিচি অঞ্চলত আগন্তুক বিটিচি নিৰ্বাচনক লৈ গন সুৰক্ষা পাৰ্টিৰ ভাবমূর্তি দেখি বাকীবোৰ ৰাজনৈতিক দল সংকিত হৈছে। যাৰ ফলত তেওঁলোকে যিকোনো কথা কবলৈ আৰম্ভ কৰিছে। আমাৰ দল এটা নীতি আদৰ্শ থকা দল, এনেকুৱা নহয় যে আমি কাৰোবাৰ পৰা টকালৈ বহি যাম। আনফালে ওদালগুৰি জিলা গন সুৰক্ষা পাৰ্টিৰ সম্পাদক তথা মুদৈবড়ী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্র ডেকাই কয় যে, মই প্ৰায় ১ মাহ সময় অসুস্থ হৈ থকাৰ বাবে সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘুৰি ফুৰিব পৰা নাছিলো কিন্তু মই নিৰ্বাচনত বহি যোৱা নাই। মই অসুস্থ হৈ থকাৰ সুযোগ লৈ কিছু দলৰ লোকে উলিয়াই দিছে যে মই আন দলৰ পৰা টকা লৈছো সেয়া কেতিয়াও নহয় আৰু হব নোৱাৰে। সেই কথা সমানে কতাৰ লগে লগে আকৌ আজিৰ পৰা ৩-৪ দিন ধৰি আকৌ মোৰ নামত ধন লোৱাৰ এক অপপ্রচাৰ আৰম্ভ কৰিছে, সেয়া কেতিয়াও হোৱা নাই আৰু নহয়। কোনো কাৰণতে আমি কোনো ৰাজনৈতিক দলৰ পৰা টকা লোৱা নাই। আমি বিটিচিৰ ৰাইজৰ বাবে ৰাইজৰ চিন্তাত ওলাই আহিছো কেৱল নিজৰ চিন্তাত ওলাই অহা নাই সেয়া আমাৰ স্পষ্ট কথা। বৰ্তমানলৈকে আমি ব্ৰহ্মপুত্ৰ নদীৰ তলৰ সোঁতৰ দৰে আগবাঢ়ি গৈ আছো। বৰ্তমানলৈকে আমি বাইকৰেলী কৰা নাই, গন সমাবেশ অনুষ্ঠিত কৰা নাই আৰু পদযাত্রা কৰা নাই কিন্তু সেই খিনিও আমি অতি শিঘ্রেই কৰিম। ডেকাই কয় যে হাতী এটা ৰাষ্টাৰ কাষেৰে গলে কুকুৰে ভুকে কিন্তু কামুৰিব নোৱাৰে বুলি তাৎপর্যপূর্ণ মন্তব্য প্ৰকাশ কৰাৰ লগতে বিটিচিত ৩০ খন আৰু ইয়াৰ ভিতৰত ওদালগুৰি জিলাৰ ৬ খন আসন পাই এইবাৰ বিটিচিত গন সুৰক্ষা পাৰ্টিৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি জানিবলৈ দিয়ে।
আজি শিশু দিৱস : নাজিৰা, শিমলুগুৰি আৰু গেলেকীত নেহৰুক স্মৰণ
গেলেকী, ১৪নৱেম্বৰঃ আজি শিশু দিৱস । সমগ্ৰ দেশ, ৰাজ্য তথা নাজিৰাতো নেহৰুক স্মৰণ । ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে পালন কৰি আহিছে শিশু দিৱস হিচাপে । পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল । সেয়েহে তেওঁৰ ওপজা দিনটোক শিশু দিৱস হিচাপে উদযাপন কৰা হয় । সম্প্ৰতি নাজিৰা, নামতি, শিমলুগুৰি আৰু গেলেকীৰ বিভিন্ন ৰাজহুৱা প্ৰেক্ষাগৃহত আজি শিশু সকলক লৈ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা দেখা গৈছে । য’ত সমাজকৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী, শিল্পী, সাংবাদিক আৰু স্থানীয় ৰাইজ সকলে ভাগ লয় । জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত । ওপজা দিনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । দেশৰ আন প্ৰান্তৰ লগতে অসমতো শিশু দিৱসত স্মৰণ কৰা হৈছে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীক । দেশজুৰি জৱাহৰলাল নেহৰুক স্মৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
নামতি, শিমলুগুৰি আৰু শিৱসাগৰত পৰাগ ভূঞালৈ সাংবাদিক মহলৰ শ্ৰদ্ধাঞ্জলী
গেলেকী, ১৪নৱেম্বৰঃ বিশ্ব, দেশ তথা ৰাজ্যতো নিতৌ বৃদ্ধি পাব ধৰিছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । অপৰাধ ৰোধ কৰাত ব্যৰ্থ দুৰ্নীতি নিবাৰণ শাখা, চৰকাৰ প্ৰশাসন । সম্প্ৰতি ৰাজ্যত সংবাদ-মাধ্যম আৰু সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হ’ব ধৰিছে । আজিও ন্যায় নাপালে সত্যনিষ্ঠ সাংবাদিক পৰাগ দাসে । চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ হেমাহিৰ বাবে সাংবাদিক পৰাগ দাসৰ হত্যাকাৰী আজিও মুকলি আকাশৰ তলত । সেই কলা অধ্যায় এতিয়াও ম্লান পৰা নাই । ৰহস্যজনক ভাৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞা লৈ নামতি, শিমলুগুৰি আৰু শিৱসাগৰ নগৰৰ সাংবাদিকসকলে একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ নামতি প্ৰেছ গীল্ডৰ উদ্যোগত সাংবাদিক পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্ত আৰু সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তা দাবীত নামতি চাৰি আলিত মৌন সমদল, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শিমলুগুৰিত সাংবাদিক পৰাগ ভূঞাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শিৱসাগৰ নগৰৰ দ’লমুখ চাৰি আলিত ডাঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে উপস্থিত সাংবাদিকসকলে । এই ৰহস্যজনক দুৰ্ঘটনাৰ উচিত তদন্ত দাবীৰে মৃত্যুৰ কাৰণ নিশ্চিত কৰি হত্যাকাণ্ড বুলি প্ৰমাণিত হ’লে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় সংবাদিকসকলে । আনহাতে সাংবাদিকৰ ওপৰত চলি অহা নিৰ্যাতন, অত্যাচাৰ বন্ধ কৰা আৰু এনে সংকটৰ সময়ত সকলো সাংবাদিকক একত্ৰিত হৈ এনে অশুভ শক্তিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায় শিৱসাগৰ জিলা সাংবাদিক মহলে ।
ইটাখোলা থানা স্থাপনৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল
ইটাখোলা ১৩ নবেম্বৰঃ বিশ্বনাথ জিলাৰ নদুৱাৰ অঞ্চলৰ ইটাখোলা কেন্দ্ৰত এখন পূৰ্নাংগ আৰক্ষী চকী স্থাপনৰ কথা ঘোষনা অসাৰ প্ৰতিপন্ন হল বুলি ইটাখোলা অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে। অঞ্চলটোৰ লাখৰো অধিক জনসাধাৰণৰ জীৱণ আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত ইটাখোলাত এখন আৰক্ষী চকী স্থাপনৰ বাবে অঞ্চলটোৰ ৰাইজ তথা আটছা, আছু, যুৱছাত্ৰ পৰিষদ আৰু আছা আদিকে ধৰি বিভিন্ন দল সংগঠনে দীৰ্ঘদিনে দাবী জনায় আহিছে। উল্লেখ্য যে চতিয়া সমষ্টিৰ অন্তৰ্গত অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত তথা অসম অৰুনাচল প্ৰদেশ সীমান্তৱৰ্তীৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰা চিজুছা, বালিজুৰি, জয়সিদ্ধি, মনাই, খেৰবাৰী, ইটাখোলা, নগদা, বালিডোঙা, টেঙাবস্তী আদি শতাধিক গাঁও সামৰি ইটাখোলা কেন্দ্ৰত এখন আৰক্ষী থানা স্থাপনৰ বাবে স্বাধীনোত্তৰ কালৰ পৰাই ৰাইজে দাবী উত্থাপন কৰি আহিছে। প্ৰায় একলাখ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক তথা চাহ জনগোষ্ঠী, বিহাৰী, বেংগলী, বড়ো, কছাৰী, ৰাভা, মিচিং, গোৰ্খা, ইছলাম আৰু ভাষিক অসমীয়া লোকেৰে পৰিপূৰ্ণ বৃহৎৰ অঞ্চলটোত নিতৌ নানা ধৰণৰ কূটাঘাতমূলক কাৰ্য সংগঠিত হোৱাৰ উপৰিও চুৰি-ডকাইতি, হত্যা-হিংসা আদিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য সংগঠিত হৈ আহিছে। অপৰাধীৰ ৰম্যভুমি হিচাপে পৰিচিত বৃহৎৰ অঞ্চলটোৰ জনসাধাৰণৰ জীৱণ আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত ইটাখোলাৰ আৰক্ষী উপ চকীটোও কেৱল ঢাল তৰুৱাল বিহীন নিধিৰাম চৰ্দাৰ হৈ প্ৰায় ২৫ বৰ্গ কিলোমিটাৰ বৃহৎ এলেকাজোৰা অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই আৰক্ষী নিৰিক্ষণ চকীটো পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে বৃহৎৰ নদুৱাৰ অঞ্চলৰ সচেতন নাগৰিক মহলে। প্ৰনিধান যোগ্য যে অঞ্চলটোৰ মূল থানাখন চতিয়াত থকা বাবেই চিজুছা, বালিজুৰি, জয়সিদ্ধিকে ধৰি অৰুনাচল সীমান্তৰ গাঁও সমুহত সংগঠিত যিকোনো অপৰাধমূলক কাৰ্যকলাপৰ ক্ষেত্ৰত চতিয়াৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আৰক্ষীৰ লোকসকল গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা অথবা ঘটনাৰ তদন্ত কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হয়। আনহাতে আৰক্ষীৰ দূৰ্বলতা তথা নিস্ক্ৰীয়তাৰ সুযোগ গ্ৰহণ কৰিয়েই বৃহতৰ ইটাখোলা অঞ্চলটো সম্প্ৰতি অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিনত হোৱাৰ লগতে বিভিন্ন ধৰণৰ চোৰাং সামগ্ৰী আমদানি-ৰপ্তানি কৰাত উপযুক্ত এলেকাত পৰিনত হৈছে। উল্লেখযোগ্য যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনত শেষৰটো কাৰ্যকালত মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটচ একশ্যন কাউঞ্চিলৰ এটি সজাতি দলে সেই সময়ৰ গৃহবিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী তৰুন গগৈক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ যোগে ইটাখোলাত এটি পূৰ্ণাংগ আৰক্ষী থানা স্থাপনৰ দাবী জনোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে ছমাহৰ ভিতৰত ইটাখোলাত থানা স্থাপন কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু পৰৱৰ্তী দিনত চৰকাৰী পক্ষৰ দ্বাৰা স্থান নিৰ্ণয় আৰু প্ৰয়োজনীয় ভূমি আৱন্টন কৰিবলৈকো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰিছিল আৰু পিছত ভূমিও আবণ্টনো হৈছিল যদিও আজি পৰ্যন্ত বৃহৎৰ ইটাখোলা কেন্দ্ৰত আৰক্ষী থানা স্থাপন নহ’ল।
নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত মাটিৰ চাকি বিতৰণ
নগাঁও,১৩ নৱেম্বৰ : ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আৰু নগাঁও সদৰ মণ্ডল তথা হয়বৰগাঁও মণ্ডলৰ সহযোগত আজি দীপাৱলী উপলক্ষে নগাঁও চহৰত থলুৱা মৃৎ শিল্পী সকলে তৈয়াৰ কৰা মাটিৰ চাকি বিতৰণ কৰা হয়। সংগঠনটোৰ সদস্য সকলে নগাঁও চহৰৰ ঢাকাপট্টি তথা বৰবজাৰত এই মাটিৰ চাকি বিতৰণ কৰে।আত্মনিৰ্ভৰশীল অসম তথা আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্যৰে থলুৱা শিল্পী সকলে নিৰ্মাণ কৰা মাটিৰ চাকি বিতৰণ কৰে বুলি সংগঠনটোৰ সদস্য সকলে কয়। চীনা সামগ্ৰীয়ে বজাৰ চানি ধৰাৰ সময়ত ইয়াক বাধা দিয়াৰ উদ্দেশ্যৰে তেওঁলোকে এই মাটিৰ চাকি বিতৰণ কৰে। অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্য্যনিৰ্বাহক সদস্য নৱাৰুণ বুঢ়াগোঁহাই আৰু টুমন চৰকাৰ প্ৰমুখ্যে যুৱ মন্ডলৰ সদস্য সকল উপস্থিত থাকে।
জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান ধুলা আৰক্ষীৰ : ছয় জুৱাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ
খাৰুপেটিয়া, ১৩ নৱেম্বৰ : দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাত দীৰ্ঘদিন ধৰি চলি থকা জুৱাৰ বিৰুদ্ধে ধূলা আৰক্ষীয়ে চলাই অভিযান। জুৱাখেলৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰা আৰু উপ পৰিদৰ্শক ছাব্বিৰ আলী সহ ধূলা আৰক্ষীৰ এটি সজাতি দলে আকস্মিক ভাবে এক অভিযান চলায়। অভিযানত থানা খনৰ অন্তৰ্গত যোগিপাৰা গাঁৱত পূৰ্বৰ পৰাই চলি থকা অবৈধ যোৱা খেলৰ পৰা তিনি হাজাৰ টকা সহ ৬ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক কেইজন মজিদ আলী, শ্বাহেদ আলী, নাজিকুল ইছলাম, আনাৰ আলী, ছমিৰ আলী আৰু মেহবোৱ আলম বুলি জানিব পৰা গৈছে। আটকাধিন লোক কেইজনৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত ৪৯৫/২০২০ নম্বৰত 13/14 assam games and betting act 1970 ধাৰাত এক গোচৰ ৰুজু কৰি মঙলদৈ পৰা জেল হাজোতলৈ প্ৰেৰণ কৰে।
গোলাঘাট জিলাৰ ২,০৪,৫৩০ ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম আৰম্ভ
বোকাখাত, ১৩ নৱেম্বৰঃ গোলাঘাট জিলাৰ ২,০৪,৫৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতিৰ কাম যোৱা ১২ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ১,৬২,৩৬৫ গৰাকী আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪২,১৬৫ গৰাকী ছাত্ৰ ছাত্ৰীক এই অভিযানত সামৰি লোৱা হৈছে। বৰ্তমান জিলাখনত কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে ন-টাকৈ বিশেষ আধাৰকেন্দ্ৰ মুকলি কৰা হৈছে। এই তথ্য জানিবলৈ দিলে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই। আজি গোলাঘাট পশ্চিম শিক্ষাখণ্ড, বোকাখাতৰ সভাকক্ষত আয়োজিত ছাত্ৰ ছাত্ৰীৰ আধাৰকাৰ্ড প্ৰস্তুতৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ লগতে জিলাখনৰ প্ৰায় ১২ লাখ ৩০ হাজাৰ নাগৰিকৰে ইতিমধ্যে ৪,৮০,৫০০ জনৰ আধাৰ কাৰ্ড প্ৰস্তুত হৈ গৈছে। বৰ্তমানলৈকে ৮৭ টা কেন্দ্ৰত আধাৰ কাৰ্ডৰ কাম চলি আছে যদিও পুনৰ ১০৭ টা কেন্দ্ৰত সেই কাম আৰম্ভ কৰি প্ৰস্তুতৰ কাম তৰান্বিত কৰা হ’ব। জিলা আঁচনি বিষয়া মেঘনা বুঢ়াগোহাঁঞিয়ে আঁত ধৰা সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা আৰু জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ তদাৰকী দায়িত্বত থকা চক্ৰ বিষয়া মানসজ্যোতি নাথে শিক্ষক, অভিভাৱক, বিষয়া-কৰ্মচাৰী সকলোৰে সহযোগিতা বিচাৰে। জিলা প্ৰাথমিক শিক্ষা বিষয়া লাহজা জুৰাম গোচায়ে শলাগ জ্ঞাপন কৰে।
কাকজানত বৃহৎ প্ৰতিবাদী সমদল : কৃষক-শ্ৰমিক আৰু মহিলা সকলৰ মহাগর্জন সভা
কাকজান,১৩ নৱেম্বৰ : আজি যোৰহাট জিলা কাকজানত মাইক্ৰফাইনেন্স বন্ধ কৰক আৰু আমাৰ ৰক্ষা কৰক নহ’লে আমাক মাৰি পেলাওঁক , “কা” বাতিল কৰক, ভূমি আধ্যাদেশ আইন ২০২০ – বাতিল কৰক, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লগতে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত প্ৰায় সহস্ৰাধিক মহিলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজানৰ পৰা লাহদৈগড় লৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে । প্ৰতিবাদী সমদলত অঞ্চলটোৰ সহস্ৰাধিক মহিলাই অংশ লোৱাৰ পাছত কাকজান কৃষ্টি কেন্দ্ৰত এক মহাগর্জন সভা অনুষ্ঠিত হয় । সদৌ অসম চাহ জনগোষ্ঠীৰ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা লক্ষ্মণ চাওঁৰাই আঁত ধৰা সভাখনিত বীৰ লাচিত সেনা সিদ্ধাৰ্থ বৰুৱা, পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন,মুক্তি নাৰী ঐক্য মঞ্চৰ সম্পাদিকা হীৰণ্য বৰুৱা, চেলেংহাট আঞ্চলিক কৃষক মুক্তিৰ নিভা বৰুৱা, মুক্তি কামী নাৰী ঐক্য মঞ্চৰ উপদেষ্টা জিতু বৰুৱা, সংগ্ৰামী প্ৰগতিশীল নাৰী সন্থা হীৰাৰাণী চেতিয়া প্ৰমুখ্যে সহস্ৰাধিক মহিলা উপস্থিত থকা সভাখনিত বৰ্তমান সময়ত মাইক্ৰফাইনেন্সৰ প্ৰভাৱত অসমত ঘটি থকা আত্মহত্যা দৰে ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰীভাৱে বন্ধ কৰাৰ দাবী জনায় । সভাত অসমৰ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰীক মাইক্ৰফাইনেন্স বিহীত ব্যৱস্থা লবলৈ বক্তা সকলে দাবী জনায় ।
আজিও মুকলি নহ’ল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা : ম্যিথাচাৰত পৰিনত হল মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘোষনা ৷ ধাৰাবাহিক প্ৰতিবাদত উত্তাল মাৰ্ঘেৰিটা
তিনিচুকীয়া, ১৩ নৱেম্বৰঃ নগাঁও আৰু কাচাৰৰ কাগজ কলৰ পিছতেই এতিয়া মৃত্যুঘণ্টা বাজিছে অসমৰ অন্যতম লাভজনক কয়লা উদ্যোগ উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দেশত এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগত বাজিছে মৃত্যু ঘণ্টা৷ এপদ এপদকৈ দেশৰ লাভজনক উদ্যোগসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰি দেখোৱাইছে চৰম ম্যিথাচাৰ ৷ পৰিবৰ্তনৰ শ্লগানৰে অসমত শাসনলৈ অহা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনেও উদ্যোগীকৰনৰ ক্ষেত্ৰত একো এটা কৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ পৰিবৰ্তে বিজেপি চৰকাৰৰ চলিত ৫ বছৰীয়া কাৰ্যকালত বহুকেইটা লাভজনক উদ্যোগত তলা লগা হে দেখিবলৈ পোৱা গল৷ ইয়াৰ এক অন্যতম উদ্যোগ হল তিনিচুকীয়া জিলা স্থিত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদিচ্ছাৰ অভাৱত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাত এতিয়া বাজিছে মৃত্যুঘণ্টা৷ অসমৰ অৰ্থনীতিৰ অন্যতম প্ৰানকেন্দ্ৰ এই কয়লা ভিত্তীক উদ্যোগটো সৱলীকৰনৰ পৰিবৰ্তে বিগত সময়ত চোৰাং কয়লা ব্যৱসায়তে হাত উজান দিয়া পৰিলক্ষিত হল৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদিচ্ছাৰ অভাৱ আৰু স্থানীয় জনপ্ৰতিনিধি ভাস্কৰ শৰ্মাৰ চূড়ান্ত অকমন্যতাৰ বাবে আজি ১৩৫ বছৰীয়া উদ্যোগটোত বাজিছে মৃত্যু ঘণ্টা৷ মন কৰবলগীয়া যে, যোৱা ছেপ্তেম্বৰ মাহত মাৰ্ঘেৰিটাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে অক্টোবৰ মাহতেই উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ দুৱাৰ মুকলি হব বুলি সদম্ভে ঘোষনা কৰিছিল৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সতে এক আলোচনাত মিলিত হোৱাৰ পিছতেই এইদৰে মাৰ্ঘেৰিটাত এই আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানে সেয়া ফুটুকাৰ ফেনত পৰিনত হৈছে৷ বিভাগীয় এক সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলিৰ সন্দৰ্ভত চৰকাৰে এই পৰ্যন্ত যাৱতীয় কোনো কাম কাজ আৰম্ভ কৰা নাই৷ প্ৰথম পৰ্যায়ত টিৰাপ কল ফিল্ড মুকলিৰ কথা আছিল যদিও বন বিভাগৰ তৰফৰ পৰা এতিয়ালৈকে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘৰিটাই কোনো ধৰনৰ অনুমোদন লাভ কৰা নাই৷ গতিকে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মুকলি হোৱাৰ সন্দৰ্ভত এই মূহূৰ্তলৈকে কোনো সম্ভাৱনা নাই৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যদি বিষয়টো গুৰুত্ব দিয়ে তেনেহলে হয়তু উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলি হোৱাৰ আশা আছে, অন্যথা বৃত্ৰিছৰ যুগৰ ঐতিহাসিক উদ্যোগটো চিৰদিনৰ বাবে যে বন্ধ হৈ যাব সেয়া খাটাং৷ যদি উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ বন্ধ হয় কেনেহলে এয়া হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা৷ আনফালে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা মুকলিৰ দাবীত ধাৰাবাহিক আন্দোলনত উত্তাল হৈছে মাৰ্ঘেৰিটা৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডুত ৰূপায়িত কৰা হয় এক প্ৰতিবাদী সমদল কাৰ্যসূচী৷ পৰিষদৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে বাতে বেনাৰ, ফেষ্টুন লৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কয়লা উদ্যোগ শীঘ্ৰে মুকলি কৰক, ৰামেশ্বৰ তেলীৰ কাম নাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কয়লা উদ্যোগটো যোৱা ৩ জুনৰ পৰা বন্ধ হৈ পৰাৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ পুনৰ মুকলি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। অতিশিঘ্ৰে উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি নকৰিলে যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে, দিহিং পাটকাই বনাঞ্চলৰ প্ৰস্তাবিত চালেকি বনাঞ্চলত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাই কয়লাৰ খনন চলাবলৈ যো যা কৰাৰ সময়তে দল- সংগঠন, প্ৰকৃতিপ্ৰেমী অনুষ্ঠান তথা ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হবলগীয়া হৈছিল৷ আবশ্যে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কতৃপক্ষই ঐতিহাসিক উদ্যোগটো জীয়াই ৰাখিবলৈ হলে কয়লা খননৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে মুক্ত খননৰ যুক্তি দৰ্শাইছিল৷ কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ে ৯৮.৫ হেক্টৰ বনভূমিত কয়লাৰ মুক্ত খননৰ বাবে অনুমতি পৰ্যন্ত প্ৰদান কৰিছিল৷ কিন্তু জৈৱ বৈচিত্ৰ জীৱকুল ধ্বংস কৰি বনাঞ্চলত কোনোপধ্যেই কয়লাৰ মুক্ত খনন কৰিবলৈ দিয়া নহব বুলি দল সংগঠন, ৰাইজে আকোৰগোজ স্থিতি গ্ৰহন কৰাত বিবুধিত পৰিছিল উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কতৃপক্ষ৷ পৰবৰ্তী সময়ত চৰকাৰেও সলনি কৰিছিল সিদ্ধান্ত৷ ৰাজ্য চৰকাৰে দিহিং পাটকাই বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষনা কৰিছিল৷ ইয়াৰ মাজতে, যোৱা ৩ জুনত উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকে NEC/GM/2020/34-I নং পত্ৰ যোগে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ খনন আৰু যোগান অনিদিষ্ট কাললৈ সাময়িকভাবে স্তগিত কৰাৰ ঘোষনা কৰিছিল৷ ফলত ১৩৫ বছৰীয়া উদ্যোগটোৰ ভবিষ্যত অনিশ্চয়তাৰ দিশলৈ গতি কৰিছিল ৷
ৰাইজৰ দলৰ আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন
গেলেকী, ১৩নৱেম্বৰঃ ১০৩ নং আমগুৰি সমষ্টিৰ ৰাইজৰ দলৰ আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় । আমগুৰি নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত আমগুৰি সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ প্রায় ৩ শতাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত সভাপতিত্ব কৰে প্ৰবক্তা, শিৱসাগৰ জিলা আহ্বায়ক মণ্ডলীৰ ৰঞ্জিত তামূলীয়ে । সভাত বক্তব্য প্ৰদান কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক পদ্মকান্ত দাস, দেৱজিৎ দত্ত, অংকুৰ শইকীয়া আৰু শিৱসাগৰ জিলা আহ্বায়ক মণ্ডলীৰ ১৬ জন আহ্বায়কে । ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই আঁতধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা আহ্বায়ক সীমান্ত তামুলীয়ে । সভাত ৫৭ জনীয়া আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় । আমগুৰি সমষ্টিৰ আহ্বায়ক সমিতিয়ে অতি কম দিনৰ ভিতৰত প্ৰতিটো পঞ্চায়তত সমিতি, গাঁও সভা গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অনাগত দিনত ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, বিজেপি, আৰু অসম গণ পৰিষদ ৰাজনৈতিক দলক আমগুৰি সমষ্টিৰ পৰা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ শেষত শ’লাগৰ শৰাইত বক্তব্য প্ৰদান কৰে ৰাইজৰ দলৰ জিলা আহ্বায়ক মুজিদ আলিয়ে ।











