Home Blog Page 3134

নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ বিভিন্ন অঞ্চলত আজি বিধায়ক ৰূপক শৰ্মাই ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে।পৌৰসভাৰ মহলা সমূহত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি এচ অ পি ডি ৰ অধীনত নিৰ্মাণ হবলগীয়া  কেইবাটাও পথ আৰু সামাজিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।

উন্নয়ন মূলক আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিগত দিন সমূহত নগাঁও সদৰ সমষ্টিত বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যৎপৰোনস্তি চেষ্টা কৰি আহিছো।নগাঁও সমষ্টিটো এটি জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তুলিবৰ বাবে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি আহিছো।উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজিও নগাঁও পৌৰসভাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কেইবাটাও পথৰ  আধাৰশিলাৰ লগতে সামাজিক অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ আধাৰশিলা স্থাপনৰ কৰিছো ।আশাকৰিছো এই উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হব।

আজি  বিধায়ক পৌৰসভাৰ এলেকাৰ বিভিন্ন মহলাত আধাৰশিলা স্হাপন কৰা ১৪ টা আঁচনিৰ  পথ  আৰু সামাজিক অনুষ্ঠান সমূহ হৈছে২২ নং মহলাৰ বি বি পথ,৩নং মহলাৰ লাউখোৱা পথৰ উপপথ,২২নং মহলাৰ লক্ষী হাজৰিকা পথ,২২ নং মহলাৰ  গান্ধী নগৰ পথ,৬ নং মহলাৰ এল এন বি পথ,৬নং মহলাৰ এল এন বি পথৰ উপপথ,৬নং মহলাৰ নামঘৰ পথৰ উপপথ ১,৬নং মহলাৰ আৰ আৰ বি পথৰ উপপথ,৬ নং মহলাৰ ৰূপহী পথ,২০ নং মহলাৰ হোমিঅ’ কলেজৰ সমীপৰ গৰুবাট পথ,২০ নং মহলাৰ কালী মন্দিৰ ,২৬নং মহলাৰ মিলনপুৰ নামঘৰ পথ,২৬ নং মহলাৰ মিলনপুৰ উদ্যানৰ চাৰিসীমা ,বিনাপাণি নাট্য মন্দিৰৰ আন্ত:গাঠনি উন্নয়ন।আনহাতে বিধায়ক গৰাকীয়ে আজি পৌৰসভাৰ ২৬ নং মহলাৰ মিলনপুৰত এটা “ক্ষুদ্ৰ বায়ফ্লক” আঁচনিৰ আধাৰশিলাও স্থাপন কৰে।

অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা আঁচনিৰ অধীনত ৰূপায়ণ হবলগীয়া ক্ষুদ্ৰ বায়ফ্লক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত নগাঁও জিলা মীন উন্নয়ন বিষয়া ড: ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনো উপস্থিত থাকে।ইপিনে নগাঁও জিলাৰ বৃহত্তৰ দক্ষিণপাট অঞ্চলত ১৯৪৬ চনতে কেইগৰাকীমান সমাজহিতৈষী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে ২০২১ বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিলে। ৷

এই উপলক্ষে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ‌ উদ্ধোধনী অনুষ্ঠানত আজি সদৰ সমষ্টিৰ বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মা উপস্থিত থাকি পুৱা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে। বছৰযোৰা কাৰ্যসূচীৰে চলিবলগীয়া মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে বিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

বাক্সা জিলাত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা

 ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ লগতে বিজেপি দলেও চলাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ দলটোৱে তৃণমূল পৰ্যায়ত কৰ্মীসকলক লৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধান সভা সমষ্টিৰ মুছলপুৰত অনুষ্ঠিত হয় সমষ্টিভিত্তিক পৃষ্ঠাপ্ৰমুখ সন্মিলন। সন্মিলনত দলীয় স্থিতি সম্পৰ্কে বুজ লয় দলটোৰ অ’বিচি মৰ্চাৰ সভাপতি বিতোপন ৰাইদঙীয়াই । জিলা বিজেপিৰ উপসভাপতি ৰিদিপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সন্মিলনত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ মুখ্য পৃষ্ঠপোষক কুমুদ দাসে উদ্বোধনী ভাষণত কয় যে ভাৰতীয় জনতা পাৰ্টী এটা ভাৰতবৰ্ষৰ নহয়, বিশ্বৰে অন্যতম শক্তিশালী ৰাজনৈতিক দল ৷ এই দলত যোগদান কৰি নিজকে ধন্য কৰক ৷ উন্নয়নৰ গতি যদি তৰান্বিত কৰিব লাগে তেনেহলে ভাৰতীয় জনতা পাৰ্টিয়েহে কৰিব লাগিব ৷ উন্নয়নৰ স্বাৰ্থত চাপাগুৰি সমষ্টিত পৰিৱৰ্তন হ’ব বুলি দোহাৰি কংগ্ৰেছ দলৰ মহাজোঁটে উন্নয়ন নহয় বিনাশহে কৰিব বুলি কটাক্ষ কৰে । তদুপৰি তেওঁ এইবাৰ বিজেপি দলে এশ শতাংশই ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি কয় । দাসে লগতে আজি সন্মিলনত অংশগ্ৰহণ কৰা পৃষ্ঠা প্ৰমুখ সকলক সমষ্টিটোৰ প্ৰতিটো পৰিয়াললৈ গৈ খবৰ লবলৈও আহ্বান জনায়। জিলাখনৰ হাজাৰোধিক পৃষ্ঠা প্ৰমুখে অংশ লোৱা সন্মিলনত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ লগতে পংকজ দাস, তৰুণ বসুমতাৰী, ৰমেশ দাসকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে আজিৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনে চাপাগুৰি বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক এক নতুন মাত্ৰা প্ৰদান কৰে।###Attachments area

আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’ব লাগিব জুবিন গাৰ্গ

অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰীক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক । আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’ব লাগিব জুবিন ।

সোমবাৰে বিয়লি ৫বজাত পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, এক ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ তৰিছিল জুবিনৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে নিশিতা আৰু প্রস্তুতিৰ ভাষ্য গ্ৰহণ কৰিছিল আৰক্ষীয়ে।

বাজেটত আয়কৰ নিয়মৰ কিছু সালসলনি : ৫টা নতুন নিয়ম

এই সালসলনি ১ এপ্ৰিল ২০২১ৰ পৰা কাৰ্যকৰী হ’ব।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা বাজেটত আয়কৰৰ নিয়মৰ কিছু সালসলনি কৰা হৈছে।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত ২০২১–২২ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে।

সকলোৱে আশা কৰিছিল ক’ৰণা মহামাৰীৰ পৰৱৰ্তী সময়ত ব্যক্তিগত আয়কৰ গাঁঠনিৰ পৰিৱৰ্তন কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ চেষ্টা কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ।

৭৫ বছৰৰ ওপৰত যাৰ বয়স, সেই পেঞ্চনভোগীসকলে আয়কৰ ৰিটাৰ্ণ জমা দিব নালাগে। এই প্ৰবীণ নাগৰিকসকলক সুদৰ পৰা প্ৰাপ্ত আয়ো কৰমুক্ত কৰিছে বাজেটত। এই পৰিৱৰ্তনসমূহ ১ এপ্ৰিল ২০২১ৰ পৰা কাৰ্যকৰী কৰা হ’ব।

ITR ফাইল নকৰিলে দুগুণ TDS আইটিআৰ ফাইলিং বঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে TDSৰ কিছু নিয়মৰ পৰিৱৰ্তন কৰিছে। যিসকলে আইটিআৰ ফাইল নকৰে তেওঁলোকৰ বাবে এয়া আৰু কঠোৰ কৰা হৈছে।

ইয়াৰ বাবে চৰকাৰে আয়কৰ আইনে 206AB ধাৰা সংযুক্ত কৰিছে। নতুন আইন অনুসৰি, ITRৰ ফাইল নকৰিলে আপুনি ১ এপ্ৰিল ২০২১ৰ পৰা দুগুণ TDS দিব লাগিব। নতুন বিধি অনুসৰি, যিসকলে আয়কৰ ৰিটাৰ্ণ দাখিল নকৰে তেওঁলোকৰ ওপৰত কৰ সংগ্ৰহৰ উৎস বেছি হ’ব।

মিত্ৰজোঁটৰ চৰকাৰ হলে প্ৰতিখন জিলাতেই হব মেডিকেল কলেজ বিশ্ববিদ্যালয় : বিজেপিক উৎখাতৰ আহব্বান

হিমন্ত বিশ্ব শৰ্মাই বাৰু মঞ্চত কিয় নাচি থাকে? আপুনি ভবাৰ দৰে নিৰ্ৰংবাচনী প্ৰচাৰৰ বাবে নাচি থাকে নেকি মন্ত্ৰী হিমন্ত? আজমলৰ মতে- ৰাতিপুৱা ব্যায়াম কৰিবলৈ পাহৰিলে মঞ্চত নাচি হেনো শৰীৰ চৰ্চা কৰে মন্ত্ৰীজনে। এজন দায়িত্বশীল মন্ত্ৰীৰ এনে নাচোনে এইবাৰ কোনো কাম নিদিয়ে বুলি কটাক্ষ কৰি মন্ত্ৰীজনক বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ আহব্বান জনায়। আজি দৰং জিলাৰ দলগাঁৱত এ আই ইউ ডি এফৰ বিশাল জনসভাত মজিবুৰ ৰহমানৰ হৈ চলোৱা প্ৰচাৰ অভিযানত এইদৰে মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে । দলগাঁৱৰ জনসভাৰ পৰাই নিৰ্বাচনী ৰণশিঙা বজাই আজমলে বিজেপি মিত্রজোঁট চৰকাৰক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়।  তিনিমাহৰ পিছত আমাৰ মিত্ৰজোটৰ চৰকাৰ হব, আমি প্ৰত্যেক জিলাতে ইউনিভাৰছিটি আৰু চিকিৎসা মহাবিদ্যালয় দিয়াৰ আশ্বাস দিয়ে আজমলে ।ঢেকীয়াজুলিত আজি উপস্থিত প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰকটাক্ষ কৰি ভাষণ ৰাখে আজমলে । লগতে কয় যে হিমন্ত‌ই আমাৰ  হস্পিতাল , স্কুল কলেজ বন্ধ কৰিব বিচৰে । হিমন্ত‌ই এটা বন্ধ কৰিলে আমি দহটা খুলিম । দলগাঁৱত কংগ্ৰেছৰে গঠবন্ধন আছে যদিও মজিবুৰ ৰহমানকে বিজয়ী কৰাবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে। আজমলে সন্মুখৰ জনসমূদ্ৰক উদ্দেশ্য কৰি কয় যে, আপোনালোকৰ ৰায় মই মহাজোঁটক জনাম।যদি মহাজোঁট বন্ধনে আমাৰ দাবী নামানে ৰাইজৰ সমৰ্থনত মজিবুৰ ৰহমানক জয়ী কৰাবলৈ ৰাইজৰ পৰা প্ৰতিশ্ৰুতি লয় আজমলে। আজমলৰ এনে মন্তব্যই মহাজোঁটত যে মহাযঁট লগাব তাৰেই ইংগিত বহন কৰিছে। জনসভাত উপস্থিত এআই ইউ ডি এফ ৰ আন আন কেন্দ্রীয় নেতা ক্ৰমে আমিনুল ইছলাম, ৰফিকুল ইছলাম, মাহমুদুল হাছান, বছিৰ আহমেদ কাছিমি,বিধায়ক আমিনুল ইছলাম আদিয়েও বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ বিধায়ক ইলিয়াছ আলীক তীব্ৰ সমালোচনা কৰে। বিধায়ক হিচাপে ইলিয়াছ আলীয়ে কোনো দিনেই ৰাইজৰ কোনো সমস্যা লৈ বিধান সভাত মাত মতা নাই। আনকি বেছিমাৰীত পুলিচৰ গুলিত কৃষক মৃত্যু হোৱা ঘটনা বিষয়ে বিধান সভাত বিধায়ক আমিনুল ইছলামে উত্থাপন কৰাৰ সময়ত ইলিয়াছ আলীয়ে বিৰোধীতা কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। জনসভাত কোৱা ধৰনে বদৰুদ্দিন আজমলে যদি নিজৰ সিদ্ধান্তত অটল থাকে বিৰোধী মহাজোটৰ মাজত মহাযট লাগিব তাৰে ইংগিত দি গল আজমলে। আজমলৰ এনে মন্তব্যৰ পিছত মহাজোঁত কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হব।

থুকি তামোল আৰু গুচি পানেৰে বৰষাৰ ঘৰত টোপোলা পেলালে ভাস্কৰে

অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ বিয়ালৈ মাজত কেইটামান দিন।

আৰম্ভ হ’ল বিয়াৰ পৰম্পৰাগত নিয়ম ।

দেওবাৰে তামোল-পাণ পেলোৱা নিয়ম সম্পন্ন হ’য় উজানবজাৰস্থিত বৰষাৰাণীৰ ঘৰত ।

22 ফেব্ৰুৱাৰী ২০২১ত সম্পন্ন হ’ব বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিবাহ ।

নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত দুৰ্ঘটনা : নিহত স্কুটী আৰোহী

উদণ্ড ট্ৰাক চালকৰ অতপালিৰ বাবেই নগাঁৱৰ বিভিন্ন ঠাইত সঘনাই দুৰ্ঘটণা সংঘটিত হৈ আহিছে।তেনে এজন উদণ্ড ট্ৰাক চালকৰ চৰম মইমতালিৰ বাবেই আজি বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত এক শোকাবহ দুৰ্ঘটনা।য’ত এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ উপৰিও এগৰাকী কণমানি ছোৱালী আহত হয়।

জানিব পৰা মতে, নগাঁও-ধিং গড়কাপ্টানি পথৰে মাটি কঢ়িওৱা এ এছ এন ২৯১৭ নম্বৰৰ  এখন ট্ৰাকে ন’এন্ট্ৰিকো উপেক্ষা কৰি যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ সন্মুখেদিয়েই হুজ গাঁও দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি আছিল।ট্ৰাক খন আহি নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰ পাওঁতেই একে সময়তে হুজ গাঁৱৰ পৰা নগাঁও চহৰলৈ বুলি গৈ থকা এ এছ ০২ জেদ ৫৯৪৬ নম্বৰৰ  এখন স্কুটীক খুন্দা মাৰে। ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে  স্কুটী আৰোহী জনৰ মৃত্যু হয়।স্কুটী খনত দুই-তিনি বছৰীয়া এজনী কণমানি ছোৱালীও আছিল যদিও দৈব্যক্ৰমে তেওঁ ৰক্ষা পৰে ।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম ৰাজীৱ বৰা (২৮)। তেওঁৰ ঘৰ চহৰ খনৰ পাৰ্শ্বৱৰ্তী হুজগাঁৱত। এগৰাকী ট্ৰেফিক কণিষ্টবলৰ স্বামী বৰাই বিয়া কৰোৱা মাত্ৰ দুমাহহে হৈছিল।আহত শিশুটি তেওঁৰ আত্মীয়।ইপিনে,দুৰ্ঘটণাটো সংঘটিত কৰিয়েই ট্ৰাক খন পলায়নৰ চেষ্টা কৰে যদিও পাছত স্থানীয় লোকে জব্দ কৰে।

স্মৰ্তব্য যে,দুৰ্ঘটণাটোত নিহত বৰাৰ ৰক্তাক্ত মৃতদেহটো উৰণীয়া সেতুৰ ওপৰত স্কুটী খনৰ কাষতে পৰি থকাৰ সময়ত কণমানি ছোৱালী জনীয়ে মৃতদেহটো লিৰিকি বিদাৰি ফেকুৰি-ফেকুৰি কান্দি আছিল যদিও বহু পৰলৈকে কোনো পথচাৰীয়ে সহায়ৰ বাবে আগবাঢ়ি যোৱা নাছিল। আনকি একাংশ হৃদয়হীন লোকে বাহন চলাই কাষদিয়েই পাৰ হৈ হে যায়। অৱশ্যে পাছত আন একাংশ হৃদয়বান শিশু টিৰ ওচৰলৈ আগবাঢ়ি যায়।

উৎপল গোঁহাইৰ আকস্মিক মৃত্যুত মৰ্মাহত মটক ৰাজবংশ : অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

চাবুৱাৰ জেৰাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত মটক ৰাজবংশৰ অষ্টম বাৰ্ষিক অধিৱেশন আৰু বৰসবাহ অনুষ্ঠানৰ কালিৰ কাৰ্যসূচীৰ মাজতে এক অঘটন সংঘটিত হোৱাত  অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হয় । অধিৱেশনৰ এক সম্বৰ্দ্ধনা অনুষ্ঠানত সম্বৰ্ধনা লৈ মঞ্চৰ পৰা নমাৰ পিচতেই জেৰাই গাঁৱৰে সফল ব্যৱসায়ী উৎপল গোহাঁই (৫২)য়ে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰাত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । গোহাঁইৰ মৃত্যুত  মটক ৰাজবংশই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সভাথলীত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে আৰু অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা বুলি ঘোষণা কৰে । উল্লেখ্য যে উক্ত সম্বৰ্দ্ধনা কাৰ্যসূচীত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা উৎপল গোহাঁইৰ লগতে চিকিৎসক ৰূপা গোহাঁই, অভিজিৎ গোহাঁই, কুমাৰিকা গোহাঁই আৰু ধৰিত্ৰী গোহাঁই, শিশু বিজ্ঞানী  বৰ্ণালী গোহাঁই আৰু অদ্ৰিজা গোহাঁই, যুৱ ব্যৱসায়ী হেমন্ত সিং, ভৰত গোহাঁই, গুলজ্যোতি গোহাঁই আৰু গুঞ্জন গোহাঁই, আন্ত:ৰাষ্ট্ৰীয় জুডো খেলুৱৈ পল্লৱজ্যোতি গোহাঁই আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ স্বত্ত্বাধিকাৰী শংকৰ গোহাঁইক ৰাজবংশৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ।

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সাংস্কৃতিক সমন্বয় বিশ্ব জাতীয়তাৰ প্ৰতিভূ : ড০ হেমচন্দ্ৰ গোস্বামী

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালনাত মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত আজি মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত ৪৫ দিনীয়া অঙ্কীয়া নাট কৰ্মশালাৰ দীক্ষান্ত সমাৰোহ  আৰু ৰাম বিজয় নাট মঞ্চস্থ কৰা হয় ।

বিশিষ্ট সাংস্কৃতিক কৰ্মী, কবি-সংগঠক তথা সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই মূল নাট্যাভিনয়ৰ প্ৰাকমুহূৰ্তত আয়োজন কৰা নাট্যাভিনয়ত আঁতধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীশ্ৰীআধাৰ সত্ৰৰ সত্ৰাধিকাৰ  মহেশ গোস্বামীয়ে | তেখেতে এই অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে – সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ এই নাট্যাভিনয়ৰ দ্বাৰা জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হ’ব আৰু জাতীয়তাবাদৰ বিকাশ ঘটিব |

ভাৰত চৰকাৰৰ সংগীত-নাটক অকাডেমি বঁটা প্ৰাপক বিশিষ্ট মুখাশিল্পী, ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট সন্মানেৰে বিভূষিত, নতুন চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰি কয় যে আজিৰ পৰা পাঁচশ সত্তৰ বছৰৰ আগতেই সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই এই অভিনয় শিল্প আমাক প্ৰদান কৰি অসমীয়া জাতিক বিশিষ্টতা প্ৰদান কৰি গ’ল | যত বৰ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হৈছে | এইজনা মহাপ্ৰাণ মহাপুৰুষৰ সাংস্কৃতিক সমন্বয় বিশ্ব জাতীয়তাৰ প্ৰতিভূ | তেখেতে আৰু কয় যে আমাৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয়ৰ অন্যতম মাধ্যম হ’ল সাংস্কৃতিক আদান-প্ৰদান | এই ব্যৱস্থাই আমাৰ সংস্কৃতিৰ নজহা-নপমা ঐতিহ্য বহন কৰিব | এইজনা মহান শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে অসমৰ সকলো অঞ্চলৰে জাতি-জনগোষ্ঠীৰ মাজত মুখাশিল্পৰ প্ৰচাৰ-প্ৰসাৰ আৰু স্বাৱলম্বীতাৰ সুযোগ প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু প্ৰয়োজন সাপেক্ষে অঞ্চলসমূহলৈ গৈ কৰ্মশালা-প্ৰশিক্ষণ প্ৰদানৰো ইচ্ছা ব্যক্ত কৰে | দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ তথা মঞ্চৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ ভাষণ প্ৰসংগত কয় যে ৰাজ্যখনৰ সকলো অঞ্চলৰ বাবে সাংস্কৃতিক বিকাশৰ উমৈহতীয়া মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰা সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা এই বৰ্ণিল সংস্কৃতিত অনুষ্ঠান  আৰু গুৰুজনাৰ মহত্বম সৃষ্টিৰ প্ৰসাৰ-প্ৰচাৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে | এই অঞ্চলৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাৰে আজি এই অভিনয় শিল্পই সাকাৰ-সৌন্দৰ্য লাভ কৰিছে |  মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়নে অঙ্কীয়া নাটৰ অভিনয় কলা আৰু আনুসাংগিক দিশসমূহৰ লগতে ইয়াৰ গূঢ়াৰ্থ বুজিব পৰা সাধাৰণ কৌশলসমূহৰ বিষয়ে আলোকপাত আগবঢ়ায় | নাট্যাভিনয় আৰম্ভ হোৱাৰ আগে আগে আয়োজন কৰা সাংস্কৃতিক সভাৰ এই কাৰ্য্যসূচীত বিশিষ্ট সমাজ-কৰ্মী, ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন শইকীয়াই অংশগ্ৰহণ কৰে আৰু কনকন শিশু সকলৰ দ্বাৰা আয়োজন কৰা ৰাম বিজয়’নাট মঞ্চায়নৰ ভূয়সী প্ৰশংসা কৰে | সভাখনত বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, বিশিষ্টা সাংস্কৃতিক-নাট্য কৰ্মী কৃষ্ণা মেধী,  শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা , ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সভাপতি জগত ৰাজখোৱা প্ৰমুখ্যে ডেৰ শতাধিক লোক উপস্থিত থাকে |

সভাখনিৰ পিছতে গোলাপ বৰুৱা বৰ বায়নৰ পৰিচালনাত গায়ন-বায়ন পৰিবেশন কৰা হয় | ইয়াৰ পিছতে বিশিষ্ট সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়াৰ নেতৃত্ব আৰু পৰিচালনাত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাম বিজয়’নাটৰ শুভাৰম্ভ কৰা হয় | মালভোগ শইকীয়া আৰু গোলাপ বৰুৱা বৰবায়নে মূলসূত্ৰ ধৰা এই কাৰ্যসূচীত বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, যদু শইকীয়াই সহযোগীৰ ভূমিকা আৰু দিলীপ বৰাই বাঁহী সংগত কৰে | নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু , বোধিন পেগু, কৃষ্ণ পেগু, মনোজ পেগু, খগেন পেগু প্ৰমুখ্যে সচেতন সংস্কৃতি-প্ৰেমী লোকসকলৰ নেৰানেপেৰা প্ৰচেষ্টা আছিল অতি লক্ষণীয় | চেৰেপাই গাঁৱৰ কনকন শিশু সকলৰ লগতে স্থানীয় গাঁৱৰ কনকন শিশু সকলৰ দ্বাৰা ৰাম বিজয় অভিনয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে | নিচেই কম বয়সতে অনায়াসে গুৰুজনাৰ অঙ্কীয়া নাটৰ অভিনয় কলা আয়ত্ব কৰি সফল মঞ্চায়ন কৰা ৰাম বিজয়’নাট উপভোগ কৰি সকলোৱে এই শিশুশিল্পীসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালনাত মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমক ভূয়সী প্ৰশংসা কৰে |

সংগীত শিল্পী মঞ্চ নগাঁৱৰ স্থায়ী গৃহৰ শুভ উদ্বোধন

নগঞা শিল্পী সকলৰ অন্যতম অগ্ৰণী অনুষ্ঠান সংগীত শিল্পী মঞ্চ,নগাঁৱৰ স্থায়ী গৃহৰ আজি শুভ উদ্বোধন হয়।নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা সংগীত শিল্পী মঞ্চৰ প্ৰাক্তন সম্পাদক ৰূপক শৰ্মাই স্থায়ী গৃহৰ শুভ উদ্বোধন কৰাৰ পিচতেই নগঞা শিল্পী তথা সংগীত অনুৰাগী সকলৰ এখন সভা অনুষ্ঠিত হয়।সংগীত শিল্পী মঞ্চৰ শিল্পী সকলে পৰিবেশন কৰা সমবেত সংগীতৰে আৰম্ভ হোৱা সভাখনৰ সামগ্ৰীক ভাবে আঁঁত ধৰে আলিবাট প্ৰকাশনৰ স্বতাধিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই।সভাখনত সভাপতিত্ব কৰে সংগীত শিল্পী মঞ্চৰ সভাপতি পংকজ বেজবৰুৱাই।সভাৰ উদ্দেশ্য বাখ্যা কৰে সংগীত শিল্পী মঞ্চৰ সম্পাদক ৰঞ্জিত বৰাই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে কয় যে- স্থায়ী গৃহৰে জাতিস্কাৰহৈ পৰা সংগীত শিল্পী মঞ্চ,নগাঁৱৰ দৰে অনুষ্ঠান বিৰল।সম্ভবতঃ এনে প্ৰকল্প অসমত এইয়ে প্ৰথম।সংগীত শিল্পী মঞ্চই ডাঙৰ আদৰ্শ দাঙি ধৰিছে।আজি অনুভৱ হৈছে ইয়াত আমাৰো যেন এখন ঘৰ হ’ল।সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে-‘শিল্পী সকল পেচাগত ভাৱে ধনী নহয়।সংগীত শিল্পী মঞ্চ,নগাঁৱৰ শিল্পী সকলে প্ৰথমে এটকা-দুটকাকৈ গোটাই,কাঠ-বাঁহ আনি এটা সৰু ঘৰ নিৰ্মাণ কৰিছিল।২০০০ চনতে স্থাপন হোৱা এই অনুষ্ঠানটোৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সপোন বাস্তৱায়িত হ’ল।বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ সকলো শিল্পীক একেখন মঞ্চত থাকিবলৈ অনুৰোধ জনাই কয় যে-‘নগাঁৱৰ সমূহ শিল্পীৰ এইখন আচুতীয়া মঞ্চ হব লাগিব।আমি পুৰণা,জ্যেষ্ঠ শিল্পী সন্মান দিব লাগিব আৰু নতুন শিল্পী সকল আদৰিব লাগিব।সংগীত শিল্পী মঞ্চত আমি শিল্পী সকলৰ গৌৰৱ,আবেগ আৰু আনন্দ সংপৃক্ত হৈ আছে।’ তিনিকুৰি শিল্পীয়ে অংশগ্ৰহণ কৰা সংগীত শিল্পী মঞ্চৰ অনুষ্ঠানটোত বিশিষ্ট শিল্পী শান্তা উজীৰ,কুইন দাস,সন্ধ্যা মেননৰ লগতে জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী,বিশিষ্ট সমাজসেৱী ৰঞ্জিত তামুলী ফুকন,দেৱেন্দ্ৰ সিং চেহমী,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ উপস্থিত থাকে।সংগীত শিল্পী মঞ্চৰ তৰফৰ পৰা এই বিশিষ্ট ব্যক্তি সকলক গামোচা চেলেং জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ লগতে নগাঁৱৰ বহু কেইজন শিল্পী,সাংবাদিক,ক্ৰীড়াবিদকো সংগীত শিল্পী মঞ্চৰ উদ্যোক্তা সকলে সম্বৰ্ধনা জনাই ।সেই সকলৰ ভিতৰত সংগীত শিল্পী দীগেন মহন্ত, সূৰ্য ৰাজা,তাৰিনী শৰ্মা,মোহিনী দাস,চিত্ৰদেৱ মহন্ত,জীয়েন্স বৰদলৈ,স্বৰাজ নাথ,আৰিফুল হক,অঞ্জলী কটকী,বিশিষ্ট সমাজসেৱীকা নিৰু দেৱী,ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ শৰ্মিলা বৰা,নগাঁও প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে কনক হাজৰিকা আৰু চন্দনজ্যোতি বৰা।অনুষ্ঠানতে অঞ্জলী কটকীয়ে ভাই ভাই বোলছবিত কণ্ঠদান কৰা এটা গীত পুনৰ নতুন ৰূপত সজাই  উন্মোচন কৰা হয়।বিশিষ্ট শিল্পী কৃষ্ণ মণি নাথে অনুষ্ঠানতে শিল্পী সকলৰ উদ্দেশ্য কৰি লিখা ‘মই শিল্পই কৈছো’ শীৰ্ষক এটি কবিতা বন্ধাই উন্মোচন কৰা হয় ।